কি যে বিচাৰে সিহঁতে – কুল শইকীয়া

কি যে বিচাৰে সিহঁতে  – কুল শইকীয়া

কি যে বিচাৰে সিহঁতে – কুল শইকীয়া

by October 19, 2017 0 comments

হৈ-চৈ, থেলা-হেঁচা,হাল্লা-গোল্লা, আৰতিৰ ঢোল-তালৰ মাজত বিক্ৰমৰ মুখখনে লৰচৰ কৰা দেখিলোঁ,তাৰ মুখৰ পৰা নি:সৃত শব্দবোৰ ধৰিব নোৱাৰিলোঁ, অতএব আন্দাজতে ধৰি ল’লো যে সি নিশ্চয় সুধিছে যে মই কেতিয়া  এইখিনি পালোহি,অন্য পূজাথলীসমূহতো ভূমুকি মাৰি আহিছো নেকি,কাৰণ পূজাৰ সময়ত নিয়মমাফিক এনেধৰণে মই – সি এতিয়া মোৰ কাষে পাইছে,তথাপি বিভিন্ন শব্দৰ বাধা নেওচি তাক কথাখিনি ক’বলৈ মই চিঞৰিব লগা হ’ল, ‘এইমাত্ৰ পাইছোহি, প্ৰথম ইয়াতে সোমাইছোঁ,তাৰপিছত লাহে ধীৰে,এখন দুখনকৈ পূজাসমূহত সোমাই যাম,ট্ৰেফিকৰ জ্বালাত আগবাঢ়িব পৰা নাযায়,সেয়ে গাড়ী ঘৰতে থৈ ওলাইছোঁ,দুখন ভৰিৰ ওপৰত – হা:হা:’ –

মই তীব্ৰ জোৰেৰে হঁহাত কছৰৎ কৰিলো বিক্ৰমে মোৰ কথা সমগ্ৰ-শুনক নুশুনক,সিও হাঁহিবৰ চেষ্টা কৰিছে৷ভাল লাগিল,কিবা এটা অন্তত: সি বুজিছে,চৌদিশৰ শব্দৰ ভয়ংকৰ ডেচিবেলৰ মাজত – ‘কিছু সময় থাকিবি?’ – তাৰ কথাষাৰ মোৰ কাণত জোৰকৈ বাজি উঠিল, গম পালো ইতিমধ্যে আৰতিৰ ঢোল-তালৰ ওৰ পৰিছে, আৰু যথেষ্টসংখ্যক মানুহ ঢৌৰ দৰে আঁতৰি গ’ল, আৰু বিক্ৰম মোৰ কথাবাৰ্তাৰ বাবে কম জোৰৰ মাতো যথে্‌ষ্ট হৈ পৰিল,ক’লো, ‘সময়ৰ বাধ্যবাধকতা একো নাই, লগ-সংগ পালে কিছুসময় থাকি গ’লো, আফটাৰ অল এইবোৰো টাইমপাছ,ঘৰৰ পৰা ওলোৱাৰ সময়’—

মন কৰিলো,বিক্ৰমে কথাখিনি শুনি আমেজ পাইছে৷জানো, সি সৰুৰ পৰাই এনেধৰণৰ আওপকীয়া কথাবোৰক ব’ৰিং বুলি কোৱা নাই,তাৰ সৈতে মোৰ সেই কলেজৰ দিনৰ পৰাই সম্পৰ্ক,একেলগে এতিয়াও বহু কথা পাতো,ইচ্ছা হ’লে ফোনতো — মোৰ চিন্তাৰ সোঁত বাধা দি সি ক’লে, ‘সুন্দৰ পোছাক-পাতিৰে মানুহবোৰক দেখি,চবৰে মুখত হাঁহি-ফূৰ্তিৰ ছবিবোৰ দেখি – হাঁ, অৱশ্যে ফেষ্টিভেল মানেই এনেকুৱা,চবেই চবক ফূৰ্তিত দেখিছে,ঠিক যেন আমাৰ দুখ-দুদৰ্শা,হা-হুমুনিয়াহবোৰ দুদিনৰ বাবে চন্দুকত সুমুৱাই থ’লো,তলা মাৰি দিলোঁ,চাবিপাত দলিয়াই দিলো সাগৰৰ পানীলৈ’—তাৰ কথাষাৰ পূৰ্ণগতিত চলি থাকোতে মনলৈ আহিল যে এনেকুৱা শাৰীৰ এটা ৰোমান্টিক গান আছিল,চিনেমাখন নাচালেও সেই সময়ত হোষ্টেলৰ বাৰাণ্ডাত থিয় হৈ কলেজ ছুটীৰ সময়ত চকুৱে-মুখে গামোচা মেৰিয়াই বহুতে এই শাৰীটো গাইছিল, আৰু সেই বাবেই হোষ্টেলৰ অধীক্ষকৰ হাতত অঞ্জনে শাস্তি পাইছিল—

‘ভালেই,এই উৎসৱ-পৰ্ববোৰ একো একোটা চেফটি ভাল্ব বুলিয়েই ল’ব পাৰ,টেনশ্যন-চাপ, মানসিক কষ্টবোৰৰ পৰা ৰক্ষা পৰাৰ বাবে এই ফেষ্টিভেলৰ প্ৰয়োজন,ধৰ,প্ৰেছাৰ কুকাৰত চাপ বেছি হ’ল আৰু চেফটি ভাল্ব উৰি গ’ল’৷

মোৰ বিশ্লেষণত সি নিশ্চয় আনন্দিত হ’ল, বিক্ৰমে ক’লে যে কলেজত পঢ়ি থাকোতে সি এইবোৰ বৰ পচন্দ নকৰিছিল, ভাবিছিল টকা-পইচা থকা  মানুহৰ বাবেহে এইবোৰ সামাজিক উৎসৱ হিচাপে স্বীকৃতি পাইছে,অতীজৰে পৰা এনেধৰণৰ সামাজিক বৈষম্য —মই তাৰ দীৰ্ঘ ভাষণ আধাতে নাশ কৰিবলৈ ক’লো, ‘ঠিকেই,এতিয়া অন্তত: বুজিছ ,এইবোৰৰ প্ৰয়োজন,তোৰ মনৰ ভিতৰৰ পৰা সেই পলিটিকেল থিয়ৰী সমূহৰ—-, সি হঠাৎ উত্তেজিত স্বৰে ক’লে ,  ‘টাইমত বহুতো কথাই বোধগম্য হৈ পৰে, সময়ে তোক মোক বুজাই দিয়ে যে সভ্যতাৰ বহু উৎসৱ-পৰ্ব এনেদৰেই চলি আহিছে, মানুহক ধৈৰ্য-শান্তিৰ বাৰ্তা দি আহিছে’, সৰু ল’ৰা দুটাই একেলেথাৰিয়ে মাৰি গ’ল পিষ্টলৰ গুলী,পুনৰ কেইছেকেণ্ড মানৰ শব্দ বিস্ফোৰণ, সিহঁত দুটাৰ মাজত চলিল যু্দ্ধৰ আখৰা! ‘চা,কি এক ফূৰ্তিৰ ফোঁৱাৰা’—

ভাল লাগিল বিক্ৰমৰ কাব্যিক যেন লগা বাক্যষাৰ শুনি৷সিও আগতে কলেজৰ মেগাজিনত কবিতা লিখিছিল, সুধিলোঁ ‘আজিকালি নিলিখ?কাকতে-পত্ৰই নোলালেও,ধৰ কেতিয়াবা মনৰ ফূৰ্তিত – ফূৰ্তিত লিখে নে কবিতা, — ধৰ মনৰ দুখত বা বতৰৰ বাহাদুৰিত,ঋতু বদলি হোৱাৰ বিৰহত বা আনন্দত – এনেধৰণে কেতিয়াবা ফটা কাগজত কবিতাৰ শাৰী এটা লিখি থ’লি,পিছত কেতিয়াবা টেবুলৰ ড্ৰয়াৰৰ পৰা সেইটো উলিয়াই চালি,পঢ়ি পেলালি,মনলৈ আহিল এখন পূজা চোৱাৰ পুৰণি মুহুৰ্ত এটাৰ ছবি,য’ত তই আৰু সংগীতা…’

ধপকৈ ফাটি গ’ল সৰু ছোৱালীজনীৰ ডাঙৰ বেলুনটো আৰু তাই কিছুদেৰি চিন্তাত পৰিল,হঠাৎ আহি পৰা এক দুৰ্যোগ৷

‘না:, আজিকালি কবিতা লিখা নাযায়, ধৰ ক’ব পাৰ, কবিতা মনলৈ নাহেই,সৃষ্টি নহয়, শৰতৰ আকাশো সদায় দেখি থকা আকাশ যেনেই লাগে, মেঘবোৰো যেন মেঘেই ..’ বিক্ৰমৰ মাতত কিছু আৱেগৰ নিয়ৰৰ সেমেকা ভাব যেন ছিটিকি পৰিছে৷ দেখা গ’ল ডেকা-গাভৰু এজাকৰ ধল এটা আহি মণ্ডপত থিয় হ’ল,সিহঁতৰ হাতবোৰ সেৱা কৰাৰ ভংগীৰে ৰৈ গ’ল,চকুবোৰ মুদ খালে,হাঁহি-খিকিন্দালিবোৰ বন্ধ হ’ল,সিহঁত হ’ল শান্ত-সৌম্য ৰূপৰ প্ৰতিভু৷ বিক্ৰমৰ মনৰ পৰা কবিতাৰ ভাৱনা আঁতৰি যোৱাত মই ব্যথিত হ’লো, সমস্ত মনোযোগ অন্য ধাৰণালৈ নিয়াৰ বাবে তাক সুধিলোঁ , ‘কেতিয়াবা ভাব হয় জানিবলৈ যে এই যে কলেজীয়া ল’ৰা-ছোৱালীবোৰ, ধৰ, সেইকেইজন, আমাৰ ঠিক সমুখতে সিহঁতে থিয় হৈছে,ফূৰ্তি-ফাৰ্তাৰ মাজেৰে আহি মণ্ডপত প্ৰতিমাৰ আগত সিহঁতে সেৱা কৰিছে, নীৰৱভাৱে সিহঁতে মনৰ ভিতৰত কিবা কিবি কথা পাতিছে, সেইবোৰকে তই প্ৰাৰ্থনা বুলিয়ে ক’ব পাৰ, বা ক’ব পাৰ সিহঁতৰ হাবিয়াসখিনি, অভিলাষ বা ডেজায়াৰ, এই যে ধৰ এইখিনি মোৰ কম, ইয়াকে পূৰ্ণ কৰি তোলা , বা এইখিনিতে দৈৱিক আশীৰ্বাদ দি মোক সম্পূৰ্ণতা আনি দিয়া — এই যে এনেধৰণে মনৰ কথা, সেইবোৰ বাৰু কি হ’ব পাৰে জানিবৰ মন নাযায় নে, কেতিয়াবা এনে এক মুহূৰ্তত’—

মোৰ মুখত হঠাৎ আহি পৰা, এনে প্ৰশ্নৰ বাবে বিক্ৰম নিশ্চয় সাজু হৈ থকা নাই, তথাপি সি ক’লে – “না: এতিয়া আৰু এইবোৰ বৰ কিবা কমপ্লেক্স কথা বুলি নলওঁ, বৰ ছিম্পল, সহজ ধৰণৰ কিবাকিবি বুলিয়েই ভাবি লওঁ, ধৰ এনেধৰণৰ কথা যে পৰীক্ষাত পাছ কৰা ,বা চাকৰি এটা বা নীলা শাড়ী পিন্ধা ছোৱালীজনী, ধৰ, পৰিণীতা তাইৰ নাম, মানে এনেদৰেও তাই প্ৰাৰ্থনা কৰিব পাৰে’ —তাৰ কথা শেষ হ’ল,বিক্ৰমৰ কাষত অন্য এটা গোলাপী ৰঙৰ গেছবেলুন ফাটিল – ধপ আৱাজত ডেকা-গাভৰুজাকে উভতি চালে৷

‘তই কলেজৰ ফাইনেল ইয়েৰত পূজাৰ মাজতে কৈছিলি, সংগীতাই তোকে বিচাৰিছে দেৱীৰ পৰা, যাতে বেলেগ বেলেগ ইউনিভাৰ্ছিটিত পঢ়িব লগা হ’লেও দুয়োজনৰ জীৱন পৃথক হৈ নপৰে’—মই তাক কথাষাৰ মনত কৰি দিবলৈ নিবিচাৰিলো, কাৰণ ভাবিলো এনেবোৰ স্মৃতিচাৰণৰ কোনো বাস্তৱিক ভিত্তি নাই, আৰু সংগীতা এতিয়া বিদেশৰ বাসিন্দা, বিক্ৰমৰ বাবে এতিয়া নিশ্চয় অতীত এইবোৰ!

‘কলেজৰ পূজাত সিহঁতৰ দৰেই আমিও কিবাকিবি বিচাৰিছিলো — আচলতে কি বিচাৰিব খুজিছো, সেইটোৱেই চাগে’ ঠিক কৰিব পৰা নাই’—বিক্ৰমৰ কথাৰ মাজতে ল’ৰা দুটাৰ হাতৰ পিষ্টল ফুটিল—এলানি শব্দৰ সৃষ্টি হ’ল –

‘সিহঁতে বা কি বিচাৰিছে ‘—বিক্ৰমে এইবাৰ আঙুলিয়ালে প্ৰতিমাৰ আগত সেৱা কৰা শিশু দুটালৈ—

‘সিহঁতে বিচাৰিছে চাগে’ সিহঁতৰ হাতৰ পিষ্টলকেইটাত শেষবাৰৰ বাবে শব্দৰ বিস্ফোৰণ হওক আৰু বিস্ফোৰিত নহওক অন্য কিছু ভয়াৱহ শব্দ, য’ত মানুহৰ জীৱনৰ কথা আহে, যিয়ে নিৰ্ণয় কৰে জীৱন-মৃত্যুৰ’—

মই এনেদৰে বিক্ৰমক ক’ব খুজিলোঁ আৰু দেখিলো ওপৰলৈ উৰি গ’ল কাৰোবাৰ হাতৰ সূতা ছিঙি কেইটামান গেছ বেলুন–

 

 

 

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.