গল্প লিখাৰ গল্প- দিলীপকুমাৰ তালুকদাৰ

গল্প লিখাৰ গল্প- দিলীপকুমাৰ তালুকদাৰ

গল্প লিখাৰ গল্প- দিলীপকুমাৰ তালুকদাৰ

by October 19, 2017 0 comments

ছপা আখৰত নিজৰ নামটো দেখাৰ পাছত জয়ন্তৰ আনন্দৰ সীমা নাছিল৷ তেতিয়া তেওঁ দশম শ্ৰেণীৰ ছাত্ৰ৷ বিদ্যালয়ৰ বছৰেকীয়া আলোচনীখনত তেওঁৰ গল্প এটা প্ৰকাশ পাইছিল৷ সেয়া আছিল আৰম্ভণি; কিন্তু তাৰপাছত বহুদিন তেওঁ অপেক্ষা কৰিবলগীয়া হৈছিল৷ কলেজত পঢ়া দিনতো তেওঁ আলোচনীৰ বাবে গল্প লিখিছিল যদিও কোনেও তেওঁক গুৰুত্বই নিদিলে৷ সেয়ে কলেজৰ আলোচনীত গল্প প্ৰকাশৰ আশা বাদ দি ব্যৱসায়িক উদ্দেশ্যত প্ৰকাশিত মাহেকীয়া, পষেকীয়া আলোচনীলৈ গল্প পঠোৱাত লাগিছিল৷ ছমাহে-বছৰেকে কেতিয়াবা কোনোবাখনত দুই-এটা গল্প তেওঁৰ প্ৰকাশ নোহোৱা নহয়; কিন্তু সেইটোৱে তেওঁক সন্তুষ্ট কৰিব পৰা নাছিল৷ গল্পকাৰ হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ বাবে সকলো চেষ্টা কৰিও সফল হ’ব নোৱাৰাত তেওঁ নিৰাশ হৈ সেই আশা প্ৰায় এৰিয়েই পেলাইছিল৷

এদিন গুৱাহাটীৰ পৰা ঘৰলৈ বুলি ওলাই আদাবাৰী বাছ আস্থানৰ বাছ এখনত বহি আছোঁ৷ বাছ এৰিবলৈ তেতিয়াও প্ৰায় আধা ঘণ্টামান বাকী থকা দেখি মোবাইলটো উলিয়াই ফেচবুক খুলি ললোঁ৷ তেনেতে হাতত মেৰিওৱা বাতৰি কাকত এখন লৈ ল’ৰা এজন আহি মোৰ কাষৰ চিটটোতে বহি বাতৰি কাকতখন খুলি ল’লে৷ মই তেওঁৰফালে এবাৰ চালোঁ৷ চকুৱে চকুৱে পৰিল৷ মানে তেওঁ বাতৰি কাকতখন মেলিহে লৈছে, পঢ়া নাই৷ চকুৱে চকুৱে পৰাত তেৱেই প্ৰথমে মাত লগালে- দাদা, কলৈ যাব?
: নলবাৰী৷ তুমি?
: ময়ো নলবাৰীয়েই ধৰক, ঘগ্ৰাপাৰ৷
: নিজৰ ঘৰ, নে আলহী?
: নিজৰেই৷ গুৱাহাটীলৈ আহিছিলো কাম বিচাৰি৷ চৰকাৰী চাকৰিতো নহয়েই, গতিকে কোনো প্ৰেছত কিবা কাম পাওঁনেকি তাৰেই সন্ধানত আহিছিলোঁ৷ প্ৰেছৰ কাম কৰিবলৈ মই খুব আগ্ৰহী৷ ডি.টি.পি.ৰ কাম অলপ অচৰপ জানো; কিন্তু কোনেও নতুন মানুহক সুযোগ দিবই নিবিচাৰে৷
: এৰা৷ সকলোৱে অভিজ্ঞতা থকাটো বিচাৰে৷ পিছে অভিজ্ঞতা থাকিবলৈ প্ৰথমে কোনোবাইতো কাম কৰাৰ সুযোগ দিব লাগিব৷
: হয়হে দাদা৷ মই বহুতো গল্প লিখি বিভিন্ন কাকত-আলোচনীলৈ পঠিয়াওঁ; কিন্তু কোনেও প্ৰকাশ কৰিব নোখোজে৷ তেওঁলোকেও অভিজ্ঞতাই বিচাৰে চাগে৷ অভিজ্ঞতা থাকিলে বেয়া গল্পও প্ৰকাশ পাব চাগে৷
: তুমি একদম হক কথাকে কৈছা৷ এবাৰ কি হৈছিল জানা- অসমৰ এখন জনপ্ৰিয় মাহেকীয়া আলোচনীত অসমৰ এগৰাকী নামকৰা লেখিকাৰ নামত এখন উপন্যাস প্ৰকাশ পাইছিল৷ আলোচনীখনৰ পিছৰ সংখ্যাতহে পাঠক-পাঠিকাই গম পাইছিল যে সেই উপন্যাসখন আচলতে সেই বিখ্যাত লেখিকাগৰাকীৰ নাছিল৷ আন কোনোবাইহে তেখেতৰ নামত উপন্যাসখন প্ৰকাশ কৰিছিল৷ যিজনে সেই কামটো কৰিছিল তেওঁ চাগে নিজৰ নামত পঠিয়াই পঠিয়াই কোনোৱে প্ৰকাশ নকৰাত বিৰক্ত হৈহে তেনে কৰিছিল৷ অৱশ্যে উপন্যাসখনে কিমানক আকৃষ্ট কৰিছিল জনা নগ’ল কাৰণ তাত ফেচবুকৰ দৰে লাইকৰ ব্যৱস্থা নাথাকে যে৷ কমেণ্টৰ ব্যৱস্থা থাকে যদিও তাক চাবলৈ এমাহ ৰ’ব লাগে বাবে বহুতে গুৰুত্বই নিদিয়ে৷
: আপুনি ফেচবুকৰ কথাও জানে নেকি?

বহুত কথাই পাতিছিলো ল’ৰাজনৰ লগত৷ সেইজনেই জয়ন্ত৷ তেওঁৰ ফেচবুক একাউণ্ট নাছিল৷ সেই ব্যৱস্থাটোৰ বাবে খৰচৰ প্ৰয়োজন বাবে তেওঁ ফেচবুকত মন দিয়া নাছিল৷ কিন্তু মই সহায়ৰ প্ৰতিশ্ৰুতি দি তেওঁক ফেচবুক একাউণ্ট এটা খুলিবলৈ উৎসাহ দি কৈছিলো যে ফেচবুকত তেওঁ কিবা লিখিলে পাঠক-পাঠিকাৰ প্ৰতিক্ৰিয়া তৎক্ষণাত গম পাব আৰু তেওঁৰ গল্পকাৰ হোৱাৰ সপোন পূৰণ হব নে নহয় তাকো গম পাব৷

ল’ৰাজনে মোৰ কথা ৰাখিছিল৷ এদিন মোলৈ ফ্ৰেণ্ড ৰিকুয়েষ্ট অহাত তেওঁক উৎসাহ দি মেচেজ দিলো- ৰিকুয়েষ্ট একচেপ্ট কৰিলো৷

এতিয়া তোমাৰ গল্প আপলোড কৰা আৰু নেটপেক শেষ হ`বৰ সময়ত মোক কবা, মই ভৰাই দিম৷

তাৰপাচৰ প্ৰায় প্ৰতিসপ্তাহতে ফেচবুকত তেওঁৰ গল্প পঢ়িবলৈ পোৱা হ’লো৷ অতি মনোযোগেৰে পঢ়ো তেওঁৰ গল্পবোৰ৷ ক’ৰবাত কিবা বেয়া লগা যেন পালে তেওঁৰ ইনবক্সত জনাই দিওঁ৷ কমেণ্টতো লিখিবলৈ নাপাহৰো- বঢ়িয়া৷ লিখি যোৱা৷ তোমাৰ গল্পৰ বাবে মই বাট চাই থাকো৷ ইত্যাদি ইত্যাদি৷

এনেকৈ দহ বাৰটা গল্প আপলোড কৰাৰ পাচত হঠাৎ জয়ন্ত ফেচবুকৰ পৰা অন্তৰ্দ্ধান হ’ল৷ কেবাদিনো চাৰ্চ কৰিও বিচাৰি নোপোৱাত এদিন ফোন কৰিলোঁ-
: ভালে আছা?
: আছো দিয়ক দাদা৷ আপুনি?
: আছো ৰ’বা৷ তোমাক বহুদিন ফেচবুকত পোৱা নাই যে, কিয়?
: ডি-এক্টিভেট কৰিলোঁ৷
: কিয়?
: আপুনি দেখোন দেখিছেই, কোনাবাই দাঁতকেইটা নিকটাই ফটো এখন আপলোড কৰিলেও হাজাৰে হাজাৰে লাইক-কমেণ্ট পায় আৰু মই পাওঁ কিমান?
: কথাটো তেনেকুৱা নহয়৷ ফটো এখন পাঁচ চেকেণ্ডতে চাই লাইক-কমেণ্ট কৰিব পাৰি; কিন্তু তোমাৰ গল্প পঢ়ি লাইক-কমেণ্ট কৰিবলৈ কমেও দহ মিনিট লাগে৷ কিছুমানে ঘণ্টাৰ পাচত ঘণ্টা ফেচবুকত লাগি থাকে যদিও তোমাৰ গল্প পঢ়িবলৈ সময়ৰ অভাৱ৷ তদুপৰি তোমাৰ বন্ধুৰ তালিকাখনো সৰু চাগে৷ গতিকে তুমি এটা কাম কৰিবা- ভাল ভাল গ্ৰুপকেইটামানৰ সদস্য হৈ তাতে দি চাবাচোন৷

টুত-টুতকৈ শব্দ দুটামান কৰি ফোনটো কাট খাই গ`ল৷ পুনৰ ফোন নকৰিলো৷ জয়ন্তই ফেচবুক একাউণ্ট এক্টিভেট কৰিছে নে নাই তাকে খুচৰি চোৱাত লাগি গ’লো৷ এসপ্তাহমানলৈকে জয়ন্তক ফেচবুকত বিচাৰি নাপায় আশা বাদ দিলো৷

ফেচবুকত আপলোড কৰা ফটোৰ প্ৰতি মোৰ বিশেষ আকৰ্ষণ নাই৷ তথাপিও চিনাকিবোৰে বেয়া পাই বুলি কেতিয়াবা দুই এটা লাইক-কমেণ্ট কৰো৷ ফেচবুকত আচলতে মই সময় কটাওঁ গল্প-প্ৰৱন্ধ পঢ়ি৷ পিছে এদিন হঠাৎ ফটো এখন চাই মই দহ মিনিটমান সময় কটালো৷ ফটোখন জয়ন্তই আপলোড কৰিছে৷ কেপচন দিছে- ’প্ৰথম পুৰস্কাৰ প্ৰাপ্ত মোৰ গল্পটো৷’ ছপা আখৰৰ গল্প এটা ফটো আকাৰে ফেচবুকত দিছে তেওঁ৷ মোক টেগ কৰিছে৷ গল্পটো পঢ়া শেষ হোৱাৰ লগে লগে ফেচবুক বন্ধ কৰি মই জয়ন্তলৈ ফোন কৰিলোঁ৷ সিফালে ৰিং কৰাৰ লগে লগে মোৰ ঘৰৰ কলিং বেলটোও বাজিবলৈ ধৰাত দৰজাখন খুলি দেখো সমুখত জয়ন্ত৷
: কিহে, ফোন কৰি আছো তুমি ৰিচিভ কৰা নাই৷
: ঘৰৰ সমুখত থাকি ফোন ৰিচিভ কৰাটো ভাল কথানে?
: আহা, আহা ভিতৰলৈ৷
: দাদা, বেয়া নাপাব৷ আজি নবহো৷ এই মেগাজিনখনত মোৰ গল্প এটা আছে৷ পঢ়িব৷
: মই তোমাৰ গল্প ইতিমধ্যে পঢ়িলোৱেই ফেচবুকত৷
: এইটো বেলেগ গল্প দাদা৷ পঢ়িব৷ মই অহা দেওবাৰে আপোনাৰ তালৈ আহিম একেবাৰে ভাত খোৱাকৈ৷ আজি মোৰ একেবাৰে সময় নাই৷ মই আজিয়েই ভাংনামাৰী চৰলৈ যাব লাগে৷ কাইলৈ চাকৰিত যোগদান কৰিবই লাগে৷ মাষ্টৰ৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.