ডাইনী- দেৱজিৎ চুতীয়া

ডাইনী- দেৱজিৎ চুতীয়া

ডাইনী- দেৱজিৎ চুতীয়া

by October 19, 2017 0 comments

: মৰিলো ঔ৷ মৰিলো ঔ৷ মোক নামাৰিবি৷ মই ডাইনী নহয়৷ মই ডাইনী নহয়৷ পোনাকণ মোক বচা৷
: আই আই৷ ছাৰ ছাৰ আমাক বচাওক৷ মোৰ আই ডাইনী নহয়৷ মোৰ আই ডাইনী নহয়৷ এয়া মোৰ আই হয়৷

কাতৰ চিঞৰ কেইটা এতিয়াও কাণত বাজি থাকে মাজে মাজে৷ অস্থিৰ হৈ পৰো৷ মন মগজু ঘূৰি যায় চাৰি বছৰ আগৰ সেই দিন কেইটালৈ৷

২০১২ চনৰ জুন মাহ৷ বিদ্যালয়ত যোগদান কৰিয়ে মন কৰিলো মলিয়ন গা, নাকত সেঙুণ, ভৰিবোৰত সাপৰ দৰে আঁক বাক আঁচ থকা প্ৰতিজন ছাত্ৰ ছাত্ৰীৰে৷ হয়তো ভৰি ধুয়ে পোৱা নাই সিহঁতে৷ শিক্ষক- ছাত্ৰ -অভিভাৱক এটা সম্পৰ্ক বনাবলৈ আপ্ৰাণ চেষ্টা কৰিলো৷ ঘনে ঘনে সভা পাতিলো৷ নাই নাহে৷ দুই এগৰাকী আহি গুচি যায় কোনো নাহে বুলি৷ ভোজৰ আয়োজন কৰিলো এইবাৰ৷ দলে বলে আহিল৷ ঔ বুজিলোঁ৷ ভোজৰ আয়োজন ঘনে ঘনে কৰিলোঁ৷ ক’বলগীয়াবোৰ তাতে কলো৷ এটা সময়ত এনেকুৱা হ’লগৈ যে সভা পাতিলে দলে বলে আহিব ধৰিলে৷ লাহে লাহে বিদ্যালয় খন তেওঁলোকৰ বুলি অনুধাৱন কৰিব ধৰিলে৷

কিছু চাফ চিকুণ হল ছাত্ৰ ছাত্ৰী সকল৷ কিন্তু মন কৰিলো এজন ছাত্ৰ আগৰ দৰেই আছে৷ সি অকণমানো সলনি নহল৷ খুব ভয় কৰে৷ কাৰো লগত মিলা মিছা নকৰে৷ ভোজলৈ এদিনো নাই অহা তাৰ অভিভাৱক৷

: দেউতাক মাতিছে বুলি কবা দেই কাইলে
: কি দেউতা
: পিতাইৰ কথা কৈছো
: মোৰ পিতাই নাই
: কলৈ গল
: মৰিলে
: অ অ ও৷ বেয়া নাপাবা দেই৷ নাজানো যে৷ মা আছে নাই
: আই আছে৷ মই মাক আই বুলিয়ে কওঁ৷
: ও৷ আইকে মাতিছে কবা নহলে
: আই নাহে৷
: কিয়
: আইক আহিবলৈ মানা কৰে মানুহবোৰে৷ আইক মানুহবোৰে কলৈকো ওলাব নিদিয়ে৷ মোৰ আইৰ কাৰণেই বোলে পিতাই মৰি থাকিল৷ আৰু আইৰ কাৰণেই বোলে গাঁওখনত মানুহবোৰ মৰে, গাঁৱত মানুহবোৰৰ বেমাৰ আইৰ কাৰণেই হয়৷ মোৰ আই ডাইনী বুলি কৈ মোক সিহঁতৰ লগত খেলিব নিদিয়ে৷ ছাৰ ডাইনী মানে কি নো?

মই তাৰ চকুলৈ চালোঁ৷ এহেজাৰ টা প্ৰশ্নৰ উত্তৰ বিচৰা ধৰণে সি মোৰ চকুলৈ চাই আছে৷ মই কি কওঁ ভাবি নাপালোঁ৷
: হেই ডাইনী চাইনী এইবোৰ একো নাথাকে নহয়৷
: আপুনি মিছা কৈছে ন ছাৰ৷
: নহয় ঔ৷ এইবোৰ মানুহে মিছাকৈ উলিয়াইছে৷
কৌতূহল হ’ল ল’ৰাটোৰ ওপৰত৷ বিদ্যালয় ছুটি হোৱাৰ পিছত তাৰ ঘৰত সোমালোগৈ৷ ঘৰ বুলি ক’ব নোৱাৰি৷ এটা কোঠা মাত্ৰ৷ মোক যোৱা দেখি ভিতৰলৈ সোমাই গল মানুহগৰাকী৷

: কি হ’ল ভিতৰলৈ সোমাই গল যে৷
: আপুনি আমাৰ ঘৰলৈ আহিব নালাগিছিল ছাৰ৷
: কিয়?
: মানুহবোৰে আপোনাক বেয়াকৈ চাব৷
: কি বেয়াকৈ
বুলি কৈ ভিতৰলৈ সোমাই গলো৷ তেওঁ একেবাৰে শিল পৰা কপৌৰ দৰে অবাক হ’ল মোক ভিতৰত এনেকে দেখি৷ এনেও বাহিৰৰ পৰা দেখিয়ে থাকে ভিতৰখন৷ এচুকত এটা কলহ, চৌকাত এখন ক’লা কেৰাহী আৰু এটা বাল্টি ওলমি আছে বেৰত৷ আনফালে এখন বাঁহৰ চাং৷ আৰু একো নেদেখিলোঁ কোঠাটোত৷

: আপোনাৰ বিষয়ে জানিবলৈ আহিছোঁ৷
: কি জানিব খোজে?
: কিয় ডাইনী বুলি কয় মানুহে আপোনাক?
: জানি কি কৰিব!
: একো কৰিব নোৱাৰিলেও কিবা কৰিব পাৰো বা৷ কওক মোক!
: আপোনাক কিয় কম৷ আপোন বোৰেই বিশ্বাসঘাতকতা কৰিলে৷ আপোনাক কিয় বিশ্বাস কৰিম৷ আপুনিও এজন পুৰুষেই হয়৷

বহু দেৰি লাগি লাগি শেষত কবলৈ বাধ্য হল৷ তেওঁ কৈ গৈছে এফালৰ পৰা সকলো৷ তেওঁ যেন কথাবোৰ কাৰোবাক কবলৈহে বাট চাই আছিল৷ মই শুনি গৈছো, — গিৰিয়েক ঢুকুৱাৰ পাছত পৰিয়ালৰ মানুহখিনিয়ে সম্পত্তিখিনি কেনেকৈ কাঢ়ি ললে, এতিয়া বিচাৰি গলেই ডাইনী সজাই কেনেকৈ খেদাই, সহায় বিচাৰি গাওঁবুঢ়াৰ ওচৰলৈ যাওঁতে তাই দেহাটো কেনেকৈ অকলে পাই সুযোগ ললে৷ তাকে ন্যায় বিচাৰি গাঁৱৰ মানুহ চপাওতে উদণ্ড ডেকাবোৰে গম পাই ৰাতি কেনেকৈ আমনি কৰিব ধৰিলে৷ এইবোৰ বাধা দি দি ভাগৰিব নোখোজোতেই গাঁৱৰ বেজজনে নিজৰ আধিপত্য বঢ়াবলৈ কেনেকৈ গাঁৱৰ প্ৰতিটো অমংগল তাইৰ বাবেহে হয় বুলি বাছনি ধৰিব ধৰিলে৷ কথাবোৰ কৈ কৈ শেষত তেওঁ হুকহুকাই কান্দি উঠিল৷ বেচেৰীজনীক চকুপানী খিনি মচি দিবলৈ মন গৈছিল৷ কিন্তু থমকি ৰলো কিজানিবা মোকো সুবিধা লব বিচৰিছে বুলি ভাবে৷

: পানী খাব নেকি৷ পানী ক’ত আছে নেজানো তথাপি সুধিয়ে পেলালোঁ৷
: ওহোঁ৷ নালাগে৷ আপুনি যাওক এতিয়া৷

এটা ভাৰাক্ৰান্ত মন লৈ ঘূৰিলোঁ ২০১৩ চনৰ চত মাহৰ ১৩ তাৰিখ৷ বিদ্যালয়লৈ আহোতেই মন কৰিলো তেওঁৰ চোতালত কেইজন মান মানুহ গোট খাই আছে৷ কৌতূহলবশতঃ আগবাঢ়ি গ’লো৷

: এই ডাইনী জনীক মাৰিয়ে পেলাব লাগে৷ এজনে গৰজি উঠিল৷
: ও ও ৷ এইক মাৰিয়ে পেলাওঁ৷ এজনে গৈ চুলিকোচাত ধৰি টানিয়ে আনিলেগৈ৷ তোৰ কাৰণেই মোৰ ছোৱালীজনীয়ে ডিঙিত চিপ লৈ আত্মহত্যা কৰিলে৷ তোৰ কাৰণে আৰু কিমানে মৰিব৷ তাৰ আগতে তোকে মাৰি পেলাওঁ৷
: মৰিলো ঔ৷ মৰিলো ঔ৷ মোক নামাৰিবি৷ মই ডাইনী নহয়৷ মই ডাইনী নহয়৷ পোনাকণ মোক বচা৷— কণমানি ল’ৰাটোক বচাবলৈ কলে৷ পোনাকণ আগবাঢ়ি গল৷ মানুহজনীয়ে পোনাকণক সাৱটি ধৰিলে৷
: আই আই৷ ছাৰ ছাৰ আমাক বচাওঁক৷ মোৰ আই ডাইনী নহয়৷ মোৰ আই ডাইনী নহয়৷ এয়া মোৰ আই হয়৷

মানুহকেইজনে মাকক মৰা কোব কেইটা গাত পাতি এনেকৈয়ে চিঞৰিলে পোনাকণে৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.