তালাপ- মমিতা গোস্বামী

তালাপ- মমিতা গোস্বামী

তালাপ- মমিতা গোস্বামী

by October 19, 2017 0 comments

(২৬ মে ২০১৭ ৰআগত)

“ক’ত ঘৰ বুলিলা?“
“তালাপত৷“
“ৱাই, তালাপো ঠাইৰ নাম থাকেনে? ক’ত আছে নো সেইডুখৰি?“
“তিনিচুকীয়াৰ পৰা প্ৰায় পঁয়ত্ৰিছ কিঃ মিঃ আঁতৰত খুড়া৷ ডুমডুমাৰ নাম শুনিছে, ডুমডুমাৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ আগলৈ৷“

“আচ্ছা আচ্ছা, সেইফালে, মই আকৌ কিবা অৰুণাচল বুলিহে ভাবিছিলো৷ নামটো শুনি৷ নাই নাই সেইফালে যোৱা নাই কাহানিও৷ তিনিচুকীয়াখন পাৰ হলেই কিবা জংঘল জংঘল লাগে লাগে দেখোন!“

“তথাপিও কেতিয়াবা আহি চাব খুড়া তালাপ বাগানৰ নৈসৰ্গিক দৃশ্য দাৰ্জিলিঙতকৈ কোনো গুণে কম নহয়৷ ডিব্ৰু -চৈখোৱালৈ ও যাব পাৰিব৷“
“ওমম্ হয় দিয়া৷ যাম বাৰু কেতিয়াবা৷ পিছে ক’তনো সময়, আমি ট্যুৰত থাকোতেই যায়৷ জানাই নহয় পেচা মোৰ!“

(২৬ তাৰিখৰ পাছত )

“হৌৰা শুনাচোন৷ তুমি আমাৰ…. X বোৱাৰী নহয় নে?“

“হয় খুড়া৷“

“তুমি সেই ধলাৰ ফালৰেইতো আছিলা?“

“হয় হয়৷“

“দেখিছা কেনেকে মনত আছে মোৰ৷ কালি ধলা- শদিয়া দলং চাবলৈ গৈছিলোঁ বুইছা৷ বৰ সুন্দৰ দেখাইছে৷ আহোতে ভোকত তত্ পোৱা নাই৷ তাতে সেই ’তালাপ’ নামৰ সৰু অথচ বৰ সুন্দৰ ঠাই এটুকুৰা পাই যায়, তাতে সোমালো কিবা অকণ খাওঁ বুলি৷ একবালী বুলি হোটেলখনৰ আলু চবজি আৰু পৰঠা উস্ উস্ মুখত লাগি আছে এতিয়াও৷ ৰসগোল্লাৰ কাৰণে বোলে বিখ্যাত হে সেই সৰু ঠাইটুকুৰা৷ মুখত দিলেই পমি যায়৷ আৰু চিঙৰাটো! আমাৰ তাহানিৰ ৰামবদনৰ মিঠাইৰ দোকানৰ চিঙৰাৰ সোৱাদ পালো বহু বছৰৰ মূৰত বুইছানে৷ ভাল ভাল বৰ ভাল লাগিল৷ সেই সৰু ঠাইটুকুৰাত কি নাই! মাছ কাছৰ পৰা আদি কৰি শাক পাচলি, ফল মূল, কিতাপ-পত্ৰ, কানি-কাপোৰ, বেংক, পষ্ট অফিচৰ পৰা আদি কৰি সকলোবোৰ থাউকতে বিদ্যমান৷ সৰু ঠাইত থকাৰ আমেজেই সুকীয়া বুইছা৷ ভিতৰলে চাহবাগান আছে বুলি কোৱাত বিখ্যাত ’আসাম ফ্ৰণ্টিয়াৰ’ৰ বাগিচাসমূহ চাবলৈও এপাক মাৰি আহো বুলি বাগানৰ ভিতৰলৈ সোমালো৷ কি যে নয়নাভিৰাম দৃশ্য! এঢলীয়া এঢলীয়া মাটিত চাহৰ গছবোৰে যেন এখন সেউজীয়া দলিচাহে পাৰিছে! মাজে মাজে ওখ ওখ মাটিৰ গৰা পাৰ হ’ব লাগে৷ চাহ গছৰ মাজে মাজে শিৰীষৰ গছ৷ বাগানবোৰৰ নিদিষ্ট দূৰত্বৰ অন্তৰালত তাহানি বৃটিছছেই বনাই থৈ যোৱা বাগানৰ কোৱাৰ্টাৰবোৰ৷ য’ত চালি হিচাপে আজিও এচবেষ্টৰবোৰ অক্ষত অৱস্থাত আছে৷

পিছে তুমি দলং চাবলৈ গ’লা নে নাই? ইয়াক এদিন ছুটি ল’বলৈ কোৱা বা বন্ধৰ দিন এটা মিলাই চাই আহাগৈ৷ আৰু সেই তালাপত চাহ একাপ খাই আহিবলৈ নাপাহৰিবা৷“

মোৰ সত নগ’ল মোৰ মাৰ ঘৰ তাতে বুলি কৈ সেই ৭২ বছৰীয়া উচ্ছলতাক ম্লান পেলাবলৈ! তালাপৰ প্ৰতিটো কেঁকুৰিত, প্ৰতিটো গৰাত, প্ৰতিজোপা শিৰীষত, চাহবাগিছাৰ সেউজীয়াখিনিত, আহুবাৰী নৈত মোৰ শৈশৱ, যৌৱনৰ প্ৰতিটো পৃষ্ঠা অঁকা আছে!
খুড়াক মনত পেলাই দিবলে মন ন’গল এসময়ত এই তালাপলৈকে পাক এটা মাৰিবলৈ কোৱাৰ কথা৷ ক‌ওকচোন তেওঁ আৰু দহজনক সেই সৰু চহৰখনৰ কথা, মোক কোৱাৰ দৰেই! যাক গুগলত বিচাৰি পোৱা নাযায় পোৱা যায় মাথো অনুভৱত! মোৰ মৰমৰ ’তালাপ’ ৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.