পাকিস্তানত খান্না চাহাব -প্ৰাঞ্জল দাস

পাকিস্তানত খান্না চাহাব  -প্ৰাঞ্জল দাস

পাকিস্তানত খান্না চাহাব -প্ৰাঞ্জল দাস

by October 19, 2017 0 comments

 

পাকিস্তানৰ এখন বিদ্যালয়৷ প্ৰধান শিক্ষকগৰাকীয়ে দীঘল বাৰাণ্ডাখনেদি এগৰাকী বয়সীয়াল লোকক আগবঢ়াই আনিছে৷ লগত আন দুই-চাৰিগৰাকী শিক্ষক৷ লাখুটিৰ ভৰত কেঁকো-জেঁকোকৈ খোজ দিয়া মানুহজনক আনি তেওঁ এটা শ্ৰেণীৰ ছাত্ৰসকলৰ আগত চিনাকি কৰাই দিছে –‘এইগৰাকী ব্যক্তি ভাৰতৰ পৰা আহিছে৷ আজিৰপৰা সত্তৰ বছৰ আগেয়ে এওঁ এইখন বিদ্যালয়ৰে এগৰাকী ছাত্ৰ আছিল৷ অত বছৰৰ পিছত তেওঁ আজি ইয়ালৈ আহিছে নিজৰ বিদ্যালয়খনক পুনৰ এবাৰ চাবলৈ৷ ’ ছাত্ৰসকলে পৰম বিস্ময় আৰু কৌতুহলেৰে মানুহজনলৈ ঘূৰি ঘূৰি চাইছে৷ এজন অত্যুৎসাহী ছাত্ৰই বৃদ্ধজনক সুধিছে- ‘আপোনালোকৰ ভাৰতীয় মানুহে পাকিস্তানক ইমানকৈ বেয়া পায় কিয়? ’ প্ৰশ্নটো শুনি বৃদ্ধগৰাকীয়ে মিচিকিয়া হাঁহি এটা মাৰিলে৷ তাৰ পিছত তেওঁ স্বভাৱসুলভ ৰসিকতাৰে ক’লে- ‘পাকিস্তানক বেয়া পোৱা হ’লে মই আজি এনেদৰে ইয়াত আহি ওলালোহেতেনে নে! আমিটো কাহানিও পাকিস্তানক বেয়া পাওঁ বুলি কোৱা নাই৷ ভাৰত-পাকিস্তানৰ শত্ৰুতা কেৱল চৰকাৰ দুখনৰ মাজতহে৷ আমাৰ সাধাৰণ মানুহবোৰৰ মাজত পাকিস্তানৰ প্ৰতি ক’তো অলপো বেয়া ভাৱ নাই৷ ’ মুহুৰ্ততে যেন গোটেই শ্ৰেনীকোঠাটো হাত চাপৰিৰে ভৰি উঠিল৷

মানুহগৰাকীৰ নাম কৃষণ কুমাৰ খান্না৷ নব্বৈ বছৰীয়া এইগৰাকী ব্যক্তিয়ে কেইদিনমানৰ আগেয়ে সমগ্ৰ ভাৰতৰ সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল৷ এইগৰাকী দুৰন্ত তৰুণৰ ব্যতিক্ৰমী এক যাত্ৰাৰ গোটেই দৃশ্যৰাজী ইণ্টাৰনেটত বহুলভাৱে প্ৰচাৰ হোৱাৰ পিছতেই সকলোৱে তেওঁৰ অদম্য মনোবল আৰু ইচ্ছাশক্তিক প্ৰশংসা কৰিছে৷ তেওঁ সমাদৃত হৈছে তেওঁৰ অগতানুগতিক হেঁপাহ আৰু অনন্য এক সপোনৰ বাবে৷ দেশ বিভাজনৰ সময়ত পাকিস্তানৰ পৰা ভাৰতলৈ আহিবলৈ বাধ্য হোৱা কৃষণ খান্নাৰ এটাই মাথোঁ হেঁপাহ- মৃত্যুৰ আগেয়ে এবাৰ পাকিস্তানলৈ গৈ নিজৰ পুৰণি ঘৰখনক আকৌ এবাৰ চাই অহাৰ৷ বিগত দহ বছৰৰো অধিক কাল এই সপোনৰ ফলৱৰ্তী কৰিবলৈ গৈ তেওঁ বাৰে বাৰে বিমুখ হ’বলগীয়া হৈছিল৷ পাকিস্তান চৰকাৰে তেওঁক ভিছা প্ৰদান কৰা নাছিল৷ কিন্তু্ত কৃষণ কুমাৰ হতাশ নহ’ল৷ প্ৰতিটো পল তেওঁ নিজ লক্ষ্য আগত ৰাখি চেষ্টা চলাই গ’ল৷ অৱশেষত যেন তেওঁৰ অদমনীয় ইচ্ছাক সন্মান জনাবলৈ পাকিস্তান চৰকাৰ বাধ্য হৈ পৰিল৷ এইগৰাকী বয়োবৃদ্ধ ব্যক্তিৰ জীৱনৰ শেষ আশাকণ পূৰণ কৰিবলৈ পাকিস্তান চৰকাৰ মান্তি হ’ল৷ কৃষণ খান্নাৰ লগতে তেওঁৰ পৰিয়ালৰ অইন তিনিজন ব্যক্তিকো পাকিস্তান যাবলৈ অনুমতি প্ৰদান কৰা হ’ল৷

আনুষ্ঠানিক অনুমতি লাভ কৰাৰ পিছতো কৃষণ খান্নাৰ পৰিয়ালৰ লোকে তেওঁৰ এই যাত্ৰাত প্ৰথমে ঘোৰ আপত্তি কৰিছিল৷ তেওঁৰ পত্নীৰ স্পষ্ট অভিমত- ‘পাকিস্তানত আমাৰ কোনো ধৰ্মীয় পীঠস্থান নাই৷ চিৰদিন অশান্তজৰ্জৰ এখন দেশ৷ সেইখন দেশলৈ এনেদৰে ফুৰিবলৈ যোৱাৰ কি প্ৰয়োজন! ’ কিন্তু্ত শেষ মুহুৰ্তত যেন কৃষণ খান্নাৰ ইচ্ছাৰ আগত সকলো তল পৰিল৷ তেওঁ এইবাৰ পাকিস্তানলৈ যাবই৷ লাহোৰৰ সমীপৱৰ্তী শ্বেখপুৰা চহৰত থকা তেওঁৰ একালৰ পুৰণি ঘৰখন তেওঁ বিচাৰি উলিয়াব৷ সেইখন ঘৰ, যিখন এদিন তেওঁলোকে তলা বন্ধ কৰি এৰি আহিছিল৷ আপোন ঘৰখন এৰি প্ৰাণৰ সংশয় হাতত লৈ তেওঁলোক ভৰি দিছিলহি নতুন এখন ঠাইত৷ ধৰ্মৰ ভিত্তিত বাছনি কৰিব লগীয়া হোৱা এখন নতুন দেশত৷ অশেষ কষ্ট আৰু অপৰিসীম চেষ্টাৰ বলত কৃষাণ কুমাৰ খান্নাই আজি এইখন দেশতো নিজকে সুপ্ৰতিষ্ঠিত কৰি তুলিলে৷ উত্তৰ প্ৰদেশৰ মীৰাট চহৰৰ বৰ্তমান তেওঁ এগৰাকী সুখ্যাত ব্যৱসায়ী৷ পত্নী, পুত্ৰ, নাতি-নাতিনীৰে তেওঁৰ এখন সুখৰ সংসাৰ৷ শূন্যৰ পৰা আৰম্ভ কৰি কঠোৰ ত্যাগ আৰু পৰিশ্ৰমেৰে সকলোবোৰ থান-থিত লগোৱাৰ পিছতো যেন কৃষণ খান্নাৰ বুকুৰ এচুকত একালৰ পুৰণি ঘৰখনৰ স্মৃতি সযতনে সোমাই আছিল৷ প্ৰতি মুহুৰ্ততে সেই ঠাইখনে তেওঁক হাত-বাউল দি মাতিছিল৷ সেয়েহে তেওঁ থিৰাং কৰিলে, মৃত্যুৰ আগেয়ে তেওঁ এবাৰ পাকিস্তানলৈ যাবই৷

অৱশেষত কৃষণ খান্নাৰ সেই স্বপ্ন পূৰণ হ’ল৷ অনিচ্ছা সত্বেহে তেওঁৰ কনিষ্ঠ ভাতৃ যাত্ৰাৰ সহযোগী হৈ ওলাল৷ মীৰাটৰ পৰা তেওঁলোক ৰে’লযোগে পঞ্জাৱৰ পাকিস্তান সীমান্তত উপস্থিত হ’লহি৷ ৱাঘা সীমান্তৰে পাকিস্তানৰ ভূমিত ভৰি থোৱাৰ লগে লগে কৃষণ খান্নাৰ দেহ শিয়ঁৰি উঠিল৷ এই সীমাৰেই সত্তৰ বছৰ পূৰ্বে তেওঁলোকৰ পৰিয়াল আহি উপস্থিত হৈছিলহি ভাৰতত৷ ভাৰতীয় সেনাবাহিনীৰ ট্ৰাকত উঠি তেওঁলোক শৰণাৰ্থী হৈ আহিছিল৷ পুৰণি দিনবোৰৰ ভয়ংকৰ স্মৃতি সুঁৱৰি কিষাণ খান্নাই কয়- ‘হিন্দু, শিখ, মুছলমান সকলো ধৰ্মাৱলম্বী লোকেই আমি শান্তিৰে একেলগে বসবাস কৰিছিলোঁ৷ কিন্তু হঠাতেই যেন সময়বোৰ সলনি হৈ পৰিল৷ বতাহত এক বিষবাষ্প বিয়পিছিল৷ সেই বিষবাষ্পৰ ক্ৰিয়াত কোনো মানুহেই মানুহ হৈ ৰোৱা নাছিল৷ প্ৰেম, ভালপোৱা, মমতাৰ বাণী মানুহবোৰে যেন সম্পূৰ্ণৰূপে পাহৰি পেলাইছিল৷ ভাৰতৰ পৰা যোৱা মুছলিম শৰণাৰ্থীসকলে আমাৰ পৰিয়ালটোক দেখি ক্ৰোধান্বিত হৈ কৈছিল- এওঁলোক এতিয়াও পাকিস্তান এৰি যোৱা নাই কিয়? সৰু চহৰখনৰ মানুহবোৰো ক্ৰমান্বয়ে উন্মাদ হৈ উঠিছিল৷ কেউদিশে ৰক্তপাত হৈছিল৷ এদিন মই খুড়াৰ ঘৰলৈ গৈছিলোঁ৷ খুড়াহঁতৰ ঘৰৰ সন্মূখতে সাতটা মৃতদেহ চেদেলি ভেদেলি হৈ পৰি ৰৈছিল৷ মৃতদেহবোৰৰ মাজেৰে খুঁপি খুঁপি মই আগবাঢ়িছিলোঁ৷ ’থুকাথুকি মাতেৰে কৃষণ খান্নাই পুনৰ কৈ গ’ল- ‘এগৰাকী বন্ধুৱে সেই সময়ত মোক সুধিছিল- এয়াই নে সেই স্বাধীনতা, যাক আমি ইমানদিনে বিচাৰি আছিলোঁ৷ মোৰ মুখৰ মাত হেৰাইছিল৷ তাৰ পিছত আমি দুয়ো একেথিৰে মূক হৈ বহুপৰ লৰ চৰ নকৰাকৈ থিয় দি ৰৈ আছিলোঁ৷ ’

লাহে লাহে দিনবোৰ আৰু অধিক বেয়াৰ দিশলৈ ঢাল খাইছিল৷ হিন্দু পৰিয়ালবোৰ পাকিস্তানত থকাৰ কোনো পৰিৱেশেই বাকী ৰোৱা নাছিল৷ কেউফালে মাথোঁ ভয় আৰু আতংকময় পৰিৱেশ৷ অৱশেষত ২৭ আগষ্টৰ দিনা কৃষণ খান্নাৰ পৰিয়ালটো নিজৰ ঘৰত তলা বন্ধ কৰি পলাই আহিল৷ তেওঁলোকে ভাবিছিল দহ-পোন্ধৰ দিন ক’ৰবাত আত্মগোপন কৰি থাকি পৰিস্থিতি সুস্থিৰ হ’লেই তেওঁলোক আকৌ নিজ ঘৰলৈ উভতি আহিব৷ কিন্তু বিধাতাই তেওঁলোকৰ বাবে অন্য এক বিধিলিপিহে লিখি ৰাখিছিল৷ তেওঁলোক আটাইবোৰ ভাৰত অভিমুখী শৰণাৰ্থী দলৰ সৈতে যোগ দিবলৈ বাধ্য হৈ পৰিল৷ বছৰ বছৰ ধৰি পৰিশ্ৰমৰ বলত গোটোৱা আটাইবোৰ সা-সম্পত্তি, ঘৰ-বাৰী এৰি তেওঁলোকে ভৰি দিলেহি নতুন এখন দেশত৷

সুদীৰ্ঘ সত্তৰ বছৰৰ পিছত লাহোৰৰ পথত ভৰি দি কৃষণ খান্না যেন স্বাভাৱিকতে অভিভূত হৈ পৰিল৷ কিমান সলনি হ’ল সেই চিনাকি চহৰখন! তথাপিও তেওঁ লাহোৰৰ প্ৰতিটো পথ, প্ৰতিটো চক্ চিনি পাবলৈ সক্ষম হ’ল৷ ইয়াৰে জড়িত স্মৃতিবোৰো তেওঁ কৈ শুনাই গ’ল৷ তেওঁ সোমাই গ’ল এখন বিশেষ পাৰ্কলৈ৷ এই পাৰ্কখনৰ সৈতে কৃষণ খান্নাৰ অন্য এক আবেগ জড়িত হৈ আছে৷ এইখন পাৰ্কত বহি থাকোতেই তেওঁক হেনো কোনোবাই আহি খবৰ দিছিল দেশে স্বাধীনতা পোৱাৰ কথা৷ লগতে শুনিছিল সেই দুঃসংবাদ- হিন্দুসকলে এতিয়া নতুন দেশ পাকিস্তানৰ ভূমি ত্যাগ কৰিব লাগিব৷

এইবাৰ তেওঁ আগবাঢ়িল নিজৰ জন্মৰ ঘৰখন বিচাৰি৷ লাহোৰৰ সমীপৱৰ্তী শ্বেখপুৰা চহৰত ভৰি থোৱাৰ লগে লগেই যেন তেওঁৰ চকুৰ আগত পুৰণি সেই চিনাকি গলিবোৰে অগা-দেৱা কৰিবলৈ ধৰিলে৷ সহায়কাৰী ভায়েকক আঁতৰাই তেওঁ ক’লে- ‘মই সকলো চিনি পাইছোঁ৷ মই মোৰ ঘৰখন উলিয়াব পাৰিম! ’ তেওঁ সহজেই চিনি উলিয়াবলৈ সক্ষম হ’ল তাহানিৰ সেই চিনাকি চুবুৰী গুৰু নানক পুৰা৷ বৰ্তমান অৱশ্যে ঠাইখনৰ নাম মহম্মদ আলি জিন্নাৰ নামেৰে নতুনকৈ নামাকৰণ কৰা হ’ল৷ ‘এই পথেৰে গৈ গৈ পাম মোৰ ঘৰখন!’ তেওঁ আগবাঢ়ি গ’ল৷ সৰু গলি এটাৰ শেষ প্ৰান্তৰ ঘৰখনলৈ আঙুলিয়াই তেওঁ আবেগেৰে কৈ উঠিল- ‘এইখন মোৰ ঘৰ! ’দেশ বিভাজনৰ সময়ত ভাৰতৰ পৰা যোৱা মুছলমান পৰিয়ালবোৰে পাকিস্তানত হিন্দুসকলে এৰি থৈ অহা ঘৰবোৰ দখল কৰি লৈছিল৷ সেই তেতিয়াৰে পৰা বৰ্তমানলৈ কৃষণ খান্নাৰ ঘৰখনত এটি মুছলমান পৰিয়ালে বসবাস কৰে৷ তেওঁলোকে ঘৰখনৰ যথেষ্ট সালসলনি কৰিছে৷ তথাপিও যেন কৃষণ খান্নাই পুৰণি সেই আৱাস সম্পূৰ্ণকৈ চিনি পালে৷ নিজৰ ঘৰখনত অইন মানুহ থকাক লৈ কৃষণ খান্নাৰ কোনো আক্ষেপ নাই৷ তেওঁৰ ভাষাৰে- ‘যিগৰাকীয়ে কলমেৰে লিখে কলমটো সদায় তেওঁৰ, যিগৰাকীয়ে কিতাপ এখন পঢ়ে, কিতাপখন সদায় তেওঁৰ৷ ঠিক একেদৰেই ঘৰ এখনত যিয়ে বাস কৰে, সেই ঘৰখন মাথোঁ তেওঁৰহে সম্পত্তি৷ ’বৰ্তমান বাস কৰি থকা সহৃদয় পৰিয়ালটোৰ আদৰ সৎকাৰৰ মাজেৰে কৃষণ খান্নাই তেওঁৰ একালৰ মৰমৰ ঘৰখনত চৌদিশে এপাক ঘূৰে৷ ব্যৱসায়ী পৰিয়ালটোৰ বিছনাত বহি তেওঁ অনুভৱ কৰিব বিচাৰে সেই পুৰণি আমেজ৷ হাতেৰে চুই চালে ঘৰৰ দেৱাল, কাঠৰ আলমাৰি৷ ’

পিছদিনা তেওঁ আগবাঢ়ে তেওঁ পঢ়া স্কুলখনৰ অভিমুখে৷ স্কুলৰ চৌহদৰ দেৱালসমূহো তেওঁ চিনিবলৈ সক্ষম হয়৷ তেওঁ চিঞৰি উঠে- ‘আগেয়ে এই বেৰবোৰত লোৰ জাল নাছিল৷ ’ স্কুলৰ এগৰাকী শিক্ষকে তেওঁক কয়- ‘হয় আগেয়ে নাছিল৷ এইবোৰ দেৱালত নতুনকৈ লগোৱা হৈছে৷ ’ নব্বৈ বছৰীয়া এইগৰাকী তৰুণৰ স্মৃতি শক্তি দেখি সকলো তবধ মানিবলৈ বাধ্য হয়৷ দেৱালৰ এটা কোণলৈ আঙুলিয়াই তেওঁ কয়- ‘এই ফালেৰে মই এদিন স্কুলৰ পৰা পলাইছিলো৷ আমাৰ চহৰলৈ জৱাহৰলাল নেহৰু ভাষণ দিবলৈ আহিছিল৷ মোৰ সেই ভাষণ শুনিবলৈ বিৰাট মন আছিল৷ কিন্তু্ত প্ৰধান শিক্ষকে মোক অনুমতি দিয়া নাছিল৷ শেষত মই এইফালেৰে দেৱাল বগাই পলাবলৈ বাধ্য হ’লোঁ৷ ’ পুৰণি দিনবোৰৰ স্মৃতি সুঁৱৰি তেওঁ স্মৃতিকাতৰ হৈ পৰে৷ ইয়াৰ পিছত তেওঁ চিনাকি হয় সেই বিদ্যালয়ত বৰ্তমান পঢ়ি থকা ছাত্ৰ সকলৰ লগত৷ তেওঁলোকৰ সৈতে কৃষণ খান্নায়ে বাৰ্তালাপ কৰে৷ পাকিস্তানৰ ছাত্ৰক তেওঁ উপদেশ দিলে- ‘সদায় কেৱল এনে কাম কৰি আগবাঢ়িবা যাৰ দ্বাৰা নিজৰ লগতে নিজৰ দেশখনৰ মঙ্গল হয়৷ ’

গধূলি তেওঁ চহৰখনৰ বজাৰত এপাক ঘূৰে৷ পুৰণি দিনৰ কোনো বন্ধুক বিচাৰি তেওঁ হাবাথুৰি খায়৷ কিন্তু তেওঁ নিৰাশ হ’ল৷ সত্তৰ বছৰৰ আগৰ তেওঁৰ সকলো সমনীয়াই ইতিমধ্যে এই সংসাৰ ত্যাগ কৰিছে৷ অৱশেষত কৃষণ খান্নাৰ ঘূৰি অহাৰ সময় চমু চাপিল৷ তেওঁৰ বিচাৰিছিল দুই চাৰিদিন পাকিস্তানতেই থকাৰ৷ কিন্তু্ত লগত যোৱা ভায়েক নাচোৰবান্দা৷ অচিনাকি এই দেশত অদৰকাৰত এটা দিনো কটোৱাৰ তেওঁ পক্ষপাতী নহয়৷ যি উদ্দেশ্যেৰে তেওঁলোক আহিছিল সেয়াটো ইতিমধ্যেই পূৰণ হৈছেই৷ অৱশেষত কৃষণ খান্না বাধ্য হ’ল নিজৰ জন্ম ঠাইখনক বিদায় জনাই পুনৰ ভাৰতলৈ উভতিবলৈ৷ পাকিস্তানৰ বাটে ঘাটে সকলো বাটৰুৱাক কৃষণ খান্নাই এটায়ে বাৰ্তা দি আহিল৷ সেয়া হ’ল মানৱতাৰ বাৰ্তা৷ মানৱতাৰ উৰ্দ্ধত অইন একো নাই৷ বাটত তেওঁ যাকেই লগ পাইছে সকলোৰে সৈতে কেৱল হাঁহি ধেমালি কৰিছে৷ পাকিস্তানৰ পঞ্চাছ টকীয়া নোটৰ সৈতে ভাৰতীয় পঞ্চাছ টকীয়া নোটৰ তুলনা কৰি তেওঁ কৌতুক কৰিছে৷ পাকিস্তানৰ এজন যুৱকে কৃষণ খান্নাক কৈছে- ‘খুড়া, আমাৰ দেশৰ নোটখন আকাৰত সৰু হ’ব পাৰে, কিন্তু আমাৰ মানুহবোৰৰ অন্তৰ বিৰাট ডাঙৰ৷ ’ কৃষণ খান্নাৰ দুচকুৰে চকুলো নিগৰিছে৷ মানুহবোৰক তেওঁ বুজাইছে- এয়া চকুপানী নহয়৷ এয়া আনন্দৰ অশ্ৰু৷ কৃষণ খান্নাই সদায় বিশ্বাস কৰি আহিছে- দুইখন দেশৰে সাধাৰণ জনতাই কোনো দিনেই দেশৰ বিভাজন বিচৰা নাছিল৷ এয়া আছিল সম্পূৰ্ণ ৰাজনৈতিক লাভালাভৰ অংক! আবেগেৰে তেওঁ কৈছে- ‘মোৰ এনে লাগিছে মই যেন ভাৰতৰ মাটিতহে থিয় দি আছোঁ৷ একেই সেই মানুহ৷ একেই সকলোৰে আবেগ৷ ’ বাটৰ অইন অইন লোকৰ মুখলৈ আঙুলিয়াই তেওঁ কৈছে- ‘সৌ মানুহজনলৈ চোৱা, এওঁলৈ চোৱা, তেওঁৰ মুখলৈ চোৱা৷ সকলোৰে মুখবোৰ কিমান সৰল, নিস্পাপ৷ সকলোবোৰ মানুহ একেই৷ এইবোৰ মুখত বাৰু ঘৃণা আৰু বিদ্বেষ থাকিব পাৰে নে! ’ এই যাত্ৰাৰ মাজেৰেই তেওঁ পাকিস্তানৰ জনগণৰ মাজত বিলাই আহিল প্ৰেম আৰু ভাতৃত্ববোধৰ বাণী৷ নব্বৈ বছৰ বয়সতো চিৰতৰুণ এইগৰাকী ব্যক্তিৰ ৰসিকতাই, সঁচা অৰ্থত মানৱদৰদী এইগৰাকী ব্যক্তিৰ ধৰ্মীয় উদাৰতায়ে সেয়ে এতিয়া দুয়োখন দেশৰে কোটি কোটি জনতাৰ অন্তৰ চুবলৈ সক্ষম হৈছে৷

ভাৰতলৈ ঘূৰি অহাৰ পিছত পৰিয়ালৰ মানুহে তেওঁক বেৰি বেৰি প্ৰশ্ন সোধে৷ আটায়ে উদগ্ৰীৱ হৈ শুনিবলৈ বিচাৰে কৃষাণ খন্নায়ে দেখি অহা পাকিস্তানৰ কথা, সেইখন দেশৰ মানুহবোৰৰ কথা৷ কৃষণ খান্নাই কিন্তু্ত সকলোবোৰ প্ৰশ্নৰে চুটি চুটি উত্তৰ দি সামৰি ৰাখে৷ হয়তো তেওঁ বুজিছিল- তেওঁৰ এই অনন্য অনুভূতিকণক কেৱল তেওঁহে মাথো অনুভৱ কৰিব পাৰিব৷ সেয়া অইনৰ আগত শব্দৰে বুজোৱাৰ সামৰ্থ্য তেওঁৰ নাই৷ এগৰাকী নাতিয়েকে তেওঁক সুধিছে- ‘পাকিস্তানত আতংকবাদৰ ছবিখন আপুনি কি দেখিলে? ’ কৃষণ খান্নাৰ সৰল অথচ দৃঢ় উত্তৰ- ‘মই দেখোন তাত ক’তো অলপো আতংকবাদৰ চিন চাব নেদেখিলো! অতদিন টিভিতহে শুনি আছিলোঁ! ’

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.