বাতৰিৰ বতৰা: বিলাসিনীৰ সময় আৰু এতিয়াৰ বিলাসিতা: ভাস্কৰজ্যোতি দাস

বাতৰিৰ বতৰা: বিলাসিনীৰ সময় আৰু এতিয়াৰ বিলাসিতা: ভাস্কৰজ্যোতি দাস

বাতৰিৰ বতৰা: বিলাসিনীৰ সময় আৰু এতিয়াৰ বিলাসিতা: ভাস্কৰজ্যোতি দাস

by October 19, 2017 0 comments

অসমত ছপা আখৰত বাতৰি ওলোৱা ব্যৱস্থাটোৱে এইবছৰ ১৭৫ বছৰত ভৰি থলে৷ ১৮৪৩ ত শিৱসাগৰত মিছনেৰীসকলে মিছন প্ৰেছ স্থাপন কৰাৰ তিনি বছৰৰ পাছত ১৮৪৬ চনত “অৰুনোদই” কাকতে অসমত নতুন বাট এটা মুকলি কৰিলে৷ লগতে অসমৰ থলুৱা লোকক সংবাদ পত্ৰ প্ৰকাশৰ দিশটোও চিন্তা কৰাৰ বাট মোকলালে৷ ইয়াৰে ২৫ বছৰৰ পাছত অৰ্থাত ১৮৭১ চনত মাজুলিৰ আউনীআটী সত্ৰৰ ধৰ্মপ্ৰকাশ যন্ত্ৰৰ পৰা মুদ্ৰিত হৈ ওলাল অসম বিলাসিনী৷ পিছে, বিভিন্ন কাৰণত ১৮৮৩ চনমানত অৰুনোদই কাকতে শেষ পথৰ দিশে বাট লয়৷
১৮৭৩ চনত অসমীয়া ভাষাই স্কুল, অফিচত ঠাই পোৱাৰ পাছত এটা মাইলৰ খুঁটি স্থাপিত হয় যদিও ইয়াৰ ১০ বছৰ পাছতহে হেম বৰুৱাৰ অসমীয়া-ইংৰাজী দ্বিভাষী সাপ্তাহিক “আসাম নিউজ” কাকতখন ৰাইজৰ মাজলৈ ৰাইজৰ বাবে আহে৷ পূৰ্বৰ অৰুনোদই কাকতৰ প্ৰাৰম্ভিক উদ্দেশ্য আছিল মূলত এই মুলুকত খৃষ্টান ধৰ্ম প্ৰচাৰ কৰা আৰু অসম বিলাসিনী (তেতিয়া আসাম বিলাসিনী নামেৰে প্ৰকাশিত) আছিল ইয়াৰ বিপৰীতে থিয় হোৱা এক মঞ্চ৷ দুয়োখন কাকতে ধৰ্মৰ প্ৰচাৰকে মুল দায়িত্ব হিচাবে ল’লে৷ পিছে ইয়াৰ মাজতে ১৮৭৩ চনৰ জোনাকী কাকতখনেও অসমৰ সমাজ জীৱনৰ অংগ হিচাবে ঠাই ল’বলৈ সক্ষম হৈছিল৷
অসমত বাতৰি কাকতৰ আৰম্ভণিৰ কালচোৱাৰ পৰা ১৯২৪ চনলৈকে যিখন কাকতে অসমৰ ৰাইজক মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছিল সেইখন নিসন্দেহে অসম বিলাসিনীয়েই হ’ব৷ কিয়নো বৃটিছৰ খৃষ্টান ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰত এই কাকতখনে ক্ৰমে প্ৰাচীৰ হিচাবে থিয় দিছিল৷ অসমত খৃষ্টান ধৰ্ম প্ৰচাৰৰ যি খলকনি সেই সময়ত উঠিছিল সেই খলকনিয়ে সনাতন ধৰ্মৰ লাইখুটা স্বৰূপ সত্ৰসমূহৰ নিদ্ৰাহৰণ কৰিছিল৷ ইয়াৰ ফলশ্ৰুতিতে সত্ৰাধিকাৰ প্ৰয়াত দত্তদেৱ গোস্বামীৰ পৃষ্ঠপোষকতাত আত্মপ্ৰকাশ ঘটিছিল অসম বিলাসিনীৰ৷ তেখেতে প্ৰয়াত মাধৱ চন্দ্ৰ বৰদলৈ আৰু প্ৰয়াত মাণিক চন্দ্ৰ বৰুৱাৰ যোগেদি কলিকতাৰ পৰা ছপাশাল আনি ধৰ্মপ্ৰকাশ যন্ত্ৰ নাম দি কাম আৰম্ভ কৰিছিল অসম বিলাসিনী নামৰ মাহেকীয়া কাকতৰ৷ কাকতখনৰ প্ৰকাশক প্ৰয়াত শ্ৰীধৰ গোস্বামীয়ে প্ৰথমে ইয়াৰ প্ৰৱন্ধ আৰু সম্পাদকীয় লিখিছিল যদিও গ্ৰহণযোগ্য অসমীয়া অভিধান নথকাৰ বাবে বানানত অজস্ৰ ভুল থাকি গৈছিল৷
পিছে সময়ৰ লগেলগে বিলাসিনিৰ ধ্যান ধাৰণাবোৰ সলনি হয় আৰু ইয়াৰ পৃষ্ঠাত ঠাই পাই জ্ঞান, বিজ্ঞান তথা আন সম্বাদে৷ বিলাসিনীত প্ৰকাশ হৈছিল ভোলানাথ দাসৰ অমিতাক্ষৰী চন্দৰ সীতাহৰণ কাব্য৷ পিছে ১৮৮৩ চনত আউনীআটী সত্ৰখন আন ঠাইলৈ স্থানান্তৰিত কৰাত এই কাকতখন বন্ধ হৈ পৰে৷ পিছে বহুতে এই কাকতখনৰ যোগেদি ৰাজনীতিৰ চৰ্চা কৰা বুলি জানি শিৱসাগৰৰ এচিষ্টেণ্ট কমিচনাৰ কেম্পবেলে এই কাকতখন ভাবুকিৰে বন্ধ কৰা বুলিও দাবী কৰে৷
মাজুলীত বিলাসিনী বন্ধ হোৱাৰ পাছত ১৯১১ চনত কৃষ্ণকান্ত ভট্টাচাৰ্যই যোৰহাটৰ তৰাজানত আসাম প্ৰেছ স্থাপন কৰি ১৯১৩ চনত সাদিনীয়াকৈ আসাম বিলাসিনী প্ৰকাশ কৰে৷ পিছে এই কাকতখনে ৰাজনৈতিক আৰু স্বাধীনতা বিষয়ৰ লেখা প্ৰকাশ কৰাৰ পাছৰেপৰা কাকতখন ৰাজৰোষত পৰে৷ দেশভক্ত তৰুণৰাম ফুকন, কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ দৰে লোকে ইয়াত লিখামেলা কৰিবলৈ লোৱাৰেপৰা কৃষ্ণকান্ত ভট্টাচাৰ্য বৃটিছৰ চকুৰ কুটা হৈ পৰে আৰু কেইবাবাৰো জৰিমণা বহিবলগীয়া হয়৷ ১৯১৬ চনৰেপৰা কৃষ্ণকান্ত ভট্টাচাৰ্যই নিজে সম্পাদক হৈ বৃটিছৰ বিৰূদ্ধে থিয় দিছিল৷ যি সময়ত অসমীয়াৰ বাবে বৃটিছসকল চাহাব হৈ আছিল সেই সময়ত বিলাসিনীয়ে এই চাহাবসকলক লুণ্ঠনকাৰী, শোষক ইত্যাদিবোৰ উপমাৰে সমালোচনা কৰিছিল৷ এই কাকতে জাগৃত কৰিছিল সাধাৰণ মানুহৰ দেহ-মন৷ পিছে বৃটিছৰ প্ৰেছ এক্টৰ কবলত পৰি ১৯২৪ চনত অসম বিলাসিনী বন্ধ হৈ পৰে৷ কিন্তু অসমীয়াৰ মাজত স্বাধীনতাৰ জাগৰণ আনিবলৈ যি চেষ্টা বিলাসিনীৰ মাধ্যমেৰে চলিছিল সেয়া সফল হ’ল৷
এতিয়াৰ সময় বেলেগ৷ এতিয়াৰ বাতৰিয়ে সম্বাদ দিয়াতকৈ প্ৰভাৱ পেলোৱাৰ চেষ্টা বেছিকৈ কৰে৷ বহুক্ষেত্ৰত আজিৰ কাকতে ব্যক্তিৰ চিন্তাৰ স্বাধীনতাক বাধা দিয়াও দেখা যায়৷ অসমীয়া বাতৰিকাকতৰ সংখ্যা এতিয়া একুৰিৰো বেছি৷ পিছে সিংহভাগ কাকতেই পঢ়ুৱৈৰ স্বাৰ্থতে হওক বা আন স্বাৰ্থতে হওক এতিয়ালৈ মচলাযুক্ত বাতৰি প্ৰকাশতে সীমাবদ্ধ৷ সম্ভৱত: বাণিজ্যিক দিশটোৰ বাবেই এনে চিন্তন৷ কেতিয়াবা এনে লাগে যেন এখন কাকতে এখন চৰকাৰৰ হৈ কামকৰি আছে আৰু আনখনে বিৰোধীৰ৷ বাতৰিৰ সত্যতাতকৈ পৰিৱেশনশৈলীত গুৰুত্ব বাঢ়িছে৷ পূৰ্বতে বিলাসিনী এখন সমাজৰ দাপোন হৈ থকাৰ বিপৰীতে এতিয়াৰ কাকতে ভিন্ন ভিন্ন ৰূপত ব্যক্তিবিশেষৰ বাবে কাম কৰি থকা যেন লাগে কেতিয়াবা৷ সঁচা কথা ক’ব পৰা সাহস, বিষয়টোৰ সম্পৰ্কে জ্ঞান তথা শব্দৰ সঠিক ব্যৱহাৰ হ’লেহে এটা বাতৰি সঁচা অৰ্থত বাতৰি যেন লাগে৷ বাতৰি কাকত এখন গণতন্ত্ৰৰ চতুৰ্থ স্তমভৰ এটা ইটাৰ দৰে৷ ই প্ৰথমৰ তিনিটা স্তমভক সঁচাৰূপত ডাঙি ধৰিব লাগে৷ অসমত এতিয়া এয়া হোৱা যেন নালাগে৷
এতিয়া ইণ্টাৰনেট, ইলেকট্ৰনিক্সৰ যুগ৷ পেপাৰখন চোতালত পৰাৰ আগতেই পাঠকে ম’বাইলত পপাৰখন পঢ়ে৷ টি.ভি.ৰ নিউজ চেনেলে দেখুওৱা লাইভ, এক্সক্লুচিভবোৰ বাতৰি কাকতত পিচদিনা ওলাই৷ এতিয়া অসমৰ কিমান লোকে বাতৰি কাকত পঢ়ে তাত সঠিক তথ্যও আমাৰ হাতত নাই৷ কিন্তু বাতৰি কাকত এতিয়াও আমাৰ প্ৰিয়৷ আজিকালি খবৰ-সম্ভেদৰ উপৰিও বিভিন্ন শিতানত বিভিন্ন লেখা ওলাই থাকে৷ নতুন লেখকৰ এখন প্লেটফৰ্মৰ দৰেও হৈছে এই কাকতবোৰ৷ পিছে সম্ভেদ যোগানৰ কামটোত এই বাতৰিকাকতবোৰ অধিক নিৰপেক্ষ, নিৰ্ভীক আৰু বিস্বস্ত হ’ব লাগিব৷
এতিয়াৰ ডিজিটেল যুগত চপা আখৰৰ ভৱিষ্যত কিমানদিনলৈকে থাকিব সেয়া সদ্যহতে এক আজৱ প্ৰশ্ন বুলিয়েই বাদ দিলোঁ৷ হ’লেও এটা কথা অনুভৱ হয় যে ছপা মাধ্যমেৰে বাতৰি পৰিৱেশন কৰি থকা প্ৰকাশন গোষ্ঠীসমূহে কিছুমান কথা নকৈ চিন্তা কৰিবৰ হ’ল৷ আজিৰ মানুহ আৰু বিলাসিনীৰ সময়ৰ মানুহৰ চিন্তাধাৰা, জীৱনশৈলী, পৃথিবীখন চোৱাৰ চকুটোৰ মাজত পাৰ্থক্য আছে৷ সময়বোৰ লাহে-লাহে আৰু জটিল হ’ব।

প্ৰসংগ পুথি: – ১/ অৰ্ঘাৱলী – বেণুধৰ শৰ্মা৷
২/ অসমৰ সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন- প্ৰসন্ন কুমাৰ ফুকন৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.