বিভাজনে সলনি কৰা ইতিহাস: ফাৰুক আজিজ

বিভাজনে সলনি কৰা ইতিহাস: ফাৰুক আজিজ

বিভাজনে সলনি কৰা ইতিহাস: ফাৰুক আজিজ

by October 19, 2017 0 comments

মহাত্মা গান্ধীৰ নেতৃত্বত কেইবা দশকো ধৰি চলা সুদীৰ্ঘ স্বাধীনতা আন্দোলনৰ পাছত প্ৰৱল প্ৰতাপী ব্ৰিটিছসকলৰ কৱলৰ পৰা ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল৷ কিন্তু এই স্বাধীনতা ইমান সহজ নাছিল৷ কেইজনমান স্বাৰ্থলোভী ৰাজনৈতিক নেতাৰ উচ্চাকাংক্ষা, বিশেষকৈ মহম্মদ আলি জিন্নাৰ চক্ৰান্ত আৰু ব্ৰিটিছসকলৰ বিভেদকামী নীতিৰ কাৰণেই ভাৰতবৰ্ষ দ্বিখণ্ডিত হ’ব লগীয়া হৈছিল৷ ফলস্বৰূপে পাকিস্তানে স্বাধীনতা লাভ কৰিছিল ১৯৪৭ চনৰ ১৪ আগষ্টত আৰু ভাৰতবৰ্ষই এদিন পাছত ১৫ আগষ্টত স্বাধীনতা লাভ কৰিছিল৷ সিদিনা সমগ্ৰ ভাৰত উপমহাদেশত আনন্দৰ বন্যা বৈ গৈছিল৷ মানুহে গোটেই ৰাতি উজাগৰে থাকি ৰাজপথত নৃত্য কৰি মিঠাই বিলাই আনন্দ কৰিছিল৷ কিন্তু ভাৰতবাসীৰ এই আনন্দ ক্ষন্তেকীয়া আছিল৷ কিয়নো ব্ৰিটিছসকলে ভাৰত ত্যাগ কৰাৰ কিছুদিনৰ পাছতেই সমগ্ৰ ভাৰতবৰ্ষতেই সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হৈছিল৷ পাকিস্তানত থকা শিখ আৰু হিন্দুসকলে নিজৰ পৈতৃক ভেঁটি ত্যাগ কৰি ভাৰতবৰ্ষলৈ আহিবলৈ বাধ্য হৈছিল আৰু ভাৰতবৰ্ষৰ বিশেষকৈ পঞ্জাৱ আৰু বংগৰ সৰহ সংখ্যক মুছলমানে ভাৰতবৰ্ষ ত্যাগ কৰিবলৈ বাধ্য হৈছিল৷ এই বিভাজনত প্ৰায় এক কোটি মানুহে নিজৰ ঘৰ-বাৰী চিৰদিনৰ বাবে এৰি থৈ আহিব লগীয়া হৈছিল আৰু প্ৰায় বিশ লাখ মানুহে নিজৰ জীৱন হেৰুৱাইছিল৷ শতিকাৰ পাছত শতিকা একেলগে বাস কৰা একে খাদ্যভাষৰ, একে সাজ পোছাকৰ মানুহবোৰ এটা ৰাতিৰ ভিতৰতে পৰস্পৰে পৰস্পৰে শত্ৰু হৈ পৰিছিল৷ ধৰ্মীয় অনুষ্ঠানবোৰত যিবোৰ মানুহে এসময়ত মিঠাইৰ টোপোলা লৈ শুভকামনা জনাবলৈ গৈছিল, সেইবোৰ মানুহ আকৌ গৈছিল সেইবোৰ মানুহৰ ঘৰলৈ; কিন্তু এইবাৰ গৈছিল হাতত তৰোৱাল লৈ, ইটোৱে –সিটোৰ ৰক্তপান কৰিবলৈ৷ মানৱতা হেৰাই গৈছিল৷ মানুহবোৰ ৰাক্ষস হৈ গৈছিল৷ ভাৰত আৰু পাকিস্তানত হেনো তেতিয়া আৰু কোনো মানুহ হৈ থকা নাছিল৷ হৈ পৰিছিল কোনোবা হিন্দু, মুছলমান বা শিখহে৷
ভাৰতৰ বিভাজনৰ প্ৰায় সাতটা দশক পাৰ হৈ গ’ল৷ সেই বিভীষিকাময় দিনবোৰৰ কথা প্ৰায় ভাগ মানুহে পাহৰি পেলাইছিল৷ কিন্তু পাহৰি যোৱা নাছিল সেই পৰিয়ালবোৰে৷ যিবোৰ পৰিয়ালৰ সম্পূৰ্ণ ইতিহাসেই সলনি হৈ গৈছিল এই বিভাজনৰ কাৰণে৷ বিবিচিৰ সাংবাদিক অনিতা ৰাণীয়ে এনে তিনিটা পৰিয়াল বিচাৰি উলিয়াইছিল, যি সকলো হেৰুৱাইছিল এই বিভাজনতে৷ এই তিনিটা পৰিয়ালৰ এটা মুছলমান, এটা হিন্দু আৰু এটা শিখ পৰিয়াল আছিল৷

প্ৰথম পৰিয়ালটো আছিল এটা মুছলমান পৰিয়াল৷ বৰ্তমান ব্ৰিটেইনৰ চেফিল্ড নিৱাসী ৭৮ বছৰীয়া আছাদ আলি ছৈয়দৰ পৰিয়ালতো বৰ্তমান ভাৰতৰ পঞ্জাৱৰ অম্বালা চহৰৰ নিবাসী আছিল৷ কিন্তু ভাৰত বিভাজনৰ সময়ত হোৱা সাম্প্ৰদায়িক হিংসাৰ বলি হৈ তেওঁলোকে নিজৰ পৈতৃক ভূমি এৰি পাকিস্তানলৈ পলাই যাবলগীয়া হৈছিল৷ আছাদ আলি চৈয়দ এজন কৰ্কট ৰোগত আক্ৰান্ত ৰোগী আছিল৷ তেওঁ যে এই পৃথিৱীৰ আৰু কিছু দিনৰহে আলহী সেয়া জনাৰ পাছতেই তেওঁ নিজৰ জন্মভূমি আম্বালা চহৰলৈ আহিবলৈ মন কৰিছিল৷ তেওঁৰ নাতি সমীৰৰ লগত তেওঁ ভাৰতলৈ যাত্ৰা কৰিছিল৷ ৭০ বছৰৰ পাছত ভাৰতলৈ তেওঁৰ এই প্ৰথম যাত্ৰা৷ আছাদ আলিয়ে নিজৰ শৈশৱৰ অম্বালা চহৰখনত উপস্থিত হৈ আনন্দত আত্মহাৰা হৈ পৰিছিল৷ তেওঁলোকে নিজৰ ঘৰটো বিচাৰি উলিয়াইছিল৷ সেইসময়ৰ আটক ধুনীয়া দুই মহলীয়া ঘৰটোৰ এতিয়া পুৰণি হৈ উৱলি যোৱা ৰূপটো দেখি আছাদ আলিৰ চকুৰে চকু পানী উলাই আহিছিল৷ আছাদ আলিয়ে নিজে জন্ম হোৱা ঘৰটো তন্ন তন্নকৈ বিচাৰি চাইছিল৷ কিজানি পুৰণি কিবা চিনাকি বস্তু বিচাৰি পায়ে৷ কিন্তু নাই, আছাদে একো বিচাৰি নাপালে৷ সময়ে সকলো মোহাৰি পেলাইছিল৷ মাজতে আছাদে কান্দোনত সমীৰৰ কান্ধত ঢলি পৰে আৰু ফেঁকুৰি ফেঁকুৰি এটা সৰু ল’ৰাৰ দৰেই কয় এইটো মোৰ ঘৰ নহয়, এইখন মোৰ চহৰ নহয়, এইখন মোৰ দেশ নহয়৷ সকলো শেষ হৈ গ’ল৷ আছাদ আলিৰ পিতৃ হামিদ আলি ছৈয়দ অম্বালা চহৰৰ এজন জনপ্ৰিয় চিকিৎসক আছিল৷ তেওঁৰ ওচৰলৈ আম্বালা চহৰৰ উপৰিও ওচৰৰ গাঁৱবোৰৰ পৰা হিন্দু, মুছলমান, শিখ প্ৰায় প্ৰতিটো সম্প্ৰদায়ৰে ৰোগী আহিছিল৷ স্বাধীনতাৰ আগলৈকে সকলো থিকেই আছিল৷ স্বাধীনতা আন্দোলনতো হামিদ আলিয়ে সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰিছিল৷ হামিদ আলি সেইসময়ৰ মুছলিম লীগৰ এজন প্ৰভাৱশালী নেতা আছিল৷ প্ৰায়ে মুছলিমৰ ডাঙৰ ডাঙৰ নেতাবোৰ তেওঁলোকৰ ঘৰলৈ আহিছিল৷ মুছলিম লীগৰ ৰেলীবোৰতো তেওঁ অংশগ্ৰহণ কৰিছিল আৰু শিশু আছাদ আলীকো কেতিয়াবা লগত লৈ গৈছিল৷ আছাদ আলীয়ে একো নুবুজাকৈয়ে মুছলিম লীগৰ পতাকা হাতত লৈ দৌৰি ফুৰিছিল আৰু চিঞৰি চিঞৰি কৈছিল পাকিস্তান জিন্দাবাদ৷ সকলো জল্পনা- কল্পনাৰ অন্ত পেলাই এদিন ভাৰতে স্বাধীনতা লাভ কৰিছিল৷ হামিদ আলিয়ে ওচৰ চুবুৰীয়াৰ লগত মিঠাই বিলাই ফটকা ফুটাই ভাৰতৰ স্বাধীনতা লাভৰ আনন্দত উত্ৰাৱল হৈছিল৷ তেওঁলোকে ভাৰত বিভাজনৰ কথাতো ইমান চিন্তা কৰা নাছিল৷ ১৭ আগষ্টত ব্ৰিটিছ চৰকাৰে ভাৰত আৰু পাকিস্তানৰ সীমা নিৰ্ধাৰণ কৰে আৰু আম্বালা ভাৰততে থাকি গ’ল৷ ভাৰত বিভাজনৰ ফলত সেইসময়ৰ সমৃদ্ধিশালী পঞ্জাৱ দ্বিখণ্ডিত হৈ পৰিছিল আৰু সেই বাবে পাঞ্জাৱৰ শিখসকলে মনত বহুত আঘাত পাইছিল আৰু মুছলিম লীগকে ইয়াৰ বাবে দায়ী কৰিছিল৷ হামিদ আলিয়ে বিপদৰ আগজাননী ভালকৈ পাইছিল আৰু সিদিনাখন ৰাতিয়ে নিজৰ ঘৰ- সম্পত্তি সকলো ভাৰততে এৰি ট্ৰেইনেৰে অমৃতসৰ হৈ পাকিস্তানত প্ৰৱেশ কৰিছিল৷ তাৰ পাছদিনাৰ পৰা গোটেই পঞ্জাৱতে মুছলমান ধ্বংস যজ্ঞ আৰম্ভ হৈছিল৷ লগে লগে পাকিস্তানৰ লাহোৰ আৰু কৰাচীতো শিখ আৰু হিন্দু মানুহক হত্যা কৰাৰ বাতৰি আহিছিল৷ এই বাতৰিবোৰে মানুহবোৰক উত্তেজিত কৰি তুলিছিল আৰু গোটেই পঞ্জাৱ (পাকিস্তান আৰু ভাৰতৰ দুয়ো অংশতে) মানৱতাৰ বধ্য ভূমি হৈ পৰিছিল৷ এজন স্থানীয় গৱেষক মহম্মদ খালিদে কৈছিল আছাদ আলিহঁতৰ ভাগ্য বহুত ভাল আছিল৷ কিয়নো তেওঁলোক সুকলমে পাকিস্থান পাইছিলগৈ৷ যিসকল আঢ্যৱন্ত লোক আছিল তেওঁলোকে গাড়ী বা ট্ৰেনেৰে গৈছিল, কিন্তু যি বিলাক দুখীয়া সাধাৰণ লোক আছিল তেওঁলোকে খোজ কাঢ়ি পাকিস্তানলৈ যাবলৈ চেষ্টা কৰিছিল৷ তেওঁলোকৰ প্ৰায়ভাগকে হত্যা কৰা হৈছিল৷ অমৃতসৰৰ ষ্টেছনৰ ওচৰত এখন ঠাইত ট্ৰেইনবোৰ ৰখাই শিখসকলে মুছলমানসকলক হত্যা কৰিছিল৷ সেই ৩/৪ দিনত প্ৰায় ১৫০০০ মানুহে ট্ৰেনেৰে পাকিস্তান যাবলৈ চেষ্টা কৰিছিল আৰু তাৰে প্ৰায় ৪, ০০০জনকে হত্যা কৰা হৈছিল৷ ভাৰতৰ ফালে থকা পঞ্জাৱত স্বাধীনতাৰ আগত মুছলমানৰ সংখ্যা মুঠ জনসংখ্যাৰ ৬০% আছিল৷ কিন্তু স্বাধীনতাৰ পাছত ই ১.৬% লৈ হ্ৰাস পায়৷ ঠিক তেনেকৈ পাকিস্থানৰ ফালে থকা পঞ্জাৱতো শিখসকলৰ সংখ্যা হ্ৰাস পায়৷
আছাদৰ পৰিয়ালে ৭০ বছৰৰ আগতে আম্বালাত পাকিস্তানলৈ বুলি ট্ৰেইনত উঠিছিল৷ সেই একেটা ষ্টেছনলৈ ৭০ বছৰৰ পাছত আহি আছাদৰ চকু সেমেকি উঠিছিল৷ আছাদে যিখন ট্ৰেইনত উঠিছিল, সেইখন ট্ৰেইনে মানুহেৰে ভৰ্তি হৈ আছিল৷ কিন্তু কিছু দূৰ যোৱাৰ পাছত তেওঁলোকক ট্ৰেইনৰ পৰা নমাই দিয়া হৈছিল আৰু কৈছিল এইখন ট্ৰেইন পাকিস্তান নাযায়৷ পাকিস্তানলৈ বেলেগ ট্ৰেইন যাব, সেইখন দুদিন পাছত আহিব৷ তেওঁলোকে প্ৰায় অনাহৰে কেইবাদিনো ষ্টেশ্যনত অপেক্ষা কৰিছিল৷ দিন যোৱাৰ লগে লগে ষ্টেশ্যনটোত মানুহৰ সংখ্যাও বেছি হৈ গৈছিল৷ অৱশেষত সাত দিনৰ পাছত এখন ট্ৰেইন আহিল৷ মানুহবোৰে ট্ৰেইনত উঠিবলৈ পাগল হৈ গৈছিল৷ বয়-বস্তু, মানুহেৰে ট্ৰেইনখন নধৰা হৈ গৈছিল৷ কিছুমানে ট্ৰেইনৰ ওপৰত উঠিছিল৷ সৰু ল’ৰা- ছোৱালী, মাইকী মানুহ আৰু বুড়া মানুহবোৰ ভিতৰত আছিল৷ আছাদক কোনোবা এজনে খিড়ীকেৰে ট্ৰেইনখনত সুমুৱাই দিছিল৷ আছাদে চুক এটাত বহি যাত্ৰা আৰম্ভ কৰিছিল৷ ট্ৰেইনখনত ইমান ভিৰ হৈছিল যে শিশু আছাদে এক ইঞ্চিও লৰচৰ কৰিব পৰা নাছিল৷ ঘণ্টাৰ পাছত ঘণ্টা আছাদ তেনেকৈয়ে আছিল৷ সমগ্ৰ পথ আছাদৰ পৰিয়ালে এনেকৈয়ে যাত্ৰা কৰিছিল৷ অমৃতচৰ ষ্টেশ্যনত তেওঁলোকৰ ট্ৰেইনখন অলপ সময়ৰ কাৰণে ৰখিছিল৷ ডবাৰ খিড়িকীবোৰ বন্ধ কৰি দিয়া হৈছিল৷ খিড়িকীৰ ফাকেৰে তেওঁলোকে দেখিছিল কেইজনমানে শিখে হাতত ডাঙৰ ডাঙৰ তৰোৱাল লৈ ঘূৰি ফুৰিছে৷ কিছুমানৰ তৰোৱালত তেজৰ চেঁকুৰাও লাগি আছিল৷ তেওঁলোকে যিকোনো সময়তে ট্ৰেইনখনত জপিয়াই পৰিব পাৰে বুলি মানুহবোৰে ভয় খাই আছিল৷ কিন্তু ট্ৰেইনখনত বহুতো মুছলমান জোৱান উপস্থিত আছিল বাবে তেনে কোনো আক্ৰমণ নঘটিল৷ কেইবাঘণ্টা যাত্ৰা কৰাৰ পাছত তেওঁলোকে লাহোৰৰ ওচৰৰ মোগলাপুৰা ষ্টেশ্যনত নামিছিল৷ ষ্টেশ্যনটোত ইতিমধ্যে হাজাৰৰ ওপৰত যাত্ৰী আছিল আৰু তেওঁলোকৰ প্ৰায়ভাগৰে খাদ্য, কাপোৰ আদিৰ অভাৱ হৈছিল৷ আছাদৰ পৰিয়ালো সেইটো ষ্টেশ্যনতে কেইবা সপ্তাহো থাকিব লগিয়া হৈছিল৷ প্ৰথম কিছুদিন তেওঁলোকৰ খোৱা- বোৱাৰ বাবে বিশেষ অসুবিধা হোৱা নাছিল যদিও লাহে লাহে তেওঁলোকৰ হাতত থকা টকা- পইচাও শেষ হৈ আহিছিল৷ আছাদৰ দেউতাক পেছাত চিকিৎসক আছিল যদিও লাহোৰত ক্লিনিকত বহিবলৈ কোনো ব্যৱস্থা কৰিব পৰা নাছিল৷ কেইবাদিনো তেওঁলোকে অনাহৰে কেৱল পানী খাই থাকিব লগীয়া হৈছিল৷ কাপোৰৰ অভাৱত ৰাতি ঠাণ্ডাত প্লেটফৰ্মত কপি কপি শুব লগীয়া হৈছিল৷ এনেদৰে থাকোতে এদিন ৰাতি আছাদৰ সৰু ভণ্টি ঠাণ্ডাতে ঠৰঙা লাগি মৃত্যু মুখত পৰিছিল৷ আছাদে কৈছিল তেওঁলোকৰ নতুন দেশ পাকিস্তানৰ বাবে যেন এয়া আছিল তেওঁলোকৰ পৰিয়ালৰ প্ৰথমজন শ্বহীদ৷ ষ্টেশ্যনত কেইবামাহো থকাৰ পাছত আছাদৰ দেউতাকে এটা নতুন ঘৰ বিচাৰি উলিয়াইছিল আৰু তেওঁলোকৰ জীৱন ক্ৰমাত স্বাভাৱিক হৈ গৈছিল৷ কিন্তু বিভাজনৰ এই ক’লা দিনবোৰৰ সপোনে ৭০ বছৰৰ পাছতো তেওঁলোকক আমনি কৰি থাকিছিল৷

দ্বিতীয় কাহিনীটো আছিল বাংলাদেশৰ নোৱাখালি জিলাৰ মান্দাৰি গ্ৰাম নামৰ এখন সৰু গাঁৱৰ এটা হিন্দু পৰিয়ালৰ৷ পৰিয়ালটোৰ মুৰব্বী আছিল যামিনী মোহন ভৌমিক৷ ১৯৪৭ চনৰ বিভীষিকাময় দিনবোৰত পৰিয়ালটোৱে প্ৰাণৰ মমতাত তেতিয়াৰ কলিকতা চহৰলৈ পলাই আহিছিল৷ যামিনী মোহনৰ কনিষ্ঠ পুত্ৰ বিম ভৌমিক পাছত সত্তৰৰ দশকত ব্ৰিটেইনৰ নিবাসী হয়৷ যামিনী মোহনৰ নাতিনীয়েক বিম ভৌমিকৰ জিয়ৰী বিনিতা কানে সিদ্ধান্ত লৈছিল বাংলাদেশৰ নোৱাখালিৰ নিজৰ গাঁৱখনলৈ যোৱাৰ৷ বিনিতাই প্ৰথম যেতিয়া নিজৰ গাঁৱখনত প্ৰৱেশ কৰি যামিনী মোহনৰ কথা কৈছিল৷ গাঁৱখনৰ ল’ৰা-ছোৱালীবোৰে তাইক আগুৰি ধৰিছিল৷ এগৰাকী মহিলাই বঙালিতে বিনিতাক কৈছিল তুমি মানে আমাৰ গাঁৱৰে ছোৱালী৷ ইয়াতে থাকি নোযোৱা কিয়? বিনিতাৰ চকু সেমেকি উঠিছিল৷ বিনিতাই ভঙা ভঙা বঙালি আৰু ইংৰাজি ভাষাৰে স্থানীয় মানুহবোৰৰ লগত কথা পাতিছিল৷ বিনিতা যদিও জন্মে সূত্ৰে বঙালী আছিল, সৰুৰে পৰা ইংলেণ্ডত থকা বাবেই চাগে নিজৰ মাতৃভাষাই পাহৰি গৈছিল৷ তথাপি বিনিতা তেওঁলোকৰ অতিকৈ আপোন৷ কিয়নো তেওঁলোক আৰু বিনিতা একেখন গাঁৱৰে৷ যদিও সময়ৰ কঠোৰ হাতোৰাই তেওঁলোকক আতৰাই অচিনাকি কৰি পেলাইছিল৷ বিনিতাই গাঁৱখনতে লগ পাইছিল মহম্মদ কাঞ্চন নামৰ এজন বুড়া মানুহ৷ বিনিতাৰ ককাক যামিনী মোহনক তেওঁ চিনি পাই নেকি সুধিছিল? মহম্মদ কাঞ্চনে যামিনী মোহনৰ কথা বিনিতাক ক’বলৈ আৰম্ভ কৰে৷ যামিনী মোহন ভৌমিক এজন জমিদাৰ আছিল আৰু তেওঁৰ মাটী-বাৰীৰ পৰিমাণ যথেষ্ট আছিল৷ মান্দাৰিৰ স্থানীয় মুছলমান সকলে তেওঁৰ খেতি পথাৰবোৰত কাম কৰিছিল৷ দিনটোৰ কাম-বনৰ পাছত প্ৰায়ে গাঁৱৰ মানুহবোৰে যামিনী ভৌমিকৰ ঘৰলৈ আহিছিল আৰু প্ৰায়ে চোতালত আড্ডা মাৰি নাচ- গান কৰি সময় পাৰ কৰিছিল৷ গাঁৱখনত যামিনী ভৌমিকৰ পৰিয়ালটো একমাত্ৰ হিন্দু পৰিয়াল আছিল৷ কিন্তু যামিনী মোহনে সেই বিভীষাকাময় সময়বোৰৰ আগলৈ কেতিয়াও এই কথা অনুভৱ কৰা নাছিল৷ ঈদৰ সময়ত প্ৰায়ে গাঁৱৰ মানুহবোৰে মোনা ভৰাই মিঠাই লৈ যামিনীমোহনৰ ঘৰলৈ আহিছিল৷ গাঁৱখনত একমাত্ৰ হিন্দু পৰিয়াল বাবে হেনো ঈদৰ সময়ত যামিনীমোহনৰ ঘৰ ঈদৰ মিঠাই পোলাওৰে ভৰ্তি হৈ গৈছিল৷ যামিনীমোহনৰ নজন ল’ৰা ছোৱালী আছিল৷ বিনিতাৰ দেউতাক যামিনী মোহনৰ কনিষ্ঠ সন্তান আছিল৷ ১৯৪৭ চনৰ গ্ৰীষ্মকালত প্ৰথম সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল কলকাতা চহৰত৷ তাৰ ফলত নোৱাখালিতো আৰম্ভ হৈছিল সংঘৰ্ষ৷ ১০ অক্টোবৰলৈ সকলো থিকেই আছিল৷ সিদিনা সন্ধিয়াও ভৌমিকৰ চোতালত এখন ডাঙৰ মেল বহিছিল৷ কলিকতা, নোৱাখালিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষবোৰক সকলোৱে একে মুখে ধিক্কাৰ দিছিল৷ কিন্তু যামিনী মোহনে জনা নাছিল এই হিংসাৰ জুইয়ে এদিন তেওঁলোককো স্পৰ্শ কৰিবহি৷ সিদিনা ৰাতি কেইটামান কুকুৰে বৰ ভয় লগাকৈ ভুকি আছিল৷ যামিনীমোহনৰ পৰিয়ালক যেন এই কুকুৰ কেইটাই আহিবলগীয়া বিপদৰ যেন আগজাননীহে দিছিল৷ মুখত কাপোৰ বন্ধা থকা কেইজনমান আততায়ীয়ে হাতত খোলা তৰোৱাল লৈ আহি ‘আল্লাহু আকবৰ’ ধবনি দি যামিনী মোহনৰ চোতালত উপস্থিত হৈছিল৷ বিনিতাৰ পিতৃ বিম ভৌমিকৰ বয়স তেতিয়া ৬ বছৰ আছিল আৰু তেখেতৰ মাতৃয়ে বিম ভৌমিকৰ কাণত এটাই শব্দ কৈছিল ‘পলোৱা’৷ যামিনীমোহনৰ পৰিয়ালৰ আটাইকেইজন সদস্যই লগে ঘৰ এৰি পলাই আৰু এখন দূৰণিৰ হাবিৰ মাজত আশ্ৰয় লয়৷ দূৰণিৰ গাঁৱবোৰৰ পৰা মৰণ কাতৰ চিঞৰ ভাহি আহিছিল৷ কেইবাখনো হিন্দু গাঁৱত জুই লগাই দিয়া হৈছিল৷ সকলো আকৌ দৌৰিব ধৰিছিল৷ এইবাৰ এখন পথাৰত লুকাইছিল তেওঁলোকৰ গোটেই পৰিয়ালটো৷ তাতে ওচৰৰ গাঁৱৰ আৰু কেইবাটাও পৰিয়াল আছিল৷ সকলোৰে মনত ভয় আৰু শঙ্কা৷ সকলোৱে জানিছিল আততায়ীবোৰে তেওঁলোকক বিচাৰি আকৌ আহিব৷ এটা মাত্ৰ ভুলে তেওঁলোকৰ জীৱনলৈ অন্ধকাৰ নমাই আনিব পাৰে৷ তেওঁলোক পথাৰৰ মাজত আৱদ্ধ হৈ পৰিছিল৷ ৰাতিৰ আন্ধাৰত তেওঁলোকে ৰাস্তাবোৰো চিনি পোৱা নাছিল৷ ৪/৫ দিন তেওঁলোকে লুকাই ফুৰিছিল৷ কিন্তু যামিনী মোহনে বুজি উঠিছিল, এনেকৈ আৰু সদায় পলাই ফুৰা সম্ভৱ নহয়৷ মোজাফা মিৰ নামৰ এজন প্ৰভাৱশালী মুছলমান মানুহ তেওঁৰ বন্ধু আছিল৷ তেওঁ যামিনী মোহনৰ পৰিয়ালটো পলাই যাবলৈ এখন নাঁও যোগাৰ কৰি দিছিল৷ পদ্মা নদীৰ কোবাল সোঁতত নেউচা দি দুজনে নাৱ বাইছিল৷ নাৱৰীয়া দুজনৰ এজন ডাঙৰ মানুহ আছিল সেইজনে বঁঠা মাৰিছিল আৰু আনজন এজন সৰু ল’ৰা আছিল৷ সৰু ল’ৰাজনে নাৱৰীয়াজনৰ পুত্ৰ আছিল আৰু তেওঁ নাঁৱখনৰ পাল তৰাত সহায় কৰি দিছিল৷ যামিনী মোহনৰ ৯/১০ জনীয়া বিশাল পৰিয়ালটো সৰু নাৱখনত ইজনৰ ওপৰত সিজন উঠি নাৱখনৰ তলিত শুই আছিল গোটেই ৰাতি৷ নাৱৰীয়া জনে পাৰত কোনোবা মানুহ দেখিলে কেতিয়াবা নাওখন পাৰত লগাই দি শুৱাৰ ভাওঁ জুৰিছিল আৰু কেতিয়াবআ নাঁৱত কোনোবা হিন্দু পৰিয়াল এটা আছে বুলি মিছা কথা কৈ ভৌমিকহতৰ জীৱন ৰক্ষা কৰিছিল৷ মোজাফা মিৰৰ নাতি আব্দুল জাহিৰক বিনিতাই লগ পাইছিল৷ আব্দুল জাহিৰে বিনিতাক তেওঁলোকৰ পৰিয়ালৰ জীৱন ৰক্ষা কৰা সেই কম বয়সীয়া নাৱৰীয়াজন যিজনৰ বয়স এতিয়া আশী বছৰ মান হৈছিল তেওঁৰ লগত চিনাকি কৰি দিছিল৷ বিনিতাৰ চকু চলচলীয়া হৈ পৰিছিল আৰু বুড়া মানুহজনক সাৱতি ধৰিছিল আৰু সত্তৰ বছৰৰ আগতে ইমান সাহসিকতাৰে তেওঁলোকৰ পৰিয়ালটোৰ জীৱন ৰক্ষা কৰাৰ বাবে ধন্যবাদ জনায়৷ বিনিতাই মানুহজনক কৈছিল, “আপুনি মোৰ পৰিয়ালৰ সকলোকে জীৱন দান দিছিল৷ আপুনি সিদিনা সাহস নেদেখুৱা হ’লে হয়তো আজি ময়ো নাথাকিলোঁহেতেন আৰু হয়তো আমাৰ পৰিয়ালৰ কোনোৱে বাচি নাথাকিলহেঁতেন৷ আপোনাৰ এই ঋন আমি কেতিয়াও ঘূৰাই দিব নোৱাৰিম৷ ”
মান্দাৰি গ্ৰামৰ আঢ্যৱন্ত যামিনী মোহনৰ পৰিয়ালটো সিদিনা পদ্মা নদী নাঁৱত উঠাৰ লগে লগেই এটা সাধাৰণ শৰণাৰ্থী পৰিয়াল হৈ গৈছিল৷ তেওঁলোকে পাছদিনা বৰ্তমানৰ ভাৰত আৰু বাংলাদেশৰ সীমাত চৌমুহানী ট্ৰেইন ষ্টেছন পাইছিলগৈ৷ কিন্তু সেইদিনা কোনো যাত্ৰীবাহী ট্ৰেইন নথকাত এখন মালবাহী ট্ৰেইনৰ আন্ধাৰ ডবা এটাত সোমাই তেওঁলোকে ভাৰত বৰ্ষত প্ৰৱেশ কৰে৷ কিন্তু তেওঁলোকে সেইদিনা সেইখন ট্ৰেইনত নুঠি যাত্ৰীবাহী ট্ৰেইনলৈ অপেক্ষা কৰিলে হয়, তেওঁলোক আৰু কিজানি বাচি নাথাকিলহেতেন৷ কিয়নো সেইদিনাৰ পাছত চৌমুহানী ষ্টেছনলৈ অহা প্ৰায় সকলো ট্ৰেইনতে মুছলমান আততায়ী সকলে আক্ৰমণ কৰিছিল আৰু অকল সেইখিনি অঞ্চলতে প্ৰায় ৬০০০ জন হিন্দু মানুহক হত্যা কৰা হৈছিল৷
১৯৪৭ চনৰ আগভাগৰ কোনোবা এটা দিনত যামিনী মোহনৰ পৰিয়াল কলকাতাৰ ওচৰৰ চন্দনগৰ নামৰ সৰু চহৰ এখন পাইছিলহি৷ চহৰখনত ইতিমধ্যেই হাজাৰ হাজাৰ শৰণাৰ্থীৰে ভৰি আছিল৷ বেছিভাগৰে জীৱন ধাৰনৰ সাধাৰণ আহিলা অন্ন- বস্ত্ৰ- বাসস্থানৰ অভাৱ হৈছিল৷ যামিনীমোহনৰ পৰিয়ালটোৱে শৰণাৰ্থী হিচাপে এখন ডাঙৰ বিদ্যালয়ত আশ্ৰয় লয়৷ তাতে এটা কোঠাত তেওঁলোকৰ প্ৰায় দহজনীয়া পৰিয়ালটো আছিল৷ যামিনীমোহনে লগত প্ৰায় ৮০০০ টকা লৈ আহিছিল৷ গোটেই টকাখিনি সুৰক্ষিত কৰি ৰাখিবলৈ তেওঁ তাৰে ওচৰৰ বেঙ্ক এটাত থৈছিল৷ কিন্তু বিধিৰ কি বিপাক কেইদিনমান পাছত সেই বেঙ্কটোও বন্ধ হৈ গৈছিল৷ যামিনীমোহন অসহায় হৈ পৰিছিল৷ নিজৰ পৰিয়ালটোক ভৰণ-পোষণ দিবলৈ তেওঁ অসমৰ্থ হৈ গৈছিল৷ কেইবাদিনো তেওঁলোকে অনাহাৰে থাকিব লগীয়া হৈছিল৷ এদিন এজন ওচৰৰ ভদ্ৰলোকে আহি তেওঁলোকৰ দুৰৱস্থা দেখি দৈনিক এক কেজিকৈ চাউল দি যাবলৈ ধৰিছিল৷ এই কথাই যামিনীমোহনৰ অন্তৰত বহুত আঘাত দিছিল৷ কাৰণ মান্দাৰি গ্ৰামৰ আঢ্যৱন্ত জমিদাৰ যামিনীমোহন কেইমাহমানৰ ভিতৰতে পথৰ ভিক্ষাৰী হৈ পৰিছিল৷ ক্ৰমাত যামিনীমোহন অসুস্থ হৈ আহিল আৰু চিকিৎসাৰ অভাৱত এদিন মৃত্যুবৰণ কৰিছিল৷ যামিনীমোহনৰ নুমলীয়া পুত্ৰ বিম ভৌমিকক চিকিৎসা বিজ্ঞান পঢ়োৱাৰ যামিনীমোহনৰ অত্যন্ত ইচ্ছা আছিল আৰু সেইবাবে তেওঁলোকৰ আটাইকেইজনে কলকাতাত কাম কৰিবলৈ আৰম্ভ কৰিছিল যাতে তেওঁলোকৰ নুমলীয়া ভাতৃয়ে পঢ়াত কোনো অসুবিধা নাপায়৷ যামিনীমোহনৰ এইটো সপোন পূৰণ হৈছিল৷ কাৰণ বিম ভৌমিকে চিকিৎসা বিজ্ঞানত দোপত দোপে উন্নতি কৰিছিল আৰু সমগ্ৰ বিশ্বতে এজন আগশাৰীৰ চিকিৎসক হিচাপে পৰিচিত হৈছিল৷

তৃতীয় কাহিনীটো আছিল পাকিস্তানৰ লাহোৰৰ ওচৰৰ চাহিৱাল নামৰ এখন গাঁৱৰ চন্ত সিঙৰ পৰিয়ালৰ৷ বৰ্তমান ব্ৰিটেইন নিৱাসী ভাৰতীয় মূলৰ সাংবাদিক অনিতা ৰাণী চন্ত সিঙৰ নাতিনীয়েক আছিল৷ চন্ত সিঙ ব্ৰিটিছ আৰ্মীৰ জোৱান আছিল৷ অনিতা ৰাণীৰ আইতাকক বিয়া পতাৰ আগতে চন্ত সিঙৰ প্ৰীতম কৌৰ নামৰ আন এগৰাকী পত্নী আছিল৷ প্ৰীতম কৌৰ বিভাজনৰ সংঘৰ্ষৰ সময়তে এটা কুঁৱাত জাপ মাৰি আত্ম হত্যা কৰা বুলি জানিব পাৰিছিল৷ সেই সংঘৰ্ষতে চন্ত সিঙৰ শিশু ভাতৃ মহিন্দ্ৰ আৰু ৰাজবালকো হত্যা কৰা হৈছিল৷ চন্ত সিঙ সেইসময়ত দক্ষিণ ভাৰতত কৰ্মৰত আছিল৷ নিজৰ পৰিয়ালৰ সকলোৰে মৃত্যু হোৱাৰ খবৰ পোৱাৰ পাছত চন্ত সিঙ আৰু কেতিয়াও পাকিস্তানলৈ নগ’ল৷ চন্ত সিঙে নিজৰ জীৱন কালত তেওঁৰ বুকুৰ মাজত এনেকুৱা কিছুমান কৰুণ কাহিনী সাঁচি ৰাখিছিল, ঘৰৰ কোনো মানুহে গম পোৱা নাছিল৷ তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ বাকচত পোৱা ডায়েৰী এখনত লিখা থকা কিছুমান অস্পষ্ট কথা আৰু কিছুমান উৱলি যোৱা ফটোগ্ৰাফৰ পৰাহে কিছু কথাৰ ধাৰণা পোৱা নগ’ল৷ গতিকে তেওঁলোকৰ পৰিয়ালৰ পূৰ্ৱপুৰুষসকলৰ কাহিনী পুনৰুদ্ধাৰ কৰিবলৈ অনিতা ৰাণী আৰু তেওঁৰ মাতৃয়ে পাকিস্তানৰ লাহোৰলৈ যাত্ৰা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ স্বাধীনতাৰ আগলকৈ সমগ্ৰ লাহোৰ অঞ্চল কৃষি-বাণিজ্য- শিক্ষা আদি সকলো ক্ষেত্ৰতে সমগ্ৰ ভাৰতৰ ভিতৰতে আগৰণুৱা চহৰ আছিল৷ শিখ, মুছলমান, হিন্দু সকলোৱে অতি সমিলমিলেৰে বাস কৰিছিল৷ ভাৰতৰ স্বাধীনতা আন্দোলনতো এই লাহোৰৰ উল্লেখযোগ্য অৱদান আছিল৷ বিভাজনৰ অশান্ত সময়বোৰত ভাৰতৰ অন্যান্য চহৰবোৰৰ পৰা অপ্ৰীতিকৰ ঘটনাবোৰৰ খবৰবোৰ আহি আছিল৷ সমগ্ৰ লাহোৰ চহৰতে এটা চেপা উত্তেজনা এটাই বিৰাজ কৰিছিল যদিও লাহোৰ চহৰখন সামগ্ৰিক ভাৱে শান্ত হৈয়ে আছিল৷ কিন্তু এদিন ৰাতিপুৱা এজন লাহোৰ ষ্টেশ্যনৰ ওচৰত এজন শিখ যুৱকক কোনোবাই চুৰি মাৰি হত্যা কৰি পেলাই থৈ যায়৷ লগে লগে আন কোনোবা এঠাইত এজন মুছলমানক হত্যা কৰে, আকৌ এজন শিখক৷ এনেদৰেই গোটেই লাহোৰ চহৰতে সাম্প্ৰদায়িক সংঘৰ্ষ বিয়পি পৰে৷ লাহে লাহে এই জুই লাহোৰৰ ওচৰ পাজৰৰ অঞ্চলবোৰতো বিয়পি পৰে৷ এই জুয়ে চুইছিলেহি চন্ত সিঙৰ চাহিৱাল গাঁৱখনকো৷ অনিতা ৰাণিয়ে বিচাৰি উলিয়াইছিল লাহোৰৰ ওচৰৰ চাহিৱাল গাঁওখন৷ যোৱা ৭০ বছৰত গাঁৱখনৰ বৰ বিশেষ পৰিৱৰ্তন হোৱা নাছিল৷ কৃষি ক্ষেত্ৰত আগৰণুৱা গাঁৱখন এতিয়াও খেতিৰে চাৰিওফালে নদন- বদন হৈ আছে৷ বৃটিছসকলে প্ৰায় এক শতিকা আগতে স্থাপন কৰি যোৱা পানী যোগানৰ পকী কেনেল চিষ্টেমবোৰ এতিয়াও আছে৷ কিন্তুু এটাই পাৰ্থক্য তেওঁলোকে দেখিলে, আগতে গোটেই গাঁওখন শিখ মানুহৰে ভৰি আছিল৷ এতিয়া সকলো মানুহ মুছলমান৷ নিজৰ ককাকে শৈশৱ পাৰ কৰা গাঁৱখনৰ মানুহবোৰক অনিতাৰ অতিকৈ আপোন যেন লাগিছিল৷ অনিতাই ককাকৰ লগত একেলগে স্কুললৈ যোৱা এজন সহপাঠী নব্বৈ বছৰীয়া হাজী পীৰ হাকিম আলিক লগ পালে৷ হাকিম আলিয়ে ককাকৰ পুৰণি ঘৰটো দেখুৱালে অনিতাহঁতক৷ অনিতাই আজো ককাক আৰু আইতাক প্ৰীতম কৌৰৰ বিষয়ে কিবা জানে নেকি হাকিম আলিক সুধিছিল৷ কিন্তু কোনো নিৰ্দিষ্ট তথ্য নাপালে৷ সেই গাঁৱৰে চাক ৪৭ নামৰ এটা অন্য অঞ্চলত এজন বৃদ্ধ মানুহ লগ পালে, যিজন সেই হিংসাৰ সময়খিনিত গাঁওখনতে উপস্থিত আছিল৷ তেওঁ জনাইছিল ওচৰৰ কেইবাখনো গাঁৱৰ প্ৰায় ১৫০০ মান শিখ আৰু হিন্দু সম্প্ৰদায়ৰ মানুহ পলায় গৈ চাক ৪৭ অঞ্চলৰ এটা এজন প্ৰভাৱশালী শিখৰ এটা ডাঙৰ অট্টালিকাত থাকিবলৈ লৈছিল৷ তেওঁলোকৰ মহিলা আৰু শিশুসকলক ভিতৰৰ কোঠাত ৰাখিছিল আৰু ডেকাসকলে পাল পাতি গোটেই দিন আৰু ৰাতি পহৰা দিছিল৷ তেওঁলোকে গোটেই অট্টালিকাতো দুৰ্গলৈ পৰিৱৰ্তন কৰিছিল৷ ওচৰৰ গাঁওবোৰৰ মুছলমান মানুহবোৰে প্ৰায়ে আক্ৰমণ কৰিছিল৷ কেতিয়াবা শিখসকলৰ কোনোবা মৰে আৰু কেতিয়াবা মুছলমানসকলৰ৷ কিন্তু এদিন ৰাতি সেই অঞ্চলৰ প্ৰায় ৫০/৬০ খন গাঁৱৰ হাজাৰ হাজাৰ মানুহে একেলগে হাতে হাতে যাঠী, তৰোৱাল, কুঠাৰ লৈ আক্ৰমণ কৰে৷ সেইবাৰৰ আক্ৰমণ আৰু শিখসকলে প্ৰতিহত কৰিব নোৱাৰিলে৷ একে ৰাতি প্ৰায় হাজাৰজন শিখ পুৰুষক হত্যা কৰা হৈছিল৷ শিশুসকলকো ৰেহাই দিয়া হোৱা নাছিল৷ মহিলা আৰু ছোৱালীসকলক ওচৰৰ বেলেগ এখন গাঁৱলৈ লৈ গৈ বহু দিন ধৰি অত্যাচাৰ কৰি হত্যা কৰিছিল৷ অনিতাই বুজি উঠিছিল আইতাক প্ৰীতম কৌৰে চাগে কুঁৱাত জাপ দি মৃত্যুবৰণ কৰা নাছিল৷ কোনো অসুৰৰ হে কামনাৰ বলি হৈছিল৷ অনিতাই চলচলীয়া চকুৰে ধ্বংসাৱেশত পৰিণত হোৱা অট্টালিকাটোৰ চাৰিওফালে ঘূৰি ঘূৰি চাইছিল৷ এইটো অট্টালিকাৰ কোনোবা এটা কোণতে চাগে অনিতাৰ আজো ককাক আৰু তেওঁৰ পৰিয়ালৰ আটাইকে হত্যা কৰা হৈছিল৷
এই তিনিটা পৰিয়ালৰ লগত কি কি হৈছিল এয়া কেৱল মাত্ৰ হৃদয় বিদাৰক আৰু ভয়ানকেই নহয়, এয়া সমগ্ৰ মানৱ জাতিক লজ্জানত কৰিবলৈ চেষ্টা৷ এনে আৰু বহু লাখ লাখ পৰিয়াল আছে যি বোৰ পৰিয়ালৰ হয়তো এজন সদস্যও বাচি নাথাকিল৷ ইতিহাসৰ আন্ধাৰ গৰ্ভত সেইবোৰ কাহিনী কেতিয়াবাই হেৰাই গ’ল৷ স্বাধীনতা আৰু বিভাজনৰ ৭০ বছৰৰ পাছতো দুইখন দেশৰ মাজৰ শত্ৰুতাৰ এতিয়াও সমাপ্তি নঘটিল৷ বৰঞ্চ দিনে দিনে এই হিংসা আৰু বিদ্বেষ বাঢ়িহে গ’ল৷ দুইখন দেশ প্ৰযুক্তিগত দিশত যিমানেই আগুৱাই নাযাওক কিয়, এই একবিংশ শতিকাতো কিন্তু দুইখন দেশৰ এতিয়াও আধাতকৈ বেছি জনসংখ্যা দৰিদ্ৰতাৰ সীমা ৰেখাৰ তলত থাকে৷ দুইখন দেশৰ পৰস্পৰৰ মাজত অব্যাহত থকা হিংসা আৰু বিদ্বেষৰ ভাৱেই কিন্তু ইয়াৰ বাবে দায়ী৷ দুইখন দেশৰ জনসাধাৰণে এদিন একেলগে যুঁজি ব্ৰিটিছ সাম্ৰাজ্যবাদী শক্তিক উফোৰাই পেলাইছিল৷ এতিয়াও যদি দুইখন দেশে পৰস্পৰৰ মাজৰ বিদ্বেষ ভাৱ পৰিহাৰ কৰি বিকাশৰ এক লক্ষ্য আগত লৈ কাম কৰে, তেনেহ’লে বিশ্বৰ আগশাৰীৰ দেশসমূহৰ লগত একে শাৰীত থিয় হোৱাৰ ক্ষমতা আছে৷ কিন্তু পৰিতাপৰ কথা বৰ্তমান ৰাজনৈতিক পৰিপেক্ষিতত এয়া এক অলীক কল্পনাহে মাথো৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.