ভিন্নৰঙ ভিন্নছবি- অভিজিত মেধি

ভিন্নৰঙ ভিন্নছবি- অভিজিত মেধি

ভিন্নৰঙ ভিন্নছবি- অভিজিত মেধি

by October 19, 2017 0 comments

২০১১ চনৰ কথা৷ তেতিয়া জীৱিকাসূত্ৰে চেন্নাই চহৰৰ বাসিন্দা৷ সেই সময়ত বৰলা আছিলো আৰু ভাৰাঘৰত অকলে থাকিছিলো৷ মাজে-সময়ে মোৰ ঘৰত ৰাতি থকাকৈ দুই এজন বন্ধু আহি থাকিছিল, সঘনাই আহি থকা সকলৰ মাজৰ এজন আছিল সহকৰ্মী বিজয় নাগাৰাজন৷ একেটা বিভাগত প্ৰায় একে সময়তে চাকৰিত যোগদান কৰা বিজয় আৰু মই কম দিনৰ ভিতৰতে ভাল বন্ধু হৈ উঠিছিলো৷ বিজয় চেন্নাই চহৰৰ স্থানীয় বাসিন্দা, স্বভাৱত মোৰ সম্পূৰ্ণ বিপৰীত তামিল ল’ৰাজন স্বল্পভাষী, কিবা এটা ক’লেও ইমান সৰুকৈ কথা কয় যে শহা-কণীয়া নহ’লে সি কি কৈছে বুজাই দিগদাৰ৷ দিনটোত হাজাৰটা কামোৰ দিলেও মনে মনে থাকে, প্ৰতিক্ৰিয়াৰ নামত চুটি-চাপৰ ক’লা ল’ৰাজনৰ বগা বেৰীয়া দাঁতকেইটা জিলিকি উঠে মাজে মাজে৷ বিজয়ে সুন্দৰ ফটোগ্ৰাফী কৰিছিল, এতিয়াও কৰে৷ কেমেৰাটো লৈ সময়-অসময়ে দেশ-বিদেশ ঘূৰি ফুৰাটো বিজয়ৰ চখ৷

এবাৰ বিজয়ে অসম চোৱাৰ কথা উলিয়ালে, তাৰ হেনো অসমৰ মানুহবোৰ আচলতে কেনেকুৱা জানিবলৈ মন৷ সি শুনি অহা অসমৰ কথাৰ লগত মোৰ মুখে শুনা অসমখনৰ একো মিল নথকা বাবেও অসম আৰু অসমীয়াৰ প্ৰতি তাৰ কৌতূহল বাঢ়ি গৈছিল৷ অতদিনে অসম মানে পাহাৰ-জংঘলৰে ভৰপূৰ এটুকুৰা ঠাই য’ত বেছিভাগ লোকেই উগ্ৰবাদী ধৰণৰ বুলি ভাবি আহিছিল৷ বাহিৰৰ মানুহৰ কাৰণে অসম সুৰক্ষিত নহয় কাৰণেই বোলে সি পঢ়ি থকা কালত দেউতাকে এবাৰ তাক অসম ফুৰিবলৈ আহিব দিয়া নাছিল৷ অসমৰ বিষয়ে এনেকুৱা কথাবোৰ শুনিলে খং উঠে, উঠাটোৱেই স্বাভাৱিক৷ তাকো বিজয়ৰ দৰে পৰিভ্ৰমী প্ৰাণী এটাৰ মুখে এনেকুৱা কথা আশা কৰা নাছিলো৷ যা হওক, নিজে গ’লেহে গম পাবি বুলি মনে মনে থাকিলো৷ তাৰ হেঁপাহৰ বাবেই আমি ফ্লাইটৰ টিকেট কাটি এমাহ পাছত অসমত ভৰি দিছিলো৷

বছৰত এবাৰ বা দুবাৰহে অসমলৈ অহা হয়, গতিকে আহিলে অঙহী-বঙহীৰ ঘৰত, অন্ততঃ নিকটখিনিৰ ঘৰত এবাৰ দেখা দিয়াটো অলিখিত নিয়ম৷ প্ৰথম দিনাখন মাৰ হাতে হাজোৰ ঘৰত মাছে-মঙহে খাই জিৰাই পাছদিনা আবেলি পুৰণি মাৰুটি-৮০০ গাড়ীখন লৈ দুয়ো আলহী খাবলৈ ওলালোঁ৷ সম্পৰ্কীয় মামী এগৰাকীৰ ঘৰত লুচি-ভাজি, অমলেট খায় উঠাৰ পিছত মামীৰ জোৰ-জবৰদস্তিত পায়স এবাটিকৈও পেটত ভৰাই শুৱালকুচি পালোহি, মোৰ সৰুজনী বাইদেৱৰ ঘৰত৷ বহুদিনৰ মূৰত এবাৰ আহো, তাতে লগত বাহিৰৰ পৰা অহা আলহী, আদৰ-সাদৰৰ মাত্ৰা চৰিল৷ ৰাতি নাথাকো বুলি জনাত বাইদেৱে সন্ধিয়াৰ চাহকাপৰ লগতে লুচি-ভাজি, মুৰ্গীৰ মাংস, মিঠাই, পায়সেৰে আলহীক সোধ-পোচ কৰিলে৷ বিজয়েহে নাখায়, বাইদেৱেহে নেৰে, চাৰি বছৰীয়া ভাগিনটোৱেও নাখাও বুলিলে ধমক দিব খোজে৷ মুঠৰ ওপৰত ডাইনিং টেবুলত পহৰা দি গৃহস্থই সকলোবোৰ খাবলৈ বাধ্য কৰালে৷ খাই বৈ উঠি থিয় দিব খোজোতেই চকীতে চিটভোলোঙা খালো৷ উদৰস্থ খাদ্য-সম্ভাৰ কিছু পৰিমাণে পাচন নোহোৱালৈকে নিজ ভৰিত থিয় দিব নোৱাৰা অৱস্থা৷ উলটি আহি থাকোতে সন্ধিয়া আঠমান বাজিছিল৷ মাজবাটত মাৰ ফোন, বজাৰৰ পৰা মাছ আৰু অন্য সামগ্ৰী অলপ বজাৰ কৰি লৈ যাব লাগে৷ গাড়ীখন ৰাস্তাৰ কিনাৰত ৰখাই মাৰ পৰা ফোনত বজাৰৰ লিষ্টখন লৈ উঠি গাড়ী ষ্টাৰ্ট দিবলৈ লৈ দেখো বিজয় গাড়ীত নাই৷ ইপিনে সিপিনে চাই দেখো ৰাস্তাৰ দাঁতিত পেটত হেঁচা মাৰি ধৰি কুঁজা হৈ থিয় দি বেবেৰিবাং বকি আছে৷ মই বোলো জল্দি গাড়ীত উঠ, মাছৰ বজাৰত সোমাব আছে৷

: পাগল হ’লি নেকি? মই এতিয়া খোৱা বস্তু শুঙিলেই মৰি থাকিম৷ আলহীৰ ওপৰত এনেকুৱা অত্যাচাৰ- বাপৰে বাপ, জীৱনত দেখা নাছিলো৷
: খাইছ কেলেই গাহৰিৰ দৰে? মন নাথাকিলে খাব নালাগে৷

দোষটো তাৰ ওপৰতে মিহিকৈ জাপি দিয়াৰ অপচেষ্টা এটা কৰিছিলো, বিজয়ে একো নকৈ মোলৈ ঘোপা চাৱনি এটা দিলে৷ তাৰ দোষ নাই, অসমীয়া মানুহৰ মা, বাইদেউ, মামী, মাহী, খুড়ী, পেহী-এওঁলোকে মৰমতে খোৱা-বোৱাৰ ক্ষেত্ৰত অলপ-অচৰপ অত্যাচাৰ চলায়েই, সেইটো তেওঁলোকে অতদিনে মৌলিক অধিকাৰ বুলিয়েই ধৰি লৈ আহিছে৷ ’এই ডেকা বয়সত এইখিনি খাব নোৱাৰ’, ’জানো দে, সৰুতে ঘৰত চুৰি কৰি খাই মাৰাক কিমান হাৰাশাস্তি দিছিলি’, ’আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰত কেলেই খাবি?’, ’কমকৈ খাবলৈ কোন ছোৱালীয়ে কৈছে অ’ তোক?’- মুঠৰ ওপৰত খোৱা টেবুলত বহি যি দিছে নাখালে ইম’চনেল ব্লেকমেইলিংৰ পৰা ভাবুকি প্ৰদানলৈকে একো বাদ নপৰে৷ যা হওক, সিদিনা বিজয়ৰ অৱস্থাটো দেখি মাক বুজাই বঢ়াই ৰাতিৰ সাজ বাতিল কৰালো৷

ৰাতি কাষৰ বিছনাখনত শুবলৈ লোৱা বিজয়ক সুধিলো অসম কেনে লাগিছে বুলি৷ সি হেনো ভবাই নাছিল অসমীয়া মানুহবোৰ ইমান মৰমিয়াল বুলি, আদৰ-সাদৰৰ এনেকুৱা উষ্ণতা আগতে অনুভৱ কৰাই নাছিল৷ কথাৰ মাজতে সি সুধিছিল ইমান মৰমিয়াল মানুহবোৰৰ মাজৰ পৰা উগ্ৰবাদী, ডকা-হকা দি খোৱা মানুহ ওলোৱাটো কেনেকৈ সম্ভৱ বুলি৷ প্ৰশ্নটো মোৰ মনতো উদয় হয় কেতিয়াবা, পিচে কি উত্তৰ দিম ভাবি নাপালো৷ কিন্তু দাক্ষিণাত্যৰ অতিথিজনে অসমৰ এখন ভাল ছবি মনত লৈ যাব বুলি ভাবি ভাল লাগিল৷

ইয়াৰ পাছৰ দুটা দিন আমি ওচৰ-পাজৰৰ ঠাই চোৱাৰ লগতে আলহী খাই ফুৰিলো৷ ইতিমধ্যে বিজয়ৰ হাতত সাতখন গামোচা আৰু এটা চোলা উপহাৰ হিচাপে জমা হৈছে৷ সন্ধিয়া ফুলাম গামোচাৰ পেকেটবোৰ খুলি চাই হাঁহি এটা মাৰি বেগত ভৰাই থয়৷ আমি চেন্নাইলৈ উভতিবলৈ আৰু মাত্ৰ এটা দিন বাকী, সিদিনা আমি গুৱাহাটীৰ বাইদেউৰ ঘৰত দুপৰীয়াৰ সাজ খাই হাজোৰ ঘৰলৈ উলটি আহি আছিলো৷ চালকৰ ছিটত বিজয়, কাষৰ ছিটত মোৰ চিলমিল টোপনি৷ হাজোৰ ঘৰ পাবলৈ কিছু দূৰ থাকোতে এঠাইত হাতত ৰচিদ বহী লৈ থকা দুজনমান চেঙেলীয়া ডেকাই আমাৰ গাড়ীখন ৰখালে৷ বিজয়ে আইনাখন নমাই হিন্দীতে সুধিলে কি লাগে বুলি৷ গাড়ীৰ একেবাৰে কাষত আহি থিয় দিয়াজনে নাতিদূৰত ৰাস্তাৰ কিনাৰত কেৰম খেলি থকাকেইজনক উদ্দেশ্যি চিঞৰিলে,
: আব্বে বাহিৰৰ মাল বে৷
লগে লগে আৰু তিনিজনমান আহি আমাৰ গাড়ীৰ কাষ পালেহি৷
: য়াহা পে এক নামঘৰ বনাতা হে- থোড়া ড’নেচন ডো৷
মই কিবা এটা মাত মাতিবলৈ পোৱাৰ আগতেই বিজয়ে পঞ্চাশ টকীয়া এখন উলিয়াই দিলে৷ চেঙেলীয়াৰ লিডাৰজন জাঙুৰ খাই উঠিল৷
: মিনিমাম দুইছ টকা চাহিয়ে, এই চব চোটা নোটছে কাম নহী চলেগা৷
ইমানতে মই মাত দিলো৷
: ঐ, আমি ইয়াৰে মানুহ৷ যি দিছো তাকে ল, দাবী কেলেই কৰিব লাগে? আৰু তহঁতে দেখোন ঘৰে ঘৰেও পইচা আনিব যাৱ৷

মেট্ৰিক দিয়াৰ পিছৰ পৰা হাজোত নথকা বাবে স্থানীয় চেঙেলীয়াখিনিয়ে মোক চিনি নাপায়৷ মই লোকেল বুলি কৰা দাবীটোত সিহঁত পতিয়ন নগ’ল৷ দুশ টকা লাগিবই মুঠতে, নাচোৰবান্দা৷ খং উঠি গ’ল, লাগে যদি ল নালাগে যদি নল’বি বুলি ভোকাহি মাৰি উঠিলো৷ বিজয়ক গাড়ী ষ্টাৰ্ট দিব কোৱাত সি চাবি পকাই গাড়ীৰ আইনা ওপৰলৈ উঠালে৷ চেঙেলীয়াৰ লিডাৰে ভঙা হিন্দীতে আমাক অশ্লীল গালি-গালাজ দিয়াত লাগিল৷ নামি গৈ চৰ দুটামান সোধাব মন গৈছিল, কিন্তু সেইয়া মূৰ্খামিত বাদে অন্য একো নহ’লহেঁতেন৷ গাড়ীখন চলিবলৈ ধৰাৰ লগে লগে আইনাত এটা ধকা, পিছৰ বাম্পাৰত দুটা গোৰ পৰিল৷ লগতে ’বাহিৰৰ মানুহ হৈ ইয়াত দাদাগিৰি নকৰিবি’, ’এইপিনেৰে আকৌ আহিলে দুটুকুৰা কৰিম’ জাতীয় বাক্যত বিখ্যাত অসমীয়া গালি দুটামান মিহলাই আমালৈ নিক্ষেপ কৰা হ’ল৷

যোৱা দুটা দিনত অসমীয়া মানুহৰ ওপৰত বিজয়ে সাজি লোৱা ছবিখনক লৈ গৰ্ববোধত যি বেলুন ফুলা দি ফুলি আছিলো তাত এই ঘটনাটোৱে দাঙি ধৰা ছবিখনে বেজী হৈ খোঁচ এটা মাৰিলে৷ সিদিনা ৰাতি শুবৰ সময়ত বিজয়ে সুধিছিল,
: এই ৰাস্তাৰ কিনাৰত কেৰম খেলি থকা ল’ৰাবোৰ ডকাইত নেকি?
: নহয়, বেছিভাগ ভালেই, দুই এজন বেয়া মানুহ তাৰ মাজতে সকলো জেগাতে থাকেই, কি কৰিবি!
: কিন্তু য’তে দেখো ডেকা ল’ৰাবোৰে দিনৰ দিনটো ৰাস্তাৰ কিনাৰত কেৰম কিয় খেলি থাকে?

ডেকাই হওক বা বুঢ়াই হওক, তামিলসকলৰ বাটে-ঘাটে অলাগতিয়ালভাৱে আড্ডা পিটি সময় অপব্যয় কৰা স্বভাৱ নাই৷ গতিকে ঠায়ে ঠায়ে কেৰম খেলি থকা দৃশ্যটো বিজয়ৰ বাবে আচহুৱা হোৱাটো স্বাভাৱিক৷ কিয় কেৰম খেলি থাকে প্ৰশ্নটোৰ উত্তৰ বিজয়ক দিব পৰা নাছিলো৷ এটা সময়ত মই নিজেও ৰাস্তাৰ কিনাৰত কেৰম খেলি সময় কটাইছিলো৷ খুব সম্ভৱ তৎ নাইকিয়া হৈ দৌৰা সময়ৰ সোঁতত আলস্যপৰায়ণ প্ৰৱণতাক ইন্ধন যোগোৱাৰ ই এক সুন্দৰ আয়োজন৷ সিদিনা বিজয়ে সোধা ’ইমান মৰমিয়াল মানুহবোৰৰ মাজৰ পৰা উগ্ৰবাদী, ডকা-হকা দি খোৱা মানুহ ওলোৱাটো কেনেকৈ সম্ভৱ?’ প্ৰশ্নটোৰ উত্তৰ কিজানি ইয়াতেই আছিল৷ পঢ়া-শুনা, কাম-কাজ, পৰিশ্ৰমৰ কঠিন বাট এৰি সহজে এলাহক গুৰুত্ব দি সময় পাৰ কৰা মানুহখিনিৰো একো একোটা পেট থাকে, পেটৰ সমস্যাটোৰ সহজ আৰু বিলাসী সমাধান বিচাৰি থকা মানুহখিনিৰ মাজৰ পৰাই ডকা-হকা দি, নতুবা ঠগি খোৱা, চান্দা দাবী কৰি খোৱা, সংগঠন খুলি খোৱা, ৰাজনীতি কৰি খোৱা মানুহৰ উৎপত্তি হয়৷

পিচে অন্য এটা প্ৰশ্ন মনত থাকিয়েই গ’ল – এলাহক প্ৰাধান্য দিয়া মানুহ আমাৰ মাজতেই কিয় ইমান বেছি?

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.