মোহিনী বালা ৰাভাৰ সান্নিধ্যত- দেৱব্ৰত বৰা

মোহিনী বালা ৰাভাৰ সান্নিধ্যত- দেৱব্ৰত বৰা

মোহিনী বালা ৰাভাৰ সান্নিধ্যত- দেৱব্ৰত বৰা

by October 19, 2017 0 comments

তেজপুৰত বিষ্ণু ৰাভাৰ ঘৰ আছে৷ সেই ঘৰতে বিষ্ণু ৰাভাৰ পত্নী মোহিনী ৰাভা থাকে৷ এই কথাটো সৰুৰে পৰাই শুনি আছিলো৷ কিন্তু কিবা অজান কাৰণত দৰং কলেজত পঢ়া তিনি বছৰত সেই ঘৰটো এবাৰো চোৱা নহ’ল আৰু মোহিনী ৰাভাকো এবাৰো দেখা নাপালো৷ ঘৰটো চোৱাৰ হেঁপাহটো অৱঘশ্যে মনত সদায়ে আছিল৷ কলেজৰ পঢ়া শুনা সাং কৰাৰ পিছতো মই তেজপুৰতে থাকি গ’লো সৰু সুৰা কাম কৰি৷ সেই সময়তে ভাৰতীয় গণনাট্য সংঘৰ সৈতে জড়িত হৈ পৰো৷ মই সেই সময়ত মাজগা‌ঁওৰ ভাৰাঘৰ এটাত আছিলো৷ পিছে ঘটনাক্ৰমে এদিন মাজগাঁ‌ওৰ ঘৰৰ লাম লাকটু টালি টোপোলা বান্ধি মোহিনী বাইদেউৰ ভাৰাঘৰলৈ ঢাপলি মেলিলো৷ ইয়াৰ পাছত প্ৰায় দুটামান বছৰ মই মোহিনী বাইদেউৰ ভাৰাঘৰত কটাইছিলো৷ কুৰিটা বছৰত লুইতৰ বুকু‌ৱেদি বহু পানী বাগৰি গ’ল৷ বহু কথাই বিস্মৃতিৰ অটল তলিত হেৰাল৷ তথাপি মোহিনী বাইদেউৰ বিষয়ে লিখিবলৈ অনুৰোধ কৰাৰ বাবে অকণমান লিখাৰ চেষ্টা কৰিছো৷ ইয়াৰ পৰা পাঠকে যেন বহুত কিবা পাবলৈ চেষ্টা নকৰে৷

এটা সময়ত অসমত বামপন্থীসকল বেচ সক্ৰিয় আছিল৷ আৰ চি পি আইৰ দ্বাৰা এক গণ আন্দোলন কৰাৰ প্ৰচেষ্টা চলিছিল৷ সেই আন্দোলনত বিষ্ণু ৰাভাই সক্ৰিয় ভা‌ৱে অংশগ্ৰহণ কৰিছিল৷ তাৰে মহিলা সংগঠনটোৰ এগৰাকী কৰ্মী আছিল মোহিনী ৰাভা৷ মোহিনী ৰাভাৰ সৌন্দৰ্য্য আৰু তেওঁৰ কৰ্মনিষ্ঠাৰ প্ৰতি বিষ্ণু ৰাভা আকৰ্ষিত হৈছিল৷ সেই আন্দোলনৰ মাজেৰেই মোহিনী ৰাভা আৰু বিষ্ণু ৰাভাৰ প্ৰেম হৈছিল৷ পৰিণতিত বিবাহ৷ বহু বিবাহ আৰু সুৰাপানৰ তীব্ৰ বিৰোধী মোহিনী ৰাভা কেনেকৈ যে সুৰাসক্ত আৰু বিবাহিত বিষ্ণু ৰাভাৰ প্ৰতি আকৃষ্ট হৈছিল সেয়া এক আচৰিত লাগিব লগা ঘটনা৷
মোহিনী বাইদেউৰ আচল নাম আছিল মোহিনী বালা বসুমতাৰী৷ বিবাহ সূত্ৰে তেওঁৰ নাম হ’লগৈ মোহিনী বালা ৰাভা৷ চমুকৈ মোহিনী ৰাভা৷ পিছে সকলোৰে বাবে তেওঁ আছিল মোহিনী বাইদেউ৷ বৃদ্ধ জনৰ পৰা ছাত্ৰ জনলৈকে সকলোৰে বাবে তেওঁৰ এটাই পৰিচয় আছিল, সেয়া হ’ল ‘মোহিনী বাইদেউ৷’

শুধ বগা কাপোৰ আৰু কান্ধত এটা শুধ বগা মোনাৰে বহু দূৰৈৰ পৰাই জিলিকি থকা বাইদেউৰ স্বাস্থ্য খুব সুন্দৰ আছিল৷ তীব্ৰ চা‌ৱনি আৰু স্পষ্ট কণ্ঠস্বৰৰে তেওঁ সহজেই সকলোকে আকৰ্ষণ কৰিব পাৰিছিল৷ মই লগ পোৱাৰ সময়ত তেওঁ অৰ্ধশতিকা অতিক্ৰম কৰিছিল যদিও গাভৰু ছোৱালীৰ দৰেই কাম কৰিব পাৰিছিল৷ খোজ কাটল খৰ আছিল৷ তেওঁৰ সৈতে ডেকা মানুহেও খোজ মিলাবলৈ অসুবিধা পাইছিল৷ নিজৰ কাপোৰ নিজেই ধুইছিল, মজিয়া মছিছিল, ভাত ৰান্ধিছিল৷ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ এক মূৰ্তিমান প্ৰতীক আছিল বাইদেউ৷ যিমান দিন লগ পালো, ঘৰতেই হওক বা পৰতেই হওক, কোনো দিনেই লেতেৰা সাজত দেখা নাপালো৷ বিভিন্ন সভা সমিতিৰ সৈতে ব্যস্ত মানুহ গৰাকীয়ে ঘূৰি পকি আহি ঘৰ পায়ে কাপোৰ তিয়াই দিছিল৷ আনকি মোনাটোও ধুইছিল৷ পু‌ৱা নিয়মিত ভাবে আসন কৰিছিল৷

আমি বাইদেউৰ সৈতে সুবিধা পালেই বিষ্ণু ৰাভাৰ বিষয়ে কথা পাতিছিলো৷ আৰ চি পি আইৰ আন্দোলনৰ সময়ৰ কথা ক’লে বাইদেউৰ মুখখন উজলি উঠিছিল৷ চৰকাৰৰ তীব্ৰ বাধাৰ বাবে এই আন্দোলন খুব সোনকালেই স্তিমিত হৈ পৰিছিল যদিও, সেই আন্দোলনৰ সময়ত বাইদেউহঁতে দেখা “স্বাধীন চিতিয়া হালো‌ৱা ডেকা ৰণু‌ৱা”ৰ সপোনটো বাইদেউৰ চকুত দেখা পাইছিলো৷ সেই সময়ত বিষ্ণু ৰাভাই লিখা উদ্দাত্ত গানবোৰো বাইদে‌ৱে মনত পেলাইছিল৷

ৰাভাদেউৰ ল’ৰালিৰ বন্ধু ফণী শৰ্মা দে‌ৱে বিভিন্ন বুধি কৰি ৰাভাদেউক ঘৰৰ পৰা উলিয়াই লৈ গৈছিল৷ দুই বন্ধু‌ৱে থিয়েটাৰ কৰাৰ পৰিকল্পনা কৰিছিল৷ সেয়া কে‌ৱল নাটকৰ প্ৰতি টানৰ বাবে নহয়৷ আৰ্থিক অভা‌ৱত জুৰুলা দুই বন্ধু‌ৱে থিয়েটাৰ কৰি দুপইচা উপাৰ্জন কৰাৰ চেষ্টা কৰিছিল৷ দুপইচা যে উপাৰ্জন নহৈছিল এনে নহয়৷ কিন্তুু দুই ধোঁ‌ৱাখুলিয়া বন্ধু‌ৱে সুবিধা পালেই সুৰাপান কৰিছিল৷ উপাৰ্জনৰ একাংশ তেনেদৰে খৰচ কৰাৰ উপৰিও স্বাস্থও পৰি আহিছিল৷

বিষ্ণু ৰাভাৰ মৃত্যুৰ পাছত এটা সময়ৰ বাইদেউ সাংঘাতিক অৰ্থাভা‌ৱ ঘটিছিল৷ আচৰিত লাগে সেই গৰাকী মহিয়সী নাৰীয়ে ৰাষ্টাত শিল ভাঙি তিনিটা সন্তানক ডাঙৰ কৰিছিল৷ মন কৰিব লগা কথা সেই তিনিটা সন্তানৰ এটাৰহে তেওঁ মাতৃ আছিল৷ পিছলৈ যেতিয়া বিষ্ণু ৰাভাৰ বিধায়কৰ পেঞ্চনটো পাবলৈ লয়, তেতিয়াৰ পৰা তেওঁ কিছু আৰ্থিক সকাহ লাভ কৰে৷

নিজকে নোযোৰা সামান্য এটা পেঞ্চন লাভ কৰা বাইদেউৰ মহানুভ‌ৱতা প্ৰকাশ পায় গা‌ৱৰ পৰা দুখীয়া ছাত্ৰ-ছাত্ৰী আনি ঘৰত ৰাখি পঢ়ো‌ৱা কথাটো‌ৱে৷ চিদেন, চাইক, ফাঞ্চে হঁতে বাইদেউৰ ছত্ৰছাঁয়াত থাকি তেজপুৰত পঢ়িছিল৷

নেতা আৰু তথাকথিত ডাঙৰ মানুহৰ প্ৰতি বাইদেউৰ বিৰাগ আছিল৷ জ্যোতিপ্ৰসাদ আগৰ‌ৱালাৰ বাহিৰে একালৰ অসমীয়া সংস্কৃতিৰ দ্বিগগজ প্ৰায় সকলোকে তেখেতে লগ পাইছিল৷ কিন্তুু প্ৰায় সকলোৰে প্ৰতিয়ে বাইদেউৰ শ্ৰদ্ধা নাছিল৷ বিভিন্ন সময়ত বিভিন্নধৰণেৰে মানুহবোৰে বাইদেউক ঠগিছিল৷ ৰাভাদে‌ৱৰ মৃত্যুৰ পাছত অনেকেই ৰাভাদে‌ৱৰ বিষয়ে জানিবৰ বাবে বাইদেউৰ কাষ চাপিছিল৷ কেইবাজনেও ৰাভাদে‌ৱৰ ৰচনা, ছবি, তেওঁ কণ্ঠদান কৰা ৰেকৰ্ড আদি নি বাইদেউক ঘূৰাই দিয়া নাছিল৷ পিছলৈ বাইদে‌ৱে ৰাভাদে‌ৱৰ সামগ্ৰীবোৰ কাকো চুবলৈকো নিদিয়া হৈ পৰিছিল৷ সেই লেখাবোৰ যথা সময়ত প্ৰকাশ কৰা হ’লে বিষ্ণু ৰাভা ৰচনা‌ৱলীৰ কলে‌ৱৰ আৰু অলপ বাঢ়িল হেতেন৷

যদিও তেওঁৰ ভাৰাঘৰত থাকি যথেষ্ট উৎপাত কৰিছিলো, তথাপি বাইদেউৰ মোৰ প্ৰতি এক সুকীয়া টান আছিল৷ তেখেত এগৰাকী বিজ্ঞান মনস্ক নাৰী আছিল৷ বিজ্ঞানৰ বিভিন্ন কথা সুধি মোক মাজে মাজে বিপাঙত পেলাইছিল৷ বাইদেউ নিৰামিষ ভোজী আছিল৷ সেয়ে তেওঁ কোনো আমিষ আহাৰ তৈয়াৰো নকৰিছিল৷ ১৯৯৭ চন মানত মই প্ৰথম বাৰৰ বাবে তেজপুৰৰ কণকলতা অসামৰিক চিকিৎসালয়ত ৰক্তদান কৰিছিলো৷ সেই দিনা ঘৰলৈ গৈ দেখিছিলো বাইদে‌ৱে মোৰ বাবে দুটা কণী সিজাই থৈছে৷ মই ৰক্তদান কৰাৰ কথা তেখেতে গম পাইছিল৷ সেয়ে নিজে নিৰামিষভোজী হৈয়ো মোৰ বাবে কণী সিজাই ৰাখিছিল যাতে মই দূৰ্বল হৈ নপৰো৷
বাইদে‌ৱে হোটেল ৰেষ্টুৰেণ্টত নাখাইছিল৷ এবাৰ গু‌ৱাহাটীৰ কোনো এক অনুষ্ঠানৰ বাবে বাইদেউ আহোতে তেখেতৰ ভোক লগাত মই এখন ৰেষ্টুৰেণ্টলৈ লৈ গৈ তেওঁক ফ্ৰাইড ৰাইচ খু‌ৱাইছিলো৷ ক’তো ভাতৰ যোগাৰ নথকাৰ কথা বাইদেউক বুজাই দিয়াত তেওঁ নিঃসংকোচে ফ্ৰাইড ৰাইচ খাইছিল৷ পৰিবেশ পৰিস্থিতিৰ সৈতে মিলাই চলিব পৰা গুণ বাইদেউৰ গাত বাৰুকৈয়ে আছিল৷
বাইদেউ এগৰাকী নিপুন ৰান্ধনী আছিল৷ তেওঁ তৈয়াৰ কৰা দাইল, কেটলি পিঠা আৰু আচাৰ যি খাবলৈ পাইছে, তেওঁ নিজকে পৰম সৌভাগ্য‌ৱান বুলি মানিবই লাগিব৷ বিশেষকৈ কেটলি পিঠা অত্যন্ত সো‌ৱাদযুক্ত আছিল৷ এটা খালেই পেট ভৰি যো‌ৱা একোটা ডাঙৰ ডাঙৰ পিঠা৷

নিজকে কছাৰী মানুহ বুলি পৰিচয় দি ভালপো‌ৱা বাইদে‌ৱে মোক বাইদে‌ৱে প্ৰায়ে কৈছিল “তুমি দেখিবলৈ কছাৰী মানুহৰ নিচিনা৷ কছাৰী মানুহৰ ঘৰত এসাজ খাবলৈ পাবা৷ “ অসমৰ পিছপৰা জনজাতি মানুহখিনিৰ প্ৰতি তেওঁৰ অন্তৰৰ টান আছিল৷ এসময়ত নিজে জপিয়াই পৰা আন্দোলনৰ পৰিণতি শুভ নহ’ল যদিও পিছপৰা সকলৰ উন্নতিৰ সপোন এটাই তেওঁক অহৰহ খেদি ফুৰিছিল৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ভাৰতীয় গণনাট্য সংঘৰ কামত জী‌ৱনৰ শেষ সময়লৈকে ঘূৰি ফুৰি বাইদে‌ৱে আমাক বুজাই গৈছে যে সংগ্ৰামৰ পৰা পলালে নহ’ব, সংগ্ৰাম জীয়াই ৰাখিলেহে সপোনো এদিন ফলিয়াব৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.