সমান্তৰাল- অমিতাভ মহন্ত

সমান্তৰাল- অমিতাভ মহন্ত

সমান্তৰাল- অমিতাভ মহন্ত

by October 19, 2017 0 comments

গোটেই কথাখিনি মন দি শুনিলে সমুদ্ৰই৷ সমুদ্ৰগুপ্ত দত্ত গুৱাহাটীৰ এজন নামজলা মনোবিজ্ঞানী৷ টেবুলৰ সিপাৰে বহি গোটেই কথাখিনি কৈ কান্দোনত ভাঙি পৰিছে বাসৱী৷ তাইৰ সৈতে একেলগে বহি থকা অতনু তাইৰ তুলনাত অনেক শান্ত, নিৰুত্তাপ৷ কিন্তু মন কৰিলেই বুজা যায়, অত্যন্ত মনোযোগেৰে গোটেইখিনি কথা শুনি আছে অতনুৱে৷ কিছুসময়ৰ নীৰৱতাৰ অন্তত সমুদ্ৰই কথা আৰম্ভ কৰিলে৷
– চাওঁক মেডাম, মই ইয়াত চিন্তাৰ বৰ বিশেষ কাৰণ দেখা নাই৷ চাইক’লজীত, ইন ফেক্ট চাইল্ড চাইক’লজীত এইটো নতুন কথা নহয়৷ বিশেষকৈ আজিৰ যুগত৷ আপোনালোকৰ উদাহৰণেই দিছো, দুয়োজনে চাকৰি কৰে৷ সন্তানৰ ভৱিষ্যতৰ চিন্তা কৰিয়েই দিন ৰাতি একাকাৰ কৰি টাৰগেট, প্ৰমোচনৰ পিছত দৌৰিছে৷ ল’ৰাটো হয়তো কামকৰা ছোৱালী এজনীৰ লগতেই ডাঙৰ হ’ব ধৰিছে৷ সময় কটাবলৈ, খেলিবলৈ তাৰ হয়তো কোনো বিশেষ লগ বন্ধু নাই৷ তাতে এইবাৰ আপোনালোকে তাক নতুন স্কুলত দিলে৷ এনে সময়ত শিশুবোৰ একাকীত্বত ভোগে৷ আৰু সেই একাকীত্বই জন্ম দিয়ে এনে কাল্পনিক চৰিত্ৰৰ৷ সিহঁতে বিশ্বাস কৰিবলৈ ধৰে যে এই চৰিত্ৰবোৰৰ বাস্তৱ অস্তিত্ব আছে, এই চৰিত্ৰবোৰৰ সৈতে কথা পাতিবলৈ লয়, বন্ধুত্ব গঢ় লৈ উঠে৷

সমুদ্ৰই কথাখিনি কৈ উঠি বাসৱীলৈ চালে৷ বাসৱীয়ে যেন সমুদ্ৰৰ কথা শেষ হোৱালৈহে ৰৈ আছিল৷
– ইজ ইট এ চাইক’লজিকেল ডিচঅৰ্ডাৰ ডাক্তৰ? মানে অঙ্গদৰ কোনো মেডিকেল ট্ৰিটমেণ্ট…
– না না, একদম না৷ এয়া কোনো মানসিক সমস্যা নহয়৷ এইটো এটা ফেইজ বুলি ধৰক৷ এটা বয়সৰ পিছত অঙ্গদে নিজেই বুজিব এয়া ইমাজিনেৰী ফ্ৰেইণ্ড, বাস্তৱত তাৰ কোনো অস্তিত্বই নাই৷ নতুন স্কুল, লাহে লাহে বন্ধু বান্ধৱ বাঢ়িব, বাস্তৱ জগতত পৰিপক্ব হ’ব… সি নিজেই ঠিক হৈ যাব৷ আপুনি একদম চিন্তা নকৰিব৷ বহুত প্ৰাপ্তবয়স্ক মানুহৰো এনেকুৱা ইমাজিনেৰী ফ্ৰেইণ্ড থাকে৷ তেতিয়া অৱশ্যে কিছুক্ষেত্ৰত ট্ৰিটমেণ্ট, কাউন্সেলিং আদিৰ দৰকাৰ হ’ব পাৰে৷ অঙ্গদৰ ক্ষেত্ৰত আপোনালোকে চিন্তা নকৰিব৷ ইমান ভয় কৰিবলগীয়া একো নাই৷ মোৰ নিজৰ ছোৱালীজনীৰ বয়স চাৰি বছৰ৷ তাই পুতলাবোৰৰ নাম দি লৈছে, সিহঁতৰ সৈতে কথা পাতে৷ সিহঁতেও হেনো তাইৰ সৈতে কথা পাতে৷ অঙ্গদৰো তেনেকুৱাই হৈছে৷ অৱশ্যে অঙ্গদৰ ক্ষেত্ৰত কথাখিনি অলপ বেলেগ৷ তাৰ বন্ধুৰ কোনো বাহ্যিক ৰূপ নাই, সম্পূৰ্ণ কল্পনাশক্তিৰে সি এটা কাল্পনিক চৰিত্ৰৰ সৈতে বন্ধু হৈ পৰিছে৷

অলপ ইতঃস্তত ভাবে বাসৱীয়ে সুধিলে,
– কিন্তু ডাক্তৰ ক’লা মেকুৰী?
– হ’ব পাৰে৷ ক’লা মেকুৰী মানে কিবা অদ্ভুত বুলি কিয় ভাবি লৈছে? অমংগলীয়া আদি কথা আমি নিজে ভাবি লোৱা৷ বাৰু মেকুৰীটোৰ কথা আৰু অলপ কওঁকচোন, ডিটেইলচত৷
– এটা সৰু, ক’লা মেকুৰী৷ তাৰ চকুদুটা বেলেগ বেলেগ ৰঙৰ৷ এটা হালধীয়া, এটা নীলা৷ অঙ্গদে ইমান ধুনীয়াকৈ বৰ্ণনা দিয়ে যে প্ৰথমতে আমি সঁচাকৈ মেকুৰীটো আছে বুলিয়েই ভাবিছিলোঁ৷ কিন্তু তেনে কোনো মেকুৰী আমি ক’তো নেদেখিলোৱেই৷ প্ৰথমে ময়ো সেয়া তাৰ কল্পনা বুলি ধৰি লৈছিলোঁ৷ কিন্তু আজিকালি অঙ্গদে তাৰ কথা লৈয়েই দিনটো ব্যস্ত৷ মেকুৰীটোক গা ধুৱাই দিয়া, মেকুৰীটোৰ সৈতে খেলা, হেৰালে তাক বিছাৰি যোৱা…… এইবোৰ জানো স্বাভাৱিক ডাক্তৰ?

– মই আপোনাক আগতেই ক’লো, স্বাভাৱিক যেন নালাগিলেওঁ শিশুমনত এনে ভাবে দোলা দিয়াটো বহুত ডাঙৰ কথা নহয়৷ তথাপি আমি অঙ্গদক অৱজাৰ্ভ কৰিম৷ অঙ্গদ ভাল হ’ব, আপুনি নিশ্চিন্ত থাকক৷

ইমানপৰে মনে মনে থকা অতনুৱে এইবাৰ মুখ মেলিলে,
– তেন্তে ডাক্তৰ, চিন্তাৰ ইমান কাৰণ নাই?
– নাই৷ কিন্তু আপোনালোকে তাক মেকুৰীটো যে মিছা কিবা এটা সেয়া এতিয়াই ক’বলৈ নাযাব৷ যেনেকৈ চলিছে চলিবলৈ দিয়ক৷  জোৰ কৰি বুজাবলৈ গ’লে হিতে বিপৰীত হ’ব৷ তাক সময় দিয়ক৷ বুজি পাওঁ, আপোনালোক দুয়ো ব্যস্ত তথাপি কৈছো৷ অঙ্গদহঁতৰ বয়সৰ শিশুৰ এয়াই বুদ্ধি, স্মৃতি বিকাশৰ সময়৷ এই সময়খিনিত একাকীত্বই ভৱিষ্যতলৈ সমস্যা সৃষ্টি কৰিব পাৰে৷
##
– মা!
– উমম, কোৱা৷
– টুকটুক আকৌ কৰবাত হেৰাই গ’ল মা৷
কাইলৈ অফিচত প্ৰেজেণ্টেচন আছে৷ লেপটপৰ পৰ্দাৰ পৰা মুৰ তুলি বাসৱীয়ে অঙ্গদলৈ চালে৷ মোলান পৰা মুখখনেৰে অঙ্গদে মাকলৈ চাই আছে৷ এই মুখখন বাসৱীৰ চিনাকি, অথচ তাইৰ সামৰ্থ্য নাই অঙ্গদক বুজোৱাৰ, এয়াযে সঁচা নহয়৷ অঙ্গদৰ কল্পনা মাত্ৰ৷
– টুকটুক ইয়াতেই লুকাই আছে মা৷ বলানা বিচাৰো৷
“অলপ ৰৈ দিয়াচোন, সি নিজেই আহিব“- ক’ব খুজিও ৰৈ গ’ল বাসৱী৷ সময় দিব লাগিব অঙ্গদক- সময়! পাৱাৰপইণ্ট প্ৰেজেণ্টেচনখনে মুখ মেলি ৰৈ থাকিল…

– ব’লা বিচাৰো৷
অঙ্গদে বাসৱীক পুৰণা ঘৰটোলৈ টানি আনিলে৷ বিল্ডিঙটো সজাৰ পিছত এই ঘৰটো এতিয়া এনেই পৰি আছে৷
– মা, টুকটুক ইয়াতে লুকাই থাকে জানা৷ তুমি এবাৰ বিচাৰি চোৱানা৷
– কিয়? তুমি নোচোৱা কিয়?
– আন্ধাৰ যে! মোৰ ভয় লাগে৷
– ব’লা আজি দুয়ো বিচাৰিম!
বাসৱীয়ে লাহেকৈ দুৱাৰখন খুলিলে৷ অন্ধকাৰ, অদ্ভুত গোন্ধৰ সংমিশ্ৰণ এটাই খেলি গ’ল৷ চুইচবোৰ্ডখন খেপিয়াবলৈ লওঁতেই চমকি উঠিল বাসৱী৷
পুৰণি আলমাৰীটোৰ ওপৰত দুটা উজ্জ্বল কিবা৷ এটা হালধীয়া, এটা নীলা!
বাল্বটো জ্বলাই দিয়াৰ লগে লগে একো নাই৷ একোৱেই নাই৷
– মা ব’লা টুকটুক ইযাত নাই৷
কি বা! এক অস্বস্তি!
##
– ডাক্তৰ সমুদ্ৰ, অতনুৱে কৈছিলোঁ৷
– হয় হয়, কওঁক৷
– আপুনি সঁচাকৈ কি ভাবে কওঁকচোন৷ বৰ অশান্তিত ভুগিছো মই৷
– অতনু ডাঙৰীয়া, মই আপোনাৰ সতে ভালকৈ বহিম৷ এইবোৰ কথা ফোনত নহয়৷ আপুনি এদিন ইয়ালৈ আহক৷ ফোন কৰি আহিব৷
– ঠিক আছে৷
##
– মা৷
– কোৱা৷
– টুকটুক আকৌ হেৰাইছে৷
– হয় নেকি? ব’লা আমি বিচাৰিম৷
– ব’লা৷
দুয়ো মিলি টুকটুকক বিচৰাত লাগিল৷ অঙ্গদ আগে আগে৷
– এটা কথা কোৱাচোন৷ টুকটুক কিমান দিনৰ পৰা তোমাৰ লগত আছে৷
– মই দেখোন তোমাক কৈছিলোৱেই৷ তুমি মনেই নিদিলা চাগে৷
– মই আজিকালি বৰকৈ কথা পাহৰো অ’৷ আকৌ এবাৰ কোৱাচোন৷
– নাই নকওঁ, বেয়া পাইছো তোমাক৷
– বেয়া নাপাবাচোন৷ তুমি নক’লে দেখোন আমি টুকটুকৰ ঘৰ অহা এবছৰ চেলিব্ৰেট কৰিবই নোৱাৰিম৷ মই এটা ডাঙৰ কেক আনি চেলিব্ৰেট কৰিম বুলি ভাবি আছিলোঁ৷
অঙ্গদৰ চকুৱে মুখে উৎসাহৰ চিন স্পষ্ট৷
– সঁচাকৈ মা? ?
– একদম সঁচা৷ এতিয়া মোক কোৱা, টুকটুক কেতিয়াৰ পৰা ইয়াত আছে৷
– আমি যে আইভী মাহীৰ ঘৰলৈ যাওঁতে মেকুৰীৰ পোৱালি হৈছিল তোমাৰ মনত আছে?
– অ’ আছে৷
– তাৰে এটা পোৱালিৰ লগত মোৰ দোস্তি হৈ গেছিল৷ তুমি যে কৈছিলা মেকুৰীয়ে চিন ৰাখিব পাৰে, মনত আছে৷
– অ’ আছে৷
– টুকুটুকেওঁ মোৰ চিন ৰাখি থ’লে৷ এদিন বৰষুণত তিতি তিতি সি আমাৰ ঘৰ আহি ওলাইছে৷

এটা হুমুনিয়াহ কাঢ়িলে বাসৱীয়ে৷ আইভী থাকে দিল্লীত৷ বাসৱীহঁত গুৱাহাটীত৷
##
– আহক, অতনু ডাঙৰীয়া৷
– অলপ পলম হ’ল ডাক্তৰ৷ বেয়া নাপাব, কওঁকচোন মাতি পঠিয়ালে যে৷
সমুদ্ৰ গম্ভীৰ হৈ বহি আছে৷ কিছুসময়ৰ নীৰবতাৰ অন্তত সমুদ্ৰই আৰম্ভ কৰিলে৷
– আপোনাক খোলাকৈ কৈছো৷ কেচটোত মই এতিয়া কনফিডেঞ্চ ফীল কৰা নাই৷ মানুহৰ মন, ডাক্তৰৰ কথা বাদেই দিয়ক, সেই ব্যক্তিজনে কেতিয়াবা নিজেওঁ ধৰিব নোৱাৰে৷ তথাপি মই কথা দিছো, মই এই কেচটো স্পেচিয়েলী লৈছো৷ যিমান পাৰো যুঁজিম৷ কিন্তু পেচেণ্টৰ একো উন্নতিয়েই দেখা নাই৷ ক’ব টান পাইছো, মই লাহে লাহে নিজেই হতাশ হৈ পৰিছো৷
– এটা কথা সোধো ডাক্তৰ?
– নিশ্চয়৷
– সমস্যাটো ঠিক নহ’লে পিছলৈ কি হ’ব পাৰে?
– এনেকৈ কোৱা দিগদাৰ৷ আগতেওঁ কৈছো, সময় দিয়ক৷ মই লাগি আছো, বাহিৰৰ এক্সপাৰ্টৰ সৈতে যোগাযোগো কৰিছো৷
– চিধাচিধি ক’লে এয়া পাগল হোৱাৰ লক্ষণ?
– নহয়, পাগলামি বুলিলে ভুল হ’ব৷ ৰোগীৰ কথা বাৰ্তা, দৈনন্দিন জীৱন সকলো স্বাভাৱিক৷ কেৱল সেই এটা ভ্ৰান্ত ধাৰণা… সেই কাল্পনিক চৰিত্ৰ- তাক লৈয়েই গোটেই চিন্তা ভাৱনা, কথাবাৰ্তা, পৃথিৱীখন৷

অতনুৰ চকু সেমেকি উঠিছে৷
– মই পৰা নাই৷ সদায় চকুৰ সন্মুখত এই দৃশ্য৷ মই দুৰ্বল হৈ পৰিলেওঁ ঘৰত প্ৰকাশ কৰিব নোৱাৰো৷ মই পৰা নাই ডাক্তৰ৷
সমুদ্ৰই কিবা ক’বলৈ গৈ ৰৈ গ’ল৷

অতনুৱে বিৰবিৰাই কৈ গৈছে…
– মই পৰা নাই ডাক্তৰ- নোৱাৰিছো অভিনয় কৰিব৷ মই কেনেকৈ বাসৱীক ক’ম এয়া যে এক ভাল নোহোৱা বেমাৰ? কেনেকৈ বাসৱীক ক’ম যে অঙ্গদ বুলি আমাৰ কোনো নাই, কেতিয়াও নাছিলেই!

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.