বন-বিষয়া তথা লেখক ঘনশ্যাম ৰাজবংশীৰ সৈতে এটি সাক্ষাৎকাৰ

বন-বিষয়া তথা লেখক ঘনশ্যাম ৰাজবংশীৰ সৈতে এটি সাক্ষাৎকাৰ

বন-বিষয়া তথা লেখক ঘনশ্যাম ৰাজবংশীৰ সৈতে এটি সাক্ষাৎকাৰ

by October 19, 2017 0 comments

 

সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা জয়দীপ চক্ৰৱৰ্তীৰ দ্বাৰা বন-বিষয়া তথা বিশিষ্ট অৰণ্যৰ বিষয়ক লৈ লেখা-মেলা কৰা লেখক ঘনশ্যাম ৰাজবংশীৰ সৈতে এটি সাক্ষাৎকাৰ।

জয়দীপ চক্ৰৱৰ্তী: আমাৰফালৰ পৰা আপোনালৈ যথেষ্ট শুভেচ্ছা থাকিল। আপোনাৰ শৈশৱ আৰু কৈশোৰৰ বিষয়ে অলপ ক’ব নেকি? শৈশৱৰ বিষয়ে অকণমান ধাৰণা এটা দিব ছাৰ?

ঘনশ্যাম ৰাজবংশী: নমস্কাৰ। মোৰ জন্ম হৈছিল কামৰূপ জিলাৰ হাজোত। তাতে ধুপৰগুৰি এল,পি স্কুলত মোৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰো। তাৰ পিছত দেউতাৰ কৰ্মসূত্ৰে দৰং জিলাৰ দলগাঁৱলৈ আহো। তাৰ পৰাই হাইস্কুল শিক্ষাৰ পাতনি মেলো। স্কুলত পঢ়া শুনাত খুউৱ এটা ভালো বুলিও ক’ব নোৱাৰো অথবা বেয়া আছিলো বুলিও ক’ব নোৱাৰো। পঢ়াৰ ক্ষেত্ৰত ঘৰুৱা সা-সুবিধা সময় মতে পোৱা নাছিলো। আমাৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া আছিল। তেতিয়া- এসাঁজ খাই এসাঁজ খোৱা কথা চিন্তা কৰিবলগীয়া অৱস্থা আছিল। হাইস্কুলত পঢ়ি থকা অৱস্থাতে দেউতাৰ ডাঙৰ বেমাৰ গ’ল। তেতিয়াই মই ঘৰৰ দায়িত্ব কান্ধ পাতি ল’ব লগা হ’ল। তেনেকৈয়েই বহু কষ্টৰ বিনিময়ত এদিন হাইস্কুলৰ দেওনা পাৰ হওঁ। স্কুলত পঢ়ি থকা অৱস্থাতে এদিন ওৰাং অৰণ্যৰ পৰা এটি গঁড় আহিছিল আমাৰ সেই অঞ্চললৈ। গাঁৱৰ মানুহৰ লগতে স্কুলৰ ক্লাছৰ ক্ষতি কৰি ছাত্ৰ-ছাত্ৰী সকলো গঁড় চাবলৈ দৌৰিলে। গঁড় নামটো শুনিছো আৰু কিতাপতো পাইছোঁ যদিও মই কিন্তু গঁড় আচলতে কিমান ডাঙৰ দেখা পোৱা নাছিলোঁ। তেতিয়া মোৰ বয়স হৈছিল ১২-১৩ বছৰ। গঁড় চাবলৈ মোৰো মন গ’ল। ময়ো স্কুল ক্ষতি কৰি দৌৰি দৌৰি গঁড় ওলোৱা ঠাইলৈ গৈছিলো। দেখিছিলো মানুহবোৰে গঁড়টোক জোকাই আছে আৰু জোকোৱাই থকাত গঁড়টো মানুহৰ ফালে খেদি আহিছিলে। মই দূৰৰ পৰাহে দেখি আছিলোঁ। কিছুদিনৰ পিছত ৰাতিপুৱাই আমাৰো বাৰীৰ পাচফালে গঁড় এটাই শান্তমনে ঘাঁহ খাই আছিল। মই পুৱাই বাৰীৰ পাচফালে শৌচ কৰিব যোৱাত, শৌচ কৰি উঠি মনে মনে বাঁহ গছত উঠি গঁড়টোৱে ঘাঁহ খাই থকা চাই আছিলোঁ। বহু সময় মোক উভতি নোযোৱা দেখি মোক বিচাৰি দেউতা আৰু মা আহি মোক মাতিব ধৰাত মই বাঁহৰ ওপৰৰ পৰা মাত লগাইছিলো আৰু কৈছিলো যে ইয়াত গঁড় এটাই ঘাঁহ খায় আছে। ওচৰৰ পৰাই গঁড়টো দেখিছিলো  সেয়েহে তাৰ ৰূপ দেখি মোহিত হৈ গৈছিলো। আমাৰ ঘৰৰ পৰা ওৰাং অৰণ্য খনলৈ প্ৰায় ১০-১১ কিলোমিটাৰ দুৰত্ব হ’ব। কিছু সময়ৰ পিছত হিলদল ভাঙি গঁড় চাবলৈ মানুহ আহি গ’ল। মই কিন্তু মই মনে-মনে গঁড়টো বহু সময় চাই আছিলোঁ।

জয়দীপ চক্ৰৱৰ্তী: তেতিয়া আপুনি কি শ্ৰেণীত পঢ়ি আছিল?
ঘনশ্যাম ৰাজবংশী: মই তেতিয়া ক্লাছ চেভেনত।

জয়দীপ চক্ৰৱৰ্তী: আচ্চা, এইখিনিতে মই আন এটা প্ৰশ্নলৈ আহোঁ। আপুনি সৰুৰে পৰা প্ৰকৃতিক অতি ওচৰৰ পৰা পাইছে?
ঘনশ্যাম ৰাজবংশী: হয়। অতি কাষৰ পৰা দেখিছোঁ।

জয়দীপ চক্ৰৱৰ্তী: এটা কথা কওকচোন, তেতিয়া আপুনি যিমান প্ৰকৃতিৰ বিশালতা দেখা পাইছে, আজিৰ দিনত থূলমূল ভাৱে কি কি পাৰ্থক্য দেখা পাইছে?

ঘনশ্যাম ৰাজবংশী: বহুত পাৰ্থক্য দেখিছোঁ। ভাবিবই নোৱাৰোঁ তেতিয়াৰ আৰু এতিয়াৰ কথা। মনত আছে মোৰ ঘৰৰ পিছফালৰ পৰাই অটব্য জংঘল হাবি-বন-বননিৰে ভৰি আছিল। সেই জংগলত বিভিন্ন প্ৰাণীৰ উপৰিও বন্য-জীৱ বিলাক আছিল। ধীৰে-ধীৰে সেইবোৰ শেষ হৈ আহিল। তাৰ ঠাইত মানুহৰ ঘৰ দুৱাৰ হাবি বন চাফা কৰি খেতি কৰিব ধৰিলে। নিশা ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ ভয় লাগিছিল। আগতে যেনেকৈ বাঘৰ গুজৰণী, শিয়ালৰ মাত, ফেঁচা, হুদু আদিৰ মাত শুনিছিলোঁ; আজিৰ দিনত সেইবোৰ শুনিবলৈ এক প্ৰকাৰ ভাগ্যই লাগিব। শিয়ালৰ মাত নুশুনা হ’লো, হুদু চৰাইৰ মাত নুশুনা হ’লোঁ, লক্ষী ফেঁচা নেদেখা হ’লোঁ।

জয়দীপ চক্ৰৱৰ্তী: যোৱা প্ৰায় ৫০ বছৰত যে প্ৰকৃতি ধ্বংস হৈছে, ইয়াৰ মূল কাৰণ আপুনি কি বুলি ভাবে?

ঘনশ্যাম ৰাজবংশী: এই বিষয়ে ইতিমধ্যে মোৰ “অৰণ্যৰ ভিতৰচ’ৰা” গ্ৰন্থখন খনত বহু কথাই লিখিছোঁ। আমাৰ অসমৰ যিমানবোৰ জনগোষ্ঠী আছে, সকলোৱে আগতে প্ৰকৃতিৰ লগত সহবাস কৰিয়েই আছিল। কিন্তু ১৮২৬ চনত যেতিয়া ব্ৰিটিছ শাসক আহিল, প্ৰকৃতিৰ বিভিন্ন সম্পদৰ ওপৰত তেওঁলোকৰ প্ৰথম নজৰ পৰিল। তেওঁলোক যিহেতু ইয়ালৈ ব্যৱসায়সূত্ৰে আহিছিল, তেওঁলোকে অৰ্থ উপাৰ্জনৰ বাবে আৰু অৰণ্যত চিকাৰক খেল হিচাবে লৈ ইয়াত কিছুমান অৰণ্যত’গেম ৰিজাৰ্ভ কৰি বন্যজন্তু চিকাৰ কৰাৰ বাবে অনুমতি দিলে। চিকাৰৰ পৰা ৰাজহ সংগ্ৰহ কৰাৰ লগতে বনজ সম্পদ নিজ দেশলৈ তেওঁলোকে ৰপ্তানি কৰিব ধৰিলে। তাৰ পিছতো ইংৰাজে চাহপাতৰ খেতি কৰিবলৈ লোৱাত চাহখেতিৰ বাবে বনুৱা আনিলে। তেওঁলোকক থকা ঠাই দিব লগা হ’ল। সেই বনুৱাসকলৰ এচামেও চিকাৰ কৰাত লাগি গ’ল। আনহাতে প্ৰবজনকাৰী সকলৰ আগ্ৰাসনৰ ফলত, নদীৰ গঢ়াখহনীয়াৰ ফলত ভূমিৰ প্ৰয়োজন হোৱাত বসবাস কৰিবলৈ অৰণ্যৰ হাবি-বন মুকলি কৰিবলৈ ধৰিলে। তাতোকৈ অধিক বেদখলিৰ প্ৰভাব পৰে অৰণ্যত। মানুহ তেতিয়ালৈকে বুজি পোৱা নাছিল ইয়াৰ বেয়া দিশবোৰ। বাঘ-হাতী থাকিলে মানুহ সোমাব ভয় কৰে। কিন্তু এতিয়া বাঘৰ সংখ্যা একেবাৰে কমি গ’ল। অৰণ্যৰ হাবি বন কমি যোৱাত-হাতী আৰু মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিলে। হয় মানুহৰ মৃত্যু নহয় হাতীৰ মৃত্যু। বাঘ নথকা অৰণ্যত মানুহ সোমাবলৈ ভয় নকৰা হ’ল।
জয়দীপ চক্ৰৱৰ্তী: তাৰ মানে এই প্ৰকৃতিৰ ধ্বংস লীলা ব্ৰিটিছ অহাৰ পিছৰে পৰা আৰম্ভ হৈছে?
ঘনশ্যাম ৰাজবংশী: মই তেনেকৈ ভাবো। যিহেতু অসমৰ জনগোষ্ঠী লোক আৰু জমিদাৰ সকলক মাৰানাস্ত্ৰ ইংৰাজ সকলেই হাতত তুলি দিছিল।

জয়দীপ চক্ৰৱৰ্তী: মোৰ ঘৰ লক্ষীপুৰত। গোৱালপাৰাৰ জিলাত। তাতেও জমিদাৰ সকলে চিকাৰৰ প্ৰতি ব্ৰিটিছ শাসক অহাৰ পিছৰে পৰা আকৃষ্ট হৈছে।

ঘনশ্যাম ৰাজবংশী: হয়। কিয়নো ব্ৰিটিছ অহাৰ পিছৰে পৰা বন্দুক আহিল। আগতে শিল-লাঠি-জোং লৈ বা ফান্দ পাতি চিকাৰ কৰিছিল! প্ৰয়োজনত পহু এটা মাৰিছিলে বা গাহৰি এটা মাৰিছিলে। কিন্তু সহজতে বাঘটো মাৰিব পৰা নাছিল। ব্ৰিটিছ সকলে ৰাইফল-বন্দুক যোগান দিয়াৰ পিচৰে পৰা বাঘ নিধন যজ্ঞত স্থানীয় লোক সকলক উৎসাহিত কৰিলে। আনকি বাঘ হত্যা কৰোতাজনক পুৰস্কাৰ দিয়াৰো নিয়ম কৰিছিল। তেতিয়াৰ পৰা জমিদাৰসকলৰ হাতে-হাতে ৰাইফল-বন্দুক আহি গ’ল।

জয়দীপ চক্ৰৱৰ্তী: আপোনাক য’ত য’ত পোষ্টিং দিয়া হৈছে সকলোতে এজন বন বিভাগৰ কৰ্মী হিচাপেই হওক বা বিষয়া হিচাপেই হওক আপুনি প্ৰকৃতি সংৰক্ষণত যথেষ্ট গুৰুত্ব দিয়া দেখি আহিছোঁ। এনেকৈ চলি যাওঁতে আপুনি কেনেধৰণৰ অসুবিধাৰ সন্মূখীন হ’ব লগা হৈছে?

ঘনশ্যাম ৰাজবংশী: কথাটো হ’ল বন বিভাগৰ কৰ্মী হিচাপে অসুবিধা পাইছো যদিও সেয়া জীৱনৰ পণ বা দায়িত্ব হিচাবে মানি লৈছোঁ। বনত থাকিলে টাউনৰ দৰে সুবিধা নাপাওঁ বুলি জানো আৰু তেনেদৰে থাকোতেই অভ্যস্ত হৈ পৰিলো। আমাৰ সুবিধা-অসুবিধা বহুতখিনিয়েই থাকে। কথাটো হ’ল আমাৰ অসুবিধা খিনি বিভাগীয় মুৰব্বীক অৱগত কৰাৰ পিছত তেওঁলোকে সমাধান কৰাৰ চেষ্টা কৰে। সেই আগৰ দৰে খেৰি ঘৰৰ ঠাইত পকী টিন ঘৰ কৰি দিছে পৰ্য্যায়ক্ৰমে বিজুলীৰ ঠাইত চ’লাৰ চিচটেম কৰি দিছে খোৱা পানীৰ অভাৱ নাই বুলিব পাৰি। অৰণ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত কিছু ঠাইত এতিয়াও বহু কৰণীয় আছে বিভাগৰ। বন বিভাগত চাকৰিয়ালৰ সংখ্যা বহুত কম। যি অনুপাতে কৰ্মচাৰী থাকিব লাগে সেই অনুপাতে নাই। আগতে এজন বা দুজনে একো একোটা অঞ্চল চম্ভালি আছিল। জনসংখ্যাৰ বৃদ্ধিৰ ফলত বনজ-সম্পদৰ ওপৰত মানুহৰ অত্যাচাৰ বাঢ়িল। চোৰাং চিকাৰ, বনজ সম্পদৰ চোৰাং ব্যৱসায় অধিক হ’বলৈ ধৰিছে। সীমিত সংখ্যক বনকৰ্মীয়ে একো একোটা এলেকাত সেয়েহে দিনে নিশাই কৰ্তব্য পালন কৰিবলগীয়া হয়।

জয়দীপ চক্ৰৱৰ্তী: এইখিনিতে ‘আনঅফিচিয়েল’ কথা এটা কওঁ। এবাৰ এজন ‘ডেপুটি ৰেঞ্জাৰ’এ কথাৰ প্ৰসংগত কৈছিল যে জংঘলত সদায় শাৰীৰিকভাবে দুৰ্বল বনকৰ্মীখিনিক পাব আৰু পাহোৱাল কেইজন ৰাস্তাৰ কাষৰ গেটৰ দায়িত্বত পাব?

ঘনশ্যাম ৰাজবংশী: কথাটো নোহোৱাও নহয়। বহু ক্ষেত্ৰত দেখা যায় দুৰ্গম অঞ্চলত কিছুবছৰ চাকৰি কৰাৰ পাচত সেই অঞ্চলৰ পৰাই ওলায় আহিবলৈ নানাধৰণৰ অসুবিধা দেখুৱাই নিজৰ সুবিধা মতে চাকৰিটো কৰিব বিচাৰেই। অৰণ্যৰ চাকৰিত প্ৰকৃতি প্ৰেমী লোকৰ বহু অভাৱ।

জয়দীপ চক্ৰৱৰ্তী: কেতিয়াবা আপুনি হেঁচাৰো সন্মুখীন হয়নে? যেনে ধৰক ৰাজনৈতিক হেঁচা আদি। তেনেক্ষেত্ৰত আপোনালোকে কি কৰে?

ঘনশ্যাম ৰাজবংশী: মই বেচিভাগ কাল বন বিভাগৰ ‘Wildlife’ (বন্যপ্ৰাণী সংৰক্ষণ) ক্ষেত্ৰতে কটাইছো। তেনে ক্ষেত্ৰত কৰ্তব্যত অধিক শাৰীৰিক মানসিক হেঁচা পৰে যদিও ৰাজনৈতিক হেঁচা হিচাবে নহয়। গঁড়, বাঘ, হাতী আদিৰ হত্যা হ’লে অধিক হেঁচা পৰে অভিযুক্তক কৰায়ত্ব কৰিব পৰা নোৱাৰিলে। কিন্তু এতিয়ালৈকে মোৰ চাকৰি জীৱনত তেনেকুৱা ৰাজনৈতিক হেঁচাৰ সন্মুখীন হোৱা নাই।

জয়দীপ চক্ৰৱৰ্তী: বৰ্তমানৰ পৰিস্থিতিত বনাঞ্চলৰ প্ৰতি ভাবুকি কি বুলি ভাবে?
ঘনশ্যাম ৰাজবংশী: ভাবুকি বুলি ক’লে মূলতঃ বেদখল, বনজ সম্পদৰ চোৰাং কাৰবাৰ। আমাৰ প্ৰাকৃতিক ভাৰসাম্যৰ নিয়মমতে ভৈয়ামত গছ-গছনি ৩৩% থাকিব লাগে আৰু পাহাৰ অঞ্চলত থাকিব লাগে ৬০%। এতিয়া পাহাৰ বিলাক মুকলি হৈ গ’ল। পাহাৰৰ কিছুমান অঞ্চলত গছ-গছনিৰ ঠাইত মানুহৰ আবাস ভূমি হৈছে তাৰ লগতে চোৰাং কাঠ ব্যৱসায়ী সকলৰ দৌৰাত্ম। ভৈয়ামত যি খিনি বনাঞ্চল আছে প্ৰায় ভিতৰ ভাগত দেখা যায় যে কেৱল মুকলি আৰু বেদখল। গছ-গছনি কটা, বেদখল মুক্ত কৰিব নোৱাৰিলে ভবিষ্যৎ অধিক ভয়াবহ হৈ পৰিব। বতৰৰ পৰিবেশই সলনি হৈ পৰাৰ অধিক সম্ভৱনা আছে।
জয়দীপ চক্ৰৱৰ্তী: চোৰাংচিকাৰীক ৰোধ কৰাৰ বাবে কি উপায় আছে বুলি ভাৱে আপুনি?

ঘনশ্যাম ৰাজবংশী: আমাৰ বন আইনখন বহু দিনলৈ ইংৰাজৰ শাসনৰ আইন খনেই চলি আহিছিলে। তেতিয়াৰ নিয়মৰ জেল বা জৰিমনাৰ কথা এতিয়াৰ বনজ সম্পদ ধংসকাৰী সকলে ভয় নকৰে। দোষী সাৱস্ত্য হ’লেও কম জৰিমনা আৰু কম দিনৰ জেল হৈ খালাচ পোৱা সকলে পুনৰ একে কাম কৰিবলৈ লয়। সেয়েহে ১৮৮৯ চনৰ পৰা বাহাল থকা আইনখন সৌ সেইদিনা ১৯৭২ চনত বন্যপ্ৰাণী সংৰক্ষণ এক্টখন বলবৎ হয়। বন আইনখন মাজে সময়ে পুনৰ সংশোধন হৈছে। বনজ সম্পদ ধ্বংসকাৰী সকলৰ বিৰুদ্ধে উচিত প্ৰমাণ দিব লাগিব। বহু ক্ষেত্ৰত প্ৰমাণ আৰু সাক্ষী-বাদীৰ অভাৱত আৰু উকিলৰ জেৰাত সঁচাও মিচা হৈ পৰে। আগৰ দিনৰ বনকৰ্মী সকলে আইন কানুনৰ কথাবোৰ সিমান ভালদৰে আয়ত্ত কৰিব পৰা নাছিল। বৰ্তমানৰ কথা সুকীয়া, আজিকালি প্ৰায় শিক্ষিত বনকৰ্মী নিযুক্ত হৈছে। বন-বন্যপ্ৰাণী সংৰক্ষণত অধিক লোক নিযুক্তি দিব লাগিব। আধুনিক অস্ত্ৰ-শস্ত্ৰ যোগান আৰু উন্নত প্ৰশিক্ষণৰ প্ৰয়োজন। অৰণ্যৰ দাতিকাষৰীয়া অঞ্চলত অৰণ্যৰ বিষয়ক লৈ মানুহৰ মাজত সজাগতা আনিব লাগিব। সৎ বনকৰ্মীলৈ প্ৰতি বছৰে ১৫ আগষ্ট আন আন বিভাগৰ কৰ্মচাৰীক প্ৰদান কৰাৰ দৰে মাননীয় ৰাষ্ট্ৰপতি মহোদয়ৰ পৰা পদক প্ৰদান কৰি মনোবল বৃদ্ধি কৰিব লাগিব। বনকৰ্মীৰ হাতলৈ বনজ সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত অধিক ক্ষমতা প্ৰদান কৰিব লাগিব। চোৰাং চিকাৰী সকল অৰণ্যত প্ৰৱেশ কৰি গঁড়, হাতী, বাঘ আদি জন্তু হত্যা কৰিবলৈ সাজুহোৱাৰ আগতে কৰায়ত্ব কৰিব পাৰিলে অধিক সুফল পোৱা যাব। এনেবোৰ ক্ষেত্ৰত অৰণ্যৰ বাহিৰত পুলিচ প্ৰশাসন অধিক তৎপৰতা দেখুৱাব লাগিব। অৰণ্যত বে-আইনী ভাবে বিনাঅনুমতিত প্ৰৱেশ কৰা সকলৰ ওপৰত কঠোৰ শাস্তি বিহিব লাগিব।
জয়দীপ চক্ৰৱৰ্তী: একদম ঠিক কথা কৈছে আপুনি। কেতিয়াবা বন বিভাগৰ সাধাৰণ ৰাইজৰ লগতো ‘conflict’ এটা হোৱা দেখা যায়। আপোনাৰ লগত এনেকুৱা ঘটনা ঘটিছিল নেকি? যেনে ধৰক- গছ কাটিব ধৰিছে, বাধা দিছে বা তেনে মানুহ ধৰি আনিছে – এনেকুৱা ধৰণৰ কিবা? মানাহত এনেকুৱা বহুত ঘটনা হৈছে।  আনকি কেম্প আদিও জ্বলাই দি গৈছে। আপুনি শুনিছেই চাগে?
ঘনশ্যাম ৰাজবংশী: হয়, অকল মানাহতে নহয়। প্ৰায় ঠাইতে এতিয়া প্ৰথম বনকৰ্মীকে দোষী সাব্যস্ত কৰে। অৰণ্যৰ বাহিৰত বাঘ, হাতী, গঁড় ওলালে ৰাইজৰ মাজত এটা কথা বন বিভাগৰ লোকক খৱৰ দিয়াৰ পিচতো সময়ত উপস্থিত হ’ব পৰা নাই! এয়া প্ৰথম অভিযোগ ৰাইজে আৰু মিডিয়াই কৰা শুনিবলৈ পাও। হাতী আহে ধান খাবলৈ অৰণ্যৰ পৰা বনকৰ্মী সকলেহে যেন পথাৰত খেতি খাবলৈ হাতীবোৰ অৰণ্যৰ পৰা পঠাইছে। খৱৰ পাই খেদিবলৈ বনকৰ্মী সকল যোৱাৰ লগে লগে বনকৰ্মীক সহযোগ কৰিব এৰি বনকৰ্মীক খেদিবলৈ মাৰিবলৈ ৰাইজ অৰ্দ্ধত হৈ পৰে। কিয় তহঁতৰ হাতী, বাঘ, গঁড় আদি ওলাই আহিছে? এনেবোৰ অবাঞ্চিত প্ৰশ্নৰ সন্মুখীন হ’ব লগা হয়। গছ কটা মানুহক ধৰি আনিলে নিজৰ দোষ নথকা বুলিয়েই কয়। গাঁৱৰ পুৰুষ-মহিলা উভয়ে বনকৰ্মীক আক্ৰমণ কৰিবলৈ খেদি আহে আনকি বন শিবিৰটো আক্ৰমণ কৰিব ধৰে। জংঘলৰ বস্তু যেতিয়ালৈকে নিব পাৰে একো অসুবিধা নাই কিন্তু ধৰা-ধৰি কৰিলেই বনকৰ্মী সকল হৈ পৰে তেওঁলোকৰ শত্ৰু। গছ কাটি থাকিব দিলে ভাল আৰু বাধা দিব গ’লে আশে-পাশে থকা মানুহৰ লগত শত্ৰুতা হয়। বহুতেই কয়- ‘তহঁত কোনফালে যাবি? ‘ অনিষ্টকাৰী মানুহক ধৰিলে একোব-দুকোব নিদিলেও নহয়। কাৰণ ইমান কষ্ট কৰি ঘৰ সংসাৰ এৰি দিনে ৰাতি অৰণ্যত থাকি বন্যজন্তুতকৈ মানুহৰ পৰাই অসহ্য যান্ত্ৰণা বনকৰ্মী সকলে ভোগ কৰিব লগাত পৰে। তাৰ মাজতে এইবোৰ কৰিলে খং উঠেই। চোৰাং চিকাৰীক সোধপোচ কৰিবলৈ মানৱ অধিকাৰৰ মতে চাহ-ভাত খুৱাই সুধিলেহে ভালদৰে সোধা-পোচা কৰা হয় হেনো। এনেকৈ আৰু ক’ত চিকাৰীয়ে সঁচা কথা ক’ব! এনেবোৰ কথাও অমান্য কৰিব নোৱাৰিব।
জয়দীপ চক্ৰৱৰ্তী: এইটো ভাল কথা কৈছে। যেন ভালকৈ সোধ-পোছ কৰিলেহে যেন সঁচা কথা ক’ব!
ঘনশ্যাম ৰাজবংশী: অ, সেইটোৱেই! কোনোবাই যদি গছ এডাল কাটি নিয়ে বা মাছ মাৰি নিয়ে- তাক যদি দুই কোব মান দিয়া যায়- লাগিয়েই গ’ল নহয়! চিধাই সুধিব- কোনে দিলে আপোনাক এই অধিকাৰ মাৰিবলৈ। আদালতত চালান দিলে কিছুমানে কৈয়েই যায় তহত আহিবি কোনফালেদি? আমাৰ গাঁৱৰ মাজেৰেই তো আহিবি… তেতিয়া দেখা যাব। মুঠতে অৰণ্যৰ অনিষ্টকাৰী হওঁক বা চিকাৰীয়ে হওঁক, তেওঁলোকে সুবিধা পালেই বনকৰ্মীক আক্ৰমণ কৰিবলৈ কুন্ঠাবোধ নকৰে। চাকৰিৰ দায়িত্ব সেইহে আজিকালি মোৰ হাত নুঠা হ’ল কলমটোকে ভালকৈ লৈছো এতিয়া।
জয়দীপ চক্ৰৱৰ্তী: আচ্ছা ছাৰ, আপোনাৰ কিতাপখন সম্পৰ্কে অলপ কওক?
ঘনশ্যাম ৰাজবংশী: চাকৰি কৰাৰ পৰাই মই ডায়েৰী লেখাৰ অভ্যাস কৰিছিলো। ডায়েৰীখনেই আছিল মোৰ সংগী। মাহেকীয়া তহলদাৰীৰ প্ৰতিবেদন দাখিল কৰিব লাগে। ক’ত কি কৰিছোঁ, সঁচাই কৰিলোঁ নে মিছাই কৰিলোঁ সকলো ঘটনাৰ বিষয়ে তাত লিখা থাকে। কিন্তু মোৰ ডায়েৰীখন আছিল সুকীয়া, স্কুলত থকাৰ পৰাই লিখাৰ অভ্যাস। তেনেকৈ লিখি ৰাখোতে চাওঁ, এইটোৰ পৰা দেখোন ধুনীয়া গল্প এটাই হয়! তেনেকৈ মই থৈ দিছিলোঁ লেখাবোৰ। আমি আকৌ বহী-কলম লৈহে লিখোঁ। আগতে ছুটীত আহোঁতে ‘বিষ্ময়’খন বা ‘প্ৰান্তিক’খন লৈ যাওঁ, পঢ়ি ভাল লাগে। মোৰ লেখা মেলা মাজে সময়ে আলোচনী বাতৰি কাকত প্ৰকাশো পাইছে। এতিয়া নতুনকৈ ম’বাইলবোৰ ওলাল, বিশেষকৈ এণ্ডড্ৰয়ড মোবাইল। বনত যেতিয়া থাকো ২৪ ঘণ্টাই কৰ্মব্যস্ততাৰ মাজত থাকো যদিও সময় পালে অৰণ্যৰ কাহিনীবোৰ লিখি যাও।

জয়দীপ চক্ৰৱৰ্তী: তাৰমানে আপোনাৰ বন সম্পৰ্কীয় যি অভিজ্ঞতা সেই সকলোবোৰ তাত লিপিবদ্ধ কৰিছে?
ঘনশ্যাম ৰাজবংশী: হয়। ক’ত কি দেখিলোঁ, একদম সূক্ষ্মৰ পৰা সূক্ষ্মতম কথাটোও মই লিখি থৈ দিওঁ। এই এণ্ডড্ৰয়ড মোবাইল অহাৰ পৰাই ল’ৰা-ছোৱালীৰ পৰা অসমীয়াত লিখিবলৈ ভালকৈ শিকি ললোঁ। এতিয়া তেনেকৈয়ে লিপিবদ্ধ কৰি গৈ আছোঁ।
জয়দীপ চক্ৰৱৰ্তী: আপোনাৰ কিতাপখনৰ প্ৰকাশক কোন আৰু ক’ত পোৱা যাব কিতাপখন?
ঘনশ্যাম ৰাজবংশী: মোৰ কিতাপখন প্ৰকাশ কৰিলে গুৱাহাটী পানবজাৰৰ ‘অসম বুক ট্ৰাষ্ট’এ। এতিয়া কিতাপখনত পৰা যথেষ্ট সঁহাৰি পাইছোঁ। বহুতেই আকৌ ইংৰাজীলৈ অনুবাদ কৰিবলৈ উপদেশ দিছে। বৰ্তমান চহৰ-নগৰত ইংৰাজী মাধ্যমত পঢ়া ল’ৰা-ছোৱালীৰ সংখ্যাই বেছি। তেওঁলোকে বহুতেই ইংৰাজীত কিতাপখন পঢ়িবলৈ বৰ হেঁপাহ কৰিছে। গতিকে এইখন ইংৰাজীতো অনুবাদ হৈ আছে।
জয়দীপ চক্ৰৱৰ্তী: এইটো এটা বৰ ভাল খবৰ। অদূৰ ভৱিষ্যতত ইংৰাজীতো আপোনাৰ কিতাপখন ওলাব।
ঘনশ্যাম ৰাজবংশী: হয়।
জয়দীপ চক্ৰৱৰ্তী: নতুনকৈ উঠি অহা প্ৰজন্মক আপুনি কি দিহা দিব?
ঘনশ্যাম ৰাজবংশী: এইটো প্ৰায় সকলোৱে সোধে। যিহেতু আজিৰ নৱপ্ৰজন্ম প্ৰায়খিনিয়ে ফেচবুকত ব্যস্ত। সেয়েহে সৰু-সৰুকৈ অৰণ্যৰ লিখনি আৰু ফটো দি নৱপ্ৰজন্মক প্ৰকৃতিৰ প্ৰতি আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছো। অৰণ্যৰ নজনা কথা বোৰ মন্তব্যত জনাই আছো। তেওঁলোকো আগবাঢ়ি আহক, প্ৰকৃতিৰ দৰ্শন কৰক। যেতিয়ালৈকে অৰণ্য দৰ্শন নকৰে তেতিয়ালৈকে ল’ৰা-ছোৱালী সকল অৰণ্যৰ বিষয়ে একো নাজানিব। উঠি অহা প্ৰজন্মই অৰণ্যৰ বিষয়ে ভালকৈ উপলব্ধি কৰক। অৰণ্যৰ লগত সহবাস কৰিবলৈ শিকিব লাগিব, সেয়েহে নতুন প্ৰজন্মক আহ্বান জনাইছোঁ যিহেতু আমি পৃথিৱীৰ অৰণ্যৰ পৰাই সভ্যতা লাভ কৰিছো।  যদি আমাৰ এ শিঙিয়া গঁড়টো আজি নাথাকিল হয়, অসমখনক হয়তো পৃথিৱীৰ মানুহে চিনিয়েই নাপালে হয়। আজি গঁড় হৈ পৰিছে  বিশ্ব বিখ্যাত। গঁড়টো চাবলৈ লাখে-লাখে মানুহ বিশ্বৰ বিভিন্ন দেশৰ পৰা অসমলৈ আহে। বাঘটোক এপলক চাবলৈ মানুহ আহে। ইয়াৰ পৰা অধিক বৈদেশিক মুদ্ৰা আহৰণ কৰিছে আমাৰ দেশ তথা ৰাজ্যখনে। গতিকে প্ৰাকৃতিক দৃশ্যৰ লগতে আপুৰুগীয়া বন্যপ্ৰাণী চাবলৈ অহা মানুহৰ লগত ভাৱৰ আদান-প্ৰদান হ’ব। তেনেকৈ বহুত কথা জানিব পাৰিব। সেয়েহে নৱ প্ৰজন্মই অৰণ্যক জানক। সহযোগ কৰক, বন-বিভাগক দিহাপৰামৰ্শ আগবঢ়াওক। লাগিলে বিষয়া, কৰ্মী আছে তেওঁলোকক সোধক। এয়াই মই কামনা কৰোঁ। যিহেতু পৰ্য্যটনস্থলী হিচাপে গোটেই উত্তৰ-পূৰ্বাঞ্চলকে ক’ব পাৰি, যিয়ে যেনেকৈ পাৰে পৰ্য্যটনৰ লগত জড়িত হওক। যাৰ আশেপাশে যিখিনি বনাঞ্চল আছে তেওঁলোকেও অৰণ্যক সংৰক্ষিত হৈ থকাত সহযোগ কৰক। বিভিন্ন প্ৰচাৰ মাধ্যমৰ যোগে সকলোৱে জানিয়েই আছে অৰণ্য সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে। এইখিনি কৰিলেই আমাৰ যি খিনি বনাঞ্চল আছে সেয়া ঠিকেথাকে থাকিব।
জয়দীপ চক্ৰৱৰ্তী: ঠিক আছে ছাৰ। ‘সাহিত্য ডট অৰ্গ’ৰ সমূহ পাঠকৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনালোঁ আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ।
ঘনশ্যাম ৰাজবংশী: ধন্যবাদ।

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.