Et tu…..Brute…অসভ্য! – অপ্ৰিয়সত্য পাঠক

Et tu…..Brute…অসভ্য! – অপ্ৰিয়সত্য পাঠক

Et tu…..Brute…অসভ্য! – অপ্ৰিয়সত্য পাঠক

by October 19, 2017 0 comments

মানুহজনে কথাবোৰ ইমান সুন্দৰকৈ লিখিব পাৰে৷ ভাল লাগে তেওঁৰ লিখাবোৰ পঢ়ি৷ ছপা মাধ্যমৰ লগতে ফেচবুকতো সঘনাই লেখা-লেখি কৰি থাকে৷ দুখন মান নামী দামী কাকতটো তেখেতৰ লেখা প্ৰায়েই ওলাই থাকে৷ ফেচবুকৰ চেলেব্ৰেটি বুলিবই পাৰি৷ পকেটত থকা মোবাইল ফোনটোত হাত লাগি কেনেবাকৈ অসাৱধানতাবশতঃ ডট দুটামান আপডেট হৈ গ’লেও চাগৈ এহেজাৰ মান লাইক পাব৷ তেখেতৰ ফেচবুক বন্ধুৰ সংখ্যাইও সৰ্বোচ্চ সীমা ৰেখা পাৰ কৰিলে৷ অৰ্থাৎ পাঁচ হেজাৰ লোকৰ বন্ধু তেখেত৷ প্ৰায়ভাগেই তেওঁৰ লেখাৰ অনুৰাগী৷ অলপ দিন আগতে মধুচন্দাইও তেখেতলৈ বন্ধুত্বৰ অনুৰোধ পঠিয়াইছিল যদিও সফল নহ’ল৷ আগতীয়াকৈ লাইক এটা দি লৈ তেখেতৰ শেহতীয়া লেখাটো পঢ়াত লাগিল তাই৷

সুন্দৰ, সুগঠিত শৰীৰৰ মধুচন্দা বৰুৱাই নিজেও কেতিয়াবা চুটি চুটি বাক্যৰে মনৰ ভাৱ প্ৰকাশ কৰি দুই এটা কথা লিখে যদিও বেছি ভাগেই ফটোহে আপলোড কৰে৷ সাধাৰণ গৃহিণী মধুচন্দাৰ ফেচবুক ফ্ৰেইণ্ডো বৰ কম নাছিল৷ কিন্তু কিছুমান অসুবিধাত পৰি মাজতে অচিনাকি পুৰুষ বন্ধু এগালক আনফ্ৰেইণ্ড কৰি পেলালে৷ ফটো আপলোড কৰিলে বা ৰাতি, বিয়লি অনলাইন হোৱা দেখিলেই সেইসকলে ইনবক্সত কৰা অত্যাচাৰৰ বোজা সহিব নোৱাৰি মধুচন্দা পলাল তেখেতসকলৰ ভাৰ্চুৱেল জগতখনৰ পৰা৷ সীমা অতিক্ৰম কৰা বহুতৰ একাউণ্ট ব্লক আৰু ৰিপোৰ্টো কৰিলে৷ আজিকালি কোনোবাই ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠালে চালি জাৰি চাইহে সঁহাৰি জনায় মধুচন্দাই৷ ফেচবুক ব্যৱহাৰ কৰা বাদ দিব বুলি বহুবাৰ ভাবিও পৰা নাই তাই৷ কাৰণ আজৰি সময়বোৰ সুন্দৰকৈ কটোৱাৰ লগতে পুৰণা বন্ধু-বান্ধৱীৰ লগত যোগাযোগ ৰখাৰ উপৰিও ফেচবুকে তাইৰ হেৰাই যোৱা পৰিচয়টোও ঘূৰাই আনি দিছে৷

মিছেছ বৰুৱা হোৱাৰ পাছতে মধুচন্দা কৰোবাত যেন হেৰাই গৈছিল৷ মা, হে’ৰা, মিছেছ বৰুৱা, বোৱাৰী, বাইদেউ, মাহী, পেহী, বৌ, মামী, খুৰী ইত্যাদি সমন্ধবোৰৰ ভিৰত তাইৰ নিজৰ নামটো নিজেই পাহৰি যোৱা যেন লাগিছিল৷ এম.এ. পাছ কৰিও চাকৰি বাকৰি নকৰি বিয়া হৈ গৃহস্থালি চম্ভালি দুটাকৈ সন্তানৰ মাক হোৱাৰ বহুদিন পাছত লাহে লাহে মধুচন্দাই নিজকে হেৰুৱাই পেলোৱাৰ বেদনাত ভুগিছিল৷ তেতিয়াই পুৰণি বান্ধৱী এজনীয়ে তাইকো ফেচবুক একাউণ্ট এটা খুলি ল’বলৈ কৈছিল৷ সদাব্যস্ত স্বামী অনুপমে সকলোবোৰ শিকাই বুজাই হাঁহি হাঁহি কৈছিল… ‘চাবা আকৌ.. এইখন জগতত ধুনীয়া মাইকী মানুহৰ বিপদ সোণকালে আহে৷ অচিন কাঠৰ থোৰা লগাবলৈ নাযাবা৷’

প্ৰথমতে চিনাকি মানুহবোৰৰ মাজতে বন্ধুত্ব সীমাৱদ্ধ আছিল৷ লাহে লাহে বহুত অচিনাকি মানুহৰ লগত যোগাযোগ স্থাপিত হ’ল৷ সাহিত্য চৰ্চা কৰা গোট দুটামানৰো সদস্য হ’ল তাই৷ লেখা-মেলা কৰা মানুহবিলাককো ভাৰ্চুৱেল জগত খনৰ যোগেদি চিনি পোৱা হ’ল৷ তাই পিছে নিজে বৰ বিশেষ লেখা মেলা কৰিব নোৱাৰে৷ আন দহজনী মাইকী মানুহৰ দৰে তাইও নিজক ধুনীয়া দেখা ফটো, কৰোবাত ফুৰিবলৈ যোৱা ফটো, নিজে ৰন্ধা কিবা বিশেষ ব্যঞ্জন আদিহে আপলোড কৰে৷ মানুহে ভাল পায়৷ লাইক কৰে৷ তাইৰ সৌন্দৰ্যৰ প্ৰশংসাৰে ওপচাই পেলায়৷ তাইৰো ভাল লাগে৷ মানুহবোৰে মিছেছ বৰুৱাৰ সলনি মধুচন্দা বৰুৱাক চিনি পোৱা হৈছিল৷ অৱশ্যে ফটো আপলোড কৰিলে দুই একে ‘আপুনি বিৰাট চেক্সী’ জাতীয় ফাল্টু মেছেজো দিয়ে ইনবক্সত৷ আওকাণ কৰে তাই সেইবোৰক৷

কিন্তু গৃহস্থালি চম্ভালি তাই ফেচবুক কৰিবলৈ সময় পায় নিজান দুপৰীয়া বা ৰাতি এঘাৰ মান বজাতহে৷ সুন্দৰকৈ কাটিছিল উপভোগ্য সময়বোৰ৷ কিন্তু লাহে লাহে তাই অনুভৱ কৰিলে কেৱল দুপৰীয়া বা ৰাতিহে অনলাইন হোৱা দেখি বহু পুৰুষ বন্ধুৱে কথাটো বেলেগ ধৰণে ভাবিবলৈ লৈছে৷ এদিন দুপৰীয়া এগৰাকী বিবাহিত পুৰুষে ইনবক্সত যথেষ্ট কায়দাৰে সুধিছিল… ‘আৰ য়ু চেটিস্ফাইড?’ কিয় সুধিলে বুলি ওলোটাই সোধাত লিখিছিল ‘নহয়…মানে আপুনি কেৱল দুপৰীয়া আৰু ৰাতিহে অনলাইন হয় যে.. সাধাৰণতে বিবাহিতা মহিলা এগৰাকী ৰাতিৰ এইখিনি সময়ত অৱশ হৈ পৰি স্বামীৰ বাহুবন্ধনতেই থাকে আৰু সেই সময়ত দেহ মনে বিচৰা তৃপ্তি খিনি নেপালে দুপৰীয়াৰ নিৰ্জনতাখিনি বহুতে অলপ বেলেগ ধৰণে উপভোগ কৰিব বিচাৰে৷” তাই একো প্ৰত্যুত্তৰ নিদি অৱজ্ঞা কৰোতে মানুহটোৱে নিৰ্লজ হৈ লিখিছিল…. ‘…ইফ য়ু ৱানা হেভ চাম চাইবাৰ অৰ এনিথিং আই উইল বি অলৱেজ দেয়াৰ নিয়াৰ ইউ…হানী…মধু ..মাই ডিয়েৰ৷’ চল্লিশ বছৰীয়া মধুচন্দাৰ গাটো কঁপিছিল৷ ছিঃ…মানুহে কথাবোৰ তেনেকৈয়ো ভাবিব পাৰেনে? ফেচবুক খুলিবলৈ ঘিণ লগা হৈছিল৷ লগৰ পল্লৱীক কথাটো কোৱাত তাই হাঁহিত ফাটি পৰি কৈছিল তেনেকুৱা অসভ্য মানুহৰ ভয়ত তই আকৌ ফেচবুক ইউজ নকৰিবি কিয়? তেনেকুৱা মানুহক আনফ্ৰেইণ্ড আৰু ব্লক কৰি দিবি৷ লেঠা শেষ৷

ব্লক কৰিছিল৷ কেৱল সেই অসভ্যটোকেই নহয়৷ আৰু এগালক৷ সাৱধান হৈছিল মধুচন্দা৷ হৰিণাৰ মঙহেই বৈৰী হয় বুলি নিজৰ ফটো আপলোড কৰাটোও কমাইছিল৷ অৱশ্যে সাহিত্য সম্পৰ্কীয় গোটকেইটাৰ পৰা কোনো অসুবিধাবোধ কৰা নাই৷ ভাল লাগে৷ লেখা মেলা কৰা মানুহবোৰৰ চিন্তা ধাৰা যথেষ্ট উন্নত যেন লাগে মধুচন্দাৰ৷ সেইবোৰতো মাজে মাজে বিতৰ্ক হয় যদিও সেইয়া বৌদ্ধিক৷

লেখকজনৰ লেখাটো পঢ়ি ‘আস- ইমান ধুনীয়াকৈ লিখে আপুনি৷ মন পৰশি যায়৷’ বুলি মন্তব্য এটা আগবঢ়োৱাৰ পাছ মুহূৰ্ততে তেখেতেও ‘লাইক’ দি ‘ধন্যবাদ… আপোনাৰ মন্তব্যৰ বাবে কৃতজ্ঞ হৈ ৰ’লো’ বুলি জনালে৷ ইমান খ্যাতিমান হোৱাৰ পাছতো তেখেতে তাইৰ দৰে সাধাৰণ মানুহ এজনীক ধন্যবাদ দিছে৷ উৎফুল্ল হৈ পৰিল মধুচন্দাৰ মনটো৷ এইয়াই ফেচবুকৰ মায়াৱী পৃথিৱীখন৷ সাধাৰণ এটা লাইক আৰু এটা কমেণ্টে মনটো সজীৱ কৰি তুলিব পাৰে৷ ল’ৰা-ছোৱালী হাল স্কুলৰ পৰা আহি পাবৰ হোৱাত সিহঁতৰ খোৱা বোৱাৰ জা-যোগাৰ কৰাত লাগিল মধুচন্দা৷

আজি কালি সদায় ফেচবুক নোখোলে তাই৷ দুদিনমানৰ পাছত এদিন দুপৰীয়া লগ-ইন কৰোতে ফ্ৰেইণ্ড ৰিকুৱেষ্ট এটাৰে সৈতে নতুন মেছেজ এটা দেখিলে৷ তাইৰ ভাল লগা লেখকজনৰ৷ মেছেজত লিখিছে.. “আন এজনক ডিলিট কৰি আপোনাৰ বন্ধুত্ব প্ৰত্যাশী হৈছো৷ আশাকৰো গ্ৰহণ কৰিব৷” মনটো ভাল লাগি গ’ল মধুচন্দাৰ৷ ততাতৈয়াকৈ সেই অনুৰোধ ৰক্ষা কৰি ৰিপ্লাই দিলে “অশেষ ধন্যবাদ৷ বহুদিন আগতে ময়ো আপোনালৈ ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিয়াই ব্যৰ্থ হৈছিলো৷” মানুহজন বোধকৰো অনলাইন হৈ আছিল৷ লগে লগে প্ৰত্যুত্তৰ আহিল… ‘কথাটো শুনি বেজাৰ পালো৷ সেই ব্যৰ্থতা আপোনাৰ নহয়৷ মোৰ দুৰ্ভাগ্যইহে ইমানদিন আপোনাৰ সান্নিধ্যৰ পৰা বঞ্চিত কৰি ৰাখিছিল৷”
বাপৰে…সাধাৰণ কথাও ইমান সুন্দৰকৈ ক’ব পাৰে মানুহটোৱে৷ সৌজন্যমূলক দুই চাৰিষাৰ কথাৰে সেইদিনাৰ যোগাযোগ অন্ত পৰিছিল৷ মানুহজনে তাইৰ প্ৰফাইলটো, তাইৰ পোষ্টবোৰ সূক্ষ্মভাৱে চাইছিল হবলা৷ তাইৰ কেইবাখনো অকলশৰীয়া পুৰণা ফটোত নতুন লাইক পৰিছিল৷ মাজে মাজে দুই এটা মেছেজ…এদিন লিখিলে.. “আপুনি সঁচাই বৰ ধুনীয়া৷” কোন নাৰীয়ে আনৰ মুখত নিজৰ প্ৰশংসা শুনিলে বেয়া পাব? মধুচন্দায়ো বেয়া পোৱা নাছিল৷

সাহিত্যৰ গোটটোত তেখেতৰ কবিতা এটাত দুহেজাৰ মান লাইক পৰিছিল৷ কিবা সেউজীয়া সুউচ্চ পাহাৰ, ক’লা মেঘেৰে আৱৰি থকা উপত্যকাৰ বিভাজিকা, ঘন জংঘলৰে আৱৰা গহ্বৰৰ মন মতলীয়া কৰা সুবাস৷ ভালকৈ বুজি নাপালেও তায়ো কিবা এটা মন্তব্য দিছিল৷ অলপ পাছতে মেছেজ এটা পাইছিল… ‘কবিতাটো ভালকৈ পঢ়িবচোন৷’ সামান্য শংকা জন্মিছিল মধুচন্দাৰ মনত৷ এইগৰাকীও বেলেগ ফালে ঢাল খোৱা নাইতো! ধেৎ..তেখেত তেনেকুৱা হ’ব নোৱাৰে৷ মনতে ভাবিছিল তাই৷ কাহানিবাই আপলোড কৰা ফটোখন এবাৰ চাই কবিতাটো আকৌ এবাৰ পঢ়িছিল৷ একো বুজি পোৱা নাছিল৷ কেইদিনমান পাছত কবিতাটো বহুল প্ৰচাৰিত কাকত এখনতো প্ৰকাশ পাইছিল৷
সেইদিনা তাইৰ ইনবক্সত আৰু এটা মেছেজ আহিছিল৷
‘বাঃ..ধুনীয়া মানুহবোৰৰ ফুটনি বেছি দেই..আপোনাৰ কবিতাটোৰ কথা এবাৰো নক’লে’৷
তাইৰ কবিতা? বুজি পোৱা নাই বুলি কোৱাত তেখেতে লিখিছিল ‘সেইটো আপোনাৰ সেই ক’লা শ্লিভলেছ ব্লাউজটোৰে সৈতে গাঢ় নীলা ৰঙৰ শাৰী পিন্ধি উঠা ফটোখন দেখি সৃষ্টি হোৱা ভাৱৰ বুৰবুৰণি…আপুনি এটা ধুনীয়া কবিতা’৷

মাই গড৷ মিঠা শিহৰণ এটা জাগিছিল মনত৷ তাইক লৈ ইমান প্ৰখ্যাত লেখকজনে কবিতা লিখিছে৷ হয়…তাই ধুনীয়া হয়৷ দুটাকৈ সন্তানৰ মাতৃ হৈ বয়সে দুকুৰি গৰকাৰ পাছতো তাইৰ সযতনে ৰখা শৰীৰটো মোহনীয়ই হৈ আছে৷ মধুচন্দা নিজৰ শৰীৰ আৰু সৌন্দৰ্যক লৈ যথেষ্ট সচেতনো৷ কিন্তু সেইবুলিয়েই তাই কেতিয়াও কাকো আকৃষ্ট কৰিবলৈ চেষ্টা কৰা নাই৷ বিচৰা নাই কোনো পুৰুষৰ লোলুপ অথবা প্ৰশংসাৰ চাৱনি৷ সাজি-কাচি থাকি ভাল পায় তাই৷
স্বামী অনুপমে তাইৰ প্ৰেমত পৰিয়েই বিয়া কৰিছিল যদিও সি কবিতা লিখা নাছিল বা তাই ধুনীয়া বুলিও এদিনেই কৈছিল৷ তাকো তাৰ নিজৰ ধৰণে… ‘ইমানকৈ সাজি-কাচি নাথাকিবা..কাৰোবাৰ মুখ লাগিব৷’
সেইজনী মধুচন্দা এতিয়া এই আদ বয়সত জনপ্ৰিয় লেখকজনৰৰ ‘কবিতা!’
তাই ৰিপ্লাই দিছিল… ‘oh my god! thanks for the compliment’
সিফালৰ পৰাও শব্দ কেইটামান ছিটিকি পৰিছিল ইনবক্সত৷ ‘.. Mention not please..It’s completely my pleasure…ঘৰত অকলে আছে নে? এতিয়া কি পিন্ধি আছে?’
মধুচন্দাৰ আঙুলি কেইটাই কীপেডত খৰখৰকৈ টাইপ কৰিছিল “অনবৰত মানুহে তেনেকৈ সাজি-কাচি নাথাকে নহয়”
মধুচন্দা কবি বা সাহিত্যিক নহয়৷ তথাপিতো লোকৰ লেখা পঢ়ি-শুনি দুই এটা কথা তায়ো শিকিছিল৷ তাৰ পিছত সিফালৰ পৰা অহা কথাকেইটাৰ প্ৰত্যুত্তৰত তাই লিখিছিল ..Et tu..Brute…অসভ্য৷ প্ৰথমতে সেইজনক ব্লক কৰি তাৰ পিছত নিজৰ একাউণ্টটো ডি-এক্টিভেট কৰি পেলালে মধুচন্দাই৷
কাৰণ তাৰ আগতে সিফালৰ পৰা লিখিছিল… ‘মই সাজি-কাচি থকাৰ কথা কোৱা নাই নহয়৷ কি পিন্ধি আছে…তলত মানে ভিতৰত”
(লেখকৰ একলম: কথাবোৰ আচলতে গল্পৰ হে৷ মধুচন্দাও কাল্পনিক৷)

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.