এক চৌটি চি লাভ্‌ ষ্ট’ৰী – 1985 (পৱিত্ৰ ৰাজখোৱা)

এক চৌটি চি লাভ্‌ ষ্ট’ৰী – 1985 (পৱিত্ৰ ৰাজখোৱা)

এক চৌটি চি লাভ্‌ ষ্ট’ৰী – 1985 (পৱিত্ৰ ৰাজখোৱা)

by November 17, 2017 0 comments

দেখিছিলোঁ, বুজা নাছিলোঁ৷ বুজিছিলোঁ, অলপ বুজিছিলোঁ৷ বকুলতলত ফুল বুটলি থাকোঁতেই কোনোবাই কোৱা-কুই কৰে-

— ঐ, পফুল দা আৰু সৰুমাই পেহীয়ে ভালপোৱা ভালপুই কৰে৷

— অ’ ই ইমান অসভ্য কথা কৈছে, ঘৰত কৈ দিম ৰহ্‌৷

— এইটো এইটো লগনীটো ক’ৰবাৰ! ……

এনেকৈয়ে জানিছিলোঁ পফুল-সৰুমাইৰ প্ৰেম কাহিনী৷

০ ০ ০ ০ ০ ০

সাঁজ লাগিলেই নামঘৰত ডবা বাজে৷ চৰাইবোৰ বাহলৈ ওভতে৷ সেই সময়তেই কানিমুনিৰ সুযোগ লৈ চাইকেল ঠেলি ঠেলি পফুলে সৰুমাই ঘৰৰ নঙলাডাল খুলি সন্তপৰ্ণে চেনিকলজোপাৰ আঁৰত চাইকেল ৰাখে৷ যদিওবা শব্দহীন কৰিবৰ অপাৰ যত্ন তথাপিও চাইকেলখনে কেৰেৰেক্‌…, কুইইচ্‌… খেত্‌লেং …. এটা ক্ৰেচ মিউজিক মাৰি দিয়ে৷ কিহৰ গৰজত নীৰৱে থাকিব! দিনত কেৰিয়াৰত একদুই কুইণ্টল ৰঙালাউ বন্ধাকবিৰ ভাৰ বিহৰা বজাৰলৈ৷ কম্‌টি কষ্ট!

দুৱাৰ ঠেলি পফুল সোমাই আহে৷ লগে লগে মাকৰ মাত—কোন ঔ?

— মই, পফুল৷

মাকে জানে সেইটো পফুলেই৷ তথাপিও মাতে৷ বেছি ছল দিলে গললৈ জপিয়াব — সংশয়৷ টিপচাকি এটা লৈ সৰুমাই সোমাই আহে — নীৰৱতা৷ পফুলে বাৰেমিচাল চানাৰ টোপোলাটো উলিয়াই দিয়ে৷ দুভাগ —এভাগ কেঁচা শুকান জ্বলা মিক্স –সৰুমাইৰ ভাগৰ৷ আনভাগ কেৱল কেঁচা, জ্বলা কম, ভাৱী শাহুৱেকৰ ভাগৰ৷ দাঁত নাই যে, কেনেকৈনো শুকান মটৰবোৰ চোবাব – সেয়েহে!

কুতুৰ কুতুৰ চানা চোবোৱাৰ শব্দ চলি থাকে৷ টিপ্‌ চাকিৰ পোহৰ শিখা কঁপি থাকে৷ দিনটো বজাৰত থাকি ঘামিজামি পফুলৰ গাৰ পৰা দুৰ্গন্ধ বাজ হয়৷ চানা আৰু ঘামৰ গোন্ধৰ সংমিশ্ৰণত এটি সুগন্ধি বিয়পে– প্ৰেমৰ৷ সৰুমায়ে তলি উদং নাইচিল পাউদাৰৰ টেমাটো জৱৰদস্তি জোকাৰি দিয়ে পফুলৰ গাত৷ কেইফোটামান পাউদাৰ বাহিৰ হয়৷ কাষৰ টুলখনত ৰেডিঅ’টোত গঞা ৰাইজৰ অনুষ্ঠান চলি থাকে — পুতাইলৈ চিঠি৷ ….মৰমৰ পুতাই, এতিয়া কবি খেতিৰ বতৰ …….৷ মাজে মাজে সৰুমাইয়ে পফুলৰ ঘামবোৰ মচি দিয়ে গামোচা এখনেৰে৷ সৰ্বজান্তা মাকে গল হেকাৰি এটা মাৰে পাকঘৰৰ পৰা৷ সৰুমাই আঁতৰি আহে৷ কিছুসময়ৰ পিছত মাক জীয়েকে সঘন পাইচাৰী কৰে৷ পফুলে বেৰৰ ঘড়ীটোলৈ চাই বিপদ সংকেত বুজি সাউতকৈ যায়গৈ৷ কাৰণ শিশুপাল অহাৰ সময়৷ একমাত্ৰ ককায়েক লখিৰামেই কাল৷ নিশা ঢলং-পলঙকৈ আহি কয়

— ঐ বৌ (মাক) এইচব লিলিমাই নেহী চলেগা৷ ৰেপুটেচন খাৰাৱ কৰ দেগা৷ কেতিয়াবা খং উঠেগা, চুনীল চেত্ৰী মাৰন দে দেগা৷ আনদাষ্টেণ,

— এইটো কতা; বৰ ইংগাজী কোৱাটো ওলাইছে৷ যা, পানী চাংখনতে পুৰণা ঠেকেৰা বৈয়ামটো আছে, খাই দে গৈ৷ নিচাটো বহি যাব৷

খৰাং হৃদয়ৰ লখিৰাম৷ পফুল সৰুমাই প্ৰেমৰ হেঙাৰ৷

পিছে এদিন ঘটিল অঘটন৷ টিপচাকি পোহৰত চানা চোবাই থাকোতেই বাহিৰত জেওৰাখন মৰ্‌মৰ্‌কৈ ভাঙি চাইকেল এখন খেত্‌লেঙকৈ পৰাৰ শব্দ৷ খাটাং —– এইটো লখিৰামেই৷ কাৰো বুজিবলৈ বাকী নাথাকিল৷

গতিকে পিছ দুৱাৰেদি পফুলৰ পলায়ন৷ কিন্তু দুৰ্ভাগ্য! পিছফালৰ পথাৰখন আহাৰমহীয়া বৰষুণে তেনেই সাগৰ কৰি থৈছে৷ গতিকে আগফালেদিয়েই যাব লাগিব য’ত সেইজনা জেওৰা ভাঙি চিত্‌ভলঙা খাই পৰি আছে৷ তথাপিও সাহ কৰি আন্ধাৰৰ সুযোগ লৈ পিৰালিৰ কষেদি খুপি খুপি আগবাঢ়িল৷ পিছে পয়মাল! আগফালৰ দুফালকৈ মেল খাই থকা দুৱাৰখনেদি টিপ চাকিৰ পোহৰ সৰকি আহি চোতালত আঁকি থৈছে দীঘলীয়া পোহৰৰ আয়ত, উধৰ পৰা মুধলৈ৷ যেন কোনোবা নাটকৰ কোনো চৰিত্ৰ এম্ফাচাইজ কৰিবলৈ কৰা আলোকসজ্জা! সেই আয়ত গচকিলেই পোহৰত জিলিকি যাব পলাতক পফুল৷ বেঙা মেলিও চালে, জোখত নপৰে৷ কিন্তু পলাবই লাগিব৷ নহ’লে শিশুপালে বাৰ বজাই পঠিয়াব৷ গতিকে চূড়ান্ত সিদ্ধান্তটো লৈ পেলালে৷ প্ৰেকটিচ নথকাকৈয়েই মাৰি দিলে হাই জাম্প ——- ঢুপ্পুচ্‌! পৰিল পোকৰ ঠেকেঁচা খাই৷ লগে লগ দ্বৈত কণ্ঠৰ চিঞৰ

— পফুল দা আ আ আ আ

— পফুল নিকি ই ই ই ই ই

মাক জীয়েক চোতালত হাজিৰ৷ আহাৰমহীয়া বোকাৰে পফুলৰ তপিনা টিপ্‌টিপীয়া হ’ল৷ হেন সময়ত আয়তাকাৰ পোহৰ জ’নত লখিৰাম জিলিকি উঠিল৷ ক্লাইমেক্স! তিনিখন বুকুত ঢিপ্‌ ঢিপ্‌ ঢাপ্‌ ঢাপ্‌কৈ একেলগে ত্ৰিতাল বাজিছে৷ দোৰোল খোৱা জিভাৰে খলনায়কৰ সংলাপ আৰম্ভ–

— ৰাতি লোকৰ চোতালত কিহৰ হাইজাম্প! চাল্লা যি চাউণ্ড হৈছে গোটেই গাঁওখনেই গম পাই গৈছে৷ ৰেপুটেচন খতম কৰি দিবি চাল্লা! ——— ব’ল টিউৱেলৰ পাৰলৈ৷

জেঠেৰীয়েকৰ হুকুম! তাতে লখিৰামহেন মানুহ! আজি কাহিনী কি হ’ব! বুকুত ত্ৰিতাল খৰতকীয়া হৈছে৷ নীৰৱে মানি লৈ টিউৱেলৰ পাৰ পালে৷

টিউৱেলৰ হেণ্ডেলত ধৰি লখিৰামৰ হুকুম

— তপিনাটো পাতি দে৷

নিৰ্বিবাদে মানিলৈ টিউৱেলৰ মুখখনত পফুলে তপিনাটো পাতি দিলে৷ হেণ্ডেল মাৰি মাৰি লখিৰামে কৈ গ’ল –

— প্ৰেম কৰিবলৈ দম লাগে৷ হাইজাম্প মাৰিব নালাগে৷ প্ৰেম কৰিছ বিয়া পাত বচ্‌৷ লিলিমাই নচলিব৷

কথাবোৰ শুনি পফুলৰ এনে লাগিল যেন গোটেই ৰাতিটো জেঠেৰীয়েকৰ হতুৱাই তপিনাটো ধুৱায়েই থাকিব৷ অৱশেষত শিশুপালৰ সেউজ সংকেত!

কিছুদিনৰ পিছতেই পফুল সৰুমাইৰ বিয়া হ’ল৷ বিয়াৰ দিনা একমাত্ৰ ভনীয়েকক উলিয়াই দিয়াৰ দুখত দুখনাশক পানীটুপি সৰহীয়াকৈ খাই গোটেই ৰাতি খেৰৰ মেজিত শুই থাকিল লখিৰাম৷ পুৱা কইনা উলিয়াই দিবৰ সময়ত বিচাৰ-খোচাৰ কৰি খেৰৰ মেজিৰ পৰা উদ্ধাৰ কৰি দুজনমানে দাঙি-মেলি আনি ৰভাতলত খাৰা কৰিলে৷ লেৰেবা খোৱা জিভাৰে লখিৰামে কৈ গ’ল

— ভনটি, টেনচন নল’বি৷ মস্তিকে থাকিবি৷ কিবা পপলেম হ’লে মোক পটাপট্‌ খৱৰ দিবি৷ খেৰা হৈ দিম৷ দুখ নকৰিবি ভে এ এ এ এএ, , …,

কান্দোনত ভুৱন কঁপাই তুলিলে৷

ভনীয়েকৰ বিয়াৰ ছমাহৰ পিছতে সকলোকে আচৰিত কৰি লখিৰামেও ভাতুকীৰ জীয়েকক পলুৱাই আনিলে৷ কোনোৱে কোৱাকুই কৰিলে — আও, লখিৰামৰো হৃদয় বোলা বস্তু আছিল!

এৰা, লখিৰামৰো আছিল৷ সকলোৰে থাকে — সুপ্ত, লুপ্ত, অথবা জীৱন্ত ৰূপত!

০ ০ ০ ০ ০ ০ ০ ০ ০ ০

বহু বছৰৰ মূৰত সিদিনা পফুল দাৰ ঘৰলৈ গ’লোঁ৷ বাৰাণ্ডাৰ দীঘল বেঞ্চখনত সৰুমাই পেহী আঁঠুলৈকে মেখেলা কোঁচাই বহি আছে৷ কাষতে নতুনকৈ দাঢ়ি ঠুটিওৱা ল’ৰা এটাই ম’বাইল পিটিকি আছে —— পুতেক৷ দীঘলীয়া পদূলিটোৰে সোমাই যাওঁতে দূৰতে চিনি পাই পেহীয়ে হায়ৈ বিয়ৈ লগালে——

—– ঐ জহনি মআ বনি ক’ৰ পৰা ওলালিহি? আজি কি মনত পৰিল? ক’ত থাক? কি কৰ? বৰ এটা হ’লি ঔ! হেৰৌ এইটোক কোঁচত তুলি ডাঙৰ কৰিছিলোঁ৷ হে হে হে! তোক দেখি মনটো যে ইমান ভাল লাগিছে —-

পেহীয়ে অনৰ্গল ইমানবোৰ প্ৰশ্ন সুধিলে ইমান কথা ক’লে মই উত্তৰ দিবলৈ সুবিধাই নাপালোঁ৷ মাথোঁ ৰ’ লাগি পেহীলৈ চাই ৰ’লোঁ৷ মুখখন শুকান৷ চানি পৰিছে৷ চুলি আধাখিনি পকিল৷ চকু কোটৰত সোমাল৷ চাদৰৰ আচলখন আঁতৰি উদং হৈ আছে নাভি মণ্ডল৷ এই বগী ঢকঢকী নাভি আঁচলৰ ফাঁকেৰে লুকাই চুৰকৈ জুমি চাই পুলকিত হৈছিলো কৈশোৰ বয়সত৷ আজি সেই শিহৰণ মুঠেও নাই৷ আজি মাৰ নাভিটো যেন লাগিছে৷ য’ত মই সংলগ্ন হৈ আছিলোঁ৷

কিছু সময়ৰ পিছত চাইকেলখন লৈ পফুল দা ওলালহি৷ বজাৰ সামৰি আহিছে৷ একেই গহীন ভাৱ৷ চুলি মিঠুন কাটেই৷ মাথোঁ আধা বগা পৰিছে৷ মোক দেখি– “তই কেতিয়া আহিলি” বুলি সুধি বাৰমিচাল চানাৰ টোপোলাটো উলিয়াই পেহীৰ হাতত দিলে৷ পেহীয়ে বৰ উৎসাহেৰে হাত পাতি ল’লে৷ মোৰ চাৎকৈ তাহানিৰ দিনবোৰ মনত পৰি গ’ল৷ তাৰমানে কথাবোৰ একেই আছে! পেহীয়ে চানা এখামোচ মোলৈ বুলি দিলে৷ — হাৰে এয়া দেখোন তাহানি পেহীৰ মাকৰ ভাগটো — কেঁচা আৰু জ্বলা কম! তেতিয়াহে মন কৰিছোঁ পেহীৰ দাঁত চাৰিটামানহে আছেগৈ৷ একান্তচিত্তে চানাত ব্যস্ত পেহীয়ে টানমুৰীয়া মটৰ দুই এটা চুপি চুপি পেলাই দিছে৷ মই ৰ’ লাগি চাই ৰ’লোঁ৷

০ ০ ০ ০ ০ ০ ০

জন্মতে মানুহৰ দাঁত নাথাকে৷ এটা দুটাকৈ গজে৷ তাৰপিছত এটা দুটাকৈ সৰে৷ তাৰপিছত আকৌ গজে৷ এই দাঁতেই জীৱনত বহু সোৱাদ লোৱা, ভোগ কৰাত সহায় কৰে৷ দাঁতবোৰ আকৌ সৰে৷ কিন্তু তাৰপিছত! তাৰপিছত আকৌ নগজে কোনোদিন!

কিন্তু প্ৰেম বুকুত এবাৰ গজে৷ সেউজীয়া হৈ গৈ থাকে গৈ থাকে! ফুল ফুলে, ফল লাগে৷ কেতিয়াও নমৰহে, কেতিয়াও নসৰে৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.