এখন ছবিৰ কপিৰাইট – ভাস্কৰ ঠাকুৰীয়া

এখন ছবিৰ কপিৰাইট – ভাস্কৰ ঠাকুৰীয়া

এখন ছবিৰ কপিৰাইট – ভাস্কৰ ঠাকুৰীয়া

by November 17, 2017 0 comments

 

ইণ্টাৰনেট আৰু বিশ্বায়নে যেনেকৈ বৰদলৈ ট্ৰফিৰ দৰে বিখ্যাত প্ৰতিযোগিতাও গুৰুত্বহীন কৰি পেলাইছে, তেনেকৈয়ে ই উঠি অহা প্ৰতিভাশালী শিল্পীসকলৰ বিকাশতো হেঙাৰ হৈ পৰিব পাৰে৷ বিশ্বৰ শ্ৰেষ্ঠ শিল্পকৰ্মসমূহ ইণ্টাৰনেটৰ সহায়ত কিটিপতে দেখা পোৱাৰ পিছত অখ্যাত লোকৰ সৰু কামবোৰলৈ সময় নোহোৱা হৈ পৰে৷ মৌলিক কামৰ প্ৰতি আমাৰ সমীহ আগৰে পৰাই কম৷ তাৰ ওপৰত ইণ্টাৰনেটৰ ফ্ৰী ডাউনলোডৰ স্বভাৱৰ বাবে কপিৰাইট বুলি থকা আইনৰ প্ৰতি বেছিভাগেই অজ্ঞতা প্ৰদৰ্শন কৰা দেখা যায়৷ শিল্পকৰ্ম এটাৰ স্বত্বাধিকাৰীৰ কথা নভৱাকৈয়েই ইণ্টাৰনেটত উপলব্ধ বিনামূলীয়া শিল্পৰ সহায়তেই নীতিবিৰুদ্ধ পৰোক্ষ ব্যৱসায় চলি থাকে আৰু বিষয়টোৰ প্ৰতি আমি উদাসীন৷ উদাহৰণস্বৰূপে – বাতৰি কাকত, আলোচনী বা কিতাপসমূহক এতিয়ালৈকে মধ্যবিত্ত অসমীয়াৰ বৌদ্ধিক স্পন্দন বুলিব পৰা অৱস্থা এতিয়াও আছে৷ সি এটা শুভ লক্ষণ। কিন্তু বেছিভাগ অসমীয়া আলোচনী, বাতৰি কাকততেই অলঙ্কৰণৰ বাবে কোনো চিত্ৰকৰ/ফটোগ্ৰাফাৰ কাম নকৰে৷ দুই এজনে ফ্ৰীলেঞ্চ হিচাপে এখন দুখন কাৰ্টুন, বা ছবি আঁকি দিয়ে যদিও সৰহ সংখ্যক আলোচনীতেই ডিটিপি অপাৰেটৰজনেই হ’ল সৰ্বেসৰ্বা৷ তেওঁ গুগল ইমেজত ছবিৰ সন্ধান কৰে, তাৰপিছত ফট’শ্বপৰ সহায়ত ছবিখন কাটি-কুটি পেজমেকাৰত ফাইনেল লেআউট তৈয়াৰ কৰে৷ আনকি যিকেইটা সংবাদমাধ্যমে নিজৰ শিল্পকৰ্ম ব্যৱহাৰ কৰে তেওঁলোকেও শিল্পীৰ নাম খোলোচা নকৰে৷ কিন্তু আলোচনী এখনৰ মানদণ্ডৰ বাবে সম্পাদক, সহকাৰী সম্পাদক, ডিটিপি, অক্ষৰ বিন্যাসৰ দৰেই চিত্ৰশিল্পীৰো সমানেই অৱদান থাকে তাক আমি নাভাৱো কিয়?
কেইদিন মান আগতে জাপানৰ বিখ্যাত কাহিনীকাৰ হাৰুকি মুৰাকামিৰ গল্প সংকলন “ব্লাইণ্ড ৱিলো এণ্ড শ্লিপিং ৱমেন” পঢ়িলোঁ৷ তাৰ ভালকেইটা কাহিনীৰ মুখ্য চৰিত্ৰ আছিল এনে কিছুমান চিত্ৰকৰ যি আলোচনী বা কিতাপৰ গ্ৰাফিক ডিজাইন কৰি এক ভাল জীৱন যাপন কৰি আহিছে৷ ই জাপানৰ চিত্ৰকৰ সকলৰ সফল অৱস্থাকেই বুজায়৷ জাপান আমাতকৈ আগবঢ়া দেশ, কিন্তু এই ইণ্টাৰনেটত ভৰসা কৰি কপিৰাইটলৈ পিছমুখ দি আত্মাহীন দেখনিয়াৰ আলোচনী, কিতাপ এখন চপোৱাতকৈ যদি এচাম প্ৰতিভাৱান চিত্ৰকৰক সংস্থাপন দিলে হয়, হয়তো আমাৰ কলা সাহিত্যৰ গভীৰতা আৰু আগবাঢ়িলে হয়৷ বিদেশতহে নালাগে ভাৰতৰো নাম কৰা ইংৰাজী আলোচনী, বাতৰিকাকত সকলৰ চাৰুকলা বিভাগত চিত্ৰকৰ, ফটোগ্ৰাফৰ, আৰু গ্ৰাফিক ডিজাইনাৰসকলে মিলিহে কাম কৰা দেখা যায়৷ সদ্যহতে কিছুমান প্ৰতিভাৱান চিত্ৰকৰে অসমত নিজৰ প্ৰতিভাৰ বলত সুনাম আনিছে যদিও তাত প্ৰকাশক, আলোচনী প্ৰতিষ্ঠানসকলৰ বহু কৰণীয় আছে৷ আৰু তাৰ বাবে প্ৰথমতে আমাক লাগিব জন সচেতনতা৷
অৱশ্যেই ইণ্টাৰনেটৰ সুবিধাক নুই কৰিব নোৱাৰি৷ আগতে কিবা এটা জানিবলৈ কিমান যে কষ্ট কৰিব লাগিছিল৷ আজিকালি বচ গুগল কৰিলেই হয়৷ সকলোৱে বিনা খৰচত অতি সোনকালে খৱৰ পোৱাটো ইণ্টাৰনেটৰ ভাল কথা৷ কিন্তু তথ্যৰ বিকৃতিৰ বা ভুল তথ্যৰ প্ৰচাৰ আৰু তাৰ ব্যবসায়িক দিশটো ইয়াৰ আন এটা কুফল৷
ছবি এখনৰ সন্ধান কৰোঁতে মই সেই দিশতো বাৰুকৈয়েই অনুভৱ কৰিব পাৰিছিলোঁ৷ ২০০৭ চনৰ পৰা ২০১২ চনমানলৈ কলা ইতিহাসৰ বিষয়ে পঢ়া শুনা কৰিছিলোঁ ব্যক্তিগত কাৰণত৷ ইণ্টাৰনেটে তাত বহু সহায় কৰিছিল৷ মই ৰাছিয়াত জন্ম হৈ ভাৰতত দীৰ্ঘদিন কৰ্মজীৱন অতিবাহিত কৰা নিক’লাচ ৰ‘ৰিকৰৰ বিষয়ে য’তেই যি নাপাওঁ পঢ়িবলৈ ধৰিলোঁ৷ তেনেতে মই wikipainting নামৰ প্ৰজেক্টটো দেখিলো৷ ৱিকিপেডিয়াৰ দৰে ৱিকিপেইণ্টং হ’ল এটা সমূহীয়া প্ৰকল্প৷ ৱিকিপেইণ্টিঙত নিকলাচ ৰ‘ৰিকৰ হাজাৰৰো অধিক ছবি আছে৷ ঘৰত বহি প্ৰিয় চিত্ৰকৰৰ প্ৰায় সকলো ছবি দেখিবলৈ পোৱাটো অতি ডাঙৰ কথা৷ তেনেতে এই ছবিখন দেখা পালোঃ Conversation with God., নিক’লাচ ৰ’ৰিকৰ৷

১. মূল ছবি কনভাৰশ্বেচন উইথ গড- চিত্ৰকৰ সম্ভৱত নিক’লাচ ৰ‘ৰিকৰ

ছবিখনত কিশোৰ এজনে নিৰ্জন আকাশলৈ চাই আছে৷ আকাশলৈ চাই কল্পনাৰ ঘোঁৰা চলোৱাটো মানৱ সভ্যতাৰ হাজাৰ বছৰীয়া পৰম্পৰা৷ কিন্তু যোৱা কেইটামান দহকত আমি ইমান ব্যক্তিকেন্দ্ৰিক হৈ পৰিলোঁ যে আকাশলৈ চাই অনুভৱ কৰাৰ সময় নোহোৱা হ’ল, বিশেষকৈ চহৰবোৰত৷ ভাৰতবৰ্ষত সকলো মানুহেই আজি হয় শাৰীৰিকভাৱে নহ’লে মানসিকভাবে চহৰমুখী৷ গম নোপোৱাকৈয়ে আমি প্ৰকৃতিৰ পৰা দূৰলৈ আহি আছোঁ৷ এই কৃত্ৰিম জীৱনৰ বাবে কিজানি আমিয়েই দায়ী আৰু লাহে লাহে আমি তাৰ ফলাফল ভোগ কৰা আৰম্ভ কৰিছোঁ৷ মানৱতাৰ স্খলন দেখি আমি সচকিত হৈছোঁ যদিও ধৰিব পৰা নাই যে এই স্খলনৰ কাৰণ হাজাৰ বছৰীয়া প্ৰাকৃতিক সম্পৰ্ক উচ্ছেদ কৰি এক কৃত্ৰিম জীৱন নিৰ্বাহ কৰাটোও হব পাৰে৷ Conversation with God নামৰ ছবিখনত সেই শৈশৱৰ মই জনক বিচাৰি পাই মই আপ্লুত হৈছিলোঁ৷ পৰৱৰ্তী সময়ত লেখকৰ “সিংহদ্বাৰ” নামেৰে প্ৰকাশ হোৱা অসমীয়া উপন্যাসত ছবিখনৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন হ’ল৷ উপন্যাসখনৰ গঠনৰ প্ৰক্ৰিয়াটোত চিত্ৰকলাৰ প্ৰৱল ব্যৱহাৰ আছিল সেইবাবে ছবিখন কপিৰাইটৰ প্ৰতি সন্মান ৰাখি যথাবিধি মতে উপন্যাসখনত ব্যৱহাৰ কৰিবলে মন কৰিলোঁ৷ কেতিয়াবা (সদায় নহয়) দেখা যায় কিতাপত ব্যৱহৃত চিত্ৰকলাৰ কপিৰাইট সম্পৰ্কেও বহু লেখক, প্ৰকাশক বেফিকৰ থাকে৷ মানে কিছুমানে ইণ্টাৰনেটৰ পৰা ছবি উলিয়াই বেটুপাত বা আন ছবি ব্যৱহাৰ কৰে, কিছুমানেতো আচল চিত্ৰকৰৰ নামেই নিদিয়ে, তেওঁলোকৰ বাবে কিজানি ফট’শ্বপ ডিজাইনাৰজনেই হ’ল বেটুপাত শিল্পী৷ আৰু কিছুমানে চিত্ৰকৰৰ নাম প্ৰকাশ কৰিলেও অনুমতি লোৱাৰ কষ্ট নকৰে, চিত্ৰশিল্পৰ বাবে মাননী আদি দিয়াতো দূৰৰেই কথা৷ তাৰ বাবে মাজে মাজে চচিয়েল নেটৱৰ্কিং চাইটবোৰত বাক-বিতণ্ডাও হোৱা দেখা পোৱা যায়৷ এনেবোৰ সমস্যাৰ বাবেই কিছুদিন আগতে জয়ন্ত হাজৰিকাৰ স্মৃতিৰ এখন চিডি উন্মোচন কৰিবলৈ গৈ জুবিন গাৰ্গে সেই প্ৰকল্পটো বন্ধ কৰিবলগীয়া হ’ল৷ শিল্পক পেছা হিচাপে গঢ়ি তুলিবলৈ আৰু শিল্পীক সন্মান প্ৰদান কৰিবলৈ কপিৰাইটৰ নিয়ম মানি চলাটো অতি দৰকাৰী কথা৷ ঘটনাটো ২০১২ চনৰ৷ গম ল’লোঁ -ভাৰতীয় কপিৰাইট নীতি অনুসৰি শিল্পীৰ মৃত্যুৰ ৬০ বছৰ পিছত শিল্পই কপিৰাইটৰ বান্ধোনৰ পৰা মুক্ত হয়৷ নিক’লাচ ৰ‘ৰিকৰ মৃত্যু ১৯৪৭ চনত হৈছিল। সেই নিয়ম মতে ছবিখন কপিৰাইট মুক্ত হবলৈ আৰু পাঁচ বছৰ আছে৷ নিয়ম মতে ছবিখন ব্যৱহাৰ কৰিবলৈ স্ৰষ্টাৰ অনুমোদিত উত্তৰাধিকাৰীৰ অনুমতি লব লাগে৷ আন্তৰাষ্ট্ৰীয় কপিৰাইট এক্টৰ ছাত্ৰী এগৰাকীৰ সহায় লোৱাত তেওঁ ক’লে ৰুছিয়াৰ নিয়ম মতে শিল্পৰ কপিৰাইট মুক্ত হোৱাৰ সময়সীমা ৫৪ বছৰ৷ আন্তৰ্জাতিক ৰৰিকৰ সংস্থা মুখ্য কাৰ্য্যালয় মস্কোত অৱস্থিত৷ তাৰমানে ছবিখন কপিৰাইট মুক্ত হল নেকি? নিক’লাচ ৰ’ৰিকৰ নিশ্ব নাগৰিক কিন্তু পাছপৰ্ট ৰাখিছিল ৰুছিয়াৰ আৰু তেওঁৰ বেছিভাগ ছবি ভাৰত/মাৰ্কিন যুক্তৰাষ্ট্ৰত থকা সময়ত অঁকা৷ এইকথা আমি জানিছিলোঁ যে অসম মুলুকত কেই হাজাৰমান মানুহে পঢ়া ক্ষুদ্ৰ কিতাপ এখন লৈ কিজানি ৰ’ৰিকৰৰ উত্তৰাধিকাৰি কোনেও মূৰ নঘমায়৷ গতিকে যদি মই অনুমতি নোলোৱাকৈ ছবি এখন ছপাওঁ, তেনেহ’লে হয়তো কোনোৱেই কথাটো গম নাপাব আৰু কোনেও আমাৰ ওপৰত মোকৰ্দমা কৰিবলৈও নাহিব৷ তথাপিও যিহেতু ই নীতিবিৰুদ্ধ কথা, সেয়ে মই ইয়াৰ বাবে নিক’লাচ ৰ‘ৰিকৰ মিউজিয়াম, নিউয়ৰ্ক আৰু মস্কোৰ সহায় বিচাৰিলোঁ৷ গম পালোঁ এতিয়ালৈ তেওঁৰ কপিৰাইটৰ ওপৰত আধিকাৰ থকা নায্য উত্তৰাধিকাৰী নাই৷ নিউয়ৰ্কৰ মিউজিয়ামৰ পৰা উত্তৰ আহিল৷ আমি নিক’লাচ ৰ‘ৰিকৰ তিনিখন ছবি ব্যৱহাৰ কৰিবলৈ অনুমতি বিচাৰিছিলোঁ৷ আন ছবি কেইখন সম্পৰ্কে যথাৰীতি মতে ৰ‘ৰিকৰ মিউজিয়ামৰ সঞ্চালক ডেনিয়েল এণ্টিনে সহায়ো কৰিলে কিন্তু ওপৰত উল্লেখ কৰা  “কনভাৰশ্বেচন উইথ গড” ছবিখন সম্পৰ্কে তেওঁ সন্দিহান হৈ উঠিল৷ তেওঁ সুধিছিল, ‘ক’ত পালে এই ছবিখন? ‘মই যেতিয়া ক’লোঁ যে ছবিখন মই ৱিকিপেইণ্টিঙত দেখিছোঁ আৰু আমাজনত তাৰ প্ৰতিৰূপ ছবি বেচাও হয় নিক’লাচ ৰ‘ৰিকৰ ছবি বুলি৷ (আমাজন ডট কম, তেতিয়া আমাজন ভাৰতত ভালকৈ প্ৰৱেশেই কৰা নাছিল)৷ ডেনিয়েল এণ্টিন ডাঙৰীয়াই দুইদিনমান পিছত মোক জনালে যে তেওঁ নিক’লাচ ৰ‘ৰিকৰ বেছিভাগ ছবিয়েই চিনি পায় আৰু তেওঁৰ মতে এইখন কিজানি তেওঁৰ ছবি নহয়৷ তেওঁ লগতে এই বুলিও মত প্ৰকাশ কৰিলে যে “ইণ্টাৰনেটক লৈ এয়াই সমস্যা”৷
ছবিখন নিক’লাচ ৰ‘ৰিকৰ হয় নে নহয় জানিবলৈ মই ৱিকিপেইণ্টিঙলৈ লিখি পঠিয়ালোঁ, যে আমেৰিকাৰ ৰ’ৰিকৰ মিউজিয়ামৰ নিৰ্দেশকে কৈছে কিজানি এইখন ৰ‘ৰিকৰ ছবি নহয়৷ আপোনালোকে এই বিষয়ে কিবা তথ্য দিব পাৰিব নেকি?
ৱিকিপেইণ্টিঙৰ ফালৰ পৰা উত্তৰ আহিলঃ “যিহেতু ৱিকিপেইণ্টিঙ এটা সামূহিক প্ৰকল্প, গতিকে প্ৰতিখন ছবিৰ সকলো দিশ আমি পোহৰাব নোৱাৰিম৷ যিহেতু ছবিখনৰ সত্যতাৰ বিষয়ে সন্দেহৰ দিশ এটা পাইছোঁ, সেয়ে সদ্যহতে আমি আমাৰ ৱেবচাইটৰ পৰা ছবিখন গুচাই থৈছোঁ৷ আগন্তুক দিনত ছবিখনৰ বিষয়ে কিবা কথা গম পালে আপোনাক জনাম”৷ তাৰ পিছত মই মন কৰিলোঁ- ছবিখন সম্পৰ্কে ই বিশ্বৰ মতি-গতি অলপ সলনি হ’ল, বেলেগ হ’ল৷ সেই ছবিখন ৱিকিপেইণ্টিঙৰ পৰাতো নোহোৱা হ’লেই, লাহে লাহে আমাজন বা চিত্ৰশিল্প বেচা যিকোনো ৱেবচাইটৰ পৰাই ছবিখন অন্তৰ্ধান হ’ব ধৰিলে। পিছত মোৰ ভাৱ হ’ল, এই চিত্ৰকৰৰ নামবিহীন ছবিখন মাথোঁ মোৰ লেপটপতেই সোমাই থাকিব৷ ইণ্টাৰনেটৰ বিশ্বাসযোগ্যতাকলৈ সেইটোৱেই সমস্যা৷ কোনোবাই নহয় কোনোবাইতো ছবিখন আঁকিছিল?
কিন্তু তেতিয়ালৈ ছবিখন মোৰ কিতাপখনৰ অভিন্ন অঙ্গ হৈ পৰিছিল৷ কিতাপৰ আঙ্গিক দিশটোৰ লগত জড়িত চিত্ৰকৰসকলৰ লগত আলোচনা কৰি এটা উপায় উলিওৱা হ’ল৷ আমি সেই ছবিখন একেৰূপে ছপাই নিদি যদি ছবিখনৰ মূলভাৱ একে ৰাখি নতুন ছবি এখন আঁকি উলিয়াও তেনেহ’লে ই কপিৰাইটৰ মেৰপেছত নপৰে৷ আৰু যিহেতু সম্ভৱত মূল চিত্ৰকৰজন হ’ল নিকলাচ ৰ‘ৰিকৰ কথাটো কিতাপখনত তেনেকৈয়ে উল্লেখ কৰিম৷
ভবা মতে আমি আগবাঢ়িলোঁ, ছবিখনত কিশোৰ এজনে আকাশলৈ চাই আছে৷
আকাশ আৰু তৰা… হিমালয়ৰ পিচতে নিক’লাচ ৰ‘ৰিকৰ ছবিত এই দুটি বিষয় বাৰ বাৰে আহি থাকে৷ তেওঁৰ আন কেইখনমান বিখ্যাত ছবি আছিল “The Star and the Hero”, বা “Spell new moon” বা Urusvati তো আকাশ আৰু তৰাৰ বাৰে বাৰে আহি আছিল৷

২. স্পেল নিউ মুনঃ নিক’লাচ ৰ‘ৰিকৰঃ ১৯৩২

 

৩. ষ্টাৰ অফ ডা হিৰ- নিক’লাচ ৰ‘ৰিকৰ ১৯৩২

সেইবোৰ ছবিত আকাশ আৰু তৰাবোৰ যেনেকৈ অঙ্কিত কৰিছিল তেনে প্ৰণালীৰেই অনুপ্ৰাণিত হৈ মোৰ প্ৰকল্পটোৰ লগত জড়িত প্ৰতিভাৱান চিত্ৰকৰ (ডাঃ অপূৰ্ব ৰাজবংশী)য়ে আঁকি উলিয়ালে এখন সম্পূৰ্ণ নতুন ছবি- ঈশ্বৰৰ স’তে বাৰ্তালাপ৷ ছবিখনৰ আকাশ, বনানী, পথাৰ অসমৰ পটভূমিত আমি সেই শৈশৱত তৰা চাই কটোৱা আকাশ এখনৰ মৌলিক মনোমোহা ছবি৷ ছবিৰ মূল কথা, আকাশৰ ৰূপ, তৰাৰ ৰূপ, কিশোৰৰ প্ৰফাইল আদি আলোচনা কৰি ছবিখন সম্পূৰ্ণ হোৱালৈ প্ৰায় দুবছৰ লাগিল৷ আমি তিনিজন মানুহৰ, দুজন চিত্ৰকৰৰ বহু বিনিদ্ৰ ৰজনী অতিবাহিত হোৱাৰ পিছত এখন মনঃপুত মৌলিক ছবি প্ৰস্তুত হোৱা বাবে আমাৰ সকলোৰে মনটো ভাল লাগিল৷

৪. কনভাৰশ্বেচন উইথ গড নামৰ ছবিৰপৰা অনুপ্ৰাণিত হৈ ডাঃ অপূৰ্ব ৰাজবংশীয়ে অঁকা ছবি

প্ৰকল্পটো শেষ হোৱাৰ পিছত ২০১৬ চনত গুগলত ছবিখন আকৌ বিচাৰি চালোঁ- এইবাৰ আকৌ ৱিকি পেইণ্টিঙ, বা আমাজন ডট কমত কনভাৰশ্বেচন উইথ গড ছবিখন আকৌ আগৰ দৰেই নিক’লাচ ৰ‘ৰিকৰ কৃতিত্বৰে উজলি থকা দেখিলোঁ৷
চিত্ৰকৰ কোন?
সম্ভৱতঃ নিক’লাচ ৰ‘ৰিকৰ?
ছবিখন ক’ত আছে?
ৱিকি পেইণ্টিং উত্তৰঃ মূল ছবিখন ধ্বংসপ্ৰাপ্ত হৈছে৷
সঁচা নে?
ইণ্টাৰনেটক লৈ ইয়েই সমস্যা? চব গম পায়, কিন্তু বহু কথাৰ সতাসত্য ধৰিবই নোৱাৰি৷
তাৰমানে আমি সময় নষ্ট কৰিলোঁ?
তেনকৈ ভবোঁতেই ব্যক্তিগত নৈতিকতাৰ প্ৰশ্নটো আহে৷ ইণ্টাৰনেট আছে বাবেই সকলো বিনামূলীয়াকৈ অনুমতি অবিহনে ব্যৱহাৰ কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰিম নে এনে এটা বৌদ্ধিক বাতাবৰণ সৃষ্টি কৰাত সহায় কৰিম, যি কলা আৰু তাৰ স্ৰষ্টাক ন্যায্য স্থানপ্ৰাপ্তিত সহায় কৰিব৷ আমি উচিতভাবে দ্বিতীয় বাটটো বাছি লৈছিলোঁ৷
অসম দেশত অসমীয়া চিত্ৰকৰৰ মূল্যায়ন কমকৈ হয় আৰু ছবিৰ মূল্যায়নটো নোহোৱাৰ দৰেই৷ আৰু কপিৰাইটৰ আবদাৰ?

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.