কাংক্ষিত জোনাক — জয়শ্ৰী মেছ গগৈ

কাংক্ষিত জোনাক  —  জয়শ্ৰী মেছ গগৈ

কাংক্ষিত জোনাক — জয়শ্ৰী মেছ গগৈ

by November 17, 2017 0 comments

{ দহ }
ধৰিত্ৰীৰ চিন্তাই উপমন্যুৰ অন্তৰ্জগত কেতিয়া দখল কৰিলে সি নিজেই তাৰ উমান নাপালে৷ বৰ আচৰিত, বৰ অভাৱনীয় সংযোগ আছিল ধৰিত্ৰীক লগপোৱা৷ বাৰে বাৰে নিজকে প্ৰশ্ন কৰে কিয় সি ৰূমালখন আগবঢ়াই দিছিল? কিয় তাইৰ চকুৰ পানীয়ে তাৰ বুকুত আঘাত কৰিছিল?
নাজানে, উপমন্যুয়ে নাজানে! দুহাতেৰে মুখখন মোহাৰি উপমন্যুয়ে লিখি যায় ডায়েৰীৰ পৃষ্ঠাৰ উপৰি পৃষ্ঠা৷ …..ধৰিত্ৰী! কিবা এক আধৰুৱা সপোন যেন৷
————-
মই এলিনাক বিয়া কৰাই আনিছিলোঁ ঘৰৰ পছন্দত যদিও, তেওঁৰ প্ৰাপ্ত মৰ্য্যদা দিয়াত কুণ্ঠাবোধ কৰা নাছিলোঁ৷ মোৰ সপোন আছিল জীৱনত মানুহ হিচাবে জীয়াই থকাৰ৷ মৃত্যুৰ পাছত যি মানুহৰ বাবে যদি দহজনে নাকান্দে সেয়া জীৱন হ’ল নে? মই কেৱল পৈতৃক সম্পত্তিকে সাৱটি মিঠ্যা জাত্যাভিমান লৈ জীয়াই থকাৰ পক্ষপাতী নাছিলোঁ৷
মোৰ সপোন আছিল পৃথিৱীখনক সেউজীয়া কৰি ৰখাৰ৷ মোৰ কৰিবলগীয়া আছিল অসমৰ পৰম্পৰাগত খাদ্য সম্ভাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ কৰা৷ মই নদীৰ সোঁতত, গভীৰ অৰণ্যৰ জিলিৰ মাতত অথবা বিভিন্ন চৰাইৰ কিচিৰ মিচিৰ শব্দবোৰত সংগীত বিচাৰি লোৱাৰ সপোন দেখিছিলো৷
মই বিচাৰিছিলো এলিনা দেউতাহঁতৰ পছন্দৰ হ’লেও পত্নী হিচাবে মোক বুজক৷ মোক তুলি ধৰক৷ মোৰ প্ৰেৰণা হৈ ধৰা দিয়ক৷ প্ৰতিজন পুৰুষে বিচাৰে তেওঁৰ পত্নী এগৰাকী বন্ধু হওক৷ তেওঁৰ সুখ-দুখৰ ছাঁ-পোহৰবোৰ দেখক! নাৰীৰ ত্যাগ আৰু সহনশীলতাৰ মূৰ্তমান ৰূপক মই সদায়ে শ্ৰদ্ধা কৰি আহিছোঁ৷
কিন্তু ই কি? আচৰিত! এলিনাৰ মাজত মই এই ৰূপ কেতিয়াও বিচাৰি নাপালো৷ জীৱন নেদেখা, জীৱন নুবুজা অভিজাত বংশৰ এলিনাৰ বাবে মোৰ সপোনবোৰ আছিল ভিকহুৰ আচৰণ৷ কেৱল বস্তুবাদী ধ্যান ধাৰণাৰে মগজু পূৰ্ণ কৰি ৰখা এলিনাৰ বাবে পৰম্পৰাগত খাদ্য বা সাজপাৰ আছিল আউট ডেটেদ্৷
মোক হাঁহিছিল তেওঁ৷ উচ্চ শিক্ষাৰে শিক্ষিত হৈও তুমি ‘চ’ ক’ল্ড’ পুৰণি বুঢ়া মানুহৰ দৰে৷ এলিনাই প্ৰায়ে মোক কৈছিল৷
দেউতাৰ ৠণ আছিল এলিনাৰ দেউতাকৰ ওচৰত৷ আৰু সেই ৠণ মই পৰিশোধ কৰিবলগীয়া হৈছিল এলিনাক বিয়া কৰাই, তেওঁৰ তাচ্ছিল্য সহ্য কৰি৷ জন্ম দাতাৰ প্ৰতি মোৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব যাওঁতে মোৰ কি অনিষ্ট হৈছিল সেয়া বুজিছিল কেৱল মায়ে৷ দেউতাৰ প্ৰতি ভয় শংকা আৰু আনফালে পুত্ৰৰ প্ৰতি সমবেদনা৷ মই মাৰ কষ্ট বুজি পাইছিলোঁ৷ মই মাথোঁঁ মাক সময়লৈ অপেক্ষা কৰিবলৈ কৈছিলোঁ৷ হয়তো সময় ৰৈছিল কিন্তু মা নৰ’ল৷ দেউতাৰ অভিজাত দম্ভ, অহংকাৰৰ জ্বালা সহি সহি মা গুচি গ’ল৷ মই দেখিছিলো মাৰ দুচকুত মোক দিব নোৱাৰাবোৰৰ কাতৰতা৷ আস্! কিমান কষ্টকৰ চাগে এগৰাকী নাৰীৰ বাবে যেতিয়া তেওঁ পতিৰ সুখৰ বাবে সন্তানৰ কষ্টক আওকাণ কৰিব লগা হয়৷ মই সন্মান কৰোঁ নাৰীৰ এই ত্যাগ৷ সন্মান কৰোঁ৷ শ্ৰদ্ধা কৰোঁ৷ পূজা কৰোঁ৷ আৰু অহংকাৰী আমাৰ পুৰুষ জাতিক ধিক্কাৰ দিওঁ৷ যাৰ উৰ্বৰ গৰ্ভত পুৰুষত্বৰ বীজ অংকুৰিত হৈ পুৰুষত্বক স্বীকৃতি দিয়ে সেই নাৰীক অপমান কৰা পুৰুষক মই পুৰুষ হৈও ঘৃণা কৰোঁ৷ দেউতাক মই বেয়া পাইছিলো৷ তেওঁ মাক কোনো দিনে সন্মান দিয়া নাছিল৷
————-
আৰু এলিনা?
তেওঁ আছিল মোৰ আকাংক্ষাৰ নাৰীগৰাকীৰ সম্পূৰ্ণ বিপৰীত৷ কি আচৰিত? মই সন্মান দিছিলোঁ তেওঁক যিমানলৈকে দিব পাৰি৷ তেওঁৰ বাবে মোৰ দৰে ভিকহু সপোন দেখা মানুহ হেনো আইদল পতি হব নোৱাৰোঁ৷ মই চেষ্টা কৰিছিলো তেওঁক বুজাবলৈ৷ বহুবাৰ নিজকে প্ৰশ্ন কৰোঁ কিদৰে সকলোবোৰ ঠিক কৰিব পাৰি!
মই নিজৰ পৃথিৱী নেৰোঁ৷ মোৰ পৃথিৱীত মই কাকো জোৰ কৰি নোসোমোৱাও৷
মোৰ সপোনক মৰ্যাদা দিব নজনা মানুহক কেতিয়াও সোমাব নিদিওঁ৷ সেয়া লাগে এলিনাই হওক বা দেউতাই হওক৷
————
এলিনাৰ সৈতে দূৰত্ব আছিলেই৷ সেই দূৰত্ব তেওঁ নিজেই আৰু বেছি আনিছিল তেওঁৰ কোনোবা বিদেশী বন্ধু এজনক পাই৷ মই জানিও একো কোৱা নাছিলোঁ কাৰণ প্ৰতিজন ব্যক্তিৰে এটা ব্যক্তিগত জীৱন থাকে৷ সেই ব্যক্তিগত জীৱনত দখল দিয়াৰ অধিকাৰ নাথাকে৷
পতি-পত্নী হ’লেও এই ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰা উচিত নহয়৷
মই কৰা নাছিলোঁ৷ কোনোদিনে এলিনাক সোধা নাছিলো তেওঁৰ বিদেশী বন্ধুজন কোন৷
এদিন তেওঁ নিজেই ঘোষণা কৰিছিল৷
-আই ৱাণ্ট ডাইভোৰ্চ৷ আৰু তোমাৰ প্ৰ’পাৰ্টিৰ নাইণ্টি পাৰ্চেণ্ট মোৰ নামত দিব লাগিব এজ ইয়ৰ ফাদাৰ চেইদ্ বিফৰ৷
মই আচৰিত হোৱা নাছিলোঁ৷
কাৰণ দেউতাই আভিজ্যাত্যৰ নামত খৰচৰ বোজা ইমানেই বঢ়াইছিল যে এলিনাৰ দেউতাকৰ পৰা ঋণ ল’ব লগীয়া হৈছিল৷
বিয়াৰ নামত আচলতে চুক্তিহে আছিল মই সেইদিনাই গম পাইছিলোঁ৷ মই স্বাক্ষৰ কৰি দিছিলো ডাইভোৰ্চ পেপাৰত৷তেওঁৰ গাত দোষ নাই৷
হয়তো তেৱোঁ মোৰ দৰেই জন্মদাতাৰ প্ৰতি দায়িত্ব পালন কৰিছিল৷নিজে বিচৰাৰ দৰে জীয়াই থাকিবলৈ সকলোৰে অধিকাৰ আছে৷
————-
এলিনাক ডাইভোৰ্চ দিয়াৰ কথা গম পাই দেউতাই মোক “নুপুংসক, কাপুৰুষ এজনী তিৰোতাক বশ কৰিব নোৱাৰ তই কিহৰ পুৰুষ“ বুলি বিভিন্ন বিভূষণেৰে বিভূষিত কৰিলে৷
তেওঁৰ আভিজাত্য চাৰাখাৰ হোৱাত ভিতৰি জ্বলি পুৰি আছিল। সেই নিশালৈ দেউতাৰ ষ্ট্ৰ’ক হল৷
চিকিৎসকে পেৰেলাইজড্ বুলি ঘোষণা কৰিলে৷মোৰ সন্মুখত কি ঘটিছে নাজানো মাথোঁঁ কৰ্তব্যখিনি কৰি গলো৷হাঁহি থাকিলো৷ হাঁহিৰে অপ্ৰাপ্তিবোৰক ঢাকি ৰাখিলোঁ৷হাঁহিৰে সপোনবোৰক সাৰ-পানী দি থাকিলোঁ৷ মন গলে পাহাৰ তলিলৈ গৈ ঘাঁহনিত ওপৰলৈ মুখ কৰি শুই শুই আকাশ চাওঁ৷
কিমান কি সাৱটি আকাশখনে নীৰৱে আছে৷
মন গলে নদীৰ পাৰত বহোঁ৷ পানীৰ শব্দবোৰ ৰেকৰ্ড কৰি আনোঁ৷ মাজনিশা টোপনি নাহিলে নদীৰ সুৰ শুনোঁ৷
পানীয়ে মাতে৷
পানীয়ে গান গায়৷
মোৰ মনটো জঁপিয়াই উঠে …
কি নাই পৃথিৱীখনত? কি নাই?
ইমানবোৰ আছে৷ আকাশ আছে, পানী আছে, চৰাই আছে …!
হঠাতে নিজকে খুউব ধনী যেন লাগে৷
মই মোৰ সপোনবোৰত ৰং দিম৷
নিজৰ বাবে নহলেও মাৰ বাবে৷
মাৰ কাতৰ সেই চলচলীয়া দুচকুৰ বাবে . ………
( ক্ৰমশঃ )

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.