গান্ধীজী আৰু মিঃ বেসিল মেথিউছৰ কথোপকথন – দেবাঞ্জন বৰঠাকুৰ

গান্ধীজী আৰু মিঃ বেসিল মেথিউছৰ কথোপকথন – দেবাঞ্জন বৰঠাকুৰ

গান্ধীজী আৰু মিঃ বেসিল মেথিউছৰ কথোপকথন – দেবাঞ্জন বৰঠাকুৰ

by November 17, 2017 0 comments

মূল ইংৰাজীঃ মহাত্মা গান্ধী
(হৰিজন কাকতত প্ৰকাশিত ১৯৩৬ চন)
অনুবাদঃ দেবাঞ্জন বৰঠাকুৰ

(এনে এটা সন্ধিক্ষণত যেতিয়া ধৰ্মৰ নামত মানৱতাৰ অপমৃত্যু হৈছে, নিজৰ ধৰ্মৰ উচ্চতা জোখাত সকলো নিমগ্ন হৈছে, যুক্তিসন্মত চিন্তাধাৰাৰ অৱলুপ্তি ঘটিছে, এনে সময়তে এই দেশৰ মাটিত জন্মা মনীষীবোৰৰ চিন্তাধাৰা আকৌ এবাৰ প্ৰাসংগিক হৈ পৰিছে৷ যেতিয়া বৰ্তমানত উত্তৰ বিচৰা কঠিন হৈ পৰে হয়তো অতীতলৈ ভূমুকিয়াই চোৱাৰ প্ৰয়োজন আহি পৰে৷ সেয়ে গান্ধীজী আৰু মিঃ বেসিল মেথিউছৰ কথোপকথনৰ এই অনুবাদটো কৰি তুলি দিলোঁ৷)

মিঃ বেসিল মেথিউছ উৎসাহী হৈ আছিল জানিবৰ বাবে, যে গান্ধীজীয়ে কেনেকুৱা আধ্যাত্মিক অনুশীলন কৰিছিল আৰু কোনবোৰ গ্ৰন্থ তেওঁৰ বাবে সহায়ক আছিল৷

গান্ধীজীঃ যোগ অনুশীলনৰ ফালৰ পৰা মই অপৰিচিত ব্যক্তি৷ মই যি অনুশীলন কৰোঁ সেয়া মই সৰুতে মোৰ ধাত্ৰীৰ পৰা শিকা৷ তেওঁ মোক কৈছিল ভুত বুলিবলৈ একো বস্তু নাই, কিন্তু তুমি যদি ভয় খোৱা ৰামনামৰ জপ কৰিবা৷ বাল্য কালতে শিকা এই কথা মোৰ মনৰ সৰগত এটা ডাঙৰ বস্তুৰ দৰে হৈ পৰিল৷ মোৰ তমসা ব্যাপ্ত সময়ত ই মোক এটা সূৰুজৰ দৰে পোহৰ বিলালে৷ এজন খ্ৰীষ্টান ব্যক্তিয়ে হয়তো একেই সান্ত্বনা যীশুৰ নাম লৈ পাব আৰু এজন মুছলমান মানুহে আল্লাৰ নাম লৈ পাব৷ এই সকলোবোৰৰ কাৰ্যফল একেই, পৰিবেশ যেতিয়া একেই থাকে৷ এই কাৰ্য কেৱল মাথোঁ ওঁঠৰ প্ৰকাশভঙ্গী নহৈ আমাৰ জীৱিত সত্তাৰ এটা অংশ হ’ব লাগিব৷

সহায়ক গ্ৰন্থৰ ক্ষেত্ৰত আমি দৈনিক ভাগৱত গীতাৰ পাঠ কৰিছিলোঁ আৰু আমি এতিয়া এনে এটা পৰ্যায় পাইছোঁহি যে আমি গীতাৰ এটা নিৰ্বাচিত অধ্যায় ৰাতিপুৱা পঢ়োঁ আৰু প্ৰত্যেক সপ্তাহতে গীতা পঢ়ি শেষ কৰোঁ৷ তাৰপাচত আমি ভাৰতৰ ভিন্ন প্ৰান্তৰ মুণি-সন্তসকলৰ ভজন, গান শুনো, আমি খ্ৰীষ্টান ধৰ্মপুথিৰ পৰাও গানবোৰ লওঁ৷ খান চাহেব আমাৰ ওচৰত থাকিলে আমি কোৰানৰ পৰাও পঢ়োঁ৷ আমি সকলো ধৰ্মৰ সমানতাৰ ওপৰত বিশ্বাসী৷ মই তুলসীদাসৰ ৰামায়ণৰ পৰা সকলোতকৈ বেছি সান্ত্বনা পাওঁ৷ কোৰান আৰু নিউ টেষ্টামেণ্টেও মোক প্ৰবোধ দিয়ে৷ মই সমালোচনাত্মক দৃষ্টিৰে ইয়াৰ কাষ নাচাপোঁ৷ এই সকলোবোৰ মোৰ বাবে ভাগৱত গীতাৰ দৰেই প্ৰয়োজনীয়৷ তথাপি ভাগৱত গীতাৰ প্ৰত্যেক কথাই মোক আকৰ্ষিত নকৰিবও পাৰে, তেনেদৰেই এপিষ্টল অফ প’ল (epistle of paul) বা তুলসীদাসৰ সকলোবোৰেও৷ গীতা হৈছে এক নিৰ্মল আধ্যাত্মিক আলোচনা য’ত কোনো অলংকাৰৰ বিভূষণ নাই৷ গীতাই সাধাৰণ অৰ্থত এটা তীৰ্থযাত্ৰী আত্মাৰ শেষ লক্ষ্যৰ প্ৰতি আগবঢ়া খোজৰ বৰ্ণনা দিয়ে৷ সেয়ে ইয়াত নিৰ্বাচনৰ একো কথা নাহে৷

মিঃ মেথিউ: আপুনি সঁচাকৈয়ে এজন প্ৰতেষ্টান্ত৷

গান্ধীজী: মই নাজানো মই কোন হওঁ বা কোন নহওঁ, মিঃ হডজে মোক প্ৰেজবাইতেৰিয়ান (Presbyterian) বুলি ক’লেহেঁতেন৷

মিঃ মেথিউছ: আপুনি কৰ্তৃত্বৰ স্থান ক’ত বুলি ভাবে?

গান্ধীজী: ইয়াত (তেওঁ নিজৰ বুকুৰ ফালে হাত দি কয়)৷ প্ৰত্যেক শাস্ত্ৰকে মই মোৰ ক্ষমতাৰে বিচাৰ কৰোঁ, গীতাকো৷ মই কোনো শাস্ত্ৰৰ বাক্যকে মোৰ যুক্তিক অতিক্ৰম কৰিবলৈ নিদিওঁ৷ যদিওবা মই বিশ্বাস কৰোঁ যে, শাস্ত্ৰবোৰ অনুপ্ৰাণিত, কিন্তু সেইবোৰ দুতৰপীয়া পাতন প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ অহা৷ প্ৰথমে শাস্ত্ৰবোৰ মানৱীয় ধৰ্মগুৰুৰ, ভৱিষ্যত বক্তাৰ পৰা অহা আৰু তাৰ পাচত ব্যাখ্যাকাৰীৰ ব্যাখ্যাৰ পৰা৷ ঈশ্বৰৰ পৰা কোনো প্ৰত্যক্ষভাৱে নাই অহা৷ মেথিৱে এটা উদ্ধৃতিৰ এটা সংস্কৰণ দিব পাৰে আৰুজন এ আন এটা৷ মই মোৰ বিবেকক আত্মসমৰ্পণ কৰাব নোৱাৰোঁ যেতিয়া মই ঐশ্বৰিক প্ৰকাশৰ কথা লওঁ৷ কিন্তু তুমি মোৰ স্থিতিক ভুল নুবুজিবা৷ মই বিশ্বাসত বিশ্বাস ৰাখোঁ, য’ত যুক্তিয়েও হাৰ মানে, যেনে ঈশ্বৰৰ অস্তিত্ব৷ কোনো যুক্তিয়েই মোক সেই বিশ্বাসৰ পৰা আঁতৰাব নোৱাৰে, সেই সৰু ছোৱালীজনীৰ দৰে যি বাৰে বাৰে সকলো যুক্তিৰ বিপৰীতে কৈছিল যে “আমি সাতজন”, যদিওবা বিভ্ৰান্ত মই যুক্তিৰ আধাৰত, এটি উচ্চ অৱবোধৰ দ্বাৰা, মই বাৰে বাৰে ক’ম “তথাপিও ঈশ্বৰ আছে”৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.