গোঁহাই কথা -ৰূপজ্যোতি নাথ

গোঁহাই কথা -ৰূপজ্যোতি নাথ

গোঁহাই কথা -ৰূপজ্যোতি নাথ

by November 17, 2017 0 comments

শৈশৱত গৰমৰ দিনবোৰত বাহিৰৰ চোতালত ঢাৰি পাৰি আইতাৰ কোলাত শুই শুই বিভিন্ন পৌৰাণিক কথা শুনাৰ আমেজকণ সুকীয়া আছিল৷ আইতাই পুৰনি দিনৰ বিভিন্ন কথাবোৰ সুন্দৰকৈ সজাই পৰাই অতি মনোগ্ৰাহীকৈ কব পাৰিছিল যাক আইতাই নিজৰ ভাষাত “গোঁহাই-কথা“ বুলি কৈছিল৷ পিছে আজি মই কব বিছৰা কথাখিনি সেইলেখীয়া নহয়; অন্য এক কথাহে৷ মানে আমাৰ গোঁহাইৰ কথাহে কব বিচাৰিছোঁ৷ মানুহজনৰ আচল নাম মহেশ্বৰ বৰুৱা৷ কোনে কেতিয়া তেওঁৰ নাম গোঁহাই বুলি ৰাখিলে তাৰ কোনো নিৰ্ভৰযোগ্য তথ্য নাই৷ সৰুতে মানে চেভেন মানত পঢ়ি থাকোতেই পিতাকৰ হালুৱা এচাৰিৰ কোব খাই ঘৰ এৰি কোনোবা অজান ঠাইলৈ পলাই গৈছিল আৰু সুদীৰ্ঘ পচিশ বছৰৰ মুৰত এহাল ল’ৰা ছোৱালীৰ সতে পত্নীক লগত লৈ ঘৰ সোমাইছিলহি৷ ইতিমধ্যে পিতাকৰ হাড়ত কেতিয়াবাই বন গজিছিল৷ মানুহজন আছিল তেনেই সহজ সৰল আৰু আপোনভোলা স্বভাৱৰ৷ পিছে বহু বছৰ পিছত আপোন গাঁৱত ভৰি থলেও আগৰ চিনাকি লোকসকলসক কোনোমতেই পাহৰা নাছিল৷ ঠিক সেইদৰে নতুন চামৰ লগতো দুদিনতে চিনাকি হৈ আপোন হৈ পৰিছিল৷ কাৰোবাৰ বাবে তেওঁ যদি খুড়া আছিল কাৰোবাৰ বাবে বৰদেউতা৷ পিছে হঠাতে ক’ৰ পৰা আহি গোঁহাই উপাধিটো তেওঁৰ নামৰ পিছত লাগিলহি টলকিবই নোৱাৰিলোঁ৷ প্ৰথমে মহেশ্বৰ বৰুৱাৰ পৰা গৈ মহেশ্বৰ গোঁহাই হ’ল আৰু শেষলৈ কেৱল গোঁহাইটোহে ৰ’লগৈ৷ এতিয়া তেওঁ ডাঙৰ-সৰু সকলোৰে বাবে কেৱল গোঁহাই মাত্ৰ৷

গোঁহাই মানুহজন খুবেই দয়ালু কিন্তু বৰ কথাচহকী৷ প্ৰয়োজনতকৈ অলপ বঢ়াই কোৱাটো তেওঁৰ এটা এৰাব নোৱাৰা স্বভাৱ৷ তেওঁক লৈ ওলোৱা গুজৱৰ যেন শেষ নাই৷ এবাৰ গোঁহাই সোণগুটিৰে ওপচি থকা আঘোণৰ পথাৰখনৰ মাজৰ আলিবাটত ঠিয় হৈ পথাৰৰ সৌন্দৰ্য উপভোগ কৰি আছিল৷ এনেতে আহক এজন বয়োজ্যেষ্ঠ বাটৰুৱা৷

-বোলো খেতি চাইছে নে ঈশ্বৰ?

-হয় প্ৰভু খেতিখিনি চাইছো্ঁ দিয়ক৷

-পিছে মাটি কিমানত বা খেতি লগালে?

-এহ নাই দে প্ৰভু বেছি, এই দেখাখিনিয়ে৷

নিজৰ থুতৰিটো সন্মুখলৈ চাই এটা পাক মাৰি গোঁহাই বাটৰুৱালৈ চাই মিচিকিয়ালে৷ ৰুবলৈ এচিকুট মাটি নথকা গোঁহাইৰ থুতৰিৰ পাকটোৱে বোলে সেইদিনা গোটেই পথাৰখনকে সাঙুৰি লৈছিল৷

আমাৰ বাবে গোঁহাই এক কৌতূহলৰ বিষয়বস্তু হৈ পৰিছিল ঘাইকৈ তেওঁ কোৱা বিভিন্ন কাহিনীবোৰৰ বাবে৷ ২৫টা বছৰ বাহিৰত থাকি আহি পোৱা বিভিন্ন অভিজ্ঞতাসমূহ তেওঁ ইমান জীৱন্ত আৰু সৰসভাৱে ব্যাখ্যা কৰিছিল যে আমিবোৰৰ মুখ আধাতে মেল খাই ৰৈছিল৷ সাধাৰণতে সন্ধিয়া তেওঁৰ ঘৰলৈ এটা পাক মৰাটো আমাৰ স্বভাৱত পৰিণত হৈছিল৷ এদিন সন্ধিয়া তেওঁৰ ঘৰত বন্ধু ৰমেশৰ লগত গৈ গোঁহাইৰ লগত আড্ডা দি আছোঁ৷ গোঁহাইৰ এটা বৈশিষ্ট্য্য আছে যে কিবা এটা কথা যদি তেওঁ একেধৰাই কৈ শেষ কৰিব নাপায় মনত শান্তি নহয়৷ কিবাকে যদি যতি পৰে তেওঁৰ কাহিনীয়েও অন্য মোৰ লয়৷ এক কথাত তেওঁৰ কথাবোৰ আউল লাগি যায়৷ সেইদিনা গোঁহাই আৰম্ভ কৰিছিল নিজৰ জীৱনত লগ পোৱা প্ৰেতাত্মা এটাৰ কাহিনীৰে৷ নিজৰ স্বভাৱসুলভ কথন ভঙ্গিমাৰে তেওঁ কৈছিল গাৰ নোম শিয়ৰি উঠা সেই ভয়ানক কথাবোৰ….

সিদিনা জানা গোটেই দিনটো কিনকিনিয়া বৰষুণ৷ কোম্পানীৰ চাহাবে মোক প্ৰেচাৰ দি আছে কাম জল্দি শেষ কৰিব লাগে পিছদিনা বোলে ডেলিভাৰি আছে৷ ৱৰ্কাৰৰ হতুৱাই যিমান পাৰি ফাষ্ট্ কাম কৰাইছোঁ৷ ৰাতি ন বজাত কামৰ হিচাপ জমা দি মই ৰুমলৈ বাট ল’লো৷ ইতিমধ্যে ৱৰ্কাৰবোৰ কেতিয়াবাই ঘৰ পাইছেগৈ৷ পাহৰুৱা ৰাস্তা তাতে বৰষুণ দি আছে কিনকিনকৈ৷ মোৰ ফেক্টৰিৰ পৰা কোৱাৰ্টাৰলৈ প্ৰায় আধা মাইল ৰাস্তা৷ সাধাৰণতে পাহৰুৱা ঠাইৰ মানুহবোৰে সন্ধিয়া হোৱাৰ পিছতেই খাই বৈ ঘৰত সোমাই থাকে তাতে সিদিনা আছিল বৰষুণৰ বতৰ৷ পাহাৰৰ ফেৰফেৰিয়া বতাহ আৰু কিনকিনিয়া বৰষুণৰ মাজত মই অকলে আগবাঢ়িছোঁ৷ হাতত না ছাতি না কিবা পোহৰ৷ মাজে মাজে বিজুলীৰ দুই এটা চমকনিত ৰাস্তা চিনি আগবাঢ়িছোঁ৷ দুদিন আগতে এই ৰাস্তাতে এখন ট্ৰাকে এজনী বিয়া ঠিক হোৱা ছোৱালীক মহতিয়াই মাৰি পেলাইছিল৷ মোৰ চিনাকি ঠিকাদাৰ এজনৰ ছোৱালী আছিল তাই৷ বেচেৰি অকালতে জীৱনটো হেৰুৱালে৷ কথাবোৰ ভাবি ভাবি আগবাঢ়ি আছোঁ, মনৰ মাজত অলপ ভয় নলগাও নহয় বাৰু৷ হঠাতে বিজুলীৰ চমকনিত দেখিলো অলপ দুৰত ঠিক ৰাস্তাৰ সোমাজত যেন কোনোবা এজন ৰৈ আছে তাকো মোৰ ফালে পিঠি দি৷ মোৰ গাটো চিৰিং কৈ গ’ল৷ কি হব পাৰে বাৰু? মনতো ডাঠ কৰি আগবাঢ়িছো, আৰু একেবাৰে মানুহজনৰ পিছত ঠিয় হলোগৈ৷ এযোৰ ঢকঢকীয়া বগা সাজৰ ওপৰত বৈ পৰা কিচকিচিয়া চুলি একোচা মোৰ চকুত ভাঁহি উঠিল৷ মোৰ বুকুখনে ইফালে ধান চাউল বনা আৰম্ভ কৰিছিল৷ দুটামান সেপ ঢুকি মই ক’লো- কোন?

এইবাৰ যেন সাজযোৰ অলপ লৰিল, যেন মোৰ ফালে ঘূৰিছে পিছে এন্ধাৰত কোন একো মনিব পৰা নাই৷ হঠাতে এবাৰ বিজুলী চমকিল, আৰু মই দেখিলোঁ দুদিন আগত ট্ৰাকে চেপি চেপেটা কৰি থৈ যোৱা ছোৱালীজনী মোৰ ফালে ট’ ট’ কৈ চাই আছে৷ তাইৰ মুৰৰ পৰা বৈ আছিল কেঁচা তেজৰ এটা সোঁত ……….. গোঁহাইৰ কথা শুনি আমাৰ মুখ মেল খাই আছে৷ বৌৱে দি থৈ যোৱা চাহ কেতিয়াবাই চেঁচা হ’ল৷ হঠাতে বাহিৰত কুকু্ৰৰ ভুকভুকনি আৰু বৌৰ আৰ্তনাদ.. হেৰি আহকচোন আহক.. শিয়ালে ছাগলীৰ পোৱালি কেইটা নিলে নেকি.. হাই.. হাই.. চুহ.. চুহ….হাই…. আৰ্তনাদ শুনি গোঁহাই বাহিৰলৈ লৰ দিলে আৰু আমিও চেগ বুজি চেঁচা চাহকনৰ জুতি ললোঁ৷ অলপ পিছত গোঁহাই সোমাই আহিল৷

-বৌৱেৰাৰো বৰ কথা ঐ বুজিছানে, বেলেগৰ মতা কুকুৰ এটা আহি মানে চোপ লৈ আছে তাকে লৈ ইমান হাল্লা কৰিব লাগেনে! অ’ মই ক’ত এৰিছিলো.. অ’ মনত পৰিছে… তাৰ পিছত পাহৰুৱা ঠাই, মই চাৰিওফালে চালো, কোনো ক’তো নাই বাপ্পেকে৷ চেগ বুজি হাতত ধৰি টানি আনিলো নহয় একেবাৰে বুকুৰ মাজত৷ তাৰ পিছত আৰু কিনো ক’ম বুজিছা, চাৰদিন বুজিছা চাৰিদিন পিছত তাই আহি মোৰ ৰুমত হাজিৰ৷ ক’লে বোলে মাৰিলে কাটিলেও মই আৰু কলৈকো নাযাঁও৷ মোৰনো আৰু ক’বলে কি থাকিব, অকলশৰীয়া জীৱন আছিল তাইক পাই ভালেই পালোঁ৷ ৰাখি থলোঁ বাপ্পেকে৷ ঘৰৰ মাুনুহে হাল্লা কৰিছিল আহি পিছত, মই বোলো চুপ.. চিনা নাই মই কোন? সেইদিন ধৰি চব একদম ঠাণ্ডা৷ সেইজনীয়ে আজি তহঁতৰ বৌৱাৰা বুজিছা যি আজি ১২ বছৰ ধৰি মোৰ লগতেই ছাঁ টোৰ দৰে আছে৷

কাহিনী শেষ কৰি গোঁহাই আমাৰ মেলা মুখ দুখনলৈ চাই মিচিক কৈ হাঁহি এটা মাৰিলে৷ …..

……….আগলৈ……

 

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.