জীৱন-দৰ্শন কথকতা- মৌচুমী বৰি

জীৱন-দৰ্শন কথকতা- মৌচুমী বৰি

জীৱন-দৰ্শন কথকতা- মৌচুমী বৰি

by November 17, 2017 0 comments

অনবৰতে জীৱন দৰ্শনৰ কিতাপৰ মাজত ডুব গৈ থকা তপস্যাই কৈ উঠিল —

“আচলতে কি জানা স্নিগ্ধা, আমাৰ জীৱনত কিছুমান বিহযুক্ত ভাৱনা (যিবোৰক ইংৰাজীত toxic thought বুলি কয়) থাকে যিবোৰ ভাবনাই আমাৰ জীৱনটোক উদযাপন কৰাত বাধা হৈ দেখা দিয়ে৷ সেয়ে আমি যিমান পাৰো এই ভাবনাবোৰক চিৰদিনৰ বাবে বিদায় জনাব লাগে৷ এনেকৈ বিদায় জনাব শিকিলে আমি জীৱনটোক ন-ৰূপত উদযাপন কৰিবলৈ সমৰ্থ হওঁ৷ কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে বেছিভাগ মানুহেই বিহযুক্ত ভাৱনাবোৰক মনৰ মাজত কঢ়িয়াই লৈ ফুৰে৷
এই যে তুমি ক’লা –তোমাৰ বন্ধুৰ স’তে হোৱা সংঘাত তুমি পাহৰিব পৰা নাই; যি কথাই তোমাক মাজে মাজে দুখত ম্ৰিয়মাণ কৰি তোলে৷ মই ভাবো –তুমি কথাখিনি পাহৰা উচিত৷ আমি জীৱনত আমাক অসুখী কৰা বহু কথাক এৰাই চলিব পৰাকৈ সাহসী হোৱা উচিত৷ তোমাৰ মাথোঁ এতিয়া এটাই ভাৱনা হোৱা উচিত – ’তেওঁৰ প্ৰতি শুভভাৱনা, তেওঁৰ প্ৰতি প্ৰাৰ্থনা৷’ – তপস্যাৰ কথাখিনি স্নিগ্ধাই মনে মনে শুনি থাকিল৷ স্নিগ্ধাৰ কিবা মানসিক অশান্তি হ’লেই তাই তপস্যা বাৰ ওচৰত হাজিৰ হয়হি৷ তপস্যা বাৰ কথাবোৰ শুনাৰ পিছত মনটো ফৰকাল লাগে তাইৰ৷
: কিন্তু তপস্যা বা, পাহৰো বুলিলেই কথাবোৰ যে পাহৰিব নোৱাৰি!
স্নিগ্ধাৰ হুমুনিয়াহ ভৰা কথা শুনি তপস্যাৰ হাঁহি উঠিল৷
: আইজনী, পাহৰিব বিচৰা কথাবোৰ অলপ সাধনা কৰিলেই পাহৰিব পাৰি৷ আমি আমাৰ অৱচেতন মনক যি কওঁ অবচেতন মনটোৱে তাকেই বুজি পায়৷ গতিকে অৱচেতন মনটোক পতিয়ন নিয়াব লাগিব যে আমাক কষ্ট দিয়া ভাৱনাখিনিৰ পৰা মুক্তি পাইছোঁ বুলি৷ আলাসতে সকলো বস্তু বিচাৰিলে নাপাবা নহয়৷
: সাধনা কেনেকৈ কৰিম? —স্নিগ্ধাই পুনৰ সুধিলে৷
: তাৰবাবে ধ্যান, মেডিটেচন আদি কৰিলে সোনকালে সুফল পাবা৷ -তপস্যাই ক’লে৷
: তপস্যা বা, মোৰ লগৰ যে পৰিণীতা! তাইক মই একেবাৰে দেখিব নোৱাৰোঁ৷ তাইৰ কথা-কাণ্ডবোৰে মোক বৰ অতিষ্ঠ কৰে৷ তাইক ভাল পাম বুলি ভাবিলেও তাই যিবোৰ কথা কৈ থাকে মোৰ মূৰৰ চুলি খঙত থিয় হৈ যায়৷ কিন্তু কি কৰিবা, মোৰেই দুৰ্কপাল, ক্লাছৰূমত তাইক সদায়েই লগ পাব লগা হয়৷ মোৰ কেতিয়াবা এনে লাগে কোনোবাই যেন মোক তাইৰ বিৰুদ্ধে কিবা খুৱাই হে থৈছে যাৰ বাবে দিনক দিনে মই তাইক দেখিব নোৱৰা হৈ গৈ আছোঁ৷ কিবা এটা উপায় দিয়ানা৷ —স্নিগ্ধাই কৈ উঠিল৷
: বাৰু কোৱাচোন স্নিগ্ধা, খং উঠিলে অপকাৰ কাৰ হয়? তুমি যেতিয়া খং কৰা, মন কৰিবাচোন তোমাৰ উশাহ-নিশাহবোৰ ধীৰ-স্থিৰ হৈ নাথাকে, তুমি নিজকে অসহজ অনুভৱ কৰা- হয় নে নহয়? তুমি যাৰ ওপৰত খং কৰা তেওঁ তোমাৰ খংটো গ্ৰহণ কৰিবও পাৰে নকৰিবও পাৰে কিন্তু আমি নিজৰ মাজত খং সৃষ্টি কৰি নিজৰ দেহৰ-মনৰ অপকাৰ মাতি অনাহে হয়৷ গতিকে পৰিণীতাৰ ওপৰত খং কৰি লাভ হৈছে জানো? আৰু পৰিণীতাৰ প্ৰতি যেতিয়া তুমি এটা বেয়া চিন্তা সৃষ্টি কৰিবা সেই চিন্তাটো তৰংগায়িত হৈ পৰিণীতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব আৰু পৰিণীতায়ো তোমাৰ প্ৰতি এটা বেয়া ভাৱনাই সৃষ্টি কৰিব যি তোমাৰ ওপৰতো প্ৰভাৱ পেলাব৷ ফলত তোমালোকৰ মাজত কেতিয়াও সদভাৱৰ সৃষ্টি হ’বলৈ সুযোগ নাপাব৷ সেইকাৰণে যিমান পাৰা তাইৰ প্ৰতি সদভাৱ সৃষ্টি কৰা আৰু তাইৰ স্বভাৱৰ প্ৰকৃতিক স্বীকাৰ কৰি লোৱা যে তাই তেনেকুৱাই৷ আমি প্ৰতিজন মানুহেই বেলেগ বেলেগ স্বভাৱ-চৰিত্ৰ, বেলেগ বেলেগ সংস্কাৰৰ অধিকাৰী৷ গতিকে সকলোৱে প্ৰতিজন মানুহক তেওঁ যেনেকুৱা তেনেভাৱেই গ্ৰহণ কৰি লোৱা উচিত৷
আৰু এটা কথা-তোমাৰ সুখ-দুখৰ চাবিকাঠী কিয় পৰিণীতাক দিবা? মানে তুমি পৰিণীতাৰ দ্বাৰা কিয় পৰিচালিত হ’বা? তুমি এনে এক মানসিক স্থিতিত থাকিব লাগিব যাতে পৰিণীতাৰ দ্বাৰা হোৱা কোনো কৰ্ম-কাণ্ডই তোমাৰ মানসিক প্ৰশান্তি বিঘ্নিত কৰিব নোৱাৰে৷ মনৰ মাজত আওৰাবা—“I am master over my thoughts, feelings and Sansker.”

জানা স্নিগ্ধা, আমি বেছিভাগ মানুহেই মুখৰ পৰা উচ্চাৰিত শব্দৰ দ্বাৰা পৰিচালিত হওঁ৷ সেয়ে নিজে কথা কোৱাত সাৱধান হোৱাৰ লগতে নিজৰ মনক এনে এক শক্তিশালী স্থিতিত ৰাখিব লাগে যে আমাৰ স্বস্থিতি সদায় অটুট থাকে৷

–তপস্যা বা, তুমি কোৱা কথাবোৰ মিছা নহয় কিন্তু বাস্তৱত প্ৰয়োগ কৰা ইমান সহজো নহয়৷ সকলোবোৰ জনাৰ পিছতোচোন আমাৰ হঠাতে খং উঠে, হঠাতে দুখ লাগে৷
: মানসিক স্থিতি দুৰ্বল থাকিলেই এনে হয় স্নিগ্ধা তাৰবাবে অলপ সাধনাৰ প্ৰয়োজন৷ এই যে তুমি ক’লা—বাস্তৱত প্ৰয়োগ কৰা ইমান সহজ নহয়৷ এবাৰটো পৰীক্ষা কৰি চোৱা নিজৰ লগত৷ প্ৰতিমুহূৰ্ততে পৰিণীতাৰ লগত তোমাৰ সম্বন্ধ খুবেই ভাল বুলি অনুভৱ কৰাচোন আৰু পৰিণীতাৰ প্ৰতি শুভভাৱনা সৃষ্টি কৰি চোৱাচোন তুমি মেজিক দেখিবলৈ পাবা – মই কৈছোঁ৷

: হ’ব বাৰু তপস্যা বা, মই পৰিণীতাক ভাল পাবলৈ চেষ্টা কৰিম৷ তাইৰ কোনো কথাত মই খং নকৰোঁ৷ – এইবুলি কৈ স্নিগ্ধা ঘৰ পালেগৈ৷

তপস্যা বাই ইমান ধুনীয়াকৈ কথাবোৰ কয়৷ ময়ো যদি তপস্যা বাৰ দৰে হ’লোহেঁতেন! —স্নিগ্ধাই ভাবিলে৷ হঠাতে স্নিগ্ধাৰ কোঠাত ককায়েকৰ প্ৰৱেশ হ’ল৷
: ঐ ভণ্টি, মোৰ বৰ দুখ হৈছে জান’ – ককায়েক দিপ্লুৱে স্নিগ্ধাৰ আগত দুখেৰে কৈ উঠিল৷
: কি দুখ হৈছে তোৰ? ক’চোন – স্নিগ্ধাই ক’লে৷
: মই ভায়লিনাক ভাল পাওঁ, কিন্তু তাই মোক ভাল নাপায়৷ -ককায়েকে দুখেৰে ক’লে৷
স্নিগ্ধাৰ হঠাতে তপস্যা বাৰ দৰে জীৱন দৰ্শনভৰা কথা কবলৈ মন গ’ল৷ তাই তপস্যা বাৰ দৰে গহীন হৈ ল’লে আৰু ক’লে
: আমি যাক ভাল পাওঁ তেওঁ আমাক ভাল নাপালেও আমি তেওঁক গোটেই জীৱন ভাল পাই থাকিব পাৰোঁ৷ তাতেই আমাৰ জীৱনৰ সাৰ্থকতা৷
স্নিগ্ধাৰ কথা শুনি দিপ্লুৰ ভাল লগাৰ পৰিবৰ্তে খংহে উঠিল৷
: তই তাৰমানে ভায়লিনাই মোক একেবাৰে ভাল নোপোৱাটোৱেই বিচাৰিছ’ ন? উপন্যাস পঢ়ি পঢ়ি তোৰ মূৰটো গ’ল৷ গোটেই উপন্যাস সোপা দলিয়াই দিম ৰ’৷ আৰু সেইজনী তপস্যা নে কি দাৰ্শনিকৰ দৰে যে কথাবোৰ কয় তই তাইৰ ওচৰলৈ গৈ গৈ বেয়া হ’লি৷ ভায়লিনাৰ ভাল পোৱা পাবলৈ তই মোক সহায় কৰিবি বুলিহে তোৰ ওচৰলৈ আহিছিলোঁ আৰু তই এইবিলাক ডায়লগ মাৰ’—হুঁহ….কিতাপী ডায়লগ মোৰ আগত মাৰি নেদেখুৱাবি৷

ককায়েক দিপ্লু ফোঁফোঁৱাই কোঠাৰ পৰা বাহিৰ হ’ল৷ স্নিগ্ধাই ককায়েকৰ খং দেখি কিংকৰ্ত্তব্যবিমূহ হৈ ৰ’ল৷
– “শান্ত হোৱা দিপ্লু দা, খং উঠিলে নিজৰ হে অপকাৰ হয়! তোমাৰ সমস্যাৰ সমাধান বিচাৰি মই তপস্যা বাৰ ওচৰলৈ যাব লাগিব ” ভাবিলে তাই৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.