টকা দুহেজাৰ – হেমন্ত কাকতি

টকা দুহেজাৰ – হেমন্ত কাকতি

টকা দুহেজাৰ – হেমন্ত কাকতি

by November 17, 2017 0 comments

নব্বৈৰ দশকৰ কাহিনী৷ মই তেতিয়া বৰাক ভেলীৰ পাঞ্চগ্ৰামত কৰ্মৰত৷ সেই সময়ত এটিএম অসমলৈ অহাই নাই৷ বেঙ্কলৈ গৈ লাইন ধৰি পইচা উলিয়াব লাগে৷
লাইফ ইনচিউৰেঞ্চৰ বছৰেকীয়া প্ৰিমিয়াম এটা দিবলৈ বেঙ্কৰ পৰা উলিয়াই আনিছিলো দুহেজাৰ টকা৷ কাউণ্টাৰৰ পৰা ওলাই অনা গৰমা গৰম এশ টকীয়া নোট কেইখন গণি গণিয়েই পাঞ্চগ্ৰাম চেণ্ট্ৰেল বেঙ্কৰ চিৰিয়েদি ফাৰ্ষ্ট ফ্ল’ৰৰ পৰা তললৈ নামি আহিছো৷ তেতিয়াৰ এশ টকীয়া মানে আজিৰ হাজাৰ টকীয়াৰ সমান বুলি ধৰকচোন৷ খমখমীয়া নোট কেইখন হাতত আৰু গোন্ধটো নাকত লাগিয়েই আছিল৷
“আৰে কাকতি দেখোন! ভাল নে? বাপৰে! আপোনাক যেন ভগবানেহে পঠাইছে মোৰ ওচৰলৈ!“ -একে উশাহে মোলৈ চাই কথাখিনি কৈ গ’ল মানুহজনে৷ তেওৰ চকু মোৰ হাতত চিকমিকাই থকা নোট কেইখনৰ ওপৰত নিবদ্ধ৷

আগন্তুকৰ কথাত অলপ থতমত খাই তেওলৈ চালো৷ চিনাকি মানুহ, বদৰপুৰতে কানাড়া বেঙ্কত চাকৰি কৰা মিঃ ডেকা৷ ওচৰতে ভাড়া ঘৰ এটাত থাকে৷ বিয়া বাৰু কৰোৱা নাই যদিও বয়স প্ৰায় ছল্লিচৰ উচৰা উচৰি৷ লগত ভতিজাক নে ভাগিনীয়েক বোলা এজনীও থাকিবলৈ আহে মাজে মাজে৷ আগৰ বছৰ বহাগ বিহুৰ পৰাই তেওঁৰ লগত চিনাকি৷ আমি বৰাকত থকা অসমীয়া চাকৰিয়াল কেইজনমান মাজে মাজে অসমীয়া উৎসৱ পাৰ্বনত লগালগি হওঁ, সেই সূত্ৰে চিনাকি৷ যোৱাবাৰ ফাংচনত ঢেৰ বিহু গালো তেওঁৰ লগত৷ মাজে মাজে কনট্ৰেক্ট ব্ৰীজ খেলিবলৈও আহে আমি থকা বেচেলৰ হোষ্টেল টোত৷ দুই এবাৰ আমিও গৈছো তেওঁৰ ভাৰাঘৰত৷

বহুদিনৰ পিচত সেইদিনা বেঙ্কৰ চিৰিত পুনৰ লগালগি হৈয়ে তেওৰ প্ৰশ্নটো নুবুজি সুধি পেলালো৷
–কওক ডেকা, কি খৱৰ?
–নক’ব আৰু, মোৰ বৰ বিপদ, বুইছে! ভতিজাজনী হস্পিটালাইজড্৷ অপাৰেচন এটা কৰিব লগীয়া হ’ল৷ তেজ দিব লাগে৷ আমাৰ বেঙ্কত ষ্ট্ৰাইক চলি আছে৷ টকা উলিয়াব নোৱাৰিলো আজি৷ টকা দুহেজাৰ দিয়ক যেনেতেনে৷ কালি বেঙ্ক খুলিলে আপোনাক ঘূৰাই দি যাম৷
টকা দুহেজাৰ মোৰ হাততে আছিল৷ গতিকে নাই বুলি কোৱাৰ কোনো স্কোপেই নাছিল৷ হাজাৰৰ ঘৰত তেতিয়ালৈকে কাকো টকা ধাৰে দি পোৱা নাই, দৰ্মহাই পাও পাঁচ ছয় হেজাৰমান টকা, তথাপি শেষ চেষ্টা এটা কৰি কলো –
–আচলতে মোৰ প্ৰিমিয়াম এটা দিব আছিল, কালিলৈ ইনচিউৰেন্সটো লেপচ্ হব৷ গতিকে মোক কোনো কথা কোৱাৰ সুযোগ নিদি তেওঁ ক’বলৈ ধৰিলে -“মই কেতিয়াও কাকো পইচা ধাৰ খুজি পোৱা নাই৷ বহুত বিপদ বুলিহে আপোনাৰ ওচৰত হাত পাতিলো৷ কালিলৈ যদি ৰ’ব নোৱাৰে আজি গধূলিয়ে মই কিবা এটা কৰিম৷ সদ্যহতে মোক বিপদটোৰ পৰা উদ্ধাৰ কৰক৷“

সেইখিনি বয়সত ঠিতাতে মিছা কথা সজাই পৰাই কোৱাত ইমান অভ্যস্তও নাছিলো৷ মই না কোৱাৰ কোনো সুৰুঙা নেদেখিলো৷ মানুহজনৰ চকুৰ সেই কাতৰ চাৱনিত এক অজান শক্তিয়ে মোৰ হাতৰ দুহেজাৰ টকা তেওলৈ ঠেলি দিলে৷ পূৰা টকা দুহেজাৰ তেওঁক দি কলো –
“লওক ডেকা, মই দুই এদিন মেনেজ কৰি লম, আপুনি বিপদটোৰ পৰা পৰিত্ৰাণ পাওক৷ যেতিয়া পাৰে দিব আৰু৷“

পইচাখিনি লৈ মিঃ ডেকা মুহূৰ্ততে সেই ঠাইৰ পৰা অন্তৰ্ধান হ’ল৷ ময়ো লাহে লাহে আহি তলত ৰখা মোৰ মটৰ চাইকেলত বহিলো৷ ক’ব নোৱাৰা কৈয়ে গানৰ কলি এটা মুখেৰে গুনগুনাই হোষ্টেল অভিমুখে ৰাওঁনা হ’লো৷

“মানুহে মানুহৰ বাবে, যদিহে অকনো নেভাবে ভাবিব কোনেনো কোৱা, সমনীয়া—-“
——
ৰাতি হোষ্টেলৰ ডাইনিং হ’লত ভাত খাব যাওঁতে ভাত দিয়া লৰা কেইজনক ডেকা আহিছিলে নেকি বুলি এনেই এবাৰ সুধি চালো৷ কোনেও একো নামাতিলে৷ ভাবিলো আজি কথা ৰাখিব নোৱাৰিলে, কালি পৰহি হয়তো আহিব৷ পিচে কালি পৰহি গৈ সপ্তাহ পাৰ হ’ল, ডেকাৰ খা খৱৰ নাই৷ মনটোয়ে কিবা এটা অজান আশঙ্কাৰ ইংগিত দিলে৷ কিন্তু মোৰ “hard earned money কেতিয়াও মাৰা নেযায়“ জাতীয় বিশ্বাস এটাই কলে “Don’t worry, পইচা ঘূৰি আহিবই৷“

দুদিন মান পিচত গগৈ দা নামৰ মোৰ চিনিয়ৰ কলিগ এজনৰ আগত কথাষাৰ লাহেকৈ উলিয়ালো৷
“গগৈ দা, বদৰপুৰৰ ডেকা মানুহজন কেনেকুৱা হে?“
গগৈ দাই অলপ দেৰি মোলৈ পেন্দোৱাকৈ চালে, এটা ৰহস্যময় হাঁহি মুখমণ্ডলত-
“পইচা ধাৰে দিছ নেকি ডেকাক?“
“হয় দাদা৷ সিদিনা ভতিজাকৰ অসুখ বুলি দুহেজাৰ টকা এটা ললে নহয়! পিচদিনাই ঘূৰাই দিম বুলি এসপ্তাহ পাৰ হ’ল, খৱৰেই নাই দেখোন!“
“হেৰৌ, পইচা ধাৰে দিবলৈ মানুহ নেপালি আৰু? গ’ল যা তোৰ পইচা৷ আৰু নেপাৱ৷“

তাৰ পিচত গগৈ দাৰ পৰা যিটো কাহিনী শুনিলো সেইটো মোটামুটি এনেধৰণৰ –
মিঃ ডেকাৰ বেঙ্কৰ চাকৰি যোৱা প্ৰায় এবছৰেই হ’ল৷ বেঙ্কত বহু টকাৰ হেৰাফেৰি কৰাৰ বাবে চাকৰিৰ পৰা চাচপেণ্ড নে ডিচমিছ হৈ এতিয়া চিনাকি মানুহবোৰৰ পৰা টকা ধাৰে লৈ কাকো ঘূৰাই নিদিয়ে৷ গগৈ দাৰ পৰাও হেনো চাৰি হেজাৰ খাই থৈছে৷ বৰাক ভেলীত বহুত কম অসমীয়া মানুহ হে বাছি ৰৈছে যাৰ পৰা ধাৰ লবলৈ ডেকাৰ বাকী আছে৷ তেওঁ কেতিয়াবা টকা ঘূৰায়ো দিয়ে, অৱশ্যে অন্য এজনৰ পৰা ধাৰ লৈহে৷ ইধৰ কা মাল উধৰ কৰিয়েই তেওৰ ’ইক’নমী’ চলে৷

কথাখিনি শুনি নিজৰ ওপৰতে ধিক্কাৰ জন্মিল৷ খমখমীয়া এশটকীয়া নোট কিখনলৈ মনত পৰি চকু কেইটা সেমেকি গ’ল৷ হোষ্টেললৈ ঘূৰি আহি কাষৰ ৰুমত থকা মোৰ লগৰ লৰা ৰঞ্জুক ক’লো কথাটো৷ মোৰ কথা শেষ নহওঁতেই তাৰ মুখৰ পৰা অশ্ৰাব্য গালি গালাজ ওলাব ধৰিলে৷ বুজিলো ডেকাৰ চিকাৰ তেওঁয়ো হৈছে৷ ৰঞ্জুক কলো, ব’ল ময়ো এনেই নেৰো বুজিছ, তাৰ ঘৰত গৈ হ’লেও পইচা উলিয়াম৷ ইমান কষ্টৰ পইচা, এনেই এৰিম নেকি?

পিচদিনা ৰাতিপুৱা মই আৰু ৰঞ্জু গৈ ওলালোগৈ ডেকাৰ ঘৰ বিচাৰি৷ পুৰণা ঠিকনাটোলৈ গৈ ভাৰা ঘৰটো বিচাৰি উলিয়ালো৷ পিচে ঘৰটোত দুৱাৰ মুখতে তলা এটা ওলমি থকাহে দেখিলো৷ সন্মুখতে দোকান এখন দেখি, দোকানী জনৰ ওচৰ পাই কিবা সোধো বুলি ভাবোতেই দোকানী জনেই আৰম্ভ কৰিলে –
“দাদা, ডেকাক বিচাৰি আহিছিল নেকি? টকা পইচা ধাৰলৈ দিছিল যেন পাওঁ?“
মই বোলো -হয় হে৷ ডেকা নাই নেকি?

দোকানীয়ে এটা ব্যংগাত্মক মিচিকিয়া হাঁহি এটা মাৰি কলে -“পইচা ধাৰ দিছে যদি পাহৰি যাওক৷ মই আজি তিনি মাহে মোৰ দোকানৰ বাকী উলিয়াব পৰা নাই৷ তেওঁ ঘৰলৈ কেতিয়া আহে কেতিয়া যাই মই ইয়াত থাকিয়েই তত ধৰিব পৰা নাই৷ আপুনি কিডাল কৰিব৷“

অৱশেষত ঘটনাৰ গভীৰতা বুজি ডেকাৰ ভাৰাঘৰৰ তলাটোতে ৰঞ্জুয়ে লাঠি এটা মাৰিলে আৰু দুয়ো পুনৰ ঘৰমুৱা হ’লো৷
ৰঞ্জুয়ে এদিন পুলিচত খৱৰ দিয়াৰ কথাও কৈছিল৷ সেই সময়ৰ হাইলাকান্দি পুলিচৰ এচ পি বুঢ়াগোহাঞি চাৰৰ লগতো আমাৰ বন্ধুত্ব গঢ়ি উঠিছিল৷ এদিন কথা প্ৰসংগত উলিয়াইছিলোও৷ পিচে তেখেতৰ উত্তৰ শুনি হাঁহিত মুখৰ পৰা চাহ ওলাই গ’ল৷ ডেকাই হেনো তেওঁৰ পৰাও তিনি হেজাৰ মাৰি থৈছে৷
লাহে লাহে কথাটো পাহৰিয়েই গৈছিলো৷ প্ৰায় এবছৰৰ মুৰত কালাইন বোলা ঠাই ডোখৰত দুখন নাইট চুপাৰ বাছৰ মাজতে এটা চিনাকি ছায়ামূৰ্তি চকামকাকৈ দেখা হেন পালো৷ হয়, সেয়া ডেকাই আছিল৷ বৰাক ভেলীৰ পৰা গুৱাহাটী অভিমুখে অহা নাইট চুপাৰ বাছবোৰ তাতে ৰখাই ভাত পানী খায়৷ ডেকাৰ লগত চাৰি চকুৰ মিলন হোৱাৰ লগে লগেই হঠাৎ মোৰ ভিতৰৰ ইন্দ্ৰিয় বোৰ পুনৰ সক্ৰিয় হৈ উঠিল৷ লগে লগে ডেকাৰ পিচ ললো৷ লাইন হৈ থকা বাছবোৰৰ মাজত অন্ধকাৰতে অলপ দেৰি টম এণ্ড জেৰীৰ দৰে খেদা খেদি চলিল৷ মই দৌৰি গৈ তাত পাওঁ মানে ডেকা সিখন বাছৰ পিচফাল পায়৷ অৱশেষত অন্ধকাৰৰ সুৰুঙা লৈ এপলকত অন্তৰ্ধ্যান হ’ল৷
মই হাৰ মানি দুখমনে নিজৰ বাছত বহিলোহি৷ কিছু বছৰ পিচত মোৰ ট্ৰান্সফাৰ আহিল৷ আজি দুটা দশক পিচতো ডেকাৰ শুংসূত্ৰ পোৱা নগ’ল৷ কোনোবাই পালে জনাব৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.