বাৰাংগনাৰ জুপুৰি -পৰী পাৰবীন

বাৰাংগনাৰ জুপুৰি  -পৰী পাৰবীন

বাৰাংগনাৰ জুপুৰি -পৰী পাৰবীন

by November 17, 2017 0 comments

প্ৰথম খণ্ডঃ

ছবিয়ে কথা কয় নে নকয়? যদি কয়, সেই ছবিয়ে বুকুত বিহৰ ঢল আনে নে? তেনে ছবিয়ে কলিজাত দুখৰ ফুলনি সাজে নে?

নাজানে অলংকৃতাই৷ নাজানে সেই ছবিয়ে হুমুনিয়াহবোৰ ওলাই আহিব নোৱাৰাকৈ কিদৰে তাইৰ বুকুত শিলনি বান্ধি ল’লে৷ সেয়া যেন ছবি নহয়, এহাল কিশোৰ কিশোৰীৰ জীৱন্ত প্ৰেম গাঁথা৷

অলংকৃতাই অফিচৰ বিশাল টেবুলৰ কাষতে লাগি থকা কম্পিউটাৰটোলৈ চেয়াৰখন ঘূৰাই ল’লে৷ অফিচ ইতিমধ্যে ছুটি হ’ল৷ কম্পিউটাৰৰ ছোৱালীজনীও গ’লগৈ৷ তাইহে অকলে অকলে পৰি ৰৈছে৷ বিশাল অফিচ চৌহদৰ সুসজ্জিত কোঠা এটিত অকলশৰীয়াকৈ জীৱন-জগত-প্ৰেম-হুমুনিয়াহৰ ককটেইল মিলাই পান কৰি গৈছে৷

কঞ্জনীলে পঠোৱা ফটোবোৰ তাই কম্পিউটাৰত চাই ৰ’ল৷ যিমানেই তাই কথাবোৰ সহজভাৱে ল’ব বিচাৰিছে, সিমানেই তাই সুৰংগ ফালি ৰহস্যভেদত আবদ্ধ হৈছে৷ পখিলা এজনীৰ দৰেই লাগিছে ছোৱালীজনীক। কি নাম আছিল তাইৰ? কি নাম সেই ৰঙীন ৰংগনাৰ? যদিও তাই মনত পেলাব নোখোজে সেই নাম, তথাপি সেই নামে তাইৰ পিছ নেৰে৷

 

উল্কি আছিল তাইৰ নাম৷ উল্কি শইকীয়া৷ এহাতেৰে কঁকালত ধৰি সেয়া আল্ট্ৰাছ নিয়াজিৰ৷ খুব সুখী যেন দুয়োটি৷ চঞ্চল বতাহজাকে যেন চঞ্চল কৰি তুলিছে দুয়োকে৷ মায়’ডিয়াৰ শুভ্ৰ হিমগুৰিৰে উল্কিৰ ৰঙা টুপীটো শুকুলা কৰি তুলিছে৷ বৰফে বৰফে উৰি ফুৰা সেইকুৰা যেন জ্বলি থকা আঙঠা এটুকুৰা৷ ইমান উত্তাপ! ইমান উত্তাপ সেই সম্বন্ধত! যি সম্বন্ধত সমাজৰ দৰবাৰ কঁপে, যি সম্বন্ধত ৰাষ্ট্ৰ আৰু আইন ধৰাশায়ী হয়, সেই সম্বন্ধই কিয় ইমান উত্তাপ কঢ়িয়ায়?

নিজক পাৰে মানে আঁতৰাই থৈ তাই উল্কি আৰু আল্ট্ৰাছৰ ছবিবোৰ চাই গৈছে৷ প্ৰতিখনেই বেলেগ বেলেগ ৰঙৰ কেনভাচ৷ প্ৰতিখনেই যেন নিয়মৰ বিপৰীতে অনিয়মৰ বাণী ছটিয়াই গৈছে৷

ক’ৰবাত তাইৰ চিঞৰটো মায়’ডিয়াৰ পাহাৰত ঠেকা খাইছে৷ “এয়া অনীতি”, তাই চিঞৰিছে৷

পাহাৰৰ সিপাৰৰ পৰা খিলখিলনিৰ প্ৰতিধ্বনি ভাঁহি আহিছে, “নহয় অনীতি৷ এয়াই সত্য”৷

সত্য! এই অনীতিবোৰ সত্য৷ অনিয়মবোৰ হেনো অনিয়ম নহয়৷ কোনে কয় সেই কথা?  সমাজে বান্ধি থোৱা এডাল সোলোক ঢোলোক শিকলিত বন্দী হৈ তাইৰ কাঠগৰাত থিয় দি নৰয় সেই নাৰী, যি নাৰীয়ে তাইৰ একান্ত প্ৰিয়জনৰ সতে ঘনিষ্ঠতাৰ ঘৰ সাজিছে৷

আল্ট্ৰাছৰ ফেচবুক একাউণ্টত সোমাই তাই ফটোবোৰ ক্লিক কৰি যায়৷ তাৰ পাছত উল্কিৰ একাঊণ্ট খুঁচৰে৷ একেই ঠাইৰ ফটো৷ যুগ্ম ফটোবোৰ তাত নাছিল৷ যুগ্ম ফটোবোৰ আছিল কঞ্জনীলে পঠোৱা ফটোবোৰত৷ যুগ্ম মানে উল্কি আৰু আল্ট্ৰাছ, আল্ট্ৰাছ আৰু উল্কি৷ ধৰফৰাই ৰৈছে তাই আৰু কঞ্জনীল৷ প্ৰেমক সদায়ে প্ৰাধান্য দি অহা তাই এই প্ৰেমত মূক হৈ পৰিছে৷ ধৰ্মৰ প্ৰসংগ নহয় সেয়া, বয়সৰ ব্যৱধানৰ কথাও নহয়, এই প্ৰসংগ এক জটিল নিয়মৰ প্ৰসংগ৷ সমাজ নামৰ দেৱালখনত উভতি অহা কিছু প্ৰশ্ন৷

ঘড়ীটোলৈ চালে তাই৷ সাত বাজিল৷ কঞ্জনীলে ফোন কৰাৰ কথা আছিল৷ হুইল চেয়াৰখনতে ওপৰমুৱাকৈ মূৰটো পেলাই তাই পিছলৈ আউজি ফোনটোৰ অপেক্ষাত ৰ’ল৷ পাতল নীলা ৰঙৰ দীঘল দীঘল পৰ্দা ভেদি ৰূমৰ পোহৰ ষ্ট্ৰিট লাইটৰ পোহৰত বিলীন হৈছে৷ পোহৰৰ ছয়াঁময়াত তাইৰ হঠাতে ল’ৰা দুটিলৈ মনত পৰিল৷ তাইৰ বুকুৰ জিউ দুটিক অকলে এৰি থৈ তাই বিয়লি এপৰলৈকে অফিচত বহি আছে৷ নিজৰ ওপৰতে ধিক্কাৰ জন্মিল তাইৰ৷ ড্ৰাইভাৰক গাড়ী সাজু কৰিবলৈ কৈ তাইৰ পাৰ্ছ মিৰৰখনত মুখখন চাই ল’লে৷ ওঁঠৰ ওপৰেৰে পাতল গুলপীয়া লিপষ্টিকডাল বুলাই তাই ঠিয় হ’ল৷

 

মুখখন শান্ত৷ সৌম্য৷ ভিতৰৰ ধুমুহাজাকৰ চাৰিওফালে দেৱাল গঁথা হৈ গ’ল৷ সেই ধুমুহাজাকে তাইৰ কণমানি দুটাৰ মনত আউল নলগায়৷ তাই নাৰী৷ তাই হাজাৰ ৰূপ বৰণ কৰিব পাৰে৷ অলপ আগলৈকে তাই আছিল ধুমুহাত বিধ্বস্ত দেশৰ সৰ্বস্ৰান্ত নাগৰিক, এতিয়া হৈ পৰিছে মমতাবোধৰ পৃথিৱীৰ দায়িত্বশীল নাগৰিক৷

“বাইদেউ ঘৰলৈ যাব নে বেলেগ ক’ৰবালৈ যাব”, ড্ৰাইভাৰজনে পিছফালৰ দুৱাৰখন খুলি দি সুধিলে৷

“ঘৰলৈ বলা”, বুলি তাই পিছফালে চিটত মূৰটো পেলাই বহি দিলে৷ বৰ জটিল এই পৃথিৱী, বৰ জটিল এই জীৱন৷ মুখত ব্যৰ্থতাৰ প্ৰলেপ তাই সানিব নিবিচাৰে, নিবিচাৰে বাবেই মানুহে হিংসা কৰাকৈ তাই সবল আৰু সেইবাবেই তাইৰ খোজৰ গতিও প্ৰবল৷

এই যে গেটখন খোলাৰ লগে লগে দুয়োটা ল’ৰা দৌৰি আহি তাইৰ শাৰীখনত জপতিয়াই ধৰিব, এটাই তাইৰ বেগটো কেকোঁজেকোকৈ দাঙি লৈ যাব, এটাই আকৌ তাইৰ কাৰণে টাৱেলখনকে বাথৰূমত সাজু কৰি দিব, এইখনেই তাইৰ সৰুকৈ পৃথিৱী৷ কিন্তু আজিৰ কথা কাণ্ড কিছু বেলেগ৷ দেখিলেই বুজা যায়, দুয়োটাই এখুন্দা লাগি থৈছে ইতিমধ্যে৷

ফুলা লুচিখনৰ দৰে মুখখন ফুলাই সৰুটি তাইৰ আঁচলত ধৰিলেহি, “মা মা, পাপা কেতিয়াকৈ আহিব? ”

বুকুখন তাইৰ চিৰিংকৈ গ’ল৷ দেউতাকবলীয়া দুযোটি পোনা৷ প্ৰতিবাৰৰ দৰেই হয়তো এইবাৰো দেউতাক বাহিৰলৈ যাওঁতে আদায় কৰি থৈছে উপহাৰৰ প্ৰতিশ্ৰুতি৷ তাৰ নিমিত্তেই প্ৰশ্নৰ উপৰি প্ৰশ্ন, “মা, পাপা কেতিয়াকৈ আহিব”৷

“আহিব বাবা, এতিয়া তুমি পঢ়াটেবুলত বহাগৈ যোৱা”, বুলি কৈ তাই বাথৰূমৰ ফালে দৌৰ মাৰিলে৷ সন্ধ্যাৰ এই সময়খিনি তাইৰ বৰ ব্যস্ত সময়৷ ল’ৰা দুটিৰ হাতত গাখীৰৰ গিলাচ তুলি দিয়াৰে পৰা সিহঁতৰ অংকৰ সমস্যাটোলৈকে চকু দিব লাগে তাই৷ দিনটোৰ এইকণ সময়েই পায় তাই৷ এইখিনি সিহঁতৰ গুণগত সময়৷ সাধু, নীতি কথাৰে সিঁহতৰ মনবোৰত চিন্তাৰ ৰেশ সানি দিয়ে তাই৷ আজি পিছে তাই নিজৰ সতে নাই, নাই কণমাণিকেইটাৰ সতেও৷ দিনটোৰ ব্যস্ততাখিনিৰ মাজত থমকি ৰোৱা খোজৰ গতিটোৱে, দৈনন্দিন কোলাহলৰ মাজত লুকাই ৰোৱা মৌনতাখিনিয়ে, মুখৰ সাতোৰঙী বেলুনৰ মাজৰ শূন্যতাখিনিয়ে পলকতে বেসুৰা কৰি তোলে জীৱনৰ ছন্দ৷ নিশা গভীৰ হৈ আহে, আত্মকথনৰ স্বৰলিপি ভাঁহে৷

আলট্ৰাছ কৰ্মসূত্ৰে বাহিৰলৈ যোৱা হেতুকে তাই বিশাল কোঠাত অকলে পৰি ৰয়৷ পুত্ৰদ্বয় গভীৰ নিদ্ৰাত৷ তাই সাৰে ৰয়৷ তাই জানে ক’ৰবাত আৰু এটি দুটি সত্বা সাৰে ৰয়৷ ঢিমিক ঢামাককৈ জ্বলে তৰাবুলীযা অনুভৱ৷ বুকুৰ মাজত এচাটি মলয়াই চুব খুজিও ৰৈ যায়৷ শীতল সৰীসৃপৰ দৰে এটি বীজলুৱা অনু্ভৱে বগুৱা বাই যায়৷

আল্ট্ৰাছ তাইৰ হৈ নাথাকিল৷ তাই নিজৰ হৈ নাথাকিল৷ যোগাত্মক চিন্তাৰ সুঁতিত আউল লাগে সেইখিনিতেই৷ এই যে অস্থিৰতাবোৰ, তাতেই পোখা মেলে সৃষ্টিয়ে৷ সেমেকা গধূলিৰ সংগমত ৰোপণ হয় বেদনাৰ ভ্ৰুণ৷

সময়বোৰ ধাৰাল কাঁইটৰ দৰে৷ ঠাক ঠাককৈ সজাই থোৱা কিতাপবোৰে মূৰ দুঁপিয়াই আমন্ত্ৰণ জনায়, “এই পৃথিৱীলৈ আহা, আমি তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ দিম৷ আমাক মাথোঁ উমাল কৰি তোলা”৷

তাই ধীৰে ধীৰে প্ৰবেশ কৰে তাইৰ আপোন জগতত৷ ইয়াত নাথাকে আল্ট্ৰাছ, নাথাকে উল্কি, নাথাকে কঞ্জনীল, নাথাকে প্ৰথম শ্ৰেণীৰ মেজিষ্ট্ৰেট অলংকৃতা বৰুৱা৷

থাকে এমুঠি প্ৰশ্নৰে উদগ্ৰীৱ মুখৰ এজনী মহিলা……

 

থাকে এমুঠি উত্তৰেৰে সাজু হৈ ৰৈ থকা কিতাপৰ গোন্ধৰে আমোলমোল এটি কোঠা৷

থাকে তাইৰ দুখৰ নিচা সাৱটি ৰোৱা এচাটি অস্থিৰ বতাহ…..

আৰু সেই বতাহত ওপঙি ফুৰা এটি বেলুনীয়া উশাহ৷

দ্বিতীয় খণ্ডঃবাৰাংগনাৰ জুপুৰি

———–

ভাইব্ৰেশ্বন মুডত থকা ফোনটো বাজি উঠিছিল৷ তাই তেতিয়া কেবাজনো অধিবক্তাৰ স’তে মুখ্য ন্যায়াধীশৰ কোঠাত জৰুৰী আলোচনাত৷ চাওঁ নাচাওঁকৈ অলংকৃতাই ফোনটোত দৃষ্টি নিক্ষেপ কৰিলে৷ অচিনাকি নাম্বাৰ৷  ছাৰৰ ৰূমত ফোনটো ধৰিবলৈ তাইৰ অস্বস্তি লাগিল৷ ফোনটো বাজি বাজি অফ হৈ গ’ল৷

ক্ৰিমিনেল কেচ এটাৰ আলোচনা কৰোতে কৰোতে দুপৰৰ বেলি উঠিল৷ মুখ্য ন্যায়াধীশৰ কোঠাৰ পৰা আহি গোটেইকেইজন তাইৰ কোঠাত সোমাল৷ জৰুৰী কেচকেইটাৰ ফাইলত চহী কৰি পঠিয়াব লাগে৷ তেনে এদমমান ফাইলৰ মাজতে ডুব গৈ থাকোতেই আকৌ ফোনটো বাজি উঠিল৷ কামৰ মাজত ফোনকল আহিলে ভীষণ বিৰক্তি পায় তাই৷ তাতে আকৌ অচিনাকি নাম্বাৰ৷

ক্লান্তিৰ সুৰ এটা টানি তাই মাত দিলে, “হেল্ল”৷

“আপুনি আলট্ৰাচ নিয়াজিৰৰ পত্নী নেকি? ”

বুকুখন কঁপি উঠিল তাইৰ৷ আলট্ৰাচৰ নাম লৈ তাইক কোনেও ফোন নকৰে৷ কিবা বিপদ হোৱা নাইতো তাৰ! কিছু শংকামিহলি অনু্ভূতিবোৰ নিয়ন্ত্ৰণলৈ আনি তাই মাত লগালে,

“হয়৷ আপুনি কোনে ক’লে? ”

“মোক আপুনি চিনি নাপাব৷ মই কঞ্জনীল৷ মংগলদৈৰ পৰা কৈছো”৷

‘আলট্ৰাচ নিয়াজিৰৰ পত্নী’ আৰু ‘মংগলদৈ’, এই শব্দকেইটাৰ মাজত কি যোগসূত্ৰ? মুহূৰ্ততে দুডাল বিদ্যুৎ পৰিবাহী তাঁৰে তাইৰ মগজুলৈ সংকেতধ্বনি কঢ়িয়াই নিলে৷ উল্কিৰ ঘৰ মংগলদৈত৷ সিমানখিনি তাই জানিছিল৷ উল্কি আৰু আলট্ৰাচৰ মাজৰ বু বু বা বা খিনিও তাই নজনাকৈ থকা নাছিল৷ সেয়াইনে যোগসূত্ৰ?

“আপুনি উল্কিৰ…..? ”, আধাতে ৰৈ দিলে তাই৷

“হয়৷ উল্কি মোৰ পত্নী৷ আপোনাক মোৰ অলপ ক’বলগীযা আছে ”৷

আছে আছে৷ তাইৰো ক’বলগীয়া আছে৷ কেনেকৈ বুজায় তাই, তাইৰো যে উল্কিৰ স্বামীক ক’বলৈ বহুত কথাই আছে৷ কিমান দিন যে তাই উল্কিৰ স্বামীৰ লগত যোগাযোগ কৰিবলৈ বিচাৰি ফুৰিছে৷ কিন্তু এতিয়া এই মুহূৰ্তত সেয়া সম্ভৱনে? এই মুহূৰ্তত তাইৰ সন্মুখত অধিবক্তা কৃশানু গৌতম আৰু দ্বিতীয় শ্ৰেণীৰ ন্যায়াধীশ বিশাল তামূলী৷ টেবুলৰ কাষৰ কম্পিউটাৰটোৰ সন্মুখত কাংক্ষিতা নামৰ কম্পিউটাৰ চলোৱা ছোৱালীজনী৷ ফোনৰ সিপাৰে তাইৰ স্বামীৰ অবৈধ প্ৰেমৰ অভিযোগকাৰী৷ কি কৰে তাই? কি কৰে এনে মুহূৰ্তত তাই? কি কৰিলেহেঁতেন অন্য নাৰীয়ে? তাই নাজানে সেই কথা৷ পলকতে তাইৰ মুখৰ বৰণ সলনি হৈছিল৷ তাইৰ মাতটোত শতযুগৰ মলিনতা আহি পৰিছিল৷ এই যেন এই মাত্ৰকে তাই দৌৰি গৈ শোৱনি কোঠাৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ কৰি বিছনাত উবুৰি খাই পৰি গাৰু তিয়াব, এই যেন ব্ৰহ্মপুত্ৰৰ আন্ধাৰ বালিচৰত চুলি মেলি কোনোবা অতৃপ্ত আত্মাৰ দৰে বহি ৰ’ব নতুবা এজনী উদভ্ৰান্ত নাৰীৰ দৰে অসংযত সাজেৰে বৰ্ষণমুখৰ কোনো মধ্যৰাতি ঢলংপলংকৈ নিচাগ্ৰস্ত লোকৰ দৰে লক্ষ্যহীন এক যাত্ৰাত ভৰি থ’ব নতুবা নিষিদ্ধ গলিত এজাক উতনুৱা যুৱক-যুৱতীৰ দৰে চিগাৰেটৰ কুণ্ডলী পকাব নতুবা চহৰৰ উপকণ্ঠৰ কোনো ধাবাত অকলে অকলে পান কৰিব ৰঙীন পানীয়৷

তেনে একোৱেই কৰা নহ’ল সেই সময়ত৷ তাইৰ মুখৰ অভিব্যক্তিত সন্মুখত থকা লোক দুজনে কিবা ধাৰণা কৰি উঠি যাবলৈ ওলাইছিল, তাই মুহূৰ্ততে নিজকে সম্বৰণ কৰিলে, তেওঁলোকক বহিবলৈ ইংগিত দি ফোনত ক’লে, “আপুনি অলপ পাছত ফোন কৰিব পাৰিবনে? ”

কঞ্জনীল যেন ফাটি পৰিছিল৷ কেনেকৈ পাৰে? কেনেকৈ পাৰে এগৰাকী নাৰীয়ে এনেবোৰ মুহূৰ্তত নিজকে ইমান সন্তুলিত কৰি ৰাখিব পাৰে? কেনেকৈ? সি কিয় নোৱাৰে? কিয় ফটোখিনিত উল্কি আৰু আলট্ৰাচৰ মাজত ঘনিষ্ঠতা দেখাৰ পাছৰে পৰা সি চৰম অশান্তিত সময় কটাইছে৷ সি জানে কিদৰে সি আলট্ৰাচৰ পত্নীৰ ফোন নম্বৰ সংগ্ৰহ কৰিছিল৷ একমাত্ৰ তায়েইতো আছিল তাৰ কষ্টবোৰ ভাগ কৰিব পৰাকৈ৷ অচিনাকি সেই নাৰী, অথচ দুয়োৰে দুখবোৰ কিমান আপোন!

সি কিবা কোৱাৰ আগতেই তাই ফোনটো কাটি দিলে৷ তাইক সদ্যহতে অকলশৰীয়া পৰিবেশ এটা লাগে৷ টেবুলৰ সন্মুখৰ মানুহ দুজনক বিদায় দিব লাগে৷ তেওঁলোকৰ কামটো কৰি আজৰাই দিব লাগে৷ কাংক্ষিতাক ছুটি দিব লাগে৷ সিমানখিনিলৈকে জ্ঞান আছে তাইৰ৷ বাকীবোৰ সমস্যাৰ কিদৰে মুখামুখি হ’ব সেই কথা এতিয়া ভবাৰ অৱকাশ নাই৷

কৃশানু আৰু বিশালৰ লগত গোচৰ এটাৰ শুনানীৰ ফাইলটো আলোচনা কৰি ঠিক ঠাক কৰি ল’লে৷ তেওঁলোকে কথা পাতি থাকোতে তাইৰ মবাইলটোৰ মেচেজট’ন কেবাবাৰো বাজি উঠিছিল৷ তাই অনুমান কৰিছিল সেয়া হয়তো কঞ্জনীল হ’ব৷ তাইৰ অনুমানক সত্যতা প্ৰতিপন্ন কৰি সেয়া কঞ্জনীলৰে মেচেজ আছিল৷ এখনৰ পাছত এখনকৈ ফটো পঠিয়াই গৈছে সি৷ তাই এখনত ক্লিক কৰি দিয়াৰ লগে লগে স্ক্ৰীণত ভাঁহি অহা এখন ফটোৱে তাইক বোবা কৰি পেলালে৷ চকুহাল মুদি দিলে তাই৷ নিৰ্মিলিত চকুৰ পৰ্দাত চেলুলয়ডৰ দৰে ইখনৰ পাছত সিখন ছবি ভাঁহি আহিল৷ এই ছবিবোৰৰ সন্মুখীন হ’ব পৰাকৈ তাইৰ প্ৰস্তুতি নাছিল৷ ইমান নিৰ্মম সত্যৰ লগত তাইৰ পৰিচয় নাই৷ তাই শুনিছিল সিহঁতৰ কথা, কিন্তু কোনোদিনে প্ৰমাণ বিচৰা নাছিল৷ যি প্ৰমাণে তাইৰ চৌপাশ অস্থিৰ কৰি তুলিব, সেই প্ৰমাণৰ সন্মুখীন হ’ব নিবিচাৰিছিল তাই৷ হেৰুৱাৰ ভয়ত নে হতাশাৰ ঢৌত উটি যোৱাৰ ভয়ত তাই সেয়া নিবিচাৰিছিল সেই কথা তাই নুবুজে৷

সন্মুখত দুজন কলিগ৷ অথচ ফটোখিনি দেখাৰ পাছতে তাইৰ বোধশক্তি যেন হেৰাল৷ তাই চকুমুদি ৰ’ল৷ তাইৰ অপ্ৰকৃতিস্থ আচৰণত দুয়োজন আচৰিত হ’ল৷ সিহঁত যাবলৈ ওলাল৷

বিশাল তামূলী আৰু কৃশানু গৌতম ওলাই গ’ল৷ তাই ফটোবোৰ চাই গ’ল৷ এখনৰ পিছত আন এখন ফটোৱে তাইক জুইৰ উত্তাপেৰে গা ধুৱাই থাকিল৷ তাইৰ একান্ত নিজৰ পুৰুষজনৰ সতে অন্য নাৰী, পৰনাৰী সেয়া৷ উস! সহ্যাতীত৷ বুকুৰ দহন ভেদি হুমুনিয়াহ এটা ওলাই আহিল৷ চকুহাল তাইৰ ৰঙা পৰিল৷

তেনেতে বিশাল তামূলী পুনৰবাৰ সোমাই আহিছিল৷ কিবা যেন ক’ব তাইক৷ তাই নিজকে লুকুৱাব বিচাৰিছিল৷ মুখত কোনোমতে সেমেকা হাঁহি এটা বিৰিঙাই তালৈ প্ৰশ্নবোধক চাৱনি এটা নিক্ষেপ কৰিলে, “আৰু কিবা কাম থাকি গ’ল নেকি” এই ভাৱত৷ নহয়, সি কোনো কামৰ কাৰণে অহা নাই৷ সি আহিছিল তাইৰ আপদীয়া ফোনকলটোৰ আঁত বিচাৰি, যিটো ফোনকলৰ পিছতে তাইৰ উদভ্ৰান্ত আচৰণে তাৰ বুকুত শেল হৈ বিন্ধিছে ৷

“মেডাম”

“ওমম”

“নাযায় ঘৰলৈ? ”

“যাম৷ সৰু এটা কাম আছে৷ কৰিয়েই যাম”৷

সি গ’ম পালে তাই সহজে মনৰ কথাবোৰ মুকলি কৰি নিদিয়ে৷ কিন্তু তাইৰ এই ৰূপত তাৰো তাইক এৰি যাবলৈ মন যোৱা নাই৷ মানৱীয়তাৰ ফালৰ পৰা নে তাইৰ প্ৰতি জাগি উঠা কোনো এক সহানুভূতি, সি নাজানে সেই কথা৷ কিন্তু তাই যে এতিয়া তাৰ সান্নিধ্য বিচৰা নাই, সেই কথা সি বুজি পালে ৷ অগত্যা সি যাবলৈ ওলাল৷

“মেডাম, এটা কথা কৈ যাওঁ, বেয়া পাব নেকি?

তাই অন্যমনস্ক হৈ ৰ’ল৷ কাণত নোসোমাল বিশালে কি ক’লে৷ বিশালে আকৌ মাতিলে,

“মেডাম”

এইবাৰ তাই থতমত খাই মাত লগালে,

“হাঁ”

“কিবা এটা ক’লে বেয়া পাব নেকি? ”

“বেয়া কিয় পাম? নিশ্চিন্তে ক’ব পাৰে৷ বেয়া পোৱাৰ প্ৰশ্নই নুঠে”, তাই পাৰেমানে প্ৰতিভ হ’বলৈ বৃথা চেষ্টা চলাইছে৷

বিশালে অলপ চিন্তা কৰিলে৷ তাৰ অন্তৰৰ একোণত কোনো এক স্থান লৈ থকা সবল নাৰীগৰাকী আজি দুৰ্বল হৈ পৰিছে৷ তাইৰ মুখৰ কজলা বৰণে তাকো ছানি ধৰিছে৷ কিন্তু সেই প্ৰকাশ সি কৰে কেনেকৈ? কি কথাই তাইক কিছু পৰিমাণে হ’লেও উদ্দীপিত কৰিব? কি সমস্যাৰে জৰ্জড়িত তাই? জিলাৰ অতখিনি মানুহৰ সমস্যা সমাধান কৰা মানুহগৰাকীক কিহে ভাৰাক্ৰান্ত কৰে এনেকৈ? ইমানদিন সি ভাবি আহিছিল, শাৰীৰিক তথা মানসিক পৰিপূৰ্ণতাৰে পুষ্ট এই নাৰী৷ আজি সি গ’ম পাইছে, ক’ৰবাত সূৰ্যৰো বিচ্যুতি ঘটে৷ চকুত নপৰে মানুহৰ৷ কিছু আবেগিক হ’ল সি৷ ক’ব লগা কথাবোৰ সামৰি সি মাথোঁঁ ক’লে,

“মেডাম, নিউটনৰ তৃতীয় সূত্ৰটো মনত আছেনে? সেই যে সু্ত্ৰটো, প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে”৷

তাই চাই ৰ’ল৷ কি ক’ব বিচাৰিছে বিশালে সেই কথা বুজাৰ আগতেই সি কৈ গ’ল, “যিয়েই আপোনাক আজি পিছলৈ টানিছে, সেইটোৱেই আপোনাক এদিন সিমান আগলৈ লৈ যাব৷ মই যাওঁ৷ আপুনিও বেছি দেৰি নকৰিব”৷

কথাখিনি কৈ সি ওলাই গ’ল৷ চকুৰ কোণ সেমেকি উঠিছিল তাৰ৷ বিশাল চৌহদত তাইক অকলে এৰি সি গাড়ীৰ ষ্টিয়েৰিং পকালে৷ শৈল-মানৱীৰ দৰে তাই বহি ৰ’ল৷ উল্কি, আলট্ৰাচ, কঞ্জনীল, মায়’ডিয়া, ফটো, মেচেজ, ফোন, ৰঙা টুপী, শুকুলা তুষাৰ এই শব্দবোৰ সাৱটি তাই বহি ৰ’ল৷ ইমানবোৰ শব্দৰ মাজতো বৰ নিসংগ অনুভৱ কৰিলে অলংকৃতাই৷ সৰ্বশৰীৰ শীতল হৈ পৰিল৷ শৰীৰৰ ভিতৰত কম্পন৷ বাহিৰত তেজাল চকু৷ বিভ্ৰমৰ দুনীয়া, বিধ্বস্ত চেহেৰা৷ এই যেন চিঞৰি চিঞৰি কান্দিব, আকুলভাৱে অনুৰোধ জনাব কাৰোবাক, “তুলি ধৰচোন মোক, মোৰ পৃথিৱীখন ধ্বংস হোৱাৰ আগতেই কোনোবাই তুলি ধৰ মোক”৷ বিশালৰ গাড়ীখন ধূলি উৰুৱাই গুচি যোৱাৰ খবৰ তাই পালে, খিৰিকীৰে দেখিলে তাই, ড্ৰাইভিং ছিটৰ পৰা সি তাইৰ খিৰিকীৰ ফালে চাই গৈছিল৷

“নাই নাই৷ আৰু অলপো পুতৌৰ দৰকাৰ নাই মোক৷ মই নিজে নিজক বুজাম৷ মোক অকলে থাকিবলৈ দে, জীৱন মোক শক্তি দে”৷ অলংকৃতাৰ দৰে সবল ব্যক্তিত্বৰ মানুহ এগৰাকীৰ এই বিভঞ্জ ৰূপ অকল্পনীয়৷ হে জীৱন, বৈচিত্ৰ্যৰে ভৰা তোমাৰ ক্ষণ৷ উচুপনিৰ ক্ষণবোৰ ঢাকিও তাই জীৱনৰে গান গাই আছে৷

কিয় মন গৈছে তাইৰ নিজৰ ওপৰত প্ৰতিশোধ ল’বলৈ, কিয় মন যায় নৰকৰ কীটে কিলবিলোৱা সেই ৰাস্তাত ভৰি দিবলৈ, কিয় মন যায আলট্ৰাচক জনাবলৈ সেই খবৰ, “চোৱা আলট্ৰাচ, চোৱা মোক, মই তোমাৰ হৈ নাথাকিলো, মই দেখোন মোৰেই হৈ নাথাকিলো”৷

—–

চকুপানীটোপাল সৰিল৷ বাৰ্টাণ্ড ৰাছেলৰ কিতাপখনৰ পয়ষষ্ঠি নম্বৰ পৃষ্ঠাত চকুপানীটোপালে ঠিকনা পালে৷ তাইৰ মনৰ গতিত বাধা আহিল৷ অদূৰৰ পৰা পুৱা চাৰি বজাৰ ঘণ্টাৰ শব্দ ভাঁহি আহিল৷ টোপনি অবিহনে পাৰ হোৱা তাইৰ এয়া প্ৰথমটো নিশা৷ আলট্ৰাচ ঘৰত নাই৷ কিতাপখন জপাই তাই শোৱনি কোঠালৈ আহিল৷ পুত্ৰদ্বয় নিদ্ৰাদেৱীৰ কোলাত৷ সৰু পু্ত্ৰই মাজে মাজে খেপিয়াই খেপিয়াই মাকক বিচাৰিছে৷ জিৰো পাৱাৰৰ লাইটটো তাই নুমুৱাই দিলে৷ ভেণ্টিলেটৰেৰে পোহৰৰ ৰেঙনি দেখা গৈছে৷ আগদিনা কঞ্জনীলৰ ফোনটো নাহিল৷ তাই প্ৰস্তুত হৈ উঠিছিল তেতিয়া৷ চৰম সত্যটো শুনিলেও যাতে তাই ভাগি নপৰে, তাৰ বাবে তাই নিজকে সাজু কৰি তুলিছিল৷ কিন্তু সি ফোন নকৰিলে৷ তাৰ বিপৰীতে তাইলৈ পঠিয়াই দিলে ফটোৰূপী জুইৰ লেহন৷ সৰ্বকলিজা ভেদি যি এতিয়াও তাইৰ চকুৰ আগত নাচি আছে৷

সৰুটোৱে বাগৰ দিছে, মুখখন উজ্জ্বল তাৰ, টোপনিতে খিলখিলকৈ হাঁহি কৈ উঠিছে, “পাপাই মোৰ কাৰণে ৰিমট কণ্ট্ৰল গাড়ী আনিব”৷

 

(আগলৈ)

 

 

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.