ভগ্নাংশ জীৱনৰঃ এটা এদিনীয়া দীঘল গল্প – জয়ন্ত আকাশ বৰ্মন

ভগ্নাংশ জীৱনৰঃ এটা এদিনীয়া দীঘল গল্প – জয়ন্ত আকাশ বৰ্মন

ভগ্নাংশ জীৱনৰঃ এটা এদিনীয়া দীঘল গল্প – জয়ন্ত আকাশ বৰ্মন

by November 17, 2017 0 comments

এইবোৰ সেইসময়ৰ কাহিনী, যেতিয়া প্ৰাইভেট বেংকটোত ৰিলেশ্বনশ্বিপ মেনেজাৰ হিচাপে আমি কাম কৰিছিলোঁ। আমি ইনভেষ্টমেণ্ট বেংকিংখিনি চাইছিলোঁ‌৷ এইবোৰ সেইসময়ৰ কাহিনী যেতিয়া গোটেই বিশ্বক অৰ্থনৈতিক মন্দাৱস্থাই হেঁ‌চা মাৰি ধৰিছিল৷ এইবোৰ সেই সময়ৰ কাহিনী ইনভেষ্টমেণ্ট বেংকিং যেতিয়া এক কৌতুকলৈ ৰূপান্তৰ ঘটিছিল৷ কোম্পানীবোৰ ডুবিছিল, ক’ৰ্প’ৰেট হাউচবোৰে নিৰ্দয়তাৰে ৰাতিটোৰ ভিতৰতেই হেজাৰ-হেজাৰ এমপ্ল’য়িক ছাটাই কৰি স্মাৰ্ট লুকিং নিবনুৱা কৰি পেলাইছিল৷

চান্দমাৰী ফ্লাইঅ’ভাৰৰ ঠিক মাজতেই আমাৰ স্কুটাৰখনৰ ষ্টাৰ্ট বন্ধ হৈ গ’ল৷

“কি হ’ল?” -মই সুধিলোঁ‌৷ স্বাভাবিকতেই এইখন স্কুটাৰৰ মই পিলিয়ন ৰাইডাৰ৷ আৰু দ্ৰাইভাৰ অভিজিৎ৷ কাৰণ দেউতাকৰ দিনৰ প্ৰায় বিছ বছৰ প্ৰাচীন এই বাচন্তী বাহনখন অকল অভিজিতেহে চলাব পাৰিছিল৷ এক অদ্ভুত কেমিষ্ট্ৰি আছিল অভিজিৎ আৰু তাৰ এই মাখনৰঙী এল.এম.এল. ভেস্পাখনৰ মাজত৷ ব্ৰেক নাছিল, কিন্তু অভিজিতৰ কথাত ৰৈ গৈছিল৷ এডাল ষ্টেণ্ড মামৰে খাই চুটি কৰিছিল, তথাপি খাৰা হৈ থাকিছিল৷ মাথোঁ‌ মই সদায় চেপেটা শিল এটা বিচাৰি আনি দিব লগা হৈছিল৷ লৰা-লৰি হ’লে কেতিয়াবা আমি তাক শুৱায়ো থৈ গৈছিলোঁ‌, নাই, কোনো আপত্তি নাছিল বাচন্তীৰ৷ কেতিয়াও বিশ্বাসঘাটকতা নকৰিছিল৷

“নামা চোন৷ কি বা হ’ল চাই লওঁ‌৷”- আমি স্কুটাৰৰ পৰা নামিলোঁ‌৷ সি হেণ্ডেল ধৰিলে আৰু মই ঠেলিলোঁ‌৷ ঠেলি-ঠেলি স্কুটাৰখন ব্ৰীজৰ কাষৰ ৰেলিঙৰ ওচৰলৈ লৈ গ’লোঁ৷

অভিজিতে স্কুটাৰখনৰ ঠেং দুখনত ভৰিখন ৰাখি হেইচো কৰি স্কুটাৰখন ষ্টেণ্ড কৰিলে৷ আৰু গাৰ সমস্ত জোৰেৰে কিক্ মাৰিলে৷ কিক্‌ডাল চিটিকি উঠে, কিকৰ লগত সংলগ্ন চকাটো দুপাক আগফালে ঘূৰি ৰৈ গৈ আকৌ পিছফালে ঘূৰে৷ স্কুটাৰখনে কাঁ‌হ মৰাৰ দৰে শব্দ কৰে, কিন্তু ষ্টাৰ্ট নহয়৷

অভিজিতে আকৌ কিক্ মাৰে৷ সুদৰ্শন চক্ৰৰ দৰে সেই চকাটো দুপাক ঘূৰে, বাচন্তীয়ে কাঁ‌হে, চক্ৰটো আকৌ ৰৈ গৈ পিচমুৱাকৈ ঘুৰে৷ অভিজিতে স্কুটাৰখন হলাই নি স্কুটাৰৰ পেটটো প্ৰায় ৰাষ্টাত লগাই দিয়ে৷ পুনৰ কিক্ মাৰে৷ এইবাৰ চক্ৰটো দুপাক বেছিকৈ ঘূৰে, কাঁ‌হটো দীঘলীয়াকৈ মাৰে, আৰু আগৰদৰেই একেই অঁকৰামিৰে ৰৈ যায়৷ কাষেৰে গাড়ী বাইকবোৰ হৰহৰাই সুৰসুৰাই পাৰ হৈ যায়৷ প্ৰখৰ ৰ’দত আমাৰ ঘাম সৰে৷

’তেল খটম নেকি চোৱাচোন!’ -মই ক’লোঁ৷

’তাকেইতো৷’-অভিজিতে টেংকিৰ ঢাকনিখন খুলিলে৷ খুলিলে মানে খোলাই থাকে৷ ঢাকনিখন চাইদ কৰিহে দিলে৷

লৰায়ো চালে, চকুটো ঢাকনিৰ ফুটাৰেও নি চালে৷ এটোপাল তেলৰ অস্তিত্ব দেখা নাপালে৷

“মই কৈছিলোঁ‌ নে শনিমন্দিৰ যাব নালাগে? ৰাষ্টাটোৰ পৰা শনিমন্দিৰলৈ চাৰি কিল’মিটাৰকৈ অহা-যোৱা মুঠ আঠ কিল’মিটাৰ৷ সেইখিনি তেলেৰে আমি এতিয়া চেলছ্ কলটো কৰি আৰামচে অফিচ পাই গ’লোঁহেঁতেঁ‌ন৷ অফিচৰ পাৰ্কিঙত যিমান দিন পেলাই থ’লেও কথা নাছিল৷ এতিয়া ইয়াত মাজৰাষ্টাত, না ইধাৰ কা না উধৰ কা, কি কৰিবা এইখন? -মই ভোৰভোৰালোঁ‌-“তোমাক কিমানবাৰ ক’লোঁ শনিমন্দিৰ গৈ লাভ নাই৷ এতিয়া শনিমন্দিৰৰৰ পৰা শনি উঠি আহি ডাইৰেক্ট স্কুটাৰৰ টেংকিত সোমাই পেট্ৰ’লবোৰ খাই পেলালে৷”

“ৰ’বাচোন৷ কিবা এটা হ’বতো! তোমাৰ লগত কিমান টকা আছে এতিয়া?” -অভিজিতে মোক সুধিলে৷

“ফিফ্টি অনলি৷ মাত্ৰ পঞ্চাছ টকা৷ আৰু এ.টি.ম.ত পসত্তৰ টকা৷ উলিয়াব নোৱাৰি৷”

“মোৰ লগতো ত্ৰিছ টকা আছে৷ মানে মুঠ আশী টকা৷” -অভিজিতে ক’লে৷ “বাচন্তীৰ বাবে একলিটাৰ পেট্ৰ’ল ষাঠি টকা আৰু তোমাৰ মোৰ দুখন পৰঠা বিছ টকা৷ হৈ গ’ল আজিৰ দিনটো৷” – অভিজিতে হিচাপ কৰিলে৷ “কাইলৈৰতো কাইলৈ দেখা যাব৷”

আমি বেঞ্চখনত বহি হিচাপ কৰিলোঁ‌৷

হাতত মাত্ৰ পঞ্চাছ টকা৷ অভিৰ হাতত ত্ৰিছ টকা৷ সৰ্বমুঠ আশী টকা৷ খালি পেটেৰে এখন পুৰণা স্কুটাৰ৷ খালি পেটেৰে দুজন আসন্ন বেকাৰ৷

অফিছৰ মৰ্ণিং মিটিঙত আমি দুই লাখকৈ টকা ইনভেষ্টমেণ্ট হ’ব বুলি কমিটমেণ্ট দি আহিছোঁ‌৷ কাৰণ আমাৰ হাতত আৰু অন্য উপায়ো নাছিল৷ চাকৰি বচাবলৈ আমাক দিয়া লাষ্ট চান্সটোৰ বাবে সিমানখিনি ইনভেষ্টমেণ্টো বহুত কমেই আছিল৷ কিন্তু, মই জানো, অভিজিতেও জানে, ইনভেষ্টমেণ্টৰ নামত ঘটিটোহে হ’ব৷ কোনো ক্লায়েণ্ট নাই৷ কোনো লীড নাই৷ ইতিমধ্যে আমি এতিয়ালৈ চাৰিটা চেলছ্ কল কৰিলোঁৱেই৷ সকলোতে বাবাজী কা থুল্লু হৈ গৈছে৷ শ্বেয়াৰ মাৰ্কেট হৰ-হৰাই ডুবিছে৷ আমি আকৌ কোন স’তেৰে কওঁ‌, ইনভেষ্ট কৰক ইনভেষ্ট কৰক বুলি৷ সমগ্ৰ বিশ্বৰে বেংকিং চেক্টৰৰ অৱস্থা আই চি ইউত পৰি থকা মানুহজনৰ লেখিয়া৷

“কি ভাবিছা?” -অভিজিতে ক’লে৷ তাৰ ডিঙিৰ ৰঙা টাইডাল ৰ’দ পৰি উজলিছে৷ মূৰৰ ঘাম পৰি চাৰ্টটো তিতিছে৷

“অভি, খালি হাতেৰে উভতি গ’লে বছে আমাৰ আত্মসন্মানৰ মা-বেহেন কৰি নিদিবনে? পৃথিৱীৰ অৰ্থনীতি আমি ডুবাইছোঁ‌ নেকি? তো, চেলছ টাৰ্গেট কমাই নিদিয়ে কিয় আমাক বছে?” -মোৰ সঁ‌চাকৈয়েই ভয় লাগিছিল৷ কাৰণ দুমাহ ধৰি ঘৰ ভাড়া দিব পৰা নাছিলোঁ‌৷ টাৰ্গেট কম্প্লিট কৰিব নোৱাৰা বাবে আমাৰ চেলাৰী হ’ল্ড্ হৈ আছিল৷ আৰু আমাৰ চাকৰিৰ শেষ পাঁ‌চদিনহে হাতত আছিল৷ মোৰ আৰু অভিজিতৰ একেই অৱস্থা৷

“সেয়া হয়৷ মোৰো দুমাহ ল’নৰ ইনষ্টালমেণ্ট বাকী আছে৷ এডুকেশ্বন লোনৰ৷ কি যে হ’ব!” -এইবাৰ অভিৰো মুখখন সেমেকিল৷ লেকচাৰ নাই দিয়া এইবাৰ সি৷

আমাৰ সমুখত ৰাষ্টাটোৰ সিপাৰে ওখ বিল্ডিংটোৰ গাত কে.এফ.চি.ৰ এখন প্ৰকাণ্ড বিজ্ঞাপন হ’ৰ্ডিং৷ তাত এটা ক’লা-বগা-ৰঙা বুঢ়াৰ ছবি৷ বুঢ়াৰ কাষত মুৰ্গীৰ লেগ পিচ্ তিনিটা ফৰফৰীয়াকৈ ভাজি সজাই থোৱা ছবি৷ মই অভিজিতক দেখুৱালোঁ‌-“এইবোৰ হ’ৰ্ডিং দেখিলে খং উঠি আহে৷ বুঢ়াৰ হাঁ‌ঁহি চোৱাচোন!” -আচলতে ফটোখন দেখি মোৰ ভোক বঢ়ি গৈছিল৷

“দেখিছোঁ‌ ৰ’বা৷ সেই বুঢ়াজনো আমাৰ দৰেই শনি লগায়েই আছিল প্ৰথম৷ কিবা ক’ৰ্ণেল হাৰ্লাণ্ড চেণ্ডাৰ্ছ্ নে ফাৰ্লাণ্ড চেণ্ডাৰ্চ৷ এম বি এ ত পঢ়িছিলোঁ‌ এই বুঢ়াৰ বিষয়ে৷ কিমান চাকৰিৰ পৰা খেদা খাই খাই বুঢ়া বয়সতহে ভজা মুৰ্গী বেচিব ষ্টাৰ্ট কৰিছিল৷ তাতকৈতো আমি ভালেই আছোঁ‌৷ এইটো আমাৰ প্ৰথম চাকৰিহে৷ আৰু এতিয়ালৈতো চাকৰিটো আমাৰ যোৱা নাই৷ আজি কিমান তাৰিখ?” -অভিজিতে চান্স পালেই লেকচাৰ দিয়ে৷ ইফালে মোৰ ভোকত পেটৰ কুমটি মৰিছে৷

“আজি পঁচিশ তাৰিখ৷”

“তো আমাৰ হাতত চাকৰি বচাবলৈ পাঁ‌চদিন সময় আছেতো৷ কিবা মিৰাকল্ হৈ যাব পাৰেতো৷ তেতিয়া ঘৰ ভাড়াও দিব পাৰিবা, মালিকৰ পৰা পলায়ো থাকিব নালাগে৷

“অভি, মিৰাকল-ভীমকল বাদ দিয়া৷ দুখন পৰাঠা অৰ্ডাৰ দিয়া ইয়াক৷ সকলো তেৰাৰে লীলা৷ যি হয় দেখা যাব৷” পাণ দোকানখনৰ ওচৰত ঠেলাগাড়ী এখনৰ ওপৰত কেৰাচিনৰ ষ্টোভত দোকানী এজনে পৰঠা বনাই আছিল৷ পাম্প দিয়া ষ্টোভৰ ভৌ-ভৌ মাতত মোৰ ভোকটো আৰু বাঢ়িছিল৷

“তুমি চিন্তা নকৰিবাচোন আকাশ, জীৱনযুদ্ধত জয়ী হ’বলৈ আমি সংগ্ৰাম কৰিবই লাগিব৷ আৰু মিৰাকল কেৱল সংগ্ৰামী মানুহৰ ক্ষেত্ৰতহে ঘটে৷” – অভিজিতে কথাখিনি মোকেই ক’লে নে নিজকেই ক’লে৷ মই দোকানীজনক দুখন পৰঠা বনাবলৈ দি সমুখৰ বেঞ্চখনত বহি থাকিলোঁ‌৷

“দাদা, আপোনালোকে বেঙ্কত কাম কৰে নেকি?” -পৰঠা হোটেলৰ মালিকে সুধিলে৷

“হয়৷ কিবা আছিলে?” -অভিয়ে উত্তৰ দিলে৷

“নহয় মানে বেঙ্কত কাম এটা আছিল৷ মই বুজি নাপাওঁ‌৷ মোৰ মানুহজনীয়ে সুধিব কৈ পঠাইছিল৷ আপোনাৰ নম্বৰটো দিব নেকি? বেয়া নাপালে ঘৰত গৈ মই ৰাতি আপোনাক এবাৰ ফোন কৰিম৷”

“এইখন লোৱা৷ ইয়াত মোৰ নাম আৰু নাম্বাৰ আছে৷” -অভিয়ে পকেটৰ পৰা ভিজিটিং কাৰ্ড এখন উলিয়াই দিলে৷

“কি কৈ আছিলোঁ‌?” -অভিয়ে পুনৰ আৰম্ভ কৰিলে৷

“মিৰাকল!” -মই ক’লোঁ৷

“অ’ মিৰাকল”

“তোমাৰ পিচফালে৷” -মই আঙুলিয়াই দেখুৱালোঁ‌৷ ক’ৰবাৰ পৰা আহি এজন প্ৰায় ষাঠিবছৰীয়ামান বৃদ্ধই অভিজিতৰ পিঠিত হাত দিছে৷ লগত এক আঠ-ন বছৰীয়ামান শিশু৷

আমাৰ কথা ৰৈ গ’ল৷

“ভাইটিহঁ‌ত, মোৰ এটা দুৰ্ভাগ্য হ’ল আজি৷ ল’ৰাটোক লগ কৰিবলৈ আহিছিলোঁ‌, গাঁৱৰ পৰা৷ চিটিবাছত কোনোবাই মোৰ পকেট মাৰি নিলে৷” -ধূতি-পাঞ্জাৱী পিন্ধা মানুহজনে তেখেতৰ পাঞ্জাৱীচোলাটোৰ কাটি নিয়া জেপখন ওলোটাই দেখুৱালে৷ -“আৰু যি অলপ পইছা আছিল, গোটেইখিনি মাৰি নিলে অ’৷”

“আপোনাৰ ল’ৰা ক’ত থাকে?” -মই সুধিলোঁ‌৷

“পল্টন বজাৰত তাৰ অফিছ৷ অফিছটো মই চিনি পাওঁ‌৷ আগতে আহিছোঁ‌৷ আজি তাৰ ভাগিনটোকো লৈ আহিছিলোঁ‌, মোৰ জীৰ নাতি৷ ৰাতিপুৱা আহি টাউন পালোঁ‌৷ চিটিবাছত উঠিলোঁ‌৷ ভাড়া দিবলৈ পইছা উলিয়াব লওঁ‌তেই দেখিলোঁ‌ পকেটখন কটা৷ মোৰ জীউটো উৰি গ’ল ভাইটিহঁ‌ত৷ চিটিবাছৰ মানুহবোৰে দুখ কৰিলে৷ কণ্ডাক্টৰজনে পিচৰ ষ্ট’পেজটোত নমাই দিলে৷ সিহঁ‌তৰ গাড়ী পল্টনবজাৰ লাইনত নাযায়৷ সেইটো ষ্ট’পেজৰ পৰাই ইয়াক সুধি তাক সুধি দুঘণ্টামান খোজ কাঢ়িছোঁ‌৷ মোৰ মূৰ ঘূৰাই গৈছে৷ পৰুৱাই পাইছে৷ এটা জেগাতেই ঘূৰি আছোঁ‌ তেতিয়াৰ পৰাই মই৷ ইয়ো বেচেৰাটো ভোকে-ভাগৰে লবেজান হৈ পৰিছে অ’৷” -মানুহজনৰ চকুৰ পানী ওলাও ওলাও৷

“অভি, তোমাৰ ম’বাইলত বেলেন্স আছেনে? মোৰ আউটগ’য়িং নাই৷ কালিয়েই কাটি দিলে৷”

“চাৰে তিনিটকা আছে৷”- অভিয়ে ষ্টাৰ ওৱান টু ফাইভ হেছ মাৰি বেলেন্সটো চাই ক’লে৷

“আপোনাৰ ল’ৰাৰ মোবাইল নাম্বাৰটো দিয়কচোন৷ মই ফোন কৰি যোগাযোগ কৰি দিওঁ‌৷”- মই মানুহজনক তেখেতৰ ল’ৰাৰ নাম্বাৰটো খুজিলোঁ‌৷

“নাম্বাৰটোতো নাজানো৷ মোবাইলটোতেই আছিল সব৷ সকলো নিলে৷” -তেখেতে ক’লে৷

আমি মানুহজনক এভইড কৰিব খুজিও কৰিব নোৱাৰিলোঁ‌৷ মানুহজন ব্যক্তিত্বসম্পন্ন৷ বিপদত পৰিছে৷ ভোক-ভাগৰত শুকান মুখ, দুইজনৰেই, ককা আৰু নাতি ল’ৰাৰ৷

এনেতে দোকানীজনে আমালৈ পৰঠা দুটা লৈ আহিল৷ মই প্লেট দুখন মানুহজন আৰু সৰু ল’ৰাটোলৈ আগবঢ়াই দিলোঁ‌৷ লওঁ‌-নলওঁ‌কৈ মানুহজনে হাতত ল’লে৷ তেখেতৰ আত্মসন্মানত অলপ লাগিছিল চাগে’৷ কিন্তু সেইমুহূৰ্তৰ পৰিস্থিতিয়ে তেওঁ‌ক বাধ্য কৰাইছিল৷ শিশুজনেতো ইতিমধ্যে খাবলৈ আৰম্ভ কৰিয়েই দিলে৷ মই অভিজিতৰ ফালে চালোঁ‌, তাৰো দুচকু সজল হৈ উঠিছে৷

ভোক আমাৰো লাগিছিল৷ কিন্তু, সেইমুহূৰ্তৰ পৰিস্থিতিয়ে আমাৰ ভোক পাহৰাই দিলে৷

মই পৰঠাৰ পে’মেণ্ট কৰিলোঁ‌৷ বিছ টকা৷ আৰু বাকী ৰোৱা ত্ৰিছ টকা মানুহজনৰ হাতত দিলোঁ‌৷

“দেউতা, আপুনি আমাৰো দেউতাৰ দৰেই৷ এয়া ত্ৰিছ টকা লওক৷ এইটো বাছ ষ্ট’পেজ৷ ইয়াৰ পৰা ডাইৰেক্ট পল্টন বজাৰৰ বাছ পাব৷ সাত টকাকৈ ভাড়া ল’ব৷” -মানুহজনক ধন্যবাদ দিবলৈ সুবিধা নিদি আমি তাৰ পৰা উঠি আহিলোঁ ততালিকে৷ এই ধন্যবাদ দিয়া কামটো বিপদগ্ৰস্ত মানুহজনৰ বাবে পৰোক্ষভাবে একপ্ৰকাৰ হিউমিলেছন হৈ পৰে৷

অভিৰ হাতত থকা ত্ৰিছটকাৰ দহ টকাৰে আমি দুয়ো দুটা চিগাৰেট কিনি জ্বলাই ল’লোঁ৷ বাকী বিছ টকাটো ইমাৰ্জেন্সি বাছৰ ভাড়াৰ বাবে ৰাখিলোঁ‌৷

চিগাৰেটৰ ধোঁ‌ৱাবোৰ উৰিছে৷ আমি কথা পতা নাই একো৷ এনেতে ৰাষ্টাৰ সমুখত এক বৃহৎ সমদল আবিৰ্ভাৱ হ’ল৷ ইমান মানুহ৷ এখন ট্ৰাকত ভগবান শ্ৰীকৃষ্ণ বহিছে৷ পিছে-পিছে হেজাৰ ভক্তৰ সমদল৷ উদাত্ত সুৰে ঢোলকি বাজিছে৷ উদাত্ততৰ কণ্ঠেৰে ভক্তিত গদ-গদ মানুহবোৰে গাইছে-হৰে কৃষ্ণ হৰে কৃষ্ণ৷ অভিজিতেও গাব ধৰিলে-হৰে কৃষ্ণ, হৰে কৃষ্ণ, হৰে কৃষ্ণ …

অলপ পৰৰ পিছত যেতিয়া জ্ঞান আহিল আমি দেখিলোঁ‌ সমদলটোৰ লগতেই ৰথৰ আকাৰত সজোৱা ট্ৰাকখনৰ পাছে-পাছে ইতিমধ্যে আমি বহুদূৰ আগবাঢ়ি আহিলোঁ‌৷ মন্ত্ৰমুগ্ধ হৈ আমি গাই থাকিলোঁ‌-“হৰে কৃষ্ণ হৰে কৃষ্ণ …

বহুত ভাল লাগিছিল সমদলটোৰ লগত খোজ কাঢ়ি৷ কাম নোহোৱা আমাৰ এটা কাম ওলাইছিল৷ ভক্তিৰসত আমি ডুব গৈছিলোঁ‌৷

আমাৰ সমদলটো গৈ গৈ ইস্কন মন্দিৰত ৰৈছিল৷

আমি দুয়ো মন্দিৰৰ চিকুণ মজিয়াত বহি ল’লোঁ৷ ইমান শান্তি ইয়াত! আমি সকলো পাহৰি গ’লোঁ৷ আমি খুটা এটাত আউজি আওৰাই থাকিলোঁ-“হৰে কৃষ্ণ হৰে কৃষ্ণ …”

কোনোবাই আমাৰ আগত দুখন থাল দি দিলে৷ আৰু খিচিৰি পায়স মিঠাইৰে আমাৰ থাল ভৰি উঠিল৷ সেয়া আমাৰ বাবে অমৃত আছিল৷ সেইখিনি সময় আমাৰ বাবে স্বৰ্গ হৈ উঠিছিল৷ আমি পেট ভৰাই পৰম প্ৰশান্তিৰে সেই দেৱান্ন পৰমান্ন ভোজন কৰিলোঁ‌৷ দাৰ্শনিক ভংগীৰে অভিয়ে কৈ উঠিল, “এয়াই প্ৰশান্তি৷ আৰুনো লাগিছে কি? কোনো আমনি নাই৷ আছে মাথোঁ‌ গভীৰ জীৱনবোধ আৰু বেদান্তসুলভ প্ৰশান্তি৷”

তাৰ কথাৰ মাজতে “জয় জগদীশ হৰে” -টিউনটো ৱাজি উঠিল৷ বাজি বাজি সি শেষ হৈ গ’ল৷ আকৌ বাজিল৷ আকৌ শেষ হৈ গ’ল৷ সি কৈয়েই আছে -“আহ কি শান্তি! নাই কোনো আমনি!”

“অভি, তোমাৰ ফোন ৰিং হৈ আছে৷ ৰিংটোনটো জয় জগদীশ হৰে কেতিয়া কৰিলা?” -মোৰ হাঁ‌হি উঠি গ’ল৷

সি ক’লে, “বাদ দিয়াহে৷ অফিছৰ বছৰ ফোন হব৷ নুঠাওঁ‌ চাল্লা৷ সুধিব -চেক উঠিল নে? কিমান টকাৰ উঠিল? বাদ দিয়া সেইবোৰ কথা কিছুক্ষণ৷ আঁকোঁ‌ৱালি লোৱা এই মধুৰ সময়৷”

অভিৰ কথাত মোৰ হাঁ‌হি উঠিল৷ আমি দুয়ো হাঁ‌হি-হাঁ‌হি মন্দিৰৰ মজিয়াতেই বাগৰি পৰিলোঁ‌৷

জয় জগদীশ হৰে-আকৌ অভিৰ পেণ্টৰ পকেটত ৰিংটোনটো বাজি উঠিল৷

এটলিষ্ট চোৱাতো কাৰ ফোন৷ -মই ক’লোঁ৷

সি সমগ্ৰ এলাহেৰে ফোনটো উলিয়ালে৷ “আন ন’ন নাম্বাৰচোন৷” একেই এলাহেৰে অভিয়ে ফোনটো ৰিছিভ কৰিলে৷ আৰু মোকো শুনাবলৈ স্পীকাৰত দি ল’লে৷

“হেল্ল’, কোনে কৈছে?”

“দাদা, আপোনালোকে যে আজি এজন বুঢ়া আৰু এজন শিশুক পৰঠা খুৱাই গৈছিল, মই সেই দোকানীজনে কৈছোঁ‌৷ কাৰ্ডৰ পৰা নম্বৰটো লৈছোঁ‌৷” -সিপাৰৰ পৰা ক’লে৷

“অ’, কওকচোন৷”

“আপোনালোকৰ স্কুটাৰখন নো পাৰ্কিঙত ৰখা বাবে পুলিছে উঠাই লৈ গ’ল এইমাত্ৰ৷ পল্টনবাজাৰ থানা৷”
“নিব দিয়া৷ নিয়ক দিয়া”- নিস্পৃহ ভাবেই অভিয়ে ক’লে৷

অভি, এতিয়া আকৌ ফাইন লাগিব পাঁ‌চশ টকা৷ কি যে শনি! শনিমন্দিৰ যাবই নালাগিছিল চাল্লা৷”- মই ক’লোঁ৷

“এটলিষ্ট্ স্কুটাৰখন এতিয়া চে’ফ থাকিব৷ থানাত থাকিব৷ আৰু ইয়াৰ পৰা পল্টনবাজাৰ ৱাকিং ডিষ্টেন্স্৷ আৰু থানাৰ পৰা আমাৰ অফিছ এক মিনিটৰহে বাট৷ শনিয়ে যি কৰে ভালেই কৰে৷” – অভিজিতে ক’লে৷ মোৰো হাঁ‌হি উঠিল- হয়তো৷ আমাৰ হাতত এতিয়া মুঠ বিছ টকাহে আছে৷ পেট্ৰ’ল ভৰাবলৈ মুঠেও পইছা নাই৷ তাতে আৰু ম’বিলো খাই স্কুটাৰখনে৷ এতিয়া অন্ততঃ স্কুটাৰখন ৰাষ্টাৰ মাজত পৰি নাথাকি থানাৰ সুৰক্ষিত স্থান আহি পালে৷ যেতিয়া ল’ম ল’ম আৰু৷ হাতততো বাছৰ ভাড়া বিছ টকা আছেই৷ কি চিন্তা!?!

থানাৰ পৰা অফিছ এক মিনিটৰ বাট৷ ঠেলি হ’লেও নিবতো পাৰিমেই৷

এই অভিজিৎটো এনেকুৱাই৷ টেনচন নলয়৷ ময়ো নলওঁ‌৷ তথাপি সি অভাৰ৷

তাৰ মুখলৈ চাই মোৰ হাঁ‌হি উঠি যায়৷ কালি সন্ধিয়াৰ কথা৷

অফিছৰ পৰা গালি চালি খাই আমি দুয়ো ওলাইছোঁ‌৷ আচলতে ন’ন পাৰ্ফমেন্সৰ বাবে আমাৰ চাকৰি যাওঁ‌ যাওঁ‌ হৈ ওলমিহে আছে কেনেবাকৈ৷ শ্ৰমিক ছাটাইৰ পৰোক্ষ উপায় -টাৰ্গেট বঢ়াই দিয়ক, ন’ন পাৰ্ফৰ্মাৰৰ বাহানা দেখুৱাই ছাটাই কৰি দিয়ক৷ সুন্দৰ ষ্ট্ৰেটেজি৷ আমি দুয়ো এম বি এ.ৰ ফাৰ্ষ্ট ক্লাছ ডিগ্ৰীধাৰী৷ সি মেডেলো পাইছিল৷ ময়ো বিশ্ববিদ্যালয়ৰ পৰা এৱাৰ্ড পাইছিলোঁ‌৷ কিন্তু, বাস্তৱ পৃথিৱীত সেইবোৰ নেচেল৷ বিশেষকৈ চেলছ্ জবত৷

যি নহওক, বছৰ গালিয়ে কোঙা কৰি পেলোৱা ভগা আত্মবিশ্বাসেৰে আমি আমাৰ বাচন্তীক লৈ ওলাই গ’লোঁ৷ ক’লৈ? সেইটো ময়ো নাজানো, সিয়ো নাজানে৷ যাহা মন তাহা গুচি যাওঁ‌৷ চিগাৰেট খাওঁ‌, ৰবীন্দ্ৰ ভৱনত যি দেখুৱায় তাকেই চাওঁ‌, চাই চাই হাত তালি মাৰোঁ‌৷ কেতিয়াবা গহীন দৰ্শকবোৰৰ গালি খাওঁ‌, দুখৰ চিনতো হেনো আমি হাত তালি বাওঁ‌৷ আচলতে আমি তেনেকুৱাই৷ সুখ-দুখৰ প্ৰভেদ নিচিনা হৈ গৈছোঁ‌৷ যা নহওক, মই বাচন্তীৰ পিচত বহিলোঁ‌, খিটিক খিটিককৈ শব্দ কৰি নিউট্ৰেল স্কুটাৰখন এক দুই তিনি আৰু উল্টাকৈ চাৰি গিয়াৰ লগাই সুহুঁ‌ৰিয়াই-সুহুঁ‌ৰিয়াই গৈ গৈ আমি পানবজাৰ হৰিসভা পালোঁ‌৷ ৰাষ্টাৰ কাষৰ পুৰণি বিল্ডিং এটাৰ ওপৰ মহলাৰ পৰা ধুনীয়া আৰতিৰ শব্দ ভাঁ‌হি আহিছে, জুনুক-জুনুক বাদ্য সংগত হৈ৷ শব্দবোৰে আমাক মুহিলে৷ আমি ৰাষ্টাৰ ওপৰতে স্কুটাৰৰ ওপৰত বহি সেই অপূৰ্ব সুন্দৰ প্ৰাৰ্থনা অনুভৱ কৰিলোঁ‌৷ অভিজিতৰ কি হ’ল জানো, সি ৰাষ্টাতেই সুৰ লগাই লগাই ওপৰৰ পৰা উটি অহা আৰতিটো গাব ধৰিলে৷ প্ৰথমে মোৰ অলপ লাজ লাগিল৷ এই মাজৰাষ্টাতে টাই-কোট পিন্ধি সি বান্দৰৰ দৰে নাচি নাচি আৰতি গাব ধৰিছে৷ “হেই অভি, কি কৰিছা? এইটো ৰাজপথ হয় তো৷ ব’লা, ৰূমত যিমান নাচা নাচি থাকিবা৷” -মই ক’লোঁ৷ কিন্তু নাই, তাৰ কাণত নোসোমায়৷ সি মোকো হাত বাউলি মাতিবহে ধৰিলে৷ মই ওচৰে-পাঁ‌জৰে চালোঁ‌, নাই কোনো নাই৷ বন্ধুক সহযোগ কৰাটো মোৰ নৈতিক দায়িত্বৰ ভিতৰতো পৰে৷ গতিকে, কঁ‌কালখন ঘূৰাই-ঘূৰাই আৰতি গাই গাই ময়ো তাৰ ওচৰলৈ গ’লোঁ৷ তাৰ হাতত স্কুটাৰৰ চাবিকোঁ‌চা, মোৰ হাতত ৰূমৰ চাবিকোঁ‌চা৷ সেই চাবিৰে ৰুনুক-জুনুক শব্দ কৰি সমস্বৰে আমি ভক্তিৰসত ডুব গৈ সুললিত কণ্ঠেৰে আৰতি গাই থাকিলোঁ‌৷

আমি ইমানেই মগ্ন হৈ আছিলোঁ‌ যে ৰাষ্টাটো যে ইতিমধ্যে ট্ৰেফিকেৰে ভৰি পৰিছিল আমি মনেই কৰা নাছিলোঁ‌৷ পিছফালে উভতি চাই দেখোঁ‌ আমাৰ লগত আৰু এজাক মানুহ৷ সকলোৱে মগ্ন হৈ আমাৰ লগত সমস্বৰে আৰতি গাই আছে৷ ওপৰৰ ফালে চাই দেখিলোঁ‌, বিল্ডিংটোৰ প্ৰথম মহলাত আৰতি কেতিয়াবাই শেষ হ’ল৷ মহিলাসকলে কৰিডৰৰ পৰা আমাৰ ফালে চাই চাই হাত চাপৰি বজাই সহযোগ কৰি আছে৷ চাৰিওফালৰ বিল্ডিংবোৰত মানুহ আৰু মানুহ৷ সকলোৱে হাত-চাপৰি বজাই আছে আমাৰ স’তে৷ মোটামুটি এক ঐশ্বৰিক শোভাযাত্ৰা টাইপ বনি গৈছে ৰাষ্টাটো৷

মোৰ ওচৰত এয়া চানা বুটৰ বেপাৰীজন৷ কাঁ‌চৰ বাকচটো বজাই বজাই আমাৰ লগত সংগত কৰি আছে৷ ওচৰত আন এজন চ্যুট টাই পিন্ধা মানুহ, হাত চাপৰি বজাই আছে৷ মানুহজনে আমাক ক’লে- কিয় বন্ধ কৰিলে? গাই যাওক৷ মোৰ ঘৰত সাংঘাতিক অশান্তি৷ ঘৈণী ৰোষঘৰত৷ কি কৰোঁ‌, চাকৰি গ’ল৷ ইয়াত শান্তি লাগিছে৷ আন এজনে মাত লগালে-গাই যাক গাই যাক, ৰাতিপুৱাৰ পৰাই ঘূৰি ফুৰিছোঁ ঘৰে ঘৰে, মানুহবোৰে ধাচকৈ দুৱাৰ বন্ধ কৰি দিয়ে৷ “নালাগে কৈছোঁনে একুৱা গাৰ্ড৷ দিষ্টাৰ্ব নকৰিব পুৱাই পুৱাই৷ দুপৰীয়াও- এই দুপৰীয়া দিষ্টাৰ্ব নকৰিব৷ সন্ধিয়া- সন্ধিয়া এনেকৈ কিয় আহিছে? যাওক কৈছোঁ‌ যাওক৷ আমাক একুৱা গাৰ্ড নালাগে৷”

বুজিছে, এনেকৈ চলিছে মাহৰ পিছত মাহ!

আমাৰ পিছফালে ৰঙীন টাই পিন্ধা হাতত পেটুৱা-পেটুৱা চামৰাৰ ক’লা-ৰঙচুৱা বেগবোৰ লৈ অলেখ মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ লানি৷ মুখত আৰতি সংগীত, সমস্বৰে, আমাৰ স’তে৷ আৰু এজাক ঘৰমুৱা মানুহ৷

হাত চাপৰি বজাই বজাই সকলোৱে কৈছে আমাক-“গাই যাক ভাই গাই যাক৷”

“কি ভাবিছা ইমানকৈ ঐ আকাশ? বিনদাছ থাকা না৷ “-অভিজিতৰ মুখত একেই হাঁ‌হি৷

“নাই, মানে বাচন্তীলৈ মনত পৰিছে ৰে৷ পাঁ‌চশ টকা ফাইন লাগিব এতিয়া উলিয়াবলৈ৷ কি কৰা যায়?” -মোৰ বেয়া লাগিছিল৷ স্কুটাৰখনৰ টুলবক্সত আমাৰ বহুত বস্তু আছে৷ মোৰ বাঁ‌হীটো, বায়’ডাটাৰ প্ৰিণ্ট আউট দুখনমান, কবিতা লিখা ডায়েৰীটো, অভিৰ মাউথ অৰ্গানটো, কলম দুটামান, আৰু বহুতো কিবা-কিবি৷

“কিবা এটা হব ৰ’বা৷” -সি ক’লে৷

“এটা কাম কৰোঁ‌ ব’লা অভি৷ থানাত গৈ সব সঁ‌চা কথা কৈ দিওঁ‌, এই যে আমাৰ তেল শেষ হৈছিল৷ এই যে আমাৰ হাতত পইছা নাছিল৷ এই যে আমাৰ চাকৰিটোৰ অৱস্থা মৰিবলৈ ওলোৱা যক্ষ্মা ৰোগীৰ দৰে হৈছে৷ সব কৈ দিওঁ‌ ব’লা৷ কিছুমান ভাল পুলিছো থাকে তো৷ দি দিব পাৰে আমাক৷ ফাইন ৰেহাই কৰিও দিব পাৰে৷ “-মই ক’লোঁ৷

থানাৰ বাহিৰতে মূৰ পোলোকা মাৰি আমাৰ বাচন্তীয়ে আমালৈ অপেক্ষা কৰি আছিল৷ আমি ট্ৰেফিক বিভাগৰ থানাত সোমাই গ’লোঁ৷ ভিতৰত অ’চি টাইপৰ পুলিছগৰাকীয়ে ৰেজিষ্ট্ৰাৰ কপি এটাত কিবা-কিবি লিখি আছে৷

“চাৰ সোমাব পাৰোঁ‌?”

মূৰ নোতোলাকৈয়েই হাতেৰে ইংগিত কৰি মাতিলে৷

আমি আগত থিয় দিলোঁ‌৷ অ’চিয়ে ৰেজিষ্ট্ৰাৰটো বন্ধ কৰি এইবাৰ মূৰ তুলি চালে- “কওকচোন৷”

“চাৰ, আমাৰ ভেস্পা স্কুটাৰ এখন ন’ পাৰ্কিঙত ৰখা বাবে লৈ আনিছে ইয়াত৷ চাৰ নাম্বাৰ টু নাইন এইট ফ’!” -অভিয়ে ক’লে৷

“য’ত ত’ত পাৰ্কিং কৰিবা৷ ৰাষ্টাটো কি তোমালোকৰ নিজৰ ৰাষ্টা নেকি?”

“নাই চাৰ৷ মানে, হঠাতে তেল শেষ হ’ল৷ পইছাও নাছিল৷ … … … … …”- মই গোটেইখিনি গাই দিলোঁ‌৷ “চাৰ, হাতত পইছা নাই৷ প্ৰাইভেট চাকৰিটোও ওলমিহে আছে৷ এই যাওঁ‌ এই যাওঁ‌ কে৷ চাৰ, এইবাৰ ৰেহাই দিব নোৱাৰে নে? আৰু কেতিয়াও ন’ পাৰ্কিঙত নাৰাখোঁ‌৷ এইবাৰ ন’ পাৰ্কিং পোষ্টাৰখন চকুতেই নপৰিল৷ নহ’লে আমি কেত্তিয়াউ তাত নথওঁ‌৷”

“সেইবোৰ বকি লাভ নাই, বুজিছা৷ পাঁ‌চশ টকা দিয়া, ৰচিদ লৈ স্কুটাৰ লৈ যোৱা৷ মোৰ সময় নষ্ট নকৰিবা৷” -অ’চি চাহাবে মোক পাত্তাই নিদিলে৷ মই অভিলৈ চালোঁ‌৷ সিও অনুৰোধ কৰিলে- “চাৰ, প্লিজ এইবাৰলৈ …”

“দেউতা ব’লা যাওঁ‌!” – অ’চি চাহাবে ভিতৰৰ ৰূমটোলৈ চাই কাৰোবাক মাতিলে৷ অ’চি চাহাব যাবলৈ উঠিল৷ আমি অসহায়ভাবে চাই থাকিলোঁ‌৷

“তোমালোক ইয়াত আহিছা?”-ভিতৰৰৰ ৰূমৰ পৰা ওলাই অহা বৃদ্ধ মানুহ এজনে আমাৰ ফালে চাই সামান্য আচৰিত হৈ ক’লে৷

অ’চি চাহাবে আমাৰ লগত হেণ্ডচেক কৰিলে৷ ফাইনতো নল’লেই, আমাৰ স্কুটাৰত ফুল টেংকি পেট্ৰ’লো ভৰাই দিলে৷

“বহুত ধন্যবাদ তোমালোক দুজনক৷ অসহায় দেউতাক যে ইমানখিনি সহায় কৰি দিলা আজি৷ দেউতাই আহি মোক সকলো কৈছে৷ কিন্তু আচৰিত সংযোগ, তোমালোকেই যে সেই দুজন, হে ভগবান!” -অ’চি চাহাবে আমাক বহুত ধন্যবাদ দিলে৷ অ’চি চাহবৰ দেউতাক আৰু আঠ-ন বছৰীয়া ভাগিনজন লগ হৈ থানাতেই আমি চাহ-চিংৰা খালোঁ‌৷

হে ভগবান, আমিও ভাবিলোঁ‌৷ বুঢ়া মানুহজন আৰু সৰু ল’ৰাজনক তেতিয়া পৰঠা খুৱাই আমাৰ ইমান ভাল হ’ল!

স্কুটাৰত ফুল টেংকি তেল থাকিলে আমাৰ হেৰোৱা সুবাস ঘূৰি আহে৷ নিজকে বিশ্ববিজয় কৰিব ওলোৱা আলেকজেণ্ডাৰ, নেপ’লিয়ন যেন লাগে৷ আমাৰ লগত বিছ টকাতো আছেই৷

থানাৰ পৰা ওলাই দহ টকাৰে দুটা ফ্লেক চিগাৰেট কিনি ধোঁ‌ৱা উৰুৱাই আমি ভাবিলোঁ‌- “ক্লায়েণ্ট নাপালোঁ‌, চেক নহ’ল৷ কোনে আৰু অফিছত গালি খাবলৈ যায়!”

গতিকে বাচন্তীৰ হেণ্ডেল আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ ফালে পোনালোঁ‌৷ আহোঁ‌তেই আমি পোষ্টাৰ দেখি আহিছিলোঁ‌-আজি তাত জুবিন গাৰ্গৰ প্ৰ’গ্ৰেম আছে৷

উত্তাল-উদ্দাম দৰ্শকেৰে ঠাহ খোৱা ডিষ্ট্ৰিক্ট লাইব্ৰেৰী অ’ডিট’ৰিয়াম৷ জুবিনৰ গানত পাগল হৈ নাচিছে সকলো৷ আমিও ঠেলি হেঁচি গৈ ষ্টেজৰ সমুখতেই থিয় হ’লোঁ৷

এনেতে কি হ’ল, গানৰ মাজতেই হঠাৎ জুবিনৰ কীব’ৰ্ড প্লেয়াৰজন ৰৈ গ’ল৷ জুবিনক কিবা এটা ক’লে আৰু ষ্টেজ এৰি গুচি গ’ল৷

মাইক্ৰ’ফ’নত জুবিনে ক’লে-তাৰ জ্বৰ উঠি আছিল৷ এতিয়া গাটো অলপ বেয়া লাগিছে৷ অলপ ৰেষ্ট ল’বলৈ দিলোঁ‌৷ আমি কীব’ৰ্ড নোহোৱাকৈয়েই গাম৷”

“অভি, তুমি যোৱানা৷ তুমি ইম্মান ভাল কীব’ৰ্ড বজোৱা৷ জুবিনৰ সব গানচোন তুমি বজায়েই থাকা৷ যোৱানা তুমি উঠি৷” – মই অভিক জোৰ দিলোঁ‌৷ অভিয়ে বহুত ধুনীয়া কীব’ৰ্ড বজায়৷ আগতে ক’ৰবাত এদিন জুবিনৰ লগতো বজাইছিল৷ সি হেহোঁ‌-নেহো কৰিলে৷ এইবাৰ মই ষ্টেজলৈ উঠি গ’লোঁ আৰু জুবিনদাক ক’লোঁ৷ জুবিনদাই ক’লে-মাতচোন তাক৷ “অভিজিৎ, তই উঠি আহ৷”

জুবিনদাই এইবাৰ মায়াবিনী গাবলৈ আৰম্ভ কৰিলে৷ কীব’ৰ্ডত আমাৰ অভি৷ আয়ৈ, মোৰ কি যে ভাল লাগিছে ঐ!

সকলোকে আচৰিত কৰি অভিয়ে মাৰ্ভেলাচলি কীব’ৰ্ড সংগত কৰিলে৷ মাজতে অলপ সময়ৰ বাবে জুবিনদা ৰেষ্ট ল’বলৈ বুলি ষ্টেজৰ পিছলৈ নামি গ’ল৷ আৰু জুবিনদাৰ সন্মতিক্ৰমে অভিয়ে এটা গান গাব ল’লে৷ বাকী বাদ্যযন্ত্ৰী সকলৰ লগত ক্ষন্তেক কথা পাতি, আলোচনা কৰি অভিয়ে এটা গান আৰম্ভ কৰিলে৷ গৰ্বত মোৰ বুকু ফাঁ‌টি যাওঁ‌ ফাঁ‌টি যাওঁ‌ হ’ল৷

“সূৰ্য যদি ডুবিব ধৰে পাহাৰৰ সিপাৰে

সাগৰত তাৰ ৰংবোৰ সিঁ‌চি দিয়া,

এন্ধাৰ ধৰণীৰ কোলাত বহি তুমি এটি

তেজাল সূৰ্যোদয়ৰ সপোন ৰচা”

-আৰে, এয়াচোন মই লিখা কবিতাটো৷ অভিক মেচেজ কৰি দিছিলোঁ‌ বহুদিনৰ আগতে৷ সি কেতিয়ানো সুৰ কৰিলে ইমান ধুনীয়াকৈ৷ এবাৰো মোক নোকোৱাকৈ৷

অভিয়ে ইম্মান ধুনীয়াকৈ গালে যে গোটেই হ’লঘৰটো সংগীতৰ আৱেশত ডুবি গ’ল৷ মইতো পাগল হৈ গ’লোঁ৷ আৰৰে মেৰা শ্বেৰ৷ তু তো হিৰ’ ৰে বছ৷ হিৰ’ হ্যে তু৷ অফিছত আমাক ৱ’ৰ্থলেছ বুলি গালি পাৰিলে কি গ’ল৷ হাম তো হিৰ’ হ্যে, হিৰ’৷

অভিৰ গান শেষ হ’ল৷ দৰ্শকৰ হাত-চাপৰিয়ে হ’ল ঘৰত প্লাৱন আনিলে৷ “আৰু এটা, আৰু এটা” -বুলি দৰ্শকৰ হিয়াভৰা চিঞৰেৰে ভৰি পৰিল চৌদিশ৷ ওৱান্স মোৰ প্লিজ৷

জুবিনদা আহি অভিক হেণ্ডচেক কৰিলে৷ – “তই ফালি দিছ ও৷”

মোক লগ কৰিবি মোৰ ষ্টুদিঅ’ত৷ -জুবিনদাই মঞ্চতেই ঘোষণা কৰিলে৷

মই উঠি গৈ উৎসাহৰ আতিশায্যতে অভিক দাঙি ধৰিলোঁ‌৷

_________________________________________

আজি অসমৰ টি ভি চেনেল এটাত এটা সাক্ষাৎকাৰ দি আছিল৷ অতিথিৰ আসনত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত মিউজিক ক’ম্প’জাৰ অভিজিৎ শৰ্মা৷ মোৰ গানেৰেই সি আৰম্ভণি কৰিছে অনুষ্ঠানটো৷

মোৰ লেপটপ বিক্ৰী কৰি কেনেকৈ মই তাক মুম্বাই যোৱাৰ ব্যৱস্থা কৰি দিছিলোঁ- সি সকলোবোৰ কৈ আছে৷ তাৰ চকুত পানী৷ মোৰো চকুপানী ওলাইছে৷ মই এতিয়া নিউয়’ৰ্কৰ হোটেলৰ কোঠা এটাত বহি তাৰ অনুষ্ঠান চাই আছোঁ‌৷ পেংগুইন পাব্লিচাৰ্চে প্ৰকাশ কৰি উলিওৱা মোৰ তৃতীয়খন নোভেলৰ আজি ইনঅগুৰেছন অনুষ্ঠান এটা পাতিছিল ইয়াতেই৷

আমি চেলছ্‌মেন হ’ব নোৱাৰিলোঁ‌৷ কিন্তু, চাকৰিৰ পৰা খেদা খোৱা কপৰ্দকশূন্য সেই সময়খিনিতেই আমি আমাক আৱিষ্কাৰ কৰিছিলোঁ‌৷ আমাৰ আত্মাৰ লগত পৰিচয় ঘটিছিল সেইখিনি সময়তেই৷ সেই সপোন খেদি আজিও আমি গৈয়েই আছোঁ‌৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.