ভৱিষ্যতৰ পূৰ্বানুমান – প্ৰাঞ্জল প্ৰতিম খনিকৰ

ভৱিষ্যতৰ পূৰ্বানুমান – প্ৰাঞ্জল প্ৰতিম খনিকৰ

ভৱিষ্যতৰ পূৰ্বানুমান – প্ৰাঞ্জল প্ৰতিম খনিকৰ

by November 17, 2017 0 comments

কবি হেম বৰুৱাৰ এফাঁকি কবিতাই সদায়ে অন্তৰত দোলা দি থাকে৷ “সময় বলুকা ৰাশিত পদচিহ্ন ৰাখি যোৱাৰ উন্মাদ বাসনা মোৰ নাই / আমি বুৰঞ্জী শিলাখণ্ডৰ জীৱন্ত ফচিল৷” তথাপি আমি ভৱিষ্যতৰ দিশে সদা সৰ্বদা ধাৱমান৷ ভৱিষ্যতৰ বুকুতেই দেখা পাওঁ জীৱন আৰু জগতৰ সফলতা- বিফলতা, উৰ্ধগতি- অধোগতি, জয়-পৰাজয় অথবা জীৱন আৰু মৰণ৷ জীৱনে হাঁহে অথবা জীৱনে কান্দে৷ জীৱন জয়ী হয় অথবা জীৱন হেৰাই যায়৷ এটা কথা ভাবিলে আচৰিত লাগে – মৃত্যু এক শাশ্বত কৰুণ সত্য হ’লেও বহুতৰ বাবে মৃত্যু কিন্তু জীৱনৰ অন্ত নহয়৷ যদিও সাধাৰণ অভিজ্ঞতাৰে আমি পলে পলে দেখি আছো গৰিষ্ঠ সংখ্যক লোককে মৃত্যুৱে অস্তিত্ব হীন কৰি তুলিছে৷

“ভৱিষ্যত“ মানেনো কি বুলি যদি প্ৰশ্ন কৰা যায় তেতিয়া নিশ্চিতভাৱে আমি সকলোৱেই কম বেছি পৰিমাণে হ’লেও কিবা নহয় কিবা এটা সহজাত ধাৰণা কৰি ল’ব পাৰো বা কৰি লওঁ৷ কিন্তু এই ধাৰণাৰ সৈতে সংপৃক্ত হৈ আমি কিমানে ভৱিষ্যতৰ বুকুলৈ আগবাঢ়ি যাওঁ তাৰ ওপৰত কিন্তু সন্দেহ আছে৷ কাৰণ ভৱিষ্যতৰ অৱধাৰণাটোৱে হৈছে কাল্পনিক৷ ইয়াক “ভৱিষ্যতৰ ৰূপত“ নহয়, কেৱল বৰ্তমানৰ ৰূপতহে প্ৰত্যক্ষ কৰা যায়৷

সময়ক যদি আমি কেৱল ঘটনা প্ৰবাহৰ এডাল শৃংখল বা শিকলি বুলি ধৰি লওঁ তেন্তে এই শিকলিডালৰ এটি মূৰ অতীত আৰু এটি মূৰ ভৱিষ্যতৰ বুকুত পোট খাই আছে৷ আৰু আমি ধৰি থকা বা দেখি থকা অংশটোৱে হৈছে বৰ্তমান৷

বৰ্তমানৰ বুকুত থাকি ভৱিষ্যত সম্বন্ধে হকে বিহকে কল্পনা কৰি ল’বলৈ সহজ হ’লেও, ভবিষ্যতৰ সম্ভাব্য ঘটনাৰাজিৰ চিত্ৰপট এখন সঠিক পূৰ্বানুমানেৰে মনৰ ভিতৰত অংকন কৰি ল’ব পৰাতো সহজ সাধ্য নহয়৷ অথচ, জীৱন বা জগতৰ আটাইবোৰ গতি প্ৰকৃতিয়েই (যিবোৰ কেৱল মানুহৰ দ্বাৰা পৰিচালিত হয়) যাক আমি সাধাৰণভাৱে সাফল্য, শান্তি প্ৰগতি, নিৰাপত্তা, উদ্গতি বা বিজয়ৰ নিচান বুলি গণ্য কৰো – এই আটাইবোৰকে ভৱিষ্যতৰ বুকুৰ পৰা সঠিক পৰিকল্পনাৰে বুটলি আনিব লগীয়া হয়৷ আৰু সঠিক পৰিকল্পনাৰ বাবে দৰকাৰী হৈ উঠে এক সঠিক ভৱিষ্যতৰ পূৰ্বানুমানৰ৷ “ইয়াৰ পাছত কি? তাৰ পাছত কি? কি হ’ব পাৰে যদি এনেকৈ কৰো? কি হ’ব পাৰে যদি মোৰ / আমাৰ কাৰ্য্যপ্ৰণালী এনেদৰে আগবঢ়াই নিওঁ” ইত্যাদি৷ অৰ্থাৎ এয়া এক সম্ভাব্য ফলাফলৰ পূৰ্বানুমান, যি আমাক আন এটা নতুন ফলাফলৰ দিশত আগুৱাই লৈ যায়৷

উচ্চপদস্থ ইঞ্জিনীয়াৰ বৰুৱাই একমাত্ৰ পুত্ৰ সন্তানক লৈ বহু সপোন দেখিছিল৷ লাহে লাহে ল’ৰা ডাঙৰ হৈ আহিল৷ সদ্য যৌৱন প্ৰাপ্ত পুত্ৰই পৃথিৱীখনত কিছু নতুন আনন্দ আৰু উলাহৰ বাতাবৰণ দেখা পালে৷ কেৱল ফুৰ্তি তামাচা আৰু জীৱন উপভোগ বা সম্ভোগৰ মাজতে জীৱনৰ আটাইবোৰ কলা দেখা পোৱা হ’ল আৰু দেউতাকৰ ওচৰত নানা ধৰণে জীৱন উপভোগৰ আহিলা/উপকৰণ বিচাৰি দাবী উত্থাপন কৰিবলৈ ধৰিলে৷ মৰমৰ পুত্ৰৰ দাবীৰ ওচৰত হাৰ মানি প্ৰথমেই দেউতাকে তাক এখন নামী কোম্পানীৰ দামী মটৰ বাইক কিনি দিলে৷ সদায় দেখি থকা চিনেমাৰ কায়দাত মটৰ বাইকৰ দুৰন্ত গতিৰে জীৱনৰ সাফল্য জুখিবলৈ গৈ এদিন একমাত্ৰ পুত্ৰ সন্তানে দেউতাকৰ আটাইবোৰ সপোন ধূলিসাৎ কৰি নিচেই ফুলকুমলীয়া বয়সতে জীৱন আৰু জগতৰ পৰা বিদায় মাগিলে৷ এই শোকাৱহ পৰিণতিৰ বাবে আমি এতিয়া কাক জগৰীয়া কৰিম? কেৱল ভৱিষ্যতৰ বুকুত লুকাই থকা সম্ভাব্য পৰিণতিৰ পূৰ্বানুমানৰ অভাৱেই জগৰীয়া নহয়নে? গতিৰেই হওক বা দুৰন্ত গতিৰেই হওক, আগুৱাই যাওঁতে দুৰ্ঘটনাৰ স্থান আৰু সময়ৰ পূৰ্বানুমান কৰিব নোৱাৰিলে সকলো লোকেই বে-পৰোৱা হৈ পৰিব পাৰে! জীৱনৰ প্ৰতিটো যাত্ৰাতে, লাগিলে মটৰ বাইকতে হওক বা কাৰোবাৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰতে হওক, কৰ্ম জীৱনতে হওক বা সমাজ জীৱনতে হওক, সকলো কাৰ্য্য বা অকাৰ্য্যৰ সম্ভাব্য পৰিণতিৰ পুৰ্বানুমান কৰিব নোৱাৰিলেই মানুহৰ জীৱন অসুখ অশান্তি আৰু অসন্তুষ্টিৰে ভৰি পৰে, আশাকৰো এইটো কথাত সাধাৰণভাৱে কাৰো দ্বিমত থাকিব নোৱাৰে৷

ডাক্তৰ চহৰীয়াই মগজুৰ অতি জটিল অস্ত্ৰোপচাৰটো কৰিবৰ বাবে সাজু হৈ উঠিল৷ তেওঁ জানে- অস্ত্ৰোপচাৰটোৰ সাফল্যৰ হাৰ মাথোঁ ১০ শতাংশহে৷ তথাপি তেওঁ ৰোগী আৰু ৰোগীৰ আত্মীয় পৰিজনক নিৰ্ভয় দান কৰি জীৱনৰ আটাইতকৈ জটিল কামটো কৰিবলৈ আগবাঢ়িল৷ অস্ত্ৰোপচাৰৰ টেবুললৈ ৰোগীক অনাৰ পূৰ্বেই তেওঁ সমগ্ৰ কামটোৰ এটি পূৰ্ব পৰিকল্পনা বাৰে বাৰে জুকিয়াই ল’লে৷ প্ৰতিটো সম্ভাব্য ফলাফলৰ পূৰ্বানুমান কৰি তেওঁ তাৰ প্ৰতিব্যৱস্থাও সাজু কৰি ৰাখিলে৷ অতীতৰ সাফল্যৰ পৰিসংখ্যা যিয়েই নহওক, ডা° চহৰীয়াই কামটোত কোনো ত্ৰুটি ৰাখিব বিচৰা নাই৷ স্থিৰ চিত্তেৰে নিজকে সকলো ফালে সাজু কৰি তেওঁ অস্ত্ৰোপচাৰৰ কামত হাত দিলে আৰু আশা কৰাতকৈও সফলতাৰে তেওঁ এক দুৰূহ কাৰ্য্য সমাপন কৰিলে৷ কেনেকৈ সম্ভৱ হ’ল এইয়া? আন একো নহয়- এইয়া মাথোঁ ভৱিষ্যতৰ এক সঠিক পূৰ্বানুমান আৰু তাৰ পূৰ্ব প্ৰস্তুতি৷

বিশ্বকাপ ফুটবলৰ চূড়ান্ত খেলখনৰ উত্তেজনা তুংগত উঠিছে৷ ’কৰ্ণাৰ কিক’ৰ পৰা উফৰি অহা বলটো আয়ত্তলৈ আনি ’হেড’ কৰিবলৈ জিদান আগুৱাই গ’ল৷ ’কৰ্ণাৰ’ৰ পৰা ’শ্বট্’ লোৱাজনৰ পূৰ্বানুমানক সঠিক প্ৰমাণিত কৰি জিদানে গললৈ বুলি নিৰ্ভুল ’হেড’ কৰি পঠালে আৰু নিমিষতে সেয়া গ’ললৈ ৰূপান্তৰিত হ’ল৷ বিপক্ষৰ ৰক্ষণ বিভাগে তলকিবই নোৱাৰিলে৷ সেয়া অন্য এক কাহিনী৷ পুনৰ ফাইনেলত জিদান৷ উত্তেজনা তুংগত৷ সময় চকুৰ পচাৰত শেষ হৈ আহিছে৷ এনেতে সকলোকে আচৰিত কৰি জিদানে বিপক্ষৰ খেলুৱৈ জনক মূৰেৰে খুন্দিয়াই বগৰাই দিলে৷ লগে লগে ৰেফাৰীয়ে জিদানক খেলপথাৰৰ পৰা বাহিৰ কৰি দিলে৷ সমগ্ৰ বিশ্বৰ অনুৰাগীৰ লগতে দেশ হতভম্ব হৈ পৰিল৷ তাৰ খন্তেক পাছতে দেশ হাৰিল৷ গোটেই জীৱনলৈ এক কলংক ৰাখি জিদানে ফুটবলৰ পৰা বিদায় মাগিলে৷ এক মুহূৰ্তৰ বাবে জিদানে সম্ভাব্য ভৱিষ্যতৰ পূৰ্বানুমান কৰাত ব্যৰ্থ হৈছিল৷ আৰু তাৰ ফলাফল হৈ পৰিছিল যুগমীয়া৷

স্বাধীনতাৰ সংগ্ৰামত একেলগে যুঁজ দিছিল সেই মানুহখিনিয়ে৷ কোনেও কাকো পৰ বুলি ভবা নাছিল৷ নেতৃত্বৰ খোৱা কামোৰা আৰু ক্ষমতাৰ দলাদলিৰ একো উমানো পোৱা নাছিল৷ কেৱল স্বাধীনতাৰ এক সোৱাদ পোৱাৰ স্বাৰ্থত নিজৰ জীৱনকো তুচ্ছ কৰি আত্মবলিদান দিও আগুৱাই গৈছিল সাধাৰণ ৰাইজ৷ এদিন চৰ্ত এসোপা বুকুত বান্ধি স্বাধীনতা কোবাকুবিকৈ আহিছিল৷ মন মতলীয়া নেতৃত্বই ক্ষমতাৰ ৰাগীৰ মোহত অন্ধ হৈ স্বীকাৰ কৰি লৈছিল সেই চৰ্তবোৰ৷ সাধাৰণ ৰাইজৰ দুখ কুলাই পাচিয়ে নধৰা হৈ পৰিছিল৷ হাজাৰ জনৰ ৰক্তেৰে তেজৰ নৈত স্বাধীনতা লুটুৰি পুতুৰি হৈ পৰিছিল৷ আহিছিল স্বাধীনতা৷ হয় আহিছিল৷ কিন্তু সেই স্বাধীনতাই দিয়া তিক্ততা আৰু যুগমীয়া শত্ৰুতাই আজিও সজোৰে দেশখনক এফালৰ পৰা গিলি শেষ কৰি পেলাইছে৷ সেইয়া আছিল কেৱল নেতৃত্বৰ পূৰ্বানুমানৰ অভাৱৰ ফল৷

আজিও অসমত পূৰ্ববংগীয় মূলৰ আগ্ৰাসনত জনজীৱন বিপৰ্য্যস্ত হৈ পৰিছে৷ বাৰে বাৰে তাৰ প্ৰতিধ্বনি খিলঞ্জীয়াৰ চকুৱে মুখে অনুৰণিত হৈ আছে৷ অনা অসমীয়া বণিয়া গোষ্ঠীয়েও অসমীয়া খিলঞ্জীয়াৰ অৰ্থনীতি কাঢ়ি লৈ নিজ থকা ঠাইতে অসমীয়াক কৰ্মহীন কৰি তুলিছে৷ অসমীয়া লোকৰ দখলত থকা মাটি, কৃষিভূমি হয় কিনি লৈছে নহয় দখল কৰি লৈছে৷ একমাত্ৰ ভৱিষ্যতৰ পূৰ্বানুমানৰ অভাৱৰ বাবেই আমাৰ ৰাইজেও কোনো সঠিক, বাস্তৱ আৰু সময়োপযোগী উপায় আৰু প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিব পৰা নাই৷ উলোটাই ৰাইজে সহযোগিতাহে আগবঢ়োৱা দেখা গৈছে৷ এইয়া কেৱল ভৱিষ্যতৰ পূৰ্বানুমানৰ অভাৱতহে হ’বলৈ পাইছে৷ যি দেখা আৰু বুজা গৈছে, দীৰ্ঘদৰ্শী আৰু দীৰ্ঘসূত্ৰী- এই দুই ধৰণৰ মনস্তত্ত্বই আচলতে সকলো সময়তে সক্ৰিয় হৈ থাকে৷ দীৰ্ঘদৰ্শী সকলে সময়তকৈ বহু আগতেই সকলো কথাৰে সঠিক পূৰ্বানুমান কৰিব পাৰে আৰু লগে লগে তাৰ উচিত ব্যৱস্থা নাইবা প্ৰতিব্যৱস্থা গঢ়ি তুলিব পাৰে৷ যাক আমি দূৰদৰ্শী বুলিও অভিহিত কৰো৷ এই দুৰদৰ্শীতা কেৱল ব্যক্তিগত জীৱনৰে গুণ নহয়৷ ই সমাজ জীৱনৰ অন্যতম অপৰিহাৰ্য্য গুণাৱলীৰ ভিতৰতো পৰে৷ সমাজ হিচাপে বসবাস কৰা ব্যক্তি সমষ্টিৰ দুৰদৰ্শী সিদ্ধান্তৰ ফল ভৱিষ্যত প্ৰজন্মই উপভোগ কৰে৷ সমাজ উন্নততৰ হয়৷ প্ৰগতি, শান্তি, উদ্গতি সন্তুষ্টি আদি সেইখন সমাজত ভৰি পৰে৷ অসুয়া অপ্ৰীতি আৰু দুষ্কৃতিৰ সেই সমাজত প্ৰভাৱহীন হৈ পৰে৷ আনহাতে দীৰ্ঘসূত্ৰীতা হৈছে এলেহুৱা, নিষ্কৰ্মা আৰু পৰনিৰ্ভৰশীলতাৰ লক্ষণ৷ কোনোটো কথা, কাম আৰু আচাৰ আচৰণতেই ভৱিষ্যতৰ অৱশ্যম্ভাৱী ফল দেখা নাপায়৷ সময় উকলি গ’লেহে গা বাজে৷ অথচ উপযুক্ত প্ৰস্তুতিৰ অভাৱত মূৰামূৰি সময়ত কৰিবলৈও একো নাথাকে৷ দীৰ্ঘসূত্ৰীসকলে ভাবে – “বহুত সময় আছে৷ সময় আহকচোন৷ তেতিয়া চিন্তা কৰিম৷ নাইবা সময়ত দেখা যাব৷ বৰ্তমানটো উপভোগ কৰা৷ আন কথাত এতিয়াৰ পৰাই মূৰ ঘমাবলৈ কি দৰকাৰ৷”

উপসংহাৰ :  উপৰোক্ত লেখাটিৰ আটাইবোৰ কথাই সকলো পাঠকৰে জ্ঞাত৷ তাত এই লেখকৰ অলপো সন্দেহ নাই৷ কেৱল এই লেখাটিৰ যোগেদি কিছু কথা জুকিয়াই চোৱাৰহে প্ৰয়াস কৰা হৈছে৷ সমাজ নিয়ন্ত্ৰক সকলৰ নিৰ্লিপ্ত ভূমিকা আৰু পৰিয়াল বিলাকত সংঘটিত অশান্তি অসন্তুষ্টি, বিপদ আপদ বোৰেই এই লেখাটি প্ৰস্তুতকৰণৰ মূল উপজীৱ্য৷ অনুভৱ হয়, এটা সুন্দৰ আৰু নিৰাপদ ভৱিষ্যত সম্বন্ধে আশ্বস্ত হ’ব নোৱাৰিলে নাইবা ক’ব পাৰি এটি অনিশ্চিত ভৱিষ্যত সন্মুখত লৈ কোনোৱেই সুখী হ’ব নোৱাৰে৷ এটা পৰিয়ালৰ মাজতো অৰ্থনীতি, স্বাস্থ্যনীতি, শিক্ষানীতি, সমাজনীতি আদি বিষয়সমূহ ভৱিষ্যদৰ্শীতাৰ ওপৰতে নিৰ্ভৰ কৰে৷ সুৰাপায়ীৰ অভাৱনীয় সংখ্যা বৃদ্ধি আৰু অসমত চৰকাৰৰ দ্বাৰা দিয়া উদগণিমূলক ব্যৱস্থাসমূহ, বাটে পথে বেপৰোৱা চালকৰ অতপালি যেনে উচ্ছৃংখল গাড়ী/মটৰ বাইক চালনা আদিত যেন কোনো বিপদৰ কথাই নাই জাতীয় মনোভাৱ, গাৰ্হস্থ্য হিংসা আৰু পৰিয়ালৰ ভাঙোন, বেপৰোৱা যৌন জীৱন, আনহাতে ধৰ্মীয়/ সাম্প্ৰদায়িক/ জাতিগত/ সুবিধাবাদী/ ক্ষমতালোভী/ দমনমূলক ৰাজনীতিৰ চাকনৈয়াত পৰি যে মানুহৰ ভৱিষ্যত সম্পৰ্কে জ্ঞান আৰু দৃষ্টি লোপ পাইছে তাক এই লেখকে বাৰে বাৰে অনুভৱ কৰিহে পাঠকৰ প্ৰতি সমমৰ্মিতাৰে একেখিনি অনুভৱকে ব্যক্ত কৰা হৈছে৷ পাঠকে ইয়াৰ সৈতে অধিক সংযোজন কৰিলে লেখক কৃতাৰ্থ হৈ ৰ’ব৷
■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.