মাজ ৰাতি কেতেকী: কেতেকীৰ মাতৰ দৰেই সুৰীয়া এখন ছবি — দেৱ প্ৰতীম

মাজ ৰাতি কেতেকী: কেতেকীৰ মাতৰ দৰেই সুৰীয়া এখন ছবি — দেৱ প্ৰতীম

মাজ ৰাতি কেতেকী: কেতেকীৰ মাতৰ দৰেই সুৰীয়া এখন ছবি — দেৱ প্ৰতীম

by November 17, 2017 0 comments

 

আমাৰ জীৱনটো কিছুমান মুহূৰ্ত্তৰ সমষ্টি। এই ভিন ভিন মুহূৰ্ত্তবিলাকৰ মাজৰে কিছুমান এনে কিছুমান মুহূৰ্ত্ত থাকে যিবিলাকে আমাৰ জীৱনত গভীৰভাৱে ৰেখাপাত কৰে। এনে কিছুমান মুহূৰ্ত্তই আমাক অনুপ্ৰাণিত কৰে আৰু আন কিছুমান মুহূৰ্ত্তক জীৱনত আকৌ সন্মুখীন নোহোৱাটো আমি মনে-প্ৰাণে কামনা কৰোঁ। ঠিক একেই কথা যেন খাটে এখন কথাছবি বা এখন গ্ৰন্থৰ ওপৰতো। ‘মাজ ৰাতি কেতেকী’ ঠিক তেনে এক মুহূৰ্ত্ত, যি হয়তো আমাৰ জীৱনটোক বিভিন্ন ধৰণেৰে অনুপ্ৰাণিত কৰিব।

জীৱনৰ বিভিন্ন সময়ত আমি বিভিন্ন জনক লগ পাওঁ, লগ পোৱা বহু জনৰ পৰা বহু কথা শিকোঁ। সেই শিকা কথা বিলাকে জীৱনটোক আগুৱাই লৈ যোৱাত আমাক সহায় কৰে। অতীতৰ বহু মুহূৰ্ত্তই বৰ্তমানৰ জীৱনটোক বহু সময়ত প্ৰভাৱিত কৰে। ঠিক তেনেদৰে বৰ্তমানৰ কিছুমান মুহূৰ্ত্তই আমাক লৈ যায় অতীতৰ কিছুমান মুহূৰ্ত্তলৈ। ঠিক এনে কিছু ঘটিছিল ছবিখনৰ মুখ্য চৰিত্ৰ প্ৰীয়েন্দু হাজৰিকাৰ জীৱনত। প্ৰায় দহ বছৰৰ পাছত নিজৰ পুৰণি চহৰলৈ অহা হাজৰিকা আছিল এজন প্ৰতিষ্ঠিত সাহিত্যিক। তেওঁ কোৱামতে অসমীয়া হৈয়ো ‘পেটৰ তাড়নাত’ ইংৰাজীত সাহিত্য চৰ্চা কৰা হাজৰিকাই অসমলৈ আহি লগ পায় সুমনা দাসক, যি আছিল এগৰাকী লেখিকা। এজন প্ৰকাশকে সুমনাৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰি দিম বুলি কোৱা কথাৰ ভৰষা কৰি আগবাঢ়ি যাব খুজিছিল। কিন্তু কালক্ৰমত প্ৰীয়েন্দু হাজৰিকাৰ সংস্পৰ্শলৈ আহি শিকে কিছু নতুন কথা, এই নতুন কথা বিলাকে যেন মুকলি কৰে তাইৰ জীৱনৰ এক নতুন পথ।

 

ছবিখনৰ প্ৰথম ভাগতেই আমি দেখিবলৈ পাম এটা দহ-বাৰ বছৰীয়া ল’ৰাই এটা ঘৰৰ জপনাৰ ফুটাইদি জুমি থকা। তাৰ অলপ পাছতেই এখন বিমানত দেখা পাম ছবিৰ মুখ্য চৰিত্ৰ প্ৰীয়েন্দু হাজৰিকাক তেওঁৰ প্ৰিয় লেখকৰ কিতাপ পঢ়ি থকা অৱস্থাত। পাছলৈ তেওঁ এই কিতাপখনক নিজৰ জীৱনৰ ‘বাইবেল’ বুলি আখ্যা দিছে। জীৱনৰ বহু সময়ত সমাজৰ বহুতে বিভিন্ন মুখা পৰিধান কৰে। হাজৰিকাই বেৰত আঁৰি থোৱা এখন মুখা বহু পৰ চাই থকা দৃশ্যই যেন সমাজৰ বিভিন্ন মুখাৰ কথাকেই ইংগিত দিছে, ই যেন আছিল ‘মুখাৰূপী শোষণ’ৰ প্ৰতীক স্বৰূপ। দুটা কাহিনীয়ে সমান্তৰালকৈ ছবিখন আগবঢ়াই নিয়া ছবিখনৰ আনটো কাহিনীত দেখিবলৈ পাম প্ৰীয়েন্দু হাজৰিকাৰ বাল্যকালক। সমাজ সংস্কাৰকৰ মুখাৰ পৰা আৰম্ভ কৰি ওচৰৰে চুবুৰীয়া ভাল চিনাকি দোকানী, বিদেশত থকা পুত্ৰ তথা এজন সমাজৰ এজন ভদ্ৰলোকৰ মুখালৈকে ছবিখনত আজিৰ সমাজত ব্যৱহৃত বহুকেইখন মুখা দেখুৱাবলৈ চেষ্টা কৰা হৈছে।

 

প্ৰীয়েন্দুৰ বাল্যকালটো আমাৰ বহুতৰ দৰেই। সৰল মনৰ প্ৰীয়েন্দুৱে আমাৰ বহুতৰ দৰে খুচুৰা পইচা চুৰ কৰি নিজৰ বাঁহৰ চুঙাত ভৰাইছে, উদ্দেশ্য ২৪০ টকা গোটাই এখন ক্ৰিকেট বেট কিনা, কাৰণ প্ৰীয়েন্দু সুনীল গাভাস্কাৰৰ অনুৰাগী। তাৰ মেধাৱী ককায়েক ৰুষ্ট অন্যায়ৰ প্ৰতিবাদ কৰি শাস্তি ভোগা দেউতাকৰ ওপৰত। তাৰ ককায়েকো আমাৰ বহুতৰ দৰেই বাল্যকালত প্ৰেমত পৰে শ্ৰেণীৰে এগৰাকী ছাত্ৰীৰ লগত। ইয়াতো যেন দেখাইছিল প্ৰেম ৰূপী এক মুখাক। ৭০-৮০ দশকৰ অসমীয়া সমাজ জীৱনৰ এখন সুন্দৰ ছবিখনে দাঙি ধৰিছে। সমাজত থকা জাত-পাতৰ ভিন্নতাৰ পৰা আৰম্ভ কৰি ভিন্ন ধৰ্মীয় লোকৰ মাজত থকা আদৰ-সাদৰলৈকে সমাজৰ বিচিত্ৰতা ছবিখনত প্ৰকাশ পাইছে। প্ৰীয়েন্দুৰ বাল্যকালৰ বন্ধু ভোলা। অন্য এক জাতৰ ভোলাই কাম কৰে এজন ভদ্ৰ লোকৰ ঘৰত, যি সমাজত সমভাৱ অনাৰ কথা কয়। ঘৰৰ পৰা দুৰত থকা এটা ১০-১২ বছৰীয়া ল’ৰাৰ দৰে ভোলাৰো ঘৰলৈ খুব মনত পৰে, সি ঘৰলৈ যাব বিচাৰে। কিন্তু সি নিৰুপায়, কাৰণ ঘৰলৈ যাব পৰাকৈ নাই তাৰ হাতত পৰ্যাপ্ত পইচা। সেই কথা সি বন্ধু প্ৰীয়েন্দুক কয়। প্ৰীয়েন্দুৰ ভনীয়েকে ভাল পায় নেইল পলিছ লগাই, কিন্তু সেই নেইল পলিছত আছে এক সমস্যা। সেই নেইল পলিছ নখত নাথাকে যে বেছি দিন, ‘পেতলা দোকানী’ৰ মতে দামী নেইল পলিছ লগালেহে নখত থাকিব বহু দিন। কিন্তু তাৰ কাৰণে ভৰিব লাগিব পইচাৰ লগতে বহুখিনি। সেই কথা তাই মনে মনে জানিলেও বয়সৰ দোষৰ কাৰণেই ভালদৰে বুজি পোৱা নাছিল। শেষত মাকে শিকোৱা ‘ছোৱালী মানুহে বেয়া কথা নকয়’ বোলা শিক্ষাৰ বিপৰীতে গৈ চুবুৰীয়া মাইকী মানুহে শিকোৱা বেয়া শব্দ মুখলৈ আনি সমাজে শিকোৱা এক কথাৰ যেন প্ৰতিবাদ কৰে তাই। তাই যেন কৈ গ’ল সমাজে শিকোৱা ‘ছোৱালী মানুহে এইটো নকৰে, সেইটো নকৰে’ ভাৱধাৰা সলনি কৰিবলৈ হ’ল। ‘বিপদৰ সময়ৰ বন্ধুহে আচল বন্ধু’, এই কথা প্ৰমাণ কৰিছিল প্ৰীয়েন্দুৱে ভোলাক বিপদৰ সময়ত সহায় কৰি, কিন্তু তাৰ সেই সহায় বন্ধুৰ কাৰণে হৈ পৰিছিল শেষ সহায়।

ছবিখনৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ছবিখনৰ সৰু-বৰ সকলোবোৰ চৰিত্ৰ তথা বস্তুৱে ছবিখনৰ কাহিনীত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। লাগিলে ই প্ৰথমতেই দেখুওৱা হাঁহটোৱেই হওক, চিলাকেইখনেই হওক বা সেই দুখন কাটা বিস্কুটেই হওক প্ৰতিটো বস্তু/পাত্ৰৰে ভূমিকা অনন্য।

 

বিশেষ বঁটা নোপোৱা এজন লেখকৰ এখন গ্ৰন্থক নিজৰ ‘বাইবেল’ বুলি কৈছিল প্ৰীয়েন্দু হাজৰিকাই। বৰ্তমান আৰু অতীতৰ দোমোজাৰ মাজেৰে হাজৰিকাই বিচাৰে ফুৰে কিছুমান প্ৰশ্নৰ উত্তৰ। ওপৰত কৈ অহাৰ দৰে জীৱনটো কিছুমান মুহূৰ্ত্তৰ সমষ্টি, বহু চেষ্টা কৰিও তেনে কিছুমান মুহূৰ্ত্ত জীৱনৰ পৰা মচি দিব পৰা নাযায়, মানসপটত ভাঁহি থাকে তেনে কিছুমান স্মৃতি। লেখক হিচাপে এখন আত্মজীৱনীত তেনে কিছুমান কথা লেখকে ইচ্ছা কৰিলেও প্ৰকাশ কৰিব নোৱাৰে। ফলত প্ৰকাশ পাই তেনে কিছুমান ‘অৰ্ধসত্য’। যেতিয়া হাজৰিকাক সুমনাই নিজৰ প্ৰিয় সাহিত্যিক জনৰ বিষয়ে সুধিছিল তেতিয়া হাজৰিকাই কৈছিল, “মই যেতিয়া সেউজীয়া ঘাঁহ আছিলো, তেওঁ মোৰ বেলিটো আছিল”। কথাষাৰে বহু কেইটা কথাই কৈ গৈছিল। জীৱনত আমি বহুতকে আদৰ্শ ব্যক্তি হিচাপে বাচি লওঁ, যি জীৱন যাত্ৰাত আগুৱাই যোৱাত আমাক প্ৰেৰণা যোগাই। ঠিক সেউজীয়া ঘাঁহ আৰু বেলিৰ সম্বন্ধটোৰ দৰেই হৈ পৰে এই প্ৰেৰণাদায়ক ব্যক্তি সকল। প্ৰীয়েন্দু হাজৰিকাৰ বৰ্তমানৰ জীৱনটোৰ ঘটনাৰাজিয়ে যেন আমাৰ সাহিত্যিক সকলৰ এক ক’লা অধ্যায়ৰ ওপৰতো আঙুলি টোঁৱালে ছবিখনে।

 

নিৰ্দেশিকা ডা°সান্তনা বৰদলৈৰ এইখন নিৰ্দেশিকা হিচাপে দ্বিতীয় ছবি। ইয়াৰ আগেয়ে তেওঁ নিৰ্দেশনা কৰিছিল ‘অদাহ্য’ (১৯৯৬)। প্ৰায় বিশ বছৰৰ পাছত নিৰ্দেশনা কৰা এই ছবিখন সৰ্বাংগসুন্দৰ। ছবিখনত দৰ্শকে পাবলগীয়া সকলোকেইটা উপাদানেই আছে, লাগিলে সেইয়া মনোৰঞ্জনেই হওক বা কাহিনীয়েই হওক বা অভিনয়েই হওক। ছবিখনে আপোনাক যিদৰে আপোনাক মনোৰঞ্জনৰ খোৰাক জগাব ঠিক সেইদৰে আপোনাক জীৱনত ভূমুকি মাৰি বহুকেইটা প্ৰশ্ন কৰিব, যাৰফলত হয়তো আপুনি জুকিয়াই চাব নিজৰ জীৱনত ঘটি থকা ঘটনাবিলাকক। হয়তো আপুনি বিচাৰি পাব বহু দিনৰ পৰা বিচাৰি ফুৰা বহু কেইটা প্ৰশ্নৰ উত্তৰ। ১১৬ মিনিটৰ এই ছবিখনৰ চিনেমাট’গ্ৰাফীৰ কাম কৰিছে দক্ষিণাত্যৰ এছ .ভি. গণশেখৰে। তেওঁ কেমেৰাৰে ৭০-৮০ দশকৰ অসমীয়া সমাজখনৰ লগতে বৰ্তমানৰ সমাজখনৰ মাজৰ ভিন্নতাক সুন্দৰকৈ প্ৰকাশ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে ছবিখনত অতীত আৰু বৰ্তমানৰ দুটা কাহিনীক সমান্তৰালকৈ উপস্থাপন কৰা হৈছে। কিন্তু কেইটামান মুহূৰ্ত্তত যেন এই দুটা সময়ৰ মাজৰ আঁত ডাল বান্ধি ৰখাত বিফল হোৱা যেন লাগিল, এইখিনিত সম্পাদনা আৰু কিছু উন্নত হ’ব লাগিছিল যেন বোধ হয়। ছবিখনৰ সংগীত পৰিচালনা তৰুণ পৰিচালক অনুৰাগ শইকীয়াৰ। ছবিখনক এক নিৰ্দিষ্ট গতিত আগবাঢ়ি যোৱাত তেওঁৰ সংগীতে যথেষ্ট সহায় কৰিছে, এক কথাত তেওঁৰ সংগীত ছবিখনৰ এক অন্যতম চালিকা শক্তি। ছবিখনৰ মাজত ব্যৱহৃত গীতটো অতি সুন্দৰ।

 

বলিউডৰ সফল অভিনেতা আদিল হুছেইনে ছবিখনৰ মুখ্য চৰিত্ৰ প্ৰীয়েন্দু হাজৰিকাৰ চৰিত্ৰত অভিনয় কৰিছে। সাৱলীল অভিনয়েৰে তেওঁ দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিব। উল্লেখযোগ্য যে আদিল হুছেইনে এই ছবিত কৰা অভিনয়ৰ বাবে ৬৪-তম ৰষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ অনুষ্ঠানত বিচাৰকৰ বিশেষ বঁটা (National Film Award _ Special Jury Award / Special Mention (Feature Film) লাভ কৰিছে। সুমনা দাসৰ চৰিত্ৰত অভিনয় কৰিছে সুলক্ষণা বৰুৱাই। তেওঁৰ অভিনয়ত পৰিপক্বতা প্ৰকাশ পাইছে। ‘কথানদী’ৰ জৰিয়তে ছবিজগতত ভূমুকি মৰা কাছভী শৰ্মাই এইখন ছবিত ‘কথানদী’ৰ চৰিত্ৰৰ বিপৰীতে এক সম্পূৰ্ণ বেলেগ ধৰণৰ চৰিত্ৰৰ ভূমিকা পালন কৰিছে। ইয়াৰ জৰিয়তে তেওঁ যে সকলো ধৰণৰ অভিনয় কৰিবলৈ প্ৰস্তুত তথা সক্ষম তাৰেই উমান দিছে। ঠিক সেইদৰেই ভাল লাগিল বাল্যকালৰ প্ৰীয়েন্দুৰ ককায়েকৰ চৰিত্ৰত অভিনয় কৰা নৱাগত ৰাহুল গৌতম শৰ্মাৰ অভিনয়। অসমীয়া ছবিয়ে ভৱিষ্যতত অভিনয়ৰ দিশত যে হাবাথুৰি খাব নালাগে এই কম বয়সীয়া অভিনেতা সকলে নিশ্চিত কৰিলে। আন আন বহু চৰিত্ৰত ন-পুৰণি অভিনেতা-অভিনেত্ৰীৰ সমাবেশ ঘটিছে। তাৰ ভিতৰত অন্যতম কুলদা কুমাৰ ভট্টাচাৰ্য্য, মালা গোস্বামী, ছাকিল ইমতিয়াজ, হিমাংশু প্ৰসাদ দাস, মহেন্দ্ৰ ৰাভা, ৰাহুল গৌতম শৰ্মা, প্ৰণামী বৰা, ইন্দু মোহন দাস, অসীম বৰুৱা ইত্যাদি। ছবিখনৰ সফলতাৰ অন্যতম ছাবিকাঠী হ’ল এই সকলোৰে প্ৰশংসনীয় অভিনয়। উল্লেখযোগ্য ছবিখনত কোনো এক চৰিত্ৰৰ মাজত অতিমাত্ৰা অভিনয়ৰ প্ৰভাৱ দেখা পোৱা নগ’ল, ইয়াৰ কাৰণে নিৰ্দেশিকা গৰাকী নিশ্চয় প্ৰশংসাৰ পাত্ৰ।

ছবি এখনৰ সফলতা বহু পৰিমাণে নিৰ্ভৰ কৰে ছবিঘৰত উপস্থিত দৰ্শকৰ ওপৰত। ৬৪-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ অনুষ্ঠানত শ্ৰেষ্ঠ অসমীয় চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ কৰা এই ছবিখনৰ প্ৰচাৰ তেনেই কম আছিল। আৰু সেই মতেই ছবি ঘৰত দৰ্শকৰ উপস্থিতি দেখা গ’ল। অসমীয়া চলচ্চিত্ৰ উদ্দ্যোগৰ ভৱিষ্যতৰ কথা লক্ষ্য ৰাখি প্ৰতিজন অসমীয়া ছবি নিৰ্মাতাই এই কথাটো মন কৰিলে কিজানি নিজৰ ছবিৰ লগতে মুক্তি পাবলগীয়া সকলো আন আন ছবিৰ ক্ষেত্ৰটো এক আশানুৰূপ ফলাফল লাভ কৰিব পাৰিব। এইটো মোৰ লগতে প্ৰতিজন অসমীয়া চলচ্চিত্ৰ প্ৰেমীৰ ছবি নিৰ্মাতা সকললৈ এক বিশেষ অনুৰোধ।

‘মাজ ৰাতি কেতেকী’ ছবিজগতৰ এক কবিতা স্বৰূপ। কেতেকীৰ সুৰীয়া মাতৰ দৰেই ছবিখনো সুৰীয়া। এই সুৰীয়া মাতেৰে দৰ্শকক সন্মোহিত কৰি তুলিব। সমাজৰ বহু কেইটা দিশ ছবিখনত অতি সৰল ভাৱে দৰ্শকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে ঠিক ভিট্টৰিঅ’ দি ছিকাৰ ‘বাইচাইকেল থীভ্‌ছ’ বা সত্যজিত ৰয়ৰ ‘পথেৰ পাচাঁলী’ৰ দৰে, আৰু এই ক্ষেত্ৰত নিৰ্দেশিকা সফল হৈছে। মোৰ বোধেৰে প্ৰতিজন প্ৰকৃত চলচ্চিত্ৰ প্ৰেমীয়ে ছবিখন চোৱা উচিত। কাৰণ “বিয়ালৈ নাই মতা বুলি বিয়ালৈ নোযোৱাটো” আৰু “প্ৰচাৰ নাই কৰা বুলি এখন সৰ্বাংগসুন্দৰ ছবি নাচাওঁ” বোলা ভাৱধাৰাৰ মাজত আছে এক আকাশ-পাতাল পাৰ্থক্য।

 

 

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.