টেকেলা গাঁওত বৈমানিক ৰবীন্দ্ৰন পোঠালাট – বিতোপন বৰা

টেকেলা গাঁওত বৈমানিক ৰবীন্দ্ৰন পোঠালাট  – বিতোপন বৰা

টেকেলা গাঁওত বৈমানিক ৰবীন্দ্ৰন পোঠালাট – বিতোপন বৰা

by November 17, 2017 0 comments

মোৰাৰজী দেশাইৰ বিমানৰ পৰা প্ৰাণ ৰক্ষা পৰা ফ্লাইট ইঞ্জিনীয়াৰ ৰবীন্দ্ৰন পোঠালাটে কি পালে টেকেলা গাঁৱলৈ আহি?

সুদীৰ্ঘ চল্লিশ বছৰৰ মূৰত যোৰহাটলৈ আহি বিমান দুৰ্ঘটনাস্থলী প্ৰত্যক্ষ কৰি আবেগিক হৈ পৰিল তেওঁ৷ তেওঁ টেকেলা গাঁৱত উপস্থিত হৈছিলহি চাৰি নৱেম্বৰ তাৰিখে৷ এই দিনটোতেই প্ৰধানমন্ত্ৰী দেশাইক কঢ়িয়াই অনা পুষ্পক ধ্বংসপ্ৰাপ্ত হৈছিল চল্লিশ বছৰৰ আগত৷ মৃত্যু হৈছিল পাঁচোজনকৈ বৈমানিকৰ৷ (একাংশ বৈদ্যুতিন সংবাদ মাধ্যমত প্ৰতিবছৰে তেওঁ যোৰহাটলৈ অহা বুলি ভুলবশতঃ প্ৰচাৰ হৈছে)৷ দ্বিতীয় জনম পোৱা ঠাইখনলৈ সুদূৰ কেৰালাৰ পৰা তেওঁ লগত লৈ আহিছিল তিনিজন অন্তৰংগ বন্ধুকো৷ পোঠালাটে বহু কথাই কৈ গ’ল৷ দি গ’ল তেওঁ মোক মোৰাৰজী দেশাইৰ বিমান দুৰ্ঘটনা সম্পৰ্কে বহু বহুমূলীয়া তথ্য৷ তেওঁ লিখা প্ৰবন্ধ-পাতি৷ সেইবোৰ লিখিম লাহে লাহে৷

আশা কৰিছো এইবোৰ তথ্যই বহুতৰে কৌতূহল নিবৃত্তিকৰণত সহায় কৰিব৷
সংবাদ মাধ্যমৰ কেমেৰাৰ আগত তেওঁ সিদিনা ক’লে— “উক্তদিনা বিমানখনৰ পৰা একেবাৰে শেষত ওলাইছিলো মই৷ বিমানখনৰ বিজুলী বাতি নুমাই গৈছিল৷ মই মানুহক সুধি এয়াৰ ফৰ্চ ক’ত জানি লৈছিলো৷ কোনোবাই মোক গাঁৱৰে এঘৰলৈ লৈ গৈছিল৷ সেই মানুহ ঘৰৰ এখন ‘ঝংগা’ ধৰণৰ গাড়ীত উঠি ৰৰৈয়াত খবৰ দিবলৈ গৈছিলো৷ “
মই ৰবীন্দ্ৰনক ক’লো¸ আপুনি যোৱা সেইখন আছিল মোৰ দেউতাৰ মিনি ট্ৰাক এখন৷ ড্ৰাইভাৰ নথকা বাবে ভালদৰে চলাব নজনা দেউতাই চলোৱা গাড়ীতে সেইদিনা আপুনি বহি গৈছিল৷ Oh my god–তেওঁ সাক্ষাতকাৰৰ মাজতে আচৰিত হৈ উচ্চাৰণ কৰিছিল৷ ভবা নাছিল চাগে তেওঁৰ সেইদিনৰ ক্ষন্তেকীয়া সংগীজনৰ পুত্ৰই আজি তেওঁৰ সাক্ষাতকাৰ লৈ আছো বুলি৷ দেউতাৰ খবৰ লওঁতে দেউতা ঢুকোৱা বুলি জানি দুখ প্ৰকাশ কৰিলে ৰবীন্দ্ৰনে৷
ৰবীন্দ্ৰনে মোক ক’লে–তেওঁ অন্তৰেৰে ভাবিছিল টেকেলা গাঁৱত বিমান দুৰ্ঘটনাৰ স্থানত ইতিমধ্যেই চাগে কিবা স্মৃতি স্মাৰক গঢ় লৈছে৷ পিচে প্ৰয়াত ইন্দ্ৰেশ্বৰ বৰুৱাৰ বাৰীৰ পিচফালৰ লুংলুঙীয়া বাটেদি তেওঁ যেতিয়া বন্ধু চাৰিজনক লৈ ধাননি ভাঙি সৰু মাটিৰ ঢিপ এটাত উপস্থিত হ’লগৈ¸ ক’ৰবাত শোক এটাই তেওঁক হেনো খুন্দা মাৰি ধৰিছিল৷ ইতিহাস বিজড়িত ঘটনাটোৰ স্মৃতি ৰক্ষাৰ নমুনাই তেওঁক বাকৰুদ্ধ কৰি তুলিছিল৷ বন্ধুকেইজনো আচৰিত হৈছিল৷ পথাৰৰ মাজৰ এই সৰু মাটিৰ ঢিপটোতে বিমান দুৰ্ঘটনাটোৰ স্মৃতি হিচাপে প্ৰয়াত ইন্দ্ৰেশ্বৰ বৰুৱাই এটা মদাৰ পুলি ৰুইছিল৷ (এই ইন্দ্ৰেশ্বৰ বৰুৱাৰ ঘৰতে প্ৰধানমন্ত্ৰী আৰু আনসকলে প্ৰাথমিক শুশ্ৰুষা লাভ কৰিছিল)৷ বৰ আচৰিত ধৰণে মদাৰ পুলিটো এটা হিচাপতে আজি ৪০ বছৰে ৰৈ আছে৷ অকণো বৃদ্ধি ঘটা নাই গছজোপাৰ৷ মানুহৰ মানুহৰ প্ৰতি থকা সামান্যতম দায়িত্বকণ¸ সৌজন্য¸ কৃতজ্ঞতাবোধকণ নেদেখি মদাৰজোপাই যেন খোৱা-বোৱা এৰিলে৷ মদাৰজোপা আৰু ওখ মাটিকণ চুই ৰবীন্দ্ৰনে ক’লে–হে’ মোৰ দ্বিতীয় জন্মৰ মাতৃভূমি৷ মই আকৌ আহিম৷

 
(সংলগ্ন আলোকচিত্ৰত মদাৰজোপা আৰু বন্ধুসহিত ৰবীন্দ্ৰনক দেখা গৈছে৷ )

সংবাদ মাধ্যমৰ যোগে এতিয়াৰ ৬৮ বছৰীয়া ৰবীন্দ্ৰনে চৰকাৰলৈ আহ্বান জনালে—টেকেলা গাঁৱৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে চৰকাৰে প্ৰচেষ্টা লওক৷ এয়া কৰা উচিত৷ অন্য ৰাজ্যত হোৱা হ’লে এই ঠাই পৰ্যটনস্থলী হ’লহেতেন৷
মানুহজন আহিছিল পুৰণি স্মৃতি সজীৱ কৰিবলৈ৷ সেই বিখ্যাত ঠাইটুকুৰা দ্বিতীয়বাৰৰ বাবে চাবলৈ তেওঁৰ আছিল দীৰ্ঘদিনীয়া হেঁপাহ৷ দুৰ্ঘটনাৰ দিনা ৰাতি তেওঁ গাঁওখন সম্পৰ্কে একো ধাৰণা কৰিব পৰা নাছিল৷
ৰবীন্দ্ৰনক মই বহু কষ্টৰ মূৰত বিচাৰি উলিয়াইছিলো৷ তেওঁ টেকেলা গাঁৱলৈ যোৱাৰ পাছতহে খবৰটো পাইছিলো৷ সংবাদ মাধ্যমেও নাজানিছিল৷ যোৰহাটৰ পৰা তেওঁ গৈছিল নগালেণ্ডৰ মোককচাঙলৈ৷ বহু কষ্টৰে তেওঁৰ ফোন নম্বৰ সংগ্ৰহ কৰি মৰিয়নীত বহুসময় তেওঁলৈ অপেক্ষা কৰিছিলো৷ কাৰণ তেওঁ আছিল মোৰ বাবে বহুমূলীয়া ’সমল ব্যক্তি’৷ মৰিয়নীলৈ লগত লৈ গৈছিলো সংবাদ মাধ্যমক৷ ৰবীন্দ্ৰন আচৰিত হৈছিল৷ আমি আৰু লগতে সংবাদকৰ্মীসকলে তেওঁলোকক যেতিয়া গামোছা পিন্ধাইছিলো¸ তেওঁলোক অন্তৰেৰে সুখী হৈছিল৷ এইখিনিতে ধন্যবাদ জনাইছো অসমৰ বৈদ্যুতিন সংবাদ মাধ্যমক৷ ৭ নৱেম্বৰৰ প্ৰায় দিন-ৰাতি টেকেলা গাঁৱৰ বিষয়টো চেনেলসমূহে গুৰুত্ব সহকাৰে সম্প্ৰচাৰ কৰিছিল৷ গাঁওখনত যে বিমান দুৰ্ঘটনাটোৰ স্মৃতি ৰক্ষাৰ্থে চৰকাৰী একো প্ৰচেষ্টাই নাই সেই কথা কোৱাৰ লগতে ৰবীন্দ্ৰনৰ বক্তব্য¸ স্মৃতিচাৰণ সংবাদ মাধ্যমে প্ৰচাৰ কৰিছিল৷ টেকেলা গাঁও যে এতিয়া অসমবাসীৰ আবেগ¸ সেই কথা প্ৰতীয়মান হৈছিল৷


পিচে ৰবীন্দ্ৰন ডাঙৰীয়া¸
টেকেলা গাওঁ হয়তো এনেদৰেই থাকিব৷ চৰকাৰে ৰাজনীতি কৰিবহে জানে৷ য’ত লাভ হয়¸ তাতহে চৰকাৰী আঁচনি¸ অনুদান¸ ডাঙৰ ডাঙৰ স্মৃতিস্তমভ গঢ় লয়৷ টেকেলা গাওঁ এতিয়া মৰা ইতিহাস৷ মৰা ইতিহাস বিদাৰি চৰকাৰী পক্ষৰ লাভ নহয়৷
আপুনি পিচে আকৌ আহিব৷ পাৰিলে সেই ঘটনাৰ মৃত বৈমাণিককেইজনৰ পুত্ৰ-কন্যাকো বিচাৰি পালে লগত লৈ আনিব৷ টেকেলা গাওঁবাসী ধনৰ দুখীয়া হয়তো হ’ব পাৰে৷ মনৰ দুখীয়া কেতিয়াও নহয়৷ আপোনালোকক আদৰিব সদায়৷ ■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.