শিশু – জিতু দত্ত

শিশু – জিতু দত্ত

শিশু – জিতু দত্ত

by November 17, 2017 0 comments

অফিচ ছুটি কৰি মই যেতিয়া ঘৰমুৱা হওঁ সবজীৰ দোকান খনত প্ৰায়েই সোমাবলগীয়া হয়৷ সোমাব নুখুজিলে সবজীৱালা জনে দেখি চিঞৰ মাৰে৷ “দাদা, এইটো এক কেজি দিলো, লৈ যাওক৷ বাইদেউক বনাব দিব ভালদৰে৷ টকাটো পিছে পৰেও দিলে হ’ব৷ আপুনি মোৰ টকা নিদিয়াকৈ নাথাকে৷ মই জানো৷
বিশ্বাস কৰে এনেকৈ৷
না কৰিব নোৱাৰা হৈ যাওঁ চেনেহত৷ নালাগিলেও কিবা এটা লৈ আহোঁ৷ ঘৈণীয়েকে পাল্লাখন লয়৷ কথা কৈ কৈ মুখত হাঁহি এটা মাৰি গিৰীয়েকে বাচি দিয়া বস্তুবোৰ জুখি দিয়ে৷ গ্ৰাহক জনে বেয়া নোপোৱাকৈ দুয়োজনে কামটো কৰে৷ এশ পাঁচ টকা হলে পাঁচ টকাটো এৰি দিয়ে৷ এদিন সোধাত কৈছিল, “মোৰ যদি দহ টকা লাভ হব লাগিছিল পাঁচ টকা হব কিন্তু আপুনিতো মোৰ পৰা সদায়ে নিব, আহিব৷ সেয়াই মোৰ বাবে লাভ৷ এনেকৈ ৰাতিপুৱাৰ পৰা ৰাতি ন বজালৈ দুয়ো গিৰীয়েক ঘৈণীয়েকে আমনি নলগাকৈ সবজী বিক্ৰী কৰি দিনবোৰ পাৰ কৰি আহিছে৷ মই লক্ষ্য কৰো দুয়োৰে মুখ দুখন৷ কোনো দুখ নাই, চাপ নাই৷ পৃথিৱীৰ ভিতৰতে আটাইতকৈ সুখী দম্পতী যেন ভাব হয় মোৰ৷ সিহঁতৰ কণমানি একমাত্ৰ লৰাজন৷ তাৰ খুব বেছি পাঁচ বছৰ হব৷ সি কেতিয়াবা মাক দেউতাকৰ ওচৰত বহি থাকে৷ মানুহবোৰৰ মুখৰ ফালে চাই কাৰুকাৰ্য বোৰ লক্ষ্য কৰি থাকে৷ মুগ্ধ হওঁ৷ আন্তৰিকতা বাঢ়ে৷ সিহঁতৰ প্ৰতি মোৰো আৰু মোৰ প্ৰতিও কিজানিবা সিহঁতৰ৷ এই মৰম বোৰৰ বাবেই যেন আমিবোৰ জীয়াই আছো৷
পাঁচ বছৰীয়া লৰাজনে মাকক আজি কিবা এটা খুজি আছে৷ মই সুধিলো, “কি লাগে তোমাক? মাক খুতুৰিয়াই আছা যে৷
” তাক ঘৰৰ চাবিপাত লাগে৷ ৰাতি হৈছে যে সি ঘৰত যাব এতিয়া৷ মাকে কলে৷ “অকলে যাব পাৰিব সি৷” মই সুধিলো৷
“পাৰো, মই এতিয়া চাবিপাত নি তলাটো খুলি ভৰি হাত ধুই বিস্কুট পানী খাই পঢ়িম৷ হোমৱৰ্ক কৰিম৷ মা গৈ ভাত বনাব৷ দেউতাই দোকান বন্ধ কৰি যোৱাৰ পিছত আমি তিনিও একেলগে ভাত খাই শুই যাম৷ ল’ৰাজনে পতাপত কথাখিনি কৈ মাকৰ পৰা চাবিপাত লৈ এজন দায়িত্ব শীল মানুহৰ দৰে কৈ উঠিল৷
“ডাঙৰ হ’লে কি হবা৷” মই এনেই সুধি চালো৷
“কি হও কি নহও নাজানো কিন্তু মই পঢ়িম৷ মা-দেউতাৰ কষ্ট দেখিছোতো বুলি কৈ সি ঘৰলৈ বুলি খোজ ললে৷
মই এবাৰ মাকৰ মুখৰ পিনে আৰু এবাৰ বাপেকৰ মুখৰ ফালে চাই ভাবিবলৈ ধৰিলো৷ কেনেকৈ চম্ভালিব পৰা হৈছে এই কণমানি জনে? পৰিস্থিতিত মানুহে কিজানি সকলো শিকে সন্তৰ্পনে৷ সি ভাল মানুহ হওক, মাক বাপেকৰ নাম উজলাওক, পৰিশ্ৰমবোৰ, মাক বাপেকক বুকুত গুজি ৰাখক অনন্তকাল৷
এই পৃথিৱীত মানুহ কিছুমান ভগৱান হৈ জন্ম লয়৷ যেনে শান্তিৰ নোবেল বঁটা প্ৰাপক বচপন বচাও আন্দোলনৰ নেতা কৈলাস সত্যাৰ্থী৷ শোষিত, বঞ্চিত, নিপীড়িত শিশুৰ অধিকাৰৰ সপক্ষে মাত মাতি অহা এজন মানুহ ৰূপী ভগৱান৷ পৃথিৱীৰ চুকে কোণে থকা বঞ্চিত শিশু সকলক উদ্ধাৰৰ অৰ্থে তেওঁ নিজৰ জীৱন দি হ’লেও উদ্ধাৰ কৰিবলৈ হাতে কামে লাগি গৈছে৷ ভাৰত যাত্ৰা কৰি সকলোকে সজাগ কৰিবলৈ উদ্যোগ লৈছে৷ বহু শিশু উদ্ধাৰ কৰি ইতিমধ্যে তেওঁ নিজে গঢ়া “বালক আশ্ৰম”ত ৰাখি সকলোখিনি মৰ্যাদা প্ৰদান কৰিছে নাইবা নিজৰ নিজৰ ঘৰলৈ ওভোতাই পঠাইছে৷ তেখেতে কৈছে এজন কৈলাস সত্যাৰ্থীয়ে এই কামটো অকলে কৰিব নোৱাৰে৷ প্ৰতিজন মানুহ এই ক্ষেত্ৰত আগবাঢ়ি আহিব লাগিব৷ নোবেল বঁটাৰ সমস্ত টকা তেওঁ অৰ্পণ কৰিছে এই সমূহৰ হিতাৰ্থে৷ নোবেল বঁটাৰ লগত পোৱা মেডেলটো (ট্ৰফী) তেও সমৰ্পিত কৰিছে ৰাষ্ট্ৰক৷ ৰাষ্ট্ৰপতি ভৱনত ৰাখি থোৱা হৈছে তেখেতে পোৱা মহামূল্যৱান সম্পদটো৷ কে বি চিৰ হট চিটত বহি বিগ বিৰ প্ৰতিটো প্ৰশ্নৰ সম্মুখত এই মহান উদাৰ মানুহ জনে সমগ্ৰ বিশ্বৰ আগত যেতিয়া তেখেতৰ কথাবোৰ এটা এটাকৈ কৈ গৈছিল মই হৈ গৈছিলো বাকৰুদ্ধ৷ ভগৱানৰ ফটোতো দেখাৰ লগে লগে হাত দুখন আপোনা আপুনি লগ লগাৰ দৰেই তেওঁৰ কথাখিনি শুনি মোৰ মূৰ দো খাই গৈছিল৷ লক্ষ্যত ফলৱতী হওক আমাৰ এই মহান ব্যক্তিজন৷ কৈলাস শৰ্মাৰ পৰা কেনেকৈ সত্যাৰ্থী হৈছিল সেই কথাটো সিদিনা গম পাইছিলো তেওঁৰ মুখৰ পৰা৷ সত্যৰ অনুসন্ধান কৰা মানেই সত্যাৰ্থী৷
“মাজ ৰাতিৰ কেতেকী” অসমীয়া বোলছবিখনত ভোলাৰ চৰিত্ৰটোত এজন শিশুৰ প্ৰতি হোৱা শোষণ, বঞ্চনা দেখিছিলো৷ নোম শিয়ঁৰি গৈছিল ভোলাৰ মৃত্যু দৃশ্যটো দেখি৷ চিনেমা চাই উঠি দেউতাকৰ সৈতে হলৰ বাহিৰলৈ আহি ৫/৬ বছৰীয়া লৰাজনে দেউতাকক বাৰে বাৰে এটা কথাই সুধি ব্যতিব্যস্ত কৰি অহা দেখিছো৷ “দেউতা, ভোলা কিয় মৰিল? কিয় মৰিল কোৱানা, কোৱানা প্লিজ৷
নদীত ডুবি মৰিল৷ দেউতাকে কৈছিল৷ ল’ৰাজনে সুধি গৈছিল ——এটা এটাকৈ প্ৰশ্ন৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.