শিশু দিৱস আৰু কেইখনমান দুঃসহ ছবি -মিনাক্ষী বৰুৱা

শিশু দিৱস আৰু কেইখনমান দুঃসহ ছবি -মিনাক্ষী বৰুৱা

শিশু দিৱস আৰু কেইখনমান দুঃসহ ছবি -মিনাক্ষী বৰুৱা

by November 17, 2017 0 comments

(১)
প্লাষ্টিক বা কাচৰ পেলনীয়া বটল, ফটা কাৰ্টুন, কাগজ-পত্ৰ আদি সামৰি ফুৰা ডেকা দেউতাক এজনে প্ৰায় তিনিবছৰীয়া শিশুটোক জাবৰৰ দ’মৰ লগতে বহুৱাই ৰাতিপুৱাই দক্ষিণ দিশে আহি থাকে৷ প্ৰাতঃভ্ৰমণৰ সময়ত এইটো মই দেখা নিত্যনৈমিত্তিক দৃশ্য৷ কাতিৰ কুঁৱলী সনা পুৱাতে ফুল কুমলীয়া ল’ৰাটোক ডাষ্টবিন সদৃশ তিনিচকীয়া খনত বহুৱাই দেউতাকে ঘূৰাই ফুৰোৱা কথাটো মোৰ বাবে ভীষণ অস্বস্তিকৰ৷ এই দৈনন্দিন দৃশ্যৰ মাজতে এদিন দেখিলোঁ, কণমানি ল’ৰাটোৰ হাতত এখন কিতাপ!মই আশ্চৰ্যচকিত হলোঁ৷ ল’ৰাটোৱে দেউতাকৰ চাইকেলৰ দৰে চলাই নিব পৰা ঠেলাখনত বহি কিতাপখন মেলি লৈছে আৰু তাৰ আলসুৱা মাতটোৰে দেউতাকক কিবাকিবি কথা সুধি গৈছে৷ পৃথিৱীখন নতুনকৈ দেখা ল’ৰাটোৰ মনত এই ফুকলীয়া বয়সত প্ৰতিটো বস্তুৰ প্ৰতি অপাৰ কৌতূহল৷ ল’ৰাটোলৈ হঠাতে অহেতুক মৰম এটা উথলি উঠিল মোৰ৷ তাক প্ৰতিদিনেই দূৰৈৰ পৰা এবাৰ নাচালেই নহয়৷ এদিন দেখিলোঁ চাইকেলৰ দৰে ঠেলাখনত দেউতাকৰ সৈতে ল’ৰাটো নাই৷ জাবৰ-জোথৰৰ দ’ম এটাৰ নিচেই কাষতে ৰৈ আছে তিনিচকীয়াখন৷ মানুহজন পথৰ দাঁতিত বস্তু বিচৰাত ব্যস্ত৷ মোৰ মনটো খালী খালী লাগিল, সদায় অহা ল’ৰাটো আজি কিয় নাহিল? নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি মই কাষ চাপি গ’লো তিনিচকীয়াখনৰ ফাললৈ৷ মোৰ আচৰণ মানুহজনৰ বাবে হয়তো অপ্ৰত্যাশিত আৰু অস্বাভাৱিক আছিল৷ সেয়ে ততাতৈয়াকৈ তেওঁ বাহনখনৰ ফালে আগবাঢ়ি আহিল৷ মই সুধিলোঁ – ল’ৰাটোক আজি নানিলা নেকি? তেওঁ ক’লে -“আনিছোঁ, শুই আছে, তাৰ গা ভাল নহয়৷” মই উশাহটো বন্ধ কৰি বাহনখনৰ বেৰি লোৱা অংশটোৰ ভিতৰ ফালে ডিঙি মেলি চালোঁ৷ বুটলি অনা জাবৰবোৰৰ কাষতে অতি মৰমলগা ল’ৰাটো শুই আছে৷ মই মানুহজনক সুধিলোঁ – “ইয়াক এনেকৈ সদায় লৈ আহা কিয়? “
তেওঁ ক’লে -“ঘৰত চোৱা মানুহ নাই৷ ”

ঃ “তাৰ মাক নাই নেকি? ”
– “আছে, তায়ো কামত ওলাই আহে৷ ”

মোৰ নিজৰ ল’ৰা দুটালৈ মনত পৰিল৷ অপৈনত বয়সত সহজেই অসুখ হয় বাবে সিহঁতক বৰ সাৱধানে ডাঙৰ কৰিছোঁ৷ বাহি খাদ্য খাবলৈ নিদিয়া, চাবোনেৰে হাত ধোৱা, পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থকা, চোকা ৰ’দ, ঠাণ্ডা বতাহ, কুঁৱলী, নিয়ৰৰ পৰা আঁতৰাই ৰখা আদি কত যে সাৱধানতা! ভাব হ’ল, পৰিষ্কাৰ-পৰিচ্ছন্নতা বিষয়টো কেৱল সচেতন আৰু সমৰ্থবান সকলৰ বাবেহে নেকি বাৰু? ল’ৰাটোৰ নিদ্ৰাৰত নিষ্পাপ মুখখন দেখি মোৰ মাতৃ হৃদয়ে হাহাঁকাৰ কৰি উঠিল৷ সি যে তাৰ প্ৰতিটো উশাহত বিষাক্ত বায়ু সেৱন কৰি আছে সেইকথা হয়তো দেউতাকেও নাজানে৷ মই আঁতৰি আহিলোঁ সেই ঠাইৰপৰা৷ অহাৰ আগতে দেউতাকক কৈ ল’ৰাটোৰ ফটো এখন উঠাই আনিলোঁ এই কথাখিনি লিখাৰ উদ্দেশ্যে৷ কণমানি ল’ৰাটো হিন্দু নে মুছলমান, বাংলাদেশী নে খিলঞ্জীয়া জানিবলৈ মোৰ মুঠেই মন নগ’ল৷ মোৰ দৃষ্টিত সি কেৱল এটি শিশু – কোমল, নিষ্পাপ৷ বুজিলোঁ “স্বচ্ছ-ভাৰত” অভিযানে দেশৰ সকলো শ্ৰেণীৰ লোককে ঢুকি পোৱা নাই৷ নিজৰ সন্তানটোৰ শৰীৰ-মনৰ স্বচ্ছতা অনুভৱ কৰিব নোৱাৰা এই মানুহজনে পথৰ দাঁতিৰ জাবৰ-জোথৰবোৰ বুটলি নিয়াত ঠাইখিনি পৰিষ্কাৰ হৈ পৰিল৷ ল’ৰাটোৰ মুখখন আৰু পিতৃ-মাতৃৰ অজ্ঞতাই আমনি কৰি থকা মন এটা লৈ মই আগুৱাই গ’লো মোৰ গন্তব্যস্থান অভিমুখে৷
চেতনাত কঢ়িয়াই আনিলোঁ স্বচ্ছতাৰ “আইৰণি!”


(২)
বাধ্যতামূলক প্ৰাথমিক শিক্ষা আৰু বিনামূলীয়া মধ্যাহ্ন-ভোজনে শিশুসকললৈ কিছু আশাৰ বতৰা কঢ়িয়াই অনাৰ মাজতে ৮ দিনীয়া লঘোণত থাকি ঝাৰখণ্ডৰ দৰিদ্ৰ শিশু সন্তোষী কুমাৰীয়ে মৃত্যুক আকোৱালি ল’লে৷ কাৰণ দুৰ্গা পূজাৰ বাবে সেই কেইদিন বিদ্যালয় বন্ধ হৈ আছিল৷ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ আই.ডি.ৰ মিল নথকাৰ বাবেই এমাহ ধৰি চাউল পোৱা নাছিল দৰিদ্ৰ পৰিয়ালটোৱে৷ ভোকৰ যন্ত্ৰণাত চটফটাই মৃত্যুক আকোঁৱালি লোৱা সন্তোষীৰ ছবিখনে মোক আজিও আমনি কৰে৷ জীৱনত কেতিয়াও দুসাঁজ ভাত খাবলৈ নোপোৱা শিশুৰ সংখ্যা আমাৰ দেশত কম নহয়৷ বিশ্বৰ ১১৯খন ভোকাতুৰ দেশৰ সমীক্ষাত ভাৰতৰ স্থান ১০০৷ খাদ্য সুৰক্ষা যোজনাই ঢুকি নোপোৱা শিশুৰ সংখ্যা আমাৰ দেশত বৰ নগণ্য নহয়৷ ভোকৰ অসহনীয় যন্ত্ৰণাত পৰি মানুহে মানুহৰ মঙহ ভক্ষণ কৰাৰ বহু কৰুণ কাহিনী আছে এইখন পৃথিৱীতে, যিবোৰ পঢ়িলে আমাৰ জীৱনৰ অৰ্থই সলনি হৈ যোৱা যেন অনুভৱ হয়৷ ছাইবেৰিয়াৰ কাৰাবাস, লেনিন গ্ৰাড, দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ বাৰ্গেন-বলচেন কেম্প আদিত জীয়াই থকাৰ তাড়নাত মানুহে ভক্ষণ কৰিছিল লগৰীয়া মানুহৰ গাৰ মঙহ৷ এনেকুৱা ঘটনা পৃথিবীজুৰি আৰু বহু ওলাব৷ উদৰ পূৰাই খাবলৈ পোৱা মানুহে ক্ষুধাৰ যন্ত্ৰণা অনুভৱ কৰিব নোৱাৰে৷ সন্তোষীৰ মৃত্যুৰ বাবে দোষী কোন, অসহায় পিতৃ-মাতৃৰ কৰুণ মুখ আৰু বঞ্চিত শিশুৰ জীৱনৰ দুখ – এইবোৰ যেন একোটা অনৰ্থক প্ৰশ্ন৷
নিঃসন্দেহে দৰিদ্ৰতা এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ অভিশাপ৷
(৩)
ঘৰৰ ওচৰৰ শাক-পাচলিৰ বজাৰখনলৈ কেতিয়াবা যাব লগা হয়৷ মই সাধাৰণতে বজাৰত বৃদ্ধ ব্যৱসায়ী দেখিলে সেইজন বিক্ৰেতাৰেই কাষ চাপি যাওঁ৷ মানুহজনৰ লগত এটি শিশু থাকে, সি প্ৰায় ১১ বছৰীয়া৷ মোক মহিলা দেখি বুঢ়া মানুহজনে পাচলিৰ বেগটো গাড়ীত দি আহিবলৈ ল’ৰাটোক পাচে৷ মই নালাগে বুলি ক’লেও মালিকৰ নিৰ্দেশত ল’ৰাটো আগবাঢ়ি আহে৷ এদিন তাক সুধিলোঁ – “কি নাম তোমাৰ? ”
-“ ৰাজকুমাৰ৷”
ঃ “স্কুললৈ গৈছিলানে?”
– “নাই যোৱা৷ মা নাই, পইচাৰ বাবে কামত সোমাইছোঁ৷ “
আমাৰ ডাঙৰ ল’ৰাটোৰ জন্মৰ পিছত তাৰ প্ৰতি আমাৰ আপদাল দেখি ভাৰাঘৰৰ মালিক আনন্দি কোচ খুৰাই তাক “ৰাজকুমাৰ” বুলি মাতিছিল৷ পাচলি বজাৰৰ ৰাজকুমাৰৰ বিষণ্ণ চকু দুটিলৈ মই চালোঁ; বয়সৰ কোনো চিকমিকনি তাৰ দুচকুত নাই৷ মোৰ হঠাতে মনত পৰি গ’ল, বহুদিন আগতে বাতৰি কাকতত দেখা উইলিয়াম-কেটৰ সৈতে উমলি জামলি খেলি থকা কণমানি ৰাজকুমাৰৰ আনন্দোচ্ছল মুখখনলৈ৷
হায়!
ক’ত সেই ৰাজকুমাৰ – ক’ত এই ৰাজকুমাৰ!
(৪)
এদিন গড়চুকৰ ডাঙৰ দৈনিক বজাৰখনৰ কাষত এক্ষন্তেক ৰৈছিলোঁ৷ সেই একেই ১১/১২ বছৰীয়া ল’ৰা এটাই দুহাতে দুটা ভৰ্ত্তি পানীৰ বাল্টি নাতিদূৰৈত থকা দমকল এটাৰ পৰা কঢ়িয়াই আনিছে৷ সি বজাৰৰ কাষতে থকা সৰু হোটেলখনত কাম কৰে৷ জন্মৰ পিছত শৰীৰৰ সম্পূৰ্ণ বিকাশ হ’বলৈ এটি শিশুক অন্ততঃ চৈধ্য বছৰ সময় লাগে৷ পঢ়া-শুনা, খেলা-ধূলা, পিতৃ-মাতৃৰ আদৰ যত্নৰ পৰা বঞ্চিত হোৱা এনে বহু শিশু দেশৰ কল-কাৰখানা, হোটেল অথবা কোনোবা মালিকৰ ব্যক্তিগত বন কৰা লগুৱা৷ আমাৰ দেশৰ একাংশ শিশুৰ কুমলীয়া জীৱনৰ এনে অৱস্থা চলি থকাৰ মাজতে দেশত অনুষ্ঠিত হয় ‘শিশু দিৱস’ৰ বহু চমকপ্ৰদ খেলা-ধূলা৷ চৈধ্য বছৰৰ তলৰ শিশুক শ্ৰমিক হিচাপে নিয়োগ কৰাটো আইন বিৰুদ্ধ কথা৷ ভাৰতবৰ্ষত শিশুশ্ৰম নিৰোধক আইন গৃহীত হোৱাৰ পিছতো দেশৰ হাজাৰ হাজাৰ শিশু শ্ৰমিকলৈ পৰিণত হৈছে৷ কিয়? আইনৰ আওতালৈ নোযোৱাকৈ আমি যদি কথাবোৰ ভাবি চাওঁ, এমুঠি ভাত, এখন ৰুটিৰ অভাৱত ভুগি থকা মানুহৰ বাবে আইন ডাঙৰ হ’ব পাৰেনে? আমাৰ দেশত দৰিদ্ৰ শিশুৰ বিকাশ, সুৰক্ষা আৰু উন্নয়নৰ ছবিখন বৰ পুতৌজনক৷ কন্যা শিশুৰ দুৰ্ভোগ অধিক দুঃখজনক৷ চৰকাৰৰ কোনো আঁচনিৰ সৈতে বহু দৰিদ্ৰ লোকে সম্বন্ধ গঢ়ি তুলিব নোৱাৰে৷ যাৰ ঘৰত দুবেলা দুমুঠিৰ চিন্তা, বাঢ়ি অহা বয়সৰ শিশুৰ পেটত ভোকৰ যন্ত্ৰণা, সেই শিশুৱে “স্কুললৈ গৈ কি কৰিবগৈ?” এইষাৰ কথা পাচলি বজাৰৰ বৃদ্ধ ব্যৱসায়ীজনে নিজকে নিজেই কোৱাৰ দৰে কৈছিল সিদিনা৷
১৪ নৱেম্বৰ দিনটো ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন৷ এই দিনটো “শিশু দিৱস” হিচাপে উদযাপিত হোৱাৰ মূল কথাটো হৈছে শিশু সম্পৰ্কে দেশৰ নাগৰিক আৰু চৰকাৰক সচেতন কৰি দিয়া৷ দেশত নিৰক্ষৰতা দূৰ নোহোৱা পৰ্যন্ত সজাগতা সহজ নহয়৷ অনাথ আশ্ৰমৰ শিশু, শৰণাৰ্থী শিবিৰৰ শিশুৰ বাবে অনুমোদিত ধনৰ কিমান শতাংশ তেওঁলোকৰ কল্যাণৰ হকে খৰচ কৰা হয় তাৰ বিতং খবৰ কোনোবাই জানেনে? কাৰোবাৰ নিৰ্লিপ্ততাই কাৰোবাৰ জীৱনলৈ চৰম বিপৰ্যয় কঢ়িয়াই আনে৷ দেশ এখনৰ উন্নয়ন কেৱল ডাঙৰ ডাঙৰ শ্বপিং মল, বৃহৎ উদ্যোগ আৰু বিৰতিবিহীন উৎসৱৰ মাজতে সীমাবদ্ধ নহয়৷ গণতান্ত্ৰিক দেশ এখনৰ অগ্ৰগতি বুলিলে মৌলিক অধিকাৰৰপৰা কোনো বঞ্চিত হৈ থাকিব নালাগে৷ তৎস্বত্বেও বছৰ বছৰ ধৰি আমাৰ দেশত চলি অহা শিশুৰ এই বিপজ্জনক অৱস্থাৰ এদিন অৱসান ঘটিবনে? এই দুৰ্ভগীয়া শিশুসকলৰ চাগৈ নিজৰো কত সৰু সৰু সপোন আছে! শৰীৰৰ ক্লান্তিত মুখৰ হাঁহি হেৰুৱাই পেলোৱা এই শিশুও জানো আমাৰ দেশৰে ভৱিষ্যত নহয়? আজি শিশু দিৱসৰ দিনা এইটোৱেই হব লাগে আমাৰ সকলোৰে প্ৰশ্ন – বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা আইনখন ৬ৰ পৰা ১৪ বছৰৰ সকলো শিশুৰ ক্ষেত্ৰতে প্ৰযোজ্য হৈছেনে?■■

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.