সংকল্প -মুনীন্দ্ৰ শৰ্মা

সংকল্প -মুনীন্দ্ৰ শৰ্মা

সংকল্প -মুনীন্দ্ৰ শৰ্মা

by November 17, 2017 0 comments

জ্ঞান দিব নাহিব বছ, নিজৰ কাম কৰি থাককগৈ৷

ৰঙা চাৰ্ট পিন্ধা ল’ৰাজনৰ কথাখিনিয়ে নিমিষতে পৰিবেশটো গোমা কৰি দিলে৷ বয়সস্থ মানুহজনে এক কাতৰ চাৱনিৰে সৰু ল’ৰাজনলৈ চাই লাহে লাহে আঁতৰি গ’ল৷ মই, আন মানুহবোৰ কেৱল নিৰ্বাক দৰ্শক হৈ ৰৈ গ’লোঁ৷

-আবে জ্ঞান দিব আহে চা৷ তাৰ বাপেকৰ পইচাৰে খাইছোঁ নিকি বে?

– বাদ দে না৷ চানা লওঁ নে বাদাম লওঁ?

– বাদাম ল৷ মুগৰ পেকেট দুটা ল৷

– দাদা মুগৰ পেকেট দুটা – এইটো পইচা৷

মই একো কৰিব লগা নহ’লেই৷ সিহঁতে পেকেট দুটা ছিঙি লৈ আঁতৰি গ’ল৷ ৰঙা চাৰ্ট আৰু ক’লা স্পৰ্টিঙৰ পিঠিকেইখন চাই চাই পইচাটো মই কেচত সুমুৱাই থ’লোঁ৷

মোৰ দৰে দোকান দি চলি থকা মানুহৰ বাবে এইবোৰ তেনেই সাধাৰণ কথা৷ প্ৰথমতে অন্তৰ্দ্বন্দত ভুগিছিলোঁ, সৰুতে গাঁৱত শিকা বহু কথা ইয়াত বৰ্জন কৰিব লগা হোৱা বাবে৷ কিন্তু লাহে লাহে বুজি পালোঁ, ব্যৱসায়ত তিষ্টিবলৈ হ’লে এৰা-ধৰা লাগিবই৷

নৱগ্ৰহৰ ওচৰত মোৰ সৰু এখন দোকান৷ পাণ-তামোল, ধূপ-ধুনা, বিস্কুট, পানীৰ বটল এইবোৰেই ৰাখোঁ৷ দৈনিক বেলেগ মনৰ বেলেগ ক্ষমতাৰ মানুহ আহে, কিবা কিনে কিবা কয়৷ মই পাৰোঁ মানে মিলিব চাওঁ৷ বেপাৰত বহু কামেই কৰিবলগীয়া হয়৷

মোৰ মানুহজনীয়ে গধূলি সময়ত টিউচন কৰে৷ এইট-নাইনৰ ল’ৰা-ছোৱালীক ইংৰাজী পঢ়ুৱায়৷ সেইবোৰ ল’ৰা-ছোৱালীয়ে আহি মোৰ ভাড়াঘৰতে পঢ়ে, কিন্তু মোক চিনি নাপায়৷ মই দেখা নিদিওঁ, দোকানতে থাকোঁ৷

সিহঁতৰ বয়সৰ ল’ৰাক মই চিগাৰেট নেবেচোঁ, কিন্তু মোৰ কাষৰ দোকানীজনে বেচে৷ মই চকু মুদি থাকোঁ৷ দুদিনমান কৈছিলোঁ তাক, নেবেচিবলৈ৷ ক’লে সমাজসেৱা কৰি বোলে তাৰ ঘৰ নচলে৷ এতিয়া কোৱা বাদ দিলোঁ৷ কিন্তু আজিৰ এই ঘটনাটোৱে মোক আকৌ জোকাৰি গ’ল৷ মোৰ সমুখতে এজন পিতৃতুল্য মানুহক দুজন চেঙেলীয়াই অপমান কৰি গ’ল অথচ আমি একো নামাতিলোঁ৷ ধিক্কাৰ!

ৰাতি দোকান সামৰি ঘৰ পালোঁহি৷ জহা ভোলৰ মহমহীয়া গোন্ধে পদূলিমুখৰ পৰাই আমোলমোলাই ৰাখিছে৷ গা পা ধুই ভাত খাব বহিছোঁ৷

– আজি মনটো বৰ বেয়া লাগিল হে৷

– কিয়?

– দুজন পিলিঙাই চিগাৰেট খাওঁতে মানুহ এজনে বুজালে, ওলোটাকৈ গালি দি থৈ গ’ল৷ ভাল লগা নাই৷ সমাজখনত বৰ বেয়া বেমাৰ লাগিছে৷

– অ, বেয়া কথা এইবোৰ৷ আমাৰ ঘৰৰ সন্মুখতে গধূলি সময়ত দুটা ল’ৰাক পাবলিকে পিটিলে৷ পুলিছ আহি উঠায়ো নিলে৷

– হা! কিয় ক’ত?

– এই মন্দিৰৰ পিচফালে মদ খাই জুৱা খেলি আছিল বোলে৷ চাৰিজন আছিল৷ দুজন পলাল দুজন ধৰা পৰিল৷ সৰু ল’ৰা৷

– তুমি দেখিলা নিকি?

-অ৷ হুলস্থূল লাগোতে টিউচনৰ ছাত্ৰৰ কিবা হোৱা বুলি ওলাই গৈছিলোঁ৷ পিচে নহয়৷ এজন ৰঙা চাৰ্ট পিন্ধা ল’ৰা আৰু এজন ক’লা স্পৰ্টিং পিন্ধা৷ মন্দিৰ কমিটিৰ পাপু, নিৰেনদাহঁতক চিনি পাইছোঁ৷ বাকী ঢেৰ মানুহ৷ চৰ-ঘোচা-লাথ চব মাৰিছে৷ পুলিছে উঠাই নিছে বোলে পিচত৷ শেৱালি বৌৱে ক’লে৷

– ৰঙা চাৰ্টৰটো খীণ আৰু ক’লাটো চাপৰ নেকি?

-অ৷ চিনি পাই নেকি সিহঁতক?

– হাহাহা নাপাওঁ নাপাওঁ৷ মক্কেল দুটাৰ কথা শুনি তেতিয়াই বুজি পাইছিলোঁ- চগাৰ পাখি গজে মৰিবলৈ৷ ভালে হ’ল দিয়া৷

….

মনটো ফৰকাল লাগি গ’ল৷ ক’ৰবাত নিজকে দোষী দোষী লাগি আছিল আবেলিৰ পৰা৷ যেন মোৰ মৌনতাৰ বাবেই এই বেমাৰ বাঢ়িছে তেনে লাগি আছিল৷ হয়, ঠিকেই৷ কিন্তু এতিয়াও চব শেষ হোৱা নাই৷ সমাজখনৰ এই বেমাৰবোৰ ভাল কৰিবলৈ কালিৰ পৰা ময়ো কিবা কৰিব লাগিব৷

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.