সম্পাদকীয় – আঘোণ, ১৯৩৯ শক (নবেম্বৰ, ২০১৭)

সম্পাদকীয় – আঘোণ, ১৯৩৯ শক (নবেম্বৰ, ২০১৭)

সম্পাদকীয় – আঘোণ, ১৯৩৯ শক (নবেম্বৰ, ২০১৭)

by November 17, 2017 0 comments

ভাৰতবৰ্ষ আজি বিশ্বৰ এখন বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ৷ জাতি আৰু গোষ্ঠীগত ভিন্নতাৰে সমৃদ্ধ হোৱা ভাৰতৰ দাঁতিকাষৰীয়া ৰাজ্য হিচাপে অসমখনেও একেই জাতি, জনজাতি, গোষ্ঠী, জনগোষ্ঠী, ভাষা-ভাষীৰ ভিন্নতা বহন কৰিছে৷ ইতিহাসে ঢুকি পোৱা দিন ধৰি অসমত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰব্ৰজনৰ ফলত গঢ়ি উঠিছে বৃহৎ অসমীয়া জাতি৷ এই অসমীয়া জাতিৰ মাজতেই প্ৰতিটো উপজাতি আৰু জনগোষ্ঠীয়ে নিজৰ নিজৰ স্বকীয়তা বজাই ৰাখি অসমখনক এক সুকীয়া মিলনভূমিৰ মৰ্য্যদা প্ৰদান কৰিছে৷ অসমৰ প্ৰতিটো জাতি, গোষ্ঠী, জনগোষ্ঠীয়ে বিভিন্ন চিন্তা আৰু কলা সংস্কৃতিৰ যোগেৰে নিজৰ নিজৰ অস্তিত্ব বজাই ৰাখিও আন সকলোবোৰৰ মাজত এক সমন্বয়ৰ ভাবধাৰা বজাই ৰাখিব সক্ষম হৈছে৷ এয়াই হৈছে অসমীয়াৰ বৈশিষ্ট্য্য আৰু আদৰ্শ৷ গোষ্ঠীগত বা জাতিগত নিজা নিজা সমস্যা থাকিলেও কিছুমান মৌলিক সমস্যাই এতিয়াও অসমক জুৰুলা কৰি আহিছে৷ ইয়াৰ ভিতৰত অন্যতম হ’ল স্বাস্থ্য বিষয়ক সমস্যাবোৰ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ সংজ্ঞা অনুসৰি মানুহ এজন সম্পূৰ্ণ দৈহিক, মানসিক আৰু সামাজিক ভাবে স্বাস্থ্যবান নোহোৱালৈকে সুস্বাস্থ্যৰ অধিকাৰী বুলি কব নোৱাৰি৷ তেনেস্থলত আমি সকলোৱে এক ৰুগ্ন অৱস্থাতেই জীৱন নিৰ্বাহ কৰি আহিছো৷ আচৰিত লাগিলেও কথাষাৰ সঁচা৷ স্বাস্থ্যৰ মূল্য কেৱল ৰুগীয়াইহে বুজি পায়৷ শাৰীৰিক আৰু মানসিক ভাবে অসুস্থ জাতি এটাই দেশ এখনক কোনোপধ্যেই আগুৱাই নিব নোৱাৰে৷ সেয়েহে ৰাষ্ট্ৰ এখনৰ প্ৰধান দায়িত্ব প্ৰজাৰ বাবে সুচিকিৎসা উপলব্ধ কৰোৱা৷ ভাৰতৰ বাৰ্ষিক বাজেটত স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰতৰ জনসংখ্যা অনুপাতে বিনিয়োগ বহু কম৷ সেয়ে চৰকাৰী চিকিৎসা ব্যৱস্থাই সকলোকে সাঙুৰি লব পৰা নাই৷ সেয়ে ঠায়ে ঠায়ে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় গঢ়ি উঠিছে৷ ভাৰতৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়ৰ যঅধীনত (ministry of statistics and program implementation) চলোৱা সমীক্ষা অনুসৰি (NSS report 2015) গাওঁ অঞ্চলত ৫৪% ৰোগীয়ে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি হয় আৰু চহৰ অঞ্চলত এই সংখ্যা ৬৮%৷ সমীক্ষাটোত এইটোৱো কোৱা হৈছে যে সৰ্ব্বসাধাৰণ ৰাইজৰ চৰকাৰী চিকিৎসা ব্যৱস্থাৰ ওপৰত আস্থা লাহে লাহে কমি আহিছে৷ ভাৰতৰ দৰে এখন দেশত য’ত আধা মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে তেনে ক্ষেত্ৰত দেশৰ স্বাস্থ্যব্যৱস্থাৰ বাবে এয়া শুভলক্ষণ নহয়৷

 বৰ্তমান অসমত চৰকাৰী চিকিৎসা মহাবিদ্যালয়কেইখন বাদ দিও জিলা চিকিৎসালয়ৰ সংখ্যা ২৬খন,  মহকুমা হস্পিটেল ১৪খন, সামূহিক স্বাস্থ্য কেন্দ্ৰ ১৬৪টা, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ১০০৯টা আৰু স্বাস্থ্য উপ-কেন্দ্ৰৰ সংখ্যা ৪৬২১টা৷ এই বিয়াগোম চিকিৎসা ব্যৱস্থাটো অসমৰ ৩.১ কোটি মানুহক চিকিৎসা দিয়াৰ বাবে যথেষ্ট৷  তথাপিও আজি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ ৰোগীয়ে চিকিৎসাৰ বাবে ঢাপলি মেলিছে৷  এই ক্ষেত্ৰত কিছুমান অভিযোগ সঘনাই আহে, যেনে চৰকাৰী খণ্ডত চিকিৎসকৰ ভীষণ অভাৱ, চিকিৎসক নাই, চিকিৎসাকৰ্মী সকলৰ উপযুক্ত প্ৰশিক্ষণৰ অভাৱ, ৰোগীৰ প্ৰতি অৱহেলা, ইত্যাদি ইত্যাদি৷ ৰাইজৰ এই অভিযোগবোৰ নস্যাৎ কৰিব পৰা বিধৰ নহয়৷ এতিয়া এনে লাগে ৰোগীৰ লগতে চিকিৎসকৰো চৰকাৰী চিকিৎসাখণ্ডৰ প্ৰতি অনীহা হৈছে৷ অলপতে পোৱা এক তথ্য অনুসৰি অসমত ৪২২৩টা চিকিৎসকৰ পদৰ ভিতৰত ১৩৮৫টা অনুমোদিত পদেই খালী হৈ আছে৷ এই পদসমূহ পুৰণৰ বাবে চৰকাৰে যথেষ্ট চেষ্টা কৰাৰ পাছতো চিকিৎসকসকলক চৰকাৰী চাকৰিৰ প্ৰতি প্ৰলোভিত কৰিব পৰা নাই৷ ইয়াৰ মুখ্য কাৰণ দৰমহা নহয়৷ মুখ্য কাৰণ হ’ল নীতিহীন চাকৰিৰ বদলিকৰণ প্ৰক্ৰিয়া (transfer rules)৷ বাকী সমস্যা যেনে আৱাসগৃহ, অশান্ত পৰিবেশ, যাতায়াত ব্যৱস্থা, বিজুলী, চিকিৎসাৰ সা-সুবিধা ইত্যাদি আছেই৷ চিকিৎসকৰ জোৰাটাপলি মাৰিবলৈ চৰকাৰে এখন এখনকৈ কেইবাখনো চিকিৎসা মহাবিদ্যালয় স্থাপন কৰি সৰ্বমুঠ ৬খন চিকিৎসা মহাবিদ্যালয় হ’ল যদিওঁ ইয়াতো শিক্ষকৰ অভাৱ পৰিলক্ষিত হৈছে৷ ইয়াৰ ফলত উন্নত মানদণ্ডৰ চিকিৎসক গঢ়াতো কঠিন হৈ পৰিছে৷ শুনামতে অলপতে বহু সংখ্যক চিকিৎসক শিক্ষকেও চৰকাৰী চাকৰি এৰি দিবলৈ লিখিতভাবে জনাইছে৷

ইয়াৰ উপৰিও স্বাস্থ্যখণ্ডত আন এক সমস্যাই দেখা দিছে৷ সেইটো হ’ল চৰকাৰে চিকিৎসকৰ অভাৱ পুৰণ কৰিবলৈ আয়ুৰ্বেদিক চিকিৎসকক নিয়োগ কৰিছে যদিও সমগ্ৰ চিকিৎসা ব্যৱস্থা এলোপেথিক পদ্ধতিৰ ওপৰত প্ৰতিষ্ঠিত৷ আয়ুৰ্বেদিক চিকিৎসাৰ ঔষধকে আদি কৰি আন আন আয়ুৰ্বেদিক সুবিধা সমূহ উপলব্ধ নকৰোৱাকৈ আয়ুৰ্বেদিক চিকিৎসকক নিয়োগ কৰাৰ ফলত এক খেলিমেলিৰ বাতাবৰণৰ সৃষ্টি হৈছে৷ বহু সময়ত আয়ুৰ্বেদিক চিকিৎসকে এলোপেথিক পদ্ধতিত চিকিৎসা কৰিবলগীয়া হোৱা বাবে চিকিৎসক আৰু ৰোগী উভয়েই অনিশ্চয়তাত ভুগিব লগা হৈছে৷

এই সমস্যাসমূহৰ সমাধানৰ বাবে তৃণমূল পৰ্য্যায়ৰ পৰা বিবেচনা কৰাৰ দৰকাৰ৷ কৰ্মৰত চিকিৎসক সকলৰ লগত বহি আলোচনাৰ জৰিয়তে তৃণমূল পৰ্য্যায়ৰ পৰা সমাধানৰ বাট উলিওৱাৰ অতি প্ৰয়োজন হৈ পৰিছে৷ আয়ুৰ্বেদিক চিকিৎসাৰ বাবে ঔষধকে আদি কৰি আন আন আয়ুৰ্বেদিক সুবিধা সমূহ প্ৰতিখন চিকিৎসালয়তে উপলব্ধ কৰোৱা উচিত যাতে আয়ুৰ্বেদিক চিকিৎসাই উচিত মৰ্য্যদা লাভ কৰে৷ চিকিৎসা মহাবিদ্যালয় কেইখনেই হ’ল একমাত্ৰ চিকিৎসক গঢ়াৰ অনুষ্ঠান৷ কিন্তু ৰোগীৰ হেঁচাঁত চিকিৎসা শিক্ষাত যতি পৰা পৰিলক্ষিত হৈছে৷ অতি সোনকালে চিকিৎসা মহাবিদ্যালয়কেইখনৰ “চিকিৎসা সেৱা“ আৰু “চিকিৎসা শিক্ষাক“ পৃথক কৰাটো প্ৰয়োজনীয় হৈ পৰিছে৷ ইয়াৰ বাবে পৰ্য্যাপ্ত পৰিমাণৰ মানব সম্পদ গঢ়ি তোলাটো অত্যন্ত জৰুৰী৷ জনসংখ্যাৰ ফালৰ পৰা ভাৰত হ’ল পৃথিৱীৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্ৰ৷ ভাৰততেই যদি মানৱ সম্পদৰ সমস্যাই দেখা দিয়ে তেন্তে ইয়াৰ নিচিনা হাস্যকৰ কথা আৰু কি হব পাৰে?  চিকিৎসা মহাবিদ্যালয় কেইখনৰ “চিকিৎসা শিক্ষা“ বিভাগটোৰ দায়িত্ব উপযুক্ত চিকিৎসক গঢ় দিয়াৰ লগতে সময়ে সময়ে সলনি হোৱা চিকিৎসা প্ৰণালীৰ বিষয়ে সকলো কৰ্মৰত চিকিৎসকক বিভিন্ন কৰ্মশালাৰ জৰিয়তে অৱগত কৰোৱা আৰু চিকিৎসা বিষয়ক গৱেষণামূলক নীতি সম্বন্ধে সচেতনতা বৃদ্ধি কৰোৱাৰ বাবে ব্যবস্থা হাতত লোৱা৷ ইয়াৰ উপৰিও চৰকাৰী চিকিৎসকে যাতে ব্যক্তিগত খণ্ডত কাম কৰিব নোৱাৰে তাৰ বাবে আইন প্ৰণয়ন কৰি হলেওঁ চৰকাৰী সেৱা সুনিশ্চিত কৰাৰ দৰকাৰ৷ প্ৰয়োজন বশতঃ চিকিৎসক সকলৰ চৰকাৰী সুবিধা আৰু বৃদ্ধি কৰি হলেও এই বিষয়ে কঠোৰ হোৱা উচিত৷ সময়ে সময়ে সমগ্ৰ চিকিৎসা ব্যৱস্থাৰ মূল্যায়ন হওক আৰু বিশদভাৱে আলোচনা কৰি উপযুক্ত সালসলনি হওক৷ সুস্বাস্থ্য প্ৰতিজন নাগৰিকৰ এটা অধিকাৰ৷ তাক নিশ্চিত কৰাৰ দায়িত্ব ৰাষ্ট্ৰৰ৷

আশাকৰো চৰকাৰে অতি শীঘ্ৰে সমস্যাবোৰৰ সমাধানৰ বাবে এক সুপৰিকল্পিত নীতি গ্ৰহণ কৰি স্বাস্থ্য খণ্ডৰ হেৰাই যাব ধৰা গৌৰৱ ঘূৰাই আনিব৷

(হিতেশ্বৰ শৰ্মা)

 সম্পাদক, সাহিত্য ডট অৰ্গ
আঘোণ, ১৯৩৯ শক (নবেম্বৰ, ২০১৭)

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.