অন্য এক পৃথিৱী (১৫) – মাধুৰীমা ঘৰফলীয়া

অন্য এক পৃথিৱী (১৫) – মাধুৰীমা ঘৰফলীয়া

অন্য এক পৃথিৱী (১৫) – মাধুৰীমা ঘৰফলীয়া

by December 17, 2017 0 comments

 পোন্ধৰমিনিট মান সময় সিহঁতে অৰ্হীক কেৱল চাই থাকিল৷ অৰ্হীয়ে সিহঁত কাকোৱে গুৰুত্ব নিদি ইফাল-সিফাল কৰি থাকিল৷ শেষত উৎকণ্ঠা দমাব নোৱাৰি মিমোৱে মাত লগালে

-কিবা বিপদ হৈছে নেকি অৰ্হীককাই?
মিমোৰ মুখত বান্দৰ এটাৰ প্ৰতি কৰা সম্বোধনটো শুনি পপীৰ মুখৰে ফিচিককৈ হাঁহি এটা ওলাই আহিল৷ অভিয়ে তাইৰ ফালে ঘোপাকৈ চোৱাত তাই হাঁহি সামৰি গহীন হৈ অৰ্হীৰ ফালে চালে৷
-সদায়ে হৈ থকা বিপদ বুজিছা৷ এই ৰজাটোৱে আমাৰ শান্তিকণ খাই পেলাইছে৷
-ৰজা?
-অ’ জুৰুকাৰ অত্যচাৰী ৰজাটো৷
-ৱাহ ইয়াত মানে ৰজাৰ শাসন চলে৷
-ঠিক ৰজাৰ বুলি ক’ব নোৱাৰি বুজিছা৷ ৰজা বুলি ক’লে প্ৰজাৰ সুখ দুখ বুজোৱাজনক বুজায়৷ কিন্তু আমাৰজনে আমাৰ সুখ-দুখ বুজাটো দূৰৈৰ কথা আমাক শান্তিৰে জীয়াই থাকিবলৈও নিদিয়ে৷ গতিকে সেইজন ৰজাতকৈ অসুৰ বুলিহে ক’বলৈ ভাল৷ অৱশ্যে এতিয়া তোমালোক আহিছা যেতিয়া আমি আশাৰ ৰেঙণি এটা দেখিবলৈ পাইছোঁ৷
-মানে?
-তোমালোকক কথাবোৰ এফালৰ পৰা ভালকৈ কওঁ ৰ’বা৷
অৰ্হীয়ে কথাষাৰ কৈয়ে শিল এটা আনি অভিহঁতৰ মুখামুখিকৈ বহি ল’লে৷ তাৰ পাছত গলহেকাৰি এটা মাৰি ডিঙিটো চাফা কৰি নিজৰ কথাৰ পেৰাটো মেলিলে৷
-জুৰুকাৰ ইতিহাস বুলিবলৈ আমি সিমানখিনিয়েই জানো যিমানখিনি আমাৰ যুগককাই তেওঁৰ ককাক, আজোককাকহঁতৰ পৰা শুনিছিল বা তেওঁলোকে তেওঁলোকৰ পূৰ্ব কাছসকলৰ পৰা শুনিছিল৷ শুনামতে জুৰুকাৰ আজিৰ এই পৰিৱৰ্তনখিনি এটা দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে হৈছে৷ আৰু এই পৰিক্ৰমাত সময়ে সময়ে পৃথিৱীৰ পৰা অহা মানুহে বহুত সহায় কৰিছে৷ জুৰুকাৰ ইতিহাসৰ মতে জুৰুকীসকলক এটা নিৰ্দিষ্ট ভাষাত কথা ক’বলৈ মানুহেই শিকাইছিল৷ লগতে এই ভাষাৰ শব্দটোৰ ভঁৰালটো বৃদ্ধি কৰাত সময়ে সময়ে অহা মানুহবোৰেই সহায় কৰিছিল৷ আমাক সংঘবদ্ধ কৰি জুৰুকী নামৰ এটা জাতিত লগ লগোৱা কামটো সেই মানুহবোৰেই কৰি গৈছিল৷ তেওঁলোকৰ বহুজনে বহুসময়ত বিশৃংখল হৈ পৰা জুৰুকাৰ শাসন ব্যৱস্থাক চিজিল কৰি অলপ দিন জুৰুকাৰ শাসনো চম্ভালি লৈছিল৷ কিন্তু দূৰ্ভাগ্যক্ৰমে তেওঁলোকৰ কোনো বংশধৰ নাছিল যিসকলে আমাৰ জুৰুকাৰ শাসনভাৰ চিৰদিন চলাই থাকিব পাৰিলেঁহেঁতেন৷ আমাৰ যুগককাৰ বয়স ১৮০ বছৰ৷ তেওঁৰ মতে একেবাৰে শেষৰ মানুহৰ দলটো আহিছিল আজিৰ পৰা ১৫০ বছৰৰ আগতে৷ তাৰ মানে সেই সময়ত এটা কাছ হিচাপে ককা একেবাৰে সৰু আছিল৷ যিদিনা তেওঁলোক আহিছিল সেইদিনা ককাই নিজৰ দেউতাকৰ সৈতে তেওঁলোকক চাবলৈ গৈছিল৷ সেইসময়ত জুৰুকাৰ শাসনভাৰ বতৰ্মানৰ ৰজাৰ বংশধৰৰ সকলৰ হাতত আছিল৷ সেই অসুৰসকলৰ অত্যাচাৰত জুৰুকীসকলৰ অৱস্থা এতিয়াতকৈ বেয়া আছিল৷ ককাই কোৱামতে সেই মানুহকেইজনে সকলো জুৰুকীকে একলগ কৰি পৰিকল্পিত ভাৱে অসুৰ ৰজাক বধ কৰে৷ আৰু তেওঁৰ বংশধৰৰ বহুতকে জুৰুকাৰ আওহতীয়া ঠাইলৈ খেদি পঠিয়ায়৷ তাৰ পাছত বহুদিন তেওঁলোকে নিজেই শাসনভাৰ চলায়৷ এটা সময়ত তেওঁলোকৰ বয়স হৈ অহাত জুৰুকীৰে সত ভালুক এজনক শাসনভাৰ গতাই দিয়ে৷
-ভালুকজন যদি সত আছিল তেন্তে এতিয়া কিয় এনে দুৰ্দশা হৈছে?
-তোমালোকে হয়তো পাহৰি গৈছা মই ১৫০ বছৰৰ আগৰ কথা কৈছোঁ৷ মানুহকেইজনে প্ৰায় চল্লিশ বছৰমান শান্তিপূৰ্ণভাৱে জুৰুকাত শাসন কৰিলে৷ সেইসময়তে নিয়ম বান্ধি দিয়া হ’ল যে কোনো জুৰুকীয়ে প্ৰয়োজনতকৈ বেছি খাদ্যৰ বাবে জীৱ-জন্তু বা গছ গছনি নষ্ট কৰিব নোৱাৰে৷ তদুপৰি মাংসাহাৰী জন্তুবোৰে নিজৰ এলেকাৰ জন্তুবোৰ চিকাৰ কৰিব নোৱাৰে৷ চিকাৰ কৰিবৰ বাবে বেলেগৰ এলেকালৈ যাব লাগিব৷ এই নিয়মৰ পৰিপন্থীজনক কঠোৰ শাস্তি বিহা হৈছিল৷ গতিকে ভয়তে কোনেও এই নিয়মবোৰ ভংগ কৰা নাছিল যাৰ বাবে সকলোৱে শান্তিৰে জীয়াই থাকিব পাৰিছিল৷ মানুহকেইজনৰ বয়স হোৱাত তেওঁলোকে নিজৰ উত্তৰাধিকাৰী হিচাপে সত আৰু বুদ্ধিমান ভালুক এজনক জুৰুকাৰ দায়িত্ব দিলে৷ সেই ভালুকজনেও নিজৰ দায়িত্ব খুব সুন্দৰকৈ পালন কৰিলে৷ তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ সন্তানসকলে একাদিক্ৰমে জুৰুকাৰ শাসন চলাই গ’ল৷ সকলোবোৰ ঠিকেই আছিল৷ আজিৰ পৰা ত্ৰিশ বছৰমানৰ আগতে যিজন ভালুকে শাসন চলাই আছিল তেওঁৰ মতিগতিবোৰ বৰ ভাল নাছিল৷ যাৰ বাবে জুৰুকাৰ নিয়মবোৰৰ মাজত শিথিলতা আহিল৷ লাহে লাহে চাৰিওফালে বিশৃংখলতাই দেখা দিলে৷ আওহতীয়া ঠাইত বাস কৰা পূৰ্বৰ অসুৰ ৰজাৰ বংশধৰ সিংহবোৰে যেন এইটোলৈকে বাট চাই আছিল৷ সিহঁতে এদিন অকস্মাতে ৰজাক আক্ৰমণ কৰে আৰু ৰজাক বধ কৰি জুৰুকাৰ সিংহাসন নিজৰ হাতলৈ নিয়ে৷
-আপোনালোকে আগৰ দৰে একেলগ হৈ তেওঁলোকক খেদি পঠাব পাৰিলেহেঁতেনচোন?
-পাৰিলোঁহেঁতেন৷ তাৰবাবে চেষ্টাও কৰিছিল৷ এই যে যুগককাক দেখিছা, তেওঁৰ বংশধৰ সকলে এই বিষয়ত সকলোতকৈ বেছি আগভাগ লৈছিল৷ যুগককাৰ দৰে বয়সীয়াসকলে আগৰ কথাবোৰ কৈ জীৱ জন্তবোৰক একগোট কৰিবলৈ চেষ্টা কৰিছিল৷ কিন্তু ৰজাৰ কাণত জানো কেনেকৈ কথাবোৰ পৰিল সিহঁতৰ গোটেই বংশধৰ সকলে সৈন্য সামান্ত লৈ যুগককাৰ বংশধৰৰ প্ৰায় বহুতকে বধ কৰিলে৷ কিছুমানে কোনোমতে জীৱনটো বচাই কোনোবা দূৰলৈ পলাই গ’ল আৰু যুগককা আৰু তেওঁৰ নাতিটোক আমি এই কোঠাটোতে লুকুৱাই বচালোঁ৷ তাৰপাছৰে পৰা কোনেও ৰজাৰ বিৰুদ্ধে যাবলৈ সাহস কৰা নাই৷
-তেন্তে এতিয়া?
-এতিয়া আমাৰ সকলো ভৰসা তোমালোকৰ ওপৰত!
-আমাৰ ওপৰত!
-অ’ তোমালোকৰ ওপৰত৷
-আমি কি কৰিম?
-তোমালোকে কি কৰিব লাগিব সেইয়া টুপু শহা আৰু যুগককাই ক’ব৷
অৰ্হীয়ে আৰু কিবা কম বুলি ভাবিছিল যদিও পানীৰ পৰা ৰিং ওলাই অহাত মনে মনে থাকিল৷
– অৰ্হী খুৰা, ককাই টুপুখুৰাক বিচাৰিছে৷
ৰিঙৰ কথা শুনি অৰ্হী লৰালৰিকৈ ওলাই গ’ল৷ কথাষাৰ কৈ ৰিঙো পানীৰ মাজত সোমালগৈ৷ ভয়ত শুকাই যোৱা মুখেৰে পপীহঁতে মাথোঁ ইটোৱে সিটোলৈ চাই থাকিল৷
-এতিয়া কি হ’ব অভী?
বৰুৱাই চিন্তিত মুখেৰে অভীলৈ চাই সুধিলে৷
-নাজানো খুৰা, এই জন্তুবোৰৰ ব্যৱহাৰৰ পৰা সিহঁতি আমাৰ একো ক্ষতি নকৰে যেন লাগিছে৷ কিন্তু আমি যদি সিহঁতে বিচৰাৰ দৰে সিহঁতৰ ৰজাক খেদিব নোৱোৰোঁ তেতিয়া হয়তো আমাৰ ওপৰত ৰুষ্ট হ’ব পাৰে৷
-কিন্তু যিটো কাম এখন অৰণ্যৰ সকলো জীৱ-জন্তুৱে লগ লাগি কৰিব পৰা নাই সেইটো কাম আমি কেনেকৈ কৰিম? তাতোতকৈ সহজ কাম হ’ব পুনৰ ৱৰ্ম হল বিচাৰি ইয়াৰ পৰা পলাই যোৱা৷
পপীয়ে ফুচফুচাই কোৱা কথাখিনি শুনি অভীয়ে হাঁহিলে৷
-পপী তই যে কি ভাবি থাক আৰু … পুনৰ কিবা বিপদত পৰোঁ বুলি আমি ৱৰ্ম হলৰ যাত্ৰাৰ বাবে প্ৰয়োজনীয় যন্ত্ৰ পাতিবোৰ লৈ আনিব পাৰোঁ কিন্তু জুৰুকাৰ ক’ত, কেতিয়া ৱৰ্ম হলৰ সৃষ্টি হয় এই কথাটো ইমান সহজ নহয়৷ তাৰবাবে হয় আমি ইয়াৰ পৰা ওলাই গৈ জুৰুকাত ঘূৰি ঘূৰি গৱেষণা কৰিব লাগিব নহয় ইয়াৰ কাৰোবাৰ পৰা সেইবিষয়ে জানিব লাগিব৷ যিটো প্ৰায় অসম্ভৱ৷ আমাক যে ইয়াৰ পৰা ওলাই যাবলৈ দিবলৈ তাৰ আশা একেবাৰে ক্ষীণ, লগতে কেনেবাকৈ ওলাই গলেও ইয়াৰ ৰজাৰ কৱলত পৰিলে জীৱন শেষ! দ্বিতীয়তে, জীৱ-জন্তুবোৰে ৱম হলৰ বিষয়ে কিবা জানে বুলি ভাবিবই নোৱাৰিচোন!
-কিন্তু আমি ৱৰ্ম হলৰ বিষয়ে জানো৷
অভীৰ কথাৰ মাজতে ৰিঙে মাত লগালে৷ ৰিঙনো কেতিয়া পানীৰ পৰা ওলাই আহি সিহঁতৰ কথা শুনি আছিল সিহঁতি ক’বই নোৱাৰিলে৷
-তোমালোকে ৱৰ্ম হলৰ বিষয়েও জানা?
-ও জানো৷ আমাৰ জুৰুকাত প্ৰতি দুবছৰৰ মূৰে মূৰে কিছুমান ঠাইত ৱৰ্ম হলৰ সৃষ্টি হয়৷
-দুবছৰৰ মূৰে মূৰে! কিন্তু তোমালোকে এই বিষয়ে কেনেকৈ জানা?
-আমাৰ জুৰুকালৈ অহা তোমালোকৰ দৰে মানুহেই এইবিষয়ে প্ৰথমে গৱেষণা কৰিছিল৷ লাহে লাহে আমাৰ কিছুমান বুদ্ধিমান জীৱ-জন্তুৱেও এই গৱেষণাত ভাগ লয়৷ আৰু এটা সময়ত নিশ্চিত হল যে জুৰুকাৰ কেইখনমান ঠাইত দুবছৰৰ মূৰে মূৰে ৱৰ্ম হলৰ সৃষ্টি হয়৷ তেনেকুৱা এটা ৱৰ্ম হলৰ পৰাই তোমালোক জুৰুকাত সোমালাহি৷
-তেন্তে আমি ইচ্ছা কৰিলে আৰু আপোনালোকে সহায় কৰিলে ইয়াৰ পৰা উভতি যাব পাৰিম?
অভিয়ে ভয়ে ভয়ে সুধিলে৷
তাৰ কথা শুনি ৰিঙে মূৰটো চলঙৰ ভিতৰত সুমুৱাই থলে৷ অভীহঁতৰ এনে লাগিল সি যেন হাঁহিছে৷ অলপ সময়ৰ পাছতে সি মূৰটো উলিয়াই অভিহঁতলৈ চালে৷
-তোমালোকক উভতি যোৱাত আমি সহায় কৰিম৷ কিন্তু বিনিময়ত তোমালোকেও আমাক সহায় কৰিব লাগিব৷ আমাৰ জুৰুকাক এই বিপদৰ পৰা উদ্ধাৰ কৰিব লাগিব৷
-কিন্তু কেনেকৈ?
-কেনেকৈ সেইয়া তোমালোকেহে জানা৷ মুঠতে তোমালোকে আমাক সহায় কৰা আৰু আমি তোমালোকক সহায় কৰিম৷
ৰিং পুনৰ পানীলৈ সোমাই গ’ল আৰু অভিহঁত শিল পৰা কপৌৰ দৰে থৰ হৈ থাকিল৷
(আগলৈ)

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.