অভিনয় –  ফৰিদ আহমেদ

অভিনয় –  ফৰিদ আহমেদ

অভিনয় –  ফৰিদ আহমেদ

by December 17, 2017 0 comments

 অপেক্ষা কৰি কৰি নিশা এঘাৰ বজাত যেতিয়া বেজী দিয়া ল’ৰাজনৰ মোবাইল অফ পোৱা গ’ল, অনুপমৰ বুজিবলৈ বাকী নেথাকিল যে – আজি মাকে গোটেই ৰাতি অসন্তুষ্ট মনৰে অনিদ্ৰাত পাৰ কৰিব৷ মাকৰ বিশ বছৰীয়া এই দীৰ্ঘ চিকিৎসাৰ কালছোৱাত সি ইতিমধ্যেই বহু কথা বুজি উঠিছে৷

প্ৰকৃততে মাকক বেজী এটা দিয়াটো এটা আভুৱা মাত্ৰ৷ তীব্ৰ হতাশা-দুখ আৰু কেতিয়াবা ক্ষোভত ভাগি পৰে সি৷ নিজ জন্মদাতৃ মাতৃ, যাৰ খুচি আৰু মনৰ শান্তিৰ লগত, তাৰ নিজৰো মানসিক শান্তিবোৰ একাত্ম হৈ পৰিছে, সেই মাকৰ লগত কৰিব লগা হোৱা এনে প্ৰতাৰণাই (?) তাক কেতিয়াবা জোকাৰি যায়৷ আচলতে যোৱা তিনিমাহ মানৰপৰাই এই প্ৰক্ৰিয়াটো চলি আহিছে৷ বছৰ বছৰ ধৰি বেমাৰে কোঙা কৰি অনা অনুপমৰ মাকে কেতিয়াবা কৰো বুলিয়েই অশান্তি কৰে, চিকিৎসকৰ কোনো পৰীক্ষাতে ধৰা নপৰা এটা পেটৰ বিষ অনুভৱ কৰি শিশুৰ দৰে আচৰণ কৰে, কেঁকাবলৈ আৰম্ভ কৰে৷ কিন্তু দীৰ্ঘদিন ধৰি বেজি-চেলাইন দি অহা নৰেনে কেৱল ডিষ্টিল ৱাটাৰ 5ml ইনজেক্ট কৰি দিয়াৰ ক্ষন্তেক পাছতে অনুপমৰ মাক সুস্থ হৈ পৰে৷
চাৰে এঘাৰ বাজিল৷ কি কৰিব এতিয়া?
সবিতাৰ মাতত অনুপমৰ সম্বিত ঘূৰি আহিল৷ দৰাচলতে সিনো এতিয়া কি কৰিব তাকেই ভাবি আছিল৷ জীৱন-জীৱিকাৰ তাড়নাত দিনটো দৌৰা-দৌৰি কৰা অনুপমৰ পিছনিশা হলেও অলপ নিদ্ৰাৰ প্ৰয়োজন৷ দিনটো শাহুৱেকৰ লগত লাগি থাকি সবিতাও ক্লান্ত হৈ পৰে৷ অথচ দিনটোৰ সকলো যাতনা সামৰি মাক নিদ্ৰাত ঢলি নপৰাকৈ সি শোৱাপাটীত পৰাটো তাৰবাবে বহুবছৰৰ পৰা এক অলীক কল্পনা মাথোঁ৷
শেতেলীত পৰি থকা মাকৰ বেদনাসিক্ত মূখখনলৈ চাই অনুপমে হঠাৎ এটা সিদ্ধান্ত লৈ পেলালে৷
“ মই আন কৰোবাক পাওঁ নেকি বিছাৰি যাওঁ, তুমি মা’ৰ কাষত থাকা “
সাধাৰণতে হেলমেট নিপিন্ধা অনুপমে সিদিনা কাণে-মূৰে মাফলাৰ মেৰিয়াই ফুলমাস্ক হেলমেটটো পিন্ধি ওলাই গ’ল৷ অনুপমৰ আচহুৱা আচৰণ দেখি সবিতাই কিবা ক’ব খুজিও অনুপমৰ ইঙ্গিতত ৰৈ গ’ল, সি কেৱল হাতৰে মবাইলটোলৈ দেখালে৷ ক্ষন্তেক পাছত ৰিং হোৱা মবাইলটোত অনুপমৰ দৃঢতা ভৰা অথচ কোমল কণ্ঠস্বৰ ভাহি আহিল – “ মা’ৰে শপত, প্লিজ তুমিও অভিনয় কৰিবা, মা’ক সিকাতিকৈ শোৱাই ৰাখা “
কেইমিনিট মানৰ পাছত চিনিব নোৱাৰা বেশ-ভূষাৰে অনুপমে নিজেই মাকক কপি উঠা হাতৰে 5 ml ডিষ্টিল ৱাটাৰ ইনজেক্ট কৰিলে৷ আন দিনবোৰৰ দৰে অনুপমৰ সৰু সৰু নিৰ্দোষ ধেমালিবোৰত খিল-খিলাই উঠা সবিতাই কেৱল এক অদ্ভুত চাৱনিৰে অনুপমলৈ চাই ৰ’ল৷
মাকক শোৱাই অনুপম ধীৰে ধীৰে নিজৰ কোঠালৈ আহি অলসভাৱে বহি পৰিল৷ সবিতাই লাহে লাহে খুলি দিয়া ফুলমাস্ক হেলমেটটোৰ ভিতৰখন অনুপমৰ দুখবোধৰ চকুলো, হতাশা আৰু মাকৰ নিদ্ৰাসুখৰ সুখবোধৰে একাকাৰ হৈ আছিল৷

☆★☆

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.