আহক তিনিটা দশক পিচুৱাই যাওঁ- চিৰঞ্জীৱ গগৈ

আহক তিনিটা দশক পিচুৱাই যাওঁ- চিৰঞ্জীৱ গগৈ

আহক তিনিটা দশক পিচুৱাই যাওঁ- চিৰঞ্জীৱ গগৈ

by December 17, 2017 0 comments

 আজিকালি সকলোৰে দখলত একোখনকৈ দুচকীয়া বা চাৰিচকীয়া আছেই৷ সেইসময়ত নাছিল৷ তাৰ বিপৰীতে আছিল চাইকেল৷ হয় দিয়ক চাইকেল৷ “ হাম্বাৰ”, “বি এচ এ”, “ ৰেলী” বা আজিও খুব জনপ্ৰিয় এটা নাম “হিৰো”৷ এই চাইকেলবোৰেই আছিল সেইসময়ৰ সাধাৰণ জনৰ ব্যক্তিগত পৰিবহণৰ মাধ্যম৷ আপুনি আপোনাৰ মা বা দেউতাৰ ফালৰ বংশটো এবাৰ ফঁহিয়াই চাওকচোন! এজন হ’লেও ওলাব, যিজনে তেওঁৰ ভালপোৱাগৰাকীক চাইকেলৰ কেৰিয়াৰখনত উঠায়েই পলুৱাই লৈ আহিছিল৷ না তেওঁলোকৰ বিবাহৰ প্ৰমাণ পত্ৰ আছে না যৌতুকৰ বাবে কেতিয়াবা তেওঁলোকৰ মাজত কেতিয়াবা কাজিয়া হৈছে৷ আজিও সুখেৰে চলি আছে তেওঁলোকৰ সংসাৰ৷ পলাই অহাৰ সময়ত অৱশ্যে তেওঁ এটা টিনৰ বাকচ লগত লৈ আহিছিল৷ কিন্তু তাত কি আছিল বা কি নাছিল সেইয়া তেওঁহে জানিব৷ বাকচটো কিন্তু আজিও আছে তেওঁলোকৰ ঘৰত৷ সেইটোৱেই হৈছে তেওঁলোকৰ প্ৰেমৰ একমাত্ৰ সাক্ষী৷ আজিকালি দেখোন তিনিগাড়ীকৈ যৌতুক অনা ন কইনাজনীয়েও শহুৰেকৰ ঘৰত লাঞ্ছনা সহিবলগীয়া হয়৷

আকৌ মনত পেলাওকচোন৷ আপুনি সৰু হৈ থাকোঁতে মামাই আপোনাক তেওঁৰ চাইকেল খনত আগফালে এটা গাৰু গামোচা এখনেৰে টানকৈ বান্ধি তাত বহুৱাই লৈ গৰম বন্ধত আইতাৰ ঘৰলৈ লৈ গৈছিল৷ চেণ্ড গ্ৰেভেল দিয়া তেৰ কিলোমিটাৰ পথটোত চাইকেলত গৈ আপুনি কিন্তু অলপো কষ্ট পোৱা নাছিল৷ ৰাষ্টাত মামাই তেওঁৰ মৰমৰ ভাগিনীয়েক দুটা কমলা ৰঙৰ টেঙা মৰ্টন কিনি দিছিল৷ সোৱাদ আছিল অমৃতহেন৷ পাহৰিব পাৰিছেনে বাৰু আপুনি সেইবোৰ দিন? নিশ্চয় নাইপৰা৷

আপোনাৰ দেউতাই চোন টংলাৰ পৰা মঙলদৈলৈকে চাইকেল চলাই গৈয়ে চাকৰি কৰিছিলগৈ৷ সন্ধিয়া ঘূৰি আহি আয়ে যতনাই দিয়া হাতীখুজীয়া বাতিটোত একবাতি ৰঙা চাহ খাই চোতালত মৰণা মাৰিছিল৷ তেওঁৰ ভাগৰ নাছিল নেকি বাৰু? আপোনাৰ দদাইদেউজন যে৷ তেওঁৰ ছয়বছৰীয়া ল’ৰাটো যোৰহাট চিভিল হাস্পতালত জহনী হৈ ঢুকাইছিল৷ টকা পইচাৰ অভাৱী মানুহজনে পুতেকৰ শটো কান্ধত তুলি লৈ চিপচিপিয়া বৰষুণৰ মাজত চাইকেল চলাই আহি নিশা এঘাৰ বজাত ঘৰ ওলোৱাহি নাছিল?

দেউতা কামৰ পৰা অহাৰ পিছত আবেলি তেওঁৰ চাইকেলখন লৈ ৰাষ্টাত লফিয়াই লফিয়াই এপাক চলাই নহালৈকে আপোনাৰ পেটৰ ভাত হজম হোৱা নাছিল৷ বাটত আপোনালোকৰ বিদ্যালয়ৰ হৰ মাষ্টৰক দেখা পাই আপুনি চাইকেলখনৰ পৰা নামি দি তেওঁক এটা ওলগ জনাইছিল৷ আজিকালিৰ মাষ্টৰে KTM চলোৱা ছাত্ৰ (? ) ৰ পৰা এইখিনি সন্মান নাপায়৷

দীপক, যোগেন আৰু আপুনি তিনিওটা এখন চাইকেলত উঠি ছয় মাইল আঁতৰৰ “ৰাইনো” হ’লত গৈ “ভাৱী” চিনেমাখন চাইছিলগৈ৷ ঘূৰি আহোঁতে ফৰিং ফুটা জোনাকত আপোনালোক তিনিও ৰাগ টানিছিল, “চান্দী কি চাইকল, সোণে কি চিট!”

সলনাসলনিকৈ চাইকেলখন চলাই আহি ৰাতি ন বজাত ঘৰ পোৱাৰ পিছত দেউতাই আপোনালোকৰ পিঠিত ঔ কিল পাৰিছিল৷

আপোনাৰ চাকৰিৰ কলিং লেটাৰখন গাঁৱৰ ভোদাই পিয়নে চাইকেলখন চলাই আহিয়ে দি গৈছিলহি৷ তেইছ বছৰ আগত সেইদিনা দুপৰীয়া ভদাই আহি আপোনালোকৰ চোতালত টিলিঙা বজাইছিলহি, “ডাঙৰ পোনা আহচোন তোৰ চিঠি আছে৷” টিলিঙাটোৰ সেই শব্দ আজিও কেতিয়াবা নিজম নিশা আপোনাৰ বুকুত বাজি উঠে৷

আজিকালি চাইকেল কমিল৷ বাতৰি কাকত বিলোৱা হকাৰ কেইজনেও বাইক ব্যৱহাৰ কৰে৷ কিন্ত ৰাতিপুৱা গাঁৱৰ পৰা চহৰত দিন হাজিৰা কৰিবলৈ ওলাই অহা মানুহকেইজনে পিচে চাইকেলেই ব্যৱহাৰ কৰে৷ আলিচিঙা, ধেনুভাঙা বা কৰঙা ছোৱালী উচ্চতৰ বিদ্যালয়ৰ যৌৱনমতী হঁতেও LADY BIRD লৈ অহাযোৱা কৰে৷ তেওঁলোকৰ ফালে কেতিয়াবা আপুনি চাই পাইছেনে? পাৰিলে চাব কেতিয়াবা৷ ভাল লাগে৷

আজি আপোনাৰ ওচৰত চাইকেল নাই৷ চাইকেল এৰা আপোনাৰ প্ৰায় কুৰি বছৰেই হ’ল৷ এতিয়া আপুনি চাইকেল নচলায়৷ চিয়াজ ( CIAZ ) চলায়৷ মাৰুতিৰ বাৰলাখটকীয়া গাড়ী৷ কিন্তু বুকুত আপোনাৰ অতীতৰ চাইকেল এতিয়াও জীয়াই আছে৷ সেয়েহে, সিদিনা আপুনি ডেইলী বজাৰত আপোনাৰ গাড়ীখনৰ পিছফালে কোনোবাই যে খুন্দিয়াই দিছিল! আপুনি খঙৰে “ কোন বে তই মাদৰ XX “ বুলি নামি আহি দেখা পালে যে এজন চাইকেল আৰোহী৷ আপোনাৰ খঙ লগে লগে কমি আহিল৷ এটা কৃত্ৰিম ডেমাকি দেখুৱাই আপুনি মাত্ৰ ক’লে, “দেখা নোপোৱা নেকি হে ?” চাইকেল নহৈ যদি সেইখন এখন গাড়ী বা বাইক হ’ল হয়! তেন্তে এখন বিশ্বযুদ্ধৰেই সৃষ্টিৰ কৰিলেহেঁতেন আপুনি৷

হয় দিয়ক, আমাৰ প্ৰত্যেকজন মানুহৰ মনতেই একোখনকৈ চাইকেল সোমাই আছে৷ আৰু থাকিবও৷ কাৰণ অতীত কোনেও পাহৰিব নোৱাৰে৷

আপোনাৰ আইপড, পেনড্ৰাইভ বা মেমৰি কাৰ্ডত হাজাৰ হাজাৰ গীত সোমাই থাকিব পাৰে৷ কিন্তু আপোন পাহৰা হৈ কেতিয়াবা আপুনি হিয়া উদঙাই এটা গীতেই গায়- – – –
“মন হীৰা দৈ – – – – – -!”

☆★☆

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.