গোহাঁই কথা –  ৰূপজ্যোতি নাথ

গোহাঁই কথা –  ৰূপজ্যোতি নাথ

গোহাঁই কথা –  ৰূপজ্যোতি নাথ

by December 17, 2017 0 comments

 ( দুই)

ইতিমধ্যে গোহাঁই গাঁৱৰ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠাৰ লগতে এক অতিকে প্ৰয়োজনীয় ব্যক্তিলৈ ৰূপান্তৰিত হৈ পৰিছে৷ তাৰ সৰল মনটো আৰু আনক সহায় কৰাৰ যি অত্যুৎসাহী মনোভাৱ তাক দেখি সকলো আশ্চৰ্যচকিত আৰু সন্মোহিত হৈ পৰে৷ গাঁৱৰ কাৰোবাৰ কিবা আপদ-বিপদ হওক, কোনোবা আহক বা নাহক গোহাঁই প্ৰথমে উপস্থিত হ’বই৷ গোহাঁইৰ মনটো যিমান কোমল পিছে তাৰ মাতটো তাৰ সম্পূৰ্ণ ওলোটা৷ ৰাতি পোহৰ হোৱাৰ লগে লগেই শেতেলী এৰা গোহাঁই যেতিয়া দমকলৰ পাৰত গৈ মুখ ধোৱাৰ পৰত যিকেইটা কাহ আৰু গলখেকাৰি মাৰে, ৰাতিপুৱা বিছনাত পৰি উম লৈ থকা চুবু্ৰীৰ সকলো সাৰ পাবলৈ সেয়াই যথেষ্ট৷ কিযে এক গলগলীয়া কণ্ঠ! গুজৱ আছে যে এবাৰ গোহাঁইৰ পানী লগা জ্বৰ হোৱাৰ সময়ত দোভাগ ৰাতি যিকেইটা হাঁচি মাৰিছিল তাৰ শব্দত চুবুৰীৰ সিটো মূৰৰ এঘৰৰ পানী-কেঁচুৱা এটাৰ ঘনে ঘনে উচপ্ খাই মৰিব লগাই হৈছিল৷ আচলতে গৃহস্থই কেঁচুৱাক ভূতে পোৱা বুলি ভাবি পিছদিনা বেজ মাতি বিহলঙনীৰ পাতেৰে কোবাই কোবাই মৰিবলগাই কৰিছিল৷ ভাগ্যে যেনিবা গোহাঁই হওক আকৌ তাতেই উপস্থিত৷ এফালে গোহাঁইৰ ঘন ঘন হাঁচি আনফালে কেঁচুৱাৰ সঘন উচপ্৷ চকুৰ সন্মুখত যেন সাইলাখ ভূতৰহে আবিৰ্ভাৱ! ভাগ্য ভাল আছিল সেইদিনা গোহাঁইৰ, নহলে ডাইনীৰ সন্দেহত হত্যাৰ বলি হোৱাটো একপ্ৰকাৰ খাটাং আছিল৷ এইহেন কণ্ঠৰ অধিকাৰী গোহাঁই যেতিয়া কাৰোবাৰ ঘৰত বিপদৰ পৰত ইচ্ -আচ্ কৰেগৈ চুবুৰী কিয় গাঁৱৰ আধা মানুহ তাত উপস্থিত হোৱাটো খাটাং৷ বিয়া-সৱাহ বা অন্য উৎসৱ-পাৰ্বনতটো গোহাঁইৰ কথাই বেলেগ৷ সেইফালে গৃহস্থৰ মানুহ শুই উঠক বা নুঠক গোহাঁই চোতালত হাজিৰ হ’বই৷ নিজৰ ভাগৰ কামফেৰা কৰি উঠিহে গৃহস্থক মাত দিব৷ কলপুলি কাটি গোঁসাই ভেটি বন্ধাৰ পৰা একেবাৰে গোমূত্ৰ সংগ্ৰহ কৰালৈ একোৱেই বাদ নপৰে৷ উৎসৱৰ ভিন্নতা অনুসৰি গোহাঁইৰ কামৰো হিচাপ বেলেগ বেলেগ হয়, যিবোৰ হয়টো গৃহস্থই নিজেই নাজানে৷ এইহেন গোহাঁইক কোনে বাৰু বেয়া পায়!

পিছে যিটো কামৰ বাবে গোহাঁই ৰাইজৰ মাজত হিৰো হৈ পৰিছিল সেইটো কাম একপ্ৰকাৰ গাঁওবাসীৰ বাবে অসম্ভৱেই আছিল৷ গোহাঁই মোৰ আগত এদিন কৈছিল তাৰ অনন্য কথন ভঙ্গিমাৰে সেই সোণসেৰীয়া কাহিনী৷ ওঁঠত চিৰপৰিচিত মিচিকিয়া হাঁহিটো লৈ হাতৰ তলুৱাত চাধা অলপ মোহাৰি মোহাৰি গোহাঁই আৰম্ভ কৰিছিল-

চা ভাই, আমি গাঁৱৰ বোকাপানী গচকি ডাঙৰ হোৱা মানুহ৷ হওঁতে গাঁও এৰি সৰুতে গুচি যাব পাৰোঁ, কিন্তু হলেও পুনৰ গাঁৱৰ ঘৰলৈয়ে ঘূৰি আহিলোঁ৷ পিছে গাঁৱত বহু পকী ঘৰ হ’ল, গাড়ী- মটৰ হ’ল, মাত্ৰ ৰাস্তাটোহে নহ’ল৷ বাৰিষা চাইকেল-মটৰ চলাই যোৱাটো দূৰৰ কথা খোজকাঢ়ি যোৱাও জটিল হৈ পৰে৷ মন্ত্ৰী এম.এল.এ ৰ পিছত দৌৰি কিমানে যে টকা পানী নকৰিলে৷ পিছে কিডাল কৰিলে? তইটো দেখা পাইছাই ৰাস্তাৰ কি অৱস্থা হয়৷ পিছে এতিয়া চা কিদৰে গাড়ী-মটৰ ভোঁ-ভোঁৱাই চলি আছে৷ কাৰ বাবে হ’ল, কোনে কৰিলে? এই অমুকাই—- নিজৰ হাতৰ তলুৱাৰ চাধাকণত কেইটামান চাপৰ মাৰি ওঁঠৰ ফাকত আলফুলে সুমুৱাই লৈ গোহাঁই মোৰ ফালে গৌৰৱেৰে চালে৷ মোৰো অনুসন্ধিৎসু দৃষ্টি তাৰ ওপৰত নিৱদ্ধ হল৷ কিবা এটা যেন বুজি উঠিল গোহাঁই৷ -আচ্চা তই ভাবিছ নহয়নে মই কেনেকৈ কৰিলো এই কাম? সেইদিনা ৰাজহুৱা মন্দিৰত যেতিয়া মিটিং হৈছিল তেতিয়া ৰাস্তাৰ কথা ওলাইছিল সকলোৱে একেমুখে কৈছিল যে ৰাস্তা আমাৰ কোনো যুগতেই নহ’ব৷ মই লাহেকৈ উঠি কলো-বোলো প্ৰভুসকল মই হ’লো সৰু মানুহ কিবা ভুল হলে মাফ কৰিব৷ আপোনালোক দুজন যদি মোৰ লগত যায় ৰাস্তাৰ কামটো মই কৰি আনিব পাৰিম৷ ইচ্ ভাই কথাষাৰ ক’বহে পালো গোটেইবোৰ একেবাৰে দাং খাই উঠিল নহয়৷ বৰ বৰ কেইটাই আজি ইমান বছৰে সফল হ’ব পৰা নাই, ই আহিল আকৌ ৰাস্তা কৰিব৷ কিমান যে ঠাট্টা-মস্কৰা৷ মোৰো উঠিল নহয় টিঙিচকৈ খংটো৷ কৈয়েই দিলো বাপ্পেকে- বোলো ৰাইজ এই মন্দিৰৰ তলত আছোঁ, যদি আনিব নোৱাৰো মই আত্মঘাটী হ’ম, প্ৰভু ভগৱন্ত সাক্ষী থকিল৷ ক্ষন্তেকতে সকলো নিতাল মাৰিলে৷ শেষত যেনিবা বহু বাক-বিতণ্ডাৰ অন্তত চাৰিজন সমজুৱা মোৰ লগত পিছদিনা পুৱাই এম.এল. এৰ ওচৰত যাবলৈ সাজু হ’ল৷ কথামতেই কাম ভাই৷ পিছদিনা ওলালোগৈ চিধাই এম.এল.এৰ বাসভৱন৷ মোক দেখিয়েই এম.এল.এ অবাক৷ আৰে গোহাঁই! আহক…আহক… বহকহি৷ লগৰ চাৰিওজনকে লৈ একেকোবে পালোগৈ দ্ৰয়িং ৰূম৷ তাৰ পিছত তই চাহেই খাবি নে নাস্তাই খাবি৷ লগত যোৱা চাৰিজনৰ মেলা মুখ মেলাতে ৰ’ল৷ খাই বৈ উঠি লগত নিয়া আৱেদন পত্ৰখন তেওঁৰ হাতত দিলোঁ৷ আচলতে আৱেদন পত্ৰ নিদিলেও কথা নাছিল, কিন্তু হাজাৰ হলেও এম.এল. এ মানুহ ভাই, তাতে আকৌ অফিচিয়েল কথা বুলিও কথা এটা আছেতো৷

কথাখিনি কৈ গোহাঁই অলপপৰ নিতাল মাৰিলে৷ মই ভালদৰেই জানো গোহাঁইৰ কথা কোৱাৰ স্বকীয় ভঙ্গিমাৰ বিষয়ে৷ কিবাকৈ যদি কথাত যতি পৰে কাহিনীয়েও অন্য মোৰ ল’ব৷ সেয়ে একো নোসোধো বুলি ভাবিও সুধি পেলালোঁ- পিছে গোহাঁই ৰাস্তাটো দিলে নে সেইদিনা?
মোৰ কথাৰ উত্তৰ দিব গৈ গোহাঁই কিছুপৰ নীৰৱে ৰ’ল৷ তাৰ চকুৰ আগত হয়টো অগা-দেৱা কৰিছিল সেইদিনাৰ কিছু দৃশ্যপট৷ এফালে ৰাস্তা আনিম বুলি কৰা দুৰ্ঘোৰ প্ৰতিজ্ঞা আনফালে আত্মঘাটী হোৱাৰ সিদ্ধান্ত৷ ৰাস্তা নিব নোৱাৰিলে গোহাঁই ৰাইজৰ আগত মুখ উলিয়াব কেনেকৈ! মৰিবও চোন ভাল নালাগিব! গোহাঁই যে জিকিবই লাগিব৷ এটা গলগলীয়া কণ্ঠৰ গৰাকী গোহাঁই মোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ যিমান পাৰে সিমান সৰু কৈ ফিচফিচাই কলে, ৰাস্তা নিদিব! মোৰ লগত যোৱা চাৰিজন সমজুৱাক আগত থৈ এম.এল.এৰ ভৰিত আঁঠু লৈ যিটোহে সাৱত মাৰি ধৰিলোঁ, মই বোলো আগতে চহী কৰক নহ’লে এৰি নিদিও৷ তাৰ পিছত সি কিয় তাৰ বাপেকেও ৰাস্তা নিদিও বুলি কব নোৱাৰে৷

কথাখিনি কৈ গোহাঁই মোৰ ফালে চাই মিচিককৈ হাঁহিটো মাৰিলে৷ আজি তাৰ হাঁহিটো কিবা কান্দোন যেনহে লাগিল মোৰ৷

(আগলৈ)

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.