শোধ – চয়ন বৰদলৈ

শোধ – চয়ন বৰদলৈ

শোধ – চয়ন বৰদলৈ

by December 17, 2017 0 comments

 মিঠাতেলৰ টিন কাটি বনোৱা ক’লা জাপখন পেলাই তাত তলা দুটা অনিৰ্দিষ্ট কাললৈ মাৰি দি, অন্তৰৰ সমস্ত দুঃখ-ক্ষোভ উজাৰি মন্দিৰৰ ফালে থকা মাটিৰ বেৰখনত এদিন এঙাৰৰ টুকুৰা এটাৰে কাউৰী-ঠেঙীয়া আখৰেৰে বিপিনে লিখি দিছিল, “বাকী খাবলৈ লাজ নকৰে, পইচা দিবলৈহে লাজ কৰে৷

সৰু দোকানখন বন্ধ কৰি দিয়াৰ বাদে তাৰ হাতত বেলেগ উপায়ো নাছিল৷ মনিহাৰী সৰু দোকান৷ পুনেত পাঁচ বছৰ থাকি ঘূৰি আহোতে কেইটকামান গোটাই-পিটাই আনিছিল৷ তাৰেই ডেৰ বছৰৰ আগত পাঁচ আলিটোতে বিপিনে নতুন দোকান এখন আৰম্ভ কৰিছিল৷ দোকানখনৰ বাবে বাপেকে আগেয়েই মাটি দখল কৰি বাঁহৰ ঘৰ এটা সজাই থৈছিলেই৷ কাঠৰ ৰেক্ এডাল আৰু ষ্টীলৰ শ্ব’কেছটো সি আহি বনাইছিলহি৷ আটোম-টোকাৰিকৈ দোকানখন আৰম্ভ কৰিছিল৷ বাহিৰত শাৰী শাৰীকৈ চিপছৰ পেকেট, শ্ব’কেছত জকমকীয়া সস্তীয়া গহনা, ৰেকডালত বিস্কুটৰ পেকেট, চাবোন, মহিলাৰ প্ৰসাধন সামগ্ৰী৷ পান বনোৱা কাঠৰ সৰু শ্ব’কেছ এটাও বনাইছিল আৰু সন্মুখৰ ফালৰ গ্লাছত ৰঙা টেপেৰে হাৰ্টৰ নিচিনা পানৰ ছিম্বলটো বনাই লৈছিল৷

ঠিকেই চলি আছিল দোকান৷ প্ৰথম দিনাৰ পৰাই বিক্ৰীও বেয়া নাছিল৷ ভালেই লাগিছিল৷ দুই-একে উপযাচি নিজৰ ফালৰ পৰা বহনিও কৰি গৈছিল৷ এমাহ মান পিছতে ষ্টীলৰ শ্ব’কেছটোৰ তলৰ খলপটো চেণ্ডেল এসোপা আনি ভৰাই দিছিল, মাৰ্জিন ভাল থাকে৷

লাহে লাহে বাকী হ’বলৈ ধৰিলে দোকানত৷ তামোলখনো বাকীত খায় কোনোবাই৷ তথাপি দোকান চলি আছিল ঠিকে-ঠাকে৷ বহুতেই বাকী খায়, পইচা ঘূৰাইও দিয়ে৷ কিছুমানে নিদিয়ে, বেলেগৰ দোকানৰ পৰা কিনেগৈ৷ কিছুমানক সি পাণ-চিগাৰেট কেতিয়াবা এনেও খুৱাই দিয়ে৷

অৱশ্যে মানুহে বাকী খোৱাৰ বাবেহে দোকানখন বন্ধ হ’ল বুলি সিও নাভাবে৷ মুঠেই এবছৰ চলিল তাৰ দোকান৷ তাৰো ভুল আছিল৷ আয় চাই ব্যয় কৰিব নাজানিলে সি৷ তাৰ নিচিনা দোকান পাঁচ আলিটোত আগৰ পৰাই চাৰিখনমান আছিল৷ তথাপি দোকানখন বন্ধ হোৱাৰ দিনলৈকে যিকেইজন গ্ৰাহকে বাকী খাই পইচা ঘূৰাই নিদিলে, সিহঁতক দেখিলে তাৰ মূৰটো ভমককৈ জ্বলি উঠিছিল৷ বিশেষকৈ কাষৰ গাঁৱৰ ৰুমী বোলা ৱাৰ্ড মেম্বাৰজনী৷
ৰাই-জাই কৰি যোৱাকৈ হাঁহি এটা মাৰি ৰুমীয়ে কিবা-কিবি কথা এগাল গাই বস্তু এগাল লৈ যায়৷ বাকী কৰি যায়৷ সি তাইক বিশ্বাসেই কৰে নে কি সি নাজানে৷ তাইৰ লগত কথা পাতি ভাল পায় সি৷ বাকীবোৰ লিখি যায়৷ তাই দুদিনমান নাহিলে তাৰ অলপ বেয়া বেয়া লগা হ’বলৈ ধৰিলে৷ গিৰিয়েকটোৰ লগত স্কুটীত উঠি যাওঁতেও তালৈ চাই মিঠাকৈ হাঁহি এটা মাৰি যায়৷ তেতিয়াহে বুকুৰ কোনোবাখিনিত অকণমান বিষাই৷ তথাপি তাই নাহিলে তাৰ ভাল নালাগে৷ তাই পঞ্চায়তৰ অনাময় আঁচনিৰ লেট্ৰিন কেইটামানৰ কাম কৰিছে, বিল পালেই তাৰ সমূদায় বাকী একেদিনাই মাৰি দিয়াৰ কথা৷ নাই, নাই সি সেই বিষয়ে চিন্তা নকৰে৷

আঠ মাহত চাৰিযোৰ চেণ্ডেল তাই বাকীত নিছিল৷ তাৰে এযোৰ ’পালচ’ কোম্পানীৰ চেণ্ডেল বিপিনে টাউনৰ পৰা কিনি আনি, বিশ টকা কম দামত বাকীত বেচিছিল৷ প্ৰায় আঠমাহমানৰ মূৰত ৰুমী বৰাৰ বাকী পাঁচ হেজাৰৰ ওপৰত হৈ যোৱাৰ পাছত তাই বিপিনৰ দোকানলৈ নহাই হ’ল৷ তাইক সি প্ৰায় দুসপ্তাহমান একেবাৰে নেদেখিলেই৷ তাৰ পিছত এদিন চকা-মকাকৈ দেখিছিল৷ তাৰ দোকানলৈ নাহিল৷ ওচৰৰ বলীনৰ দোকানলৈ গ’ল৷ গিৰিয়েকৰ লগত স্কুটীত উঠি যাওঁতেও তাৰ ফালে নোচোৱা হ’ল৷ এদিন মাছৰ বজাৰত লগ কৰি বিপিনে ৰুমী বৰাক যতদূৰ-সম্ভৱ ভদ্ৰ ভাৱে পাবলগীয়া পইচা কেইটাৰ কথা মনত পেলাই দিলে৷ উত্তৰত ৰুমীয়ে ইমানদিনে যে তাইৰ গা বেয়া আছিল এই কথা বেকত কৰি, লগতে বাকী খাই পইচা ঘূৰাই নিদিয়াৰ দৰে অধৰ্মী স্বভাৱ যে তাইৰ সাত পুৰুষৰো নাই এই কথা দঢ়াই দঢ়াই বুজাই দিলে৷ বিপিনে লাজ পাই গ’ল৷

পইচাবোৰ শেষ হৈ আহিব ধৰিছিল৷ ৰেক্ ডাল আৰু শ্ব’কেছটো সেৰেঙা হৈ আহিল৷ বাপেকৰ গল ব্লাডাৰ আৰু হাৰ্ণিয়াৰ অপাৰেছনতো বহু টকা গ’ল বিপিনৰ৷ নতুন বস্তু সুমুৱাবলৈ টকাই নাছিল৷ হ’ল চেলাৰৰ দোকানতো বাকী বাঢ়ি গ’ল৷ সেৰেঙা দোকানখন লৈ আৰু কিমান বহি থাকিব? দোকানত তলাই মাৰি দিলে৷
আকৌ কি কৰা যায় চিন্তা কৰি থাকোতেই প্ৰায় ছমাহৰ আগত তাক এই বুধিটো দিলে হৰেনে৷ দোকানখনতো আগফালৰ পৰা বন্ধই৷ গতিকে পাছফালে সৰুকৈ এখন দৰ্জা উলিওৱা যাওক৷ ভাল হ’ব৷ সেইখনেই ’বাৰ’ হ’ব, গাঁৱলীয়া ’বাৰ’৷ একো চিন্তা কৰিবলগীয়া নাই, এক্সাইজক হৰেনে মেনেজ কৰিব আৰু সিহঁতে এইটো বিজনেছ নকৰিলেও যিহেতু মদ খোৱা মানুহে মদ খাবই, গতিকে আথে-বেথে বহিবলৈ দিলে ই এক পৰোপকাৰহে হ’ব৷ দোকান আৰম্ভ হৈ গ’ল৷ পিছদুৱাৰেদি বিয়লিৰ পৰা ৰাতি দহ বজালৈকে মানুহৰ সঘন আহযাহ৷ আছাম এক্সাইজ, অৰুণাচল, আছাম সৱ পাই সিহঁতৰ দোকানত৷ কোনোবাই মাংস অকন লৈ আহে, কেৰাছিনৰ ষ্ট’ভত বিপিনে ড্ৰাই ফ্ৰাই কৰি দিয়ে৷ সেইফালেও কিবা এটা ওলায়৷ মদততো লাভ থাকেই৷ ভাল ব্যৱসায় সঁচাকৈ এইটো৷ হাতলৈ টকা আহি থাকে৷ ছেকেণ্ড হেণ্ড মটৰচাইকেল এখনৰ চিন্তায়ো মূৰত টুকুৰিয়াই বিপিনৰ৷ মাজতে ফৰিঙৰ দৰে স্বভাৱৰ হৰেনে কয়লাৰ ব্যৱসায় কৰিবলৈ বুলি আঁতৰি গ’ল৷ টকাৰ এটা ভাল ৰকমৰ খেলিমেলিও হৰেনৰ লগতে গ’ল৷ বিপিনেও ধৰি নাথাকিলে৷ যিহেতু হৰেনেই এই ব্যৱসায়ত তাৰ গুৰু আছিল আৰু তাতোতকৈ ডাঙৰ কথা এক্সাইজ অফিচাৰজনৰ লগত ’ভালদৰে’ চা-চিনাকি কৰাই গৈছিল৷

দিনবোৰ ভালদৰেই গৈ আছিল৷ মেনেজো ঠিকেই কৰি আছিল সি৷ কিন্তু এনে এটা বিষয় যে গাওঁবোৰত চলি আছিল সি সপোনতো ভাবিব পৰা নাছিল৷ সেইদিনা পিকনিক পাৰ্টী এটা আহিছিল ওচৰৰ বালি-চাপৰিলৈ৷ দুপৰীয়া সেই পাৰ্টীৰে দুটামান উদঙীয়া গৈ তাৰ ঘৰ ওলাইছিল৷ বিপিনে আকৌ ঘৰত বস্তু নাৰাখে৷ গতিকে দোকানলৈকে সিহঁতক আনি সেৱা-শুশ্ৰুষা কৰিবলগীয়াত পৰিল৷ এনেয়ে সি দিনত দোকান নোখোলে৷

সিহঁতৰ লগত ব্যস্ত থাকোঁতেই পাছফালৰ দৰ্জাত কোনোবাই জোৰ জোৰকৈ ঢকিয়াইবলৈ ধৰিলে৷ ’কোননো হ’ব পাৰে’ বুলি দৰ্জাখন মেলি চাওঁতেই দুই-তিনিজনী মাইকী মানুহে তাক বাহিৰলৈ চোঁচোৰাই লৈ আহিলে৷ উদঙীয়াকেইটা তৎমুহূৰ্ত্ততে ইফালে-সিফালে চিটিকি গ’ল৷ বিপিনক মহিলা ৰাইজে আনি দোকানৰ আগফাল পোৱাওঁতেহে সি গম পালে যে এইয়া মদ-নিবাৰণী পাৰ্টী৷ মাটিতে বহি দিলে সি৷ কেইগৰাকীমান মহিলাই ভিতৰৰ পৰা মদৰ কাৰ্টন বোৰ উলিয়াই আনিলে৷ কেইগৰাকীমানে জুই ধৰিলে মদবোৰ জ্বলাই দিবলৈ৷ মদ নিবাৰণী শ্লোগানবোৰ তাৰ কানত ঠহৰ ঠহৰকৈ বাজি থাকিল৷ বহি থকাতে ৰুমীৰ মাতটো চিনি পালে সি৷ জুইকুৰাৰ লগত তাৰ সমস্ত চিন্তাশক্তি বাষ্প হৈ উৰি যোৱাৰ উপক্ৰম হৈছিল৷ নিজকে পাগল পাগল লাগিল৷
ইমান সময়ে তাক কোনেও মাৰ-পিট কৰা নাছিল৷ হঠাৎ গালত চেণ্ডেলৰ কোব এটা পৰিল৷ ৰণচণ্ডী ভাৱত থকা মাৰোঁতা গৰাকীলৈ মূৰ তুলি চাবলৈ বিপিনৰ সাহ নহ’ল৷ কিন্তু তেওঁ হাতত লৈ থকা চেণ্ডেলপাত বিপিনে ঠিকেই চিনি পালে, মেৰুণ ৰঙৰ ফিতাৰ ’পালচ’ কোম্পানীৰ চেণ্ডেল৷ ‘☆★☆

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.