হিতেন শৰ্ম্মাৰ দিনলিপি – ধ্ৰুৱজ্যোতি শৰ্মা

হিতেন শৰ্ম্মাৰ দিনলিপি – ধ্ৰুৱজ্যোতি শৰ্মা

হিতেন শৰ্ম্মাৰ দিনলিপি – ধ্ৰুৱজ্যোতি শৰ্মা

by December 17, 2017 0 comments

তৃতীয় অধ্যায়
(৭)

সময় যোৱাৰ লগে লগে কামৰ জটিলতাও বাঢ়ি আহিছে৷ আজিকালি মাজে মাজে বাহিৰলৈও যাব লাগে৷ কেতিয়াবা কটেশ্যন দিবলৈ, কেতিয়াবা আকৌ বিলৰ কামত৷ দাচ কম্পেনীৰ কামবোৰ যদিও সাধাৰণতে চৰকাৰী কাৰ্য্যালয়তে অধিক, মাজে মাজে অন্য ধৰণৰ কামতো ওলাব লগা হয়৷ কেতিয়াবা আকৌ কৰ-কাটলৰ কামতো যাওঁ৷ তেতিয়া অৱশ্যে ৰূপা বা খাটনিয়াৰ লগত থাকে৷ টেক্সৰ কাম অকলে কৰিব পৰাকৈ এতিয়াও বছৰ বিশ্বাসভাজন হব পৰা নাই মই৷ নোহোৱাৰ কথাই৷ টেক্সৰ কাম জানো একেদিনাই বুজিব পাৰি!
তেনেকুৱা এটা কামতেই ৰূপাৰ লগত ওলাইছিলোঁ এদিন৷ চেলচ টেক্স অফিচলৈ৷ মোৰ ভাড়াঘৰৰ পিছপিনেই অফিচটো৷ ৰূপা আৰু মই চিটিবাছত উঠিলোঁ৷ চিটিবাছত ভিৰ৷ মহিলাৰ বাবে সংৰক্ষিত আসনত বহি থকা বয়োবৃদ্ধ এজনক উঠাই কণ্ডাক্তৰজনে এটা ছীট খালী কৰি দিলে ৰূপাক৷ কিন্তু ৰূপা নবহিল৷ আৰু লগে লগে অন্য এজনী মহিলা হেঁচি আহি সেই ছীটত বহি পৰিল৷ ৰূপা চাই ৰ’ল মানুহগৰাকীলৈ৷ কিন্তু একো নক’লে৷ তেনেকুৱা পৰিস্থিতিত কাজিয়া কৰিব পৰা ছোৱালী নহয় ৰূপা৷ ইমানদিনে লগ পাই অন্ততঃ এইখিনি জানিছোঁ৷ কিন্তু এৰি দিয়া কথাটোৱে মোক শান্তি নিদিলে৷
– বাইদেউ, ছীটটো এখেতৰ৷ আপুনি উঠকচোন৷ – ৰূপাৰ ফালে দেখুৱাই মই মহিলাগৰাকীক ক’লোঁ৷
মহিলাগৰাকী থতমত খাই মোৰ ফালে চালে৷ এক মুহূৰ্ততে তেওঁ হিংস্ৰ হৈ প্ৰত্যুত্তৰ দিলে-
– ক’ৰবাত লিখা আছে নেকি?
– তেখেত বহি আছিল৷ কিন্তু বুঢ়া মানুহজন থিয় হৈ থকা বাবেহে উঠি দিছে৷
– এইটো লেডিচ চিটহে৷
– সেইবাবেই মহিলা এগৰাকীয়ে এৰা ছীটটোত আপুনি বহিলেনেকি?
– বোপা, মই পাৰিম দিয়া৷ গাটো এতিয়াও ইমান বেয়া নহয় নহয়৷ এইবাৰ বৃদ্ধ ব্যক্তিজনে মাত লগালে৷
– খুৰা৷ ৰ’বচোন৷ এই বাছখনত এজনো যোগ্য মানুহ নোলাবনে৷
ইতিমধ্যে আমাৰ কথোপকথনখিনিয়ে অন্যৰ দৃষ্টিও আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল৷ কাষৰ ছীটৰ পৰা এজন আদহীয়া মানুহ থিয় হৈ এইবাৰ বৃদ্ধজনক তেওঁ বহি থকা ছীটত বহুৱাই নিজে থিয় দিলে৷ মহিলাগৰাকী কিন্তু শিল যেন হৈ মুখ ঘূৰাই খিৰিকিৰে বাহিৰলৈ চাই বহিয়েই থাকিল৷
-কিয়ে মক্কেল পাওঁ ন মাজে মাজে৷ মোৰ পগলাঘণ্টাই টিংটিঙাব ধৰোঁতেই ৰূপাই নিজে ওলোটাফালে ঘূৰি, মোকো ঘূৰাই দিলে আৰু মাত লগালে
– দে হব দে অ’৷ ইমান খং নকৰিবিচোন৷ সব মানুহ একে নাথাকে নহয়৷
এটা সৰু ঘটনা৷ কিন্তু মনত সাঁচ বহুৱাই দিব পৰা ঘটনা৷ একেই সমাজৰ দুগৰাকী একেই মহিলা৷ অথচ কিযে ভিন্ন ভাৱধাৰা৷
কিছুসময় দুয়ো একো নামাতিলোঁ৷ কেৱল বাহিৰৰ ফালে চাই উনুকিয়াই থাকিলোঁ ঘটি যোৱা ঘটনাটোৰ কাৰণবোৰ৷
– অই চক্ৰেটিচ, ল’৷ কাষৰ পৰা ৰূমীয়ে চকলেট এটা উলিয়াই মোৰ হাতত গুজি দিলে৷
চক্ৰেটিচ…চক্ৰেটিচ! মনটোৱে পাকঘূৰণি খাব ধৰিলে৷ বহুদিন আগতে এৰি অহা এটা সম্বোধন৷ প্ৰিয়সকলে মতা এটা মৰমৰ মাত৷ কিমান যে অৰ্থ বহন কৰিছিল নামটোৱে৷ কিমান যে আনন্দ দিছিল৷ কিমান অৰ্থৰ গভীৰত সোমাই আছিল নামৰ মহিমা৷ আৰু হঠাৎ আজি!
– কি বুলি মাতিলি?
– চক্ৰেটিচ
– কিয় তেনেকৈ মাতিলি?
– তই বেয়া পাৱ যদি নামাতো দেই তেনেকৈ
– নহয় ৰহ৷ বেয়া পোৱা নাই৷ কিন্তু হঠাতে এটা অদ্ভুত মাতেৰে মাতিলি যে!
– অদ্ভূৎ কিয় হব? তোকতো আগতে মতা নামেই সেইটো!
আকৌ থতমত খালোঁ৷ ৰহস্য উলিয়াবলৈয়ে হয়তো অদৰকাৰীভাৱে উলিয়াইছিলোঁ কথাটো৷ আৰু কথাটোৱে কাম দিলে৷ ৰূপায়ো হয়তো সেইটোৱে বিচাৰি আছিল৷
-তোৰ খবৰ অলপ-চলপ ৰাখোঁ আজিকালি৷
-হু? কিয়?– মনটোৱে পুনৰ হাঁহাকাৰ কৰি উঠিব ধৰিছিল৷ বন্ধ কিতাপ এখন লাহে লাহে খোল খাব ধৰিছিল৷ যোৱা পাঁচটা মাহে পাহৰণিত পুতি থোৱা কিছুমান বেয়া লগা অতীতে পুনৰ হাত বাউলি মাতিছিল৷ এক অজান আশংকাত পুনৰ শিহৰিত হৈ উঠিছিলোঁ৷
-অই৷ বহ৷ – চিটিবাছ ভৰলুমুখ পাইছিলহি৷ ভীৰ অলপ কমিছিল৷ পিছপিনে খালী হোৱা ছীট দুটাৰ এটাত নিজে বহি মোকো বহিবলৈ ইংগিত দিলে ৰূপাই৷
কোনে দিছিল নামটো! ক’ত! হলং-জলং চোলা, বেলবুতাম পৰিহিত চাৰ্ট-পেণ্ট পৰিধান কৰা বাবেইতো নামটো দিছিল৷ কিন্তু কোনে দিছিল! নাভাবো বুলি এৰি অহা কথাবোৰৰ মাজৰ এটা অধ্যায় পুনৰ আজি খুচৰিলোঁ৷ মনতেই৷ পুৱাই দিছিলে৷ উম৷ পুৱায়েই দিছিল৷ ক্লাছত৷ আৰু তাৰ পিছত লাহে লাহে বিস্তাৰ হৈ পৰিছিল নামটো৷
– মোৰ নামটো কিয় দিছিল জান?
-জানো৷
-কেনেকৈ? কোনে ক’লে তোক? এইবাৰ অলপ আচৰিত হৈয়েই সুধিলোঁ৷
– কৈছে আৰু কোনোবাই৷
– কচোন৷
– আৰু কচোন৷
– আৰে ভাই মই সুধি আছোঁ কিবা আৰু তই কৈ আছ, কব লাগে?
– কথাবোৰ মনত ৰাখি নথবি৷ কবি৷ গোপনীয়তাই তোক আৰু হয়তো কাৰোবাৰ পৰা আঁতৰাই আনিব পাৰে৷ সেই বাবে সোনকালেই খোলোচা হ’বি৷ মনটোও পাতল লাগিব৷
– চব বস্তু খুলিব নোৱাৰি৷ গাঁঠীবোৰ বৰ টান৷ আৰু কাৰোবাৰ পৰা আঁতৰাই আনিবলৈ মই বা আছোৱেই কাৰ ওচৰত৷ কেৱল তহঁতেইতো আছ এতিয়া৷
– হিতেন৷ কেতিয়া এই চক্ৰেটিছে এই ৰূপটো সলাবি কচোন৷
– সলালোঁ৷ মোৰ পোছাক সলনি হ’ল৷
– কিন্তু মনটো?
– মনটোতো কেতিয়াবাই সলাই ল’লোঁ৷ বাৰু কচোন, তোক কোনে ক’লে কথাবোৰ৷
– মোৰ বান্ধৱী এজনীয়ে৷
– ক’ৰ? কোন?
– তহঁতৰ জুনিয়ৰ আছিল৷ বজালী কলেজত পঢ়িছিল৷
– কি নাম?
– মনত আছে জানো?
– কচোন৷
– কৰবী৷
– কৰবী কি লিখে?
– কৰবী কবিতা বুলিহে জানিবি চাগৈ৷
– কৰবী কবিতা! মনত পেলাবলৈ যত্ন কৰিলোঁ কথাবোৰ৷ নাই নপৰিল৷ বহুত দকৈ ভাবিব লাগিব কথাবোৰ৷
ৰূপা স্নাতকোত্তৰত একেলগে পঢ়িছিল তাইৰ লগত৷ বিষয় বেলেগ হ’লেও দুয়ো বিশ্ববিদ্যালয়ত ৰূমমেট আছিল৷ সেই বাবেই জানিছিল কৰবীয়ে জনা কথাবোৰ৷ মই কথাবোৰ ৰূপাক সবিশেষ সোধা নাছিলোঁ৷ তাই কবলৈ, বিষয়টো উলিয়াবলৈ চেষ্টা কৰিছিল যদিও মই বৰ বিশেষ সুবিধা দিয়া নাছিলোঁ৷ পাহৰণিত কিছুমান জীৱন্ত অতীত এৰি আহি নতুনকৈ আৰম্ভণি কৰিছোঁহি জীৱনটো৷ নতুন দিগন্তৰ সন্ধানত খোজ পেলাইছোঁ আগলৈ৷ এই যাত্ৰাত পাহৰণিয়ে খোকোজা লগোৱাৰ সুবিধাকণ মই নিদিওঁ৷ ‘সাহিত্য চ’ৰা’ মোৰ বাবে এতিয়া এক পাহৰণি মাথোঁঁ৷ তেতিয়া ঘটা ঘটনাবোৰ মই চাই অহা যেন একো একোখন নাটক মাথোঁঁ৷ কেতিয়াবা মনে নিবিচাৰিলেও তেনেকৈয়ে ভাবিবলৈ লৈছোঁ৷ জোৰকৈ হ’লেও৷
– মোৰ কথা একো নোসোধ?
– নোসোধো দে৷ কিন্তু এটা কথা কম৷
-কি?
-তই ড্ৰেছিং ষ্টাইলতো অলপ সলনি কৰিবি৷
-জানইতো৷ কম্পেনীত এইবোৰ…..
-হব আৰু৷ যিকোনো প্ৰথা সলনি কৰিব লাগিলে কোনোবাই আৰম্ভ কৰিবই লাগিব৷ তয়ে কৰচোন৷
-কিন্তু মালিকে বেয়া পায়৷ তেওঁ সদায় ৱেষ্টাৰ্ণ ড্ৰেছ পিন্ধাতো বিচাৰে৷
-কৈছে নেকি?
-মোক কোৱা নাই৷ কিন্তু তোৰজনীক কৈছে৷
-হা? কি ক’লি? কাক?
-মানে, ৰত্নাককৈছে
-ৰত্নাক অন্য কাৰণতো কব পাৰে৷
-অন্য কাৰণ কি থাকিব পাৰেনো!
-চা৷ ৰত্নাই মেনেজমেণ্ট পাৰ্টটো চায়৷ মিটিং আদি কামবোৰ তাই চম্ভালে৷ সেই বাবে তাই এটা কৰ্পোৰেট ষ্টাইলত থকাতো, প্ৰ’ফেচ’নেলিজম মানি চলাতো মালিকে বিচাৰিবই৷ যিহেতু প্ৰাইভেট লিমিটেড৷
-জানো! কিবা কয় যদি?
-তেতিয়া পিছদিনাৰ পৰা নানিবি৷ আচলতে সকলো ড্ৰেছেৰে চবকে নুশুৱায়৷ সেই বাবেহে কৈছোঁ৷
-তই লগ কৰিব যাওঁতে ৰত্নাকো এইখিনি কথা কবি, হা!
-মানে?
মানে ডেটিঙত গ’লে৷ তাই চুৰিদাৰ পিন্ধি খুব ভাল পায়৷ কিন্তু বেচেৰীয়ে পিন্ধিবই নাপায়৷
-ধেই৷ কি বকি আছনো?
-যেতিয়া যাৱ তেতিয়া অন্ততঃ কবি৷ তই ক’লে শুনিব, চিওৰ৷
-তহঁতে কিবা ভাবিছ যদিও, কওঁ শুন৷ আমাৰ মাজত একো নাই৷
-নাই যদি ভাল কথা৷ থাকিলে কিন্তু মনৰ ভিতৰত নাৰাখিবি৷ কৈ পেলাবি৷
-তই বিয়া নহৱ?
-হম৷
-কেতিয়া?
-হয়তো অহা নৱেম্বৰ মানত৷
-ৱাও৷ দৰা ঠিক হ’ল?
-মই অৰূপক বিয়া পাতিমো হিতেন৷
-কি কৱ? আমাৰ অৰূপক?
-অ’৷
-সি জানে?
-এতিয়া জানে৷
-ওহ! বঢ়িয়া কথা৷
এটা দীঘলীয়া যাত্ৰা৷ গুৱাহাটীৰ ট্ৰেফিক জামত পেঘেনীয়াই পেঘেনীয়াই চিটিবাছ যেতিয়া মালিগাঁৱৰ পৰা গণেশগুৰি পাইছিল, আমাৰ মনবোৰ কিন্তু তাতোকৈ বহু দূৰলৈ আগবাঢ়িছিল৷ ৰূপাৰ কথাবোৰে মোৰ মনটোক কিছু পৰিমাণে সকাহ দিছিল৷ কব নোৱাৰোঁ কিয়, মনটো পাতল পাতল লাগি গৈছিল৷ বৰ শান্ত আৰু চিধা ছোৱালী ৰূপা৷ কিমানযে সহজ হৈ কথাবোৰ কৈছিল৷ অথচ কথাৰ মাজত প্ৰসংগবোৰ সঘনাই সলাই মনটো ভাৰাক্ৰান্ত হবলৈও দিয়া নাছিল৷ বৰ সজাগ আৰু সাৱধান আছিল তাই৷ তথাপি ৰত্নাৰ কথাটোৱে মনটোক আকৌ এটা জঁটৰ পিনে ঠেলি দিয়া যেন লাগিছিল৷ জানো৷ ৰত্নাও বেয়া ছোৱালী নহয়৷ কথাবোৰত যদিও আধুনিকতাৰ ৰহণ লগাব যায়, মনটো কিন্তু আমাৰ চহা জীৱন লেখীয়াই৷ তথাপি এই বিষয়টো এতিয়া বৰ ভয় লাগে৷ প্ৰেম বুলি ক’লে, ভাল পোৱা শব্দটোৱে কঁপাই তোলে অতীত গহ্বৰৰ চাৰখাৰ হৈ যোৱা কিছুমান সময়৷ সেই সময় ঘূৰি চাবলৈ মই এতিয়া আৰু নিবিচাৰো৷ বিচাৰো মাথোঁঁ এটা গতানুগতিক জীৱন৷ প্ৰথম মাহৰ দৰমহাৰে দেউতাৰ হাতত ধূতী এখন উঠাই দিওঁতে দেউতাৰ মুখত প্ৰস্ফুটিত হাঁহিটো৷ মাই ওচৰৰ খুৰীক মাতি আনি মই দিয়া চাদৰ মেখেলাযোৰ দেখুৱাই থাকোতে মাৰ চকুত ফুটি উঠা উজ্জ্বলতা৷ মই এতিয়া অতীতহীন, স্মৃতিহীন এটা মই হৈ থাকিব বিচাৰোঁ৷
গাড়ীৰ পৰা নামিয়েই আমি চেলচ টেক্স অফিচলৈ বুলি খোজ ল’লোঁ৷ এক নতুন অভিজ্ঞতাৰ বাবে৷ এটা অফিচিয়েল পাকচক্ৰৰ ফালে৷
(আগলৈ)

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.