ৰাধিকা (বাৰ) – কুসুমাঞ্জলি শৰ্মা

ৰাধিকা (বাৰ) – কুসুমাঞ্জলি শৰ্মা

ৰাধিকা (বাৰ) – কুসুমাঞ্জলি শৰ্মা

by December 17, 2017 0 comments

“কেনে আছা মু?”

“আছোঁ, তুমি?

“খুদকুচী কৰণে কী হিম্মত ন্যেহী হোতী সব ম্যে

ঔৰ কুছ দিন অভী

ঔৰো কো সতায়া যায়ে—“

এটা দীৰ্ঘ হুমুনিয়াহৰ স’তে সুদূৰ ম্যানমাৰ সীমান্তৰ পৰা চাহাবৰ মাত ভাঁহি আহি ৰাধিকাৰ কৰ্ণকুহৰত খুন্দিয়ায়

“ জু, তেনেকৈ নক’বা৷ তুমি বীৰ৷ তোমাৰ মাতৰ চাহাৰাতেই মই জীয়াই আছোঁ৷ তথাপিও কেতিয়াবা যদি তোমাৰ— “

কি ক’ব ওলাইছে ৰাধিকাই?

“ কি মৃত্যু? মানে তুমি মোৰ বীৰ গতিৰ কথা কৈছা মু? এৰা, ইয়াত খোজে পতি মৃত্যুৰ কিৰিলি অ’ জান৷ কিন্তু মই তোমাৰ কাৰণে জীয়াই থাকিব মন যায়৷ “

“ চাহাব, জীয়াই থাকা ৷ তুমি আছা বাবেই মোৰ আকাশ আছে৷ “

হয়! চাহাব আছে বাবেই ৰাধিকাৰ আকাশ আছে৷

***********

উদ্বিগ্ন হৈ থকা ৰাধিকালৈ চাহাবে সকাহৰ বাতৰি আনিছিল৷ হেড কোৱাৰ্টাৰৰ নিৰ্দেশ অনুসৰি গুৱাহাটীৰ গোপন এক স্থানত চাহাব তিনিদিন ধৰি বিভাগীয় কৰ্তৃপক্ষৰ জেৰাৰ সমুখীন হৈছিল৷

জেৰাৰ অন্তত নিৰ্দোষ বুলি প্ৰমাণিত হৈছিল যদিও তেওঁলোক সম্পূৰ্ণকৈ পতিয়ন যাবৰ বাবে মেজৰ ৰঞ্জয় হাতীবৰুৱাৰ ওপৰত এটা গুৰুত্বপূৰ্ণ এছাইনমেণ্ট দিছিল৷ সেইবোৰ কথা ৰাধিকা কিয় গাৰ নোমডালকো চাহাবে কব নোৱাৰে ৷

নিষিদ্ধ ঘোষিত সংগঠনটোৰ দ্বাৰা সংঘটিত অনেক কূটাঘাটমুলক কামৰ পিছত হাতীৰ হাত থকা কথাটো সেনাৰ চোৰাংচোৱাৰ নথিত সোমাইছিল৷ তাৰ বিৰুদ্ধে কৰা সেনাৰ যিকোনো অভিযান বিফল হৈছিল৷ যেন হাতী এক অন্তৰ্যামী সত্ত্বাহে!

হাতী কোন আছিল?

যাৰ বাবে ভাৰত পাকিস্তানৰ সীমান্তৰ যুদ্ধত বীৰত্বৰে যুঁজি প্ৰশংসা আৰু প্ৰমোচন প্ৰাপ্ত বীৰ পুৰুষজনৰ প্ৰতি বিভাগীয় আঙুলি উঠিছিল! দেশৰ বাবে নিজৰ প্ৰিয়তমাৰ কলিজালৈ বন্দুকৰ নল টোৱাবলৈ কুণ্ঠাবোধ নকৰা দেশ ৰক্ষক গৰাকীৰ বৰ্দীৰ প্ৰতি ভাবুকি আহিছিল!

অকল বৰ্দীৰ প্ৰতি ভাবুকিয়েই নহয়,

এদিন

কুটুমে কুটুমৰ মঙহৰ ভোজ খালে

কুটুমৰ তেজেৰে শলিতা জ্বলালে __৷

আৰু চাহাব আৰু ৰাধিকাৰ ফুল তৰা গানৰ জগত টপ্চী টাৰ্ভি হৈ গ’ল৷

**********

ৰাধিকাই কি পাপ কৰিছিল?

প্ৰেম প্ৰত্যাখান কৰা তাইৰ বাবে আশৈশৱ নিচা আছিল৷ সৌন্দৰ্য্য আৰু বুদ্ধিমত্তাই তাইৰ মনত এক বিচিন্নতাবাদী অহংকাৰৰ জন্ম দিছিল৷

কিন্তু তাই চাহাবৰ এবুকু মৰমৰ সাগৰত ককবকনি খাই ডুবিবলৈ নিজেই জাপ দিছিল৷ সপোন দিঠকৰ দোমোজাত তাই আওৰাইছিল–

চাহাব,

পাহাৰৰ চিঞৰৰ মোৰ নামৰ প্ৰতিধ্বনি

উপত্যকাত অকলে থকা সৰু সেই সপোনৰ ঘৰটি

তুমিয়ে ময়ে ওমলা সেই ঘৰটি

মোৰ বুকুত বাঁহ বান্ধিছে সেই সপোনটি

তোমাৰ প্ৰেমত পৰিবলৈ তুমি বাধ্য কৰালা

তুমি ফচালা চাহাব, প্ৰেমৰ জালত ফঁচালা

কথাটো মন কৰিছা?

তাইৰ বুকুত হাঁহাকাৰৰ ধ্বনি ভাঁহে _

“ চাহাব! জু মোৰ চাহাব! “

কেতিয়াবা চাহাব নৈখনিৰ সিপাৰে ৰৈ থাকে৷ তাইক দেখি কাষলৈ আগবাঢ়ি আহে৷ হঠাৎ এক ভয়ানক কোৱাল সোঁত আহি দলং খনিৰ মাজভাগ উটুৱাই লৈ যায়৷ সিপাৰত ৰৈ যায় চাহাব৷ বিমোৰত পৰে ৰাধিকা৷

কেতিয়াবা চাহাবৰ বিশাল বুকুৰ ছাঁত তাই জিৰণি লৈ সুখানুভূতিত আছন্ন হৈ থাকে৷ হঠাতে ক’ৰ পৰা আহি জানো ক্ষোভিত চাৱনিৰে এক মহিলাই তাইক বাৰণ কৰে৷

সাৰ পাই ৰাধিকাই গাৰুটো সাৱটি বহু সময় ৰয়৷ প্ৰকৃতিস্থ হবলৈ সময় লাগে

তেৰ

“কথা এটা মন কৰিছেনে ম্যাম?

“কোৱা৷ “

“ জনজাতীয় পৰম্পৰাৰ প্ৰভাৱতেই হওক বা আন যিকোনো কাৰণতেই নহওক আমাৰ উত্তৰ-পূৱ ক্ষেত্ৰত আন অঞ্চলৰ তুলনাত কম বেছি পৰিমাণে মহিলাক সন্মানৰ দৃষ্টিৰে চোৱা হয়৷ “

“ অভিয়াচলি তেনেকৈয়ে চোৱা উচিত৷ কিয়নো প্ৰত্যেকৰ জন্মৰ লগত এগৰাকী মহিলাৰ গৰ্ভৰ প্ৰয়োজন হয়৷ “

“ সেইটো ঠিক৷ কিন্তু আমাৰ ইয়াত মহিলা দেৱীমাতৃকাৰ সংখ্যা কম৷ “

“ উস্ কি কৈ আছা! সকলোৱে কামৰূপ অৰ্থাৎ অসমক কামাখ্যা মাইৰ দেশ বুলি কয়, সেই কথাটো পাহৰি গ’লা নেকি গোঁসাই? “

“ নাই পাহৰা ম্যাদাম, কিন্তু এটা কথা ঠিক, মহামায়া থান, বুঢ়ী গোসানীৰ থান বুলি কেইজনামান স্থানীয় গোসানীৰ বাহিৰে বাকীসব দেৱীমাতৃকাৰ ধাৰণা তথা পূজন দেশৰ মুল ভূখণ্ডৰ পৰা আমদানিকৃত৷ “

“নিবিড়, তুমি ভেৰি মাচ্চ এথনিক দেৱী কেঁচাই খাইটী গোঁসানীক পাহৰিলা দেখোন৷ “

“ ইয়েচ! ইয়েচ, কেঁচাইখাইতী! “

আজি যেন নিবিড়ৰ মন চঞ্চল হৈ আছে৷ ম্যাদামক সুধিব মন গৈছে দুগৰাকী গোসানীৰ বাহিৰে বাকী দেৱীমাতৃকা সমূহৰ বলি বিধান প্ৰিয় কেলেই৷ কেলেই তেখেত সকলৰ চোতালত শোণিতৰ বন্যা বৈ থাকে৷

কেঁচাইখাইতী নেকি!

সি বুজিছে ম্যাদামে মুখত যিমানেই গহীন নহওক, ভিতৰি ভিতৰি নিশ্চয়কৈ তেৱোঁ কেঁচাইখাইতী৷

************

আবেলি নিবিড়ে নিজৰ কোঠাত বহি সি সংগ্ৰহ কৰি অনা কথাবোৰ টাইপ কৰি গৈছে৷ হঠাতে তাৰ আইতাকলৈ মনত পৰিল৷ আইতাকে গুণগুণাইছিল৷

নীলাচলে আছিলি আই

ৰাজাৰ বলিপূজা খায়

নামি আহে নৰ মনিচৰ কায়াই

ৰইখ্যা কৰ ভগৱতী আই

“এৰা, ভগৱতীয়ে নৰমনিচৰ কায়া লৈ নামি আহে ভক্তৰ সমীপলৈ “-নিবিড়ে যেন বিশ্বাস কৰিছে৷

আই তই গুটিমালী ফুল

আসনতে বহি আই নধৰিবা ভুল

নধৰিবা ৰাধিকা গোসানী৷ দোষ নধৰিবা৷ মই মনুষ্য৷ সাধাৰণ মনুষ্য৷ খাই লোৱা কেঁচাইখাইতী, মোৰ কলিজাৰ জীয়া তেজখিনি৷

সোণৰ আসন, সোণৰ বাসন

সোণে জলমল কৰে

আসনতে বহা আইৰ

ৰূপে টলমল কৰে৷

নিবিড়ৰ নিজৰ চঞ্চল মনটোক আজি নিজৰেই অচিনাকি লাগিছে৷ তাৰ প্ৰাণত কিবা এটি চটফটনি উঠিছে৷

এসপ্তাহতকৈয়ো বেছিদিনৰ জাকৰুৱা বৰষুণৰ পিছত বতৰ ডাঙিছে৷

গোটেই নীলাচল পাহাৰৰ লগতে চকুৰে দেখা সকলো গছে বনে যেন বৰণ সলাইছে৷

বসন্ত কাল৷ নিবিড়ৰ হাঁহি উঠিল _ “ তাৰ গাত বসন্তৰ বলিয়া বা লগা নাইতো! “

বহি থকা ঠাইৰ পৰাই ৰাধিকা গোস্বামীৰ ঘৰলৈ চালে৷ খালী চকুৰে পাহাৰৰ গাত লাগি থকা ঘৰটো এটা হালধীয়া দিয়াচলাইৰ বাকচৰ দৰে লাগিছে৷ সেই ঘৰটোত যেন এখুদমান পৰুৱাটোৰ দৰে ৰাধিকা ম্যাদাম থাকে৷ যিগৰাকীয়ে অহোৰাত্ৰি নিবিড়ৰ দেহে মনে পিৰপিৰাই বগাই ফুৰে৷

“ আস্ নোৱাৰে সি আৰু ! আজি কৈ দিব ! পিছৰ কথা পিছত৷ সময় গৈ আছে৷ “

এবাৰ উঠি ৰুমৰ বাহিৰলৈ গ’ল৷ ঘূৰি আহি আকৌ লেপটপৰ আগত বহি মাউচটো চুই কাৰ্চাৰডাল ইফাল সিফাল কৰি থাকিল ৷ এবাৰত ঘপকৈ উঠি মবাইলটো হাতত লৈ ম্যাদামৰ নম্বৰ টিপিলে৷ ৰিং হোৱাৰ আগতেই কাটি দিলে৷ সি ম্যাদামক একো কথা কব নোৱাৰে৷

*************

সৰুৰে পৰা ল’ৰাজন কিতাপৰ পোক আছিল৷

সেই দিনৰ আন ল’ৰা ছোৱালীয়ে যেতিয়া স্কুল নথকা সময়ত অলৌ তলৌ কৰি ফুৰে, সি স্থানীয় লাইব্ৰেৰীত সোমাই থাকে৷ তেৰ চৈধ্য বছৰীয়া ল’ৰাটোৱে গো গ্ৰাসে যেন কিতাপহে গিলে৷ সেই জীৱন্ত বিশ্বকোষক নিজৰ নিজৰ কুইজৰ দলত চামিল কৰিবলৈ সকলোৰে টনা আজোৰা লাগে৷ সি নিজে উদ্ভাৱন কৰে কিছুমান সৰু সৰু দৰকাৰী সঁজুলি৷

সমনীয়াই নাম দিছিল এডিচন৷ টমাচ আলভা এডিচন৷

কমকৈ কথা কোৱা ল’ৰাজনৰ সৰুকালিৰ আদৰ্শ চৰিত্ৰ আছিল ৰবিন হুড আৰু ক্ৰমান্বয়ে ডাঙৰ হৈ অহাৰ লগে লগে সেই আদৰ্শ সলনি হৈ সাম্যবাদী বিপ্লৱী পুৰুষ ফিডেল কাষ্ট্ৰো আৰু চে গুৱেভাৰালৈ সলনি হ’ল৷

নিজকে মাটি মানুহৰ স্বাধীনতাৰ হকে জীৱন অৰ্পিত কৰা চে গুৱেভাৰা বুলি কল্পনা কৰা হ’ল৷ আনকি চে গুৱেভাৰাৰ দৰেই মেডিকেল শিক্ষা আধৰুৱা কৰি এদিন কলেজৰ পৰা অহা বাটৰ পৰাই নিখোঁজ হ’ল৷

অনেক বছৰ খোঁজ খবৰ কৰাৰ পিছতো ফুট এটাৰ সন্ধান নোলোৱাত সকলোৱে ধৰি ল’লে হয় সন্ন্যাসী হৈছে নহয় কিবা অঘটন ঘটিছে৷

সৰু ভায়েকক ৰাজহুৱা ভাবে অঘাইটং উপাধি দিয়াৰ বিপৰীতে ডাঙৰ ভায়েকক নাম দিছিল লক্ষ্মী ল’ৰা৷

অভিভাৱক সকলোৱে নিজৰ সন্তানক

লক্ষ্মী ল’ৰাটোৰ কথা কৈ আদৰ্শ লব অনুপ্ৰাণিত কৰিছিল৷

*********

বহু বছৰ নিখোঁজ হৈ থকাৰ পিছত লক্ষ্মী ল’ৰাটোৰ খবৰ বতাহত উৰি ফুৰিছিল৷ পিতৃ মাতৃৰ কথা দূৰৈত, কোনোৱে মানি লব পৰা নাছিল সেইবোৰ কাহিনী৷

হয়, লক্ষ্মী ল’ৰাজন হাতী হোৱাৰ কাহিনী!

চৈধ্য

চাহাবৰ দৃঢ় হৈ উঠা মুখমণ্ডলৰ হনু, কুম আৰু ঠুতুৰীৰ মাংসপেশীলৈ সূক্ষ্ম ভাবে লক্ষ্য কৰি ৰাধিকাই গম পাইছে সি কিবা এটি সিদ্ধান্তত অটল হৈছে৷

যিমান আপোন হলেও সব কথা সোধা নাযায়৷ বিভাগীয় কথা একেবাৰে সোধা নাযায়৷ সেনাবাহিনীৰ লোকক — নৈব নৈব চ৷

“ মু, আমি বিয়া হম! “

“ ও, বিয়া হ’ম! “

“ মু আমি বিয়া হ’ম৷ “

“ও, নিশ্চয়! “

“ তুমি কিয় নুবুজাৰ ভাঁও জুৰিছা৷ “

ৰাধিকাই নুবুজাৰ ভাঁও জুৰিছে৷ চাহাবৰ ওচৰ চাপি অহা মুখখন সূক্ষ্ম ভাবে নিৰীক্ষণ কৰি তাই বুজি উঠিছে সি এটা সাংঘাতিক কামত নিযুক্ত হৈছে আৰু মনৰ উদ্বিগ্নতা লুকুৱাব চেষ্টা কৰি তাইৰ নিবিড় সান্নিধ্য বিচাৰিছে৷

ক’ৰোৱাত তাই পঢ়িছিল, স্তন্যপায়ী জীৱ সমূহে বহুসময়ত মনৰ উদ্বিগ্নতা আঁতৰাবলৈ দৈহিক সম্পৰ্কৰ আশ্ৰয় লয়৷

মানুহৰ অতি নিকট সম্বন্ধীয় প্ৰাণী কপিকূলত এইকথা সততে বিদ্যমান৷

সেইবাবে বোধহয় অতীতৰ যুদ্ধভূমিতো পত্নী অথবা ৰক্ষিতাক সেনাপতিৰ চাউনীত ৰখাৰ কথা জনা যায়৷

“ জু, আমি বিয়া হ’ম৷ তাৰ পিছৰ সোণালী দিনবোৰৰ কল্পনাত এতিয়াৰ সময়বোৰ পাখি মেলি উৰি থাকিব দিয়ানা৷ “

আহত হৈছিল চাহাব৷ ওফোন্দ পাতিছিল৷

“ মই এটা ডাঙৰ মিছনত যাব ওলাইছোঁ৷ সীমান্তৰ যুদ্ধতকৈও মোৰ বাবে চেলেঞ্জিং৷ জীৱন _ মৰণৰ প্ৰশ্ন আমাৰ বাবে তুচ্ছ কথা৷ কিন্তু তাতোকৈ চামথিং ডিফাৰেঞ্চ৷ এটা কথা মৰিলেও জানি থবা মই বীৰৰ দৰে যুঁজি মৰিছোঁ৷ গৌৰৱ কৰিবা৷ “

তাইৰ ওচৰত উদ্ভ্ৰান্তৰ দৰে আচৰণ কৰা চাহাব যেন সৌ তাহানিৰ ৰাজু অঘাইটঙ ৷ এইবাৰ ৰাধিকাই তাক ক’লে,

“ মই থাকিলে তুমি একো চিন্তা নকৰিবা৷ “

ওৰে নিশা উজাগৰে ৰোৱা চাহাব পুৱতিনিশা এটি অসহায় কেচুৱাৰ দৰে তাইৰ বুকুৰ কাষত শুই পৰিছিল৷

পিছলৈ

সেইনিশাটো ৰাধিকাৰ বাবে এহেজাৰ এনিশা হৈ পৰিল৷ প্ৰতিটো প্ৰহৰক লৈ তাই ৰচিত কৰি থাকিল অলেখ গুণিতক কাহিনী৷

হয়, সেই নিশা তাইৰ মাক পিতাক ঘৰত নাছিল৷ তাইৰ বিয়াৰ বাবে বাবাৰ আশীৰ্বাদ বিচাৰি পুতাপুৰ্ত্তিলৈ গৈছিল৷

বহুদিন পিছত মাকে কৈছিল, বাবাই হেনো তাহাঁতৰ বিয়াখনত বেমেজালি হব বুলি উনুকিয়াইছিল ৷

*********

স্বাধীনতা দিবসৰ দিনা ধেমাজিত সংঘটিত

ঘটনাৰাজিৰ পৰা সংগ্ৰামী সংগঠন লগতে আৰক্ষী, সেনাবাহিনী জনসাধাৰণৰ কঠোৰ সমালোচনাৰ সম্মূখীন হৈছিল৷ চৰকাৰৰ দৰবাৰত জোকাৰণি উঠিছিল৷

আণ্ডাৰ গ্ৰাউণ্ড সকলো সংগ্ৰামী সংগঠনৰ প্ৰতি

ৰাজ্যিক আৰু কেন্দ্ৰীয় দুয়োটা গৃহ বিভাগ কঠোৰ হৈছিল৷

সকলো সংগ্ৰামী সংগঠনকে আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান কৰা হৈছিল৷

গেৰিলা যুঁজাৰু হাতীক সংগ্ৰামৰ পথ এৰি মুকলিলৈ আহিবলৈ বাৰম্বাৰ যোগাযোগ কৰা হৈছিল৷ আকোৰগোঁজ স্বভাৱৰ হাতীক মনাব পৰা হোৱা নাছিল৷

তেওঁৰ মাতৃভূমিৰ হকে কৰা সংগ্ৰামৰ পথ সঠিক হয়নে নহয় বিচাৰ নকৰাকৈয়ে জানিব পৰা গৈছিল সেয়া ভয়াবহ পথ৷

সেই ভয়াবহ পথটোত সংগ্ৰামী বিজয় ওৰফে বিজু হাতীবৰুৱা ওৰফে হাতী

বাঘৰ পিঠিত উঠিছিল৷

উঠি থকাও বিপদ, নামিলেও বিপদ৷

বিভাগীয় গোপন তদন্তত দুধৰ্ষ উগ্ৰপন্থী সংগ্ৰামীসেনা হাতী, ভাৰতীয় সেনা বিষয়া মেজৰ ৰঞ্জয় হাতীবৰুৱাৰ ভাতৃ বুলি তথ্য সন্নিবিষ্ট হৈছিল৷ যাৰ বাবে নিৰ্দোষী হ’লেও বিভাগীয় চোৰাংচোৱাই চাহাবৰ পিছ এৰা নাছিল৷

দেশৰ অখণ্ডতাৰ প্ৰতি জীৱন উচৰ্গিত বিষয়াজনৰ গতিবিধিক অকাৰণে সন্দেহৰ আবৰ্তত আনি মানসিক ভাবে আতিশাৰ্য্য চলাইছিল৷

বিচক্ষণতাৰ বাবে হাতী বাৰে বাৰে পুলিচ অথবা সেনাবাহিনীৰ অভিযানৰ পৰা হাতসাৰি গৈছিল৷ কিন্তু সন্দেহৰ আঙুলি গোপনে চাহাবৰ ফালে উঠিছিল৷

নিজৰ নিৰ্দোষিতা প্ৰমাণ কৰিবলৈ

চাহাবৰ ওপৰত ন্যস্ত কৰা হৈছিল সেই গুৰু দ্বায়িত্ব, হাতীক আত্মসমৰ্পণ কৰাবলৈ বাধ্য কৰাৰ দ্বায়িত্ব৷

***********

গুৱাহাটী এৰি চাহাব উজনিলৈ গ’ল৷
(আগলৈ)

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.