স্মৃতিৰ তুলাচনীত দুই দশকৰ আগৰ এটি দেওবাৰ – বন্দিতা বৰঠাকুৰ পাঠক

স্মৃতিৰ তুলাচনীত দুই দশকৰ আগৰ এটি দেওবাৰ – বন্দিতা বৰঠাকুৰ পাঠক

স্মৃতিৰ তুলাচনীত দুই দশকৰ আগৰ এটি দেওবাৰ – বন্দিতা বৰঠাকুৰ পাঠক

by December 17, 2017 0 comments

পুৱা চাৰে আঠমান বজাৰে পৰা খদমদমখিনি আৰম্ভ হয়৷ সোনকালে পুৱাৰ জলপান খাই সাজু হ’ব লাগে৷ টিভি থকা কেইঘৰৰ ভিতৰত ওচৰৰ মানুহখিনি ভাগ হৈ যায়৷ আইতাৰ বান্ধৱী আইতাকেইগৰাকীয়ে গা-পা ধুই ধূপ একোডাল লৈ আমাৰ টিভি কোঠাত গোট খায়হি৷ ককাৰ বন্ধু, দেউতা-খুৰাৰ বন্ধু সকলো আহে৷ খুৰাহঁতে ঘৰৰ যিমানবোৰ চকী মুঢ়া থাকে আনি টিভিৰ আগত আনি সজাই দিয়েহি৷ ককা- আইতা আৰু বাকী সকলো চকী-মুঢ়া আৰু ডিভানখনত বহি পৰাৰ পিছত আমি ঘৰৰ সৰুবোৰে ডিভানৰ ওপৰত উঠি বেৰত পিঠিলগাই থিয় হব লাগে৷ কাৰণ আগত আমাৰ কাৰণে বহিবলৈ ঠাই নাথাকে আৰু পিছত বহিলে নেদেখো৷ মা-খুৰী হতে শেষৰ ফাললৈ বুঢ়া আঙুলিৰ ওপৰত থিয় হৈ মুৰবিলাকৰ মাজে মাজে চকু আৰু টিভিৰ সৰল ৰেখা ডাল মিলাওঁতেই ৰামানন্দ সাগৰৰ ৰামায়ণখন আৰম্ভ হয়৷ শিৰোনামাৰ গানটো দি থাকোঁতেই সেৱা সৎকাৰখিনি কৰি তাৰ পিছৰ এঘণ্টা সময় কোনেও কাহ এটাও নামাৰে৷ বেজী পৰিলেও শুনা সেই এটা ঘণ্টাৰ কথা ভাবিলে আজিও মোৰ মনটো ভৰি পৰে৷ ঘেৰেককৈ যে খুলিব পাৰি, কাঠৰ ক’লা- বগা টিভি এটাই আমাৰ ঘৰৰ শোভা বৰ্ধন কৰিছিল৷ আমি সৰু কেইটাই গা নোধোৱাকে চাবলৈ অহা বুলি গম পালে আলহী আইতা-বৰমা বিলাকে আমাক বৰ খঙ কৰিছিল৷ ককাৰ ককাকৰ ঘৰ দিখৌমুখৰ ফালে তেতিয়া খুব কাৰেণ্টৰ সমস্যা আছিল৷ দাদা দুজনমানে কিবা উপায়েৰে একঘণ্টা সময় মটৰ চাইকেল ষ্টাৰ্ট কৰি হ’লেও বেটেৰীৰ সহায়ত গাঁৱৰ এঘৰত টিভি চলাব পৰা সুবিধা কৰি দিছিল আৰু সকলোৱে একেলগে চাইছিল৷ ৰামায়ণ ছিৰিয়েল খনে সেই সময়ৰ প্ৰত্যেকখন ঘৰতেই যেন সদস্যৰ সংখ্যা বহুত বঢ়াই দিছিল৷ ৰামায়ণখন শেষ হোৱাৰ পিছতেই ডাঙৰসকলৰ চাহৰ পৰ্ব চলিছিলে আৰু আমাৰ সৰুবোৰৰ বহু আকাংক্ষিত “হিমেন”, “বল্লু” আৰু “আংকোল স্ক্ৰুজ” টিভিত ওলাইছিলে৷ পিছে সেই সময়তে খুৰাই বহুত সময় বাজি থাকি টিভিটো গৰম হ’ল বুলি অফ কৰি ক’লিন দি মছিবলৈ লৈছিল৷ পিছে যেনিবা দহ মিনিটমান পাছত আকৌ অন কৰি দিছিল৷ চিত্ৰহাৰ, ৰংগোলী, ডঃ চাহাব, ফৌজি, মুংগেৰীলাল কে হচিন চপনে এনেকৈ কেইবাটাও বেলেগ অনুষ্ঠান পৰিবেশন হৈছিল৷ সেইবোৰ ঘৰৰ ডাঙৰসকলে চাইছিল৷ এবাৰ মাত্ৰ চিত্ৰহাৰ চাই থাকোতে ওচৰৰ আইতা এগৰাকীয়ে আমাৰ আইতাক “নাচি থকা ল’ৰা-ছোৱালীদুটা গিৰিয়েক-ঘৈণীয়েক নেকি?” বুলি সোধাও মনত আছে৷ ইয়াৰ মাজতে এণ্টেনা পৰা, চেণ্টাৰ যোৱা আৰু কাৰেণ্ট যোৱা আমাৰ কাৰণে চাগে তেতিয়া পৃথিৱীৰ প্ৰধান সমস্যা আছিল৷
আজিকালি টিভিত এটা অনুষ্ঠান একঘণ্টা সময় একেলেথাৰিয়ে বহি চোৱাৰ কথা ভাবিবলৈ অসুবিধা হয়৷ বিজ্ঞাপনৰ প্ৰকোপৰ কথা নকওঁৱেই বাৰু৷ কিন্তু ইমানবিলাক চেনেলৰ মাজত ৰিমটটো টিপি গ’লেও সেই মন-ভৰি যোৱা মুহূৰ্তবোৰ হয়তো কেতিয়াও পাব নোৱাৰিম৷ দেওবাৰৰ দুপৰীয়াটো ৰেডিঅ’ৰ অকনিৰ মেলে শুৱনি কৰিছিল৷ গধূলিলৈ হিন্দী চিনেমা এখনো আহিছিল টিভিত৷ পিছে সেইখনত প্ৰায় সদায়ে লাইটে বিধি-পথালি দিছিল৷ ৰেডিঅ পুৱা চাৰে আঠটাৰ পৰা দহটালৈ বাজিছিল৷ কোনে শুনিছিল নাজানো৷ কিন্তু কিতাপ-জপা, গা-ধোৱা, ভাত-খোৱা আৰু স্কুল-অফিছ যোৱা কামবোৰ গীতাঞ্জলী, অসমীয়া বাতৰি আৰু হিন্দী বোলছবি গীতৰ অনুষ্ঠানৰ তালে তালে হৈছিল৷ নটা-পোন্ধৰৰ অনুষ্ঠানটোৰ দুটামান গান শেষ হওঁতেই আমি স্কুললৈ ঢাপলি মেলিছিলো৷

☆★☆

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.