বাৰাংগনাৰ জুপুৰি (তৃতীয় খণ্ড) পৰী পাৰবীন

বাৰাংগনাৰ জুপুৰি (তৃতীয় খণ্ড) পৰী পাৰবীন

বাৰাংগনাৰ জুপুৰি (তৃতীয় খণ্ড) পৰী পাৰবীন

by December 17, 2017 0 comments

 সৰুপুত্ৰৰ উজ্জ্বল মুখখনলৈ অলংকৃতাই চাই ৰ’ল৷ ছবছৰীয়া এটা শিশুৱে সপোনত দেউতাকৰ লগত কথা পাতিছে, মাকৰ উমাল কোলাত নিশ্চিন্তে পৰি ৰৈছে৷ পুতলা গাড়ী, বল, ছবিৰ বাদে কিয়েইবা ভাবিব পাৰে সিঁহতে! দুইটিকে কপালত দুটা চুমা আঁকি দিলে৷ ওঁঠযোৰ শুকান তাইৰ৷ চকুপানীৰ লুণীয়া সোৱাদে হয়তো ওঁঠ চুইছিল৷ উঠি গৈ বেচিনত মুখখন ধুই ল’লে৷ মেলা চুলিখিনি গত লগাবলৈ তাইৰ সত নগ’ল৷ দুৱাৰ খুলি লাহে লাহে ঘৰৰ সন্মুখৰ সেউজীয়া লনখনৰ ঝুলনাডালত বহি ল’লে৷ বাগানভেলিয়াৰ ফুলবোৰে ঢাকি ৰখা গেটখন৷ দূৰৈৰ সীমান্তত নীলাকৈ পাহাৰখন৷ এক নান্দনিক পৰিবেশ৷ ঠিক তাই বিচৰাৰ দৰেই সকলোবোৰ আছে৷ একেই সেউজীয়া, একেই নীলা, একেই আকাশ, একেই বতাহ৷ তথাপি যে কি এক শূন্যতা! সমগ্ৰ বুকু জুৰি ভৰি থকা শূন্যতাৰ ভৰত ভৰিৰ তলৰ মাটিখিনি যেন এই জহে, এই খহে৷
আলট্ৰাচে নিজে সজোৱা ঘৰ৷ ঘৰটো সজাওতে তাই একেবাৰে মন দিব পৰা নাছিল৷ ট্ৰেন্সফাৰ হৈ থকা চাকৰি তাইৰ৷ তাইৰ চাকৰি জীৱনত খুব বাধ্যবাধকতা৷ মন গ’ল বুলিয়েই তাই বহুত কাম কৰিব নোৱাৰে৷ তাইৰ ওপৰত ন্যস্ত থাকে বহুতখিনি আইনী দায়বদ্ধতা৷ জিলাৰ প্ৰথম শ্ৰেণীৰ মেজিষ্ট্ৰেট তাই৷ গতিকেই সাধাৰণ মানুহৰ দৰে তাই যলৈ তলৈ যাব নোৱাৰে৷
প্ৰস্তাৱটি আলট্ৰাচেই দিছিল৷ ঘৰ সজাৰ পৰিকল্পনাও তাৰেই আছিল৷ বৰ চৌখিন সি৷ কলকাতাৰ পৰা মিস্ত্ৰী আনি কাঠৰ কাম কৰাইছিল৷ মোজাইক কৰা মজিয়া৷ তাইৰ কাৰণে এটা ডাঙৰ লাইব্ৰেৰী কোঠা৷ বাহিৰৰ লনখনত দুজনীয়া ঝুলনা৷ সি জানিছিল এই দুটা বস্তুৰ প্ৰতি তাইৰ অত্যধিক মোহ৷ নতুনকৈ অনা একুৰিয়ামটোৰ সোণালী মাছজনীলৈ অপলক নয়নেৰে চাই থকা তাইৰ গালৰ ডিম্পলটিত টুকুৰিয়াই সি কৈছিল, “সিহঁতে যেতিযা টিভি চাব, আমি তেতিয়া ঝুলনাত বহিম৷ সিহঁতে যেতিয়া ঝুলনা খেলিব, আমি জোনাকৰ পালেংত বহি তৰা গণিম৷ হ’বনে কৃতা”?
লাজৰ আভৰণে চুই যায় তাইক৷ সিহঁত নহা দিনতো সিহঁত অহা দিনৰ আখৰা কৰিছিল আলট্ৰাচে৷ সিহঁত মানে তাইৰ সন্তান দুটি৷ কিমান যে পৰিকল্পনা সিহঁতক লৈ! কেইবাবছৰৰ আগৰ কথা সেয়া৷ সময় ৰৈ নাথাকে৷ ৰৈ যায় স্মৃতি৷ জোনাকী পালেঙৰ তৰা গণাৰ হেঁপাহত দুবাৰকৈ অলংকৃতাই গৰ্ভত বীজ থাপিলে, মাজতে তাই বেলেগ জিলালৈ বদলিও হ’ল৷ পৰিপূৰ্ণ হৈ উঠা এখন সংসাৰ আৰু সামাজিক দায়বদ্ধতাৰ আঁৰে আঁৰে হয়তো কোনোবাখিনিত ফাঁক ৰৈ গ’ল৷ সেই ফাঁকখিনিৰে সোমাই আহিল এক পৰনাৰী, উল্কি শইকীয়া যাৰ নাম, কঞ্জনীল শইকীয়াৰ যি সদ্যবিবাহিতা পত্নী৷
“জানেনে, সাতবছৰ প্ৰেমৰ পাছত আমাৰ বিয়া হৈছিল”, কঞ্জনীলে মেচেজত লিখিছিল৷ গধূৰ হৈ পৰা চকুহাল তুলি অলংকৃতাই অফিচ চেম্বাৰৰ চিলিঙখনলৈ চাই ৰৈছিল৷ কি বুলি উত্তৰ দিয়ে তাক? কি বুলি বুজায় তাক? তাইকেনো কোনে বুজায়?
“তাইক মই ডিভৰ্চ দিম”৷ সেই সন্ধ্যাৰ শেষ মেচেজ আছিল কঞ্জনীলৰ৷ তাৰ পাছতে তাই অফিচ এৰিছিল৷
কঞ্জনীলে উল্কিক ডিভৰ্চ দিব পাৰে, যি নাৰীৰ প্ৰতি তাৰ তিলমানো সন্মান ৰৈ যোৱা নাই, সেই নাৰীৰ সি শৰ্য্যাসংগী হৈ থাকিব নোৱাৰে, সেয়া তাৰ যুক্তিত পৰে৷ তাইৰহে আবেগৰ বাটত বিবেকৰ সৈন্য৷ সেই বিবেকৰ বাটত শতটা যুক্তিৰ সৈন্য৷ পৰস্পৰ বিৰোধী সৈনিকৰ দলটোৱে নিজৰ মাজতে কটা-মৰা কৰি তাইক ধৰাশায়ী কৰি পেলাই থৈছে৷ তাইৰ কাৰেং এতিয়া জহিছে৷ তাইৰ মনৰ দৌল খহিছে৷ ডাৱৰে আৱৰি ধৰা আকাশখনেও মহাজনৰ দোকানত বন্ধকী কৰি থৈ গৈছে যেন শেষমুঠি জোনাক৷
ঝুলনাৰ ৰচীডাল সাৱটি বহি থাকোতেই ভিতৰত দুইপু্ত্ৰৰ দৌৰাদৌৰি শুনা পালে৷ স্কুলটাইম এয়া৷ ৰ’বলৈ সময় নাই৷ তাইৰ কৰ্মব্যস্ততাৰ বাবেই হয়তো সিহঁত দুয়োটা কিছু পৰিমাণে আত্মনিৰ্ভৰশীল৷ ছবছৰীয়াটোৱেও স্কুলবেগ সামৰিব জনা হ’ল৷ নিজে গা ধুই ইউনিফৰ্ম পিন্ধিব পৰা হ’ল৷ তাই দৌৰাদৌৰিকৈ কিটচেনত সোমাল৷ টিফিনৰ পৰা ব্ৰেকফাষ্টলৈকে প্ৰস্তুত কৰিব লাগে তাই৷ গেছৰ এটা স্তভত আলুভাজিখিনি হ’বলৈ দি তাই লুচিৰ কাৰণে ময়দা উলিয়াই ল’লে৷ প্ৰেছাৰ-কুকাৰটোও এটা স্তভত বহাই দিলে৷ কাম কৰা মানুহগৰাকীয়ে সকলোবোৰ তাইৰ সুবিধা হোৱাকৈ যতনাই দিয়ে৷ কিন্তু কিটচেনটো তাই এৰিবগৈ পৰা নাই৷ আলট্ৰাচৰ পছন্দ নহয় অন্যৰ হাতৰ সোৱাদ৷ সেই সোৱাদৰ হেঁপাহখিনিক তাই যিমানপাৰে বঞ্চিত কৰিব নিবিচাৰে৷
লুচিখিনি বেলি থাকোতেই তাই দুয়োটাৰে চিঞৰ বাখৰ শুনিলে৷ পেঞ্চিলডাল, ৰবৰটো লৈয়ে সিহঁতৰ কাজিয়া আৰম্ভ হয়৷ সৰুটোৱে ইউনিফৰ্মৰ টাইডাল লগাব পৰা নাই৷ ককায়েকে পাৰে মানে চেষ্টা কৰিছে ভায়েকক সহায় কৰি দিবলৈ৷ কিন্তু তাতো কিবা মুখ ওফোন্দা ওফোন্দি৷ হয়টো কিবা এষাৰ কৈ জোকালে তাক৷ লৰালিৰ দুষ্টালি ককায়েকৰ চকুৱে মুখে৷ ওমলাৰ বয়স এয়া৷ আন সময়ত তাই হয়তো কিবা এষাৰ ক’লেহেঁতেন৷ আজি তাই একোকে নক’লে৷ ডাঙৰটিয়ে কিবা বুজি পোৱা হৈছে৷ মাকৰ গহীন মুখখনলৈ চাই সি মাকক সাৱটি ধৰিলে, “মা, তুমি পাপাক মিছ কৰিছা ন”?
বুকুখন চিৰিঙকৈ মাৰিল তাইৰ৷ সিও বুজি পোৱা হৈছেগৈ মিছ কৰা মানে কি৷ তাৰ ফালে চাই তাই মিচিকিয়াই হাঁহিলে৷ হাঁহিবোৰ গধূৰ৷ চকুলোবোৰ আৰু গধূৰ৷ বৈ নাহে সহজে৷ বুকুত বৰফৰ ঘৰ সাজে৷
প্ৰেছাৰ কুকাৰৰ হুইছেলটো বাজি উঠিল৷
“আউচ”, প্ৰেছাৰৰ কুকাৰটো স্তভৰ পৰা নমাবলৈ লওতেই হাতৰ এবখলা এৰাই আহিল৷ অন্যমনস্কতাৰ কোবত লুচি ভাজিবলৈ লোৱা গৰম তেলখিনিতে হেতাখনৰ পৰা পানী এটোপাল পৰি গৰম তেলে এইবাৰ ডিঙি শুৱনি কৰিলে৷ বৰ আলসুৱা তাই৷ বৰ আলসুৱা৷ মাকৰ ঘৰত একোকে কৰি নোপোৱা ছোৱালীজনীক ভাত ৰান্ধিবলৈ শিকাইছিল আলট্ৰাচে৷ ইমান বুজাপৰা আছিল সিহঁতৰ! ক’ত যে কেনেকৈ ভুলবোৰ হৈ যায়! এই ভুলৰ ফলশ্ৰুতিত তাইৰ হাতৰ এবখলা এৰে৷ বুকুৰ জুইকুৰাই তাইৰ সময়বোৰ পোৰে৷ যোৱাবাৰ ককায়েক আহোতে তাইৰ এই অৱস্থা দেখি ডবিয়াই থৈ গৈছিল, ‘এই চেটিনৰ নাইটি পিন্ধি কিটচেনত নোসোমাবি তই’ বুলি৷ বুকুৰ দহনৰ কথা অৱশ্যে ককায়েকৰ অনুমানৰ বাহিৰত৷
স্কুলবাছত উঠি ল’ৰা দুটি স্কুললৈ বুলি ৰাওনা হ’ল৷ কালিৰে পৰা আলট্ৰাচক ফোন কৰা হোৱা নাই৷ কিদৰেনো মোকাবিলা কৰে এই পৰিস্থিতি তাই বুজিকে পোৱা নাই৷ উজাই আহিব খোজা খঙটো বাৰে বাৰে দমন কৰি ৰাখিছে তাই৷ কিদৰে তাই আলট্ৰাচক কয়, “চোৱা আলট্ৰাচ, তুমি ধৰা পৰি গ’লা মোৰ ওচৰত”৷ মাজে মাজে মনটো প্ৰতিশোধপৰায়ণ হৈ উঠে৷ যেন কৈ উঠিব সকলোকে৷ পৃথিৱীক জনাই দিব তাই প্ৰতাৰিত হোৱাৰ খবৰ৷ চাৰিআলিত ৰৈ ফটোবোৰ বিলাব এখন এখনকৈ৷ নতুবা চ’চিয়েল মেডিয়াত এৰি দিব এখনৰ পাছত এখনকৈ ছবি৷ পিছমুহূৰ্ততে সম্বৰণ কৰে নিজকে৷ কি যে অপৈণত চিন্তা কিছুমান কৰি আছে তাই! এনেদৰে কি হেৰোৱা প্ৰেম ঘূৰাই পোৱা যায়? নাঃ নহয়৷ এনেকৈতো হৃত প্ৰেম ঘূৰাই পোৱা নাযায়৷ কেৱল প্ৰেম কিয়, পদূলি গচকি পাৰ হৈ যোৱা একোকেতো ঘূৰাই আনিব নোৱাৰি৷ মৃত্যুৰ পৰা ঘূৰাই আনিব পাৰিনে কাৰোবাক? পাৰিনে? খঙবোৰ হতাশালৈ ৰূপান্তৰ হয়৷ চুলিখিনি আজুৰি অলংকৃতা বিছনাখনতে বহি পৰে৷
অকলশৰীয়া সময়বোৰ কষ্টকৰ৷ সমান্তৰালভাৱে কষ্টৰ সময়বোৰো অকলশৰীয়া৷ তাতোকৈ ডাঙৰ কথা, এই সময়ত তাই কাৰোৰে সান্নিধ্য কামনা কৰা নাই৷ ফোনটোৰ ওচৰলৈকো যোৱা নাই৷ আলট্ৰাচেও ফোন কৰা নাই৷ তাই কিছু আচৰিত হ’ল৷ আনদিনা ল’ৰা দুটিৰ খবৰ ল’বলৈকে আলট্ৰাচে ফোন কৰে৷
“ফোনটো? ”
হঠাতে কিবা মনত পৰাৰ দৰে তাই জাঁপ মাৰি উঠিল৷ ফোনটো কিয় বজা নাই আজি? ক’ত থ’লে ফোনটো৷
“অহ হ’! মনত নপৰে কিয় ফোনটো ক’ত আছে”, বিচাৰি বিচাৰি ভাগৰি পৰিল তাই৷ লাইব্ৰেৰী ৰূম, শোৱনি কোঠা, ল’নখনৰ ঝুলনাডাল সকলোতে বিচাৰিলে৷ নাই তাইৰ ফোনটো কতোৱে নাই৷
হতাশ হ’ল তাই৷ এনেদৰে কেনেদৰে হ’ব? হেৰাই গৈছে তাই৷ তাই নাই নিজৰ সতে৷ নিতান্তই স্বাভাৱিক হৈ তাই যন্ত্ৰবৎ কামবোৰ কৰি যোৱাৰ পাছতো বুজি উঠিছে তাই, মানুহৰ চকুত ধৰা পৰি যোৱাকৈ হতাশ হৈ পৰিছে তাই৷ চিৰসেউজ মুখমণ্ডলত কোনোদিনে নেদেখা কজলা ৰেখ৷
তাইৰ এটা পৰিচয় আছে৷ বহুত জটিল কেচ সমাধান কৰিব পৰা দক্ষতাৰ বাবেই হওক, নতুবা সৰ্বসত্তাত বিৰাজ কৰি থকা আত্মবিশ্বাসৰ বাবেই হওক, তাই খোজ কঢ়া বাটত অনেকজনে ফুল ছটিয়ায়৷ এই মাত্ৰ এজন মানুহ, যিজনে তাইৰ উপভোগ্য খোজবোৰত শিকলি বান্ধি গোলাপ কোমল দলিচাত সিঁচি দিলে বিষাক্ত কাঁইট৷ কোন সেইজন ব্যক্তি?
আলট্ৰাচ নে?
উল্কি?
নে কঞ্জনীল?
ভালে নাথাকিল তাই৷ বাথৰূমৰ শ্বাৱাৰৰ লগত চকুপানীবোৰ বৈ যাওতেও এজাক দলপুঙা চৰায়ে তাইৰ বুকুৰ বাহিৰে ভিতৰে উৰি উৰি সোঁৱৰাই গ’ল, “ভালে নাই তই অলংকৃতা, ভালে নাই তই৷ ”
কি কৰে তাই? অভিমানেৰে ওফন্দি উঠা মুখমণ্ডল৷ এই যেন লণ্ডভণ্ড কৰি পেলাব ঘৰৰ সমূহ আচবাব, চিঞৰি চিঞৰি কান্দিব নতুবা বেডিং পত্ৰ বান্ধি ককায়েকৰ আগত স্বামীৰ প্ৰতিবাদ কৰিব৷ মাকৰ আঁচলেৰে চকুলো মচি কৈ উঠিব, “আই সেইখন ঘৰত নাথাকোগৈ, নপঠিয়াবি মোক দুনাই”৷
পদূলিত গাড়ী ৰখাৰ শব্দ হ’ল৷ অফিচৰ সময় হৈ গ’ল৷ কলিং বেলৰ শব্দত তাই বাহিৰলৈ ওলাই আহিল৷ দুৱাৰমুখত অফিচৰ গাড়ীচালক ৰমেশ৷ তাইলৈ মোবাইল ফোনটো আগবঢ়াই দিলে, “বাইদেউ, ৰাতিটো এইটো গাড়ীতে পৰি থাকিল৷ মই এতিয়াহে দেখিছো”৷
ফোনটো তাই দাঙি ল’লে৷ বহুতকেইটা মিছকল৷ আলট্ৰাচৰ, কঞ্জনীলৰ, দুটামান বেলেগ নাম্বাৰৰ৷ লগতে কেবাটাও মেচেজ৷ কঞ্জনীলৰ মেচেজ কেবাটাও৷ মেচেজবক্সটো খুলি ল’লে তাই,
“বাইদেউ আপুনি একো নক’লে৷ মই মৰি যাম বাইদেউ৷ তাইকো মাৰি পেলাম৷ আপোনাৰ মিষ্টাৰকো জেলত ভৰাম৷ আপোনাৰ মিষ্টাৰে মোৰ মিছেচৰ লগত এনেকুৱা সম্পৰ্ক গঢ়ি তুলিছে, আপোনাৰ অকণো গাত লগা নাই? ”
বুকুখন কঁপি উঠে তাইৰ৷ কলীয়া ডাৱৰবোৰ গলি এজাক বৰষুণেৰে সেমেকা কৰি তুলে পৃথিৱী৷ কিদৰে বুজায় কঞ্জনীলক, কতদিনৰ পৰা যে ৰ’দলৈ বাট চাই চাই ভাগৰি পৰিছে তাইৰো মনৰ ৰামধেনু৷
আদিম বন্যতাত ভাঁহি আহে এখন মুখ৷ কঞ্জনীলৰ মুখ৷ পুৰুষতান্ত্ৰিক সমাজৰ বিচাৰকৰ ভূমিকা লোৱা এখন মুখ৷ পুৰুষে অবাটৰ বাট ললেও আঙুলি নুঠে সহস্ৰজনৰ৷ সেয়া সমাজে দিয়া পুৰুষৰ অধিকাৰ৷ নাৰীয়ে অবাটৰ বাট ল’ব নোৱাৰে, সেয়া সমাজে বান্ধি দিয়া নাৰীৰ দায়িত্বৰ শিকলি৷
গভীৰ অৱসাদেৰে তাই অনুভৱ কৰিলে, চৌপাশে এজাক দলপুঙা চৰাই৷ তাইৰ খবৰ লৈ লৈ ভাগৰি পৰা নাই দলপুঙা চৰাই৷ অস্থিৰতাত ডুব যোৱা শৰবিদ্ধ সময়বোৰত ডৌকা কোবাই উৰি ফুৰা দলপুঙা চৰাই৷ অথচ সমাজ প্ৰতিষ্ঠাৰ ভীষ্মপ্ৰতিজ্ঞাত যেন আবদ্ধ সময়৷
সমাজৰ দেৱালখন গিৰগিৰকৈ খহে৷ শুধ বগা শাৰীখনে মেৰিয়াই ধৰে তাইৰ কজলা হৃদয়৷ ক’লা কোট আৰু বগা টাইৰ মাজত বান্ধি থয় চিন্তাৰ বৈপৰীত্য৷
বিশাল তামোলীয়ে কৈছিল নিউটনৰ সূ্ত্ৰ৷ তায়ো বুজি উঠিছে অহা-যোৱাৰ সূত্ৰই সত্য৷ তথাপি মনৰ মাজত যুদ্ধখন চলি থাকে৷
এই যুদ্ধখন তাই নিত্য সহচৰ৷ কথা কমকৈ কয় তাই৷ মনৰ মাজত অবিৰাম চলি থাকে নাটকৰ সংলাপ৷ ভাল-বেয়াবোৰৰ সীমাৰেখা বিচাৰি ফুৰে৷ কোনবোৰ ভাল, বেয়াইনো কোনবোৰ? সমাজে নিৰ্ধাৰিত কৰি দিয়া ৰচীডালতে ওলমি থাকেনে ভাল-বেয়া সংজ্ঞাবোৰ? সেই সংজ্ঞাত সন্তুষ্ট হয়নে সকলোবোৰ? ধৰা হওক, এচাম সন্তুষ্ট নহয় চলি অহা এই সংজ্ঞাত৷ সমাজৰ নিয়মবোৰ ভাঙি নতুন নিয়মেৰে সমাজ প্ৰতিষ্ঠা কৰাৰ সংজ্ঞাত বিশ্বাসী তেওঁলোক৷ সেই নিয়মত বান্ধোন নাথাকে, থাকে মুক্ত চাল-চৰণ৷ দুয়োটা সংজ্ঞাৰে চলকৰ মানত বহি লয় তাই৷ প্ৰচলিত কিছু ব্যবস্থাৰ বিৰুদ্ধে তাইৰো বিষোদগাৰ নোহোৱা নহয়৷ কিন্তু তাই সদায় সেই পক্ষত, যি পক্ষত শান্তি থাকে৷ তাই সেই পক্ষত, যি পক্ষত ক্ষতিভয়ৰ পৰিমাণ কম হয়৷ লাগিলে তাৰ বাবে হৃদয়ৰ কোৰবানেই নহওক কিয়৷
মুণ্ডহীন নাৰী দেহটিৰ পষ্টমৰ্টেমৰ সময়ছোৱাত উপস্থিত আছিল তাই৷ সেই নাৰীগৰাকীৰ কটা মূৰটো লৈ তাইৰ স্বামীয়ে পুলিচ থানাত আত্মসমৰ্পণ কৰিছিল৷ চমকি উঠে তাই৷ সেই কেচটোৰ শুনানী আছে আজি৷ আচামীয়ে স্বীকাৰ কৰিছে সেই হত্যাকাণ্ডৰ কথা৷ যাবজ্জীৱন কাৰাদণ্ডৰে কেচটো সামৰিছে জিলা ও সত্ৰ ন্যায়াধীশে৷ লোমহৰ্ষক হত্যাটিৰ শুনানীৰ পৰিপ্ৰেক্ষিতত আদালতৰ বাহিৰত সহস্ৰজনৰ ভিৰ৷
ওলাও আহো বুলিও আদালতৰ পৰা তাই ওলাই আহিব পৰা নাই৷ কেমেৰা আৰু সাংবাদিকৰ প্ৰশ্নৰে ভিৰ লাগি থকা আদালত চৌহদ৷ বিশালে তাইক গাড়ীত তুলি দিবলৈকে আদালতৰ চৌহদৰ পৰা ওলাই আহিল৷ তাইৰ মনৰ গতিৰ উঠা নমা সি লক্ষ্য কৰিছে৷ সেয়ে তাইৰ কাষে কাষে আছে সি৷ এয়া তাৰ সহানুভূতি নে? নে আন কিবা? আন কিবাই হয়তো৷ হয়তো কিছুমান দায়িত্ববোধ আপোন মানুহৰ প্ৰতি, যি কথা কি কাকো ক’ব নোৱাৰে৷ তাতকৈ জ্যেষ্ঠ মহিলাগৰাকীক সি মনে-প্ৰাণেৰে নিৰাপত্তা দিব বিচাৰে৷
“মেডাম, আপুনি যাওক৷ আমি বাকীখিনি চম্ভালি ল’ম”, ৰমেশক গাড়ী চলাবলৈ নিৰ্দেশ দি সি পুনৰ সাংবাদিকৰ বেষ্টনীত সোমাই পৰিল৷
তাইৰ চকুৰ আগলৈ বাৰে বাৰে দৃশ্যটো আহি আছে৷ ৰাজপথ তেজেৰে তুমুৰলি কৰি এজন মানুহ চিঞৰি চিঞৰি থানাৰ ফালে দৌৰিছে৷ হাতত একোছা চুলিৰে সৈতে এটা মুণ্ড৷ তাৰ মৰমৰ পত্নীৰ দেহৰ পৰা বিছি্ন্ন কৰি অনা মুণ্ড সেয়া৷ সি স্বীকাৰোক্তি দিছে, তাৰ পত্নীৰ পৰ-পুৰুষৰ সতে সম্পৰ্ক আছিল৷ কঞ্জনীললৈ মনত পৰে তাইৰ৷
দূৰৈৰ পৰা ভাঁহি আহে পাপনৰ কণ্ঠ,
“উল্লাসে পাহৰায়
ৰঙা ৰঙে যে
তেজ সিঁচি যায়”৷
কি বুলি দিছিল সি শেষৰটো মেচেজ, “বাইদেউ আপুনি একো নক’লে৷ মই মৰি যাম বাইদেউ৷ তাইকো মাৰি পেলাম৷ আপোনাৰ মিষ্টাৰকো জেলত ভৰাম৷ আপোনাৰ মিষ্টাৰে মোৰ মিছেচৰ লগত এনেকুৱা সম্পৰ্ক গঢ়ি তুলিছে, আপোনাৰ অকণো গাত লগা নাই? ”৷
উচুপনি এটাই বুকুভেদি ওলাই অহাৰ বাট বিচাৰি ৰ’ল৷ গাড়ীৰ আগচিটত পি এছ অ’জন আৰু চালকৰ আসনত গাড়ীচালক ৰমেশ৷ ক’বলৈ মন আছিল তাইৰ, “নামি যা তঁহতে, গাড়ীখন মোক এৰি দে, মই এতিয়া অৰঙে দৰঙে হেৰাবলৈ যাম৷ মোক এৰি দে অকলে”৷
কঞ্জনীললৈ ফোন কৰিবলৈকো সুযোগ পোৱা নাই তাই৷ মানুহেৰে পৰিবেষ্টিত পৃথিৱী৷ তাইহে অকলে৷ আকাশখনলৈ চালে তাই, ডাৱৰেৰে আৱৰা আকাশ৷ এই যেন হুৰহুৰাই খহি সৰিব অভিমানী মেঘালি চকুলো৷ চকুলোৰে গঢ়ি উঠা উত্তল লেন্সত ধৰা দিয়েহি জীৱন৷ মুহূৰ্ততে যেন সৰু হৈ পৰে অলংকৃতাজনী৷ ছটফটাই উঠে তাইৰ পয়ত্ৰিশবছৰীয়া হিয়া৷ সৰিব খোজা চকুলোৰ শিলগুটিটো পতাত বান্ধি তাই চকুহাল মুদি দিলে৷ ববী প্ৰিণ্টৰ বগা ফ্ৰক পিন্ধা এজনী দহবছৰীয়া ছোৱালী৷ আলসুৱা ছোৱালীজনী ডাঙৰ হোৱা নাছিল তেতিয়াও৷ সৰু সৰু কথাতে ককায়েকৰ লগত ঠেহ পাতি ৰাস্তাৰ সিমূৰৰ ধ্ৰুৱমৰ ঘৰ পায়গৈ৷ ফুলি থকা মুখখন চিকুটি ধ্ৰুৱমে অভিমান ভঙাৰ খেল খেলে৷ ধ্ৰুৱম নাই আজি৷ প্ৰতিটো উজুতিতে তুলি ধৰা ধ্ৰুৱমৰ খবৰ নাপায় তাই৷ অথচ এই মুহূৰ্তত কি যে মন গৈছিল, ককায়েকৰ দৰেই যেন আলট্ৰাচৰো অভিযোগেৰে কাণ ঘোলা কৰি দিব ধ্ৰুৱমৰ৷ “কিছুমান বিন্দুত তই একেবাৰে অকলশৰীয়া হৈ পৰিবি৷ তেতিয়া তই ভাঙি পৰিবিনেকি কৃতা? নপৰিবি দেই”, বিদেশলৈ যোৱাৰ আগমুহূৰ্তত ধ্ৰুৱমে তাইৰ চুলিখিনি লিৰিকি দিছিল৷ কৈ গৈছিল, জীৱন যাপনৰ সূত্ৰ৷
“বৰৰ সূত্ৰটো মনত আছেনে? সেই যে ক্লাছ এইটত আমাক বনিয়া ছাৰে শিকাইছিল”৷
তাই চাই ৰৈছিল তালৈ৷ কি সংগতি এই পাতনিৰ সতে? মনত নাই তাইৰ৷ বিজ্ঞানৰ একো সূত্ৰই মনত নাই তাইৰ৷ তাই আৰ্টচৰ ছোৱালী৷ ইংৰাজীত মেজৰ লৈ পঢ়িছে৷ কেনেকৈ মনত থাকে নীলচ বৰৰ সূত্ৰ?
“চা, পদাৰ্থ এটা কিহেৰে গঠিত হয় জানইতো৷ অণু, পৰমাণুৰে৷ পদাৰ্থৰ ক্ষুদ্ৰতম কণাটোৱেই হৈছে পৰমাণু৷ সেই পৰমাণুৰ কেন্দ্ৰত থাকে ধনাত্মক আধানযুক্ত প্ৰটন৷ কাষে কাষে আৱৰ্তনত থাকে ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰন৷ কেন্দ্ৰত থকা প্ৰটন যিমানেই শক্তিশালী হয়, সিমানেই শক্তিশালী হয় ঋনাত্মক আধানযুক্ত ইলেক্ট্ৰনৰ৷ বুজিলি নে কিবা? ”
নাই, তাই নুবুজে৷ বুজাৰ সময় নহয় এয়া৷ ধ্ৰুৱম যাবগৈ, ইয়াতকৈ কঠোৰ সত্য তাইৰ বাবে একোৱেই নাই৷ সি তথাপি কৈ যায়, “জীৱনত যেতিয়াই বিপদত পৰিবি, তেতিয়াই চিন্তা কৰিবি, তোৰ মাজত থকা ধনাত্মক শক্তিৰ আকৰ্ষণতহে ঋণাত্মক আধানৰূপী শক্তিবোৰে তোৰ চাৰিওফালে ঘূৰি ফুৰিছে”৷
বুজিছিলনে তেতিয়া? নুবুজিছিল যদিও শব্দবোৰ কাণত বাজি ৰৈছিল৷ সি বেগটো কান্ধত লৈ লগৰ দীপকৰ বাইকত উঠি ধূলি উৰুৱাই গুচি গৈছিল৷ অস্ফূট স্বৰেৰে সিয়াৰি গৈছিল তাইক, “পুনৰ লগ নোপোৱাৰ প্ৰতিশ্ৰুতিৰে”৷ অভিমানৰ চকুলোৰে চপচপীয়া হৈ বহুতদিন ভাবিছে নীলচ বৰৰ সূত্ৰ, যেতিয়াই তাইক ঋনাত্মক শক্তিয়ে থকাসৰকা কৰিছে, তেতিয়াই তাইৰ মনলৈ আহে ধ্ৰুৱমৰ কথাষাৰিৰ তত্ত্ব, “তোৰ মাজত সিমানখিনি ধনাত্মক আধান আছে কৃতা, হাজাৰ ঋণাত্মকতাৰ মাজতো তই পাৰিবি মূৰদাঙি সদম্ভে থিয় দি থাকিবলৈ”৷
কাণত ৰিণি ৰিণি বাজি থাকে সেই সুৰ, “তই পাৰিবি কৃতা৷ তই পাৰিবি”৷

(চতু্ৰ্থ খণ্ড)
পাপনৰ গান, ধ্ৰুৱমৰ স্মৃতি আৰু নীলচ ব’ৰৰ সূত্ৰৰে ঋণাত্মক শক্তিবোৰৰ আধানশূন্য কৰি থাকোতেই অলংকৃতাৰ ফোনটো বাজি উঠে৷ আদালতৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত ফোনটো ৰিচিভ কৰো বুলিও তাই ৰিচিভ কৰিব নোৱাৰে৷ গাড়ীৰ সন্মুখৰ চিটত গাড়ীচালক ৰমেশ৷ কিছুমান কথা বৰ গোপন; যিহৰ খবৰ ঘৰৰ চাৰিকোণৰ দেৱালখনৰ বাদে কাকোৱেই জনোৱা নাযায়, তেনেবোৰ কথা এইসময়ত তাই কিদৰে পাতে? কিন্তু তাইৰ বাবে ফোনকলটোও সমানেই দৰকাৰী৷ কঞ্জনীলক বুজোৱা দৰকাৰ৷ তাক বুজাবলৈকে অন্ততঃ এটা পৰিবেশ লাগে৷ কিন্তু ক’ত যে পায় সেই পৰিবেশ? ফোনটো ৰিচিভ কৰিলে তাই, মুকলিকৈ কথা পাতিব নোৱাৰি মাথোঁঁ কৈ থ’লে, “কঞ্জনীল, মই তোমাক আধাঘণ্টা পিছত ফোন কৰি আছো হ’বনে”?
প্ৰকৃতিষ্ঠ অৱস্থাত নাছিল কঞ্জনীল৷ তাৰ মাততে বুজা যায় সেই কথা৷ কি লৈ আছে সি, কি নিচাৰে আছন্ন হৈ পৰিছে তাৰ বিষাদবোৰ, তাই বুজে, ক’ৰবাত যেন তাই বিধ্বংসী ধুমুহাৰ উমান পাই যায়৷ নিম্নস্বৰেৰে শূন্যতা ভৰা কণ্ঠেৰে সি কয়,
“বাইদেউ, মই সিদ্ধান্ত ল’লো, তাইক ইয়াৰ পৰা পঠিয়াই দিম৷ ”
পঠিয়াই দিব? ক’লৈ পঠিয়াই দিব? পুনৰাই কিবা সুধিবলৈ ভয় লাগে তাইৰ৷ জানোচা সি কৈ দিয়ে, “উল্কিক লৈ যাওক বাইদেউ” বুলি৷ এই ভাবনাটি অহাৰ লগে লগে বৰ অসহায় অসহায় লাগিল তাইৰ৷ নিজৰ পুৰুষৰ মাজত কি এক নিৰাপত্তা থাকে, হাজাৰ মূল্যৰ বিনিময়তো নাৰীয়ে যি ত্যাগ কৰিব নিবিচাৰে৷ মুহূৰ্ততে অস্থিৰ হৈ পৰে অলংকৃতা, হীনমন্যতাই ক্ৰিয়া কৰি যায় দেহ-মনত৷ এই যেন এই মুহূৰ্ততে সেই সৰুফুটীয়া ছোৱালীজনীৰ ওচৰলৈ দৌৰ মাৰি যাব, তাইৰ ভৰিদুখনত ধৰি ক’ব, “প্লিজ উল্কি, তুমি মোৰ সংসাৰৰ পৰা আঁতৰি দিয়া৷ বিনিময়ত যি লাগে লৈ যোৱা”৷ যেন কঞ্জনীলকে কৰযোৰে কাতৰ অনুৰোধ কৰিব তাই, “কঞ্জনীল, তুমি তোমাৰ পত্নীক সুখী কৰা, তাই যি বিচাৰে তাকেই দিয়া, মাথোঁঁ ইয়াৰ পৰা লৈ যোৱা”৷ নহ’লেবা আলট্ৰাচৰ বুকুত মূৰ আফালি দাবী জনাব, “আলট্ৰাচ মোৰ৷ তোমাৰ সন্তানৰ খাতিৰত উলটি আহা৷ যি বিচাৰা তাকেই দিম আল্ট্ৰাচ৷ মাথোঁঁ ঘূৰি আহা”৷
গধুৰ হুমুনিয়াহ এটাই গাড়ীৰ ভিতৰখন গধুৰ কৰি তোলে৷ গ্লাচখন খুলি দিয়ে তাই৷ ওন্দোলা আকাশ, খহি পৰিব যিকোনো মুহূৰ্ততে৷ আগতে এনে পৰিবেশত আল্ট্ৰাচৰ সৈতে ক’ৰবালৈ গ’লে কিমানবাৰ যে সাৱটি নধৰিছিল তাইক৷
কঞ্জনীলৰ ফোনটো সামৰি থয় তাই৷ এতিয়া ইয়াত গধুৰ উশাহ৷ এই গধুৰ উশাহবোৰত সি বাট হেৰুৱাব৷ বাট হেৰুৱালে অবাটে যাব৷ অবাটে গ’লে পৰোক্ষভাৱে তায়েই দায়ী হ’ব৷ তাই দায়ী হ’লে গোটেই জীৱন বিবেক দংশনত ভুগিব৷ বিবেকৰ বশ হৈ থকালৈকে সেয়া হ’বলৈ তাই দিব নোৱাৰে৷ উল্কিৰ বিষয়ে তাই খুব বেছি কথা নাজানে৷ সাতবছৰ প্ৰেমৰ অন্তত বিবাহ হেনো উল্কি আৰু কঞ্জনীলৰ৷ যোৱা তিনিবছৰৰ পৰা উল্কি আলট্ৰাছৰ ব্যক্তিগত সহায়িকা হিচাপে কাম কৰি আছেহি৷ কামৰ সৰু-বৰ নাই, সেই কথা তাই বুজে৷ কিন্তু ঘৰৰ পৰা ইমান দূৰত থাকি কাম কৰিছে যেতিয়া সেই কামৰ কিছু গুৰুত্ব নোহোৱা নহয়৷ তাইৰ জানিবলৈ মন গ’ল, কি’হৰ প্ৰয়োজনত ঘৰ আৰু স্বামীৰ পৰা দূৰৈত থাকি এটা ব্যক্তিগত খণ্ডত সীমিত আয় উপাৰ্জন কৰিব লগা হৈছে৷ আত্মীয় কুটুম্বৰ কাষত থাকিও তেনে পৰিমাণৰ আয়ৰ পথ এটা হয়তো তাই উলিয়াব পাৰিলেহেঁতেন৷ সুধিব লাগিব কঞ্জনীলক, সুধিব লাগিব কেতবোৰ কথা৷ কিহৰ তাড়নাত উল্কিয়ে নকইনা সাজেৰে স্বামীৰ ঘৰৰ পৰা ওলাই আহি এক অচিনাকি ঠাইত অকলশৰীয়াকৈ জীৱন যাপন কৰাৰ সিদ্ধান্ত ল’ব লগা হ’ল? কঞ্জনীলৰ মৰমে কিয় তাইক ধৰি ৰাখিব নোৱাৰিলে? এয়া অৰ্থনৈতিক স্বাধীনতাৰ নামান্তৰ নে ব্যক্তিগত প্ৰয়োজনীয়তাৰ স্বাক্ষৰ? যদিওবা এয়া তেওঁলোকৰ ব্যক্তিগত কথা, কিন্তু ইয়াৰ পাৰ্শ্বক্ৰিয়াই তাইৰ সংসাৰখন থানবান কৰি পেলোৱাৰ উপক্ৰম হৈছে৷ শুনিব নিবিচাৰিলেও কিছুমান কথা শুনিব পৰাকৈ তাই সবল হ’ব লাগিব৷ আলট্ৰাচ আৰু উল্কিৰ আকৰ্ষণ কিমান পৰ্যায়লৈকে সেই কথা তাই জানিব লাগিব৷ বিশ্লেষণ কৰিব লাগিব কেতবোৰ তথ্য৷ বিবাহিত দম্পতীৰ মাজত ভাঙোন আনিব পৰা কেতবোৰ কাৰকক চিনাক্তকৰণৰ অতিকৈ প্ৰয়োজন হৈ পৰিছে৷ এই কাৰকে তাইৰ দৰে শৰীৰ মনৰ দৃঢ়তা থকা সকলৰ কথা বাদেই, ক্ষতি কৰি তুলিব পাৰে সমূহ প্ৰজন্মক৷
এইখিনিতেই প্ৰশ্নবোৰ জটিল হৈ পৰে৷ প্ৰেমেইতো হয় এয়া৷ যদিও এই প্ৰেম অসংগত, অস্বীকৃত৷ তথাপি.. তথাপি……ক’ৰবাত আঁত হেৰুৱায় উত্তৰবোৰে৷ তাইৰ ওচৰত নাই একো প্ৰশ্নৰে উত্তৰৰ৷ পকনীয়াত পৰে সমস্ত অনুভৱ৷ সূত্ৰত নিমিলে জীৱন, সূত্ৰত নিমিলে প্ৰেম, সূত্ৰত নিমিলে মানৱ-মন, সূত্ৰত নিমিলে আবেগ-অনুভূতি ইত্যাদি ইত্যাদি৷
উসঃ
অলংকৃতাই ঘোটঘোটকৈ বটলৰ পৰা পানী দুঢোক গিলি লয়৷ অস্থিৰ হৈ পৰিছে তাইৰ মন৷ মনৰ পাৰাস্তমভ এই উঠিছে, এই নামিছে৷ সৰু সৰু কথাবোৰে আগতেও তাইক বৰকৈ আমনি কৰিছিল৷ যিদৰে আল্ট্ৰাচে নতুনকৈ কিনা গাড়ীখনত যেন তাইৰেই কেৱল আধিপত্য আছিল৷ সন্মুখৰ ছিটত এদিন কোনোবা ছোৱালী এজনী বহি যোৱাৰ খবৰ পাই তাই উন্মাদ আচৰণ কৰিছিল৷ সিদিনা আল্ট্ৰাচে তাইক বুজনি দিছিল, ব্যৱসায়ৰ খাতিৰত এয়া জৰুৰী বুলি৷ বুজাইছিল সি৷ বুজিছিল তাই৷ তাৰ মাজতো কাঁইটৰ খোঁচ এটা লৈ দায়িত্ব পালন কৰি গৈছিল৷ সন্তানৰ দায়িত্ব, ঘৰখনৰ দায়িত্ব, দেশৰ দহৰ দায়িত্বৰ মাজত তাইৰ নিজৰ প্ৰয়োজনসমূহ জলাঞ্জলি দি গৈছিল৷ দুখ বুলিতো একো নাছিল৷ সুখ বুলিবলৈ লাইব্ৰেৰীৰ ৰূমটো, য’ত জ্ঞানৰ সম্ভাৰেৰে অসংখ্য কিতাপ৷ প্ৰেমত পৰিছিল কিতাপৰ৷ কেৱল আইনেই নহয়, সমাজৰ বিষয়ে, ধৰ্মৰ বিষয়ে, শাস্ত্ৰৰ বিষয়ে অধ্যয়ন কৰি সন্ধান কৰিছিল জীৱনৰ অলেখ নজনা প্ৰশ্নৰ উত্তৰৰ৷
দুখৰ নে আবেগৰ ভৰবোৰ বুকুলৈ নামি কেতিয়াবা কথাবোৰ সহিব নোৱাৰা হৈ কৰি তোলে৷ পুৰুষৰ প্ৰতি বিতৃষ্ণা ভাব জন্মাৰ সময়তে তাইৰ ধ্ৰুৱমলৈ মনত পৰে৷ লাইব্ৰেৰী ৰূমটোত সোমাৱাৰ লগে লগে এনে লাগে যেন ধ্ৰুৱম আহি কাষতে বহিছেহি৷ যেন বুজাই গৈছে তাইক তাই বুজি নোপোৱা জটিল সূত্ৰসমূহ৷ আঙুলিটোও চুই নোপোৱা ধ্ৰুৱমৰ প্ৰতি তাইৰ কি প্ৰেম সেই কথা নাজানে৷ মাথোঁঁ জানে, সেই আঙুলিটোৱে সকলোৰে অলক্ষিতে তাইক তুলি ধৰে৷ প্ৰতিবাৰ বিপৰ্যয়ৰ সময়তে সেই সত্তাটোৱে তাইক জীৱনবোধৰ বাণী শুনাই যায়৷
“প্ৰেম মানে কি জাননে কৃতা? ”, এদিন অকস্মাতে কলেজৰ পৰা ওভটাৰ পথত চাইকেল লৈ ৰৈ আছিল সি, কেৱল তাইক এই প্ৰশ্নটো সুধিবলৈকে৷
“চা দেই ধ্ৰুৱম, এতিয়া কলেজৰ পৰা ঘামি জামি আহিছো৷ প্ৰেমৰ সংজ্ঞা বিচাৰি ব’ৰ নকৰিবি মোক”৷
“ঠিক আছে৷ সময়ত দেখা যাব৷ ককায়েৰৰ লগত কাজিয়া লাগি তয়ো আহিবিচোন কেতিয়াবা মোৰ ওচৰলৈ”৷
সেই হুংকাৰ ভয় লাগি যায় অলংকৃতাৰ৷ কিছুমান সময়ত ধ্ৰুৱমক বৰ দৰকাৰ হৈ পৰে তাইৰ৷ লগে লগে তাইৰ কণ্ঠৰ সুৰ সলনি হৈ যায় তাইৰ৷
“আচ্ছা, কি ক’ব বিচাৰিছিলি ক’চোন”, লেনিয়াই লেনিয়াই তাই প্ৰশ্ন কৰে৷
“প্ৰেমৰ সংজ্ঞা সুধিছিলোঁ”, সি পুনৰবাৰ সোধে৷
“তয়ে কৈ দেচোন বাৰু তোৰ মতে প্ৰেমৰ সংজ্ঞা কি”, পুখুৰীৰ পাৰৰ দীঘল বেঞ্চখনত বহি লয় দুয়োটা৷ শীতল মলয়াই ক্ষন্তেকতে জুৰ পেলায় তাইৰ দেহা৷ কিছুমানৰ সংগ যিকোনো পৰিবেশতে ভাল লাগে৷ তাইৰ বাবে ধ্ৰুৱমো তেনে এক সংগী৷
“এই যে তই সেউজীয়াখিনি বুকুত লৈ ঘূৰি ফুৰ, ৰামধেনুখনো সেইজীয়াই দেখা পাৱ’, অৰণ্যখনৰ মাজত হেৰাই যোৱাৰ হাবিয়াহ কৰ, ময়ো যদি সেই সেউজীয়াখিনিত সমানেই মতলীয়া হওঁ, অৰণ্যখনৰ মাজত হেৰাই যোৱাৰ হাবিয়াহখিনিৰ স’তে তোক একাকাৰ কৰোঁ, তেতিয়াহ’লে আমাৰ প্ৰেম হৈ যোৱাটো স্বাভাবিক”৷
এনে কথাবোৰে তাইৰ বুকুত আবেগৰ ভৰ তুলিব নোৱাৰে, ঘোপা দৃষ্টিৰে চাই পঠিয়ায় ধ্ৰুৱমলৈ, “অই তই এইবোৰ কথা কিয় কৈ আছ মোক, কেনেবাকৈ তই মোক ইনডাইৰেক্টলি প্ৰপ’জ কৰি থকা নাইতো”৷
সজোৰে হা হা হা কৈ হাঁহি উঠে সি, “তোৰ দৰে গেন্ধেলীজনীক মই প্ৰেমৰ প্ৰস্তাৱ দিম? হেৰ’, তোক দেখোন মই চেমিজ পিন্ধাৰ পৰাই লগ পাইছো”৷
গেন্ধেলী! ফুলা লুচিৰ দৰে মুখখন ফুলি আহে তাইৰ৷ ঘপকৈ উঠি কলেজৰ গেট পায়হি৷ পিছলৈ এবাৰ ঘূৰি চায়, কেনেবাকৈ সিও পিছে পিছে আহিছেনেকি? নাই৷ সি উঠি নাহে৷ সি ঠাইতে বহি থাকে৷ তাই নেদেখাকৈয়ে পুখুৰীৰ পাৰৰ বন এডাল উভালি সি পানীলৈ দলি মাৰে৷ চেমিজ পিন্ধাৰ পৰাই লগ পোৱা ছোৱালীজনীৰ সতে অন্য পুৰুষসত্বাক দেখিলে হয়তো সি বৰ কষ্ট পাব৷ বনডাল পানীলৈ দলি মাৰি দিয়াৰ পাছতেই সি সিদ্ধান্ত লয়, যাবগৈ সি৷ এই ঠাই এৰি সি যাবগৈ ক’ৰবালৈ৷ তাইক একো উমান নিদিয়াকৈ সি তাইৰ পৰা দূৰৈত অৱস্থান কৰিব৷ ক্ষণে প্ৰতি তুলি ধৰিবলগীয়া হোৱা তাই বাৰু বৰগছজোপাৰ দৰে জী থাকিব পাৰিবনে, এই শংকাই শংকিত কৰি তোলে তাক৷ সেই শংকাতে আকৌ পিছৰদিনা তাইক সোধে,
“ডাৰউইনৰ তত্ত্বটো জাননে কৃতা”?
“নাজানো৷ কেনেকৈ জানিম মই ডাৰউইনৰ তত্ত্ব কি? মই কিবা তোৰ দৰে কিতাপৰ পোক নেকি?”, আগৰদিনাৰ খং মাৰ যোৱা নাছিল তাইৰ৷
“যোগ্য ভোগ্য বসুন্ধৰা বুলিও ক’ব পাৰ’ নতুবা চাৰভাইভেল অৱ দ্য ফিটেষ্ট বুলিও ক’ব পাৰ’, পৃথিৱীত যোগ্যজনহে জীয়াই থাকিব পাৰে৷
“যোগ্য নহ’লে? ”, তাই প্ৰশ্নবোধক চাৱনি এটা নিক্ষেপ কৰে তালৈ৷
“কোনো এক নিয়মৰ মাজেৰে সেইজন হেৰাই যোৱাৰ উপক্ৰম ঘটে”, গহীন সুৰ টানি সি উত্তৰ দিয়ে৷
ভয় লাগি যায় তাইৰ৷ তাই যে লতিকাডালৰ দৰে ইমান দুৰ্বল, ধ্ৰুৱমৰ আঙুলিটো নহ’লে বাৰে বাৰে বাগৰি পৰিব খোজে, তাই বাৰু এই পৃথিৱীখনৰ বাবে যোগ্য হৈ উঠিবনে?
তাইৰ চিন্তান্বিত মুখখনলৈ চাই সি পুনৰাই কৈ উঠে, “ইমান চিন্তা কৰিব নালাগে দে, ভগৱানে তোক পৃথিৱীলৈ পঠিয়াইছে মানে যোগ্যতাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছ কাৰণেহে পঠিয়াইছে৷ ভগৱানৰ বিচাৰক শুদ্ধ প্ৰমাণ কৰাৰ দায়িত্ব তোৰ৷ যিকোনো পৰিস্থিতিকে তই হাঁহিমুখে আকোৱালি ল’বি, দেখিবি কঠোৰ পৰীক্ষাবোৰ তই হেলাৰঙে পাৰ হৈ যাব পাৰিছ”৷
অনৰ্গল কৈ যায় সি৷ অলংকৃতাই বুজি নাপায় আধাখিনি কথা৷ তথাপি কথাবোৰে বুকুত বাহ বান্ধিছিল চাগৈ৷ নহলেনো পোন্ধৰবছৰৰ মূৰত সেই কথাবোৰত তাই অজান প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি ফুৰেনে?
গাড়ীৰ দুৱাৰ খোলাৰ শব্দত সচকিত হৈ উঠে তাই৷ ৰমেশে পিছলৈ আহি গাড়ীৰ দুৱাৰ খুলি দিছে৷ গম নোপোৱাকৈয়ে তাই ঘৰ পালেহি৷
ছেহ! কিবোৰ যে ভাবি থাকিল তাই৷ ঘৰলৈ গৈয়ে তাই ছাদৰ কোণ পালেগৈ৷ আলট্ৰাচ আজি ঘূৰি অহাৰ কথা৷ সি বাৰু কিবা গম পাইছেনে? তাৰ সন্মুখীন হ’ব পৰাকৈ তাই ধৈৰ্য ধৰি থাকিব পাৰিবনে? কথাবোৰ ভাবি ভাবি তাই ফোনটোত কঞ্জনীলৰ ফোন নাম্বাৰটো বিচাৰি উলিয়ালে৷
“বাইদেউ কওক”, সিমূৰৰ পৰা কঞ্জনীলৰ জড়কণ্ঠ৷ ভিতৰি ভিতৰি যে সি অৰ্ধমৃত হৈছে, তাৰ মাততে বুজা যায়৷ তাই ইতিমধ্যে নিজকে তুলি ধৰিছে, ভগৱানক বাৰে বাৰে খাটিছে, “মোক সেই বৰগছজোপাৰ দৰে মহীয়ান কৰি তোলা ভগৱান, মোৰ ছায়াই আৱৰি ল’ব তোমাৰেই সৃষ্ট সহস্ৰ পক্ষী-লতা”৷
মৌন হৈ ৰ’ল তাই৷ সান্ত্বনা দিয়াৰ যোগ্যতা আছেনে তাইৰ? সি যদি ওলোটাই কৈ দিয়ে, “বাইদেউ মোৰ কথা বাদ দিয়ক৷ আপুনি নিজকে সান্ত্বনা দিয়ক” বুলি৷ বৰ স্পষ্টবাদী লৰাটো৷ লগতে জটিল অৰ্ধেক প্ৰশ্ন৷
সি সুধিলে, “বাইদেউ আপোনাৰ অলপোৱেই কষ্ট হোৱা নাই? ”
কি অদ্ভুত প্ৰশ্ন তাৰ! যেন তাই কষ্ট পালেই তাৰ দুখৰ জলঙা সৰকি সোমাই আহিব নতুন ৰ’দৰ জিলিঙনি৷ ভুল! ভুল! তোমালোকৰ এয়া ভুল মনোবৃত্তি৷ পৃথিৱীখনে কিয় বিচাৰে তাই কষ্ট পাওক, কিয় বিচাৰে তাইৰ স্বামীয়ে, কিয় বিচাৰে সেই পৰনাৰীয়ে, সেই নাৰীৰ স্বামীয়েনো কিয় বিচাৰিছে তাই কষ্ট পাওক৷
শেঁতা জোনটো ঢিমিক ঢামাককৈ জ্বলি উঠিছে৷ এৰিকাপামৰ লাহী গাটো হালিছে৷ তাইৰ বুকুখন দুৰু দুৰুকৈ কঁপিছে৷ কঞ্জনীলে সেই নাৰীক ত্যাগ কৰাৰ কথা কৈছে৷ তাইৰ পৃথিৱীখনৰ ক’ৰবাত কিন্তু প্ৰেম এতিয়াও আছে৷ এতিয়াও তাই প্ৰস্তুত হৈ উঠা নাই স্বামীক ত্যাগ কৰিবলৈ৷ নাৰী আৰু পুৰুষৰ এয়া কি অহমিকাবোধ৷ পুৰুষে নিজৰ নাৰীগৰাকীক যিমানেই আটোলটোলকৈ নাৰাখক কিয়, সামান্য দোষত সিহঁত প্ৰতিশোধপৰায়ণ হৈ উঠে৷ তাৰ বিপৰীতে নাৰীগৰাকীয়ে পুৰুষৰ দোষবোৰৰ সতে মোকাবিলা কৰে৷ এটা কথা তাই বুজি নাপায়, তাই আৰ্থিকভাৱে সক্ষম, মানসিকভাৱেও তাই নিঃসংগ নহয়, কিছুমান ক্ষেত্ৰত শৰীৰৰ প্ৰয়োজনো গৌণ, অথচ তাই আল্ট্ৰাচৰ জীৱনৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই কিয়৷
“জানেনে বাইদেউ, সিহঁত দুয়োটা একেলগে হোটেলত আছিল”?
“নাই”, এক বিকট চিঞৰত যেন জোনটো থপৰাই সৰি পৰিল৷ জোনটোৰ সতে যেন ফোনটোও হাতৰ পৰা ছাদৰ ওপৰত পৰি গ’ল৷ বুকুৰ ভিতৰত এজাকমান বৰলে বিন্ধিবলৈ ধৰিলে৷ সংজ্ঞাহীন হৈ পৰাৰ আশংকাত তাই তললৈ নামি আহিল৷
মিছা৷ মিছা৷ এই কথা মিছা৷ সিহঁতে একেখন হোটেলত থকা নাই৷ থাকিলেও বেড শ্বেয়াৰ কৰা নাই৷ তেওঁৰ কাষত কেৱল তাই, তাই মানে অলংকৃতা৷ অলংকৃতা আৰু আলট্ৰাচ৷ আলট্ৰাচ আৰু অলংকৃতা৷ এয়াহে সত্য৷ বাকীবোৰ অপবাদ৷ তাইৰ অন্তৰাত্মাই কয় সেই কথা৷
কাঁচৰ ফ্ৰেমেৰে বন্ধা সিহঁতৰ যুগ্ম ফটোখনৰ ওচৰত ৰৈ তাই প্ৰশ্ন তোলে আলট্ৰাচক, “কৈ দিয়া আল্ট্ৰাচ, মোৰ লৰাৰ শপত, সঁচা কথা কোৱা৷ কৈ দিয়া পৃথিৱীয়ে কোৱা কথাবোৰ মিছা বুলি”৷
আল্ট্ৰাচ মৌন হৈ ৰয়৷ তাইৰ খং চৰে৷ কঞ্জনীলে কোৱা কথাবোৰ সঁচা নেকি? কিয় মনে মনে ৰয় তাইৰ স্বামী?
“আল্ট্ৰাচ৷ আল্ট্ৰাচ৷ মোৰ চকুলৈ মূৰ তুলি চোৱা৷ কোৱা এবাৰ৷ সেই নাৰীৰ ওচৰত মোক সৰু কৰা নাই বুলি এবাৰলে’ কোৱা আলট্ৰাচ”৷
আল্ট্ৰাচ মনে মনে ৰয়৷ তাইৰ ধৈৰ্যৰ বান্ধ খোল খাই যায়৷ তাই নাজানে পু্ত্ৰদ্বয় ক’ত আছে৷ পাহৰি যায় বনকৰা মানুহগৰাকীৰ উপস্থিতিও৷ বিকট চিঞৰ মাৰি ফটোৰ ফ্ৰেমটো দাঙি মজিয়ালৈ দলি মাৰি দিয়ে৷ থন থনকৈ ভাগি যোৱা কাঁচৰ শব্দত দুইপুত্ৰ দৌৰি আহে৷ সৰুটিয়ে গোল গোল চকুহাল ডাঙৰ কৰি ভয়াৰ্ত দৃষ্টিৰে ককায়েকক প্ৰশ্ন কৰে,
“মা ভূত বনি গ’ল নেকি দাদা? ”
তাইৰ সম্বিত ঘূৰি আহে৷ এয়া কি কৰিছে তাই? কিয় এনেখন কৰিছে তাই? আসঃ! অন্তৰভেদি উদগীৰণ হোৱা আগ্নেয়গিৰিয়ে ছাৰাখাৰ কৰি পেলাব নেকি তাইৰ সৌম্যতাৰ প্ৰতিমূৰ্তি? পুত্ৰৰ ওচৰত কি জৱাব দিব এই আচৰণৰ?
দুই পুত্ৰক আকোঁৱালি লয় তাই৷ কাঁচৰ টুকুৰাবোৰ তাতে এৰি তাই শোৱনি কোঠাত পৰি ৰয়৷
চিলমিলকৈ অহা টোপনিতে তাই বিৰবিৰাই যায়,
“মোৰ বিপন্ন লগনৰ সাক্ষী হৈ ৰোৱা জোনাকী টঙীঘৰ, খহটা শিলৰ উজুটিৰ পৰা তুলি ধৰচোন মোক৷ তুলি ধৰচোন মোক দুপাখি মেলি, তোৰ মেঘৰ ডৌকাৰে মোৰ আলসুৱা কলিজা সাৱটি তুলি ধৰচোন এবাৰলৈ৷ মনত আছেনে তোৰ, তোক যে মই কথা দিছিলো, বিষাদৰ মৰল ঘৰত তলা লগাম মই৷ শুনচোন৷ মোৰ হেনো কথাত ছন্দ নাই৷ সেয়ে কথাবোৰ কবিতা নহ’ল৷ মোৰ হেনো গানতো ছন্দ নাই৷ সেয়ে গানবোৰো সুৰ নহ’ল৷ কি কৰো ক’? মোৰ প্ৰেমত সামন্তবাদী পুৰাতন খামোচ৷ যুগৰ লগত তাল মিলাব নোৱাৰি দ-খাৱৈত ককবকাই ৰোৱা মোৰ বিষাদ৷
চিন্তা নকৰিবি পিছে৷ মই ভাগি নপৰোঁ৷ একোকে লৈ আক্ষেপো নকৰোঁ৷ অলপ পৰৰ মাথোঁঁ মৌনতা৷ জীৱনৰ কিম্বা হিচাপ-নিকাচৰ”৷

(আগলৈ)

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.