‘বিস্ময়’ৰ সম্পাদক শ্ৰী শশী ফুকনদেৱৰ সৈতে সাক্ষাৎকাৰ

‘বিস্ময়’ৰ সম্পাদক শ্ৰী শশী ফুকনদেৱৰ সৈতে সাক্ষাৎকাৰ

‘বিস্ময়’ৰ সম্পাদক শ্ৰী শশী ফুকনদেৱৰ সৈতে সাক্ষাৎকাৰ

by December 17, 2017 1 comment

 [এই মাহৰ সাহিত্য ডট্ অৰ্গৰ সাক্ষাৎকাৰ শিতানৰ বাবে আমি কাষ চাপিছিলো জনপ্ৰিয় মাহেকীয়া আলোচনী ‘বিস্ময়’-ৰ সম্পাদক শ্ৰী শশী ফুকন ডাঙৰীয়াৰ । সত্তৰ দশকৰ শেষৰফালে আৰম্ভ হোৱা এক যাত্ৰাই আজি পঞ্চাছতম বৰ্ষত ভৰি দিওঁ দিওঁ। তেনে এক ক্ষণত, তেওঁৰ এই সফল দীঘলীয়া যাত্ৰাৰ অন্তৰ্ভুক্ত ঘাত প্ৰতিঘাতৰ কাহিনীবোৰ তেওঁৰ পৰাই জানোচোন আহক –  ]

সাহিত্য ডট্ অৰ্গ: আপোনাৰ শৈশৱৰ কথাৰ পৰাই আৰম্ভ কৰো। সেইখিনি অলপ জনাব নেকি?

শশী ফুকন: মোৰ জন্ম বিশ্বনাথ চাৰিআলিত। তেতিয়া বিশ্বনাথ চাৰিআলি দৰং জিলাৰ অন্তৰ্ভুক্ত চাৰিটা আলিৰে সৰু এক ব্যৱসায়িক কেন্দ্ৰ।তাৰ পৰা এক কিলোমিটাৰ দূৰৈৰ টেঙাবৰি গাঁৱত মোৰ ঘৰ। মোৰ ককাৰ নাম আছিল স্বৰ্গীয় ভূধৰ শৰ্মা ফুকন। দেউতা স্বৰ্গীয় চন্দ্ৰভা শৰ্মা ফুকন।মই প্ৰাইমেৰী স্কুল ঘৰৰ পৰা প্ৰায় দুই কিলোমিটাৰ দুৰৈত খোজকাঢ়ি গৈ পঢ়িছিলো।একেদৰে হাইস্কুল আছিল তিনি চাৰি কিলোমিটাৰ মান দূৰৈত। ১৯৬৪ চনত হায়াৰ চেকেণ্ডেৰী পাছ কৰিলো। আমি আছিলো হায়াৰ চেকেণ্ডেৰী পাছ কৰা দ্বিতীয় বেটচ্ আৰু আমাৰ স্কুলৰ প্ৰথম।৬৪ চনত গুৱাহাটীলৈ বি এচ চি পঢ়িবলৈ আহি প্ৰাগজ্যোতিষ কলেজত নাম লগালো। কিন্তু স্বাস্থ্যজনিত কাৰণত উক্ত ডিগ্ৰীটো লোৱা নহ’ল। সেই পঢ়ি থকা সময়তে ১৯৬৮ চনত আমি যেতিয়া দুজন বন্ধু ভাড়া ঘৰ এটাত আছিলো তেতিয়া এখন নতুন আলোচনী উলিওৱাৰ প্ৰস্তাৱ পাইছিলো। সেই প্ৰস্তাৱ আহিছিল আমাৰ ভাড়াঘৰৰ মালিকৰ লৰা উমেশ বৈশ্যৰ পৰা। বোধকৰো আমাৰ কিতাপ আলোচনী পঢ়াৰ চখ দেখিয়েই তেওঁ হয়তো ভাবিছিল এওঁ ভাল সাহিত্যিক বুলি আৰু সেয়ে সেই প্ৰস্তাৱ দিছিল । পিছে চখ আছিল যদিও ইচ্ছাটো নাছিল। ভাবিছিলো পাৰিম জানো আলোচনী এখন সম্পাদনা কৰিব! তেতিয়া মই কলো যে আলোচনী প্ৰকাশৰ বিষয়ে মই একো নাজানো কিন্তু মই আপোনাক এজন মানুহৰ ওচৰলৈ লৈ যাম।সেই মানুহজন আছিল শ্ৰী নিত্যানন্দ তামুলী, তেখেতৰ ভাতৃ শ্ৰী শান্তনু তামুলী, যি হ’ল মৌচাকৰ সম্পাদক আৰু এতিয়া পৰিচিত সাহিত্যিক। শান্তনু এক বছৰ জুনিয়ৰ আছিল আৰু পঢ়া শুনাত আমাতকৈ ভাল আছিল। বন্ধুত্ব হ’ল, সেই সূত্ৰে শান্তনুৰ ঘৰলৈ গৈছিলো আৰু আত্মীয়তা বাঢ়িল। আত্মীয়তা বাঢ়িল নিত্যানন্দ দাৰ সৈতেও যাক আমি ককাইদেউ বুলি মাতিছিলো। আলোচনীৰ কথাটো ককাইদেউক কওঁতে তেওঁ ক’লে আলোচনী ওলোৱাটো কিমান টান কাম আৰু লগতে তাৰ পজিটিভ আৰু নিগেটিভ দিশসমূহ। তেতিয়া বন্ধু উমেশ বৈশ্যই আমাক ক’লে যে, চিন্তা কৰিব নালাগে । টকা পইচাৰ কোনো অসুবিধা নহয় ,মই উলিয়াম আপোনালোক আগবাঢ়ক। প্ৰথম অলপ থেৰোগেৰো কৰিছিলো যদিও জোৰকৈ ধৰাত আলোচনী উলিওৱাত লাগি গ’লো। মোৰ কোনো অভিজ্ঞতা নাছিল, নিত্যানন্দ ককাইদেউৰ আছিল,শান্তনুৰ লেখা মেলা কৰাৰ অভিজ্ঞতা আছিল। আমি তিনিও লাগিলো, নাম এটা থিক কৰিলো ‘সময়’, মাহে মাহে ওলাব।

তেতিয়াৰ দুই এজন প্ৰখ্যাত সাহিত্যিকে দুই এক লেখা দিলে আৰু সময়ৰ প্ৰথম সংখ্যাটো প্ৰকাশ হ’ল। কিন্তু অতি দুখৰ কথা যে প্ৰথম সংখ্যাৰ যিখিনি কপি আছিলে সেইখিনি ল’বলৈ প্ৰকাশকৰ টকাৰ অভাব হ’ল।আমি কোনোমতে কিবা কিবি কৰি এশ মান কপি ল’লো আৰু বজাৰত দিলো। লগতে ধৰি ল’লো যে ইয়াৰ আৰু দ্বিতীয় সংখ্যা নোলায়। তাতে এটা কথা হ’ল যে সেই আলোচনীখনত আমি এজন লেখকৰ কথা লিখিছিলো, শিৰোনামটো আছিল এজন নিৰুদ্দিষ্ট লেখকৰ কথাৰে। শৰৎ গোস্বামী নামৰ এজন অদ্ভুত চৰিত্ৰৰ ব্যক্তি আছিল। তেখেতে জীৱিকাৰ কাৰণে সৰু সৰু কাহিনী লিখি সৰু সৰু পুস্তিকা চপাই কটন কলেজৰ হোষ্টেল বা পানবজাৰ চাৰিআলিত বিক্ৰী কৰে আৰু যি দুই এটকা পায় তাৰে হয়তো ৰুটি এখন খালে নাইবা চাহ একাপ খালে। ভাত খোৱাটোও বৰ ধৰাধৰি নাছিল কিন্তু চিনেমা নোচোৱাকৈ থকা নাছিল৷ ৰাতিটো ৰেল ষ্টেচনতে পৰি থাকে।তেখেতৰ লগত আমাৰ যোগাযোগ হ’ল আৰু আমি তেওঁৰ পৰা এটা পাণ্ডুলিপি পালো। আমি লিখিলো যে অহা সংখ্যাত সেই পাণ্ডুলিপি আমি ছপা কৰিম। এই যে কেইশমান কপি আমি বিলাই দিছিলো তাৰে কেইখনমান কপি যোৰহাট গৈ পাইছিলগৈ আৰু যোৰহাটৰ বাছষ্টেণ্ডত থকা কিতাপৰ দোকানত ওলমি আছিল। এনেতে এদিন শৰৎ গোস্বামীয়ে  বিহপুৰীয়াৰ পৰা যোৰহাট পাই আলোচনীৰ কপিটো দেখিলে আৰু পঢ়ি খুব আনন্দিত হ’ল আৰু আহি আমাৰ ঘৰ পালেহি। ক’লে যে ফুকন দেউ বৰ ভাল হৈছে এতিয়া এইখন আমি উলিয়াব লাগে। মই কলো,  কেনেকৈ ওলাব, প্ৰকাশকেই হাত ডাঙি দিলে৷  তেতিয়া তেখেতে নিজেই প্ৰকাশক বিচাৰি চলাথ কৰিলে আৰু এমাহ দুমাহৰ ভিতৰত এজন প্ৰকাশক পালে। নতুন ডেকা ল’ৰা, ব্যৱসায়ত নামি প্ৰেছ এটা খুলিছে। তেওঁৰ পান বজাৰৰ আড্ডাতে যেতিয়া গোস্বামীয়ে আলোচনীখনৰ কপি এটা দি প্ৰস্তাৱটো আগবঢ়ালে তেতিয়া ল’ৰাজনে ক’লে যে ঠিক আছে এবাৰ মোক লগ ধৰিবলৈ কওক। আমি গৈ তেখেতক লগ ধৰিলো। তেখেতৰ নাম যোগেশ শৰ্মা। তেখেত মান্তি হ’ল যে দ্বিতীয় সংখ্যা উলিয়াব, কিন্তু প্ৰকাশক জনে প্ৰথমে চৰ্ত দিলে যে ইমান পইচা মোক লাগিব। তেতিয়া শৰ্মাই কলে যে মৰা হাতী এটা ইমান দাম দি মই কিয় কিনিম, তাতকৈ এটা কাম কৰা যে নতুন নাম এটা ঠিক কৰা। অহা জানুৱাৰীৰ পৰা আমি নতুনকৈ প্ৰকাশ কৰিম।সেইটোয়ে হ’ল, নামটো থিক কৰাৰ কথা ভাবোতেই সময়ৰ লগত ৰজিতা খোৱা বিস্ময়ৰ নামটো মনলৈ আহিল। সেই নামটো লিখি আৰু তলে ওপৰে আৰু বহুকেইটা নাম লিখি আমি ড০ ভবেন্দ্ৰনাথ শইকীয়া চাৰৰ ওচৰলৈ গ’লো। চাৰক কাহিনীটো ক’লো, চাৰে চিধাই পেনটো লৈ বিস্ময়ত আঁক মাৰিলে। গতিকে সেয়ে বিস্ময়ৰ আৰম্ভণি।আৰু নামাকৰণ শইকীয়া চাৰেই কৰাৰ নিচিনা। আমি কামত লাগি গ’লো। সেই সময়ত আমাৰ বন্ধু বীৰেন্দ্ৰ কুমাৰ লহকৰ, শান্তনু তামুলী, নিত্যানন্দ তামুলী ককাইদেউ,প্ৰত্যেকেই কি দৰে প্ৰবন্ধ বিচাৰিব লাগে, গল্প বিচাৰিব লাগে পৰিকল্পনা কৰিলো। আৰু সেই মতেই আলোচনীখনৰ প্ৰথম সংখ্যাৰ সমলখিনি গোট খাইছিল।বীৰেন লহকৰৰ বন্ধু সুৰেন্দ্ৰ কুমাৰ শৰ্মাৰ পৰা এটা গল্প আনিলো যিটো পঢ়ি চাই তামুলী ককাইদেৱে কলে যে এইটো উপন্যাস কৰিলে ভাল হ’ব গতিকে ধাৰাবাহিক এখন উপন্যাস হ’ল। এনেকৈয়ে প্ৰথম সংখ্যাটো ছপা হ’ল। এতিয়া প্ৰয়োজন হ’ল এটা কভাৰৰ যিটো অঁকা কথা আছিল প্ৰ্খ্যাত চিত্ৰকৰ বেণু মিশ্ৰই। পিছে তেতিয়াই তেওঁ চাকৰিৰ সংক্ৰান্তত দিল্লীলৈ এক মাহ মানৰ বাবে যাব লগা হ’ল । আমি কভাৰটোৰ কথা ভাবি মূৰে কপালে হাত দিলো । পিছে তামুলী ককাইদেউ অভিজ্ঞ মানুহ, তেখেতে চিন্তা কৰা নাই। বেণু মিশ্ৰই আমাক এটা লেটাৰ হেডৰ ডিজাইন কৰি দিছিল। তাত বিস্ময়ৰ নামটো আৰু লগতে এটা মেকুৰীৰ ল’গ’ আঁকি দিছিল। তামুলী ককাইদেৱে কাগজ এখনত সেইটো আঠা লগালে আৰু সাপ্তাহিক নীলাচল নামৰ কাকতত প্ৰকাশ হোৱা তথা বেণু মিশ্ৰই ডিজাইন কৰা জুৱেলাৰীৰ বিজ্ঞাপন এটা কাটি আনি লগাই দিলে, এটা বাই-কালাৰ ডিজাইন হৈ গ’ল। ছপা হৈ অহাৰ পিছত দেখিছো এখন সুন্দৰ কভাৰ সৃষ্টি হ’ল। কভাৰ যে এনেকৈয়ে ডিজাইন কৰে সেয়া প্ৰথম দেখিছিলো।

এটকা দাম আছিল, নব্বৈ পৃষ্ঠাৰ প্ৰথম সংখ্যা। জানুৱাৰী ১৯৬৯ চন। এহেজাৰ কপি চপোৱা হৈছিল আৰু এক মাহৰ পৰিৱৰ্তে দুই মাহৰ অন্তৰত আমি আলোচনীখন প্ৰকাশ কৰাটো স্থিৰ কৰিছিলো। যোগেশ শৰ্মা দেৱে এটা কথা কৈছিল যে মই নতুনকৈ প্ৰেছ খুলিছো, এই মেচিনটোত আমি ৰেইলৱেৰ ফৰ্ম চপাও। এতিয়া যদি আলোচনীৰ কাৰণে এই কামত বাধা আহে তেন্তে আলোচনী মই আৰু নচলাওঁ, এবছৰ মই চলাই দিম লাভে লোকচানে। আৰু আমাৰে দুৰ্ভাগ্য যে আলোচনীখন মানুহে চিনি পোৱা হওঁতেই তেওঁ ক’লে যে মই আৰু নোৱাৰিম চলাব। তেতিয়ালৈ চাৰি পাঁচটামান সংখ্যা ওলাইছিল মাত্ৰ। আমি পুনৰ সমস্যাত পৰিলো, পিছে সোনকালেই এটা উপায় ওলাল। যোগেশ শৰ্মাৰ ঘৰ আছিল নলবাৰীত আৰু প্ৰখ্যাত প্ৰকাশক তথা প্ৰেছৰ মালিক মুনিন্দ্ৰ নাৰায়ন দত্ত বৰুৱাৰ ঘৰো আছিল নলবাৰীতে। তেওঁ পূৰ্বেই যোগেশ শৰ্মাক কৈছিল যে যোগেশ তোমাৰ আলোচনীখন ভাল হৈছে হে, কিবা অসুবিধা হ’লে মোক কবাচোন। এতিয়া অসুবিধাটো হ’লেই আৰু সেয়ে যোগেশ শৰ্মাই আমাক লৈ গ’ল তেওঁৰ কাষলৈ। তেখেতে ক’লে ঠিক আছে বাৰু মই চলাই দিম, পিছে মোৰো এটা চৰ্ত আছে। মোৰ এই নীলাচল কাকতখন দেখিছা নহয়। এবছৰ হৈছে আৰু এই এবছৰে মই ইমান হাজাৰ টকা লোকচান ভৰিছো। গতিকে মোৰো যদি কিবা অসুবিধা হয় তেন্তে মইও এবছৰতকৈ অধিক চলাব নোৱাৰিম। ক্ৰমান্বয়ে আলোচনীখনৰ অৱস্থাটো ভাল হৈছে, এহাজাৰ কপিৰ পৰা আহি পাঁচহাজাৰ হৈছে আৰু জানুৱাৰী ১৯৭০ চনৰ পৰা মাহেকীয়া হৈছে আলোচনীখন। এতিয়া মাহেকীয়া সংখ্যা সাতটা নে আঠটা হওঁতেই তেওঁৰো অসুবিধা আৰম্ভ হ’ল। তেওঁ ক’লে মইতো কৈছিলোয়েই, এতিয়া মই আৰু এবছৰহে চলাম; তোমালোকে যি কৰা কৰা। এতিয়া আমি আৰু কি কৰিম, আমিতো পঢ়িবলৈ অহা ল’ৰাহে আছিলো। আগতে ঘৰৰ পৰা বিশ টকা, ত্ৰিশ টকা মনিঅৰ্ডাৰ আহে এতিয়াটো সেইটোও নাই। আমাৰ অবস্থা বুজি তেতিয়া দত্ত বৰুৱাই শেষত ক’লে যে ঠিক আছে এটা সংখ্যা মই তোমালোকক উলিয়াই দিম, তোমালোকে কেৱল কাগজটো কিনি দিলেই হ’ব। কিন্তু পিছৰ মাহত তোমালোকে আগৰ সংখ্যাৰ পেইমেন্ট দিব লাগিব। আমি সন্মত হ’লো। মোৰ মেচ মেট মোহিনী বৰুৱাৰ দেউতাক স্কুলৰ হেডমাষ্টৰ আছিল যাৰ নাম আছিল লক্ষীধৰ বৰুৱা। তেওঁ মোক খুব ভাল পাইছিল, নিজৰ ল’ৰাতকৈও অধিক ভাল পাইছিল। মই তেওঁৰ ওচৰলৈ গৈ আমাৰ কাহিনী ক’লো,  তেতিয়াই তেওঁ পাঁচ হাজাৰ নে দহ হাজাৰ কিবা এটা টকা দিলে। সেইটোয়ে হৈছিল আমাৰ পুঁজি। বাকী দুই চাৰি পইচা বিজ্ঞাপনৰ পৰাও আহিছিল। আমাৰ নিজৰ ফালৰ পৰাও বিশেষ খৰচ নাছিল। চিটি বাছত অহা যোৱা কৰো, ফাঁচী বজাৰত কাগজ কিনো আৰু সেই কাগজ দমৰ ওপৰতে বহি আমি মালিগাঁওলৈ আহো। তেনেকৈয়ে আমাৰ বিস্ময় চলিল আৰু এটা সময়ত বিস্ময় আমাৰ সম্পূৰ্ণ নিজা হ’ল। ১৯৭৩ চনত ভৰলুমূখত আমি সৰু প্ৰেছ এটা খুলি আমাৰ অফিচটো তালৈকে স্থানান্তৰিত কৰো। সময়ৰ লগে লগে পৰিৱৰ্তন আহিল, আমাৰ অফিচৰ স্থানো সলনি হৈ থাকিল। প্ৰথমে ব্যৱহাৰ কৰা হেণ্ড কম্পজদ মেচিনৰ পৰা অফচেটলৈ আহিলো। কম্পিউটাৰ কম্পজদ আৰম্ভ হ’ল। এইদৰেই আৰু আহি আহি আজি আমি পঞ্চাছ বছৰত ভৰি দিছোহি।

সাহিত্য ডট্ অৰ্গ: এই পঞ্চাছ বছৰৰ ভিতৰত আটাইতকৈ ভাল লগা মূহুৰ্তটো কি আছিল?

শশী ফুকন: প্ৰতিটো মূহুৰ্তই ভাল লগা। কাৰণ যি সময়ত আমাৰ দুৰ্যোগ আছিল সেই সময়তো আমাৰ আনন্দ আছিল। দুৰ্যোগ স্থায়ী নাছিল, মন বেয়া লাগিছিল যদিও হতাশ হৈ পৰা নাছিলো।

সাহিত্য ডট্ অৰ্গ: টাৰ্ণিং পইন্ট বুলি কোনটো মুহূৰ্তক গণ্য কৰে?

শশী ফুকন: বিস্ময় এক বছৰ হওঁতেই যেতিয়া যোগেশ শৰ্মাদেৱে নোৱাৰো বুলি ক’লে সেইটো এটা বৰ শংকাৰ সময় আছিল। তাৰ পিছত দত্ত বৰুৱাই যেতিয়া কৈছিল যে মই নোৱাৰো তোমালোকে যি কৰা কৰা সেইটোও এটা সংকটৰ সময় আছিল। মোৰ ভাৱ হৈছিল যে মই এইবোৰ নকৰি বি এচ চি পাছ কৰি ঘৰলৈ ঘূৰি যোৱা হ’লে স্কুলৰ শিক্ষক হৈ জীৱন কটাব পাৰিলো হয়। সেই সময়ত স্কুলৰ শিক্ষক হোৱাটো এটা আকাংক্ষ্যাৰ চাকৰি আছিলে। অনিশ্চিত ভৱিষ্যতৰ চিন্তাই মনটো তেতিয়া শংকিত কৰি তুলিছিল।

আনন্দৰ মুহূৰ্তও বহুত আছিল, একেষাৰে কোনো বিশেষ এটাৰ কথা কবলৈ অলপ অসুবিধা। কপিৰ সংখ্যা এক হাজাৰৰ পৰা বাঢ়ি দহ হাজাৰ হওঁতে, দহ হাজাৰৰ পৰা বাঢ়ি এক লাখ হওঁতে নিশ্চয়কৈ আনন্দ লাগিছিল। কিন্তু সেই আনন্দ বিলাক সেইটো সময়ত যি পৰিমানে আছিল পৰৱৰ্তী সময়ত নাই। কথাটো হ’ল যে ব্যৱসায় ৰূপত চলালে সংকট বহুত সময়ত আহে পিছে সংকট পাৰ হৈ যোৱাৰ পাছত তাৰ কথা মনত নাথাকে। আলোচনীখন জীয়াই ৰাখিবৰ কাৰণে মানুহৰ গালিও খাইছো, কাৰোবাৰ পৰা টকা ধাৰে আনি সময়ত ঘূৰাই দিব পৰা নাই। কোনোৱে ৰাষ্টাতে কৈছে যে আপুনি গাড়ীখন বিক্ৰী কৰি কিয় টকা খিনি ঘূৰাই দিয়া নাই। সেইবিলাক হজম কৰিছো।

সাহিত্য ডট্ অৰ্গ: তেনেকুৱা মুহূৰ্তত কেতিয়াবা এৰি দিওঁ যেন অনুভৱ হৈছিল নেকি?

শশী ফুকন: নাই, এৰি দিওঁ যেন অনুভৱ হোৱা নাই কেতিয়াও। এটা কথা কি, মোৰ এজন বন্ধুয়ে এটা কথা কৈছিল যে তোমাৰ মেচিনটো চলি থাকিব যিকোনো ক্ষেত্ৰতে। সি কৈছিল প্ৰিন্টিং মেচিনৰ কথা, মই কিন্ত ইন জেনেৰেল মেচিন বুলি ধৰি লৈছিলো। এটা ঘটনা হৈছিল ২০০০ চনত, মোৰ তলৰ ভাইজন মৃত্যুশয্যাত। তাক গুৱাহাটীলৈ আনি চিকিৎসা কৰাইছিলো যদিও বচাব নোৱাৰিলো। সেইদিনাখন মই গম পাইছিলো যে সি আৰু বেছি সময় নাথাকে, কেইঘন্টামান পিছতে সি আমাৰ পৰা বিদায় মাগিব। হয়তো সেই ৰাতিলৈকে কিবা এটা হ’ব। এতিয়া মই যদি তাত পোন্ধৰ দিনৰ বাবে বন্দী হৈ যাব লগীয়া হয় তেন্তে আলোচনীখনৰ পৰৱৰ্তী সংখ্যাটো ওলোৱাত সমস্যাৰ সৃষ্টি হ’ব। মই সেই সময়তে সিদিনা অফিচলৈ গৈ মোৰ পেণ্ডিং কাম খিনি কৰিছিলো, সেইখিনি শেষ কৰি কৰি মই চিকিৎসালয়লৈ গৈছিলো আৰু ৰাতিলৈ সি ঢুকাইছিল। তাৰ পৰৱৰ্তী পোন্ধৰটা দিন মই গুৱাহাটীত নাই আৰু তাৰ কৰ্মখিনি কৰি মেলি ঘূৰি আহিছো।

গতিকে আলোচনীখন কোনো মাহতে কেতিয়াও এটা সংখ্যাও বন্ধ হ’ব দিয়া নাই। তাৰ কাৰণে অনেক কিবাকিবি পৰিস্থিতিৰ সন্মূখীন হৈছো যিবোৰৰ কথা অন্য মানুহে বা ঘৰত গম পালে হয়তো দুখ পাব। মই কিন্তু দুখ পোৱা নাই, ইত ইজ এ পাৰ্ট অৱ দ’ গেম। মই আজি আপোনাক টকা হাজাৰ দিব পৰা নাই, তাৰ বাবে মই দুখী। কিন্তু কাইলৈটো মই দিম। এতিয়া সেই সময়ত মানুহে গালি পাৰিছে, কৈছে আপোনাৰ নিচিনা বদমাচ মানুহ দেখা নাই। পিছত যেতিয়া মই টকাখিনি ঘূৰাই দিলো তেতিয়া কিন্তু কোনেও কোৱা নাই যে আপোনাৰ দৰে ভাল মানুহ দেখা নাই বুলি।

সাহিত্য ডট্ অৰ্গ: আজিৰ পৰা পঞ্চাছ বছৰ পূৰ্বে যোগাযোগ ব্যৱস্থা উন্নত নাছিল, তথাপিও বিস্ময়ৰ কপি অসমৰ গাঁৱে ভুঞে, চুকে কোণে গৈ পাইছিলগৈ। সেয়া কি দৰে সম্ভৱ হৈছিল?

শশী ফুকন: বহুত বছৰলৈকে আমাৰ ডিষ্ট্ৰিবিউচনটো ভি পি পি (value payable post)-ৰ যোগেদি হৈছিল। যিটো ব্যৱস্থা আজিকালি নাই। সেই কাৰণে ৰিম’ট স্থান এটাত কপি গৈ পাবলৈ পোন্ধৰৰ পৰা বিশ দিন সময় লাগিছিল। তাৰ পিছত যেতিয়া নাইট চুপাৰবোৰ চলা আৰম্ভ হ’ল তেতিয়া আমি সেই বাছৰ যোগেদি কপিবোৰ পঠোৱা আৰম্ভ কৰিলো। প্ৰায় দহবছৰমান আগৰ পৰা আমি মিডিয়াম আকাৰৰ ট্ৰাক ভাড়া কৰি কপি উজনি অসমলৈ পঠাইছিলো। ব্যবস্থাটো বৰ লাভজনক নাছিল যদিও কপিবোৰ সোনকালে গৈ পাওক বুলিয়েই আমি তেনে কৰিছিলো। তাৰ পিছত যেতিয়া কুৰিয়াৰ চাৰ্ভিছ সেয়া আৰম্ভ হ’ল তেতিয়াৰ পৰা আমি এই চাৰ্ভিচৰ যোগেদিয়ে বিতৰণ কৰো। আগত ট্ৰেইনতো পঠিয়াও, কিন্তু আজিকালি সেই ব্যৱস্থাটো ঠিক নহয়। প্ৰায়ে পেকেট চুৰি হয়। কুৰিয়াৰত খৰচ বেছি হয় যদিও চাৰ্ভিচ ভাল।

সাহিত্য ডট্ অৰ্গ: বিস্ময়ে এডভেঞ্চাৰ, ৰহস্য, ৰোমান্টিক কাহিনীৰ এটা ধাৰা সৃষ্টি কৰিছিল। এটা সময়ত ৰঞ্জু হাজৰিকা, বৈদুৰ্য্য বৰুৱাৰ ধাৰাবাহিক পঢ়িবলৈ মানুহ ৰৈ থাকে আৰু ‘বিস্ময়’খন দোকানলৈ যোৱাৰ এক সপ্তাহৰ ভিতৰতে শেষ হৈ যায়। সেই পৰিস্থিতিটো আজিকালি নাই, এই কথা লৈ আক্ষেপ কৰে নেকি আপুনি?

শশী ফুকন: আক্ষেপটো থাকিবই। কেতিয়াবা আমিও চিন্তা কৰো এনে কিয় হৈছে বুলি আৰু সদায় উত্তৰটো একেটাই বিচাৰি পাওগৈ যে টেলিভিচন, ম’বাইল, ইন্টাৰনেট মাধ্যমৰ প্ৰতি বাঢ়ি অহা আসক্তিযেই ছপা মাধ্যমৰ প্ৰতি অনীহাৰ সৃষ্টি কৰিছে। যেতিয়া পঢ়াৰ প্ৰতি আগ্ৰহ নাথাকিব তেতিয়া এক তাৰিখেই গৈ পাওক বা ত্ৰিশ তাৰিখেই গৈ পাওক, একো পাৰ্থক্য নাই।

সাহিত্য ডট্ অৰ্গ: পঢ়াৰ প্ৰতি ধাউতি কমি গৈছে বুলি আপুনি ক’ব খোজে নেকি?

শশী ফুকন: কমিছে। ই কেৱল বিস্ময়ৰ ক্ষেত্ৰতে নহয়। অলপতে আমি কিছু বিশিষ্ট আলোচনী তথা কাকতৰ বিতৰকৰ লগতো কথা পাতিছিলো। তেওঁলোকে যিটো চিত্ৰ দিছিল সেইটো অতি ভয়াবহ, গুৱাহাটীৰ এজন ডাঙৰ বিতৰকে কৈছে যে প্ৰতি মাহতে প্ৰতিখন কাকতৰ দুশৰ পৰা তিনিশ কপি কমি যায়। গতিকে এনেকৈ হ’লে আমি কেনেকৈ চলাম। সমান্তৰালভাবে অবশ্যে অনলাইন মেগাজিনবোৰ বাঢ়ি গৈছে। যিটোৰ ওপৰত মোৰ অভিজ্ঞতাটো কম।

সাহিত্য ডট্ অৰ্গ: আজিকালি অনলাইন মেগাজিন বা ফেচবুকৰ দৰে চচিয়েল নেটৱৰ্কিং চাইটতে বহুতে সাহিত্য চৰ্চা কৰে। ইয়াৰ পৰা আপুনি ভাল হোৱা বুলি ভাবে নে বেয়া হোৱা বুলি?

শশী ফুকন: ভালেই হৈছে। কিন্তু আলোচনী এখনত প্ৰকাশ হোৱাৰ পূৰ্বে লেখা এটা এজন বা দুজন সম্পাদকে সম্পাদনা কৰে। প্ৰয়োজনীয়খিনি ৰাখি অপ্ৰয়োজনীয় খিনি কাটি পেলায়। গতিকে এই পৰিশোধনটো নোহোৱাকৈ লেখা এটা প্ৰকাশ কৰা মানে কেঁচা তেলত বস্তু ভজাৰ দৰে হৈছেগৈ। সেইটো এটা নিগেটিভ পইন্ট।

সাহিত্য ডট্ অৰ্গ: সেইটো হয়, পিছে আলোচনী এখনত প্ৰকাশ হোৱা লেখা এটা পঢ়ি কোনোৱে যদি তাৰ ওপৰত মতামত দিব খোজে তেন্তে তেওঁ আকৌ আলোচনীখনলৈকে লিখিব লাগিব আৰু প্ৰক্ৰিয়াটো দীঘলীয়া হৈ যায়। কিন্তু ফেচবুকত লিখিলে মতামতখিনি লগে লগেই পোৱা যায়। অনলাইনত লেখা মেলা আৰম্ভ কৰা তথা আমাৰ গ্ৰুপটোত থকা বহুতৰে কিতাপো প্ৰকাশ হৈছে। এইবোৰ যোগাত্মক দিশ বুলি আপুনি নাভাবেনে?

শশী ফুকন: নিশ্চয় এইবোৰ পজিটিভ দিশ। মই কিছুদিন আগতে বিবিধ ভাৰতীত এটা অনুস্থান শুনিছিলো। তেখেতে কৈছিল এতিয়া মই উপন্যাস লিখো ফেচবুকত, আৰু ফেচবুকত মোৰ লেখা জনপ্ৰিয়। মই তেতিয়াহে গম পাইছিলো যে ফেচবুকত উপন্যাসো লিখিব পাৰি। সেই ধাৰণাটো পূৰ্বে মোৰ নাছিল।ক’বলৈ গলে মই এতিয়ালৈকে ফেচবুকৰ সোৱাদটো পোৱাই নাই।

সাহিত্য ডট্ অৰ্গ: হয়তো ই বিৱৰ্তন পক্ৰিয়াৰে এক অংশ।পূৰ্বে মানুহে সাঁচি পাতত লিখিছিল, তাৰ পিছত লেটাৰ প্ৰেছ ওলালে, লেটাৰ প্ৰেছত যিমান ছপা কৰিব পাৰিছিল তাতকৈ অফছেটত বহুগুণে বেছি কৰিব পৰা হ’ল। গতিকে ই আগবাঢ়ি যোৱাৰ প্ৰক্ৰিয়াৰে এক অংশ। নহয়নে বাৰু?

শশী ফুকন: হয়। যদি অনলাইনত প্ৰকাশিত লেখা সমূহ স্থায়ীভাবে ৰাখিব পৰা যায় তেন্তে খুবেই ভাল হ’ব।

সাহিত্য ডট্ অৰ্গ: স্থায়ীভাবেটো থাকেই, আমি ভাবো অনলাইনত অধিক সুৰক্ষিতহে। আমাৰে ৱেবচাইটটোৰে চাৰ্ভাৰ আছে আমেৰিকাত।গতিকে ভিন্ন স্থানত একেটা ফাইলকে সুৰক্ষিত ভাবে সংৰক্ষণ কৰি ৰাখিব পাৰি। অনলাইন আৰ্কাইভ কৰি ৰাখিলে বহুত সুবিধা, ছপা আলোচনী এখন সময়ৰ লগত বেয়া হৈ যাব পাৰে বা দুৰ্ঘটনাত নষ্ট হৈ যাব পাৰে। ডিজিটেল আৰ্কাইভৰ ক্ষেত্ৰত তেনেকুৱা নহয়। বিস্ময়ৰ প্ৰথম সংখ্যাটো সাঁচি ৰখাটোও গুৰুত্বপূৰ্ণ কথা। আপোনালোকৰ ৱেবচাইটত পুৰণি সংখ্যাবোৰ স্কেন কৰি ৰাখি দিলে পঢ়ুৱৈসকলৰ মাজতো বিস্ময়ৰ প্ৰতি নতুনকৈ আকৰ্ষণ এটাৰ সৃষ্টি হ’ব।সত্যৰঞ্জন কলিতা, ৰঞ্জু হাজৰিকাৰ লেখা সমূহ, বাৰ্মুডা ট্ৰায়েংগলৰ কথা, আটলান্টিছৰ কথা যিবোৰে আমাক সৰু কালত আছন্ন কৰি ৰাখিছিলে সেইবোৰ যদি ডিজিটেল ৰূপত ৰাখিব পাৰিলে খুবেই ভাল কথা হ’ব। নহয়নে বাৰু?

শশী ফুকন: হয়।

সাহিত্য ডট্ অৰ্গ: এইখিনিতে আৰু এটা কথা সোধো, বিস্ময়ৰ শেষ পৃষ্ঠাত অৰ্ধনগ্ন ফটো দিয়াৰ আইডিয়াটো কাৰ আছিল বাৰু?

শশী ফুকন: শেষ পৃষ্ঠাৰ ধাৰণাটো আহিছিল ব্লিটজ নামৰ এখন আলোচনীৰ পৰা। আৰ কাৰাঞ্জীয়াৰ সম্পাদনাত ওলোৱা এই আলোচনীখনৰ শেষ পৃষ্ঠাত খাজা আহমেদ আব্বাচে লিখিছিল যাৰ লগতে এখন ফটো প্ৰকাশ হৈছিল। ফটোখন আছিল সকলোৰে মন আকৰ্ষণ কৰিব পৰা এখন ফটো। সেইটোয়ে হয়টো কেনেবাকৈ মোৰ মনতো প্ৰভাব পেলাইছিল।

সাহিত্য ডট্ অৰ্গ: ৰঞ্জু হাজৰিকা, সত্যৰঞ্জন কলিতাৰ দৰে ৰহস্য সাহিত্যিকক এসময়ত হৰিজন সাহিত্যিক বুলি কোৱা হৈছিল। এই সম্পৰ্কত আপোনাৰ মতামত কি ?

শশী ফুকন:  হয়, কোনে কৈছিল সেই সম্পৰ্কে তথ্য নাই কিন্তু প্ৰথম শ্ৰেণীৰ সাহিত্যিক হিচাপে যে গণ্য নকৰে সেই কথা সঁচা। ৰঞ্জু হাজৰিকাই যি ধৰণৰ সাহিত্যৰ ৰচনা কৰিলে তেনেকুৱা ৰচনা কৰিয়েই পৃথিৱীত বহু স্থানত বহু নমস্য ব্যক্তি হৈ আছে। এতিয়া নাম বিলাক মই নকওঁ, সকলোৱে জানেই। আনকি আমাৰ কাষৰ বেংগলত ৰবীন্দ্ৰ নাথৰ পৰা আদি কৰি বহু প্ৰখ্যাত লেখকে ভৌতিক গল্প লিখিছিল। তাৰে বহুতে ৰহস্য সাহিত্য লিখিছিলে। উদাহৰণস্বৰূপে সত্যজিত ৰায়ৰ কথা ক’ব পাৰি। এতিয়া তাত তেনে সাহিত্যক ইমান উচ্চ স্থান দিয়ে আৰু বিপৰীতে আমাৰ অসমীয়া সাহিত্যত কিয় নিদিয়ে এইটো আচলতে প্ৰশ্ন উত্থাপন হ’ব লাগে। কিন্তু প্ৰশ্ন কৰিবলৈ আমাৰ এটাই অনুস্থান আছে, অসম সাহিত্য সভা যাৰ বৰ্তমানৰ দুখ লগা অৱস্থালৈ চাই এই প্ৰশ্নৰ উত্তৰ দিব পাৰিব যে কোনোবাই সেই কথাত সন্দেহ।

অসমত ৰহস্যৰ সাহিত্যক লঘু সাহিত্য বুলি গণ্য কৰা হৈছিলা আৰু এতিয়াও কৰা হয়। পিছে বাকী যিখিনি গধুৰ সাহিত্যৰ ৰচক, তাৰ মাজৰ পৰা কেইজননো গৈ ৰাষ্ট্ৰীয় প্ৰেক্ষপেটত জিলিকি উঠিছে? কোনেওটো কেতিয়াও কোৱা শুনা নাই বা লিখা পোৱা নাই যে এইজন অসমীয়া সাহিত্যিকক মই চিনি পাওঁ।

সাহিত্য ডট্ অৰ্গ: বিস্ময়ৰ ওপৰিও আপোনালোকৰ প্ৰকাশনৰ পৰা মহিলা আলোচনী প্ৰিয় সখী প্ৰকাশ হয়। মহিলা আলোচনী এখন প্ৰকাশ কৰাৰ আইডিয়াটো কেনেকৈ সৃষ্টি হৈছিল?

শশী ফুকন: আমি বিস্ময়ৰ পিছতে ৰংঘৰ বুলি এখন আলোচনী প্ৰকাশ কৰিছিলো যিখন যথেষ্ট জনপ্ৰিয়ও হৈছিল। কিন্তু দুৰ্ভাগ্যবশত ২০০৬ চনত বিভিন্ন কাৰণত ৰংঘৰখন বন্ধ হৈ গ’ল।তাৰ মাজতে ২০০০ চনত আমি প্ৰিয় সখী আৰম্ভ কৰিছিলো যিখন এতিয়াও ভালদৰে চলি আছে। বাকী আইডিয়াটো আহিছিল এনেকৈ যে সেইটো সময়ত অসমত কেইবাখনো বাংলা ভাষাৰ মহিলা আলোচনী জনপ্ৰিয় হৈ পৰিছিল।তেতিয়া আমি ভাবিলো যে তেনেকুৱা এখন আলোচনী আমি কিয় উলিয়াব নোৱাৰো। উলিয়াব নোৱাৰাৰ কাৰণ আছিল যে ২০০০ চনত তেনেকুৱা আলোচনী এখন কম খৰচত ছপা কৰিবলৈ ছপাশাল নাছিলে।আমি প্ৰথমে সেয়ে কালাৰ জেৰক্স কৰি এটা চেম্পল কপি উলিয়াইছিলো। সেইটো বনাই আমি কলিকতাকে ধৰি বিভিন্ন স্থানতে দেখুৱাইছিলো যে এনেকুৱা এখন আমি উলিয়াব পাৰিম নেকি। গম পালো যে পূৰ্ণাংগ ৰঙীন আলোচনী এখন প্ৰকাশ কৰাৰ সামৰ্থ্যটো আমাৰ নাই, কিন্তু আংশিক ৰঙীন আলোচনী এখন আমি পাৰিম। পিছে প্ৰকাশৰ পিছত বাঘৰ পিঠিত উঠি নামিব নোৱাৰাৰ দৰে অবস্থা হ’ল আমাৰ। পিছলৈ দুই এক বিজ্ঞাপন আহিবলৈ লোৱাতহে অলপ সকাহ পালো।কিন্ত্ত ১০০% পূৰ্ণাঙ্গ আলোচনী এখন কম খৰচত গুৱাহাটীত বা অসমত উলিয়াব পৰাটো এতিয়াও সম্ভৱ হৈ উঠা নাই।

সাহিত্য ডট অৰ্গ: আমাৰ মনত উদ্ভৱ হোৱা সৰু সুৰা কথা কেইটামান আপোনাক সুধিব বিচাৰিছোঁ৷ আপোনালোকে বিস্ময়ত কবিতা কিয় প্ৰকাশ নকৰে?

শশী ফুকন: কবিতা প্ৰকাশ নকৰাৰ কোনো স্পেচিফিক কাৰণ নাই৷ আজি অলপ আগতে আমাৰ মাজতে এক আলোচনাও হৈছিলে, যে আমি নতুন বছৰৰ পৰা কবিতা একধৰণে প্ৰকাশ কৰিব পাৰো নেকি! সেই সংক্ৰান্তত আমাৰ নিজৰ মাজতে আলোচনা হৈছিলে৷ কবিতা জনপ্ৰিয়৷ প্ৰিয় সখীত কবিতা আমি আৰম্ভণিৰ পৰা প্ৰকাশ কৰিছো৷ কিন্তু কবিতা প্ৰকাশ কৰাটো অতি টান কাম৷ কবিতা দৈনিক যিমানটা আহে, কিন্তু আমাক দৰকাৰ হয় মাত্ৰ চাৰিটামান কবিতা৷ আৰু সেই কবিতাকেইটা বাছি উলিয়াবলৈ আমাৰ এক হাঁহাকাৰ অৱস্থা হয়৷ এটা কথা আছে, যদিও ধেমালিতে কোৱা আমাৰ আৰম্ভণিতে যে বিস্ময়কৰ কবিতা যদি আমি পাওঁ, তেন্তে আমি উলিয়াম৷ এবাৰ এটা ঘটনা হৈছিল, এজন পুলিচে এটা কবিতা লিখিছিলে এটা বিশেষ কাহিনী সংক্ৰান্তত৷ যদিও কাহিনীটো সম্পূৰ্ণ এতিয়া মনত পৰা নাই৷ বৰ ইণ্টাৰেষ্টিং কাহিনী এটা আছিল, এতিয়া মোৰ মনত পৰা নাই৷ সেই কাহিনী সংক্ৰান্তত আমি সেইবাৰ প্ৰথম কবিতাটো প্ৰকাশ কৰিছিলোঁ৷ আৰু মোৰো ব্যক্তিগত ভাৱে মই কবিতা চম্ভালিব নোৱাৰিম বুলি আৰম্ভণিৰেপৰা মোৰ নিজৰে এক ধাৰণা আছিলে, কবিতা বিষয়ত বহু কথাই ক’ব লাগিব৷ কিন্ত ইমানবোৰ কথা এতিয়া মোৰ খোলাখুলিকৈ ক’ব মনো যোৱা নাই৷ সেয়ে৷

সাহিত্য ডট অৰ্গ: বৰ্তমান অসমত যিমানবোৰ ছপা আলোচনী আছে, আকাৰৰ ক্ষেত্ৰত বিস্ময়ৰ আকাৰ বাকীবোৰ আলোচনীৰ লগত নিমিলে৷ বিস্ময়খন অলপ বেলেগ ধৰণৰ৷ সেই বিষয়ে কিছু জানিব বিচাৰিম?

শশী ফুকন: হয়৷ বিস্ময়ৰ আকাৰটো বাকী আলোচনীৰ লগত কিছু নিমিলে৷ সেই সময়ত এই আকাৰৰ বঙালী আলোচনী বেছ জনপ্ৰিয় আছিলে৷ আমি কলেজত পঢ়িব অহা সময়ত৷ নামবোৰ এতিয়া মনত পৰা নাই৷ এখন আছিল ‘প্ৰসাদ’৷ আৰু বহুতো নিম্নখাপৰো আলোচনী প্ৰকাশ পাইছিল সেই সময়ত৷ এটা ঢৌ উঠিছিল৷ সেইবোৰ আলোচনী অৱশ্যে আমি কিনা নাছিলোঁ৷ কিন্ত্ত ৰহস্য, ৰোমাঞ্চ এনেকুৱা কিছু আলোচনী ওলাইছিল৷ অসমীয়া কেইখনৰ কথা নাইকোৱা৷ বাংলাত ওলাইছিল সেইসময়ত ৰহস্য, ৰোমাঞ্চ আৰু বহুত কিবা কিবি আলোচনী৷ সেইবোৰ নাই এতিয়া৷ এই প্ৰথম বিস্ময়ৰ সংখ্যাটো হাতত লৈ প্ৰাগজ্যোতিষ কলেজৰ প্ৰিঞ্চিপাল পণ্ডিত তীৰ্থ শৰ্মা ছাৰে এখন চাৰ্টিফিকেট দিছিল চিঠি আকাৰে৷ সেই চিঠিখন বিস্ময়ত প্ৰকাশো পাইছিলে৷ তেওঁ কৈছিল যে, ৰে’লে বাছে পঢ়িব পৰা, জেপতে লৈ ফুৰিব পৰা এখন অসমীয়া আলোচনীৰ অভাৱ আছিল৷ বিস্ময়ে সেই অভাৱ পূৰ কৰিলে আৰু প্ৰকৃতাৰ্থত সেইটোৱে হৈছিল৷ ইয়াৰ আগলৈ ৰে’লে বাছে মানুহে অসমীয়া আলোচনী কিনি পঢ়া নাছিল৷

সাহিত্য ডট অৰ্গ: বিস্ময়ৰ অনুকৰণত তেনেকুৱা আৰু বহুতো আলোচনী ওলাল৷

শশী ফুকন: হয়৷ পৰৱৰ্তী সময়ত তেনে আৰু বহুকেইখন আলোচনী ওলাল৷ তাৰ ভিতৰত এতিয়ালৈ ৰহস্য বৰ্তমানে চলি আছে৷ আৰু বহু আলোচনী নগাঁও, যোৰহাট, গুৱাহাটীৰ পৰাও ওলাইছিল৷ কিন্ত্ত সেই আলোচনীবোৰ বৰ্তমান নাই৷ কেৱল ৰহস্যখন চলি আছে৷

সাহিত্য ডট অৰ্গ: প্ৰতিযোগিতা নিশ্চয় হৈছিল সেই সময়ৰ আলোচনী বোৰৰ মাজত?

শশী ফুকন: প্ৰতিযোগিতা হয়তোবা হৈছিল৷ কিন্ত্ত আমি প্ৰতিযোগী হিচাপে আলোচনীবোৰক নাই লোৱা৷ আমাৰ সহযোগী হিচাপেহে লওঁ৷ কিন্তু বিক্ৰীৰ ক্ষেত্ৰত প্ৰতিযোগিতাৰ বিষয়ক দুদিনমান আগত আমাৰ আলোচনা এটাও হৈছিল৷ বিস্ময়ৰ সমান চলা আলোচনী সেই সময়ত নাছিল হয়৷ কিন্তু এহেজাৰ কপি ছপা হোৱা আলোচনীটো সেই সময়ততো আৰু বহুতো আছিল৷ সেইবিলাকৰ যদি যোগফল যদি উলিওৱা হয় তেন্তে কেইহেজাৰমানটো হ’ব৷ গতিকে সেইবোৰ বিষয়ো নিশ্চয়কৈ আহিব৷

সাহিত্য ডট অৰ্গ: ছাৰ, আজিৰ পৰা পঞ্চাছ বছৰ আগেয়ে বিস্ময়ৰ জন্ম হ’ল৷ বিস্ময় আজিও চলি আছে৷ একে ধৰণৰ একে থীমৰ এটা সময়ত ত্ৰিশূল খনৰ জন্ম হৈছিল৷ ত্ৰিশূলখনো চলিছিল৷ কিন্তু ত্ৰিশূলখন জীয়াই নাথাকিল৷ অথচ বিস্ময়খন আজিলৈ কোনো এটা মাহৰো এটা ইচ্ছ্যুও বন্ধ নোহোৱাকৈ অবিৰাম চলি আহিছে৷ সেই কথাটোৰ প্ৰফেশ্বনেল দৃষ্টিভংগীটো কেনেধৰণৰ? মানে ক’ব বিচাৰিছো, বিস্ময়খন আমি উলিয়াবই লাগিব, এইখন আলোচনীৰ সৈতে আমাৰ জীৱিকা নিৰ্ভৰ কৰিছে, ব্যৱসায়িক স্বাৰ্থ আছে সেই কথাটোত আপোনাৰ মন্তব্য কেনেধৰণৰ?

শশী ফুকন: হয়৷ সেই কথাটোতো আছেই৷ আলোচনীখন নুলিয়ালে আমাৰ এই ত্ৰিশটা পৰিয়াল আজি চলিব নোৱাৰে৷ মই নিজেতো চলিব নোৱৰাটো নোৱাৰোৱেই, আমাৰ লগতে আৰু ত্ৰিশটা পৰিয়াল আলোচনীখনৰ অবিহনে চলিব নোৱাৰিব৷ তাৰ লগতে আমি যদি সময়মতে আলোচনীখন উলিয়াই দিব নোৱাৰো, তেন্তে আমাৰ অনুগত যিখিনি পাঠক সেই পাঠকসকলো বিভ্ৰান্ত হ’ব৷ দুৰ্ভাগ্যক্ৰমে ২০১০ চনত আমাৰ অতি বেয়া সময় এটা পাৰ হৈছিল৷ আলোচনীখন বন্ধ হোৱাৰ উপক্ৰম হৈছিল৷ সেই সময়ত আমি আলোচনীখন বাহিৰত ছপাইছিলোঁ৷ তাৰ ফলত আমি সাংঘাতিক যাতনা ভুগিবলগীয়া হৈছিল৷ খৰচৰ লগতে সময়মতে আলোচনীখিনি আহি নোপোৱাতো এটা সমস্যা হৈছিল৷ মাহেকীয়া আলোচনী এখন সাত তাৰিখে আহি পালে মানুহে কেতিয়াও নিকিনে৷ ফলত সেই বছৰৰ দহ মাহ মান আমি অতি সংকটত চলিব লগীয়া হ’ল৷ যিকোনো মুহূৰ্তত আলোচনীখন বন্ধ হৈ যোৱাৰো উপক্ৰম হৈছিল৷ যি হওক, আমি কেনেবাকৈ চাৰভাইভ কৰিলো সেই সময়ত ৷ সেয়া আমাৰ ভাগ্য বুলিয়ে ক’ব লাগিব৷ আৰু কিছু মানুহৰ আমাৰ প্ৰতি ভাল ভাব আছিল৷ তেওঁলোকে আমাক সহায় কৰিছিল৷ ৰক্ষা কৰিছিল৷ সেয়ে হয়তো সেই দুৰ্যোগৰ সময়খিনি আমি অতিক্ৰম কৰিব পাৰিলোঁ৷

সাহিত্য ডট অৰ্গ: আপুনি অলপ আগতে কৈছিল, এসময়ত বিস্ময়ৰ এক লাখ এক লাখ কপি উলিওৱা হৈছিল৷

শশী ফুকন: সেয়া আছিল ১৯৯২ চন মানৰ কথা৷ সেইসময়ত আলোচনীখনৰ দাম আছিল ১২ টকা৷ তাৰ আগেয়ে ১০ টকা আছিল৷ পিছত ১২ টকা কৰা হ’ল৷ অৱশ্যে এক লাখ কপি ছপোৱা সময়ছোৱা ১০ টকাৰ সময়ৰ আছিল নে ১২ টকাৰ সেয়া অৱশ্যে মই চালেহে শুদ্ধকৈ ক’ব পাৰিম৷ যি হওক, ১৯৯১ চন মানৰ পৰা যি মুক্ত অৰ্থনীতিৰ প্ৰচলন হ’ল, সিয়ে অইনবোৰ ক্ষেত্ৰক ক্ষতি কৰাৰ দৰে আমাকো যথেষ্ট আঘাত দিলে৷ মুক্ত অৰ্থনীতিৰ প্ৰভাৱতে পেপাৰৰ দাম ইমান বেছি বাঢ়ি গ’ল যে ই আমাৰ সমস্যাৰ সৃষ্টি কৰিলে৷ আৰু এই আলোচনীৰ দাম বৃদ্ধিৰ কথাটো সেই তেতিয়াৰে পৰা কিন্তু উৰ্দ্ধগামী হৈ থাকিল৷ কোনো দিন দাম নকমিল৷ এসময়ত ছহেজাৰ টকা প্ৰতি টন আছিল নিউজ প্ৰিণ্টৰ দাম, সেয়া আজি ষাঠিহেজাৰ টকা প্ৰতি টন হ’লগৈ৷ প্ৰায় দহগুণ বৃদ্ধি পালে দাম৷ গতিকে ই এক ডাঙৰ কাৰণ৷

সাহিত্য ডট অৰ্গ: ইমানখিনি কপি একে মাহতে পাঠকে আদৰি ল’ব বুলি আপুনি কেনেবোৰ কাৰণত প্ৰত্যাশা কৰিছিল?

শশী ফুকন: হয়, সেইটো একেদিনাই হোৱা নাই আচলতে৷ ক্ৰমান্বয়েহে হৈছে৷ সেই সময়টোত বিশেষ কোনো কাৰণো আছিল৷ আন্দোলনৰ পিছৰ পৰা এটা ঢৌ উঠিছিল যাৰ প্ৰভাবত কিছুমান যোগাত্মক কাম হৈছিল৷ হয়তো মানুহে বেছিকৈ পঢ়িবলৈ লৈছিল অসমীয়া আলোচনী৷

সাহিত্য ডট অৰ্গ: সাহিত্য সভাই স্বীকৃতি দিয়ক নিদিয়ক আমি পঢ়ুৱৈ সকলে অনুভৱ কৰো অসমীয়া সাহিত্যৰ প্ৰতি থকা আপোনাৰ অৱদান৷ যুবপ্ৰজন্মৰ পৰা প্ৰৌঢ়সকললৈকে জনপ্ৰিয় হৈ থকা বিস্ময়খনক লৈ আপোনাৰ সপোন কি?

শশী ফুকন: সপোন বুলি ক’লে আমি বিস্ময়খনক ভিন্ন ৰুচিৰ আলোচনী বুলি কওঁ, যদিও বহুতে ৰহস্য আলোচনী বুলিহে কয়৷ আমি এটা শ্ল’গানো তৈয়াৰ কৰিছিলো,  ‘বিনোদনৰ মাজেৰে জ্ঞান অৰ্জন’৷ আপোনালোকে মন কৰিলে দেখিব যে শেহতীয়াভাৱে আমি সকলোধৰণৰ লেখা যেনে ৰহস্য, ৰোমাণ্টিক, বিজ্ঞান ইত্যাদি প্ৰকাশ কৰি আহিছো যদিও লেখকৰ অভাব৷ ৰাজনীতিক বাদ কৰি আমি সকলো শিতানেই অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলাই আহিছো৷ এটা সময়ত অনুবাদ আমি নিয়মীয়াকৈ প্ৰকাশ কৰিছিলো কিন্তু আমাৰ চিনাকি অনুবাদক সকলৰ বেছিভাগেই এতিয়া এই সংসাৰত নাই আৰু নতুন প্ৰজন্মৰ মাজত আমি তেনেকুৱা লেখক পোৱা নাই বৰ্তমানলৈ যাক ভৰষা কৰিব পাৰি, যি সময়মতে লেখা এটা দিব পাৰে, যাৰ বিশুদ্ধতাৰ ওপৰত আমাৰ কোনো সন্দেহ নাথাকে, যি ইংৰাজী অসমীয়া দুই ভাষা ভালদৰে জানে৷ বহুতে আজিকালি অসমীয়াত ভুল লিখাটো ষ্টাইল বুলি ভাবে, সেইটো এটা দুখ লগা কথা৷

সাহিত্য ডট অৰ্গ: আমাৰ সকলোৰে প্ৰশ্ন, আমি সকলোয়ে জানিব বিচাৰো বিস্মিতি শিতানত উত্তৰ দিওঁতা বিদুষকজন প্ৰকৃততে কোন? লগতে যি সকলে ছদ্মনামেৰে লিখিছিল তাৰ মাজৰ দুই একৰ আচল পৰিচয়টো জনাব নেকি? আমি আগ্ৰহী৷

শশী ফুকন: ‘বিস্মিতি’ শব্দটো আচলতে অভিধানত নাই, অভিধানত আছে ‘বিস্মৃতি’৷ আমি ভাবিলো অভিধানত নথকা আৰু বিস্ময়ৰ লগত সংগতি থকা নতুন শব্দ এটাৰ সৃষ্টি কৰিলে কেনে হয়? আমি আমাৰ গুৰু তামুলী ককাইদেউৰ লগতো আলোচনা কৰিলো, তেওঁ কলে খুবেই ভাল কথা৷ তেতিয়া প্ৰশ্ন উঠিল শিতানটো চলাব কোনে? এজন ভাল মানুহ লাগিব৷ কিন্তু সেই ক্ষেত্ৰত আমাক বাট দেখুৱাইছিল ড৹ ভবেন্দ্ৰনাথ শইকীয়া চাৰে৷ প্ৰথমতে চাৰেই কেইবাটাও সংখ্যাৰ বাবে বিদুষকৰ ৰূপত আছিল৷ বোধকৰো প্ৰান্তিকত তেওঁ এই বিষয়ে লিখিছিলো৷ তেখেতে এৰি দিয়াৰ পাছত আমি নিজৰ ভিতৰতে এজন মানুহ বিচাৰি উলিয়ালো যি নিজৰ চিনাকি নিদিয়াকৈ এই কামটো কৰিব পাৰিব৷ হঠাৎ এটা ঘটনা মনত পৰিল, শুনক৷ তেতিয়া আমি আছিলো হেদায়ৎপুৰত৷ অফিচ আৰু ঘৰ দুয়ো তাতেই৷ এদিন হঠাৎ এজন ল’ৰা আহি ওলাল আৰু ক’লে যে তেওঁ বিদুষকক লগ পাব বিচাৰে৷ আমি ক’লো বিদুষকে তেনেদৰে মানুহক লগ নকৰে৷ তেওঁ নামানে, লগ কৰিবই লাগিব বুলি আকোৰগোজ৷ ক’লে যে দেখা কৰিব নালাগে, মই এটা ৰূমত থাকিম তেওঁ আন এটা ৰূমত থাকিব৷ আমি তেওঁক তেতিয়া বুজালো যে নাই তেখেত সেইটোটো মান্তি নহ’ব৷

এবাৰ আকৌ আমাৰ সহকৰ্মী এজন কৰবাৰ পৰা বাছৰে আহি আছিল৷ তেখেতৰ হাতত আমাৰ এখন আইডেণ্টিটি কাৰ্ড আছিল৷ সেই সময়ত আকৌ আৰ্মী আৰু পুলিচে খুব তালাচী চলাই আছিল৷ এক স্থানত বাছখন ৰখাই বাকী মানুহখিনিক যাবলৈ দি আমাৰ সহকৰ্মীজনক ৰখাই থলে৷ তেওঁ বৰ ভয় খালে, কিয়বা ৰখাই থৈছে বুলি৷ শেষত পুলিচ এজন তেওঁৰ কাষলৈ আহিল, বোলে হেৰি নহয় আপোনালোকৰ বিদুষকজন কোনহে? এওঁ উত্তৰ দিলে যে নাজানো৷ পুলিচজনে ক’লে যে এহঃ সকলোৱে তেনেকৈ কয়!

বাকী ছদ্মনাম কিছু কোৱাত আপত্তি নাই, সুৰেন্দ্ৰ কুমাৰ শৰ্মাই কেতিয়াবা লিখিছিল ‘সুকুশ’ নামেৰে৷ ‘অতনু চলিহা’ নামত লিখিছিল নিত্যানন্দ তামুলীয়ে৷ ‘ত্ৰিভুজ নন্দন হাতীবৰুৱা’-আছিল নিত্যানন্দ তামুলীৰ অন্য এক ছদ্মনাম৷ মাণিক বৰাই লিখিছিল ‘নিকুঞ্জ তনয়’ নামেৰে, আচলতে তেখেতৰ দেউতাকৰ নাম আছিল নিকুঞ্জ৷ ‘ৰমন মহলীয়া’-ৰ নামত মই লিখিছিলো৷ এবাৰ এজনে বিদুষকক প্ৰশ্ন কৰিছিল যে শশী ফুকনে ইমান দিনে কেৱল সম্পাদনাই কৰিলে, তেওঁ নিজে লিখিব নাজানে নেকি বাৰু একো?

সাহিত্য ডট অৰ্গঃ আমি কিন্তু বিদুষকজন আপুনি বুলি ধৰি লৈছো৷

শশী ফুকনঃ নাই নাই, বহুতেই তেনেকৈ ভাবে৷ কিন্তু বিদুষক সদায় লুকাই থাকে৷

সাহিত্য ডট অৰ্গঃ এটা সংখ্যাৰ বিস্ময়ত প্ৰকাশ হোৱা কিমানটা লেখা নিজে আহে আৰু কিমানটা লেখাৰ বাবে আপোনালোকে আবেদন কৰিব লাগে?

শশী ফুকনঃ প্ৰথম অৱস্থাত আমি খুজি আনিব লগীয়া হৈছিল৷ আমি তেতিয়া বহুতকে কৈ কৈ লিখোৱাইছিলো ৷ তামুলী ককাইদেউয়ে বহুতক সমল দিছিল৷ উদাহৰণস্বৰুপে আছিল কটন কলেজৰ নবীন বৰুৱা৷ আৰু আছিল ‘বিকুসা বলম’ অৰ্থাৎ বীৰেন্দ্ৰ কুমাৰ লহকৰ৷ তেওঁৰ পৰিবাৰৰ নাম আছিল সাধনা লহকৰ৷ দুয়োটা নাম লগ হৈ হৈছিলগৈ ‘বিকুসা বলম’৷

সাহিত্য ডট অৰ্গঃ যোৱা পঞ্চাছ বছৰত বহু কেইজন লেখক এই আলোচনীৰ মজিয়াতে সৃষ্টি হৈছে৷ নতুন প্ৰজন্মৰ পৰা আপুনি কি আশা কৰে? এনে ধৰণৰ সাহিত্যৰ মাৰ্গদৰ্শক হিচাপে আপুনি কি ক’ব বিচাৰে নতুন প্ৰজন্মক?

শশী ফুকনঃ মাজতে যি লেখকৰ অভাৱ হৈছিল, যোৱা এক দুই বছৰৰ পৰা সেই অভাৱ কিছু কমিছে৷ সেইটো হয়তো হৈছে ইণ্টাৰনেটৰ প্ৰচলনৰ পৰা৷ আগতে লেখা এটা লিখি সেইটো প’ষ্ট অফিচত গৈ প’ষ্ট কৰিবগৈ লাগে যিটো আহি পাওতেও বহুত সময় লাগে৷ এতিয়া প্ৰতিদিনে আমাৰ মেইলত দুই চাৰিটা লেখা আহে ই-মেইলত৷ যদি দহটা লেখা আহিছে তেন্তে তাৰ ভিতৰত তিনিটা বা চাৰিটা মান বিশিষ্ট লেখা আমি পাও৷ উদাহৰণ স্বৰুপে নতুন লেখকৰ ভিতৰত তেজপুৰত থকা পিনাকপাণি বৰুৱা আৰু ফাৰুক আজিজ৷ দুয়োৰে লিখাৰ ষ্টাইলটো বেলেগ৷ পিনাকপাণিয়ে ইমান সুন্দৰ ৰহস্য গল্প লিখিছে যিটো আমাৰ বাবে অতি আশাৰ কথা৷ এনেকুৱা যদি আৰু দুজনমান লিখক ওলায় আৰু মই আশা কৰিছো যে ওলাব৷ ই খুবেই এটা ভাল কথা৷ যোৱা দুই চাৰিমাহৰ ভিতৰত ইমান বেছিকৈ লেখা আহিছে যে আগন্তুক বছৰত আমি বহু কেইজন নৱ প্ৰজন্মৰ ভাল লেখক সৃষ্টি হ’ব বুলি আশা কৰিছো৷ এইসকলৰ ভিতৰত কিছু পাইছো যি বিদেশত থাকে, পেছাত ইঞ্জিনিয়াৰ৷ তেওঁলোক হয়তো ইংৰাজী মাধ্যমত পঢ়া৷ তেওঁলোকৰ লেখাসমূহৰ মান আনতকৈ বহুত ভাল৷ এইটো যদি ট্ৰেণ্ড হয় তেন্তে সোনকালেই ভাল দিন আহিব বুলি মই ভাবো৷ অবশ্যে মানুহৰ পঢ়াৰ আকাংক্ষাটো কিমান স্তিমিত হয় বা বাঢ়ে সেইটোৰ ওপৰতো কথা৷ আমি অনলাইনত গুৰুত্ব দিয়াৰ কথাও চিন্তা কৰিছো, যিটো আগতেই দিব লাগিছিল৷

সাহিত্য ডট অৰ্গঃ হয়, টাইমচ্ অৱ ইণ্ডিয়াৰ দৰে কাকতৰে ইমান অনলাইন চাবস্ক্ৰাইবাৰ আছে যে তেওঁলোকে কপিটো ফ্ৰীতে দিব পাৰে৷ বিজ্ঞাপনৰ পৰাও তেওঁলোকে বহুত টকা পায়৷ বিস্ময়কো সেয়ে অনলাইন কৰাৰ ব্যবস্থা কৰা উচিত৷

শশী ফুকনঃ হয় সেইখিনি আমি এতিয়ালৈকে ট্ৰেপ কৰিব পৰা নাই, কিন্তু চেষ্টা চলি আছে৷আগতে আংশিক ভাবে অনলাইনত আছিলেই কিন্তু চকু দিয়া মানুহৰ অভাব আৰু অন্য কিছু কাৰণতে যোৱা এক বছৰমান ধৰি সেইটো বন্ধ হৈ আছে৷ এতিয়া আমি পূনৰ যোগাযোগ কৰিছো আৰু ৱেবচাইটটো পূনৰ জীয়াই তোলাৰ চেষ্টা কৰিছো৷

সাহিত্য ডট অৰ্গঃ বিস্ময়ৰ পাঠকৰ সংখ্যা বৰ্তমান বাঢ়িছে বুলি ভাবে নে কমিছে?

শশী ফুকনঃ নাই, যোৱা কিছু বছৰে পাঠকৰ সংখ্যা বঢ়া নাই, বৰঞ্চ কমাৰ প্ৰৱণতাহে বেছি৷ আগৰ দিন নাই৷

সাহিত্য ডট অৰ্গঃ এনুৱেল চাবস্ক্ৰীপশ্বন লয়নে?

শশী ফুকনঃ আশাব্যঞ্জক নহয়৷ প্ৰিয় সখীৰ ক্ষেত্ৰত যিটো হাৰ তাৰ অনুপাতে বিস্ময়ৰ ক্ষেত্ৰত সেইটো কম৷

সাহিত্য ডট অৰ্গঃ বিস্ময়ত লেখা পুৰণি লেখক সকল এতিয়া হয়টো নাই৷ সেই সকলে লিখি যোৱা গল্পসমূহ বা নতুন গল্পবোৰৰ কোনো সংকলন প্ৰকাশ কৰাৰ পৰিকল্পনা আছে নেকি?

শশী ফুকনঃ তেনেকুৱা এটা পৰিকল্পনা আগৰ পৰাই আছিল, কিন্তু কামটো আমি এতিয়ালৈকে কৰিবগৈ পৰা নাই৷ অহা বছৰটোত আমি তেনেকুৱা কিছু কাম কৰিব পাৰো নেকি চাও৷ আচলতে আৰ্থিক কথাটো আহি যায়, এশ পৃষ্ঠাৰ কিতাপ এখনৰ দাম ডেৰশ টকা কৰিলে সি মূলে মূলে হয়৷ এতিয়া ধৰি লওক দহ হাজাৰ কপি বিক্ৰী হ’ব বুলি আশা কৰিব পৰা হ’লে কথাটো বেলেগ আছিল৷ তেতিয়া বহুত কম দামতে বিক্ৰী কৰিব পৰা গ’লহেতেন৷ কিন্তু এতিয়া প্ৰকাশক সকলে কিতাপ চপাই পাঁচশ বা খুব বেছি এক হাজাৰ৷ গতিকে খৰচটো বাঢ়ি যায়৷

সাহিত্য ডট অৰ্গঃ বিস্ময়ৰ লেখকক মাননী দিয়াৰ ব্যবস্থাটো কেনেকুৱা?

শশী ফুকনঃ মাননীৰ কাৰণে কোনো নিৰ্দিষ্ট মিটাৰ নাই৷ এতিয়া দুই পৃষ্ঠাৰ লেখা এটা ওলালে নতুন লেখক বা লেখিকাক ধৰি লওক এশ টকা দিও ৷ কিন্তু প্ৰতিষ্ঠিত লেখক এজনকতো এশ টকা দিলে নহ’ব৷ তদুপৰি আমি যদি গম পাওঁ যে লেখাটোৰ বাবে তথ্য গোটাওতে লেখকৰ কিছু খৰছ হৈছে, তেন্তে মাননীটো কিছু হিচাপ কৰি ভালকৈ দিয়া হয়৷ বহুত বছৰ আগতে ঘটনা এটা হৈছিল৷ যোগেশ দাস চাৰে এবাৰ দীঘলীয়া লেখা এটা আমাক দিছিল যিটোৰ বাবে তথ্য গোটাওতে তেওঁৰ কিছু খৰচ হৈছিল৷ আমি গম পোৱা নাছিলো আৰু সেয়ে সাধাৰণতে যিমান দিও সিমানেই তেখেতক দিছিলো৷ তেতিয়া তেখেতে অলপ বেয়া পাইছিল আৰু কৈছিল যে এহঃ কিতাপ কিনোতেই মোৰ ইমান খৰচ হ’ল৷ আমি গম পোৱা নাছিলো বাবেই তেনে হৈছিল৷ এনেই সাধাৰণতে আমি এশ টকাৰ পৰা এক হাজাৰ বাৰশ টকালৈকে দিও আৰু সেইটো নিৰ্ভৰ কৰে দৈৰ্ঘ্য্, মান, বিষয় আৰু লেখক বা লেখিকা নতুন নে পুৰণি তাৰ ওপৰত৷ সেইটো কিন্তু মাননীহে দেই, দাম নহয়৷

সাহিত্য ডট অৰ্গঃ শেষত আমাৰ অনলাইন আলোচনীখনৰ বাবে কিবা বাৰ্তা দিব খোজে নেকি?

শশী ফুকন: আমাৰ শুভেচ্ছাটো সদায় আছে৷ ই এক সৎ কাম, প্ৰয়োজনীয় কাম৷ ই যাতে সুফল লাভ কৰে, ইয়াৰ চাহিদা বাঢ়ে, লেখক লেখিকা বাঢ়ে তাৰে কামনা কৰিলো৷

সাহিত্য ডট অৰ্গঃ অসমীয়া কথা বতৰা আৰু সাহিত্য ডট্ অৰ্গৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে৷

শশী ফুকনঃ আপোনালোককো ধন্যবাদ ইমান কষ্ট কৰি আহি ইমান দেৰি বহি মোৰ কথা শুনাৰ বাবে৷ কোৱা শুনো বয়সৰ লগতে মানুহৰ কথা কোৱাৰ প্ৰৱণতা বাঢ়ে৷ গতিকে ধন্যবাদ আপোনালোকক মোক সেই সুযোগ দিয়াৰ বাবে৷

সাহিত্য ডট অৰ্গঃ আচলতে আমিও কথা শুনি ভাল পাও৷ কোনো কোনোৱে সাক্ষাৎকাৰটো ফ’ন বা ই-মেইলৰ যোগেদিয়ে লোৱাৰ কথা কৈছিল৷ কিন্তু আপোনাক দেখা পাবলৈকে আমি আহিলো, কাৰণ আপোনাক টি ভি-ত নেদেখো কেতিয়াও, মেলে মিটিঙেও নাযায় বা আপোনাৰ ফটোও নেদেখো৷ গতিকে আপোনাৰ বিষয়ে  জানিবলৈ আমি আগ্ৰহী আছিলো।

শশী ফুকনঃ এটা সুন্দৰ ঘটনা হৈছিল প্ৰিয় সখীৰ প্ৰথম সংখ্যাটোৰ উন্মোচনৰ সময়ত৷ সাহিত্যিক অতুলানন্দ গোস্বামীয়ে কৈছিল যে শশী ফুকন কি বৰথেকেৰাৰ ফুল নেকি? বৰথেকেৰাৰ ফুল ৰাতি ফুলে, দিনত দেখা পোৱা নাযায়৷ এতিয়া কথা হ’ল যে টি ভিত কথা কবলৈ মানুহৰ জ্ঞান লাগে, বুদ্ধি লাগে আৰু লগতে স্মৃতি শক্তিও লাগে যিবিলাক মোৰ নাই৷

সাহিত্য ডট অৰ্গঃ সেইটো আপুনিহে ভাবে, আমি নাভাবো৷

শশী ফুকনঃ হয় কি, আমি টি ভিত দেখি থাকো যে যি সকলে লম্ফ ঝম্ফ কৰি থাকে সেইসকলকহে মানুহে ভাল পায়৷ নকৰিলে নাপায়৷ গতিকে তাৰ পৰা আঁতৰি থকাই ভাল৷

☆★☆

সাহিত্য ডট্ অৰ্গৰ তৰফৰ পৰা শশী ফুকন চাৰৰ সাক্ষাৎকাৰটো গ্ৰহণ কৰিলে জ্যোতিৰূপম দত্ত, মৃদুল কুমাৰ শৰ্মা, উৎপলা কৌৰ আৰু ডা° হিতেশ্বৰ শৰ্মা দেৱে৷ লগতে প্ৰশ্নখিনি তৈয়াৰ কৰাত সহায় আগবঢ়ালে প্ৰাঞ্জল দাসে৷

Comments

1 Comment so far

Jump into a conversation
  1. জীমণি
    #1 জীমণি 24 December, 2017, 11:22

    ভাল পালো।

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.