লাকী আলী আৰু এটা হেৰোৱা সুৰ –  অমিতাভ মহন্ত

লাকী আলী আৰু এটা হেৰোৱা সুৰ –  অমিতাভ মহন্ত

লাকী আলী আৰু এটা হেৰোৱা সুৰ –  অমিতাভ মহন্ত

by December 17, 2017 0 comments

– বুজিলি?

– অলপ অলপ৷
– গুড্৷ এই ধৰ তই ডেকা চাৰৰ অঙ্কৰ ক্লাছত বহি আছ, বা ধৰ গিৰিজা বাইদেউৰ ক্লাছত শেষৰ বেঞ্চত বহি উৎপাত কৰি আছ৷ বাৰু পঢ়া শুনাৰ কথা বাদ দে, তই হয়তো ক্লাছৰ পৰিবেশত নিজকে ৰিলেট কৰিব নোৱাৰিবি৷ ধৰ তই উইকেট কীপিং কৰি আছ৷ জিতেনদাৰ পেচ ব’ল, ব’ল বীটচ্ দ্যা বেটচমেন, হঠাৎ তই অনুভৱ কৰিবি এক ভাল লগা অনুভৱ৷ কিবা এটা মিঠা মিঠা গোন্ধ৷ কিবা এটা ভাল লগা অস্বস্তি৷
– কেনেকুৱা?
– কেনেকুৱা! এই যে যোৱামাহত আমি মালঞ্চত মোগলাই পৰঠা খাই আছিলোঁ৷
– মোগলাই মাজত কৰপৰা আহিল এইবাৰ?
– তাকেইটো কথা৷ সিদিনা মোগলাই খাই আছো৷ লগত এক্সট্ৰা চ’চ৷ হঠাৎ সেই গোন্ধটো৷ বুকু ভৰি যোৱা কিবা এটা, অলপ অস্বস্তি!
– তাৰপিচত?
– তাৰপিছত আৰু কি! বুজি গ’লো কেচটো৷
– কি কেচ?
– প্ৰেম! তই এতিয়াওঁ তোৰ কেচটো বুজা নাই৷ মই কিন্তু সিদিনা মালঞ্চত খাই থাকোতেই মোৰ কেচটো বুজি গ’লোঁ৷
– কি বুজিলি বা?
– নীনা!
– কিনো কামুৰি আছ, ভালকৈ কচোন৷
– নীনা হৈছে মোৰ আল্টিমেট ডেষ্টিনেচন৷
– নীনা মানে?
– ক্লাছ চেভেন৷ চেকচন বি৷
– জুনিয়ৰ দেখোন৷
– লাইফ পাৰ্টনাৰৰ জুনিয়ৰ- চিনিয়ৰ নাথাকে৷ চি ইজ জাষ্ট লাইফ পাৰ্টনাৰ৷
– তাই জানে?
– ডাইৰেক্ট কোৱা নাই৷ স্মাৰ্ট ছোৱালী, এতিয়ালৈ নুবুজিব নে?
– সাৱধান দেই পেটলা৷ তাইৰ দাদাক মস্তান৷ এইফালে ছমহীয়া পৰীক্ষাওঁ আহি আছে৷
– তই ইমান নিগেটিভ কিয় বে? হো চানা খা৷

**

দিল ভী কহী হ্যেঁ পাহাৰোঁ ম্যেঁ
থ’ড়া চা কহী হ্যেঁ কিনাৰ’ ম্যেঁ
ফীৰ ভী তলী হ্যেঁ ঠণ্ডী হাৱায়েঁ
ক্যাঁ তুম মিল’গে হাম চে যাহাঁ লেকে যায়ে
ভীগী ভীগী পল্‌কে, কমচিন অঁদায়েঁ
মাচুম চেহৰা তেৰা নেহী ভুল পায়েঁ
**

চাইকেল এখন আছিল৷ ৰঙা ৰঙৰ হিৰো ইমপেক্ট, চাইকেলৰ সন্মুখত এটা বেগ৷ লগত আছিল সৰু চহৰখনৰ ৰিঙা ৰিঙা গলিবোৰ আৰু অজস্ৰ আবেলিবোৰ৷ নাপিতে চুলিখিনি কি ষ্টাইলত কাটিব সেয়া সুধি লোৱা বয়স আৰম্ভ হৈছে মাত্ৰ৷ চুলি উৰুৱাই চন্দন নগৰৰ গলিৰে সেয়া আমি৷ কেতিয়াবা চাইকেলৰ কেৰিয়াৰত ক্ৰিকেট বেটখন৷ কোনাবাখিনিত পেডেলৰ গতি কমি যোৱাৰ বয়স৷ পকী ৰাস্তা, আবেলিৰ ৰ’দ আৰু মোৰ চাইকেল৷ কাণত হেডফোন লোৱাৰ ট্ৰেণ্ড তেতিয়াওঁ অহা নাই৷ নিজেই গুণগুণাই আগবাঢ়ো৷ পিঠিৰ টিউচন বেগত আছে কৃষ্ণচূড়াৰ মাজে মাজে চহৰখন ভ্ৰমি ফুৰাৰ গোপন ভিছা৷

তেনে এক আবেলিতেই ময়ো কিবা বুজি উঠিছিলোঁ৷ পেটলাই বৰ এটা ভুল কোৱা নাছিল৷ হঠাৎ কিবা এক ভাল লগা অনুভৱ৷ কিবা এটা মিঠা মিঠা গোন্ধ৷ কিবা এটা ভাল লগা অস্বস্তি৷ এইফালে পেটলাই তাৰ ডেষ্টিনেচন বিছাৰি পাইছিল নীনাৰ মাজত৷ মই পাইছিলোঁ লাকী আলী আৰু তেওঁৰ সেই সেই মায়াবী কণ্ঠৰ মাজত৷ কৃষ্ণচূড়া, শিমলুকেইজোপা আৰু সেই আবেলিৰ মাজেৰে আগুৱাইছিলোঁ মই, মোৰ হিৰো ইমপেক্ট আৰু লাকী আলী!

আবেলিবোৰ হৈ পৰিছিল নতুন৷

**

তুমহে ভী কভী য়ে চতাতে হ্যেঁ
মুস্কুৰা কে দিল ক’ চুৰাতে হ্যেঁ
জীনে ক’ ত’ দিল য়েঁ চাহতা হ্যেঁ
জানে ফিৰ কিঁউ চৰমাতা হ্যেঁ
ৰুকতা নেহী হ্যেঁ, চবকুচ বাতায়ে
চুপতা নেহী হ্যেঁ, দিল জান জায়ে
অৱ ৰেহনা কিচক’ য়ঁহা

**

গান নুবুজো৷ সুৰ- তালৰ বিষয়ে একো জ্ঞান নাই৷ চাইকেল আৰু টিউচন ফাকিয়ে সঙ্গীত নিশিকায়৷ পেটলাই জ্ঞান দি থৈছিল, হঠাৎ কৰবাৰ পৰা কিবা আহি উশাহ বন্ধ কৰি দিব৷ উশাহ ৰৈ যাব৷ ৰৈ যোৱা সময়খিনি লৈ ল’লে লাকী আলীয়ে৷ দাদা এজনে খূউব ইংৰাজী প্ৰেমৰ উপন্যাস পঢ়িছিল৷ মাজে মাজে দুই এটা পাত লুটিয়াই চাইছিলোঁ৷ স্বাভাৱিকতেই ভালকৈ একো বুজা নাছিলোঁ৷ বহু বছৰ পিছত অলপ অলপ বুজিছিলোঁ৷ লাকী আলী, চাইকেল আৰু আবেলিবোৰৰ মাজত৷

**
কিতনী হচীন জিন্দেগী হ্যে য়ে
হ’ট’ পে যেইচে কাহানী হ্যে
চদা য়ঁহা কিচ্‌কা থিকানা হ্যে
উন কি ৰাৱানি ম্যেঁ জানা হ্যে
বহাৰোঁ নে হৰ চৌ ৰং হ্যে বিখেঁৰা
ৰেত কা চেহ্‌ৰা, একপল কা ঘেৰা
একদিন বিখঁৰনা য়ঁহা
**

“একদিন বিখঁৰনা য়ঁহা৷“

এইখিনিয়ে এতিয়াওঁ বুকুত অহৰহ পেডেল মাৰে৷ কিবা এটা হয়, এতিয়াওঁ৷ তেতিয়াৰ গুণগুণনি বোৰ এতিয়া ইউটিউবে কাঢ়ি নিলে৷ চাইকেলৰ পৰা গৈ বাইক, বাইকৰ পৰা গাড়ী…… যাত্ৰা আগুৱাই গৈছে৷ থমকিবলৈ সময় নাই৷ মালঞ্চৰ মোগলাই পৰঠাখন ভিভাণ্টাত বিছৰাৰ বৃথা চেষ্টা কৰো মাজে মাজে৷ পেটলাওঁ ক’তযে হেৰাই গ’ল৷ কোনোবাই কৈছিল সি হেনো ওদালগুৰিত, কিবা ngoৰ সৈতে লাগি আছে, লগত আছে নীনা৷ এই ফেচবুক, হোৱাটচ এপৰ যুগত হেৰাই যোৱাটো তাৰ দৰে বহেমিয়ান এটাৰ বাবেহে সম্ভৱ৷ পিছে সি সঁচাই হেৰাই গৈছে জানো? সি নিজৰ ঠাইতেই আছে চাগে৷ মইহে হেৰাই গৈছো প্ৰমোচন, গাড়ী আৰু বহুত কিবা কিবিৰ দৌৰত৷

কেতিয়াবা বিষণ্ণ আবেলিবোৰে লৈ যায় সেই সৰু চহৰখনলৈ৷ লাকী আলীয়ে এতিয়াওঁ মাজে মাজে আঁজুৰি আনে সেই আবেলিবোৰ৷ প্ৰায় উৰি যোৱা হিৰো ইমপেক্টখনে আকৌ গতি কৰে সেই গানৰ সৈতে৷ কৃষ্ণচূড়াৰ মাজে মাজে আগবাঢ়ো মই, হিৰো ইমপেক্ট, টিউচনৰ বেগতো আৰু…… লাকী আলী৷ ৷

সকলোৰে ডেষ্টিনেচন আছে৷ বেছিভাগেই সেয়া বিছাৰি উলিয়াব নোৱাৰে৷ মই নোৱাৰিলোঁ, পেটলাই পাৰিলে৷ দৌৰি ফুৰিছো মৰীচিকাৰ পিছত৷ কৰবাত বাজি উঠে এক অস্পষ্ট, হাৰি যোৱাৰ সুৰ৷

“ৰেত কা সেহৰা, এক পল কা ঘেৰা;
একদিন বিখঁৰনা য়ঁহা……”

☆★☆

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.