পদ্মাৱতী আৰু সঞ্জয় লীলা ভাঞ্চালী – প্ৰাঞ্জল দাস

পদ্মাৱতী আৰু সঞ্জয় লীলা ভাঞ্চালী – প্ৰাঞ্জল দাস

পদ্মাৱতী আৰু সঞ্জয় লীলা ভাঞ্চালী – প্ৰাঞ্জল দাস

by December 17, 2017 0 comments

 বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ ‘পদ্মাৱতী’ ছবিখনে সোনকালেই মুক্তি লাভ কৰিব৷ ‘দেৱদাস’, ‘হাম দিল দে চুকে চনম’, ‘ব্লেক’, ‘ৰামলীলা’, ‘বাজিৰাও মস্তানী’ আদি বহুকেইখন ক্লাচিক, মনোগ্ৰাহী, জনপ্ৰিয় কথাছবিৰ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ ছবিসমূহৰ নিজস্ব এক স্বকীয়তা তথা কাহিনী প্ৰকাশৰ অনন্য গতিময়তা আছে৷ তেওঁৰ ছবিবোৰৰ প্ৰতিটো দৃশ্য, এটি এটি সংলাপ ইমান সুন্দৰ, সুপৰিকল্পিত আৰু কলাত্মক যে ইয়ে চলচ্চিত্ৰপ্ৰেমীসকলক সুকীয়া এক আমেজেৰে আপ্লুত কৰে৷ সেয়ে তেওঁৰ নৱতম ছবি ‘পদ্মাৱতী’ৰ বাবেও চিত্ৰৰসিক সকলে উৎকণ্ঠাৰে বাট চাই আছে৷ ছবিখনে চিত্ৰগৃহত মুক্তি লাভ কৰাৰ পূৰ্বেই ইতিমধ্যে বহুকেইটা কাৰণত যথেষ্ট চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে৷ চৈধ্যশ শতিকাৰ প্ৰবল সাহসী আৰু বীৰাঙ্গনা ৰাণী পদ্মাৱতীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা ছবিখনৰ বাবে আৰম্ভণিৰ সময়ৰে পৰা ভাঞ্চালী সন্মুখীন হ’বলগীয়া হৈছিল সীমাহীন বাধা আৰু প্ৰত্যাহ্বানৰ৷ কিন্তু এই হেজাৰ বাধাকো নেওচি তেওঁ অদমনীয় মনোভাৱেৰে ছবিখনৰ নিৰ্মাণৰ কাম আগবঢ়াই লৈ গ’ল৷ সেয়েহে এতিয়া ‘পদ্মাৱতী’ৰ মুক্তিৰ প্ৰাকমুহূৰ্তত সকলোৱে ভাঞ্চালীৰ নিজৰ কৰ্মক্ষেত্ৰখনৰ প্ৰতি থকা আগ্ৰহ আৰু একাগ্ৰ মনোভাৱৰ শলাগ লৈছে৷ এইখিনিতে উল্লেখযোগ্য, চিতোৰৰ যিগৰাকী ৰাজপুত ৰাণীৰ জীৱনৰ আধাৰত চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে, বহু ঐতিহাসিকে তেওঁৰ নাম পদ্মিনী বুলিহে দাবী কৰে৷ অৱশ্যে আন কিছুমান ঐতিহাসিক সমলত পদ্মিনী আৰু পদ্মাৱতী দুয়োটা নামৰে উল্লেখ আছে৷ ৰাণী পদ্মাৱতীৰ জীৱনৰ সকৰুণ পৰিসমাপ্তিৰ আধাৰত চুফী সাধক মালিক মহম্মদ জয়চিয়ে ৰচনা কৰিছিল এক অমৰ কবিতা ‘পদ্মাৱত’৷ ইতিহাসৰ এক কৰুণ গাঁথাৰ বিৱৰণী এই অনবদ্য কবিতাটোৰ আধাৰতে ভাঞ্চালীয়ে তেওঁৰ ছবিখন নিৰ্মাণ কৰিছে৷

১৩০৩ খ্ৰীষ্টাব্দত দিল্লীৰ চুলতান আলাউদ্দিন খিলজিয়ে চিতোৰগড় দুৰ্গ দখল কৰি ধ্বংস কৰে৷ এই ঘটনাৰ প্ৰায় দুশ বছৰৰ পিছত ১৫৪০ চনত মালিক মহম্মদে ইয়াক কাব্য ৰূপ দিয়ে৷ কবিতাটোৰ বৰ্ণনা অনুসৰি পদ্মাৱতীৰ কাহিনী এনেধৰণৰ- মেৱৰৰ ৰজা ৰাণা ৰতন সিঙৰ দৰৱাৰত ৰাঘৱ চেতন নামৰ এগৰাকী সভাসদ আছিল৷ তেওঁ যাদুবিদ্যাত অত্যন্ত পাকৈত আছিল আৰু নিজৰ ভেল্কীবাজীৰে নানাধৰণৰ চমক দেখুৱাব পাৰিছিল৷ এই কথাত অইন সভাসদ সকলে আপত্তি দৰ্শাই ৰজাক গোচৰ দিলে যে, ৰাঘৱ চেতনে কোনোবাদিনা তেওঁৰ যাদুবিদ্যাৰে স্বয়ং ৰজাৰে অপকাৰ সাধিব পাৰে৷ সেয়েহে তেওঁক ৰাজ্যৰ পৰা বাহিৰ কৰাটোহে যুগুত হ’ব৷ ৰজাই সকলোৰে পৰামৰ্শ উচিত বিবেচনা কৰি ৰাঘৱ চেতনক ৰাজ্যৰ পৰা বাহিৰ কৰে৷ এই কথাত ঘোৰ অপমানিত হৈ ৰাঘৱ চেতনে চিতোৰ ধ্বংসৰ প্ৰতিজ্ঞা গ্ৰহণ কৰে আৰু দিল্লীৰ চুলতান আলাউদ্দিন খিলজিক সাক্ষাৎ কৰে৷ ৰাঘৱ চেতনে আলাউদ্দিনৰ আগত ৰতন সিঙৰ ৰাণী পদ্মাৱতীৰ ৰূপ-গুণৰ বৰ্ণনা কৰি মেৱৰৰ চিতোৰগড় দুৰ্গ দখল কৰিবলৈ উচটনি দিয়ে৷ ৰাঘৱ চেতনৰ উচটনিত উৎসাহিত হৈ আৰু নিজ সাম্ৰাজ্য বিস্তাৰৰ আকাংক্ষাৰে আলাউদ্দিনে চিতোৰৰ ৰাণা ৰতন সিঙলৈ পত্ৰ প্ৰেৰণ কৰে৷ পত্ৰৰ জৰিয়তে দিল্লীৰ বশ্যতা স্বীকাৰ কৰাৰ লগতে ৰাণী পদ্মাৱতীক তেওঁৰ হাতত গতাবলৈ আদেশ দিয়ে৷ এই কথাত অত্যন্ত ক্ৰোধান্বিত হৈ উঠা ৰতন সিঙে যুদ্ধত প্ৰাণ ত্যাগ কৰিলেও নিজৰ আত্মসন্মান আৰু চিতোৰগড় দিল্লীক সমৰ্পণ কৰা নহ’ব বুলি হুংকাৰ দিয়ে৷ প্ৰস্তাৱ অগ্ৰাহ্য হোৱাত আলাউদ্দিনে ৰতন সিঙৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে৷ আলাউদ্দিনে সৈন্য-সামন্ত লৈ চিতোৰ দুৰ্গ দখলৰ বাবে ৰাওণা হয়৷ যুদ্ধংদেহী মনোভাৱেৰে চিতোৰত উপস্থিত হয় যদিও অত্যন্ত সুৰক্ষিত চিতোৰগড় দুৰ্গত প্ৰৱেশ কৰিবলৈ আলাউদ্দিন অসমৰ্থ হয়৷ শেষত উপায়হীন হৈ তেওঁ ৰাণা ৰতন সিঙলৈ বন্ধুত্বৰ প্ৰস্তাৱ আগবঢ়ায় আৰু তেওঁৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ দেখা-সাক্ষাৎ কৰাৰ ইচ্ছা প্ৰকাশ কৰে৷ লগতে তেওঁ এই বাৰ্তাও প্ৰেৰণ কৰে যে ৰাণী পদ্মাৱতীক তেওঁ ভগ্নী জ্ঞান কৰে আৰু তেওঁৰ সৈতেও দেখা-সাক্ষাৎ কৰিবলৈ বিচাৰে৷ এই প্ৰস্তাৱত ৰাণা উপায়হীন হৈ পৰে কাৰণ ৰাজপুত নাৰীয়ে পৰপুৰুষৰ আগত নিজক প্ৰদৰ্শন নকৰে৷ সেয়েহে শেষত এই ব্যৱস্থা কৰা হয় যে আলাউদ্দিনে ৰাণী পদ্মাৱতীক সন্মূখৰ পৰা দেখা নাপালেও দাপোনৰ জৰিয়তেই তেওঁক এবাৰ দেখা পাব৷ সেই মৰ্মে আলাউদ্দিন খিলজি ৰাণা ৰতন সিঙৰ প্ৰাসাদলৈ অতিথি হৈ আহে৷ ৰাণী পদ্মাৱতী খিলজিৰ সন্মুখলৈ নহাকৈয়ে দাপোনৰ জৰিয়তে তেওঁৰ প্ৰতিবিম্ব আলাউদ্দিনক প্ৰদৰ্শন কৰে৷ দেখা-সাক্ষাৎৰ অন্তত ৰতন সিঙে আলাউদ্দিন খিলজিক দুৰ্গৰ বাহিৰলৈ আগবঢ়াবলৈ আহে৷ কিন্ত্ত দুৰ্গৰ বাহিৰলৈ ওলোৱাৰ মুহূৰ্ততে তেওঁক খিলজিয়ে শঠতাৰে বন্দী কৰি ৰাখে৷ লগতে ৰাণী পদ্মাৱতীলৈ বাৰ্তা প্ৰেৰণ কৰি নিজকে আলাউদ্দিনৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ আদেশ দিয়ে৷ ইমান অপ্ৰত্যাশিত এক বাতৰি শুনাৰ পিছতো ৰাণী পদ্মাৱতী অবিচলিত হৈ ৰয় আৰু দৃঢ়তাৰে নিজৰ স্থিতি গ্ৰহণ কৰে৷ নিজৰ দুজন বিশ্বস্ত সৈন্য গৌৰ আৰু বাদলৰ সহায়ত তেওঁলোকে এক আঁচনি তৈয়াৰ কৰে৷ সেইমৰ্মে আলাউদ্দিন খিলজিলৈ এই বাৰ্তা প্ৰেৰণ কৰা হয় যে ৰাণা ৰতন সিঙৰ মুক্তিৰ বিনিময়ত ৰাণী পদ্মাৱতী তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ ৰাজী৷ ৰাণীৰ লগতে তেওঁৰ অজস্ৰ দাসীও আলাউদ্দিনক অৰ্পণ কৰা হ’ব৷ এই প্ৰস্তাৱ শুনি আলাউদ্দিন খিলজি আনন্দত আত্মহাৰা হৈ পৰে৷ চিতোৰৰ পৰা ৰাণী পদ্মাৱতীৰ সহিতে কেইবাশ দাসী পাল্কীত উঠি আলাউদ্দিনৰ ওচৰলৈ ৰাওনা হয়৷ কিন্তু দৰাচলতে সেই পাল্কীসমূহত ৰাণী পদ্মাৱতী আৰু দাসীসকলৰ ভেশ ধৰি চিতোৰৰ সাহসী ৰাজপুত যুদ্ধাসকলহে আছিল৷ তেওঁলোক গৈ ৰাণা ৰতন সিঙক বন্দী কৰি ৰখা স্থানত উপস্থিত হয়৷ চেগ বুজি গৌৰ আৰু বাদলৰ নেতৃত্বত যোৱা ৰাজপুত যুঁজাৰুসকল খিলজিৰ সৈন্যৰ ওপৰত জঁপিয়াই পৰে৷ বাদলে ৰাণা ৰতন সিঙক উদ্ধাৰ কৰি নিজৰ চাউনীলৈ ঘূৰি আহিবলৈ সক্ষম হয় যদিও গৌৰৰ লগতে বহু ৰাজপুত যুদ্ধাই সাহসেৰে আলাউদ্দিনৰ সৈন্যৰ সৈতে যুঁজ দি মৃত্যুক সাৱটি লয়৷

এই খবৰ শুনি আলাউদ্দিন খিলজি খঙত একোনাই হৈ চিতোৰৰ বিৰুদ্ধে পুনৰ যুদ্ধ ঘোষণা কৰে৷ এইবাৰ পূৰ্বতকৈও অধিক সৈন্যবাহিনীৰ সহিতে আহি তেওঁ চিতোৰগড় দুৰ্গ ঘেৰাও কৰি ৰাখে৷ কিন্তু দৃঢ়মনা ৰাজপুত সকলে দুৰ্গৰ দুৱাৰ খুলি নিদিলে৷ খিলজিৰ সৈন্যই চিতোৰ দুৰ্গ প্ৰায় ছমাহকাল আবদ্ধ কৰি ৰাখে৷ দুৰ্গৰ ভিতৰত খাদ্য সামগ্ৰীৰ আকালে দেখা দিয়ে৷ উপায়ন্তৰ নাপাই শেষত ৰাণা ৰতন সিঙে দুৰ্গৰ দুৱাৰ খুলি যুদ্ধ কৰিবলৈ বাধ্য হয়৷ যুদ্ধত ৰাজপুত ৰাণা ৰতন সিঙৰ মৃত্যু হয়৷ কিন্ত্ত ৰাণী পদ্মাৱতীয়ে নিজকে আলাউদ্দিন খিলজিৰ ওচৰত আত্মসমৰ্পণ নকৰিলে৷ খিলজিৰ প্ৰস্তাৱ গ্ৰহণেৰে তেওঁ দিল্লীৰ সাম্ৰাজ্ঞী হৈ ৰাজসুখ ভোগ কৰিব পাৰিলেহেতেন৷ কিন্তু তেওঁ ৰাজপুত ধৰ্মমতে জোহৰ ব্ৰত গ্ৰহণ কৰি আত্মজাহ দিয়ে৷ ৰাণীৰ লগতে অসংখ্য ৰাজপুত নাৰীয়ে জোহৰ ব্ৰত গ্ৰহণেৰে অগ্নিকুণ্ডত জঁপিয়াই পৰে৷ আলাউদ্দিন খিলজিয়ে চিতোৰ দুৰ্গ দখল কৰিবলৈ সক্ষম হয় যদিও ৰাণী পদ্মাৱতীক পাবলৈ অসমৰ্থ হৈ ৰয়৷ চিতোৰ দুৰ্গৰ ভিতৰত ছাঁই আৰু ধ্বংসস্তূপৰ বাহিৰে অইন একো লাভ কৰিবলৈ তেওঁ সক্ষম নহ’ল৷

চুফী সন্ত মালিক মহম্মদ জয়চিয়ে যদিও ৰাণী পদ্মাৱতীৰ সকৰুণ কাহিনী অত্যন্ত মৰ্মস্পৰ্শী ৰূপত বৰ্ণনা কৰিছে, বুৰঞ্জীবিদ সকলে কিন্ত্ত ‘পদ্মাৱত’ কবিতাটিক ঐতিহাসিক সত্যতাতকৈ ৰহণ সনা সাহিত্য কীৰ্তি বুলিহে অভিহিত কৰিব বিচাৰে৷ জয়চিয়ে তেওঁৰ কবিতাত ৰাণী পদ্মাৱতীৰ এটি ভাটৌৰ কথা উল্লেখ কৰিছে, যিয়ে আহি ৰাণা ৰতন সিঙক তেওঁৰ বিবাহৰ পূৰ্বে পদ্মাৱতীৰ বাতৰি আনি প্ৰদান কৰিছিল৷ ঠিক একেদৰে চিতোৰৰ ৰাণা ৰতন সিঙৰ কাষত এটি হাঁহ, নাগ, পৰশমণি আদি কৰি পাঁচবিধ অলৌকিক সামগ্ৰী থকাৰ কথাও কবিতাটিত উল্লেখ আছে৷ ৰাঘৱ চেতনে আলাউদ্দিনৰ ওচৰত গৈ ৰাণী পদ্মাৱতীৰ ৰূপ-লাৱণ্যৰ বৰ্ণনা কৰি তেওঁক উচটনি দিয়া তথা পদ্মাৱতীৰ ৰূপ দাপোনত দেখি আলাউদ্দিন খিলজি ঠাইতে মূৰ্চা যোৱা ইত্যাদি বৰ্ণনা হয়তো মহম্মদ জয়চিৰ কল্পনাৰ নিজা সৃষ্টি আছিল৷ কিন্তু আলাউদ্দিন খিলজিৰ চিতোৰগড় আক্ৰমণৰ ঘটনা আৰু দুৰ্যোগৰ সময়চোৱাত ৰাজপুত ৰাণী পদ্মাৱতীৰ অদমনীয় সাহস আৰু দৃঢ়মনা চৰিত্ৰক ইতিহাসবিদ সকলে স্বীকৃতি প্ৰদান কৰিছে৷ অইন বহুতেই আকৌ এনে কাহিনীবোৰ ভাৰতত আক্ৰমণকাৰী মুছলমান চুলতানসকলৰ চৰিত্ৰকহীন দেখুৱাবলৈ ৰচনা কৰা বুলি ক’বলৈ বিচাৰে৷ কিন্তু আলাউদ্দিন খিলজিৰ ক্ষেত্ৰত এই অভিযোগ অমূলক৷ খিলজি বংশৰ দ্বিতীয়গৰাকী চুলতান আলাউদ্দিন খিলজি স্বভাৱতে আছিল অত্যন্ত উচ্চাকাংক্ষী আৰু অত্যাচাৰী শাসক৷ তেওঁ নিজ শহুৰেক জালালুদ্দিন ফিৰোজ খিলজিক চক্ৰান্তৰে হত্যা কৰি ৰাজপাত দখল কৰিছিল৷ নিজ হেৰেমত তেওঁ অসংখ্য যুৱতীক ৰক্ষিতা হিচাপে ৰাখিছিল৷ চিতোৰ দুৰ্গ দখলৰ পূৰ্বে আলাউদ্দিনে গুজৰাটৰ অনহিলৱাৰা দুৰ্গ দখল কৰি তাৰ সুন্দৰী ৰাণী কমলাদেৱীক নিজৰ পাটৰাণী কৰিছিল৷ সেয়েহে সাম্ৰাজ্য বিস্তাৰৰ লালসাত আলাউদ্দিন খিলজিৰ চিতোৰ দুৰ্গ আৰু ৰাণী পদ্মাৱতীৰ ওপৰত চকু পৰাটো কোনো আচৰিত হ’বলগীয়া কথা নহয়৷

কিন্তু সঞ্জয় লীলা ভাঞ্চালীয়ে এই কাহিনীৰ আধাৰত ছবি নিৰ্মাণ কৰিবলৈ লোৱাৰ লগে লগেই যেন সকলোবোৰ জাঙুৰ খাই পৰিল৷ অতদিনে সীমিত সংখ্যক লোকৰ জ্ঞাত তথা ৰাজস্থানৰ লোককথাৰ মাজত প্ৰচলিত হৈ ৰোৱা ৰাণী পদ্মাৱতী পলকতে কট্টৰ হিন্দুত্ববাদী সকলৰ বাবে আত্মসন্মানৰ চিহ্ন হৈ থিয় দি উঠিল৷ চিনেমাখনৰ অচিলাত সমগ্ৰ ঘটনাৱলী অন্য দিশলৈহে ধাৱমান হৈ পৰিল৷ চিতোৰগড় দুৰ্গৰ যিটো মহলত ৰাণী পদ্মাৱতীয়ে বাস কৰিছিল, সেই মহলটো বৰ্তমানে পদ্মিনী মহল হিচাপে পৰিচিত৷ ইউনেস্ক’ৰ ৱৰ্লড হেৰিটেজ চাইটৰ স্বীকৃতি পোৱা পদ্মিনী মহলত আৰ্কিয়লজিকেল চাৰ্ভে অৱ ইণ্ডিয়াই কিছু আইনাৰ সংযোজন কৰি সজাই পৰাই তুলি পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিছিল৷ পৰ্যটক সকলৰ আগত ৰাণী পদ্মাৱতী আৰু আলাউদ্দিন খিলজিৰ কাহিনীৰ বৰ্ণনা কৰিবলৈ ৪০ বছৰ পূৰ্বেই এই আইনাসমূহ মহলৰ দেৱালত বিভাগটোৰ ফালৰপৰা সংযোজন কৰা হৈছিল৷ অত বছৰৰ পিছত হঠাতেই এই কাৰ্যই ৰাণী পদ্মাৱতীৰ লগত তেওঁলোকৰ সন্মান লাঘৱ কৰা বুলি অভিযোগ আনি ৰাজপুত কৰ্ণী সেনা নামৰ এক সংগঠন ইয়াৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে৷ তেওঁলোকে প্ৰশাসনক এই আইনাসমূহ অতি শীঘ্ৰেই দেৱালৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দি ১৫ দিনৰ সময়সীমা বান্ধি দিয়ে৷ প্ৰশাসনে এই কাৰ্য্যত অমান্তি হোৱাত সংগঠনটোৰ কিছু সদস্যই পৰ্যটকৰ ভেশ ধৰি চিতোৰগড় দুৰ্গত প্ৰৱেশ কৰে আৰু শিল দলিয়াই দেৱালৰ দাপোনসমূহ ভাঙি চূৰমাৰ কৰে৷ ইয়াৰ পিছত তেওঁলোকে ভাঞ্চালীৰ চিত্ৰগ্ৰহণ থলীটো আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰে৷ যিহেতু পদ্মাৱতী ছবিখনৰ প্ৰায়সমূহ দৃশ্যই ৰাজকীয়, সেয়ে ভাঞ্চালীয়ে ৰাজস্থানৰ জয়পুৰৰ জয়গড় দুৰ্গটো বাছনি কৰি সুন্দৰকৈ সজাই পৰাই চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰিছিল৷ উগ্ৰ আক্ৰমণকাৰীসকলে জয়গড় দুৰ্গত প্ৰৱেশ কৰি ভাঞ্চালীৰ চিত্ৰগ্ৰহণৰ বহুতো মূল্যৱান সামগ্ৰীৰ লগতে কেমেৰাসমূহ ভাঙি নষ্ট কৰে৷ ইয়াতে ক্ষান্ত নাথাকি আক্ৰমণকাৰীসকলে ভাঞ্চালীক শাৰীৰিকভাৱেও অপদস্থ কৰে৷ চ’ছিয়েল মেডিয়াত এই আক্ৰমণৰ দৃশ্যৰাজীৰ ব্যাপক প্ৰচাৰ হোৱাৰ লগে লগে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ আনকি বিষয়টো গৈ ৰাজ্যসভাৰ মজিয়াটো আলোচিত হয়৷ এনেধৰণৰ ঘটনাই সাংস্কৃতিক জগতখনৰ সৃষ্টিশীলতাক বাধা প্ৰদান কৰা বুলি সকলোৱে সমালোচনা কৰে৷ তাতোকৈ গুৰুত্বপূৰ্ণ, ভাঞ্চালীয়ে ইয়াৰ পূৰ্বেই ২০০৮ চনত পেৰিচত পদ্মাৱতীৰ কাহিনীক এক অপেৰাৰ ৰূপ দি বিশ্ববাসীৰ সন্মুখত দাঙি ধৰিছিল৷ আন্তঃৰাষ্ট্ৰীয় মঞ্চত পদ্মাৱতীক উপস্থাপন কৰি প্ৰশংসিত হোৱা ভাঞ্চালীক নিজ দেশতে চৰমভাৱে অপমানিত কৰা হ’ল৷ এনে অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিছতো কিন্ত্ত ভাঞ্চালী অলপো বিচলিত নহ’ল৷ বৰঞ্চ তেওঁ দুগুণ উৎসাহেৰে ছবিখন নিৰ্মাণত ব্ৰতী হৈ পৰে৷ অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হৈ ৰাজস্থান ত্যাগ কৰিব লগা হোৱাৰ পিছত তেওঁ মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ পানহালা দুৰ্গক চিত্ৰগ্ৰহণথলীৰূপে বাছনি কৰে৷ অপৰিসীম কষ্ট আৰু ধৈৰ্যৰে ভাঞ্চালীয়ে সকলোবোৰ থান-থিত লগাই পুনৰাই দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰে৷ কিন্তু ভাঞ্চালীৰ বাবে ইয়াতো অনাহুত পৰিস্থিতিয়ে বাট চাই আছিল৷ ছবিখন সম্পৰ্কে উৰাবাতৰি প্ৰচাৰ কৰা হ’ল যে, পদ্মাৱতী আৰু আলাউদ্দিন খিলজিৰ প্ৰেমৰ সম্পৰ্ককলৈহে ছবিখন নিৰ্মাণ কৰা হৈছে৷ তথা ছবিৰ এক দৃশ্যাংশত সপোনত পদ্মাৱতী আৰু খিলজিৰ মিলনৰ দৃশ্যও দেখুওৱা হৈছে৷ লগে লগে বহুকেইটা সংগঠন পুনৰাই ভাঞ্চালীৰ বিৰুদ্ধে থিয় দি উঠিল৷ ৰাজপুত কৰ্ণী সেনাৰ লগতে হিন্দু জনজাগৃতি সমিতি নামৰ অইন এটা সংগঠনেও ভাঞ্চালীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী হাতত লয়৷ ভাঞ্চালীয়ে তেনে ধৰণৰ কোনো দৃশ্যাৱলী পদ্মাৱতীত দেখুওৱা হোৱা নাই বুলি বাৰম্বাৰ স্পষ্টীকৰণ দিয়াৰ পিছতো বহুতো হিন্দুত্ববাদী সংগঠনে তেওঁক ভাবুকি প্ৰদান কৰি ছবিখন নিৰ্মাণৰ কাম অতি শীঘ্ৰেই বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে৷ কিন্তু ভাঞ্চালীয়ে সাহসেৰে ছবি নিৰ্মাণৰ কাম অব্যাহত ৰখাত চিত্ৰগ্ৰহণথলীত পুনৰাই আক্ৰমণকাৰীয়ে ক্ষতিসাধন কৰে৷ তেওঁলোকে পেট্ৰ’ল বোমা নিক্ষেপৰ লগতে ছবিখনত ব্যৱহৃত বহুতো দামী সাজ-সজ্জা জ্বলাই দিয়ে৷ আনকি চিত্ৰগ্ৰহণৰ বাবে সাজু কৰি ৰখা ঘোঁৰা আদিকো আক্ৰমণ কৰি আহত কৰে৷ কিন্তু এই সকলোবোৰ মিলিও যেন ভাঞ্চালীক ছবিখন নিৰ্মাণ কৰাত বাধা দিব নোৱাৰিলে৷ অত্যন্ত ধৈৰ্য্যৰে পুনঃ পুনঃ সকলোবোৰ নতুনকৈ সজাই পৰাই তেওঁ ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম অৱশেষত সম্পূৰ্ণ কৰে৷ ইমানবোৰ দুৰ্যোগৰ পিছতো পদ্মাৱতীৰ নিৰ্মাণৰ বাবে ভাঞ্চালীয়ে দেখুওৱা অপৰিসীম ধৈৰ্য্য আৰু সাহসক তথা অদম্য মনোবলক সেয়ে এতিয়া প্ৰতিজন ব্যক্তিয়ে প্ৰশংসা কৰিবলৈ বাধ্য হৈছে৷

অৱশ্যে মুক্তিৰ বাবে ‘পদ্মাৱতী’ সাজু হৈ উঠাৰ পিছতো বহুতো সংগঠনে এতিয়াও ভাঞ্চালীক ভাবুকি প্ৰদান কৰিয়ে আছে৷ তেওঁলোকে যিকোনো উপায়েৰে ছবিখনৰ প্ৰদৰ্শন বন্ধ ৰাখিব বিচাৰিছে৷ কিছুদিন পূৰ্বে ছবিখনৰ প্ৰচাৰৰ অংশ হিচাপে গুজৰাটৰ চুৰাট চহৰৰ এক শ্ব’পিঙ মলত পদ্মাৱতী ছবিখনৰ প’ষ্টাৰৰ এক সুবিশাল আল্পনা সাজি উলিওৱা হৈছিল৷ অত্যন্ত কষ্টৰে সুদীৰ্ঘ ৪৮ ঘণ্টা পৰিশ্ৰম কৰি নিৰ্মাণ কৰি উলিওৱা আল্পনাটো ছবিখনৰ বিৰোধকাৰী সকলে মুহূৰ্ততে মোহাৰি গচকি নষ্ট কৰে৷ তথাপিও যেন ভাঞ্চালী হাৰি যোৱা নাই৷ ঐতিহাসিক কাহিনী এটিক বোলছবিৰ মাধ্যমেৰে জনসাধাৰণৰ সন্মুখত দাঙি ধৰিবলৈ ভাঞ্চালীয়ে দৃঢ়তাৰে যুঁজ দি আছে৷ ইমানবোৰ বাধা-বিঘিনি নেওচিও তেওঁ অদোমনীয় মনোবলেৰে ছবিখনৰ মুক্তি দিবলৈ আগবাঢ়িছে৷ দুদিনমান আগত এটি সাক্ষাৎকাৰত তেওঁক সোধা এটি প্ৰশ্নৰ উত্তৰত ভাঞ্চালীয়ে দৃঢ়তাৰে কৈছে- “এই ধৰণৰ কাৰ্য্য কলাপে মোক ছবি নিৰ্মাণত বাধা দিব নোৱাৰে৷ কাৰণ মই ইতিপূৰ্বেই বহু প্ৰত্যাহ্বান জিনি আহিছোঁ৷ মোৰ প্ৰথম ছবিখন মুক্তিৰ দিনাই ফ্ল’প বুলি ঘোষণা কৰা হৈছিল৷ ‘খামোচি’ ছবিখন চাই থাকোতে দৰ্শক সকলে চিত্ৰগৃহৰ চকী দলিয়াই ভাঙি মোৰ ওপৰত খঙ উজাৰিছিল৷ অনুৰুপ ঘটনা ‘ব্লেক’ ছবিখনৰ সময়তো সংঘটিত হৈছিল৷ কিন্তু এই সকলোবোৰৰ পিছতো মই ছবি নিৰ্মাণ অব্যাহত ৰাখিছোঁ৷” ইমানবোৰ সমালোচনা তথা বাধা-বিঘিনি অতিক্ৰমী ছবি নিৰ্মাণৰ বাবে মনোবল ক’ৰ পৰা আহৰণ কৰে বুলি সোধা এটি প্ৰশ্নৰ উত্তৰত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত পৰিচালকজনে কয়- “সমালোচনাক মই ঋণাত্মক দৃষ্টিভংঙ্গীৰে কাহানিও চোৱা নাই৷ হয়তো এই সকলোবোৰক মই মোৰ ছবিসমূহ আৰু অধিক উন্নত মানৰ কৰি সাজি তোলাৰ অনুঘটক হিচাপে ব্যৱহাৰ কৰিবলৈ শিকিছোঁ৷ সম্পূৰ্ণ উদ্বেগবিহীন ভাৱে ছবি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিলেহে মই চিন্তিত হৈ পৰোঁ৷ কাৰণ মই বিশ্বাস কৰোঁ- মোৰ অন্তৰ্ভাগৰ শ্ৰেষ্ঠতম সৃষ্টি সেই সময়তহে বাহিৰলৈ আহে, যেতিয়া মই সমস্যাৰে ভাৰাক্ৰান্ত, জৰ্জৰিত হৈ বিধ্বস্ত হৈ পৰোঁ!”
☆★☆

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.