পুত্ৰধন – মল্লিকা শৰ্মা বৰদলৈ

পুত্ৰধন – মল্লিকা শৰ্মা বৰদলৈ

পুত্ৰধন – মল্লিকা শৰ্মা বৰদলৈ

by December 17, 2017 0 comments

 ঃ মই এতিয়া আহিব নোৱাৰিম৷ পইচা লাগিলে কবি, মই একাউণ্টত ভৰাই দিম

— কথাষাৰে শেলে বিন্ধাদি বিন্ধি থৈ গ’ল মানুহজনক, সেই এৰি অহা দিনবোৰৰ দৰেই আকৌ এবাৰ বুকুখন বিষাই উঠিল…
ঃ মাই আজি মাটিমাহৰ খাৰখন বনাচোন৷ মুখখন ভাল লগা নাই৷
মাকে কলাখাৰ দি বনোৱা মাটিৰ দাইলখন তাৰ প্ৰিয়৷ এসপ্তাহ ধৰি জ্বৰত ভুগি উঠাৰ পিছত জিভাৰে একোৱেই সোৱাদ নোপোৱা হোৱা বাবে সি কৈছিল৷
ঃ এহ সেইখন আকৌ সৰুপোনাই নাখাই নহয়৷ জানই দেখোন তাৰ খং উঠে৷ তই বুজ দেচোন৷ দুখন দুখন আঞ্জা বনালে পিতায়েৰে খং কৰিব৷
ঃ হ’ব দে, আলুকে এটা পুৰি থ’বি৷
—-
সদায়ৰ দৰে মনৰ ভাৱটো লুকুৱাই সি কৈছিল৷ “তই ডাঙৰ তই বুজ“, কথাষাৰে প্ৰতিবাৰে বিন্ধি যায় তাক৷ তথাপি বুজে সি, বুজিবই লাগে৷ এনেকৈয়েতো চলি আহিছে জীৱন৷ সৰুপোনাই ভাল নাপায়, নুবুজে গতিকে সি বুজিবই লাগিব৷
মাকৰ লগত নুশুলে টোপনি নাহে বুলি জানিও, মাকে তাক দুবছৰীয়াতে এৰি চৰকাৰী হস্পিটেলখনলৈ যাওঁতে সি বুজা নাছিল কথাবোৰ৷ তিনিদিনৰ পিছত ঘৰলৈ উভতি অহা মাকক বেলেগ বেলেগ লাগোঁতেও সি একোৱেই বুজিব পৰা নাছিল৷ কিবা এটা হেৰাই যাব ধৰা অনুভৱটো তাৰ বাবে একেবাৰেই নতুন আছিল তেতিয়া৷ বিছনাখনত মাকৰ কাষৰ ঠাইটুকুৰা আনৰ হৈ পৰোঁতে বুকুখন বিষাইছিল৷ মাকৰ বুকুৰ মাজত সোমাই কান্দিব মন যাওঁতে যেতিয়া ভায়েকে অধিকাৰ কৰি লোৱা পৃথিৱীৰ আটাইতকৈ উমাল ঠাইখন, “মাকৰ কোঁচ“ত সি বহিব পৰা নাছিল, তেতিয়াহে সদায় শুনি থকা “তই ডাঙৰ নহয়, নাপায়“ বোলা কথাষাৰ বুজি উঠাৰ চেষ্টা কৰিছিল সি৷ মনৰ হেঁপাহবোৰ লুকুৱাই থবলৈ শিকি শিকি সি হৈ পৰিছিল ঘৰৰ ’বৰডেকা’৷
এল. পি স্কুলৰ শিক্ষা শেষ কৰাৰ পাছত আৰু পঢ়িবলৈ সুযোগ নোপোৱা পিতাকৰ বাবে খেতিৰ মাটিখিনিয়েই ঘৰ চলোৱাৰ একমাত্ৰ সম্বল আছিল৷ খেতি ভাল হ’লে বছৰটোলৈ বিশেষ কোনো চিন্তা নোহোৱাকৈ চলি যাব পাৰিছিল পৰিয়ালটো৷ হায়াৰচেকেণ্ডাৰী পাছ কৰাৰ পিছত সি দুই এটা সৰু সুৰা কাম কৰি নিজৰ পঢ়া খৰচ নিজেই উলিয়াই পাতলাই দিছিল পিতাকৰ কান্ধৰ গধুৰ বোজাটো৷ সৰুপোনা পঢ়াত ভাল আছিল বাবে তাক লৈ পিতাকৰ বৰ আশা৷ সেয়ে ভায়েকৰ প্ৰয়োজনীয়তাবোৰৰ প্ৰতি কেতিয়াও আওকাণ কৰা নাছিল চাগৈ৷ আৰু সি নিজৰ প্ৰয়োজনীয়তা বোৰক অপ্ৰয়োজনীয় বুলি ভাবি লবলৈ শিকি গৈছিল লাহে লাহে৷ কামলৈ অহা যোৱা কৰাত কষ্ট হোৱা বাবে, পিতাকক চেকেণ্ডহেন্দ চাইকেলখন কিনিবলৈ কেইটামান টকা খোঁজোতে ভায়েককো সেই মুহূৰ্ততে বিশেষ কামৰ বাবে টকাৰ বৰ দৰকাৰ হৈ পৰিছিল, আৰু সেই প্ৰতিবাৰৰ দৰে সি তাৰ ভাগৰ প্ৰাপ্যখিনি বুকুতে সামৰি সুতৰি থৈ দিবলগীয়া হৈছিল, সেইদিনাই আছিল নিজলৈ বুলি কিবা এটা বিচৰাৰ শেষ দিনটো৷ সেইদিন ধৰি সি আৰু কাৰো পৰা একো বিচৰা নাই৷
পিতাকৰ আশাবোৰক পূৰ্ণ ৰূপ দিবলৈ সৰুপোনাই চাকৰি পোৱাৰ বাবে ঘৰৰ পৰা চহৰলৈ ঢাপলি মেলিছিল৷ ঘৰৰ খেতি মাটিৰ দায়িত্ব বৰডেকা হিচাপে তাৰ ওপৰত আহি পৰিছিল৷ নিজাকৈ যোগাৰ কৰি লোৱা সৰুকৈ চাকৰিটোৰ লগতে খেতিৰ কামো চম্ভালি ল’লে সি৷ সময় যোৱাৰ লগে লগে কথাবোৰ সলনি হৈ গৈ থাকিল৷ মাকে শৰীৰেৰে আগৰ দৰে টানিব নোৱাৰা হৈ অহা বাবে ঘৰখনত বোৱাৰী এগৰাকীৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলে সকলোৱে৷ আলোচনা বিলোচনাৰ অন্তত তাৰ বিয়াৰ কাৰণে ছোৱালী চোৱা আৰম্ভ হ’ল৷ ছোৱালী এজনী পচন্দও হ’ল৷ বিয়াৰ যা যোগাৰ চলি থকাৰ সময়তে হঠাতে এদিন কাষৰ ল’ৰা এজনে খবৰ এটা দিলেহি৷ “সৰুপোনাই বিয়া পাতিলে৷“ ঘৰখনত হুলস্থূল লাগিল৷ কাকো একো নজনোৱাকৈ বিয়া পাতিবলগীয়া কি কাৰণ আহি পৰিল? তাকো ককায়েকৰ বিয়াখন নহওঁতেই৷ নিজৰ বিয়াৰ যোগাৰ তেনেকৈয়ে পেলাই থৈ সি চহৰ পালেগৈ৷ ছোৱালীৰ ঘৰৰ মত নথকা বাবে কোৰ্টতে বিয়াখন দৌৰাদৌৰিকৈ পাতিবলগীয়া হোৱা বুলি ভায়েকে ক’লে যদিও, তাত ভায়েকৰ থকাৰ ধৰণ কৰণ দেখি নোকোৱাকৈয়ে সকলো কথা স্পষ্ট হৈ পৰিল৷ এই বিয়াখন হঠাতে ঠিক হোৱা নাই৷ বহুদিনীয়া পৰিকল্পনা ৰ ফলস্বৰূপে, সম্পূৰ্ণকৈ এখন সংসাৰ গঢ়ি লৈছে সি চহৰত৷ ক’বলৈ একো নাছিল আৰু৷ মাকহঁতে দুখ পাবলগীয়া নোহোৱাকৈ মিছা কথাৰ ভঁৰাল এটা লগত লৈ উভতি আহিছিল৷ প্ৰথমবাৰৰ বাবে হয়তো পিতাকৰ হৃদয়ত সৰু পুতেকৰ প্ৰতি থকা ভৰষাৰ খেলিমেলি লাগিছিল৷
সময়ত তাৰো বিয়াখন হ’ল৷ সৰুপোনাই সহায় কৰিব বুলি ভবা পিতাকৰ বিশ্বাসটো মিচা প্ৰমাণ হ’ল৷ আলহীৰ দৰে দুদিন আগত আহি কেইটামান দামী দামী উপহাৰেৰে সকলো দায়িত্ব সামৰি থৈ বিয়াৰ পিছদিনাই উভতি গ’লগৈ৷ একো ন’কলে সি, আচলতে কোনেও একো কব নিবিচাৰিলে৷ তাৰ পিছৰ পৰা বিহু পূজাতো বিভিন্ন অজুহাত দেখুৱাই ঘৰলৈ অহাবোৰ কমাই আনিলে৷ ইতিমধ্যে দুয়োৰে পৰিয়াল বাঢ়িল৷ কেইবছৰমান পিছত এবাৰ অৱশ্যে দুই পুত্ৰ আৰু পত্নীৰ সৈতে কিছুদিন থকাকৈ আহিছিল৷ আহিছিল মানে পৰিয়ালটো বান্ধ খাই থকা ঘাই শিপাডাল উঘালি পেলাইছিলহি৷ ইমানদিনে ককায়েকে আটোমটোকাৰিকৈ ৰখা পৈতৃক সম্পত্তিৰ ওপৰত নিজৰ অধিকাৰ বিচাৰি আহিছিল৷ পিতাকে আশা কৰিছিল সি মাক-পিতাকক লগত ৰখাৰ ইচ্ছা প্ৰকাশ কৰক৷ কিন্তু ভবাৰ দৰে একোৱেই হোৱা নাছিল, সদায় নিজৰ ভাগৰখিনিও দিয়া মাক-পিতাকৰ বাবে তাৰ আহল বহল ঘৰখনত হয়তো ঠাইৰ অভাৱ হৈছিল৷ আৰু শেষত প্ৰতিবাৰৰ দৰে বৰ আদৰেৰে ককায়েকে তেওঁলোকৰ সম্পূৰ্ণ দায়িত্ব মূৰ পাতি ল’লে৷
পুত্ৰ হিচাপে নিজৰ কৰ্তব্য পালনত অকণো অৱহেলা কৰা নাই মানুহজনে৷ পত্নী ল’ৰা-ছোৱালী দুটা আৰু মাক পিতাকেৰে সম্পূৰ্ণ ঘৰখন আগৰ দৰেই চলি থাকিল৷ প্ৰায় দহ বছৰেই পাৰ হৈ গ’ল সেইদৰে৷ পিতাকৰ শৰীৰ অলপ অলপকৈ বেয়া হৈ আহিল৷ হয়তো মনৰ কষ্টই তেওঁক অধিক জুৰুলা কৰি পেলাইছিল৷ কিছুদিনৰ পৰা অৱস্থাতো আৰু বেয়াৰ ফালে যোৱা বাবেই পিতাকে নিজেই সৰুপোনাৰ পৰিয়ালটো এবাৰ চাওঁ বুলি কৈছিল৷ আৰু আজি কেৱল সেইটো, সেইটো কাৰণতে ভায়েকক ফোন কৰিছিল৷ বিনিময়ত পিতৃৰ চিকিৎসাৰ বাবে এটকাও সহায় নিবিচৰা মানুহটোক “পইচা লাগিলে দিম“ বুলি কোৱা কথাষাৰে শেলে বিন্ধাদি বিন্ধি গ’ল৷ সন্তানৰ কৰ্তব্য কেৱল টকা- পইচাতেটো শেষ নহয়৷ প্ৰয়োজনীয় সুবিধা দিব নোৱাৰিলেও সময়ত চেনেহৰ মাতষাৰেই কম সকাহ দিয়েনে৷ নাই সেইখিনিও যেন পিতাকৰ ভাগ্যত নাই৷ কি বুলি ক’ব এতিয়া পিতাকক৷ এই সময়ত তেওঁৰ অন্তৰখনে বিচৰাটো দিব নোৱাৰিলে পুতেক হিচাপে নিজেও দেখোন শান্তি নাপাব৷
ঃ দেউতা ককাই মাতিছে,
—- ছোৱালীজনীৰ মাতত তেওঁ গভীৰ টোপনিত থকা মানুহৰ দৰে উচপ খাই উঠিল৷ ইমান সময়ে চকুৰ আগত যেন ভাঁহি আছিল কথাবোৰ৷ সেমেকি উঠা চকুহাল মচি লৈ মানুহজন পিতাকৰ কোঠালৈ গ’ল৷
ঃ আহ, বৰপোনা
“বৰপোনা“ কেতিয়া মাতিছিল পিতাকে এই নামটোৰে? নাই মনত নপৰে৷ সেই যেতিয়া পিতাকৰ কান্ধত কেৱল বৰপোনাৰহে উঠাৰ অধিকাৰ আছিল হয়তো তেতিয়া..৷ পিতাকৰ হাতখনত ধৰিলে বৰপোনাই৷ ওচৰত মাক আৰু পত্নী ঠিয় হৈ আছে৷
ঃ বৰপোনা অ’, তোক মই একো দিব নোৱাৰিলোঁ৷ তই মোক সকলো উজাৰি দিলি৷ কিবা পুণ্য কৰিহে তোক পাইছিলোঁ বোপাই৷ তোৰ দৰে সন্তান সকলো পিতাকে পাওঁক, সকলোৱে পাওঁক…
কথাখিনি কৈ পিতাকে উচুপি উঠিল৷ বহুবছৰৰ মূৰত হেৰাই যোৱা বৰপোনা যেন ঘৰখনলৈ উভতি আহিল৷ মাকে এইবাৰ শব্দ কৰিয়ে কান্দিলে৷ হয়তো কিবা পোৱাৰ সুখত আৰু ক’ৰবাত কিবা এটা হেৰাই যোৱাৰ দুখত..৷ বৰপোনাই পিতাকৰ হাতখনত ধৰি কাষতে বহি থাকিল৷ একো নক’লে, এইসময়ত মৌনতাই হয়তো শ্ৰেষ্ঠ ভাষা হৈ পৰিছে৷ পিতাকৰ হাতখনত ধৰি নিজকে কোৱাৰ দৰে ক’লে, পিতাকৰ অন্তৰৰ আশাটো পূৰণ কৰি ঘৰখনৰ হাঁহিটো ওভতাই আনিবলৈ যি কৰিব লাগে কৰিবই লাগিব৷ কাইলৈয়েই চহৰলৈ গৈ সৰুপোনাক জোৰ কৰি হ’লেও লৈ আহিব লাগিব ঘৰলৈ৷ ককায়েক হিচাপে তাৰ ওপৰত কোনোদিনেই একো জোৰ কৰি দায়িত্ব জাপি দিয়া নাই আজিলৈকে৷ এইবাৰ যি কৰিবলগীয়া হয় কৰিব৷ এই ৰাতিটোৰ অন্তত আৰম্ভ হ’ব “পিতাকৰ বৰপোনাৰ“ কৰ্তব্যৰ আন এক যাত্ৰা…৷ ☆★☆

Comments

No Comments so far

Jump into a conversation

No Comments Yet!

You can be the one to start a conversation.

Your data will be safe!Your e-mail address will not be published. Also other data will not be shared with third person.