সঘনাই উত্থাপিত হোৱা প্ৰশ্ন কিছুমান

১) মই Mozilla Firefox ব্ৰাউজাৰ ব্যৱহাৰ কৰো৷ কিন্তু অসমীয়া আখৰবোৰ ফাটি ফাটি আহে দেখোন৷ উপায়?

সমাধান:

ক) ফায়াৰফক্স ব্ৰাউজাৰটো খোলক আৰু সোঁফালে একেবাৰে ওপৰৰ x বুটামটোৰ ঠিক তলতে থকা তিনিডাল ৰেখা অঁকা বুটামটো টিপক। তাৰ পাছত Options ক্লিক কৰক।

খ) এতিয়া Content টেবটোত ক্লিক কৰক। Fonts & Colors-ৰ সোঁফালে থকা Advanced বুটামটোত টিপক।

গ) এতিয়া ওলোৱা Fonts ৱিণ্ড’ খনত Fonts for : Bengali কৰি দিয়ক, Proportional: serif (size 16) কৰি দিয়ক৷ তাৰ তলত থকা serif, sans -serif, monospace গোটেইকেইটাতে লিষ্টখনৰ পৰা বিচাৰি Kalpurush চিলেক্ট কৰি দিয়ক, size 13.

1st

 

২) মই Google Chrome ব্ৰাউজাৰ ব্যৱহাৰ কৰো৷ পিছে অসমীয়া আখৰবোৰ ভাঙি ভাঙি আহে৷ ইয়াৰ উপায়?

সমাধান:

ক) গুগল ক্ৰ’ম খোলক আৰু সোঁফালে চুকত থকা x বুটামটোৰ ঠিক তলৰ তিনিডাল ৰেখাৰ বুটামটো টিপক।

খ)অপশ্যনবোৰৰ পৰা settings-ত ক্লিক কৰক।

গ) Settings-ৰ ৱিণ্ড’ খনত তললৈ স্ক্ৰল কৰক আৰু একেবাৰে তলত থকা Show Advanced Settings-ত ক্লিক কৰক।

ঘ) এতিয়া তললৈ স্ক্ৰল কৰক আৰু Web Content অপশ্যনটো বিচাৰি উলিয়াওক।

ঙ) তাৰ পাছত Customize Fonts বুটামটোত টিপক। তেতিয়া Fonts and Encoding বুলি ডাইলগ বক্সটো খোল খাব। ইয়াত প্ৰথমৰ চাৰিওটা অপশ্যনতে কালপুৰুষ বুলি ফণ্টটো চিলেক্ট কৰক। আৰু Done বুটামটোত ক্লিক কৰক।

চ) গুগল ক্ৰ’ম খোলা থকা সকলো ৱিণ্ড বন্ধ কৰক আৰু আকৌ এবাৰ নতুনকৈ পৃষ্ঠা খুলি চাওক আখৰবোৰ ঠিক হৈছে নে নাই।

2৩) মই নকিয়াৰ জাভা ফ’ন ব্যৱহাৰ কৰো৷ ইয়াত অসমীয়া আখৰ কেনেদৰে দেখা পাম তথা লিখিব পাৰিম?

সমাধান:

জাভা বা ছিম্বিয়ান ফ’নত অসমীয়া লিখিবলৈ পানিনী কীপেড (Panini Keypad) ব্যৱহাৰ কৰিব পাৰে৷

http://paninikeypad.com/support/install.php#For%20Java%20phones

 

৪) আৰু, কিন্তু, ৰূপ আদি শব্দত থকা ৰু, ন্তু, ৰূ এইকেইটা ভালদৰে দেখা নাপাওঁ। এইটো মই ব্যৱহাৰ কৰা সঁজুলিটোৰ সমস্যা নেকি?

সমাধান:

নহয়। এইটো ফণ্টৰ সমস্যা। বিশেষকৈ Vrinda ফণ্টটোৰ বাবে এনে হ’ব পাৰে। আপুনি Kalpurush, Asomiya Rohini আদি ফণ্ট ব্যৱহাৰ কৰি চাওক।

3 thoughts on “সঘনাই উত্থাপিত হোৱা প্ৰশ্ন কিছুমান

  • June 29, 2015 at 12:25 pm
    Permalink

    ধন্যবাদ থাকিল৷

    Reply
  • February 20, 2020 at 7:55 pm
    Permalink

    ধন্যবাদ, আটাইকেটা সমস্যা সমাধা কৰিব পাৰিলো।

    Reply
  • October 31, 2020 at 10:03 pm
    Permalink

    ধন্যবাদ……সমাধান আগবঢ়োৱাৰ বাবে….

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!