সাহিত্য ডট্ অৰ্গ কি ?

সাহিত্য ডট্ অৰ্গ কি ?

“চিৰ চেনেহী মোৰ ভাষা জননী ! “

তথ্য-প্ৰযুক্তিৰ অনবদ্য অৱদানেৰে মুখৰিত প্ৰতিযোগিতামুখৰ আজিৰ পৃথিৱীখনত ভাষা এটাৰ স্বকীয় চিনাকিৰ বাবে ইণ্টাৰনেটত ভাষাটোৰ বহুল প্ৰচলন হোৱাটো সময়ৰ আহ্বান হৈ পৰিছে৷ ইণ্টাৰনেটজগতত পৰ্য্যাপ্ত আধিপত্য নাথাকিলে ভাষা এটাক জীয়াই ৰখাত বা এক বিশ্বজনীন চিনাকি দিয়াটো অচিৰেই কঠিন হৈ পৰিব৷ এই ক্ষেত্ৰত সঠিক অৰ্থত এক গ্ৰহণযোগ্য ব্যৱস্থা হৈছে ইউনিক’ড নামৰ কাৰিকৰী মানক ব্যৱস্থাৰে লেখা-মেলা কৰা৷ ইয়াৰ অংশ হিচাপেই ২০১০ চনৰ শেষৰ ফালে ইণ্টাৰনেটৰ যোগেদি সামাজিক আদান-প্ৰদান সঁজুলি (ছ’চিয়েল নেটৱৰ্কিং ছাইট) ফে’চবুকত অসমীয়া ইউনিক’ড লিপিত লিখিব বা পঢ়িব পৰা এক সৰু কাৰ্য্যসূচীৰ আৰম্ভ কৰা হৈছিল৷ তাৰ নাম আছিল অসমীয়াত কথা-বতৰা৷ এই গোটৰ মঞ্চ আজি আঠ সহস্ৰাধিক সদস্যই আগবঢ়োৱা নিত্য-নতুন সমলেৰে উপচি পৰিছে৷ দেশে-বিদেশে সিঁচৰতি হৈ থকা অসম আৰু অসমীয়াক ভাষাক ভাল পোৱা সকলোকে একত্ৰিত কৰি ইণ্টাৰনেটৰ জগতখনত অসমীয়া ভাষাৰ বাবে কিবা অলপ কৰাৰ বাবে অনানুষ্ঠানিকভাৱে আৰম্ভ হোৱা “অসমীয়াত কথা-বতৰা” ফে’চবুক গোটটোৱে ইতিমধ্যে যথেষ্ট সৃষ্টিশীল সময় অতিক্ৰম কৰিছে৷

 

ফেচ’বুক এটা নেটৱৰ্কিং সঁজুলি যাৰ সহায়ত আমি মনে মিলা নতুন নতুন মানুহৰ লগত চিনাকি হৈ মত বিনিময় কৰিব পাৰোঁ৷ কিন্তু আমি উপলব্ধি কৰিছোঁ যে আমাৰ মাজৰ গুৰুত্বপূৰ্ণ আলোচনাবোৰ কেৱল ফে’চবুকৰ মাজতে আৱদ্ধ থাকিলে নহ’ব, আমিও কেৱল ফে’চবুকৰ বুকুত দৈনিক বাৰ্তালাপ কৰি থাকিলেই ন’হব৷ ফে’চবুকৰ ভিতৰত পৰি থকা লিখনিসমূহ বিভিন্ন সমল সন্ধানী আহিলাসমূহে (search engine) ইণ্টাৰনেটত বিচাৰি নেপায়৷ ভাল ভাল চিন্তাবিলাকক ফে’চবুকৰ বাহিৰলৈ উলিয়াই আনিব লাগিব৷ এইবোৰৰ ভিত্তিত ভাষাটোৰ বাবে, জাতিটোৰ বাবে স্থায়ীভাৱে কিছু গঠনমূলক কাম কৰিব লাগিব৷ স্থায়ী আৰু শৃংখলাবদ্ধভাৱে মতামতবোৰ বা লিখনিবোৰ সংগ্ৰহ কৰি যাব লাগিব৷ এইবোৰৰ ভিত্তিত নতুন প্ৰজন্মক লগত লৈ নতুন নতুন গঠনমূলক কাম হাতত ল’ব লাগিব৷ এনে এটি অভিলাষী সপোনৰ প্ৰথম পদক্ষেপ স্বৰূপে আমি www.xahitya.org (সাহিত্য ডট্ অৰ্গ) নামৰ এটা ৱেবছাইট নিৰ্মাণ কৰাৰ চেষ্টা কৰিছোঁ৷ ইয়াৰ যোগেদি ইণ্টাৰনেটৰ বিভিন্ন উৎসৰ পৰা অসমীয়া ভাষা-সাহিত্যৰ লিখনিসমূহ একত্ৰিত কৰি একে ঠাইতে অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে৷ মুঠৰ ওপৰত ‘সাহিত্য ডট্ অৰ্গ’ হৈছে ‘অসমীয়াত কথা-বতৰা’ ফে’চবুক গোটৰ উদ্যোগত অসমীয়া ইউনিক’ডত লিখা মেলা কৰাৰ এক মুকলি মঞ্চ , এটা বৌদ্ধিক আন্দোলন৷ সম্পূৰ্ণ বিনামূলীয়া এই মঞ্চত কাৰো ব্যক্তিগত অধিকাৰ নাথাকিব৷ খৰতকীয়া প্ৰকাশ আৰু পাঠকৰ চলন্ত মতামতৰ ব্যৱস্থাৰে ইয়াক নতুন লিখক-লিখিকাৰ বাবে কমাৰশালস্বৰূপে গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে৷ সাহিত্য-ডট্-অৰ্গ হ’ব সাধাৰণ ৰাইজৰ বাবে, সাধাৰণ ৰাইজৰদ্বাৰা পৰিচালিত সকলো সদস্যৰ এক উমৈহতীয়া মঞ্চ৷ ইয়াৰ কোনো প্ৰতিস্থাপক নাই, অসমীয়াপ্ৰেমী নেটিজেনৰ মাজতেই জন্ম আৰু তেওঁলোকেই লালন পালন কৰিব৷ ইয়াত ৰাজনীতিৰ কোনো পংকিলতা নাথাকিব আৰু বন্ধুত্বপূৰ্ণভাৱে মাৰ্জিত ভাষাত মত প্ৰকাশৰ স্বাধীনতা ১০০% অটুত থাকিব৷ সাহিত্য-ডট্-অৰ্গ হ’ব ছপা মাধ্যম আৰু ইণ্টাৰনেটৰ মনিকাঞ্চন সংযোগ। ইয়াৰ পৰা কিছু বিশেষ লিখনি অসমৰ কেবাখনো প্ৰতিস্থিত কাকত-আলোচনীয়ে প্ৰকাশৰ বাবে গ্ৰহণ কৰি নতুন লিখকক উৎসাহিত কৰিবলৈ আৰম্ভ কৰিছে৷ভৱিষ্যতে প্ৰতিশ্ৰুতিসম্পন্ন নতুন মুখ নিৰ্বাচন কৰি আগবঢ়াই নিয়াৰ পৰিকল্পনাও আছে। আমি আজিৰ বাবে নহয় আহিবলগীয়া কাইলৈৰ বাবে প্ৰস্তুতি চলাইছোঁ৷

‘সাহিত্য ডট্ অৰ্গ’ক ২০১১ চনৰ ২৪ জুলাই তাৰিখে গুৱাহাটীত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত স্বতন্ত্ৰ অনুষ্ঠান/ ৱেবছাইট হিচাপে মুকলি কৰা হয় যদিও পিছলৈ বহল পৰিসৰত অসমীয়া ভাষা-সাহিত্যৰ চৰ্চাৰ বাবে ২০১২ চনৰ ৫ অক্টোবৰত আনুষ্ঠানিকভাৱে জন্ম লাভ কৰা ‘ভাষা সাহিত্য সন্মিলনী, অসম’ নামৰ সংস্থাটোৰ অন্তৰ্ভুক্ত কৰা হয় আৰু ইয়াক সংস্থাটোৰ মাহেকীয়া মুখপত্ৰ হিচাপে ঘোষণা কৰা হয়৷ ‘ভাষা সাহিত্য সন্মিলনী, অসম’ক ইতিমধ্যে 1860 চনৰ সামাজিক অধিনিয়ম XXIৰ পঞ্জীয়নৰ আধাৰত KAM (M)/263/A/373, 2012-2013 নম্বৰত পঞ্জীয়ন কৰা হৈছে৷

ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা প্ৰস্তুত স্নাতক অসমীয়া পাঠ্যক্ৰমৰ (CBCS) এক তথ্য সূত্ৰ হিচাবে সাহিত্য ডট অৰ্গক (www.xahitya.org) অন্তৰ্ভুক্ত কৰা হৈছে।  দেশৰ সকলো কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতক পাঠ্যক্ৰ্মত এই ৱেবচাইটক  মান্য তথ্যসুত্ৰ হিচাবে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিব পাৰিব।

(  http://www.ugc.ac.in/pdfnews/5918997_B.A.-with-Assamese.pdf  )

সাহিত্য-ডট-অৰ্গৰ কাৰ্য্যপন্থা:

 

১) ‘অসমীয়াত কথা বতৰা’ গোটত (অনুমতি সাপেক্ষে আন গোটত) দৈনিক প্ৰকাশিত নিৰ্বাচিত লেখাসমূহক সম্পাদিত ৰূপত আমাৰ স্থায়ী জালস্থানত অন্তৰ্ভুক্ত কৰা হ’ব৷

২) ৱেবছাইট নিৰ্মাণ আৰু কাৰিকৰী বিশেষজ্ঞসকলে সম্পাদক সকলক এই কাম কেনেকৈ কৰিব লাগে বুজাই দিব৷

৩) সম্পাদনা তত্বাবধায়কসকলে সম্পাদক মণ্ডলীৰ মাজত বিভিন্ন শিতানসমূহ (কবিতা, গল্প, সাময়িকী, আলোচনা, ভিন্নস্বাদ, ৰস-ৰচনা আদি) ভাগ কৰি দিব ৷

 

৪)  সম্পাদক সকলে নিৰ্বাচিত লিখনিসমূহ বানান, ব্যাকৰণ আদিৰ যথাযথ সম্পাদনা কৰি দৈনিক স্থায়ী জালস্থানত অন্তৰ্ভুক্ত কৰিব৷

৫)  মুখ্য সমন্বয়ৰক্ষক আৰু আহ্বায়কদ্বয়ে পৰামৰ্শদাতা, সম্পাদকমণ্ডলী, কাৰিকৰী দল আৰু সদস্যসকলৰ মাজত কথা-বতৰা পাতি সামঞ্জস্য ৰক্ষা কৰাব ৷

৬)  মাহেকত একোজনকৈ সম্পাদকে একোটা (ঘূৰ্ণীয়মানভাৱে) সম্পাদকীয় টোকা লিখিব৷

৭) বাহিৰা প্ৰতিস্থিত ব্যক্তি বা অতিথিৰ শিতানৰ ব্যৱস্থা কৰা হ’ব ৷

৮)  মাজে মধ্যে দলৰ একোখনকৈ ই-বৈঠক অনুস্থিত হ’ব ৷

 

৯)  অসমৰ যিকোনো স্থানত ১০০% বিনামূলীয়াকৈ অসমীয়া ইউনিক’ডত লিখন কৰ্মশালা অনুস্থিত কৰাৰ বাবে এটা কৰ্মদল গঠন কৰা ৷

১০) ‘অসমীয়াত কথা বতৰা’ গোটত সক্ৰিয় অংশগ্ৰহণৰ ওপৰত নিৰ্ভৰ কৰি সদস্যৰ মাজৰ পৰা সম্পাদকলৈ উন্নীত কৰা হ’ব ৷

১১) ইয়াৰ পৰা কিছু বিশেষ লিখনি অসমৰ কেবাখনো প্ৰতিষ্ঠিত কাকত-আলোচনীযোগে প্ৰকাশ হৈছে কৰা৷ ইতিমধ্যে কেবাখনো  কাকত-আলোচনীয়ে নতুন লিখকক উৎসাহিত কৰিব বুলি প্ৰতিশ্ৰুতি দিছে ৷ গোটৰ পৰা প্ৰতিশ্ৰুতিসম্পন্ন নতুন মুখ নিৰ্বাচন কৰি অসমৰ প্ৰখ্যাত সাহিত্যিকৰ প্ৰত্যক্ষ তত্বাৱধানত আগবঢ়াই নিয়া হ’ব ।

সাহিত্য ডট অৰ্গৰ নিয়মাৱলী:

১.   সকলো লেখা ইউনিকোড মাধ্যমেৰে লিখা হ’ব লাগিব৷ ৰোমান লিপিত অসমীয়া লেখা কোনোপধ্যেই গ্ৰহণ কৰা নহ’ব।

২.   বিভিন্ন মৌলিক লেখনিৰ লগতে (গল্প, কবিতা, গান, ব্যক্তিধৰ্মী ৰচনা), বিবিধ বিষয়ৰ বস্তুধৰ্মী প্ৰবন্ধ, বিভিন্ন ভাষাৰ সাহিত্যিক পাঠৰ অনুবাদ, বিভিন্ন সংগ্ৰহিত সমলৰ আদি প্ৰকাশৰ বাবে বিবেচনা কৰা হ’ব৷

৩.  ইয়াত কোনো লেখা প্ৰকাশ কৰিবলৈ হ’লে মূলতঃ ফেচবুকৰ ‘অসমীয়া কথা বতৰা’ গোটত প্ৰথমে লেখাটি প্ৰকাশ হ’ব লাগিব। নিৰ্দিষ্ট সম্পাদকে লেখাৰ মানদণ্ড বিচাৰ কৰি সেয়া সাহিত্য ডট্‌ অৰ্গ লৈ প্ৰেৰণ কৰিব। গতিকে কোনো লেখা সাহিত্য ডট্‌ অৰ্গলৈ পোনে পোনে পঠিয়াব নোৱাৰিব।

৪.  সাহিত্য ডট অৰ্গে প্ৰয়োজনসাপেক্ষে কোনো ব্যক্তিক নিৰ্দিষ্ট বিষয়ৰ লেখা বিচাৰি অনুৰোধ জনাব পাৰিব আৰু এই ক্ষেত্ৰত সেই লেখাটি ফে’চবুকৰ ‘অসমীয়া কথা বতৰা’ গোটত প্ৰথমে প্ৰকাশ হ’ব লাগিব বুলি কোনো কথা নাথাকিব৷

৫.   সাহিত্য ডট্‌ আৰ্গে বানানৰ ক্ষেত্ৰত ‘হেমকোষ’ আৰু ‘চন্দ্ৰকান্ত অভিধান’ অনুসৰণ কৰিব। তদুপৰি আখৰ-জোঁটনি আৰু লিপ্যন্তৰৰ ক্ষেত্ৰত ‘অসমীয়া ভাষাৰ আখৰ-জোঁটনি আৰু লিপ্যন্তৰ পদ্ধতি’ (পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতি, গুৱাহাটী বিশ্ববিদ্যলয়) পুথিখনক আধাৰত হিচাপে গ্ৰহণ কৰিব৷

৬.  ফে’চবুকৰ অসমীয়া কথা বতৰা গোটত প্ৰকাশিত যিকোনো লেখা সাহিত্য ডট্‌ অৰ্গত প্ৰকাশিত হ’ব পাৰে৷ এই ক্ষেত্ৰত সম্পাদকমণ্ডলীৰ সিদ্ধান্তই শেষ সিদ্ধান্ত হিচাপে গ্ৰহণ কৰা হ’ব৷

৭.   কোনো লেখা প্ৰকাশ হোৱা নোহোৱাৰ শেষ সিদ্ধান্ত সম্পাদকমণ্ডলীৰ হাতত সংৰক্ষিত।

৮.  অসমীয়া ইউনিক’ডত লিখিবলৈ কাৰোবাৰ অসুবিধা হ’লে সাহিত্য ডট্‌ অৰ্গৰ কাৰিকৰী বিশেষজ্ঞসকল সহায়ৰ হাত আগবঢ়াবৰ বাবে সদা প্ৰস্তুত৷ ইয়াৰ বাবে তেখেতে ফে’চবুকৰ অসমীয়া কথা বতৰা গোটৰ জৰিয়তে সহায় বিচাৰিব পাৰিব৷

৯.   কোনো গুৰুত্বপূৰ্ণ লেখা ইণ্টাৰনেটৰ অন্য কোনো ব্ল’গ বা ৱেবচাইটত পূৰ্বে প্ৰকাশিত হ’লেও ইয়াতো প্ৰকাশ কৰা হ’ব৷ কিন্তু মূলতঃ বেলেগ  ব্ল’গ বা ৱেবছাইটত প্ৰকাশ নোহোৱা লেখাসমূহকহে অগ্রাধিকাৰ দিয়া হব।

১০.  অনুবাদ কৰা কোনো ৰচনাৰ ক্ষেত্ৰত বা আনৰ পৰা সংগ্ৰহ কৰা লেখাৰ ক্ষেত্ৰত মূল উৎস, লেখকৰ নাম, ঠিকনা আদি দিয়াটো বাঞ্চনীয়৷ অন্যথা প্ৰকাশৰ বাবে বিবেচিত কৰা নহ’ব৷

১১.  কোনো সৰ্বস্বত্ব সংৰক্ষিত লেখা অনুবাদ কৰি পঠিয়ালে মূল লেখক অথবা স্বত্ব থকা ব্যক্তিজনৰ পৰা প্ৰকাশৰ অনুমতি পোৱা কোনো তথ্য সম্পাদকমণ্ডলীয়ে নিৰ্দিষ্ট লেখকজনৰ পৰা বিচাৰিব পাৰে৷ তেখেতে তেতিয়া তেনে তথ্য জমা দিলেহে সেয়া প্ৰকাশৰ বাবে বিবেচনা কৰা হ’ব৷

১২.  বস্তুধৰ্মী লিখনিৰ ক্ষেত্ৰত সম্পাদকমণ্ডলীয়ে লেখকজনৰ পৰা প্ৰসংগ পুথি, কোনো তথ্যসূত্ৰ (প্ৰসংগ পুথিখনৰ নাম, প্ৰকাশকৰ নাম, প্ৰকাশৰ চন, পৃষ্ঠা সংখ্যা আদি) প্ৰয়োজনসাপেক্ষে বিচাৰিব পাৰে৷ এই ক্ষেত্ৰত লেখকজনে সকলো তথ্য যোগান ধৰিলেহে তেনে লেখা প্ৰকাশৰ বাবে বিবেচনা কৰা হ’ব৷

১৩.  সাহিত্য ডট্‌ অৰ্গত প্ৰকাশিত সকলো লেখা এই জালস্থানটোৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত৷ প্ৰয়োজনীয় অনুমতি অবিহনে কোনেও ইয়াত প্ৰকাশিত লেখাৰ কোনো অংশ হুবহু প্ৰতিলিপিকৰণ, প্ৰকাশ, প্ৰেৰণ, হস্তান্তৰ বা সংৰক্ষণ কৰিব নোৱাৰিব৷

১৪. সময় তথা প্ৰয়োজনসাপেক্ষে এই নিয়মাৱলীৰ সা-সলনি ঘটিব পাৰে৷ এই ক্ষেত্ৰত সকলো অধিকাৰ জালস্থানটোৰ সম্পাদকমণ্ডলীৰ হাতত সংৰক্ষিত৷

 

সাহিত্য ডট অৰ্গলৈ ইলেক্ট্ৰণিক মাধ্যমত (ইমেইল বা অইন বৈদ্যুতিন সেৱা যোগে) লেখা পঠিয়ালে মানি চলিব লগা কাৰিকৰী মানক (technical standard):

 

(ক) লেখাটোৰ মুদ্ৰালিখন / অক্ষৰ বিন্যাস (typesetting) ইউনিকোড মানকৰ লিপিৰে কৰিব লাগিব। ইউনিকোড মানকত অসমীয়া মুদ্ৰালিখনৰ সঁজুলি আৰু সহায়ৰ বাবে http://www.xahitya.org/useful-links/ এই সূত্ৰটো চাব পাৰে।

[ডিটিপি (DTP) কৰিবলৈ ব্যৱহাৰ কৰা ইউনিকোড মানক অসমৰ্থিত (non-unicode ) ৰামধেনু, শ্ৰীলিপি, লিপ-অফিচ আদি গ্ৰহন কৰা নহয়।]
(খ) লেখাটো বৈদ্যুতিনভাৱে সম্পাদনা কৰিব পৰাকৈ অ’পেন ডকুমেন্ট ফৰ্মেট (.odf / .odt) নাইবা মাইক্ৰ’চফ্ট ৱৰ্ড ফৰ্মেট (.doc / .docx) নাইবা টেক্সট ফাইল ( .txt )-ৰ ৰূপত থকাৰ প্ৰয়োজন। লেখাৰ লগত পৰ্টেবল ডকুমেন্ট ফৰ্মেট (.pdf) ফাইল এটা দিব পাৰে কিন্তু বাধ্যতামূলক নহয়। (পেজমেকাৰ বা তেনেকুৱা ডিটিপি ফৰ্মেট গ্ৰহনযোগ্য নহয়।)

( অ’পেন অফিচ নাইবা লিব্ৰ-অফিচ নাইবা মাইক্ৰ’চফ্ট ৱৰ্ড ব্যৱহাৰ কৰি অ’পেন ডকুমেন্ট বা ৱৰ্ড ডকুমেন্ট সাজিব পাৰি। ৱৰ্ড-পেড বা নোটপেড জাতীয় সঁজুলিৰে টেক্সট ফাইল সাজিব পাৰি।)
(গ) লেখাৰ লগত প্ৰাসংগিক ছবি আদি থাকিলে সেয়া মূল লেখাটোৰ লগত সংলগ্ন কৰি দিয়াতকৈ বেলেগ চিত্ৰ ফাইল (.jpg / .png / .tiff) ফৰ্মেটত স্বতন্ত্ৰকৈ দিয়া প্ৰয়োজন। ছবিৰ আকাৰ ৫০০ কিলোবাইট(kB) বা তাতকৈ কম হোৱা বাঞ্ছনীয়। (ছবি লেখাৰ মাজত থাকিলেও বেলেগকৈও দিব লাগিব।)

 

দায়লুপ্তি:

ইয়াত প্ৰকাশিত মতামতৰ বাবে ʻসাহিত্য-ডট-অৰ্গʼ অথবা সম্পাদকসকল কোনো প্ৰকাৰে দায়ী নহয়৷  কোনো ব্যক্তি বা বিষয়ৰ লগত মতানৈক্য সৃষ্টিৰ কোনো অভিপ্ৰায় ʻসাহিত্য-ডট্‌-অৰ্গʼৰ  নাই ৷ অজানিত ভুল-ত্ৰুটীৰ বাবে ʻসাহিত্য-ডট-অৰ্গʼ ক্ষমাপ্ৰাৰ্থী ৷ ভুল-ত্ৰুটী আঙুলিয়াই দিলে ʻসাহিত্য-ডট-অৰ্গʼ-এ কৃতাৰ্থতাৰে তাক স্বীকাৰ কৰিব। লিখনিৰ বাবে মূল লিখক সদায় পাঠকৰ ওচৰত দায়বদ্ধ ।