অংক -নীত কাশ্যপ

পেপাৰখনৰ দাঁতিৰ খালি ঠাইডোখৰত হিচাব কৰি যায় তেওঁ৷ ৰিটায়াৰ্ডমেণ্টৰ পাছত “প্ৰভিডিয়েণ্ট ফাণ্ড”ত পোৱা ১ লাখ টকা! “ফিক্স ডিপোজিত” কৰি থ’লে সূতে-মূলে বাঢ়ি গৈ ১ বছৰ পাচত হ’বগৈ … নাই অংক মিলি নাহে ৰমাকান্ত মাষ্টৰৰ৷ সকলোবোৰ অংকৰ সমাধানেই মুখত প্ৰশান্তিৰ হাঁহি বিৰিঙাব নোৱাৰে৷ স্কুলৰ বৰ্ডত কঠিন কঠিন অংকবোৰ সমাধান কৰি উঠি ছাত্ৰ-ছাত্ৰীবোৰৰ পিনে চাই প্ৰায়েই তেওঁ মিচিকিয়াই হাঁহিছিল৷ তেতিয়া তেওঁ বুজা নাছিল যে জীৱনৰ অংকবোৰৰ সমাধান বহুত জটিল৷

-‘পাহি…’ বোৱাৰীয়েকৰ খঙাল মাতত জটিল চিন্তাত আউল লাগে ৰমাকান্ত মাষ্টৰৰ৷ আজিকালি এই নাতিনীজনীৰ মাজতেই একালত একেদৰেই দোপত-দোপে বাঢ়ি অহা নিজৰ ছোৱালীজনীক দেখে তেওঁ৷ কোচত লৈ খেলি থাকোতেই কেতিয়া যে গাভৰু হৈ আনৰ হাতত তুলি দিবলগীয়া হৈ যায় ছোৱালী সন্তানবোৰ! পত্নী জোনাকীৰ সদায় এটাই খেচখেচনি আছিল ‘ছোৱালী গাভৰু হ’ল৷ কিমানদিন চকুৰ আগত লৈ চাই থাকিব৷ তাইৰ বিয়াৰ কথা চিন্তা কৰক৷ ছোৱালীজনীকতো খালি হাতে আনৰ ঘৰলৈ পঠিয়াব নোৱাৰিব৷’ ৰমাকান্তই হিচাব কৰি চায় পেপাৰৰ দাঁতিত… সোণ, কাপোৰ, ফাৰ্নিচাৰ! নাই অংক মিলি নাহে৷ সাধাৰণ মাষ্টৰৰ চাকৰি তেওঁৰ৷ সংসাৰখনৰ জঞ্জাল মাৰি মাৰি মাষ্টৰৰ জীৱনৰ অংকটো মিলাবলৈ গৈ পত্নী জোনাকীৰ যে কিমান আশাৰ বিয়োগ হয় তেওঁ বুজে৷
‌-‘হেৰৌ ডেকা মাষ্টৰ, কিমান দিন অকলশৰীয়া হৈ থাকিবা৷ জীৱনত এজনী যোগ কৰিবৰ হ’ল৷’ ভিতৰুৱা গাঁওখনৰ বয়সীয়াল মানুহখিনিৰ মুখ বন্ধ কৰি সঁচাকৈয়েই ১ৰ লগত ১ যোগ হৈ তেওঁৰ জীৱনলৈ একালত জোনাকীৰ আগমন ঘটিছিল৷ ১+১=২! দুই বছৰৰ অন্তৰালত পুত্ৰ আৰু ছোৱালীৰ আগমন৷ জীৱনৰ অংকটোত যোগ হৈ গৈয়েই আছিল৷ সমানেই বাঢ়ি গৈছিল জোনাকীৰ আশাবোৰৰ বিয়োগ৷ ‘গুণা কৰা পাটৰ সাজ এযোৰ পিন্ধিবলৈ মোৰ বৰ হেঁপাহ!’ এদিন আপাহতে কৈ পেলাইছিল জোনাকীয়ে৷ ইপিনে সময়ৰ লগে লগে ৰমাকান্ত মাষ্টৰৰ অংক বাঢ়ি গৈছিল৷ পুত্ৰক ভালকৈ পঢ়োৱা, ছোৱালীক ভালকৈ এঘৰলৈ উলিয়াই দিয়াৰ অংকৰ হেঁচাত জোনাকীৰ হেঁপাহ উপেক্ষিত হৈ ৰৈছিল৷
——- ——– ———
– ‘দেউতা …’ মূৰ তুলি চায় ৰমাকান্ত মাষ্টৰে৷ চাহৰ কাপটো হাতত তুলি লওঁতে বোৱাৰীয়েকৰ উখহি থকা চকুযুৰিত চকু পৰে তেওঁৰ৷ বুকুখন ধান বনা মেচিনটোৰ মাজেৰে পাৰ হৈ যায় পলকতে৷ আগৰাতি টোপনিলৈ পৰ দি ৰৈ থাকোতে কাষৰ কোঠাৰ পৰা মৃদুকৈ ভাঁহি অহা পুত্ৰ-বোৱাৰীৰ কাজিয়া কাণত পৰিছিল তেওঁৰ৷ ভনীয়েকৰ বিয়াখনত পিন্ধিবলৈ ভাল কাপোৰ এসাজ নাই বোৱাৰীয়েকৰ৷ কোনোদিনে মূৰ তুলি কথা নোকোৱা বোৱাৰীয়েকলৈ মায়া লাগি গ’ল ৰমাকান্তৰ৷ সংসাৰ জঞ্জাল মাৰোতে মাৰোতে ক’ত যে জোনাকীৰ আশাবোৰৰ বিয়োগ হৈ গৈ থাকে!
হঠাৎ ধৰা পৰা কৰ্কট ৰোগটোৱে ধৰাশায়ী কৰি পেলোৱা জোনাকীৰ মুখখনলৈ চাই থাকিব পৰা নাছিল ৰমাকান্তই৷ জীৱনৰ অংকটোত সদায় যোগ হৈয়েই নাথাকে৷ জোনাকী গুচি গৈছিল৷ ১-১=০! শূন্য হৈ পৰিছিল ৰমাকান্ত মাষ্টৰৰ জীৱন জোনাকী অবিহনে৷ আশাবোৰৰ বিয়োগ কৰি কৰি কেতিয়া যে ৰমাকান্তৰ জীৱনৰ পৰাই জোনাকীৰ বিয়োগ হৈ গ’ল ৰমাকান্তই ধৰিবই নোৱাৰিলে৷
———
বেংকৰ পৰা ওলাই লাহে লাহে ৰমাকান্ত মাষ্টৰ ডাঙৰ দোকানখনলৈ সোমাই গ’ল৷ “শুৱালকুছি চিল্ক হাউছ”৷ ৰং-বিৰঙৰ পাট-মুগাৰ কাপোৰবোৰৰ মাজত বিমোৰত পৰিল তেওঁ৷ ছোৱালীজনীয়ে এযোৰ এযোৰকৈ দেখাই যোৱা জাপ জাপ কাপোৰবোৰৰ মাজত জিলিকি থকা গুণা কৰা পাটৰ সাজ এযোৰ হাতত তুলি লৈ তেওঁ ভাবিলে ‘ৰঙা ৰংটো নিশ্চয় বোৱাৰীৰ পচণ্ডৰেই হ’ব!’

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments