অংক বাইদেউ (লক্ষ্য জ্যোতি নাথ)

কণপিতৌহতঁৰ এল.পি স্কুলখনলৈ নতুন বাইদেউ এগৰাকী আহিছে, প্রিয়ংকা বাইদেউ। মাকে এছাৰি লৈ স্কুলত থৈ অহা কণপিতৌ আজি কালি নিজেই স্কুললৈ যায়। পঢ়া-শুনাৰ প্রতি ধাউতি বঢ়াৰ বাবে নহয়, প্রিয়ংকা বাইদেউক চাবলৈ। সৰু সৰু ফুল থকা বগা চাদৰ মেখেলা পিন্ধি স্কুললৈ অহা প্রিয়ংকা বাইদেউক কিয় জানো সি চাই বোলে বৰ ভাল পায়। অতিপাত খঙাল প্ৰিয়ংকা বাইদেৱে সিহঁতক অংক পঢ়ায়। কণপিতৌয়ে অংক বিষয়টো বৰ বেয়া পায়। একদম জঞ্জাল গোটেইখন! এই ধৰকচোন, ৪৩ ৰ পৰা ২৭ বিয়োগ কৰা, ৭৪ ৰ পৰা ৫৮ বিয়োগ কৰা, এইবোৰ ক্ষেত্রত যে ৩ পৰা ৭, ৪ পৰা ৮ কেনেকৈ বিয়োগ হ’ব বাৰু !! ৮ পৰা ৪ বিয়োগ কৰিবলৈ ভাল, ৮ ডাল আঁচ টানি ৪ ডাল আঁচ কাটি দিলে যি ৰৈ গ’ল সেইটোৱে উত্তৰ, সহজ একদম। কিন্তু ৪ৰ পৰা ৮ বিয়োগ কৰিবলৈ বৰ টান, কিবা ১ এটা বোলে ধাৰ কৰিব লাগে; সি ধাৰ কৰি চাইছেও, ৪ য়ে ১ য়ে ৫ হে হ’ল, ৫ পৰা ৮ কেনেকৈ বিয়োগ কৰিব! হেই, মুঠতে এইচব মাথা গৰম কাৰবাৰ, তাতকে ভুলকে লিখি দিয়ে, ০ এটা পায় কাম খতম।
সিহঁতৰ প্রথম পিৰিয়দটো অসমীয়াৰ। যেনে তেনে সি প্রথম পিৰিয়দটো ইফাল-সিফাল কৰি কটালে, বেল বাজিল আৰু পাঁচ মিনিট পাছত প্রিয়ংকা বাইদেউ হাতত এছাৰিডাল লৈ ক্লাছ ৰুমত সোমাল। আজি প্রিয়ংকা বাইদেউয়ে সিহঁতক পূৰণ অংক শিকাব, চকডাল হাতত লৈ ব’র্ডত ৪x৫=২০, ৪x৬=২৪, ৪x৭=২৮ আদি কিবা কিবি লিখি আছে বাইদেউয়ে, তাৰ মূৰত এইবোৰ কি একো সোমোৱা নাই; সি বাইদেউৰ মুখখনলৈ চোৱাত হে মগ্ন। বাইদেউৰ মুখ খন কিয় জানো তাৰ বোলে জোনবাই ভিচিডি খনত ওলোৱা গায়ত্রী মহন্তৰ নিচিনা লাগে, কণপিতৌৰ ভাল লাগে কিবা প্রিয়ংকা বাইদেউৰ মুখখন। যোৱা কালি বাইদেউৱে সকলোকে পূৰণ নেওতাখন মুখস্থ কৰি আহিবলৈ দিছিল, আজি অলপ পঢ়োৱাৰ পাছত এফালৰ পৰা সকলোকে সুধিবলৈ আৰম্ভ কৰিলে; ইফালে কণপিতৌ বাইদেৱেকক চাই চাই ভোল গ’ল। এইবাৰ বাইদেৱেকে এচাৰিডাল হাতত লৈ কণপিতৌক সুধিলে “৭ ৯ গুণ কিমান”?
সি থত্-মত্ খাই গ’ল, আকৌ বাইদেৱে সুধিলে ৭ ৯ গুণ কিমান… সি হাতৰ আঙুলিকেইটা মনে মনে হিচাপ কৰাত লাগিল… ৯ ১০ ১১, ১২… ১৬ বাইদেউ।
তাৰ উত্তৰ শুনি প্রিয়ংকা বাইদেৱে তাক এছাৰিৰে হাতত কেইবাচাটো দিলে, “অথনিৰে পৰা চাই আছোঁ তোক, ব’র্ডত মই কিবা এটা বুজাই আছো, তোৰ মনতো বেলেগত উৰি আছে। কাইলৈ নেওতা মুখস্থ কৰি আহিবি, নহ’লে গোটেই পিৰিয়দ আঁঠু কঢ়াই থম।”
কণপিতৌৰ মনটো মৰা আজি। ঘৰলৈ আহি নেওতাৰ কিতাপখন মেলি বহুত সময় চালে; নাই এইবোৰ কোন পাগলে লিখিলে, তাৰ মগজুৱে একো ঢুকি পোৱা নাই।
পিছদিনা সি আকৌ স্কুললৈ গ’ল। আজি তাৰ অলপ ভয় লাগি আছে, অসমীয়া পিৰিয়দ যোৱাৰ পাছত অংক পিৰিয়দ আহিল। হাতত এছাৰিডাল লৈ প্রিয়ংকা বাইদেউ সোমাই আহিল, আহিয়ে কালি যিয়ে যিয়ে নেওতা মাতিব পৰা নাছিল, সিহঁতক আকৌ সুধিলে। নোৱাৰাবোৰক বাৰাণ্ডাত আঁঠু কঢ়াই থৈছে। কণপিতৌৰ বুকুখন ঢিপিক-ঢিপিক মাৰি আছে; সিযে একো মাথা-মুণ্ড নাজানে সি নিজেই গম পায়। তাৰ পাল পৰিল আৰু তাক আকৌ সুধিলে “৬ ৮ গুণ কিমান…”? আজিও সি আঙুলিত গণ্টি কৰি ১৪ বুলি ক’লে আৰু তাক হাতত এক চাট দি বাৰাণ্ডাত আঁঠু কঢ়াই থলে। সি আঁঠু কঢ়াৰ মাজতো প্রিয়ংকা বাইদেউক চোৱাতে ব্যস্ত; যেনেকৈ হ’লেও সি বাইদেউক চাবলৈহে স্কুললৈ আহে, ক’তনো নেওতা শিকিবলৈ আহে! এনেদৰে কেইবাদিনো কণপিতৌক প্রিয়ংকা বাইদেৱে আঁঠু কঢ়োৱালে; নাই একো উন্নতি নাই তাৰ। দিনক দিনে প্রিয়ংকা বাইদেউৰ অপ্রিয় ছাত্র হৈ পৰিল সি, বাইদেৱেকে তাক দেখিলেই ককর্থনা কৰে, গাধ বুলি কয়।
আজি তিনি দিন হ’ল প্রিয়ংকা বাইদেউ স্কুললৈ অহা নাই, কণপিতৌৱে আঁঠু কঢ়া নাই। সি তিনি দিন হ’ল অসমীয়া পিৰিয়দ যোৱাৰ পাছত অপেক্ষা কৰি থাকে বাইদেউ আহিব বুলি; নাই, বাইদেউ তিনি দিন হ’ল অহা নাই। তাৰ মন বেয়া, বাইদেউ বেলেগ স্কুললৈ গ’লগৈ নেকি ! হেই নাযায়, সি জানে তেনেকে যাব নোৱাৰে নহয়! প্রতিটো ক্লাছতে সি প্রস্রাৱ লাগিছে বুলি ওলাই যায় আৰু বাইদেউ আহিছেনে নাই কমন ৰুমত গৈ চাইগৈ; তেনেতে সি বাইদেউ দুগৰাকীয়ে কথা পাতি থকা শুনিলে “প্রিয়ংকাজনীৰ বোলে জণ্ডিছ হৈছে জাননে, বেয়া লাগিছে খবৰটো পাই…”
প্রিয়ংকা বাইদেউৰ বেমাৰ বুলি শুনি কণপিতৌৰ মনটো সেমেকি গ’ল।
পিছদিনা ৰাতিপুৱাই গা-পা ধুই সদায় মাকে চুলিত তেল সানি দিয়া ল’ৰাটোৱে নিজেই তেল-টেঙা সানি স্কুললৈ বুলি ওলাই গ’ল। বেগত সিহঁতৰ বাৰীত লগা মৌচুমী টেঙা দুটা লৈ গৈছে; সি শুনিছিল ক’ৰবাত বোলে জণ্ডিছ হ’লে মৌচুমী খোৱালে ভাল। আজি সি স্কুললৈ নগ’ল, প্রিয়ংকা বাইদেউ কাৰ ঘৰত ভাড়া থাকে সি জানে। সি বাইদেৱেকৰ ভাড়া ঘৰ পালেগৈ। সি সোমাই গ’ল, দর্জাখন প্রিয়ংকা বাইদেউৰ মাকে খুলি দিলে। নিজৰ চিনাকি দি সি বাইদেউ ক’ত আছে সুধিলে; মাকে তাক বাইদেউৰ ওচৰত লৈ গ’ল।
“কণপিতৌ তই…” বাইদেউকে তাক দেখি উচপ্ খায় উঠিল।
“বাইদেউ আপুনি তিনি দিন হ’ল স্কুললৈ অহা নাই। সেইবাবে আপোনাক চাবলৈ আহিছো, তিনি দিন হ’ল আঁঠু কঢ়া নাই, মই নেওতা নোৱাৰাৰ বাবে আপোনাৰ খং উঠে ন’… কি কৰিব মই অংক বুজিয়ে নাপাওঁ। বাইদেউ আপোনাৰ জণ্ডিছ হৈছে ন’, এই দুটা মৌচুমী ল’ক, খালে ভাল পাই যাব। আমাৰ খুৰাৰ ল’ৰাটোৰ জণ্ডিছ হওঁতে আমাৰ বাৰীৰ মৌচুমী খুৱাওঁতেই ভাল হৈছিল…”
ইমান পিটন দিয়া, ইমান আঁঠু কঢ়াই থোৱা ল’ৰাটোৰ মৰম দেখি বাইদেৱেকৰ চকু জলজলীয়া হৈ গ’ল! তাক কাষলৈ মাতি মৰমতে হাতত চুমা এটা খালে বাইদেৱেকে… প্রিয়ংকা বাইদেউৰ স্পর্শত যেন সি সকলো আঁঠু কঢ়োৱা, পিটন দিয়াৰ দুখ পাহৰি গ’ল। বাইদেৱেকক ভালকে থাকিবলৈ দি সি ৰাস্তাত পিঠিত বেগটো লৈ জঁপিয়াই জঁপিয়াই আহিল…… আজিৰ পৰা সি নেওতা মুখস্থ কৰিব, প্রিয়ংকা বাইদেৱে যি কয় তাকে কৰিব…..
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক