অংগীকাৰ (ভনীতা শৰ্মা)

: চাহ লওক!

মানুহজনক এইখিনি সময়ত চাহ একাপ যচাতো নয়নাৰ এতিয়া এৰাব নোৱাৰা অভ্যাসত পৰিণত হৈছে৷ মুখেৰে কেতিয়াও নোখোজে, কিন্তু নয়নাই এই কাপ চাহৰ তেওঁক কিমান যে প্ৰয়োজন সেই কথাটো জানে৷ নয়নাই তেওঁক চাহকাপ দি নিজেও একাপ হাতত লৈ বাৰাণ্ডাত থকা চকীখনত তেওঁৰ কাষতে বহে৷ মানুহজনৰ লগত দুই-এটা কথা পাতে৷ কেতিয়াবা বাটেৰে যোৱা বেপাৰী মাতে, দুই-এপদ বস্তু লয়৷ পুৱাৰ পৰা স্বামী-সন্তানৰ জঁট মাৰি নয়নাই এইখিনি সময়ত আজৰি হয়৷ মানুহজনে যদিও মুখেৰে একো নকয়, তথাপি তেওঁৰ নিসংগতা কিছু হলেও দূৰ কৰাৰ প্ৰতিদিনেই কৰা নয়নাৰ এয়া এক মিছা প্ৰয়াস৷

আজিও নয়নাই চাহ একাপ হাতত লৈ তেওঁৰ কাষতে বহিল৷ নয়নাই অলপ দেৰি একো নোকোৱাকৈ বহি ৰ’ল৷ বেচ কিছু সময় তেনেকৈ মৌন হৈ বহি থাকি এসময়ত নয়না বিৰক্ত হ’ল৷ অপ্ৰয়োজনীয় হ’লেও কিবা এটা কথা অৱতাৰণা কৰি দুয়োৰে মাজৰ মৌনতা দূৰ কৰো বুলি ভাবি তেওঁৰ ফালে চকু ঘুৰাওতে দেখিলে তেওঁ থৰ লাগি পদুলিৰ পাইন জোপালৈ চাই আছে৷ নয়নাই একো কথা নুলিয়ালে৷ ‘থাওক, তেওঁ হয়তো গছজোপাক লৈ কঢ়িয়াই ফুৰা স্মৃতিৰ পৃথিৱীখনত ব্যস্ত’, এইবুলিয়েই তাই ধৰি ললে৷ কাৰণ নয়নাই জানে যে তেওঁ এই ঘৰখন বহু কষ্টেৰে গঢ় দিছে৷ ইয়াৰ প্ৰতিটো জীৱ অথবা জড় বস্তুৰ লগত তেওঁৰ আৱেগ জড়িত আছে৷ সেইবোৰ ৰোমন্থন কৰি তেওঁ মানসিক শান্তি পায়, জীয়া শোকবোৰো কিছুসময়লৈ পাহৰি থাকে৷ সেইবাবেই নয়নাই এনেবোৰ সময়ত তেওঁক আমনি নকৰে৷

বিয়া হোৱাৰ দিন ধৰি নয়নাই তেওঁক দেখি আহিছে, তেওঁৰ মনটো পঢ়িবলৈ যত্ন কৰি আহিছে৷ তেওঁ মনটোত কত যে বেদনা কঢ়িয়াই ফুৰিছে৷ বৰপুত্ৰৰ আকস্মিক বিয়োগৰ মানসিক যন্ত্ৰণা, শৰীৰত দুৰাৰোগ্য ৰোগ আৰু যে কত কি? ? তাই তেতিয়াই সিদ্ধান্ত লৈছিল যে দুখে কোঙা কৰা এইজন মানুহক তাই তাইৰ ফালৰপৰা নতুনকৈ কোনো দুখ নিদিয়ে৷ সেইমতে তাই চেষ্টাও কৰি আহিছে৷ কেতিয়াবা হয়তো অজানিতে যদি ভুল হৈছে, পিছে জানি বুজি আজিলৈকে তাই তেওঁৰ মনত কেতিয়াও আঘাত দিয়া নাই৷ তাই এইটোও জানে যে এই মানুহজনে তাইক কিমান বিশ্বাস কৰে৷ বিয়া হৈ এইখন ঘৰত সোমোৱাৰ দিনা প্ৰথমদিনাখন তাই তেওঁৰ ভৰি চুই সেৱা কৰিছিল৷ একো নকৈ তেওঁ তাইৰ মূৰত হাত এখন থৈছিল৷ নয়নাই মূৰ তুলি চাওঁতে তেওঁৰ চকুৰ কোণত দুটোপাল পানী আৰু তেওঁৰ চকু দুটা বেৰত থকা এখন ফটোত নিৱদ্ধ হৈ থকা দেখিছিল৷ ফটোত এগৰাকী মহিলা৷ ৰঙা সেন্দূৰৰ ডাঙৰ ফোঁট, তেজৰঙা গাৰ ৰঙেৰে মেখেলা-চাদৰ পিন্ধা অতিকৈ শুৱনি মানুহজনী৷ তাইৰ পেহী শাহুৱেকে কৈছিল, “সেৱা জনোৱা, সেয়া তোমাৰ শাহু৷ অকালতে দাদাক অকলশৰীয়া কৰি এৰি থৈ গল৷”

তাই ফটোখনৰ ওচৰত মূৰ দোৱাইছিল আৰু অস্ফুটস্বৰেৰে নিজকে এবাৰ কৈছিল “এইজন মানুহক তই কাহানিও এৰি যাব নোৱাৰ নয়না৷”

সেই দিনাৰ পৰাই তাই এই মানুহজনৰ, মানে তাইৰ শহুৰেকৰ প্ৰতিটো দায়িত্ব মূৰ পাতি লৈছে৷ পিন্ধা-উৰা, খোৱা-শোৱাৰ পৰা সকলো৷ প্ৰয়োজনত বোৱাৰীৰ দায়িত্ব, প্ৰয়োজনত মাকৰ দৰে দায়িত্বও পালন কৰিছে৷ ‘বৰ অকলশৰীয়া তেওঁ, তেওঁক আৰু অকলে এৰিব নোৱাৰি’, এইবুলি ভাবিয়ে নয়নাই আজিলৈ এৰাতিৰ বাবেও কতো থকাকৈ যোৱা নাই৷ প্ৰথম এইখন ঘৰত সোমোৱাৰ দিনাই নয়নাই শহুৰেকৰ চকুত তাইৰ প্ৰতি আকুল অনুৰোধ দেখিছিল৷ ‘মোক অকলশৰীয়া কৰি এৰি নাযাবা৷’

নাই যোৱা, নয়নাই কলৈকো নগল৷ আজি দহ বছৰে তেওঁৰ ছাঁ হৈয়েই থাকি ৰ’ল৷ কেতিয়াবা তাইৰ স্বামীয়ে অভিমান কৰে, “তুমি মোতকৈ দেউতাকহে বেছি সময় দিয়া৷” কেতিয়াবা নিয়ৰকণাইও (নয়নাৰ জী) ঠেহ পাতে৷ অৱশ্যে এই অভিমান-ঠেহবোৰ ক্ষন্তেকীয়া৷ সকলোয়ে বুজে যে এই মানুহজনক নয়নাৰ প্ৰয়োজন কিমান!

এনেকৈয়ে চলি আহিল নয়না, হয়তো চলি যাব৷ তাই দায়িত্ববোৰৰ পৰা গা এৰা দি জীয়াই থাকি কাহানিও সুখ নাপাব৷ সেয়ে এই দায়িত্ববোৰৰ মাজতে সুখ বিচাৰি লব৷ কিন্তু এই অশীতিপৰ মানুহজনক তাই অকলশৰীয়া কৰিব নোৱাৰে৷ কাৰণ তাই নিজকে কথা দি থৈছে৷ ….
☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক