অংশীদাৰ – গীতিমা দেৱী

ডাক্তৰ হাজৰিকাই দিনটোৰ কাম-কাজখিনি মনতে এবাৰ জুকিয়াই চালে। আজি হস্পিটাললৈ নগ’ল যদিও গোটেই দিনটো চেম্বাৰতে অতি ব্যস্ততাৰ মাজেৰে পাৰ হ’ল। সন্ধিয়া সাত বজাৰ পিছত এতিয়াহে তেওঁ এঙামুৰি এটা কাঢ়িবলৈ সময় পাইছে। ‘শেষৰগৰাকী ৰোগী বেছ সহজ-সৰল আছিল।’ চতুৰালিৰ হাঁহি এটা খেলি গ’ল হাজৰিকাৰ মুখমণ্ডলত।
চল্লিশ বছৰ পুৰণি ডাক্তৰ হাজৰিকাৰ এই চিকিৎসক জীৱন। সমানেই পুৰণি তেওঁৰ লক্ষ্মীদেৱীৰ পূজা-অৰ্চনা কৰাৰ অভ্যাস। দেৱীক প্ৰসন্ন কৰাৰ নিৰলস চেষ্টাই ডাক্তৰৰ উপাৰ্জন আকাশলঙ্ঘী কৰিলেগৈ। অভ্যাস আৰু পটুতাৰ বলতেই তেওঁৰ আকাশলঙ্ঘী উপাৰ্জন আজিও ঊৰ্দ্ধ দিশেই গৈ আছে। সময়ৰ সোঁতত তেওঁৰ দুই কুঠৰীয়া চেম্বাৰটোৱেও এখন সুবৃহৎ তথা নামী নাৰ্চিংহোমৰ ৰূপ পাইছে। ডাক্তৰ নাৰ্চকে ধৰি মুঠ দুশজনৰো অধিক লোক আজি তেওঁৰ অধীনত কৰ্মৰত হৈ আছে। তথাপিও তেওঁ গোটেই প্ৰতিষ্ঠানটো সম্পূৰ্ণৰূপে নিজৰেই নিয়ন্ত্ৰণত ৰাখিছে। যাৰ ফলত এজনো ৰোগীৰ হিচাপ বাদ পৰি নাযায়।
ৰোগী আহিলেই এইখন নাৰ্চিংহোমৰ ডাক্তৰসকলৰ প্ৰথম কামটো হয়গৈ ৰোগীজনৰ ওপৰত ষ্টেথ’স্ক’পডালক বিচৰণ কৰাই তাৰ ‘ভিত্তি’তেই বহুকেইটা পৰীক্ষা কৰাবলৈ দিয়া। পৰীক্ষাবোৰ কৰোৱাৰ সুবিধাও নাৰ্চিংহোমখনতেই কৰি দিয়া হৈছে যাতে পদূলিলৈ অহা লক্ষ্মীদেৱীৰ কৃপাদৃষ্টিৰ একলাও ডাক্তৰ হাজৰিকাৰ ধনৰ পেটাৰিৰপৰা বাহিৰ হৈ নাযায়। তেখেতৰ মতে, ৰোগীৰ উপাৰ্জনৰ পৰিমাণ আৰু চিকিৎসা প্ৰক্ৰিয়াৰ দৈৰ্ঘ্য পৰস্পৰৰ সমানুপাতিক হোৱা উচিত। ৰোগীৰ আন অসুবিধা নাথাকিলেও অন্ততঃ ভিটামিন, মিনাৰেলকে কেইটামান বেছিকৈ দিব পৰা যায়। কম কম সময়ৰ ব্যৱধানত পুনৰ আহিবলৈ দিহা দি ৰোগীক ধৰি ৰাখিব পৰা যায়। আকৌ শেষৰ মাহত কৰিব দিয়া পৰীক্ষাকেইটাৰ ভিত্তিত ৰোগীক ‘ছিজাৰিয়ান ডেলিভাৰী’ৰ পৰামৰ্শ দিব পাৰি। এইক্ষেত্ৰত ৰোগীক মান্তি কৰোৱাত একেবাৰে সিদ্ধহস্ত ডাক্তৰ হাজৰিকা। এইকণ সময়ত নিৰীহ ৰোগীৰ মায়াত ডাক্তৰ হাজৰিকাৰ চকু সেমেকি উঠে। তেওঁ নিজৰ চেম্বাৰত ব্যক্তিগতভাৱে এনেকুৱা প্ৰতিজন ৰোগীক দেখা কৰে। ৰোগীৰ ইতিমধ্যে কৰাই লোৱা পৰীক্ষাসমূহৰ ৰিপ’ৰ্টবোৰ তলতীয়া ডাক্তৰৰ হাতেৰে আহি হাজৰিকাৰ টেবুল পায়হি। তাৰেই কোনোবাটো ৰিপ’ৰ্টত গভীৰভাৱে দৃষ্টি নিৱদ্ধ কৰি থকা অতি গহীন মুখাৱয়ব এটাৰে দেখা পায় তেওঁক ৰোগীজনে। ৰোগীজনে মানে সংশ্লিষ্ট মহিলাগৰাকীৰ অভিভাৱকে। লাহে লাহে আৰম্ভ হয় ডাক্তৰৰ বক্তব্য; যেনেকুৱা বক্তব্য নুশুনিবলৈ হয়তো মহিলাৰ অভিভাৱকজনে ভগৱানক বহুবাৰ সেৱা কৰিছিল, “মই ৰিপ’ৰ্ট গোটেইবোৰ চালোঁ। অলপ জটিলতা আছে। এইক্ষেত্ৰত ‘নৰ্মেল’ কৰাটো ‘ৰিস্কি’ হ’ব। অৰ্থাৎ যদি ‘নৰ্মেল’ কৰাব বিচাৰে, তেন্তে আমি মাক আৰু সন্তান দুয়োকে বচাব নোৱাৰিম। কিন্তু ‘ছিজাৰিয়ান’ত একো সমস্যা নাই। এতিয়া সিদ্ধান্ত আপোনাৰ। আপুনি যি কয় আমি সেইমতেই কৰিম।”….এনেকুৱা পৰিস্থিতিত সকলোৰে সাহসৰ ভঁৰাল উদং হৈ যায়। আৰু তেওঁলোকে মাক আৰু সন্তান দুয়োৰে জীৱন ৰক্ষাৰ স্বাৰ্থত নিজৰ কষ্টোপাৰ্জিত ধনৰ ভঁৰাল উদং কৰে। আনফালে ডাক্তৰ হাজৰিকাৰ চন্দুকত নৱাগত ধনে জিকমিকনি তোলে। তেওঁৰ দুয়োহাত একেলগ হৈ কপালৰ ওপৰলৈ উঠে ধনৰ দেৱীগৰাকীক প্ৰণিপাত জনোৱাৰ উদ্দেশ্যে।
….ডাক্তৰ হাজৰিকা খুব ব্যস্ত। কিয়নো তেওঁ ৰোগীক খুব গুৰুত্ব দিয়ে। নিজৰ পৰিয়ালৰ বাবে খুব কম সময় পায় তেখেতে। সময় দি নো কি কৰিব? যাৰ যহত শাখা- সিন্দুৰ, তাকেই পাতে ভোকোৰা এন্দুৰ। হাজৰিকাৰ আকাশলঙ্ঘী উপাৰ্জনৰ যহতে হাজৰিকানীয়ে অতি আধুনিক জীৱন এটাৰ সোৱাদ পাইছে যদিও কেতিয়াও তেওঁ গিৰিয়েকৰ এই অনাহকত দুখীয়াৰ পেটত গোৰ মৰা কাৰ্যক সমৰ্থন কৰা নাই। প্ৰকাশ্যে গিৰিয়েকক এই কথা বহুবাৰ কৈছেও।
: একো শাৰীৰিক অসুবিধা নথকা প্ৰসূতিসকলক নৰ্মেল ডেলিভাৰী কৰাব নোৱাৰি জানো? কিয়নো এনেয়ে এসোপামান ঔষধ-বেজী খুৱাই জীৱনলৈ ঘূণীয়া কৰিব লাগে?
: তুমি নুবুজা কথাবোৰত মাত নিদিবা। তোমাৰ কথামতে মই নাৰ্চিংহোম গুচাই ছেৰিটি হোম খুলিলেহে হ’ব এতিয়া।
….কথাবোৰ মনত পেলায় হাজৰিকানীয়ে। ডাক্তৰক চেম্বাৰত নাপাই উধাতু খাই ঘৰলৈ অহা দুই এজনী প্ৰসূতিক তেওঁ লগ পাইছে। তেওঁলোক যোৱাৰ পিছত গিৰিয়েকৰ তলতীয়া ডাক্তৰৰ লগত হোৱা কথা-বতৰাও বহুবাৰ শুনিছে, “কেছটো চিৰিয়াছ। বুজিলেতো আপুনি? গতিকে ছিজাৰিয়ান কৰাই দিব।….আস্, আমাৰ টাৰ্গেট বুলিওতো কথা এটা আছে। আকৌ আপোনাৰ ইনক্ৰিমেণ্ট, ব’নাচ এইবোৰ। গতিকে ভাবি চাওক। মানে, ছিজাৰিয়ান ইজ এ মাষ্ট।” অৰ্থাৎ, ডাক্তৰ হাজৰিকাই যি বুজিছে, সেয়াই তেওঁৰ অধীনৰ ডাক্তৰজনেও বুজাটো উচিত। নহ’লে ডাক্তৰৰ চিলিম ছিগিল। তেওঁৰ ঠাই আন কোনোবাই ল’ব। বজাৰত ডাক্তৰৰ আকাল নাই। বৰং অলপ কম জনাসকলকহে নিজৰ মতে শিকাই বুজাই লোৱাটো সহজ।
হাজৰিকাৰ অধীনত কাম কৰি মোটা দৰমহাৰ প্ৰেমত পৰা ডাক্তৰকেইজনৰ প্ৰভূভক্তি অতুলনীয়। চিকিৎসাৰ অ-আ ক-খ তেওঁলোকে ডাক্তৰ হাজৰিকাৰপৰা ন কৈ শিকি লয়। আৰু বিবেকক আঁতৰাই তাৰ ঠাইত বহুৱাই লয় লালসা, হৃদয়হীনতা আদি বস্তুবোৰ।


ঘড়ীয়ে আঠ বজাৰ সংকেত দিলে। ডাক্তৰ হাজৰিকা বহাৰপৰা উঠিল। এতিয়া ঘৰলৈ গৈ ফ্ৰেচ হৈ অলপ বহাৰ পিছতে ৰাতিৰ আহাৰৰ সময় হ’ব। হাজৰিকাৰ সুদৃশ্য ঘৰটোও তেওঁৰ অতিবৃহৎ নাৰ্চিংহোমখনৰ পৰিসৰৰ লগতে লগা। কেইবাজনো চাকৰ-নাকৰ নিযুক্ত হৈ থকা হাজৰিকাৰ ঘৰত একোৰে অভাৱ নাই। লাগ বুলিলেই সকলো বস্তু হাততে আহি পায়হি। এৰা, এইখিনি সুবিধাই যদি নহয়, ইমানবোৰ চাকৰ-নাকৰ লগাই কি লাভ?
চেম্বাৰৰ দুৱাৰত টোকৰ পৰিল। ডাক্তৰ ভাৰ্গৱ সোমাই আহিল ভিতৰলৈ। হাজৰিকা অলপ আচৰিত হ’ল ভাৰ্গৱৰ এই অপ্ৰত্যাশিত আগমনত। ভাৰ্গৱে আজিৰ পৰা তিনিবছৰ আগতেই ডাক্তৰ হাজৰিকাৰ নাৰ্চিংহোমৰ পৰা গৈ আন এঠাইত নিযুক্ত হৈছিল। কাৰণটো তেনেই সাধাৰণ। হাজৰিকাৰ লগত হোৱা আদৰ্শৰ অনৈক্য। সেয়েহে ৰোগীৰ দুখত দুখী হোৱা ভাৰ্গৱক ডাক্তৰ হাজৰিকাই অতি সহজভাৱে হাঁহিমুখে বিদায় দিছিল। এনেকুৱা ল’ৰাৰ বাবে নিজৰ আদৰ্শক জলাঞ্জলি দিয়াটো হাজৰিকাৰ আদৰ্শৰ পৰিপন্থী। ‘তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।’ –‘উজ্বল’ শব্দটোত অধিক জোৰ দি কোৱা এই শুভেচ্ছাবাণীষাৰৰ লগে লগে সেইদিনা ভাৰ্গৱৰ প্ৰতি নিক্ষেপিত হৈছিল হাজৰিকাৰ এটি তীৰ্যক হাঁহি। তাৰ পিছত আৰু কেতিয়াও দেখা দেখি হোৱা নাই দুয়োজনৰ। এই লৈ হাজৰিকায়ো মূৰ ঘমোৱা নাই।
: বহিব পাৰোঁনে চাৰ?
: অ’ নিশ্চয়। বহা।
: ধন্যবাদ চাৰ।
: কোৱা, কিবা কামত আহিলা?
: চাৰ, এই ৰিপ’ৰ্টটো চাওকচোন।
হাজৰিকাই ভাৰ্গৱৰ পৰা কাগজৰ জাপটো ল’লে। চকুত তেওঁৰ প্ৰশ্নবোধক চাৱনি।
: কোন এইজনী? কাৰ ৰিপ’ৰ্ট এইবোৰ?
: এইজনী সন্ধ্যা দাস। খুব দুখীয়া মানুহ চাৰ।
: দুখীয়া মানুহ হয় যদি হয়। মই কি কৰিব লাগে?
হাজৰিকাই কাগজখিনি ঠেকেচা মাৰি টেবুলত থ’লে।
: এতিয়া আপুনি একো কৰিব নালাগে চাৰ। যেতিয়া আপোনাৰ হাতত কৰিব পৰা সকলো আছিল, তেতিয়াতো আপুনি কৰিলেই। কেৱল টকাৰ কাৰণেই সন্ধ্যা দাসৰ চাৰিওটা সন্তান মৃত জন্ম হোৱা বুলি কৈ আপুনি শিশুকেইটি সন্তানহীন দম্পতীক বেচিলে। প্ৰতিবাৰেই ছিজাৰিয়ান প্ৰসৱ কৰোৱাই নিজৰ ধনৰ ভঁৰাল চহকী কৰিলে। এতিয়া ধনৰ অভাৱত চিকিৎসা কৰাব নোৱাৰি যোৱাৰাতি সন্ধ্যা ঢুকাল। একেবাৰে অন্তিম সময়ত লগ পালোঁ চাৰ। চিকিৎসা আৰম্ভ কৰিবই নাপালোঁ।
ভাৰ্গৱৰ এই কথাই ডাক্তৰ হাজৰিকাক অপমানসূচকভাৱে নামমাত্ৰ বিন্ধিলে যদিও অন্তৰ শেলিব নোৱাৰিলে। মুখমণ্ডল তেওঁৰ ভাৱলেশহীন হৈয়েই ৰ’ল। যেন এখন উকা কাগজ য’ত কোনো আৱেগ-অনুভূতিয়ে আঁচোৰ পেলাব নোৱাৰে। তেওঁ কৈ উঠিল,
: এজনী সন্ধ্যা মৰিলেও আন হাজাৰজনী আহিব মোৰ ওচৰলৈ। এনেকুৱা ঘটনাৰ বাবে মোৰ কাৰ্যৰ গতি কেতিয়াও বাধিত নহয় ভাৰ্গৱ। মই এতিয়াও আগৰদৰেই কাম কৰি যাম। মোৰবাবে এইবোৰ কাম তেনেই সহজ। আৰু এটা কথা….
ঠিক তেনেতে হাজৰিকাৰ ফোনটো বাজি উঠিল।
: জাষ্ট ওৱান মিনিট। হেল্ল’— অ’কে,– কেনেকৈ?– এতিয়া কেনে?– ৰ’বা, গৈ আছোঁ।— ভাৰ্গৱ, তোমাক এৰিছোঁ এতিয়া। পিছত কেতিয়াবা লগ পাম।
: অ’কে চাৰ।
হাজৰিকা উধাতু খাই আহি ঘৰ সোমালহি। কেনেকৈ কি হ’ল তেওঁ একো ধৰিব নোৱাৰিলে। চাকৰ-নাকৰ সকলো নিমাত। হাজৰিকাৰ সমুখত কথা ক’বলৈ সিহঁতে ভয় কৰে। তেওঁ পোনেই গৈ হাজৰিকানীৰ বিচনাৰ ওচৰ পালেগৈ। কিন্তু তেতিয়ালৈ সকলো শেষ হৈ গৈছিল। কাষতে থিয় হৈ থকা চাকৰনীজনীয়ে ক’লে,
: চাৰ, খুব কাহ উঠিছিল বাইদেউৰ।
হাজৰিকাই বুজিলে, এই এজমাটোৱেই কাল হ’ল মানুহজনীৰ। …ছোৱালী দুজনীকো খবৰ দিয়া নহ’ল। দুই হাতেৰে মুখমণ্ডল ঢাকি হাজৰিকানীৰ দেহটোৰ ওচৰত বিচনাত বহোঁতে ডাক্তৰৰ মূৰটো দোঁ খাই দুই কিলাকুটিয়ে উৰুত ভৰ দিলেগৈ। কিবা এসোপামান দেহৰ বিভিন্ন ঠাইৰপৰা উজাই আহি তেওঁৰ ডিঙিত লাগি ধৰিলেহি। আৱেগৰ আৱেশে কোনোদিনেই তিয়াই নোপোৱা তেওঁৰ চকুদুটা এক অসহনীয় উত্তাপে পুৰিব ধৰিলে। সুবৃহৎ নাৰ্চিংহোমখনৰ দুই শতাধিক কৰ্মচাৰী, সুদৃশ্য তেওঁৰ বাসভৱনটোৰ ইমানবোৰ চাকৰ-নাকৰ আৰু বিলাসিতাৰ মাজতো ডাক্তৰ হাজৰিকাৰ নিজকে বৰ অকলশৰীয়া যেন অনুভৱ হ’ল।
মৃতদেহটোৰ মুখৰ ‘এই হাঁহো এই হাঁহো’ যেন হৈ থকা অৱয়বটো এক তীৰ্যক হাঁহিৰ ৰেখা যেন লাগিল হাজৰিকাৰ। সন্ধ্যা দাসৰ শেষৰটো ছিজাৰিয়ান প্ৰসৱৰ তিনিবছৰৰো অধিক কাল পাৰ হৈ যোৱাৰ পিছত আজি এতিয়াহে তাইৰ শুকান মুখখন তেওঁৰ মনত পৰিল। ডাক্তৰ হাজৰিকাৰ চিকিৎসা বৃত্তি আৰু সন্ধ্যা দাসৰ মৃত্যু– এই দুয়োটাই যেন একেটা ব্যৱসায়ৰ দুই স্বাধীন অংশীদাৰৰ নিচিনা হৈ পৰিল যাৰ বিনিয়োগৰ পৰিমাণ একেবাৰে সমান।


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক