অকলশৰে – বিজয় বেজবৰুৱা

 

এমুঠি সৰিয়হ আৰু এমুঠি নিমখ

মই নিবিচাৰিলেও
তোমালোকে নিশ্চয় মোক নিদিয়াকৈ নাথাকা

কিয়নো-
এটা ফেঁচাৰ চিঞৰত এদিন
মই টোপনি যাম। আৰু সাৰে থাকিম অকলশৰে
এটি তৰা হৈ-

জাকৰ মাজত জিলিকি
অথচ
অকলশৰে… ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক