অকাৰণতে- হিমাক্ষী বৰা

সদায় দেখি থকা ল’ৰাটোৱে ইউনিভাৰ্ছিটিত আয়োজিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত গান এটা গুণগুণাই সৰল অথচ প্ৰাঞ্জল হাঁহি এটা মাৰি উভতি আহিল৷ “বিমূৰ্ত মোৰ নিশাতি যেন“ প্ৰথম কলিটোতেই মুগ্ধ হৈ পৰিছিল সমূখত বহি থকা নতুন পুৰণি ছাত্ৰ ছাত্ৰী বোৰ৷ অসমীয়া বিভাগৰ অলপ ল’ৰামতীয়া সাংস্কৃতিক দিশৰ আগ্ৰহী শিক্ষক ড০ দত্তয়ো চকু মুদি আমেজ লবলৈ আৰম্ভ কৰিছিল সেই প্ৰিয় গীতটিৰ৷ যেন উৰি উৰি নিগৰি নামিছে মধুৰ অথচ পুৰুষসুলভ গভীৰ সুৰ৷
হঠাতে কি জানো হ’ল, সি গানটো গুণগুণাই মঞ্চৰ পৰা নামি আহিল যি, তাক আৰু বিচাৰি নাপালোঁ৷ যেন বতাহত মিলিহে গ’ল৷

তাৰ এই অভ্যাস বোৰ মোৰ একদম অপচন্দৰ৷ সিদিনা কবি সন্মিলনত হাট কটা কোটটোৰ বুটাম পাহৰণিতে যি খুলি থাকিল অনুষ্ঠান শেষলৈ মাৰিবলৈ সময় নহল তাৰ৷ কামবোৰ তেনেকুৱাই, অঁকৰা খঙ এটা উলমিয়েই থাকে নাকৰ আগতে৷ ভমককৈ জ্বলি উঠিব যেন মুহূৰ্ততে৷
অথচ সাতে সোতৰই মিলাই তাক বেয়া পাব নোৱাৰি৷ বেয়া পাব নোৱাৰি এইবাবেই যে সময় আৰু কামবোৰক নিজৰ মতে চলাব পাৰে সি৷ অকল সেয়াইনে বন্ধুত্বসুলভ, সৰবৰাহী স্বভাৱটো, খৰকৈ কঢ়া প্ৰতিটো খোজৰ বিপৰীতে কাষতে খোজ মিলাব নোৱাৰি প্ৰায় আধা দৌৰা দৌৰিকৈ অহা মোক দেখি বেঁকাকৈ মৰা মৰমলগা হাঁহিটো, সৰল চকুহাল, বন্ধুতকৈও বিশ্বাসৰ কৰিব পৰাকৈ কান্ধত ৰখা আশ্বাসৰ হাতখনৰ বাবে তালৈ থকা খঙ বোৰ গলি গলি বুকুৰ একোণত কেতিয়ানো থূপ খাই অহৰহ কপাই থাকিলে নিজকে ভিতৰে বাহিৰে গমকে নাপালো৷

“ মূৰ্চ্ছনা বা, মূৰ্চ্ছনা বা “… চুমকীৰ চিঞৰটোত সুদূৰৰ ঘৰমুখী ৰেল এখনত উভতনিৰ যাত্ৰাই অধিক আপোন কৰি তোলা চকু এহালিৰ পৰা মনতো আঁতৰাই আনোতে কৰবাত বুকুখন মোচৰ খাই উঠিল৷
ছশমা যোৰ চোন ধূসৰ ধূসৰ৷ এইকথা খিনি কেনেকৈ আৰম্ভ কৰিম ভাবিব লাগিব৷ এতিয়া ইমান বোৰ কথা থূপ খাইছেহি দুচকুত যে কোনোবাটো টানিবলৈ গলেই নিজেই কক্ষচ্যুত হৈ পৰিম৷
কলমটো সামৰি বাহিৰলৈ আহিছোঁ৷ বাহিৰত ফিৰফিৰীয়া বতাহ৷ ফাগুন ফাগুন সকলোতে৷ এনেকুৱা দিন এটাতে ব্যস্ত ল’ৰাটোৱে এদিন সময় উলিয়াই ফোন কৰিছিল ৰাতি৷ গোটেই ৰাতি হাঁহি, উচুপি আমি আওৰাই আছিলো সুখৰ দিনৰ টুকুৰা ছবিবোৰ৷
নাই, আজি শুব নোৱাৰি৷

“আজি টোপনি যোৱা টেবলেটতো নাখাও বুজিছ, তই আৰু ৰব নালাগে চুমকী, মই অলপ বহোঁ, তই শুগৈ যা৷”
বাধ্য ছাত্ৰীৰ দৰে চুমকী শুবলৈ গ’লগৈ৷ নোকোৱাকৈ নুমুৱাই থৈ গ’ল বেলকণিৰ পৰা আৰম্ভ কৰি বহা কোঠালৈকে প্ৰতিটো লাইট৷
সকলো ফালে ইমান নিতাল নিস্তব্ধ৷
আন্ধাৰ খিনি ধুনীয়া আজি৷
গাত গৰম কাপোৰ এখন কোনোৱে দি যোৱা হ’লে…
আজিৰ বতাহজাকে কৰপৰা যে উৰুৱাই আনিছে স্মৃতিৰ অতবোৰ হেৰুৱা গোন্ধ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments