অগতানুগতিক (মল্লিকা শৰ্মা ) 

তাইৰ মন নাছিল যাবলৈ৷ লগৰকেইজনীৰ দৰে ধুনীয়া কাপোৰ তাইৰ নাই৷ গাৰ ৰংটোও যে সিহঁতৰ দৰে ন’হল৷ ধুনীয়া বুলিবলৈ একোছা দীঘল চুলি আছে যদিও, সিহঁতৰ সৌন্দৰ্য্যৰ সন্মুখত সেইখিনিও তল পৰে৷ প্ৰিয় বান্ধৱী কেইজনীৰ কথা পেলাবও নোৱাৰে৷ অনিচ্ছা স্বত্বেও মাকে হাতে বোৱা কাপোৰসাঁজকেই পিন্ধি তাই যাবলৈ ওলাল৷
ৰাস্তাত ঠায়ে ঠায়ে তাই ভবাৰ দৰেই কেমেৰাৰ সৈতে মানুহবোৰ ৰৈ আছে৷ অ’ত ত’ত প্ৰেমিকাক বিচাৰি থকা চকুবোৰ পাৰ হৈ গৈছে৷ তাই খৰধৰকৈ ঠাইখিনি পাৰ হ’বলৈ চেষ্টা কৰিলে কিন্তু নোৱাৰিলে, লগৰকেইজনীৰ খোজবোৰ ক্ৰমাৎ লেহেমীয়া হৈ আহিল….
—-কি সাজ পিন্ধিছে? আপোনাৰ নিজৰেই নে? মেকআপ কৰোঁতে কিমান সময় লাগিছে? অলংকাৰ বোৰৰ নাম কি? কি ৰঙৰ নেইলপলিচ ইত্যাদি ইত্যাদি প্ৰশ্নবোৰ উফৰি পৰিছে চাৰিওফালে৷ লগে লগে সুন্দৰী ছোৱালীবোৰৰ মনবোৰো চঞ্চল হৈ উঠিছে …
কাষৰীয়া হৈ ৰৈ গৈছে তাই৷ তাইৰ ধুনীয়া মনটো, মন কৰিবলৈ কাৰো সময় নাই৷ সময়বোৰ গৈ আছে, তাই অধৈৰ্য্য হৈ পৰিছে লাহে লাহে৷
কেমেৰাটোৰ সৈতে মানুহ দুজন আগুৱাই আহি আছে তাইৰফালে৷ অশান্তি লাগিছে, কিয় আহিছে বাৰু? ক’ত লুকুৱাব এতিয়া নিজকে? উপায়হীন হৈ তাই নিজৰ মুখখনেই বিপৰীত দিশত ঘূৰাই দিলে৷
ভণ্টি—–! আমি সৰস্বতী পূজা উপলক্ষে এক ব্যতিক্ৰমী প্ৰতিযোগিতাৰ আয়োজন কৰিছো৷ প্ৰত্যককেই সাধাৰণ জ্ঞানৰ ওপৰত কিছুমান প্ৰশ্ন সোধা হৈছে, উত্তৰ দিব পৰা সকলক বিশেষ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ’ব৷ তোমাক প্ৰশ্ন সুধিব পাৰোনে—-?
পৰীক্ষাত সদায়ে ভাল ফল দেখুওৱাৰ পিছতো, কোনো কেমেৰাই ঢুকি নোপোৱা, সৌন্দৰ্য্য প্ৰতিযোগিতাৰ কাষ চাপিব নোৱাৰা ধুনীয়া মনৰ ছোৱালীজনীৰ লুকুৱাই ৰখা মুখখন নিমিষতে জিলিকি উঠিল৷ প্ৰসাধনবিহীন মুখৰ অকৃত্ৰিম হাঁহিটো সৌন্দৰ্য্য প্ৰতিযোগিতাত ভাগ লৈ থকাসকলতকৈ অধিক সুন্দৰ হৈ গালে-মুখে বিয়পি পৰিল…৷ মনত পৰিল, আহিব নোখোজোতে মাকে কৈছিল; “বিদ্যাদেৱীৰ পূজা, সকলোৰে বাবেই সমান আচলতে”……৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments